বনকুঁৱৰী Class 11 Question Answer | Class 11 Assamese Chapter 13 Question Answer | HS 1st Year Assamese Lesson 13 question Answer | একাদশ শ্ৰেণী অসমীয়া বনকুঁৱৰী কবিতা চন্দ্ৰকুমাৰ আগৰৱালা
শ্ৰেণী | অসমীয়া Class 11 |
বিষয় | অসমীয়া (সাহিত্য সৌৰভ) |
কবিতা নাম | বনকুঁৱৰী |
পাঠ | 13 |
গোট | তৃতীয় গোট |
লেখক | চন্দ্ৰকুমাৰ আগৰৱালা |
উপলব্ধ | সকলো প্ৰশ্নৰ উত্তৰ |
বনকুঁৱৰী Class 11 Question Answer
পাঠভিত্তিক প্রশ্নোত্তৰ
ক) অতি চমু প্রশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)
১। প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটোৰ নাম কি?
উঃ প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটো হৈছে ‘বনকুঁৱৰী’
২। বেজবৰুৱাই ‘প্ৰতিমা’ সম্পর্কে কি মন্তব্য কৰিছিল?
উঃ বেজবৰুৱাই ‘প্ৰতিমা’ সম্পর্কে কৈছিল— “প্ৰতিমাখন সৰু, কিন্তু নিৰ্ভাঁজ সোণৰ।”
৩। ‘জোনাকী’ আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল?
উঃ ‘জোনাকী’আলোচনীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা।
৪। ‘প্ৰতিমাৰ খনিকৰ’ বুলি কাক কোৱা হয়?
উঃ চন্দ্ৰকুমাৰ আগৰৱালাক ‘প্ৰতিমাৰ খনিকৰ’ বুলি কোৱা হয়।
৫। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ প্ৰধান বিষয়বস্তু কি?
উঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ প্ৰধান বিষয়বস্তু হৈছে প্রকৃতি, প্রেম, আৰু সৌন্দর্য।
বনকুঁৱৰী Class 11 Question Answer
(খ) চমু প্রশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ২ অথবা ৩)
১। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম লিখা।
উঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখন হৈছে—‘প্ৰতিমা’ আৰু ‘বীণবৰাগী’।
২। ‘জোনাকী’ যুগৰ ত্ৰিমূৰ্তি বুলি ক’লে কাক কাক বুজোৱা যায় ?
উঃ ‘জোনাকী’ যুগৰ ‘ত্ৰিমূৰ্তি’ বুলি ক’লে চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱাক বুজোৱা যায়
৩। ‘বনকুঁৱৰী’ কবিতাটিৰ লগত কেনেকুৱা জনবিশ্বাস জড়িত হৈ আছে?
উঃ বননি, জলাশয়, মানুহৰ ঘৰ আদিত অশৰীৰী দেৱী যেনে-বনকুঁৱৰী, জলকুঁৱৰী গৃহলক্ষ্মী আদিয়ে বাস কৰি মানুহক বিপদৰ পৰা ৰক্ষা কৰে—‘বনকুঁৱৰী’ কবিতাটোত অসমীয়া গাঁৱলীয়া হোজা মানুহৰ এনে জনবিশ্বাস জড়িত হৈ আছে।
৪। অসমীয়া ৰোমাণ্টিক কবিসকলে তেওঁলোকৰ কবিতাৰ সমল ক’ৰ পৰা গ্ৰহণ কৰিছিল?
উঃ অসমীয়া ৰোমাণ্টিক কবিসকলে তেওঁলোকৰ কবিতাৰ সমল গ্ৰহণ কৰিছিল প্ৰধানকৈ নিজৰ দেশ বা সমাজৰ পৰা ।
৫। হাবিৰ মাজত মৰ মৰ ধ্বনি কোনে তুলিছিল?
উঃ হাবিৰ মাজত ‘মৰ মৰ’ ধ্বনি শুকান পাতে তুলিছিল।
বনকুঁৱৰী Class 11 মূলভাব
(গ) দীঘল প্রশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ৪ অথবা ৫)
১। ‘বনকুঁৱৰী’ কবিতাটিৰ মূলভাব লিখা।
উঃ মূলভাব: ‘বনকুঁৱৰী’ বনৰ দেৱী, যি কোনো এটি নিজম দুপৰীয়া প্ৰকৃতিৰ সেউজ শোভাৰ মাজত উমলি-জামলি আছিল। কবি চন্দ্ৰকুমাৰ আগৰৱালাই এই দৃশ্য নয়নভৰি উপভোগ কৰিছিল আৰু কবিতাটোৰ মাজেৰে পাঠককো লৈ যাবলৈ বিচাৰিছে সেই দুপৰীয়াটিলৈ। দুপৰীয়া জুৰ বতাহৰ বা লাগি বনৰ গছ-লতিকা হালিছে জালিছে— কবিৰ ভাষাত গছে ইটোৱে সিটোক সুহুৰিয়াই মাতিছে, মৰম যাচিছে আৰু নৈৰ মুখলৈ চাই হাঁহিছে। কপৌ, ময়না আদি চৰায়ে সুমধুৰ মাত মাতি গছৰ লগত খেলিছে। সেই সময়তে বাঁহৰ মাজে মাজে কোনোবাই ঘুৰি ফুৰা যেন দেখি পাতবোৰে ফুচফুচাই কথা পাতিছে। সেই দুপৰীয়া এজনী অকণমানি ছোৱালীয়ে জানৰ কাষত এটি হৰিণা পোৱালিক পানী খুৱাইছে। বনফুলৰ সাজ পিন্ধা কণমানিজনী আচলতে বনকুঁৱৰীহে। টুক্ টুক্ চাপৰি বজাই আঁহতৰ তলত তাই নাচিছে। এপাকত কপৌৰ বাঁহলৈ গৈ মৰম কৰিছে আৰু খোপাত গুজিছে বনপখিলা। নাচত তাইক সংগ দিছে জল দেৱী নীয়ৰীয়ে।
মুকুতাৰে অঁৰা নীয়ৰী দেৱীয়ে বনকুঁৱৰীৰ চুলিখিনি খোপা বান্ধি তাত আঁৰি দিছে বনফুলৰ মালা। কেতেকীৰ সুগন্ধই আমোলমোলাই তুলিছে চৌদিশ। এনে মোহনীয় পৰিৱেশত বতাহ থিৰেৰে থাকিব পৰা নাই। বনকুঁৱৰীৰ ৰূপত ভোল গৈ বতাহে মৰম ভিক্ষা কৰিছে আৰু দুয়ো দেৱীৰ পৰা মিচিকিয়া হাঁহি লাভ কৰি আনন্দত অধীৰ হৈ পৰিছে। বতাহৰ কোবত জানত খলকনি উঠিছে আৰু আনন্দৰ তেনে ঢৌত বুৰ গৈছে সমস্ত জীৱজগত। প্ৰকৃতিৰ এনে অপূৰ্ব শোভাই কবিক আপ্লুত কৰিছে। এনে পাৰ্থিৱ সৌন্দৰ্যৰ মাজত কবিয়ে অনুভৱ কৰিছে অপাৰ্থিৱ সত্ত্বাৰ উপস্থিতি। আমি চকুৰে দেখি থকা উপাদানবোৰৰ মাজতে লুকাই থাকে নেদেখা সত্ত্বা— এই উপলব্ধিকেই যেন কবিয়ে পাঠকৰ মাজলৈ বোঁৱাই দিছে।
২। ‘বনকুঁৱৰী’ কবিতাটিত প্ৰকৃতিৰ ৰূপৰ বৰ্ণনা কিদৰে কৰিছে নিজৰ ভাষাত লিখা।
উঃ ‘বনকুঁৱৰী’ কবিতাত কবিয়ে প্ৰকৃতিৰ বিনন্দীয়া ৰূপ চিত্ৰিত কৰিছে।
নিজম দুপৰীয়া এটিত গছবোৰ বতাহত হালি-জালি এনে শব্দৰ সৃষ্টি কৰিছে যেন কোনোবাই কাৰোবাক সুহুৰিয়াইহে মাতিছে। গছৰ পাতবোৰ কঁপিছে থৰথৰকৈ আৰু শুকান পাতবোৰে যেন মাতিছে মৰমৰকৈ। বৈ যোৱা নদীখনলৈ চাই গছবোৰে হাঁহিছে। গছ-লতিকাবোৰে ইটোৱে সিটোক সাৱটি যেন মৰম কৰিছে আৰু এই দৃশ্য পাতৰ আঁৰৰ পৰা জুমি চাইছে কপৌ চৰায়ে। ময়নাজনীৰ মুখৰ মাতেই নোহোৱা হ’ল। বাঁহনিৰ মাজে মাজে কোনোবাই যেন ঘুৰি ফুৰিছে, পাতবোৰে নিজৰ মাজতে ফুচফুচাই কথা পাতিছে।
ফুলপাহিৰ দৰে কোমল অকণমানি ছোৱালী এজনীয়ে হৰিণী পোৱালি এটিক জানৰ কাষত পানী খুৱাইছে। আঁহতৰ তলত আন দুজনীৰ সতে তাই নাচিছে, টুক্ টুক্ চাপৰি বজাই নাম গাইছে আৰু কপৌৰ বাঁহলৈ গৈ চুমা খাইছে। আকৌ, খোপাত গুজি লৈছে বন পখিলা। শ্যামবৰ্ণৰ নীলা চুলিৰে সেইজনী যেন বনকুঁৱৰীহে যাৰ শিৰত জিলিকে মৰকত মণি। তেওঁৰ লগত আছে জলৰ দেৱী নীয়ৰী যি বনকুঁৱৰীৰ খোপাত আঁৰিছে বনফুলৰ মালা। তেনে সময়তে প্ৰকৃতিৰ এই মোহনীয় ৰূপ দেখি বতাহে কেতেকীৰ সুগন্ধি কঢ়িয়াই চৌদিশ আমোলমোলাই তুলিলে। কবি আগৰৱালাদেৱে প্ৰকৃতিৰ এই অনির্বচনীয় ৰূপৰ বৰ্ণনাৰে এক অপাৰ্থিৱ সত্ত্বাৰ ইংগিত দিব বিচাৰিছে।
HS 1st Year Assamese Lesson 13 question Answer
৩। ‘বনকুঁৱৰী’ কবিতাটিত কবিয়ে কিদৰে অতিপ্রাকৃত পৰিৱেশৰ সৃষ্টি কৰিছে বুজাই লিখা।
উঃ ‘বনকুঁৱৰী’ নামটোৱেই এক অতিপ্রাকৃত অনুভূতিৰ উন্মেষ ঘটায়। বনকুঁৱৰী দৰাচলতে অসমীয়া হোজা মানুহৰ অন্তৰত থকা এক বিশ্বাসৰ সৃষ্টি, জনবিশ্বাস মতে বনকুঁৱৰী বনত থকা দেৱী। কবিয়ে এই বিশ্বাসক আশ্ৰয় কৰি লোৱা বাবেই কবিতাটোত এনে এক পৰিৱেশৰ সৃষ্টি কৰিছে যে প্ৰকৃতিৰ বৰ্ণনা থাকিলেও অনুভূত হয় অশৰীৰী এক সত্তাৰ উপস্থিতি। কবিয়ে আৰম্ভণিতেই এনে এক দুপৰীয়াৰ কথা কৈছে যি নিজম, সাধাৰণতে যি সময়ত মানুহ বনলৈ নাযায়। তেনে সময়ত বনত এনে শব্দৰ সৃষ্টি হৈছে যেন কোনোবাই কাৰোবাক সুহুৰিয়াই মাতিছে।
গছৰ পাতবোৰে যেন ভয়তে থৰথৰকৈ কঁপিছে, সৰাপাতবোৰেও যেন মৰ মৰ বুলি মাতি উঠিছে। বাঁহনিৰ মাজত কোনোবাই যেন ঘুৰি ফুৰিছে, বাঁহৰ পাতবোৰে তাকে দেখি ফুচফুচাই কথা পাতিছে। যখিনী কন্যা এজনীয়ে, হৰিণী পোৱালিক পানী খুৱাই অইন দুজনী যখিনীৰ লগত নাচিছে খোপাত বনফুল গুঁজি। এনেতে ছয়াময়াকৈ শ্যামবৰ্ণৰ নীলা চুলিৰে বনকুঁৱৰীক দেখা গৈছে যাৰ শিৰত জিলিকিছে মৰকত মণি। কেৱল বনকুঁৱৰীয়েই নহয়, লগত আছে জলকুঁৱৰী নীয়ৰী দেৱীও। মুকুতাৰে অঁৰা নীয়ৰীয়ে বনকুঁৱৰীৰ চুলিখিনি খোপা বান্ধি তাত আঁৰি দিছে বনফুলৰ মালা । এনেদৰে অশৰীৰী চৰিত্ৰৰ উপস্থিতিৰ বৰ্ণনাৰে কবিয়ে কবিতাটোত সৃষ্টি কৰিছে অতিপ্রাকৃত পৰিৱেশৰ।
৪। চন্দ্ৰকুমাৰ আগৰৱালাৰ কৰি প্ৰতিভা সম্পর্কে আলোচনা কৰা।
উঃ অসমীয়া ৰোমাণ্টিক কবিতাৰ জন্মদাতা আছিল চন্দ্ৰকুমাৰ আগৰৱালা। ১৮৮৯ চনত প্ৰকাশ পোৱা ‘জোনাকী’ আলোচনীত ‘বনকুঁৱৰী’ শীর্ষক কবিতা লিখিয়েই তেওঁ কাব্য সাহিত্যৰ পাতনি মেলে। এই ‘বনকুঁৱৰী’য়েই হৈছে প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা। পাছলৈ তেওঁ লিখা কবিতাৰে প্ৰথমখন সংকলন ‘প্রতিমা’ প্রকাশ পায়। উৎকৃষ্ট কবিতাৰ সংকলন বুলি আখ্যা দি লক্ষ্মীনাথ বেজবৰুৱাই ‘প্রতিমা’ সম্পর্কে কৈছিল, “প্রতিমাখন সৰু, কিন্তু নিৰ্ভাঁজ সোণৰ।” অর্থাৎ আগৰৱালাৰ কবি প্ৰতিভাৰ পৰিচয় প্রথম সংকলনতে পোৱা যায়। তেওঁৰ দ্বিতীয় কাব্যসংকলন ‘বীণবৰাগী’ ১৯২৩-ত প্রকাশ হয়। প্রকৃতিপ্রেম, মানৱপ্ৰেম, ৰোমাণ্টিক, সৌন্দর্যবোধ, ৰহস্যময় ভাব আদি তেওঁৰ কবিতাত সুন্দৰভাৱে প্ৰকাশ পোৱা দেখা যায়। প্রাচ্য আৰু পাশ্চাত্যৰ সমন্বয়, চিন্তা আৰু আৱেগৰ সমতাও তেওঁৰ কবিতাত আছে। ৰোমাণ্টিক ভাববিশিষ্ট হোৱা বাবে তেওঁৰ কোনো কোনো কবিতা দেশপ্রেমমূলক, বিপ্লৱী, নতুন সমাজ প্রতিষ্ঠাৰ স্বপ্নসম্বলিত আৰু ভৱিষ্যতৰ আশাবাদীও হৈ উঠিছে।
Class 11 Assamese Chapter 13 Question Answer
৫। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা :
(ক) অথিৰ বায়ুৰ শিয়ঁৰিল নোম,
উছলাইছে গৈ জান
কাৰণ-নেদেখা আনন্দৰ ঢৌৱে
বুৰালে প্ৰাণীৰ প্ৰাণ।
উঃ সংগতি : উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালা ৰচিত ‘বনকুঁৱৰী’ শীর্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
প্ৰসংগ : প্ৰকৃতিৰ অনাবিল সৌন্দর্যই সমস্ত জীৱজগতক আনন্দ দান কৰাৰ ইংগিত ব্যাখ্যেয় কবিতাফাকিৰ মাজেৰে দিয়া হৈছে।
ব্যাখ্যা : কোনো এটি নিজম দুপৰীয়াত বতাহ বলি থাকোতে বনকুঁৱৰীৰ ৰূপ লৈ প্ৰকৃতিয়ে খেলি আছিল। নিজৰ অনির্বচনীয় ৰূপেৰে সকলোকে তাই আকৃষ্ট কৰিবলৈ সক্ষম হৈছিল। তাইৰ নাচৰ চেৱে চেৱে বতাহেও নাচিছিল। কেতিয়াবা সুহুৰিয়াই বতাহে গছক মাতিছিল, কেতিয়াবা সাবটি ধৰিছিল, বাঁহৰ সতে নিজানত ফুচফুচাই কথা পাতিছিল। কেতেকী ফুলেৰে ওপচাই দিছিল বনকুঁৱৰীৰ শৰীৰ।
থিৰেৰে থাকিব নোৱাৰি বতাহে বনকুঁৱৰী আৰু জলৰ দেৱী নীয়ৰীক মৰম ভিক্ষা কৰিছিল আৰু সিহঁতৰ মিচিকিয়া হাঁহি লাভ কৰি বতাহ হৈ পৰিছিল আপ্লুত। সেই ক্ষণত আনন্দত শিহৰিত হৈ উঠিছিল সমস্ত জীৱজগত। বতাহে আনন্দত জানৰ পানীত খলকনি তোলাৰ নিচিনাকৈ প্ৰকৃতিৰ অপাৰ সৌন্দৰ্যই খলকনি তুলিছিল প্ৰতিটো জীৱৰ অন্তৰত। কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ গইনা লৈ এক অপাৰ্থিৱ সত্ত্বাৰ উপস্থিতিৰ উমানো পাঠকক দিব বিচাৰিছে।
(খ) মুকলি চুলিৰে নাম গায় ঘূৰি
চাপৰি টুক্ টুক্ টুক্ ৷
ৰূপহীৰ মেল দেৱযোনি খেল
মানুহে নেদেখা মুখ।
উঃ সংগতি : উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালা ৰচিত ‘বনকুঁৱৰী’ শীর্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
প্ৰসংগ : অশৰীৰী সত্তাৰ উমান দিবলৈ গৈ কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।
ব্যাখ্যা : বনকুঁৱৰী বনৰ কুঁৱৰী। মানুহে নেদেখা এখন অতিপ্রাকৃত জগতৰ বনকুঁৱৰীয়ে খেলা কৰে বনৰ মাজত। কোমল ফুলৰ পাহি যেন যখিনী কন্যাৰ লগত বনকুঁৱৰীয়ে উলাহত নাচিছে। টুক টুক চাপৰি বজাই আহঁতৰ তলত খিলখিলাই হাঁহিছে। এপাকত কপৌৰ বাঁহলৈ গৈ মৰম কৰিছে আৰু খোপাত গুঁজিছে বনপখিলা। শ্যামবৰ্ণৰ নীলা চুলিৰে সেইজনী বনকুঁৱৰীৰ শিৰত জিলিকিছে মৰকত মণি। এই সমস্ত দৃশ্য হিয়া উজাৰি চাইছে বনৰ চৰাই, পশু পক্ষীয়ে। কবিয়ে মানুহে নেদেখা এই দৃশ্যক নিজৰ কাপেৰে অপূৰ্ব ৰূপত তুলি ধৰিছে। দেৱসমাজৰ এই খেল কবিয়ে জীৱন্ত ৰূপত অংকন কৰি মানৱ সমাজৰ মাজত তাৰ আনন্দ বিলাইছে।
Class 11 Assamese Chapter 13 Question Answer
অতিৰিক্ত প্রশ্নোত্তৰ
অতি চমু প্রশ্নোত্তৰ :
১। বনকুঁৱৰীয়ে কেনে সাজ পিন্ধিছিল?
উঃ বনকুঁৱৰীয়ে বনফুলৰ সাজ পিন্ধিছিল।
২। প্রকৃতি কুঁৱৰী দুগৰাকী কোন কোন ?
উঃ প্রকৃতি কুঁৱৰী দুগৰাকী হৈছে বনকুঁৱৰী আৰু জলৰ দেৱী নীয়ৰী।
চমু প্রশ্নোত্তৰ :
১। ৰোমাণ্টিক যুগৰ কবিসকলে কবিতা লিখাৰ কৌশল ক’ৰ পৰা গ্ৰহণ কৰিছিল?
উঃ ৰোমাণ্টিক যুগৰ কবিসকলে কবিতা লিখাৰ কৌশল গ্ৰহণ কৰিছিল ইংৰাজী কবিতাৰ পৰা আৰু বিষয় গ্ৰহণ কৰিছিল নিজৰ দেশ-সমাজৰ পৰা ।
২। তামোলবাৰী বাগানৰ চাহে কোনখন আন্তঃৰাষ্ট্ৰীয় চাহ সম্মিলনত স্বীকৃতি পাইছিল?
উঃ তামোলবাৰী বাগানৰ চাহে চিকাগোত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় চাহ সন্মিলনত স্বীকৃতি লাভ কৰিছিল
৩। বনকুঁৱৰী কোন?
উঃ অসমৰ সহজ-সৰল গাঁৱলীয়া সমাজে বিশ্বাস কৰা অশৰীৰী দেৱী হৈছে বনকুঁৱৰী যি বনৰ দেৱী।
৪। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ মূলমন্ত্ৰ কি আছিল?
উঃ ‘সৌন্দৰ্যৰ আৰাধনা জীৱনৰ খেল’— এয়াই আছিল চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ মূলমন্ত্র।
৫। ‘জোনাকী’ আলোচনীৰ জন্মলগ্নত জড়িত ব্যক্তিসকলৰ নাম লিখা।
উঃ ‘জোনাকী’ আলোচনীৰ জন্মলগ্নত জড়িত ব্যক্তিসকল হ’ল চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা ৷
বনকুঁৱৰী Class 11 Question Answer
দীঘলীয়া প্রশ্নোত্তৰ :
১। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
(ক) “মৰম ভিখাৰী, বিচাৰিছো দেৱী
প্ৰাণৰ অমিয়া মাধুৰী।”
উঃ সংগতিঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালা ৰচিত ‘বনকুঁৱৰী’ শীর্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
প্ৰসংগ : প্ৰকৃতিৰ সৌন্দৰ্যই ঢালি দিয়া অনাবিল অমৃত সুধা পান কৰিবলৈ বতাহ অধীৰ হোৱা প্ৰসংগত কবিতাফাকিৰ অৱতাৰণা কৰা হৈছে।
ব্যাখ্যা : কোনো এটি নিজম দুপৰীয়া বনকুঁৱৰীয়ে চাপৰি বজাই, নাচি নাচি বনপখিলা খোপাত গুজিছে। সেই সময়ত প্ৰকৃতি জগতৰ ফুল-গছ-লতিকা, নদী, কপৌ-ময়না আদি চৰাই সকলোৱে লগ লাগি গঢ়ি তুলিছে এক মোহনীয় পৰিৱেশ। বনকুঁৱৰীয়ে হৰিণী এটিক জানৰ কাষত পানী খুৱাইছে আৰু কপৌৰ বাহলৈ গৈ চুমা দিছে। বনফুলৰ সাজ পিন্ধা বনকুঁৱৰীৰ লগত আছে নীয়ৰী দেৱী। যি বনকুঁৱৰীৰ খোপা সজাইছে ফুলৰ মালাৰে। প্ৰকৃতিৰ এই অপৰূপ সৌন্দৰ্যই মুহিছে বতাহৰ মন। এখন্তেকো থিৰেৰে থাকিব নোৱাৰি বতাহে দুয়ো দেৱীৰ প্ৰাণৰ মৰম ভিক্ষা কৰিছে আৰু উভয়ে তাৰ প্ৰত্যুত্তৰ দিছে মিচিকিয়া হাঁহিৰে। কবিয়ে এটি দুপৰীয়াৰ এই মোহনীয় পৰিৱেশৰ আনন্দ সকলো পাঠককে দিব পাৰিছে
বনকুঁৱৰী Class 11 Question Answer
চন্দ্ৰকুমাৰ আগৰৱালা কবি পৰিচয়
কবি পৰিচয়: অসমীয়া ৰোমাণ্টিক কবিতাৰ বাটকটীয়া চন্দ্ৰকুমাৰ আগৰৱালাই ১৮৬৭ চনত শোণিতপুৰ জিলাৰ কলংপুৰ মৌজাৰ অন্তৰ্গত ব্ৰহ্মজান গাঁৱত জন্মগ্রহণ কৰে। হৰিবিলাস আগৰৱালাৰ পুত্ৰ চন্দ্ৰকুমাৰে কলিকতালৈ উচ্চ শিক্ষা গ্ৰহণৰ অৰ্থে গৈছিল যদিও তৃতীয় বাৰ্ষিকৰ পাছত আৰু নপঢ়িলে। পাছলৈ তেওঁ চাহ আৰু ছপাশালৰ ব্যৱসায়ত মন দিয়ে। কলিকতাত থাকোঁতে ‘জোনাকী’ নামৰ আলোচনী তেওঁ সম্পাদনা কৰি উলিয়ায় আৰু ইয়াতেই প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা ‘বনকুঁৱৰী’ লিখি প্ৰকাশ কৰে। তদুপৰি ‘অসমীয়া’, ‘সাদিনীয়া অসমীয়া’ আৰু ‘তিনিদিনীয়া অসমীয়া’ নামৰ বাতৰি কাতকেইখন প্রকাশ আৰু পৰিচালনা কৰিছিল চন্দ্ৰকুমাৰ আগৰৱালাই । ৰোমাণ্টিক কবি আগৰৱালাৰ বিখ্যাত কাব্যসংকলন দুখন হৈছে – ‘প্ৰতিমা’ আৰু ‘বীণবৰাগী’। অসমীয়া সাহিত্যত চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱাক ‘ত্রিমূর্তি’ আখ্যা দিয়া হয়। জোনাকী যুগৰ ‘ত্ৰিমূর্তি’ৰ অন্যতম চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু হয় ১৯৩৮ চনত। তেওঁৰ আন এখন পুথি ‘চন্দ্ৰামৃত’ মৃত্যুৰ পাছত প্ৰকাশ হয়।
১। বনকুঁৱৰীয়ে কেনে সাজ পিন্ধিছিল?
উঃ বনকুঁৱৰীয়ে বনফুলৰ সাজ পিন্ধিছিল।
২। প্রকৃতি কুঁৱৰী দুগৰাকী কোন কোন ?
উঃ প্রকৃতি কুঁৱৰী দুগৰাকী হৈছে বনকুঁৱৰী আৰু জলৰ দেৱী নীয়ৰী।
৩। বনকুঁৱৰী কোন?
উঃ অসমৰ সহজ-সৰল গাঁৱলীয়া সমাজে বিশ্বাস কৰা অশৰীৰী দেৱী হৈছে বনকুঁৱৰী যি বনৰ দেৱী।
৪। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ মূলমন্ত্ৰ কি আছিল?
উঃ ‘সৌন্দৰ্যৰ আৰাধনা জীৱনৰ খেল’— এয়াই আছিল চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ মূলমন্ত্র।
৫। হাবিৰ মাজত মৰ মৰ ধ্বনি কোনে তুলিছিল?
উঃ হাবিৰ মাজত ‘মৰ মৰ’ ধ্বনি শুকান পাতে তুলিছিল।