লাচিত ফুকন Class 11 Question Answer | লাচিত ফুকন Class 11 প্ৰশ্ন উত্তৰ | Class 11 Assamese Chapter 14 Question Answer| HS 1st Year Assamese Lesson 14 | একাদশ শ্ৰেণী অসমীয়া
শ্ৰেণী | অসমীয়া Class 11 |
বিষয় | অসমীয়া (সাহিত্য সৌৰভ) |
পাঠৰ নাম | লাচিত ফুকন |
গোট | 3 |
Chapter | 14 |
লেখক | দেৱকান্ত বৰুৱা |
উপলব্ধ | সকলো প্ৰশ্নৰ উত্তৰ |
বোৰ্ড | AHSEC |
লাচিত ফুকন Class 11 Question Answer
পাঠভিত্তিক প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)
১। দেৱকান্ত বৰুৱা অসমীয়া কাব্য জগতত কি কবি হিচাপে জনাজাত?
উঃ দেৱকান্ত বৰুৱা অসমীয়া কাব্য জগতত ‘দোমোজাৰ কবি’ হিচাপে জনাজাত ।
২। দেৱকান্ত বৰুৱাৰ একমাত্ৰ কাব্যপুথিখনৰ নাম কি?
উঃ দেৱকান্ত বৰুৱাৰ একমাত্ৰ কাব্যপুথিখনৰ নাম ‘সাগৰ দেখিছা’।
৩। দেৱকান্ত বৰুৱাৰ কোনটো কবিতাত প্ৰথমে আধুনিকতাৰ প্ৰতিধ্বনি শুনা যায় ?
উঃ দেৱকান্ত বৰুৱাৰ ‘আমি দুৱাৰ মুকলি কৰোঁ’ কবিতাত প্ৰথমে আধুনিকতাৰ প্ৰতিধ্বনি শুনা যায়।
৪। ‘দেশৰ বাতৰি শুনিবানে বীৰ’— ইয়াত বীৰ বুলি কাৰ কথা কোৱা হৈছে?
উঃ ‘দেশৰ বাতৰি শুনিবানে বীৰ’—ইয়াত বীৰ বুলি লাচিত বৰফুকনৰ কথা কোৱা হৈছে।
৫। ‘নৰ শোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্ৰীৰ’— জয়শ্রী মানে কি?
উঃ ‘জয়শ্রী’ মানে শত্ৰুক পৰাজয় কৰাৰ পৰা হোৱা মান বা সৌভাগ্য।
লাচিত ফুকন Class 11 Question Answer
(খ) চমু প্রশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ২ অথবা ৩)
১। দেৱকান্ত বৰুৱাৰ কবিতাত কোনগৰাকী ইংৰাজ কবিৰ কবিতাৰ প্ৰভাৱ দেখা যায় ? সেই ইংৰাজ কবিগৰাকীৰ কাব্যিক শৈলীক কি শৈলী বুলি কোৱা হয়?
উঃ দেৱকান্ত বৰুৱাৰ কবিতাত ইংৰাজ কবি ৰবাৰ্ট ব্রাউনিঙৰ কবিতাৰ আৰ্হি দেখা যায় । সেই আৰ্হিক ‘নাটকীয় স্বগতোক্তি’ (dramatic monologue) বুলি কোৱা হয়।
২। ইব্রাহিম কোন আছিল? তেওঁ কি বীৰত্ব প্ৰদৰ্শন কৰিছিল ?
উঃ ইব্রাহিম আছিল আল্লাৰ পৰম ভক্ত, এগৰাকী প্ৰকৃত মুছলমান । তেওঁৰ সম্পূৰ্ণ নাম হজৰত ইব্রাহিম। আল্লাই ইব্রাহিমৰ ভক্তিৰ পৰীক্ষা ল’বলৈ বিচাৰিছিল। তেওঁ ইব্রাহিমৰ আল্লাপ্ৰীতি পৰীক্ষা কৰিবৰ মনেৰে ইব্রাহিমক নিজৰ আটাইতকৈ প্রিয় বস্তুটো উছৰ্গা কৰিবলৈ কৈছিল। ইব্রাহিমৰ আটাইতকৈ প্রিয় আছিল তেওঁৰ পুত্ৰ ইছমাইল। আল্লাৰ নিৰ্দেশ অনুসৰি পৰম ভক্ত ইব্রাহিমে নিজ পুত্ৰৰ বুকুত খঞ্জৰ মাৰোঁতে অন্তিম ক্ষণত আল্লাই তেওঁক ৰখাই দিয়ে। তেওঁ পুত্ৰৰ পৰিৱৰ্তে এটি ডুম্বা (আৰৱত পোৱা ছাগলীসদৃশ চাৰিঠেঙীয়া জন্তু) কোৰবানি দিবলৈ দৈৱবাণী শুনিবলৈ পায়। সেইমতে ইব্রাহিমৰ পুত্ৰৰ ঠাইত এটি ডুম্বাহে কোৰবানি হৈ যায়। ইব্রাহিমৰ এই ত্যাগ বা কোৰবানিৰ স্মৃতিত আজিও সমস্ত ইছলামধর্মী লোকে ‘বকৰিদ’ পালন কৰে আৰু সেইদিনা গৰু, উট, ডুম্বা, ছাগলী আদি কোৰবানি দিয়ে। ইব্রাহিমে নিজ পুত্ৰক আল্লাৰ নামত উছৰ্গা কৰাৰ বীৰত্ব প্ৰদৰ্শন কৰিছিল বুলি কবিয়ে উল্লেখ কৰিছে।
৩। ‘অসমৰ এই কাম্যভূমিত চৰিছে গাধৰ পাল’— ইয়াত গাধৰ পাল বুলি কবিয়ে কাক বুজাইছে?
উঃ প্রশ্নোদ্ধৃত কবিতাফাকিত ‘গাধৰ পাল’ বুলি কবিয়ে সেইসকল অসম সন্তানক বুজাইছে যি নিজস্ব মূল্যবোধ, আত্মসন্মান পাহৰি নিজ স্বাৰ্থৰ বাবে আনৰ গোলামি খাটিছে। চৰ, ভুকু, কিল খায়ো তেওঁলোকে প্ৰভুৰ নিৰ্দেশ মানি দেশৰ উন্নতিত ব্যাঘাত জন্মাইছে। সিংহ যেন অসমৰ এইসকল সন্তানক কবিয়ে গোলামিৰ বোজা বই ফুৰা গাঁধৰ লগত তুলনা কৰিছে।
৪। ‘হে অসমৰ ত্যাগৰ মূৰ্তি! মাতুল-ঘাতক-নবী’—ইয়াত কাক কিয় মাতুল ঘাতক নবী বুলি কৈছে?
উঃ প্রশ্নোদ্ধৃত কবিতাফাকিত ত্যাগৰ মূৰ্তি আৰু মাতুল ঘাতক বুলি লাচিত বৰফুকনক কোৱা হৈছে। লাচিত বৰফুকন আছিল দুর্দান্ত বীৰ। সাহসী আৰু পৰাক্ৰমী লাচিতে নৰিয়া গাৰেই দেশৰ বাবে যুঁজ কৰিছিল। দেশৰ বাবে তেওঁ নিজ মোমায়েকৰো শিৰচ্ছেদ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। কবিয়ে সেয়ে লাচিতক ‘মাতুল ঘাতক’ বুলি কৈ তেওঁৰ ত্যাগৰ কথা সুঁৱৰিছে।
৫। দেশ জননীৰ পুজাৰ কেনে আয়োজন দেখি ‘মুক্তি পলাল’ বুলি কবিয়ে কৈছে।
উঃ পূজাত মংগল শ্লোক নাগাই পিয়ানো বজাই আৰতি কৰিছে অসম সন্তানে। আকৌ পূজাৰ বেদীত মৃন্ময় চাকি নজলাই জ্বলাইছে মমবাতি। দেশ জননীৰ পূজাৰ এনে আয়োজন দেখিয়েই মুক্তি পলাল বুলি কবিয়ে কৈছে।
লাচিত ফুকন Class 11 Question Answer
(গ) দীঘল প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক – ৪ অথবা ৫)
১। ‘লাচিত ফুকন’ কবিতাটিত কেনেধৰণৰ চিন্তা কর্মই সমাজ ব্যৱস্থা সোলোক-ঢোলোক কৰিছে বুলি কোৱা হৈছে?
উঃ ‘লাচিত ফুকন’ কবিতাটোত কবিয়ে সমাজৰ অৱক্ষয়ৰ ছবি এখন দাঙি ধৰিছে। এইখন সমাজত সকলোৱে নিজস্ব মূল্যবোধ পাহৰি কেৱল স্বাৰ্থৰ হিতে কাম কৰে। স্বকীয়তা বিসর্জন দি চকু-কাণ মুদি ভৃত্যৰ দৰে কেৱল গোলামি খাটিবলৈ ভাল পায়। বাহিৰত বিপ্লৱ কৰা যেন দেখুৱালেও ভিতৰি কিন্তু কুসংস্কাৰ, অন্ধবিশ্বাসেৰে সকলো পৰিপুষ্ট। কানিৰ মূল্য নিৰূপণ কৰি সময় কটোৱা এইচাম লোকে মৰ আঁউসীত হাল বালে ধেনু দি প্রায়শ্চিত্ত কৰাৰ লগতে মৃতকৰ কৰ্ম কিমানদিনীয়া হ’ব ইত্যাদি অনৰ্থক কথাৰ বিচাৰতো সময় নষ্ট কৰে। বছৰি বীৰ পূজা অনুষ্ঠিত কৰিলেও নিজে কিন্তু দেশৰ উন্নতিৰ কাৰণে একো কৰিবলৈ আগুৱাই নাহে। কেৱল স্বাৰ্থ পূৰণৰ বাবে দেশৰ মুক্তিৰ কথা কোৱা এইচাম লোকৰ এনে চিন্তা-চৰ্চাই সমাজ ব্যৱস্থা সোলোক-ঢোলোক কৰা বুলি কবিয়ে আক্ষেপ কৰিছে ।
২। ‘লাচিত ফুকন’ কবিতাটিত কবিয়ে কেনেধৰণৰ দেশপ্ৰেমক ভুৱা দেশপ্ৰেম বুলি কৈছে?
উঃ কবিয়ে সেই দেশপ্রেমক ভুৱা দেশপ্ৰেম বুলি কৈছে যাক কেৱল স্বার্থসিদ্ধিৰ নিমিত্তে ব্যৱহাৰ কৰা হয়। অসম সন্তানে মাথোঁ স্বাৰ্থ পূৰণৰ বাবে আনৰ চৰ, ভুকু খাই গোলামি খাটে, বছৰি বীৰ পূজা পাতে। দৰাচলতে দেশৰ নিমিত্তে তেওঁলোকে একোৱেই নকৰে। স্বদেশ পূজা বুলিলে তেওঁলোকে লোকেল ব’ৰ্ডৰ মেম্বাৰ হোৱাকে বুজে। মন্ত্রিত্ব আৰু এছেমব্লী হৈছে তেওঁলোকৰ মূল লক্ষ্য। দেশপ্ৰেমৰ গইনা লৈ তেওঁলোকে সেই লক্ষ্যৰ ফালেহে আগুৱায়। দেশৰ উন্নতিত একো কামত নহা এনে কাৰ্যক কবিয়ে ভুৱা দেশপ্ৰেম বুলিছে।
৩। ‘লাচিত ফুকন’ কবিতাটোত কবিয়ে ‘দেশৰ বাতৰি শুনিবানে বীৰ’ বুলি কৈ কি কি বাতৰি দিছে?
উঃ কবিতাটোত দেশৰ বাতৰিৰ জৰিয়তে কবিয়ে অসমৰ অৱক্ষয়ৰ ছবি দাঙি ধৰিছে। তাহানিৰ বীৰ লাচিতৰ দিনৰ গৌৰৱোজ্জ্বল অসমৰ জঁকাটোহে আছেগৈ বুলি তেওঁ গভীৰ দুখ প্ৰকাশ কৰিছে। অসমত প্ৰকৃত অসমীয়া যেন এজনো নাই। সকলোৱে নিজ স্বার্থসিদ্ধিৰ বাবে আনৰ গোলামি খাটিছে। নিজস্ব মূল্যবোধ বাদ দি চৰ, ভুকু খাই আনৰ ভৃত্যত পৰিণত হৈছে কেৱল নিজ স্বাৰ্থৰ বাবে। নকলনবীছ হৈ দেশৰ মুক্তিৰ বাবে অদ্ভুত আয়োজন চলাইছে। বাহিৰত দেখুৱাই বিপ্লৱ কৰিলেও সকলো কুসংস্কাৰ, অন্ধবিশ্বাসৰ কবলত বন্দী। বক্তৃতাৰে আকাশ কঁপোৱা অসমীয়াই এতিয়া বাঁহৰ কামিত চূণ সানিহে ৰণছালি ধৰে। চাকৰি লাভৰ আশাত বীৰপূজা পতা অসমীয়াই বীৰ লাচিতৰ দেশপ্রেম কাহানিবাই পাহৰিলে। স্বদেশ পূজা বুলিলে তেওঁলোকে লোকেল ব’ৰ্ডৰ মেম্বাৰ হোৱাকে বুজে। মন্ত্রিত্ব তেওঁলোকৰ শেষ কল্পনা, এছেমব্লী হৈছে আশা। এনে সন্তানেৰে ভৰি পৰা অসমৰ এনেবোৰ দুৰ্দশাৰ বাতৰি কবিয়ে গভীৰ আক্ষেপেৰে শুনাইছে।
৪। ‘লাচিত ফুকন’ কবিতাটিৰ মাজেৰে কবিৰ স্বদেশপ্রেম কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা :
উঃ ‘লাচিত ফুকন’ কবিতাটোত স্বদেশপ্ৰেমৰ ফল্গুধাৰা অবিৰতভাৱে বৈ আছে। কবিতাটোৰ নামকৰণতেই কবিৰ দেশপ্রেম ফুটি উঠিছে। কিয়নো লাচিত ফুকন নামটোতেই সোমাই আছে দুৰন্ত দেশপ্রেম যি জাতি এটাৰ যৌৱন জগাই তুলিব পাৰে। অসমৰ অতীতৰ গৌৰৱ আছিল লাচিতৰ দৰে সন্তান, কিন্তু আজিৰ অসমত প্ৰকৃত অসমীয়া বিচাৰি পাবলৈ নাই— স্বদেশৰ প্ৰতি গভীৰ প্ৰেম আছে বাবেই কবিয়ে এই সত্য উপলব্ধি কৰি ছটফটাই আছে। কবিয়ে বুজি উঠিছে অসমত আজি ভুৱা স্বদেশপ্ৰেমৰ পয়োভৰ। সকলোতে আজি যেন স্বাৰ্থপৰতা। কবিয়ে আজিৰ অসমীয়া ডেকাক ‘গাধৰ পাল’ বুলি কৈছে কিয়নো স্বকীয় গৰিমা, নিজস্ব মূল্যবোধ, আত্মসন্মান পাহৰি আজিৰ অসমীয়াই স্বার্থসিদ্ধিৰ বাবে আনৰ গোলামি খাটিছে। তেওঁলোকে ৰাজনীতিত অংশ লয় ৰাজভোগ কৰিবলৈহে, দেশৰ উন্নতিৰ বাবে নহয়। স্বদেশপ্ৰেমেৰে পূৰ্ণ কবিৰ মনটোৱে যেন দেখিবলৈ পাইছে দেশ মাতৃৰ চকুলো। নিজ সন্তানৰ কুমতিত অসমী আইয়ে শোকত বিনাই থকা কবিয়ে যেন শুনিবলৈ পাইছে। অসম আজি অন্ধবিশ্বাস, কুসংস্কাৰেৰে ভৰা এখন অনগ্ৰসৰ ৰাজ্যত পৰিণত হৈছে। এনে দুর্যোগত স্বদেশপ্রেমিক কবিয়ে অনুভৱ কৰিছে অসমত যেন পুনৰ প্ৰয়োজন হৈছে বীৰ লাচিতৰ ।
দেশৰ প্ৰতি থকা প্ৰেমে কবিক নিৰাশাৰ মাজতো আশাৰ ৰেঙণি দেখুৱাইছে। তেওঁ বিশ্বাস কৰে আজিও এনে কিছু অসমীয়া আছে যি এবাৰ হুকুম পালেই মাতৃভূমিৰ কাৰণে নিজৰ তেজেৰে লুইতৰ বগাপানী ৰঙা কৰি দিব পাৰে। এনে সাহসী ডেকাচামেই লাচিতৰ দৰে নেতৃত্ব লাভ কৰিলে সলাই দিব পাৰে অসমৰ ভাগ্য। অসমীয়া ডেকাক জাতীয় ঐতিহ্য সোঁৱৰাই স্বদেশপ্ৰেমেৰে উদ্বুদ্ধ কৰি তোলাই হৈছে কবিৰ মূল লক্ষ্য। কবিতাটোত কবিৰ স্বদেশপ্রেম আশাবাদৰ মাজেৰে স্পষ্টভাৱে ফুটি উঠিছে।
লাচিত ফুকন Class 11 Question Answer
৫। প্রসংগ সংগতি দর্শীই ব্যাখ্যা কৰা :
(ক) বক্তৃতা দি আকাশ কঁপাই, চিঞৰত টেটু ফালি,
বাঁহৰ কামীত চূণ সানি লৈ ধৰোঁ আমি ৰণছালি।
উঃ সংগতি : ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত দেৱকান্ত বৰুৱাদেৱে ৰচনা কৰা ‘লাচিত ফুকন’ শীর্ষক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।
প্ৰসংগ : অসম সন্তানৰ দুৰ্মতি, বুদ্ধিভ্রষ্টতাৰ বিষয়ে ক’বলৈ গৈ কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।
ব্যাখ্যা : অসম লাচিতৰ দেশ। নৰিয়াত থকা স্বত্ত্বেও মাতৃভূমিক উদ্ধাৰৰ বাবে নিজ সৈন্যক চিঞৰি চিঞৰি সাহস দিছিল যে সকলো উভতিলেও তেওঁ উভতি নাযায়। তেওঁৰ শটো বঙালে লৈ গ’লেও তেওঁ শেষবিন্দু উশাহ থকালৈকে যুঁজিব। লাচিতৰ সেই চিঞৰত দেশপ্রেম আছিল যি সৈন্যবৃন্দক উজ্জীৱিত কৰিলে আৰু অসম মোগলৰ পৰা ৰক্ষা পৰিল ৷ কিন্তু অসমত আজি ভুৱা স্বদেশপ্ৰেমৰ পয়োভৰ। স্বদেশৰ মুক্তিৰ হকে সকলোৱে বিপ্লৱ কৰিছে। কিন্তু সেই বিপ্লৱ যেন নামতহে, দৰাচলতে মনেৰে কোনো বিপ্লৱী নহয়। আজিৰ বিপ্লৱীৰ চিঞৰত সেই মণপণ নাই, আছে স্বাৰ্থপৰতাৰ গোন্ধ। দেশৰ হৈ মৃত্যুবৰণ কৰিবলৈ কোনো ওলাই নাহে বৰং ক্ষমতা লাভৰ ৰাজনীতিতহে সকলো মনোযোগী। সেয়ে অসমৰ উন্নতি স্থৱিৰ হৈ পৰিছে। ব্যাখ্যেয় কবিতাফাকিৰ মাজেৰে কবিয়ে ভুৱা স্বদেশপ্ৰেমৰ কথাই ঘাইকৈ ক’ব বিচাৰিছে।
লাচিত ফুকন Class 11
অতি চমু প্রশ্নোত্তৰ :
১। দেৱকান্ত বৰুৱা অসমীয়া কাব্য জগতত কি কবি হিচাপে জনাজাত?
উঃ দেৱকান্ত বৰুৱা অসমীয়া কাব্য জগতত ‘দোমোজাৰ কবি’ হিচাপে জনাজাত।
২। দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি?
উঃ দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে ‘সাগৰ দেখিছা’।
৩। ‘লাচিত ফুকন’ কবিতাটো কোন শ্ৰেণীৰ কবিতা?
উঃ ‘লাচিত ফুকন’ কবিতাটো বীৰত্বব্যঞ্জক দেশপ্রেমমূলক কবিতা।
চমু প্রশ্নোত্তৰ :
১। ‘লাচিত ফুকন’ কবিতাটোত কবিয়ে কানিৰ মূল্য কিহৰ লগত নিৰূপণ কৰা বুলি কৈছে?
উঃ ‘লাচিত ফুকন’ কবিতাটিত কবিয়ে কানিৰ মূল্য ভৰিৰে নিৰূপণ কৰা বুলি কৈছে। ভৰি সোণ-ৰূপ জোখৰ একক; এক ভৰিত এতোলা পৰিমাণ থাকে।
২। দেৱকান্ত বৰুৱাক কিয় ‘দোমোজাৰ কবি’ বুলি কোৱা হয় ?
উঃ ৰোমাণ্টিক যুগৰ শেষ আৰু আধুনিক কবিতাৰ দুৱাৰডলিৰ কবি হোৱা বাবেই দেৱকান্ত বৰুৱাক ‘দোমোজাৰ কবি’ বুলি কোৱা হয় ।
৩। লাচিতে যিটো গড়ৰ বাবে মোমায়েকৰ শিৰচ্ছেদ কৰিছিল সেইটো ক’ত অৱস্থিত?
উঃ লাচিতে যিটো গড়ৰ বাবে মোমায়েকৰ শিৰচ্ছেদ কৰিছিল সেইটো গুৱাহাটীৰ ওচৰৰ আগিয়াঠুটীত অৱস্থিত।
Class 11 Assamese Chapter 14 Question Answer
দীঘলীয়া প্রশ্নোত্তৰ :
প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা—
(ক) শুনিছোঁ বন্ধু ! ইব্রাহিমৰ কাহিনী বীৰত্বৰ,
দেৱতাৰ হকে পুত্রবুকুত হানিছিল খঞ্জৰ।
উঃ সংগতি : উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত দেৱকান্ত বৰুৱাদেৱৰ ‘লাচিত ফুকন’ শীর্ষক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।
প্ৰসংগ : ইব্রাহিমৰ ভক্তিৰে এই ধৰা আজিও ধন্য হৈ থকা কথাৰ প্ৰসংগ আনি কবিয়ে ব্যাখোয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।
ব্যাখ্যা : ইব্রাহিম আছিল আল্লাৰ ভক্ত, বিশ্বাসী আৰু প্রকৃত মুছলমান। আল্লাই ইব্রাহিমৰ ভক্তিৰ পৰীক্ষা ল’বলৈ বিচাৰিছিল। তেওঁ ইব্রাহিমৰ আল্লাপ্ৰীতি পৰীক্ষা কৰিবৰ মনেৰে ইব্রাহিমক নিজৰ আটাইতকৈ প্রিয় বস্তুটো উছৰ্গা কৰিবলৈ কৈছিল। ইব্রাহিমৰ আটাইতকৈ প্রিয় আছিল তেওঁৰ পুত্ৰ ইছমাইল। আল্লাৰ নিৰ্দেশ অনুসৰি ইব্রাহিমে নিজ পুত্ৰৰ বুকুত খঞ্জৰ মাৰোঁতে অন্তিম ক্ষণত আল্লাই তেওঁক ৰখাই দিয়ে। তেওঁ পুত্ৰৰ পৰিৱৰ্তে এটি ডুম্বা (আৰৱত পোৱা ছাগলীসদৃশ চাৰিঠেঙীয়া জন্তু) কোৰবানি দিবলৈ দৈববাণী শুনিবলৈ পায়। সেইমতে ইব্রাহিমৰ পুত্ৰৰ ঠাইত এটি ডুম্বাহে কোৰবানি হৈ যায়। ইব্রাহিমৰ এই ত্যাগ বা কোৰবানিৰ স্মৃতিত আজিও সমস্ত ইছলামধর্মী লোকে বকৰিদ পালন কৰে আৰু সেইদিনা গৰু, উট, ডুম্বা, ছাগলী আদি কোৰবানি দিয়ে।
কবিয়ে লাচিতৰ ত্যাগৰ কথা ক’বলৈ গৈ ইব্রাহিমৰ প্ৰসংগ আনিছে। ইব্রাহিমে নিজ পুত্ৰক বলি দিয়াৰ দৰে লাচিতেও দেশৰ বাবে নিজ মোমায়েকৰ শিৰচ্ছেদ কৰিছিল। এনে ত্যাগ যেন এগৰাকী প্ৰকৃত ভক্তৰ বাবেহে সম্ভৱ। লাচিত এনে দেশভক্ত আছিল যেনেদৰে ইব্রাহিম আছিল আল্লাৰ ভক্ত।
(খ) আনফালে সউ আপোন অন্ধ নকল-নবীছ দল,
মুক্তি ৰণৰ মফাইট কৰি ফাঁকিৰ আনিছে ঢল।
উঃ সংগতি : উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত দেৱকান্ত বৰুৱাদেৱৰ ‘লাচিত ফুকন’ শীর্ষক কবিতাটোৰ পৰা উদ্ধৃত কৰা
প্ৰসংগ : অসম সন্তানৰ দুৰ্মতি, স্বাৰ্থপৰতাৰ কথা ক’বলৈ গৈ কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।
ব্যাখ্যাঃ অসমৰ অতীতৰ গৌৰৱ আছিল লাচিতৰ দৰে সন্তান কিন্তু আজিৰ অসমত প্ৰকৃত অসমীয়া বিচাৰি পাবলৈ নাই – কবিয়ে এনে চিন্তাকেই কবিতাটোত ফুটাই তুলিছে। দেশৰ কাৰণে লাচিতে মৰণপণ যুঁজ কৰিছিল। আনকি নিজ মোমায়েকৰ শিৰচ্ছেদ কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল। পিছে এই অসমত এতিয়া আৰু তাহানিৰ দৰে দেশপ্রেম দেখা নাযায়। দেশপ্ৰেমৰ নামত আভুৱা ভৰা এইসকল অসমীয়াৰ কেৱল নিজক লৈহে চিন্তা। নিজ স্বাৰ্থ পূৰণৰ বাবে তেওঁলোকে গেবাৰি খাটি মালিকৰ চৰ, ভুকু, কিল খাবলৈও কুণ্ঠাবোধ নকৰে। নিজস্বতা পাহৰি নকল-নবীছ হৈ তেওঁলোকে দেশৰ মুক্তিৰ কথা কয় যি কেৱল ভুৱা দেশপ্ৰেমৰ নমুনা মাত্ৰ। অসমী আই আজি শোকত কাতৰ হৈ পৰিছে নিজ সন্তানৰ এনে দুমতি দেখি। স্বদেশৰ মুক্তি এনে প্ৰৱঞ্চনাৰে সম্ভৱ নহয় বুলি কবিয়ে বুজিব পাৰিছে। কবিতাফাকিত তাৰেই প্ৰকাশ ঘটিছে।
Class 11 Assamese Chapter 14 Question Answer
(গ) ত্ৰিশ দিন আৰু এঘাৰ দিনৰ গচকত হায় পৰি,
দুখুনী অসম জননীৰ দেহি কোঙা হ’ল হাত-ভৰি।
উঃ সংগতি : উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত দেৱকান্ত বৰুৱাদেৱৰ ‘লাচিত ফুকন’ শীর্ষক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।
প্ৰসংগ : অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ কবলত পৰি অসমৰ উন্নতি ৰোধ হোৱা কথাটো বুজাবলৈ কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।
ব্যাখ্যা : অসমত আজি ভুৱা স্বদেশপ্ৰেমৰ পয়োভৰ। স্বদেশৰ মুক্তিৰ হকে সকলোৱে বিপ্লৱ কৰিছে। কিন্তু সেই বিপ্লৱ যেন নামতহে, দৰাচলতে মনেৰে কোনো বিপ্লৱী নহয়। প্রত্যেকৰে অন্তৰ ভৰি আছে অন্ধবিশ্বাস আৰু কুসংস্কাৰেৰে। আজিও অসমৰ সমাজ ব্যৱস্থাত মৰ আঁউসীত হাল বালে গাইগৰু দান দি প্রায়শ্চিত্ত কৰাৰ নিয়ম প্রচলিত আছে। শাস্ত্র পঢ়ি দেখাত পণ্ডিত হোৱা সকলেও এনে ৰীতি-নীতিৰে সমাজৰ অগ্ৰগতি ৰোধ কৰিছে। মৃতকৰ কাজ এঘাৰদিনীয়া হ’বনে ত্ৰিশদিনীয়া হ’ব এনে বাক-বিতণ্ডাৰো শেষ নাই। অর্থহীন এনে কামবোৰত মূল্যবান সময় নষ্ট কৰা মানুহেৰে পূৰ্ণ ৰাজ্য এখনে উন্নতিৰ পথত খোজ পেলোৱাটো অসম্ভৱ কথা। বৈজ্ঞানিক ভিত্তি ৰাখি কামত অগ্ৰসৰ হ’লেহে কোনো ৰাজ্যৰ উন্নতি সম্ভৱ হ’ব পাৰে। লেখকে সেয়ে অসমৰ অৱনতিৰ মূলতে ইয়াৰ মানুহৰ বিজ্ঞানমনষ্কতা নথকাটোকেই দায়ী কৰিছে।
(ঘ) মন্ত্রিত্ব যাৰ শেষ কল্পনা, এছেমব্লী যাৰ আশা,
সিনো কি বুজিব হে বীৰ! তোমাৰ ৰণ দুৰ্মদ ভাষা?
উঃ সংগতি : উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত দেৱকান্ত বৰুৱাদেৱৰ লাচিত ফুকন’ শীৰ্ষক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।
প্ৰসংগ : অসমীয়া জাতিৰ স্বাৰ্থপৰতাৰ বিষয়ে বুজাবলৈ গৈ কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।
ব্যাখ্যাঃ সুজলা-সুফলা শস্য-শ্যামলা ৰাজ্য অসম প্রাকৃতিক সম্পদত প্ৰচুৰ চহকী হোৱা সত্ত্বেও পিছপৰা ৰাজ্যত পৰিণত হৈছে। ইয়াৰ প্ৰধান কাৰণ হৈছে অসমীয়াসকলৰ স্বাৰ্থপৰতা তথা অন্ধবিশ্বাস আৰু কুসংস্কাৰপূৰ্ণ মনোবৃত্তি। তেওঁলোকে নিজস্বতা বাদ দি কেৱল আনৰ গোলামি কৰে নিজ স্বাৰ্থ পূৰণৰ উদ্দেশ্যে। ভুৱা দেশপ্ৰেমেৰে তেওঁলোকে স্বদেশৰ মুক্তিৰ কথা বাবে। তেওঁলোকে ৰাজনীতিত অংশ লয় ৰাজভোগ কৰিবলৈহে, দেশৰ ভালৰ বাবে নহয়। তেওঁলোকৰ কল্পনা কেৱল মন্ত্ৰিত্ব পদ, এছেমব্লীতেই তেওঁলোকৰ আশাৰ ইতি পৰে। এনে অসমীয়াই বীৰ লাচিতৰ দুৰ্দান্ত সাহস, স্বদেশপ্ৰেমৰ ভাষা বুজি উঠাটো সম্ভৱ নহ’ব বুলি কবিৰ ধাৰণা হৈছে।
Class 11 Assamese Chapter 14 Question Answer
(ঙ) আকউ এবাৰ শুনোৱা তোমাৰ ৰণ-আহ্বান-বাণী,
আকউ এবাৰ ৰঙা কৰি মৰোঁ লুইতৰ বগাপানী।
উঃ সংগতি : উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত দেৱকান্ত বৰুৱাদেৱৰ ‘লাচিত ফুকন’ শীৰ্ষক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।
প্রসংগঃ অসমত আজিও এচাম ডেকা আছে যি দেশৰ কাৰণে প্ৰাণ দিবলৈ সাজু— কবিয়ে এই কথা ক’বলৈকে ব্যাখ্যেয় কথাফাকিৰ অৱতাৰণা কৰিছে।
ব্যাখ্যা : অতীতত অসম আছিল বীৰৰ দেশ। লাচিত বৰফুকনৰ দৰে স্বদেশপ্রেমিক তথা বীৰপুৰুষৰ ভূমি এই অসম ৰাজ্য। দেশ আৰু দহৰ কাৰণে নিজ মোমায়েককো শিৰচ্ছেদ কৰিছিল লাচিতে। প্রচণ্ড নৰিয়া গাৰেও যুঁজিছিল। অসীম পৰাক্ৰমেৰে প্ৰবল প্রতাপী মোগলৰ হাতৰ পৰা নিজ দেশক ৰক্ষা কৰি ত্যাগ আৰু বীৰত্বৰ নিদৰ্শন দেখুওৱা লাচিতৰ দেশত আজি যেন কেউপিনে স্বাৰ্থপৰতা। নিজ স্বাৰ্থ সিদ্ধিৰ বাবে স্বকীয় গৰিমাকো বিসর্জন দি আজিৰ অসমীয়াই আনৰ গোলামি খাটে। অসমখন আজি অন্ধবিশ্বাস, কুসংস্কাৰেৰে ভৰা এখন অনগ্ৰসৰ ৰাজ্যত পৰিণত হৈছে। এনে দুৰ্যোগত আজি যেন পুনৰ প্ৰয়োজন হৈছে বীৰ লাচিতৰ। কবিয়ে ভাবে নিৰাশাৰ মাজতো যেন আশা আছে। আজিও এনে কিছু অসমীয়া আছে যি এবাৰ হুকুম পালেই মাতৃভূমিৰ কাৰণে নিজৰ তেজেৰে লুইতৰ বগাপানী ৰঙা কৰি দিব পাৰে। এনে সাহসী ডেকাচামেই লাচিতৰ দৰে নেতৃত্ব লাভ কৰিলে সলাই দিব পাৰে অসমৰ ভাগ্য। ব্যাখ্যেয় কবিতাফাকিৰ মাজত আশাবাদৰ ৰেঙণি দেখা যায়।
Class 11 Assamese Chapter 14 Question Answer
দেৱকান্ত বৰুৱা কবি পৰিচয়:
ৰোমাণ্টিক যুগ আৰু আধুনিক যুগৰ সন্ধিক্ষণৰ কৰি দেৱকান্ত বৰুৱাৰ জন্ম হয় ১৯১৪ চনত নগাঁৱত। অসমীয়া ৰোমাণ্টিক কবিতাক ভাবঘন বিস্তৃতি আৰু পৰিণতি প্ৰদান কৰা কবি বৰুৱাৰ একমাত্ৰ কবিতা পুথিখন হৈছে ‘সাগৰ দেখিছা’। দৈনন্দিন জীৱনৰ কথিত ভাষাৰ ৰূপ প্ৰয়োগ কৰাৰ লগতে তেওঁ ইংৰাজী কবি ৰবাৰ্ট ব্রাউনিঙৰ নাটকীয় স্বগতোক্তিৰ আৰ্হিতো কবিতা ৰচনা কৰিছিল। ‘আমি দুৱাৰ মুকলি কৰোঁ’ শীর্ষক কবিতাটোৰে তেওঁ অসমীয়া আধুনিক কবিতাৰ দুৱাৰ মুকলি কৰে। এগৰাকী সফল ৰাজনীতিবিদ বৰুৱাই অসম বিধানসভা আৰু ভাৰতৰ লোকসভালৈ নিৰ্বাচিত হোৱাৰ উপৰি মন্ত্ৰিত্বও লাভ কৰিছিল। অসমীয়া সাহিত্যত ‘দোমোজাৰ কবি’ হিচাপে পৰিচিত এইগৰাকী প্ৰখ্যাত কবিৰ দেহাৱসান ঘটে ১৯৯৬ চনত।
লাচিত ফুকন মূলভাব
উঃ অসমৰ সুযোগ্য সন্তান তথা আহোম সেনাপতি লাচিত বৰফুকনৰ বীৰত্বৰ আলমত ৰচিত ‘লাচিত ফুকন’ শীর্ষক কবিতাটোত স্বদেশপ্ৰেমৰ ফল্গুধাৰা অবিৰতভাৱে বৈ আছে। তাহানি স্বদেশ ৰক্ষাৰ বাবে নিজৰ শিৰ ত্যাগ কৰা লাচিতৰ দুৰন্ত দেশপ্রেমে জাতিটোৰ যৌৱন যেন জগাই তুলিছিল । তেওঁ দেশৰ বাবে নিজ মোমায়েকৰ শিৰচ্ছেদ কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল। লাচিতৰ এই ত্যাগে অসমক গৌৰৱেৰে ওপচাই থৈছে ঠিক ইব্রাহিমে ভক্তিৰ পৰীক্ষাত পুত্ৰক ত্যাগ কৰাৰ দৰে। কবিয়ে লাচিতৰ বীৰত্বক সুঁৱৰিবলৈ গৈ দাঙি ধৰিছে অসমৰ অৱক্ষয়ৰ ছবি। অসমত এতিয়া যেন প্রকৃত অসমীয়া পাবলৈকে নাই। স্বকীয়তা পাহৰি গোলামিৰ বোজা বোৱা গাধৰ লেখিয়া সন্তানেৰে যেন ভৰি পৰিছে অসম। নিজ স্বার্থসিদ্ধিৰ বাবে অন্ধ নকল-নবীছ হৈ তেওঁলোকে দেশপ্ৰেমৰ নামত চলাইছে অদ্ভুত আয়োজন। কবিয়ে যেন দেখিবলৈ পাইছে দেশ মাতৃৰ চকুলো।
নিজ সন্তানৰ এনে কুমতিত অসমী আয়ে যেন শোকত বিনাইছে। বাহিৰত দেখুৱাই এইসকল সন্তানে বিপ্লৱ কৰিলেও কুসংস্কাৰ আৰু অন্ধবিশ্বাসে তেওঁলোকক ঘেৰি আছে। কানিৰ মূল্য নিৰূপণ, মৃতকৰ কৰ্ম কেইদিনীয়া হ’ব তাৰ সিদ্ধান্ত নিৰূপণ, মৰ আঁউসীত হাল বালে কেই ধেনু পৰাচিত হ’ব লাগে তাৰ সিদ্ধান্ত নিৰূপণ ইত্যাদি অনৰ্থক কৰ্মত অসমৰ সন্তান ব্যস্ত। বছৰি তেওঁলোকে বীৰ পূজা পাতে অথচ লাচিতৰ বীৰত্ব সুঁৱৰি দেশৰ বাবে একো নকৰে। স্বদেশ পূজা বুলিলে তেওঁলোকে ৰাজনৈতিক ক্ষমতা লাভকে বুজে।
অৱশ্যে আশা ভংগৰ এই বেদনাৰ মাজতো আজিও আছে এচাম ব বীৰ সন্তান যি দেশৰ বাবে লুইতৰ বগা পানী ৰঙা কৰি প্ৰাণ আহুতি দিব পাৰে। এওঁলোকক লাগে কেৱল সুস্থ নেতৃত্ব। লাচিতৰ ত্যাগ আৰু বীৰত্বই এওঁলোকক সদায় উদ্বুদ্ধ কৰে। কবিয়ে সেয়ে আশা কৰে তেজত সাহস বিয়পি থকা এইচাম ডেকাই অসমক উন্নতিৰ পথলৈ আগুৱাই নিব। অসমীয়া ডেকাক জাতীয় ঐতিহ্য সোঁৱৰাই স্বদেশপ্ৰেমেৰে উদ্বুদ্ধ কৰি তোলাই হৈছে কবিৰ মূল লক্ষ্য।
প্রশ্ন: ‘লাচিত ফুকন’ কবিতাটো কোন শ্ৰেণীৰ কবিতা?
উঃ ‘লাচিত ফুকন’ কবিতাটো বীৰত্বব্যঞ্জক দেশপ্রেমমূলক কবিতা।
প্রশ্ন: লাচিতে যিটো গড়ৰ বাবে মোমায়েকৰ শিৰচ্ছেদ কৰিছিল সেইটো ক’ত অৱস্থিত?
উঃ লাচিতে যিটো গড়ৰ বাবে মোমায়েকৰ শিৰচ্ছেদ কৰিছিল সেইটো গুৱাহাটীৰ ওচৰৰ আগিয়াঠুটীত অৱস্থিত।
প্রশ্ন: দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি?
উঃ দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে ‘সাগৰ দেখিছা’।
প্রশ্ন: দেৱকান্ত বৰুৱা অসমীয়া কাব্য জগতত কি কবি হিচাপে জনাজাত?
উঃ দেৱকান্ত বৰুৱা অসমীয়া কাব্য জগতত ‘দোমোজাৰ কবি’ হিচাপে জনাজাত।