ধনবৰ আৰু ৰতনী Class 11 (কবিতা) সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰ

ধনবৰ আৰু ৰতনী Class 11 Question Answer | ধনবৰ আৰু ৰতনী Class 11 প্ৰশ্ন উত্তৰ | Class 11 Assamese Chapter 12 Question Answer| HS 1st Year Assamese Lesson 12 | একাদশ শ্ৰেণী অসমীয়া ধনবৰ আৰু ৰতনী কবিতা

শ্ৰেণীঅসমীয়া Class 11
বিষয়অসমীয়া (সাহিত্য সৌৰভ)
পাঠৰ নামধনবৰ আৰু ৰতনী
গোট3
Chapter12
লেখকলক্ষ্মীনাথ বেজবৰুৱা
উপলব্ধসকলো প্ৰশ্নৰ উত্তৰ
বোৰ্ডAHSEC

ধনবৰ আৰু ৰতনী Class 11 Question Answer

পাঠভিত্তিক প্রশ্নোত্তৰ

(ক) অতি চমু প্রশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)

১। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি এখনৰ নাম লিখা।
উঃ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি এখনৰ নাম হৈছে কদমকলি।

২। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি?
উঃ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম হৈছে ‘মোৰ জীৱন সোঁৱৰণ।

৩। অসমীয়া সাহিত্যত চুটিগল্পৰ জনক বুলি কাক কোৱা হয়?
উঃ লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া সাহিত্যত চুটিগল্পৰ জনক বুলি কোৱা হয়।

৪। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্পৰ পুথি এখনৰ নাম লিখা।
উঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্পৰ পুথি এখনৰ নাম হৈছে ‘জোনবিৰি’।

৫। ‘বাঁহী’ আলোচনীখন কোনে সম্পাদনা কৰিছিল?
উঃ ‘বাঁহী’ আলোচনীখন লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰিছিল।

ধনবৰ আৰু ৰতনী Class 11 Question Answer

(খ) চমু প্রশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ২ অথবা ৩)

১। মালিতা কি? ইংৰাজীত ইয়াক কি বুলি কোৱা হয়?
উঃ মালিতা হৈছে কাহিনী বা আখ্যানমূলক গীত। মালিতাক ইংৰাজীত ‘ Ballad’ বুলি কোৱা হয়।

২। ধনবৰ আৰু ৰতনী কোন?
উঃ ধনবৰ আৰু ৰতনী এহাল প্রেমিক-প্রেমিকা। ধনবৰৰ ঘৰ দিখৌমুখত আৰু ৰতনীৰ ঘৰ ধনশিৰিমুখত।

৩। “বোপাই মোৰ লুইত ঐ ! সামৰি লোৱা মোক” – বুলি কোনে কিয় কৈছে?
উঃ প্রশ্নোদ্ধৃত উক্তি ধনবৰৰ। দিখৌমুখৰ ষোড়শী গাভৰু ৰতনী মাক-বাপেকৰ সৈতে কিছুদিন ধনশিৰিমুখৰ ধনবৰৰ ঘৰলৈ ফুৰিবলৈ আহি দুয়োৰে প্রেম হয়। সময়ত ৰতনী মাকহঁতে ঘৰলৈ লৈ যোৱাত ধনবৰ বেজাৰত ম্ৰিয়মান হ’ল। ৰতনী অবিহনে জীয়াই থকাটো ধনবৰৰ বাবে অসাৰ যেন হ’ল। সেয়ে দুখত কাতৰ হৈ ধনবৰে তাক বুকুত সাবটি লবলৈ লুইতকে কাকুতি কৰিছে

৪। “ৰতনীক তুলিলে মাকে বাপেকে
ধনাইৰ কাল শতৰু কৰি”
— ৰতনীক কিয় ধনাইৰ কাল শতৰু বুলি কোৱা হৈছে?
উঃ ৰতনী অবিহনে ধনবৰে জীয়াই থকাৰ কথা ভাবিব নোৱাৰে। ৰতনীৰ প্ৰেমেই আছিল তাৰ বাবে সৰ্বস্ব। মনৰ বেজাৰত সি লুইততে আত্মজাহ দিলে কাৰণে ৰতনীক ধনাইৰ কালশতৰু বুলি কোৱা হৈছে।

৫। “পাৰতে কান্দিছে ধনবৰ দুখী কয়া”— ধনবৰে কিয় কান্দিছে?
উঃ ধনবৰৰ প্ৰেমিকা ৰতনী অবিহনে তাৰ জীৱন বৃথা। নদীৰ পাৰত দুটি বালিমাহীয়ে ৰঙত চৰিছে, কিন্তু ৰতনী নোহোৱাত ধনবৰৰ জীৱনৰ ৰঙো যেন লুকাল। দুখীয়া বাবেই ৰতনীয়ে তাক এৰি থৈ গ’ল বুলি ধনবৰে নৈৰ পাৰত বহি বিষাদ যন্ত্ৰণাত কান্দিছে।

ধনবৰ আৰু ৰতনী কবিতা

(গ) দীঘল প্রশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ৪ অথবা ৫)

১। ‘ধনবৰ আৰু ৰতনী’ কবিতাটোৰ কাহিনীভাগ সংক্ষেপে বর্ণনা কৰা।
উঃ কবিতাৰ বৰ্ণনা অনুসৰি ধনবৰ উজনিৰ দিখৌমুখৰ ডেকা ল’ৰা। ৰতনী ধনশিৰীমুখৰ গাভৰু। ধনশিৰীমুখৰ ৰতনীয়ে মাক বাপেকৰ সৈতে দিখৌমুখলৈ গৈ ধনবৰৰ ঘৰত কিছুদিন আছিল। ধনবৰৰ ঘৰতে সি লগ পাইছিল ৰতনীক । ষোড়শী গাভৰু ৰতনীৰ প্ৰতি একে বয়সৰ ডেকা ধনবৰ আকৰ্ষিত হৈছিল। দুয়োৰে মাজত উন্মেষ হৈছিল মৰম-ভালপোৱাৰ। নিবিড় প্রেমত নিমগ্ন ধনবৰৰ অন্তৰজুৰি বহিছিল ৰতনীয়ে। সেয়ে ৰতনীক চিৰদিনৰ বাবে আপোন কৰি লোৱাৰ আশা বুকুত পুহি ৰাখিছিল ধনবৰে। কিন্তু ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। ধনবৰৰো সেয়ে হ’ল। এদিন হঠাৎ ৰতনীক লগত লৈ ৰতনীৰ মাক-বাপেক ভটিয়াই ধনশিৰীমুখলৈ গুচি গ’ল। ৰতনীৰ অনুপস্থিতিত বেজাৰত ধনবৰ ম্রিয়মান হ’ল, সকলোফালে আন্ধাৰ দেখিলে। ৰতনীয়ে দিয়া বুকুৰ মাধুর্য যেন মাক-বাপেকে কাঢ়ি লৈ গ’ল। ৰতনী অবিহনে ধনবৰৰ জীয়াই থকাটো অসাৰ বোধ হ’ল। মাথোঁ কিছুদিনৰ বাবে ৰতনীয়ে তাৰ মনৰ কোঠাত কল্পনাৰ কাৰেং সাজিছিল যদিও ক্ষন্তেকতে বালিঘৰ সদৃশ খহি পৰিল। ৰতনীৰ বেজাৰত লুইতৰ পাৰত বহি ধনবৰে ইনাই-বিনাই বিলাপ কৰি জহি যাবলৈ ধৰিলে। ধনবৰ দুখীয়া বাবেহে ৰতনীয়ে এনেদৰে ধনবৰক এৰি থৈ গ’ল। সেয়ে বেজাৰতে ধনবৰে ৰতনীক পুনৰ উভতি নাহিবলৈ কৈছে। ধনবৰৰ বাবে ৰতনীৰ প্ৰেমেই আছিল সর্বস্ব। সেয়ে ৰতনীবিহীন জীৱন অসাৰ জ্ঞান কৰি ধনবৰে লুইতত আত্মজাহ দিলে। ধনবৰৰ মৃত্যুৱে যেন লুইতৰ দুপাৰত শোকৰ বিননি থৈ গ’ল।

২। ‘ধনবৰ আৰু ৰতনী’ কবিতাটোত ধনবৰে কেনেদৰে বিলাপ কৰিছে?
উঃ দিখৌমুখৰ ১৬ বছৰীয়া ডেকা ধনবৰে প্ৰেমত পৰিছিল একে বয়সৰে গাভৰু ৰতনীৰ ৷ ৰতনীক ধনবৰে অন্তৰত নিগাজিকৈ স্থান দিয়াই নহয়, ৰতনীৰ সৈতে সি ঘৰ কৰাৰ সপোন দেখিছিল। কিন্তু হঠাতে এদিন যেতিয়া মাক-বাপেকে ৰতনীক লৈ পুনৰ ধনশিৰীমুখলৈ গুচি গ’ল, ধনবৰে চাৰিওফালে আন্ধাৰ দেখিলে । ৰতনীক পোৱাৰ ক্ষেত্ৰত মাক আছিল হেঙাৰ। সেয়ে ধনবৰে দুখতে কৈছে পৰ্বত বগাবলৈ সহজ কিন্তু লতা বগাবলৈ টান। ৰতনীক আপোন কৰি ল’বলৈ সহজ আছিল যদিও মাকক বুজাব নোৱাৰিলে। বিভিন্ন উপমাৰে ধনবৰে ৰতনীৰ বেজাৰত জৰ্জৰিত হোৱা তাৰ মনৰ বৰ্ণনা দিছে।

বানে লুইতৰ দুপাৰ চপৰা-চপৰে খহাই নিয়াৰ দৰে ধনবৰৰ অন্তৰো ভাঙি থানবান হ’ল। ধনবৰে দেখিছে গঙা নৈৰ বুকু উদং নহয় তাত চিলনী উৰিছে, নৈৰ পাৰৰ বালিও শূন্য নহয়, তাতো আছে ঘোঁৰা কিন্তু ধনবৰৰ অন্তৰ কাৰুণ্যৰে ভৰাই ৰতনী গুচি গ’ল। লুইতৰ গভীৰ পানীত শিহুবোৰ থাকে আৰু সি কাচিৎ বাহিৰলৈ মুখ উলিয়ালে তাক দেখা যায়; কিন্তু ৰতনী এবাৰ যি গ’ল ধনবৰে আৰু ৰতনীক দুনাই নেদেখিলে। নৈৰ পাৰত গজা বনৰীয়া ফুটুকা গছো আনকি অকলশৰীয়া নহয়, তাত থাকে যখিনী, কিন্তু ধনবৰ ইমানেই দুৰ্ভগীয়া যে মানুহ হৈও সি ৰতনীৰ অভাৱত জহি যাব লাগিছে অথচ তালৈ চাওঁতা নাই। ধনবৰ দুখীয়া বাবেহে ৰতনীয়ে ধনবৰক এৰি থৈ গ’ল। সেয়ে সি ভিকহুৰো ভিকহু বুলি নিজকে ধিক্কাৰ দি লুইতৰ বুকুত চিৰদিনৰ বাবে আহুতি দি মনৰ বেজাৰ সামৰিছে। এনেদৰে কবিতাটোত অবিচল প্ৰেমৰ এখন কাৰুণ্যগধুৰ প্ৰতিচ্ছবি অংকিত হৈছে।

ধনবৰ আৰু ৰতনী কবিতা

৩। ৰতনীৰ প্ৰতি ধনবৰৰ প্ৰেমৰ প্ৰকাশ কিদৰে ঘটিছে বর্ণনা কৰা৷
উঃ ১৬ বছৰীয়া এহাল ডেকা-গাভৰু ধনবৰ আৰু ৰতনী। দিখৌমুখৰ ধনবৰৰ ঘৰলৈ মাক-দেউতাকৰ সতে অহা ৰতনীৰ প্ৰতি তাৰ অন্তৰত উন্মেষ হৈছিল প্রেম- ভালপোৱাৰ। ৰতনীক আপোন কৰি লোৱাৰ সপোন দেখিছিল সি। ৰতনী যেন তাৰ বুকুৰ মাধুৰী, জীৱনৰ উশাহ। প্ৰেমৰ ৰাগিত ৰতনীৰ সতে যেন সি বগলীৰ দৰে উৰিব খোজে৷ ৰতনী অবিহনে তাৰ জীৱন যেন অসাৰ। নিবিড় প্ৰেমত নিমগ্ন ধনবৰৰ অন্তৰজুৰি বহিছিল ৰতনী। যি ৰতনীৰ প্ৰেমকেই সৰ্বস্ব বুলি ধনবৰে ভাবি ল’লে সেই ৰতনীক লগত লৈ হঠাৎ এদিন ৰতনীৰ মাক-দেউতাক ধনশিৰীমুখলৈ গুচি গ’ল। ধনবৰে যেন সকলোফালে আন্ধাৰ দেখিলে, শোকত ম্রিয়মান হ’ল।

বানে লুইতৰ দুপাৰ চপৰা-চপৰে খহাই নিয়াৰ দৰে ধনবৰৰ অন্তৰো ভাঙি থানবান হ’ল। নিজকে ধিক্কাৰ দি লুইতৰ পাৰত বহি ধনবৰে মনৰ বেজাৰত বিলাপ কৰিবলৈ ধৰিলে ৷ লুইতৰ বালিত চৰি থকা বালিমাহী দুটিয়ে যেন আৰু অধিক বঢ়াই তুলিলে দুখ, কিয়নো ধনবৰৰ লগৰী ৰতনী যে নাই তাক চাবলৈ। ৰতনীৰ বিচ্ছেদে যেন ধনবৰৰ কামিহাড়চলাহে ভাঙি গ’ল যি বিষে তাক যন্ত্ৰণাত কাতৰ কৰি তুলিছে। সেয়ে ৰতনীবিহীন জীৱন অসাৰ জ্ঞান কৰি ধনবৰে লুইতত আত্মজাহ দিলে। এনেদৰে সমগ্ৰ কবিতাটোত ধনবৰৰ প্ৰেমৰ আকুলতা সিঁচৰতি হৈ আছে।

Class 11 Assamese Chapter 12 Question Answer

৪। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা :

(ক) গঙাতে উৰিল ঐ গঙাৰে চিলনী,
বালিতে উৰিল ঐ ঘোঁৰা,
সেন্দুৰী টিঙতে বহি উটি গ’লে
ৰতনী ধনাইৰে পৰা।
উঃ সংগতি : উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভত থকা কবি লক্ষ্মীনাথ বেজবৰুৱা ৰচিত ‘ধনবৰ আৰু ৰতনী’ নামৰ কবিতাটোৰ পৰা লোৱা হৈছে।
প্রসংগঃ কবিতাফাকিৰ জৰিয়তে ৰতনীৰ বেজাৰত ধনবৰৰ মনৰ অৱস্থাক উপমাৰে বুজাব খোজা হৈছে।
ব্যাখ্যা : ধনবৰ দিখৌমুখৰ যুৱক। ৰতনীৰ ঘৰ ধনশিৰীমুখত হ’লেও মাক – বাপেকৰ সৈতে কিছুদিনৰ বাবে দিখৌমুখৰ ধনবৰৰ ঘৰত আছিলহি। তাতেই ৰতনীৰ প্ৰেমত বুৰ গৈছিল ধনবৰ। কিন্তু এদিন হঠাতে টিঙত সেন্দুৰেৰে বোলোৱা নাওত উঠি ৰতনী ধনবৰৰ জীৱনৰ পৰা আঁতৰি গ’ল। ধনবৰে দেখিছে গঙা নৈৰ বুকু উদং নহয় তাত চিলনী উৰিছে, নৈৰ পাৰৰ বালিও শূন্য নহয়, তাতো আছে ঘোঁৰা। কিন্তু ধনবৰৰ অন্তৰহে শূন্য কৰি ৰতনী গুচি গ’ল। থৈ গ’ল এবুকু বিষাদভৰা কাৰুণ্য।

(খ) ফুটুকাৰ তলতে যখিনী ছোৱালী
টুক্‌টুক্ চাপৰি বায়
ধনাইৰে ছাঁতে ৰতনী নাই ঐ
কোনে তাৰ মুখলৈ চায়।
উঃ সংগতি : উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভত থকা ‘ধনবৰ আৰু ৰতনী’ নামৰ কবিতাটোৰ পৰা লোৱা হৈছে। কবিতাটোৰ কবি লক্ষ্মীনাথ বেজবৰুৱা।
প্রসংগ : কবিতাফাকিত ব্যৱহৃত উপমাৰ জৰিয়তে ৰতনীৰ অনুপস্থিতিত ধনবৰৰ অন্তৰৰ বিষাদ প্রকাশ পাইছে।
ব্যাখ্যা : ফুটুকা এবিধ জোপোহা বন, ই নৈপৰীয়া ঠাইবোৰত গজে। ফুটুকাৰ পাত ছিঙিলে তাৰ পৰা যি আঠা ওলায় সি ফেনৰ দৰে; কিন্তু সেই ফেন নিচেই ক্ষন্তেকীয়া। ফুটুকা গছত যখিনীয়ে বাস কৰে বুলি মানুহে বিশ্বাস কৰে। নৈৰ পাৰত গজা বনৰীয়া ফুটুকা গছ, সেই গছো অকলশৰীয়া নহয়; গছজোপাৰ সৈতে থাকে যখিনী। কিন্তু ধনবৰ ইমানেই দুৰ্ভগীয়া যে মানুহ হৈও সি ৰতনীৰ অভাৱত অকলশৰীয়াকৈ বেজাৰত জহি যাব লাগিছে অথচ তালৈ কোনো চাওঁতা নাই। ৰতনী অবিহনে ধনবৰৰ মনত বাজি উঠিছে শোকৰ বিননি।

ধনবৰ আৰু ৰতনী Class 11

অতিৰিক্ত প্রশ্নোত্তৰ (অতি চমু প্রশ্নোত্তৰ)

১। বেজবৰুৱাই ৰচনা কৰা একমাত্র উপন্যাসখনৰ নাম কি?
উঃ বেজবৰুৱাই ৰচনা কৰা একমাত্র উপন্যাসখন হৈছে ‘পদুম কুঁৱৰী’।

২। ৰতনী যোৱা নাওখনৰ টিংটো কেনেকুৱা আছিল?
উঃ ৰতনী যোৱা নাওখনৰ টিংটো সেন্দূৰেৰে বোলোৱা আছিল।

৩। ধনবৰ আৰু ৰতনীৰ ঘৰ ক’ত আছিল?
উঃ ধনবৰৰ ঘৰ আছিল দিখৌমুখত আৰু ৰতনীৰ ঘৰ আছিল ধনশিৰীমুখত।

৪। অসমীয়া ‘মালিতা’ শব্দৰ ইংৰাজী প্ৰতিশব্দ কি?
উঃ অসমীয়া ‘মালিতা’ শব্দৰ ইংৰাজী প্ৰতিশব্দ হৈছে বেলাড (Ballad)।

Class 11 Assamese Chapter 12 Question Answer

চমু প্রশ্নোত্তৰ :

১। অসমীয়া মালিতাসমূহক কেইটাভাগত ভগাব পাৰি আৰু কি কি?
উঃ অসমীয়া মালিতাসমূহক তিনিটা ভাগত ভগাব পাৰি – বুৰঞ্জীমূলক, কিম্বদন্তি বা জনশ্ৰুতিমূলক আৰু কাল্পনিক।

২। ‘ধনবৰ আৰু ৰতনী’ কবিতাটো কোন কবিতাপুথিৰ পৰা লোৱা হৈছে?
উঃ ‘ধনবৰ আৰু ৰতনী’ কবিতাটো লক্ষ্মীনাথ বেজবৰুৱাৰ ‘কদমকলি’ নামৰ কবিতাপুথিৰ পৰা লোৱা হৈছে।

৩। ‘বগাকৈ বগলী উৰে কেনে কৰি’ – কথাষাৰৰ তাৎপর্য কি ?
উঃ ‘বগাকৈ বগলী উৰে কেনে কৰি’ – কথাষাৰে ৰতনীয়ে ধনবৰক এৰি থৈ যোৱাটো বুজাইছে। বগলীয়ে যেনেকৈ উৰি গুচি যায় তেনেকৈ ৰতনীয়েও মাক-দেউতাকৰ লগত নাৱত উঠি গুচি গৈছিল।

ধনবৰ আৰু ৰতনী মূলভাৱ

দীঘলীয়া প্রশ্নোত্তৰ :

১। ‘ধনবৰ আৰু ৰতনী’ কোন শ্রেণীৰ কবিতা? কবিতাটোৰ মূল কথাখিনি লিখা।
উঃ ‘ধনবৰ আৰু ৰতনী’ মালিতা বা আখ্যানমূলক গীতি কবিতা।
দ্বিতীয় অংশৰ উত্তৰৰ বাবে কবিতাৰ মূলভাব:

মূলভাব: কবিতাৰ বৰ্ণনা অনুসৰি ধনবৰ উজনিৰ দিখৌমুখৰ ডেকা ল’ৰা। ৰতনী ধনশিৰীমুখৰ গাভৰু। ধনশিৰীমুখৰ ৰতনীয়ে মাক-বাপেকৰ সৈতে দিখৌমুখলৈ গৈ ধনবৰৰ ঘৰত কিছুদিন আছিল। ধনবৰৰ ঘৰতে সি লগ পাইছিল ৰতনীক । ষোড়শী গাভৰু ৰতনীৰ প্ৰতি একে বয়সৰ ডেকা ধনবৰ আকৰ্ষিত হৈছিল৷ দুয়োৰে মাজত উন্মেষ হৈছিল মৰম-ভালপোৱাৰ। নিবিড় প্ৰেমত নিমগ্ন ধনবৰৰ অন্তৰ্জৰি বহিছিল ৰতনীয়ে৷ সেয়ে ৰতনীক চিৰদিনৰ বাবে আপোন কৰি লোৱাৰ আশা বুকুত পুহি ৰাখিছিল ধনবৰে। কিন্তু ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। ধনবৰৰো সেয়ে হ’ল। এদিন হঠাৎ ৰতনীক লগত লৈ ৰতনীৰ মাক-বাপেক ভটিয়াই ধনশিৰীমুখলৈ গুচি গ’ল। ৰতনীৰ অনুপস্থিতিত বেজাৰত ধনবৰ ম্ৰিয়মান হ’ল, সকলোফালে আন্ধাৰ দেখিলে। ৰতনীয়ে দিয়া বুকুৰ মাধুৰ্য যেন মাক-বাপেকে কাঢ়ি লৈ গ’ল। ৰতনী অবিহনে ধনবৰৰ জীয়াই থকাটো অসাৰ বোধ হ’ল। মাথোঁ কিছুদিনৰ বাবে ৰতনীয়ে তাৰ মনৰ কোঠাত কল্পনাৰ কাৰেং সাজিছিল যদিও ক্ষন্তেকতে বালিঘৰ সদৃশ খহি পৰিল৷ ৰতনীৰ বেজাৰত লুইতৰ পাৰত বহি ধনবৰে ইনাই-বিনাই বিলাপ কৰি জহি যাবলৈ ধৰিলে। ধনবৰ দুখীয়া বাবেহে ৰতনীয়ে এনেদৰে ধনবৰক এৰি থৈ গ’ল৷ সেয়ে বেজাৰতে ধনবৰে ৰতনীক পুনৰ উভতি নাহিবলৈ কৈছে। ধনবৰৰ বাবে ৰতনীৰ প্ৰেমেই আছিল সৰ্বস্ব। সেয়ে ৰতনীবিহীন জীৱন অসাৰ জ্ঞান কৰি ধনবৰে লুইতত আত্মজাহ দিলে । ধনবৰৰ মৃত্যুৱে যেন লুইতৰ দুপাৰত শোকৰ বিননি থৈ গ’ল।

২। লক্ষ্মীনাথ বেজবৰুৱাৰ চমু পৰিচয় দিয়া।
উঃ লক্ষ্মীনাথ বেজবৰুৱা (কবি পৰিচয়): অসমীয়া চুটিগল্পৰ জনক লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয় ১৮৬৪ চনত অবিভক্ত নগাঁও জিলাৰ আঁহতগুৰিত। অবিভক্ত অসমৰ বিভিন্ন ঠাইত প্রাথমিক শিক্ষা গ্ৰহণ কৰা বেজবৰুৱা কলিকতা বিশ্ববিদ্যালয়ৰ স্নাতক। অন্যান্য ব্যৱসায়ত জড়িত হ’লেও তেওঁ সম্বলপুৰত কাঠৰ কাৰবাৰ কৰিবলৈ লৈছিল আৰু সেয়াই আছিল তেওঁৰ জীৱিকাৰ মুখ্য সম্বল।

অসমীয়া ভাষা-সাহিত্যক এক অন্য মাত্রা প্রদান কৰা বেজবৰুৱাদেৱ আছিল একাধাৰে কবি, গল্পকাৰ, ঔপন্যাসিক, ব্যংগ লেখক, জীৱনীকাৰ আৰু সমালোচক। তেওঁ ৰচনা কৰিছিল কেইবাখনো বহুমুলীয়া গ্রন্থ। তাৰ ভিতৰত ‘কদমকলি’ আৰু ‘পদুমকলি’ হৈছে তেওঁৰ কাব্যগ্রন্থ। ‘পদুম কুঁৱৰী’ হৈছে তেওঁ ৰচনা কৰা একমাত্ৰ উপন্যাস। ‘সুৰভি’, ‘সাধুকথাৰ কুকি’, ‘জোনবিৰি,‘কেহোঁকলি’ আদি চুটিগল্প সংগ্রহে অসমীয়া সাহিত্যত চুটিগল্পক বিশেষ স্থানত অৱতীৰ্ণ কৰাইছে। তেওঁৰ দ্বাৰা ৰচিত ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’, ‘কৃপাবৰ বৰুৱাৰ ওভতনি’, ‘কৃপাবৰ বৰুৱাৰ ভাবৰ বুৰবুৰণি’, ‘বৰবৰুৱাৰ বুলনি’, আদি হৈছে হাস্যৰসাত্মক গ্রন্থ। দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত’, ‘শ্ৰীশ্ৰী শংকৰদেৱ’, ‘মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱ’ আদি জীৱনী পুথি ৰচনা কৰাৰ উপৰি তেওঁ ‘মোৰ জীৱন সোঁৱৰণ’ নামেৰে আত্মজীৱনীও ৰচনা কৰে।

তেওঁৰ আলোচনামূলক গ্ৰন্থ হৈছে ‘The Religion of Love and Devotion’, ‘কামত কৃতিত্ব লভিবৰ সংকেত’, ‘ভাগৱত কথা’ আৰু ‘শ্ৰীকৃষ্ণকথা’। ‘বুঢ়ী আইৰ সাধু’ কিতাপখনেৰে অসমীয়া সাধুকথাক নতুন জীৱন প্ৰদান কৰা বেজবৰুৱাই ‘ককাদেউতা আৰু নাতি ল’ৰা’, ‘জুনুকা’ আদি সাধুৰ পুথিও লিখিছিল। বেজবৰুৱাদেৱে অসম সাহিত্য সভাৰ ১৯২৪ চনৰ গুৱাহাটী অধিৱেশনৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। এইগৰাকী বৰেণ্য সাহিত্যিকে দেহত্যাগ কৰে ১৯৩৮ চনত।

১। মালিতা কি? ইংৰাজীত ইয়াক কি বুলি কোৱা হয়?

উঃ মালিতা হৈছে কাহিনী বা আখ্যানমূলক গীত। মালিতাক ইংৰাজীত ‘ Ballad’ বুলি কোৱা হয়।

২। ধনবৰ আৰু ৰতনী কোন?

উঃ ধনবৰ আৰু ৰতনী এহাল প্রেমিক-প্রেমিকা। ধনবৰৰ ঘৰ দিখৌমুখত আৰু ৰতনীৰ ঘৰ ধনশিৰিমুখত।

৩। অসমীয়া সাহিত্যত চুটিগল্পৰ জনক বুলি কাক কোৱা হয়?

উঃ লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া সাহিত্যত চুটিগল্পৰ জনক বুলি কোৱা হয়।

৪। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্পৰ পুথি এখনৰ নাম লিখা।

উঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্পৰ পুথি এখনৰ নাম হৈছে ‘জোনবিৰি’।

৫। ‘বাঁহী’ আলোচনীখন কোনে সম্পাদনা কৰিছিল?

উঃ ‘বাঁহী’ আলোচনীখন লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top