বৰগীত Class 11 : জয় জয় যাদৱ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰ

বৰগীত Class 11 : জয় জয় যাদৱ Question Answer | বৰগীত Class 11 Assamese Chapter 11 Question Answer | HS 1st Year Assamese Lesson 11 question Answer | একাদশ শ্ৰেণী অসমীয়া বৰগীত (জয় জয় যাদৱ জলনিধিজা…)

শ্ৰেণীঅসমীয়া Class 11
বিষয়অসমীয়া (সাহিত্য সৌৰভ)
কবিতা নামবৰগীত : জয় জয় যাদৱ
পাঠ11
গোটতৃতীয় গোট
লেখকশ্ৰীমন্ত শংকৰদেৱ
উপলব্ধসকলো প্ৰশ্নৰ উত্তৰ

বৰগীত Class 11 Questions Answers

পাঠভিত্তিক প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১)

১। শংকৰদেৱৰ প্ৰথম বৰগীত কোনটো?
উঃ শংকৰদেৱৰ প্ৰথম বৰগীতটো হৈছে ‘মন মেৰি ৰাম চৰণেহি লাগু’।

২। শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথিখনৰ নাম কি?
উঃ শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথিখনৰ নাম হৈছে ‘ভক্তি ৰত্নাকৰ’।

৩। শংকৰদেৱে কেইখন নাট ৰচনা কৰিছিল?
উঃ শংকৰদেৱে ছখন নাট ৰচনা কৰিছিল।

৪। বৰগীতবোৰ কি ভাষাত ৰচিত?
উঃ বৰগীত ব্ৰজাৱলী ভাষাত ৰচিত

৫। শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য কি?
উঃহভিক্তিয়েহে জীৱক উদ্ধাৰ কৰিব পাৰে— এয়াই শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য

বৰগীত Class 11

(খ) চমু প্রশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ২ অথবা ৩)

১। শ্ৰুতমাত্রাখিলত্ৰাতা’ শব্দটোৰ অৰ্থ কি? ইয়াৰ দ্বাৰা কাৰ কথা কোৱা হৈছে?
উঃ ‘শ্ৰুতমাত্রাখিলত্রাতা’ শব্দটোৰ অৰ্থ হৈছে শুনা বা শ্ৰৱণ কৰা মাত্ৰকে পৃথিৱীৰ সকলোকে উদ্ধাৰ কৰোঁতা বা বেদক উদ্ধাৰ কৰোঁতা। ইয়াৰ দ্বাৰা বিষ্ণু বা শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে।

বৰগীতটিত উল্লেখ থকা দুজন অসুৰৰ নাম লিখা।
উঃ বৰগীতটিত উল্লেখ কৰা দুজন অসুৰ হৈছে – কেশী আৰু মধু ।

৩। বৰগীতটিত ভগবান শ্রীকৃষ্ণক কিয় ‘মহদানন্দ কন্দ’ বুলি কোৱা হৈছে?
উঃ জগত আৰু জীৱৰ নানা দুখ-কষ্ট নাশ কৰি মহৎ বা পৰম আনন্দ কঢ়িয়াই অনা বাবেই বৰগীতটোত ভগৱান শ্ৰীকৃষ্ণক ‘মহদানন্দ কন্দ’ বুলি কোৱা হৈছে।

৪। শ্রীকৃষ্ণই কোন অৱতাৰত কেনেদৰে বেদসমূহ উদ্ধাৰ কৰিছিল?
উঃ শ্রীকৃষ্ণই মৎস্য অৱতাৰত প্ৰলয়ৰ মাজৰ পৰা চাৰি বেদ উদ্ধাৰ কৰিছিল।

৫। বৰগীতটিত শ্ৰৱণ আৰু স্মৰণৰ মহিমা কবিয়ে কেনেদৰে প্ৰকাশ কৰিছে?
উঃ বৰগীতটিত শ্ৰৱণ আৰু স্মৰণৰ মহিমা ব্যক্ত কৰি কোৱা হৈছে যে বিষ্ণু বা কৃষ্ণৰ নাম শ্ৰৱণ আৰু স্মৰণ কৰিলেই জীৱই সংসাৰ যন্ত্ৰণাৰ পৰা মুক্তি পায়।

বৰগীত class 11 questions answers

(গ) দীঘল প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক – ৪ অথবা ৫)

১। শংকৰদেৱৰ ‘জয় জয় যাদৱ জলনিধিজা’ বৰগীতটিৰ মূলভাব লিখা।
উঃ মূলভাব: হৰি ভক্তিয়েহে সাংসাৰিক যন্ত্ৰণাৰ পৰা মুক্তিৰ পথ জীৱক দেখুৱাব পাৰে—এয়াই বৰগীতটোৰ মূলভাব

বৰগীতটোৰ আৰম্ভণিতে যাদৱ অৰ্থাৎ শ্ৰীকৃষ্ণক নাৰায়ণৰ লগত একাকাৰ কৰি জয়ধ্বনি কৰা হৈছে। ইয়াকো কোৱা হৈছে যে জগতৰ দুখীসকলক আৰু ভকতসকলক কেৱল নাৰায়ণৰূপী কৃষ্ণইহে মুক্তিৰ পথ দেখুৱাব পাৰে। শ্ৰীকৃষ্ণৰ নাম স্মৰণ আৰু শ্ৰৱণ কৰিলেই সেই মুক্তিৰ পথ সিদ্ধি হয়। মানুহৰ মন ভক্তিৰসেৰে সিক্ত কৰিবলৈ গুৰুজনাই বৰগীতটোৰ প্রথম কেইফাকিতে সমৰ্থ হৈছে।

শ্ৰীকৃষ্ণ হৈছে জগতৰ জীৱৰ প্ৰাণস্বৰূপ। জাগতিক মায়া-মোহে তেওঁক বান্ধি ৰাখিব নোৱাৰে অথচ তেওঁ ভক্তৰ অধীন। বিভিন্ন সময়ত ভকতক ৰক্ষা কৰিবলৈ তেওঁ অসুৰ, দানৱ আদিক বিনাশ কৰি জগতত মংগল স্থাপনা কৰিছে। জগতৰ প্ৰাণীৰ দুখ হৰণ কৰি তেৱেঁই এই পৃথিৱীত পৰম আনন্দৰ সূচনা কৰে। জীৱকূলৰ মহৎ আনন্দৰ কাৰণো তেৱেঁই। জগতৰ ত্ৰাণকৰ্তা কৃষ্ণ বিবিধ ক্রীড়াত পাৰদৰ্শী। অনন্তনাগ যাৰ শয়ন শয্যা, যাৰ বিনাশ নাই, কেশী নামৰ অসুৰ বিনাশকাৰী সেই শ্ৰীকৃষ্ণৰ পীতবস্ত্ৰ পৰিহিত সৌম্য ৰূপে সকলোৰে নয়ন জুৰায়।

শাৰদীয় চন্দ্ৰৰ দৰে শান্ত ৰস বিয়পোৱা শ্ৰীকৃষ্ণৰ জেউতিয়ে সই শৰৎ কালৰ চন্দ্ৰৰ জেউতিকো ম্লান পেলায়।
জগতৰ পতি শ্ৰীকৃষ্ণ মংগলময় শিৱৰূপে বিৰাজমান। কেশী, মধু, মুৰ আদি অসুৰক বধ কৰি তেওঁ পৃথিৱীত শান্তি থাপিছিল। সেয়ে তেওঁ ‘জগত বন্ধুবিধু’ ৰূপে আন্ধাৰ নাশ কৰোঁতা। এনে ত্ৰাণকৰ্তাৰূপী মধুৰ মূৰ্তিৰ কেশৱৰ বা শ্ৰীকৃষ্ণৰ চৰণ কমলত আশ্ৰয় বিচাৰি গুৰুজনাই কাকুতি কৰিছে। মানৱ জীৱন ক্ষণভংগুৰ, প্রকৃত মুক্তি হৰিভক্তিয়েহে দিব পাৰে। সেয়ে সকলো ত্যাগ কৰি হৰি চৰণত সেৱা লোৱাই যুগুত – বৰগীতটোত এনে ভাব মূর্ত হৈ উঠিছে

২। বৰগীতটিৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ পৰম মংগলময় ৰূপ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা।
উঃ বৰগীতটোত শ্ৰীকৃষ্ণক পৰম মংগলময় ৰূপত অংকন কৰা হৈছে। দীন সকলৰ বাবে তেওঁ কৰুণাময় ঈশ্বৰ। ভক্তৰ সদায় তেওঁ অধীন যাৰ বাবে মুকুতিৰ সন্ধান ভকতে তেওঁৰ পৰা পায়। কেৱল ভকতৰেই নহয়, তেওঁৰ নাম শুনা আৰু শ্ৰৱণ কৰা সকলোৰে মনোকামনা সিদ্ধি কৰে শ্ৰীকৃষ্ণই। এই পৃথিৱীৰ জীৱৰ তেৱেঁই জীৱনস্বৰূপ। জগতৰ জীৱৰ দুখ হৰণ কৰি মংগল স্থাপনা কৰিবলৈ তেৱেঁই ত্ৰাণকৰ্তা। বিভিন্ন সময়ত পৃথিৱীত শান্তি বিনাশকাৰী দনুজ, মধু, মুৰ, কেশী আদি অনেক ৰাক্ষসক বধ কৰি অশান্তি ৰুধি আহিছে তেৱেঁই। মুঠতে শান্তি বিঘিনি ঘটাবলৈ চেষ্টা কৰা অশুভ শক্তিক দমন কৰি পৃথিৱীৰ মংগল সাধন কৰা শ্ৰীকৃষ্ণ সদায়েই জগতবন্ধু হিচাপে পৰিচিত। বৰগীতটোত কবিয়ে এনে চিত্ৰই অংকন কৰিছে

৩। বৰগীতটিৰ শ্ৰীকৃষ্ণৰ অপৰূপ শাৰীৰিক অৱয়ৱৰ বৰ্ণনা কিদৰে কৰিছে বুজাই লিখা।
উঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সৰ্বসাধাৰণৰ অন্তৰ চুই যোৱাকৈ শ্ৰীকৃষ্ণৰ শাৰীৰিক ৰূপৰ মনোমোহা বর্ণনা পাঠৰ বৰগীতটোত দাঙি ধৰিছে। শ্রীকৃষ্ণ হৈছে বিবিধ ক্রীড়াত পাৰদৰ্শী। ৰূপেৰেও তেওঁ অতুলনীয়। অনন্তনাগ যাৰ শয়নশয্যা সেই কৃষ্ণৰ পীতবস্ত্ৰ পৰিহিত সৌম্য ৰূপে সকলোৰে নয়ন জুৰায়। শৰৎ কালৰ চন্দ্ৰৰ তুলনা নাই। কিন্তু মংগলময় শ্রীকৃষ্ণৰ মধুৰ মূৰুতি সেই শাৰদীয় চন্দ্ৰতকৈও উজ্জ্বল। ভকতৰ পতি শ্ৰীকৃষ্ণৰ শাৰীৰিক ৰূপ-সৌন্দর্যই শৰৎ কালৰ স্নিগ্ধ চন্দ্ৰৰ জেউতিকো ম্লান পেলায়। শ্ৰীকৃষ্ণৰ সেই নয়নাভিৰাম মধুৰ মূৰুতি অংকন কৰি গুৰুজনাই সৰ্বসাধাৰণৰ মনত অবিৰাম ভক্তিৰস বোৱাবলৈ সক্ষম হৈছে।

৪। বৰগীতটিৰ ভাৱ-ভাষাৰ সৌন্দৰ্য সম্পর্কে আলোচনা কৰা।
উঃ মহাপুৰুষ শংকৰদেৱ বিৰচিত বৰগীত সমূহৰ ভাব সাধাৰণতে পাৰমার্থিক তত্ত্ব সম্বলিত। পাঠ্য বৰগীতটোতো শ্ৰীকৃষ্ণৰ পাৰমাৰ্থিক ৰূপৰ গুণ-গান সম্বলিত হৈছে। মানৱ জীৱন আৰু জগত অনিত্য কিন্তু দুর্লভ। ইন্দ্রিয়াধীন বাসনাসমূহে মানুহক প্ৰায়ে বিপদত পেলায়। এনে বিপদৰ পৰা পৰিত্ৰাণ কৰিব পাৰে কেৱল কৃষ্ণইহে। সেয়ে হৰ্ভিক্তি অর্থাৎ তেওঁৰ চৰণত শৰণেই হৈছে মানৱ জীৱনৰ দুখ-কষ্টৰ পৰা মুক্তিৰ একমাত্ৰ উপায়— এনে গধুৰ ভাবেই বৰগীতটোত সন্নিৱিষ্ট হৈছে।

বৰগীতটোৰ ভাষায়ো এক ধৰণৰ কাব্যিক সৌন্দৰ্যৰ সৃষ্টি কৰিছে। বৰগীতসমূহ যিহেতু কাব্য, ছন্দ ইয়াৰ অপৰিহাৰ্য অংগ। পাঠত অন্তৰ্ভুক্ত বৰগীতটোতো পদ আৰু দুলড়ি ছন্দৰ সংমিশ্ৰণ দেখা যায়। বৰগীতটোত ব্যৱহাৰ হৈছে অনুপ্ৰাস অলংকাৰ। ‘জগজনজীৱন অজন জনার্দন দনুজ দমন দুখহাৰী’ শাৰীটোত ‘জ’ আৰু ‘দ’ব্যঞ্জন একাধিকবাৰ ব্যৱহাৰ হৈ বৰগীতটোক আলংকাৰিক মাত্রা দিছে। তদুপৰি ‘শাৰদ ইন্দুনিধি পৰকাশী’ বাক্যাংশৰে কৃষ্ণৰ ৰূপ-সৌন্দৰ্য শাৰদীয় চন্দ্ৰতকৈও উজ্জ্বল বুলি কৈ উপমা অলংকাৰেৰে সজোৱা হৈছে।

আকৌ; বৰগীতটোত ব্যৱহৃত শব্দৰ উচ্চাৰণ ব্যঞ্জনান্তনহয়, স্বৰান্তহে। এনে উচ্চাৰণে ভাব, ৰাগ আৰু বিৰামস্থানৰ সংগতি আনি বৰগীতটোক সুখপাঠ্য কৰি তুলিছে।

বৰগীত class 11 questions answers

প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ

(ক) জগজনজীৱন অজন জনার্দন দনুজদমন দুখহাৰী ।
মহদানন্দ কন্দ পৰমানন্দ নন্দনন্দন বনচাৰী ৷৷

উঃ সংগতিঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘জয় জয় যাদৱ জলনিধিজা’ শীৰ্ষক বৰগীতটোৰ পৰা উদ্ধৃত কৰা হৈছে।

প্ৰসংগ : শ্ৰীকৃষ্ণৰ পৰম মংগলময় ৰূপৰ বৰ্ণনা কৰিবলৈ গৈ কবি গুৰুজনাই ব্যাখ্যেয় পদফাকিৰ অৱতাৰণা কৰিছে।

ব্যাখ্যা : শ্ৰীকৃষ্ণ হৈছে জগতৰ জীৱৰ প্ৰাণস্বৰূপ। তেৱেঁই দুখ হৰণকাৰী। জাগতিক মায়া-মোহে তেওঁক বান্ধি ৰাখিব নোৱাৰে অথচ তেওঁ ভকতৰ অধীন। ভকতৰ কষ্ট-সংকট লাঘৱ কৰি পৰম মুক্তি তেৱেঁই প্ৰদান কৰে। বিভিন্ন সময়ত পৃথিৱীত শাস্তি বিনাশকাৰী ৰাক্ষস, অসুৰক দমন কৰি তেৱেঁই জগতত মংগল স্থাপনা কৰিছে। নন্দৰ পুত্ৰ এইজনা কৃষ্ণই জগতৰ প্ৰাণীৰ যন্ত্ৰণা নাশ কৰি পৰম আনন্দ কঢ়িয়াই আনে ৷ জীৱকূলৰ মহৎ আনন্দৰ কাৰণ হৈছে এই কৃষ্ণই। ব্যাখ্যেয় কবিতাফাকিত শ্ৰীকৃষ্ণৰ পৰম মংগলময় ৰূপৰ বৰ্ণনাৰ মাজেদি সৰ্বসাধাৰণৰ মনত ভক্তি ৰস বিয়পাবলৈ কবি সমৰ্থ হৈছে।

Class 11 Assamese Chapter 11 Question Answer

অতি চমু প্রশ্নোত্তৰ :

১। অসমীয়া সাহিত্যত বৰগীত আৰু অংকীয়া নাটৰ প্ৰৱৰ্তন কোনে কৰিছিল?
উঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে।

২। মহাপুৰুষ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ উজ্জ্বল নিদর্শনস্বৰূপ পুথিখনৰ নাম কি?
উঃ কীৰ্ত্তন ঘোষা।

৩। শংকৰদেৱৰ ৰচিত “জয় জয় যাদৱ জলনিধিজা” বৰগীতটোত কাৰ মহিমা প্ৰকাশ কৰিছে?
উঃ ভগৱান শ্ৰীকৃষ্ণৰ।

৪। কোনে শংকৰদেৱৰ বৰগীতসমূহ আওৰাবলৈ নিওঁতে বৰগীতসমূহ জুইত পুৰি নষ্ট হৈছিল?
উঃ কমলা বায়নে।

৫। শ্রীকৃষ্ণক কিয় “জগত বন্ধু বিধু’ বুলি কোৱা হৈছে?
উঃ কেশী মধু, মুৰ আদি অসুৰক বধি জগতৰ আন্ধাৰ দূৰ কৰা বাবে শ্রীকৃষ্ণক জগত বন্ধুবিধু বুলি কোৱা হৈছে।

৬। বেদসমূহে কৃষ্ণক স্তুতি কৰা কথাৰে কীৰ্ত্তনত সংযোজিত হোৱা অধ্যায়টোক কি বুলি কোৱা হয় ?
উঃ বেদস্তুতি।

৭। শ্ৰীকৃষ্ণৰ কোনটো নাম স্মৰণ কৰিলে মনোকামনা সিদ্ধি হয়?
উঃ বেদত্রাতা বা শ্রুতত্রাতা।

Class 11 Assamese Chapter 11 Question Answer

চমু প্রশ্নোত্তৰ :

১। বৰগীতটোত লক্ষ্মীক কিয় জলনিধিজা বুলি সম্বোধন কৰিছে?
উঃ অসুৰ আৰু দেৱগণে লগ হৈ সাগৰ মন্থন কৰোঁতে লক্ষ্মীৰ উৎপত্তি হৈছিল, সাগৰৰ পৰা জন্ম হোৱা বাবেই বৰগীতটোক লক্ষ্মীক জলনিধিজা বুলি সম্বোধন কৰা হৈছে।

২। কেশী কোন আছিল? কোনে তেওঁক বধ কৰিছিল?
উঃ কেশী এজন অসুৰ আছিল। কেশী ঘোঁৰাৰ আকৃতিৰ আছিল। শ্রীকৃষ্ণই কেশীক বধ কৰিছিল।

৩। “জনার্দন” শব্দৰ অৰ্থ কি? শ্রীকৃষ্ণক কিয় “জনার্দন” বুলি কোৱা হয়?
উঃ ‘জনাৰ্দন’ শব্দৰ অৰ্থ হ’ল মায়াই বশ কৰিব নোৱাৰাজন।
শ্রীকৃষ্ণ মায়াৰ অধীন নহয়, মায়াই বশ কৰিব নোৱাৰে তেওঁক। সেয়ে শ্রীকৃষ্ণক ‘জনার্দন’ বুলি কোৱা হয়।

৪। বৰগীত কাক বোলে?
উঃ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে মহাপুৰুষ শ্ৰী শংকৰদেৱ আৰু তেওঁৰ প্ৰিয় শিষ্য শ্রী মাধৱদেৱে ৰচনা কৰা একশ্রেণীৰ ওখ আধ্যাত্মিক ভাব সম্বলিত গীতকেই ‘বৰগীত’ বোলে। অন্য গীততকৈ ই বৰ অৰ্থাৎ শ্রেষ্ঠ।

৫। শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা চাৰিখন উল্লেখযোগ্য কাব্যৰ নাম লিখা।
উঃ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা চাৰিখন উল্লেখনীয় কাব্য হৈছে—হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ, বলি-ছলন আৰু অমৃত-মন্থন।

৬। শংকৰদেৱৰ কেইধৰণৰ গীত ৰচনা কৰিছিল আৰু এইকেইটা কি কি আছিল?
উঃ শংকৰদেৱে চাৰি শ্ৰেণীৰ গীত ৰচনা কৰিছিল— বৰগীত, ‘ভটিমা, টোটয় আৰু চপয়।

বৰগীত class 11 questions answers

দীঘলীয়া প্রশ্নোত্তৰ :

১। শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যকৰ্মৰ বিষয়ে চমুকৈ লিখা।
উঃ চতুৰ্দশ-পঞ্চদশ শতিকাৰ অসমত শংকৰদেৱৰ নেতৃত্বতে সংগঠিত ধর্মীয় আন্দোলনেৰে অসমৰ সামাজিক সাংস্কৃতিক জীৱনক সংস্কাৰ আৰু সমৃদ্ধ কৰিবলৈ শংকৰদেৱে এক বিৰাট বৈষ্ণৱ সাহিত্যৰ সৃষ্টিৰ পথ মুকলি কৰিছিল। তেওঁৰ সাহিত্যৰাজিক কাব্য, নাট, গীত, ভক্তিতত্ত্ব প্রকাশক, অনুবাদমূলক, নাম-প্ৰসংগ এই ছটা শিতানত ভগাব পাৰি। ছটা শিতানৰ অন্তৰ্গত গ্ৰন্থসমূহ হ’ল-

কাব্যঃ হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, বলি-ছলন, অমৃত-মন্থন, অজামিল উপখ্যান আৰু কুৰুক্ষেত্র।

নাটঃ পত্নী প্রসাদ, কালিয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়।

গীত : বৰগীত, ভটিমা, টোটয় আৰু চপয় ।
ভক্তিতত্ত্ব প্রকাশক সংগ্রহ : ভক্তি প্রদীপ, ভক্তি ৰত্নাকৰ (সংস্কৃত), নিমি নৱসিদ্ধ সংবাদ, অনাদিপাতন।
অনুবাদমূলক : ভাগৱত ১ম, ২য়, ৬ষ্ঠ (অজামিল উপাখ্যান), ৮ম, ১০ম, ১১শ আৰু ১২শ স্কন্ধ ৷ উত্তৰাকাণ্ড ৰামায়ণ।
নাম-প্রসংগ : কীর্তন ঘোষা আৰু গুণমালা ‘কীৰ্তন ঘোষা’ মহাপুৰুষজনাৰ জীৱনৰ উজ্জ্বল কীৰ্তিস্তম্ভ। ল’ৰাৰ পৰা বুঢ়ালৈকে কীৰ্তন সকলোৰে প্ৰিয়। স্বকীয় বিশাল সৃষ্টিৰাজিৰে অসমীয়া ভাষা-সাহিত্যক উচ্চ আৰু গজগজীয়া স্থানত প্রতিষ্ঠিত কৰি থৈ গৈছে তেওঁ

শ্ৰীমন্ত শংকৰদেৱ (কবি পৰিচয়):

উঃ অসমৰ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ১৪৪৯ খ্ৰীঃত নগাঁৱৰ বৰদোৱাৰ আলিপুখুৰী নামৰ ঠাইত জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম সত্যসন্ধ্যা আছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এগৰাকী ধৰ্ম প্ৰচাৰক হোৱাৰ লগতে তেওঁ একেধাৰে কবি, নাট্যকাৰ, সংগীতজ্ঞ, সমাজ-সংস্কাৰক আছিল। অসমৰ ধৰ্ম, সমাজ, সুকুমাৰ কলা আৰু সাহিত্যৰ দিশত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৱদান সবাতোকৈ অধিক। তেওঁ ধৰ্ম প্ৰচাৰৰ লগতে বিশাল সৃষ্টিৰাজিৰে অসমীয়া সাহিত্যক চহকী কৰি থৈ গৈছে।

তেওঁৰ ৰচনাৱলীসমূহৰ ভিতৰত হৰিচন্দ্ৰ উপাখ্যান, ৰুক্মিণীহৰণ কাব্য, বলিচলন, অমৃত মন্থন, গজেন্দ্র উপাখ্যান, অজামিল উপাখ্যান আদি হ’ল উল্লেখযোগ্য কাব্য সাহিত্য। তদুপৰি তেওঁ বিভিন্ন অনুবাদমূলক গ্ৰন্থৰ লগতে ভক্তিতত্বমূলক গ্ৰন্থও ৰচনা কৰিছিল।

তেওঁৰ ভক্তিতত্ত্বমূলক গ্রন্থসমূহ হ’ল “ভক্তি প্রদীপ”, ‘ভক্তি ৰত্নাকৰ’ আৰু “নিমি-নৱসিদ্ধ সংবাদ”। মহাপুৰুষজনাৰ নাম-প্রসংগমূলক গ্রন্থ “কীর্তন ঘোষা”খন অসমীয়া জাতীয় জীৱনৰ চিৰপৰিচিত গ্রন্থ হোৱাৰ লগতে মহাপুৰুষজনাৰ সাহিত্যিক জীৱনৰ কীৰ্তিক্তত্ত। কীৰ্তন ঘোষাৰ উপৰি মহাপুৰুষজনাৰ আন এখন নাম প্রসংগমূলক গ্রন্থ হ’ল “গুণমালা” পুথিখন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ হাততেই অসমীয়া নাট্য সাহিত্যৰ জন্ম হৈছিল। তেওঁৰ নাটসমূহক ‘অংকীয়া নাট’ বুলি কোৱা হয়। তেওঁৰ ৰচিত অংকীয়া নাটসমূহ হ’ল ৰুক্মিণী হৰণ, পত্নীপ্রসাদ, কালিয় দমন, ৰাম বিজয়, পাৰিজাত হৰণ আৰু কেলিগোপাল। এইবোৰৰ উপৰিও তেওঁ কিছুমান গীত ৰচনা কৰিছিল, যিবোৰক বৰগীত, ভটিমা আৰু টোটয় নামেৰে তিনিটা ভাগত ভাগ কৰা হয়। অসমীয়া জাতি তথা ভাষা-সাহিত্যক এক উচ্চ স্থানত প্ৰতিষ্ঠা কৰি থৈ যোৱা এইগৰাকী মহান সমাজ-সংস্কাৰকে ১৫৬৮ খ্ৰীঃত প্রায় ছকুৰি বছৰ বয়সত কোচবিহাৰৰ ভেলা মধুপুৰত ইহলীলা সম্বৰণ কৰে।

বৰগীত Class 11 Questions Answers

অতিৰিক্ত প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক- ১)

১। ‘জয় জয় যাদৱ জলনিধিজা’ বৰগীতটো ক’ৰ পৰা লোৱা হৈছে?
উত্তৰঃ ‘জয় জয় যাদৱ জলনিধিজা’ বৰগীতটো হৰি নাৰায়ণ দত্তবৰুৱা সম্পাদিত ‘বৰগীত’ নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে।

২। শ্ৰীমন্ত শংকৰদেৱে সমাজৰ পৰা কিদৰে অস্পৃশ্যতা দূৰ কৰিবলৈ চেষ্টা কৰিছিল?
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি সমাজৰ পৰা অস্পৃশ্যতা দূৰ কৰিবলৈ প্ৰয়াস কৰিছিল।

৩। শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ উজ্জ্বল নিদর্শন কি?
উত্তৰঃ ‘কীৰ্তন ঘোষা”।

৪। অসমীয়া সাহিত্যত বৰগীত আৰু অংকীয়া নাটৰ প্ৰৱৰ্তন প্রথমে কোনে কৰিছিল?
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে।

৫। কিমান বয়সত শ্রীমন্ত শংকৰদেৱে ইহলীলা ত্যাগ কৰিছিল?
উত্তৰঃ ১১৯ বছৰ বয়সত।

৬। জলনিধিজা বুলি কাক কোৱা হয় ?
উত্তৰঃ লক্ষ্মীক।

৭। শ্রীকৃষ্ণক কিয় ‘জগত বন্ধুবিধু’ বুলি কোৱা হয় ?
উত্তৰঃ শ্ৰীকৃষ্ণই কেশী, মধু, মুৰ আদি অসুৰক বধ কৰি জগতৰ আন্ধাৰ হৰণ কৰিছিল বাবেই তেওঁক ‘জগত বন্ধুবিধু’ বুলি কোৱা হয়।

৮। ‘জলনিধি’ আৰু ‘মহদানন্দ’ শব্দৰ অৰ্থ লিখা।
উত্তৰঃ ‘জলনিধি’ মানে সাগৰ আৰু ‘মহদানন্দ’ শব্দৰ অৰ্থ হ’ল – পৰম আনন্দ ।

বৰগীত Class 11 Questions Answers

(খ) চমু আৰু দীঘৰ প্ৰশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ২/৩/৪ অথবা ৫)

১। শ্রীকৃষ্ণক কিয় ‘জগতবন্ধুবিধু’ বুলি কোৱা হয় ?
উত্তৰঃ জগত বন্ধু মানে জগত বা পৃথিৱীৰ বন্ধু । আনহাতে ‘বিধু’ মানে চন্দ্ৰটোৰ দৰে। চন্দ্ৰই যেনেদৰে জগতৰ অন্ধকাৰ হৰণ কৰে তেনেদৰে ভগৱান শ্ৰীকৃষ্ণইও জগতৰ পাপ হৰণ কৰে। শ্ৰীকৃষ্ণই ৰাক্ষসকলক বিনাশ কৰি পৃথিৱীত শান্তি প্রতিষ্ঠা কৰিছিল। আনহাতে কেশী, মধু, মুৰ আদি অসুৰক বধি জগতৰ আন্ধাৰ হৰণ কৰিছিল বাবেই শ্রীকৃষ্ণক ‘জগত বন্ধুবিধু” বুলি কোৱা হয়।

২। ব্যাখ্যা কৰা :
“বিবিধ বিহাৰ বিশাৰদ শাৰদ ইন্দুনিন্দি পৰকাশী।
শেষ শয়ন শিৱ কেশীবিনাশন পীতবসন অবিনাশী।।”
উত্তৰঃ উক্ত কবিতা দুইশাৰী আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘জয় জয় যাদৱ জলনিধিজা’ নামৰ বৰগীতটিৰ পৰা তুলি দিয়া হৈছে।
ইয়াত কবিয়ে শ্ৰীকৃষ্ণৰ ৰূপৰ বৰ্ণনা কৰিছে আৰু তেওঁৰ মহিমাৰ কথা উল্লেখ কৰিছে।
শ্রীকৃষ্ণ নানাবিধ ক্রীড়া বা খেলত সুনিপুন। তেওঁ মহিমা অপাৰ। শ্রীকৃষ্ণই কেশী নামৰ ঘোঁৰাৰ আকৃতিৰ অসুৰক বধ কৰিছিল বাবেই শ্ৰীকৃষ্ণৰ আন এটা নাম কেশী বিনাশন। কবি শ্ৰীমন্ত শংকৰদেৱে এই কবিতা দুইশাৰীৰ জৰিয়তে শ্ৰীকৃষ্ণৰ অনুপম শাৰীৰিক ৰূপৰ বৰ্ণনাও কৰিছে। পীতবসন অর্থাৎ হালধীয়া বস্তু পৰিধান কৰা শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্যই শৰৎকালৰ জোনৰ সৌন্দৰ্যকো ম্লান কৰা বুলি কবিয়ে এই কবিতাটিত উল্লেখ কৰিছে।

৩। শ্ৰীমন্ত শংকৰদেৱে কিয় মাধৱদেৱক বৰগীত ৰচনা কৰিবলৈ আদেশ দিছিল?
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ প্ৰথম বৰগীত ‘মন মেৰি ৰাম চৰণহি লাগু’ বৰগীতটি ৰচনা কৰাৰ পাছত আৰু ভালেমান বৰগীত ৰচনা কৰিছিল। আৰু এই সকলোবোৰ গীত এখন পুথিত সন্নিবিষ্ট কৰা হৈছিল। কিন্তু কমলা গায়ন নামৰ এজন ভকতে এই গীতবোৰ আওৰাবলৈ নিয়াত বনপোৰা জুইত পুৰি সেইবোৰ নষ্ট হয়। ভকতৰ মুখত মাত্ৰ ডেৰকুৰি মান গীতহে ৰ’ল। শংকৰদেৱে এই সমগ্ৰ ঘটনাটোত বৰ বেজাৰ পালে আৰু সেইবাবে নিজে আৰু বৰগীত ৰচনা নকৰাৰ সিদ্ধান্ত লৈ প্রিয় শিষ্য মাধৱদেৱক বৰগীত ৰচনা কৰিবলৈ আদেশ দিছিল। সেইবাবেই আজি মাধৱদেৱতকৈ শংকৰদেৱৰ বৰগীতৰ সংখ্যা কম।

১। শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য কি?

উত্তৰঃ হভিক্তিয়েহে জীৱক উদ্ধাৰ কৰিব পাৰে— এয়াই শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য

 বৰগীতটিত উল্লেখ থকা দুজন অসুৰৰ নাম লিখা।

উঃ বৰগীতটিত উল্লেখ কৰা দুজন অসুৰ হৈছে – কেশী আৰু মধু ।

৩। বৰগীতটিত ভগবান শ্রীকৃষ্ণক কিয় ‘মহদানন্দ কন্দ’ বুলি কোৱা হৈছে?

উঃ জগত আৰু জীৱৰ নানা দুখ-কষ্ট নাশ কৰি মহৎ বা পৰম আনন্দ কঢ়িয়াই অনা বাবেই বৰগীতটোত ভগৱান শ্ৰীকৃষ্ণক ‘মহদানন্দ কন্দ’ বুলি কোৱা হৈছে।

৪। শ্রীকৃষ্ণই কোন অৱতাৰত কেনেদৰে বেদসমূহ উদ্ধাৰ কৰিছিল?

উঃ শ্রীকৃষ্ণই মৎস্য অৱতাৰত প্ৰলয়ৰ মাজৰ পৰা চাৰি বেদ উদ্ধাৰ কৰিছিল।

৫। বৰগীতটিত উল্লেখ থকা দুজন অসুৰৰ নাম লিখা।

উঃ বৰগীতটিত উল্লেখ কৰা দুজন অসুৰ হৈছে – কেশী আৰু মধু ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top