ধনৰ ব্যৱহাৰ Class 11 Assamese – সকলো প্ৰশ্নৰ উত্তৰ

ধনৰ ব্যৱহাৰ Class 11 Question Answer | ধনৰ ব্যৱহাৰ প্ৰশ্ন উত্তৰ | Class 11 Assamese Chapter 1 Question Answer| HS 1st Year Assamese Lesson 1 | একাদশ শ্ৰেণী অসমীয়া ধনৰ ব্যৱহাৰ

শ্ৰেণীঅসমীয়া Class 11
বিষয়অসমীয়া (সাহিত্য সৌৰভ)
পাঠৰ নামধনৰ ব্যৱহাৰ
Chapter1
লেখকসত্যনাথ বৰা
উপলব্ধসকলো প্ৰশ্নৰ উত্তৰ
বোৰ্ডAHSEC

ধনৰ ব্যৱহাৰ Class 11

|| পাঠভিত্তিক প্রশ্নোত্তৰ ||
(ক) অতি চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক-১)

১। কৃপণ লোকৰ দুই ধর্ম কি কি?
উঃ কৃপণ লোকৰ দুই ধৰ্ম হৈছে – লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা।

২। অর্থ ব্যৱহাৰৰ মূল মন্ত্র কি?
উঃ অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ হৈছে- আয় অনুসৰি খৰচ কৰা।

৩। দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা?
উঃ আয় অলপ অথচ খৰচ সৰহ হোৱাই দৰিদ্ৰ হোৱাৰ চিন।

৪। মানুহৰ ঋণ কেতিয়া হয়?
উঃ আৰ্জনতকৈ খৰচ সৰহ কৰিলে মানুহৰ ঋণ হয়।

৫। কি খৰচ গুপ্ত শত্ৰুৰ নিচিনা?
উঃ খুচুৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা।

ধনৰ ব্যৱহাৰ Class 11 Question Answer

(খ) চমু প্রশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ২ অথবা ৩)

১। ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি?
উঃ ধনৰ ব্যৱহাৰ দুই প্ৰকাৰৰ হ’ব পাৰে –
(ক) নিজৰ বাবে সুখ-সম্পদৰ আহিলা-পাতি যেনে—খোৱা-পিন্ধা বসবাস, চলন- ফুৰনৰ সামগ্ৰী আদি গোটাই উপভোগ কৰিব পাৰি।
(খ) আনৰ উপকাৰ সাধিব পাৰি তেওঁলোকৰ প্ৰয়োজনীয় ভাত-কাপোৰ, বিদ্যালয়- চিকিৎসালয় বা জীৱন-ধাৰণৰ বাবে আন সামগ্ৰীৰ যোগান ধৰি।

২। কৃপণ লোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে?
উঃ কৃপণ লোকে অইনে ধন খৰচ কৰিলে সহিব নোৱাৰে কিয়নো তেওঁলোকে ধনৰ মূল্যক কামৰ মূল্যতকৈ অধিক গুৰুত্ব দিয়ে। ভোগ কৰিবলৈ ধন খৰচ কৰা কথাটো কৃপণে নুবুজে। লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱাৰ বাহিৰে অইন একো কামতে ধন খৰচ কৰা উচিত বুলি কৃপণে নাভাবে।

৩। লেখকৰ মতে কি দুটা বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে ?
উঃ লেখকৰ মতে সজ আৰু অসজ – এই দুটা বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে। দয়া বৃত্তি ফলাবলৈ যেনেকৈ ধন লাগে তেনেকৈ অহংকাৰ বা লোভ ফলাব লাগিলেও ধন লাগে।

৪। কি দুটা কাৰণত মানুহে কৃপণালি কৰে?
উঃ কিছুমান মানুহে ধন উভৈনদী কৰি পৃথিৱীত নাম ৰাখিবলৈকে ওৰে জীৱন কৃপণালি কৰে। কিছুমানে আকৌ ল’ৰা-ছোৱালী, নাতি-পুতিলৈ এটা অক্ষয় ভাণ্ডাৰ গঢ়াৰ নিমিত্তে কৃপণালি কৰে।

৫। কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পাৰ্থক্য দুটা লিখা।
উঃ কৃপণ আৰু ধোঁৱাখুলীয়া মানুহৰ দুটা স্বভাৱ। দুয়োৰে মাজত থকা দুটা পার্থক্য হ’ল—
(অ) কৃপণে অনবৰতে জমা বা সঞ্চয়ৰ চিন্তা কৰে কিন্তু ধোঁৱাখুলীয়াই খৰচ কৰিবলৈ উত্ৰাৱল হৈ থাকে।
(আ) কৃপণৰ বাবে ধনেই সুখ কিন্তু ধোঁৱাখুলীয়াৰ বাবে ধন খৰচ কৰি পোৱা উপভোগৰ সুখহে প্ৰকৃত সুখ।

(গ) দীঘল প্রশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক — ৪ অথবা ৫)

১। অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পর্কে কেনে ধাৰণা কৰে লিখা।
উঃ ধন খৰচ কৰাৰ কৌশল সম্পৰ্কে অশিক্ষিত মানুহৰ জ্ঞান সিমান নাথাকে। মানুহে ধুমধামকৈ খৰচ কৰা দেখিলে তেওঁলোক আচৰিত হয়, তেনে মানুহক বৰ মানুহ বুলি গণ্য কৰে। আনকি চুৰি-ডকাইতিৰ ধনো যদি কোনো মানুহে খৰচ কৰে, তেন্তে অশিক্ষিত লোকে সেয়া বেয়া ধন বুলিতো নাভাবেই, বৰং সেয়া তেওঁলোকৰ বাবে এক চমকহে। ধন খৰচ কৰাটো তেওঁলোকে মহৎ কাম বুলি ভাবে লাগিলে সেই ধন যি উপায়েৰেই অৰ্জা নহওক কিয় । ধনী মানুহ তেওঁলোকৰ মনত ঈশ্বৰ সদৃশ। ভাল-বেয়াৰ বাচ-বিচাৰ তেওঁলোকে কৰিব নোৱাৰে, ধনীৰ বেয়া কামকো তেওঁলোকে ধেমালি বুলি কয়। অশিক্ষিত লোকৰ মান-অপমানৰ জ্ঞানো কম, ধনীৰ অত্যাচাৰক প্রতাপ বুলি ভাবে; আনকি ধনীৰ মাৰ-কিলক আদৰ বুলিহে গণ্য কৰে

২। অসজ বৃত্তিধাৰী কৃপণ লোকৰ জীৱন প্ৰণালী কেনেকুৱা হয় আলোচনা কৰা।
উঃ কৃপণ লোকৰ মনত কামৰ মূল্যতকৈ ধনৰ মূল্য অধিক। সেয়ে তেওঁলোকে নিজে সজ-অসজ একো বৃত্তিয়েই ফলাব নোৱাৰে। অসজ বৃত্তিবোৰ তেওঁলোকে অইনৰ পইচাৰে পূৰাবলৈ চেষ্টা কৰে। নিজৰ ঘৰত ভাল বস্তু কেতিয়াও কিনি আনি নাখায়, ভাল ভাল ব্যঞ্জনেৰে এসাঁজ ভাত মন গ’লেও পইচা খৰচ কৰি নাখায়। কিন্তু লোকৰ ঘৰত ভাত খাবলৈ হ’লে উপাদেয় ব্যঞ্জন লাগে বিধে-বিধে। বহু দূৰ বাট খোজ কাঢ়ি হ’লেও নিজৰ কামবোৰ কৰে কিন্তু অইনৰ কাম এটা কৰি দিবলৈ বাহন নহ’লে নাযায়েই। নিজৰ ধনেৰে মিহি চাউল কিনি নাখায়, লোকৰ ঘৰত হ’লে ভালৰো ভালটোহে লাগে। ফটাকানি পিন্ধিয়েই দিন কটাব তথাপি নিজৰ ধন খৰচ কৰি ভাল পোছাক নিকিনে, কিন্তু অইনৰ পইচাৰে ভালৰো ভালটোহে ল’ব বিচাৰে। নিজৰ ঘৰৰ আৰ্থিক বা অইন পৰিস্থিতি লুকুৱাই ৰাখি এই শ্ৰেণীৰ কৃপণে আনৰ সন্মুখত ডাংকোপ মাৰে। বাহিৰৰ পৰা দেখিবলৈ ধুনীয়া এই মানুহবোৰ ভিতৰৰ পৰা কুদ্ধচ হয়। এওঁলোক অইনৰ পইচাৰে পৃথিৱী সুন্দৰ কৰাৰ সপোন দেখা লোক। এওঁলোকৰ জীৱন প্ৰণালীও সেয়ে স্বাভাৱিক মানুহৰ দৰে নহয়।

৩। মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে লিখা।
উঃ আয় অনুসৰি খৰচ নকৰিলে মানুহ ঋণত পোত খায়। ঋণ কৰা পাপ কৰাৰ লেখীয়া। কিয়নো পাপী মানুহে যেনেকৈ অনেক দুখ-যন্ত্রণা ভোগ কৰে, তেনেকৈ ঋণী মানুহেও ধাৰৰ বাবে অশেষ জীয়াতু ভোগে। মানসিক শান্তিত ব্যাঘাত জন্মে, সামাজিক মান- মর্যাদা লাঘৱ হয়। পাপী মানুহৰ নিচিনা ঋণী মানুহেও দুশ্চিন্তাত টোপনি হেৰুৱায়। শাৰীৰিক অৱস্থাও কাহিল হয়। পাৰিবাৰিক অৱস্থা ক্রমে ক্রমে বেয়ালৈ ঢাল খায়। পাপী মানুহৰ যিদৰে পাপৰ সংখ্যা বাঢ়ি থাকে, ঋণী মানুহৰো ঋণৰ বোজা অনুক্রমে বাঢ়ে । ফলত অৱস্থাৰ অৱনতি ঘটে। লেখকে সেয়ে কৈছে যে মানুহে ঋণক পাপৰ লগত তুলনা কৰে।

৪। লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণ লোকৰ সংজ্ঞা সম্বন্ধে আলোচনা কৰা।
উঃ পৃথিৱীত যিসকল মানুহে ধন থাকিও দৰিদ্ৰ জীৱন যাপন কৰে, সেইসকল মানুহক লেখকে কৰাইচ, কট্‌কিনা বা কৃপণ বুলি কৈছে। কৃপণৰ কেইবা প্ৰকাৰৰো সংজ্ঞা লেখকে দাঙি ধৰিছে। কিছু সংখ্যক কৃপণ লোকে বুজন পৰিমাণৰ ধন জমা কৰে কেৱল পৃথিৱীত খ্যাতি লভিবলৈ। আন এক শ্ৰেণীৰ কৃপণে আকৌ নিজৰ উত্তৰাধিকাৰী বা নাতি- পুতিলৈ ধনৰ মক্ষয় ভাণ্ডাৰ বান্ধিবলৈ মন কৰি ধন খৰচ নকৰে। ধনৰ পৰিমাণ বৃদ্ধিয়েই অইন এক শ্রেণী কৃপণৰ আনন্দৰ কাৰণ। খৰচ কৰিবলৈ নহয়, পৰিমাণ বঢ়াবলৈকে কেৱল এই শ্ৰেণীৰ কৃপণে ধন সাঁচে। কৃপণালি ভাল কামৰ বাবে কৰা এক শ্ৰেণীৰ কৃপণৰ কথাও লেখকে কৈছে। এওঁলোকে মনতে কিবা ভাল কামত ধন খৰচ কৰাৰ সংকল্প লয় আৰু সেই কামত প্রয়োজনীয় ধন জমা নোহোৱালৈকে কৃপণালি কৰে। কিন্তু পর্যাপ্ত ধন জমা হোৱাৰ পাছত তেওঁলোকে নির্দিষ্ট কামত মুকলিকৈ খৰচ কৰে। কৃপণৰ এনেবোৰ প্ৰকাৰ লেখকৰ চকুত ধৰা পৰিছে।

৫। “ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ” – ব্যাখ্যা কৰা।
উঃ পৃথিৱীত বহু লোক আছে যিসকলে ধন থাকিও দৰিদ্ৰ জীৱন যাপন কৰে, তেনে কৃপণ লোকৰ কথা ক’বলৈ গৈয়েই লেখকে ব্যাখ্যেয় কথাফাকিৰ অৱতাৰণা কৰিছে। সজ বা অসজ যিকোনো বৃত্তি পুৰাবলৈ মানুহক ধনৰ প্ৰয়োজন ৷ স্বাচ্ছন্দ্য জীৱন এটা কটাবলৈ মানুহে ধন উপাৰ্জন কৰে। সাংসাৰিক সুখৰ আহিলাবোৰ ধন থাকিলে গোটাব পাৰি। পিছে পৃথিৱীত এনে ধনী লোকো আছে যি দৰিদ্ৰ জীৱন কটায়। ধন থাকিও তেওঁলোকে প্রয়োজনীয় বস্তু কিনাত খৰচ নকৰে। ধনৰ পৰিমাণ বঢ়াবলৈকে তেওঁলোকে কেৱল ধন আর্জে। এনে লোকে পাৰ্থিৱ বস্তু নহয়, চকুৰে কেৱল ধন দেখি থাকিলেই পৰম আনন্দ পায়। বিভিন্ন সা-সম্পদ কিনি সেইবোৰ উপভোগৰ দ্বাৰা তেওঁলোকে সুখ নাপায়, বৰং ধন দেখিহে আনন্দত আত্মহাৰা হয়। ধনৰ ব্যৱহাৰ অইন ধৰণেৰেও যে হয় সেয়া তেওঁলোকে নাজানে, স্বয়ং ধনেই তেওঁলোকৰ সুখৰ একমাত্র উৎস৷ ভোগৰ কাৰণে তেওঁলোকক ধন নালাগে, সেয়ে কিমান ধন হ’লে তেওঁলোক পৰিপূৰ্ণ হ’ব সেয়া বুজি নাপায়। ধন দেখি থাকিলেই তেওঁলোক সুখী হৈ পৰে লাগিলে দৈনন্দিন জীৱন দৰিদ্ৰ লোকৰ নিচিনাই নহওক কিয়। ব্যাখ্যেয় কথাফাকিৰ দ্বাৰা ইয়াকেই বুজাব খোজা হৈছে।

লগতে পঢ়ক  বৰগীত Class 11 : জয় জয় যাদৱ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰ

ধনৰ ব্যৱহাৰ Class 11 Question Answer

অতি চমু প্রশ্নোত্তৰ :

১। সত্যনাথ বৰা অসমীয়া সাহিত্যত কি বুলি পৰিচিত?
উঃ সত্যনাথ বৰা অসমীয়া সাহিত্যত বেকন বুলি পৰিচিত।

২। কোনবোৰ মানুহক লেখকে অষ্টম দৰিদ্ৰৰ নিকাৰত ভোগা বুলি কৈছে?
উঃ কৰাইচ বা কৃপণ লোকসকলক লেখকে অষ্টম দৰিদ্ৰৰ নিকাৰত ভোগা বুলি কৈছে।

৩। লেখকে ধনৰ ব্যৱহাৰ কেই প্ৰকাৰৰ হ’ব পাৰে বুলি কৈছে?
উঃ লেখকে ধনৰ ব্যৱহাৰ দুই প্ৰকাৰৰ হ’ব পাৰে বুলি কৈছে।

৪। লেখকে কাৰ জীৱনক কুকুৰৰ জীৱন বুলি কৈছে?
উঃ লেখকে কৃপণৰ ভাতলৈ আশা কৰা লোকৰ জীৱনক কুকুৰৰ জীৱন বুলি কৈছে।

৫। ঋণক কিহৰ লগত ৰিজাৰ পাৰি?
উঃ ঋণক ব্যাধিৰ লগত ৰিজাব পাৰি।

৬। কোনবোৰ মানুহ অচিৰে ধোঁৱাখুলীয়া হয়?
উঃ সদায় ধাৰত চলা মানুহ অচিৰে ধোঁৱাখুলীয়া হয়

৭। মানুহৰ কেতিয়া অৱস্থাৰ উন্নতি নহয় ?
উঃ মানুহৰ ঋণ থাকিলে অৱস্থাৰ উন্নতি নহয়।

৮। “ধনৰ ব্যৱহাৰ” শীর্ষক পাঠটি ক’ৰ পৰা লোৱা হৈছে?
উঃ “ধনৰ ব্যৱহাৰ” শীৰ্ষক পাঠটি সত্যনাথ বৰাৰ “সাৰথি” নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে।

৯। কোনবোৰ মানুহে ধোঁৱাখুলীয়া নাম পায় ?
উঃ অবাবদত বা বিনা কাৰণত ধন খৰচ কৰা লোকে ধোঁৱাখুলীয়া নাম পায়।

১০। কিহে কৃপণ লোক আৰু ধোঁৱাখুলীয়া লোকৰ স্বৰূপ বুজাত সহায় কৰে?
উঃ ধনৰ ব্যৱহাৰে কৃপণ লোক আৰু ধোঁৱাখুলীয়া লোকৰ স্বৰূপ বুজাত সহায় কৰে।

ধনৰ ব্যৱহাৰ Class 11 Assamese

চমু প্রশ্নোত্তৰ :

১। কোন দুবিধ লোকে ধনৰ সঠিক ব্যৱহাৰ নাজানে ?
উঃ কৃপণ আৰু ধোঁৱাখুলীয়া এই দুবিধ লোকে ধনৰ সঠিক ব্যৱহাৰ নাজানে।

২। কৃপণ লোকে কোনবোৰ কথাত ধন খৰচ কৰাটো অপব্যয় বুলি ভাবে?
উঃ কৃপণ লোকসকলে উত্তম ভোজন খঁক, উত্তম পিন্ধন গপ আৰু দান-দক্ষিণাৰ নামত ধন খৰচ কৰাটোক ধনৰ অপব্যয় বুলি ভাবে।

৩। কৃপণ লোকে কিয় কামৰ নামত ধন নিদিবলৈ ফাঁকি মাৰে?
উঃ কৃপণৰ মতে কামতকৈ ধনৰ মূল্য অধিক। সেয়ে তেওঁলোকে কামৰ নামত ধন নিদিবলৈ ফাঁকি মাৰে৷

৪। লেখকে দোকানৰ উঠনা খোৱাটোক কিয় ধ্বংসীয়া কথা বুলি কৈছে?
উঃ উঠনাত চলা মানুহে সৰু অভাৱ এটাও সহিব নোৱাৰে। যিহেতু উঠনাত হাতৰ পৰা নগদ ধন খৰচ নহয়, সেয়ে বহু ধন খৰচ কৰিও অভাৱ পুৰোৱা হয়। এনে স্বভাৱে গৃহস্থালি নিঃশেষ কৰে কাৰণে লেখকে উঠনা খোৱাটোক ধ্বংসীয়া কথা বুলি কৈছে।

৫। খুচুৰীয়া খৰচক লেখকে কিয় গুপ্ত শত্ৰুৰ দৰে বুলি কৈছে?
উঃ খুচুৰীয়া খৰচৰ গতি চোৰাং, সহজে ধৰাত নপৰে। বছৰেকত খুচুৰীয়া খৰচ হিচাপ কৰিলে ডাঙৰ খৰচতকৈও অধিক ওলায়। গম নোপোৱাকৈ ক্ষতি কৰে বাবেই খুচুৰীয়া খৰচক লেখকে গুপ্ত শত্ৰুৰ দৰে বুলি কৈছে।

দীঘল প্রশ্নোত্তৰ :

১। “বাজত বৰ চুৰিয়াৰ ফ্ৰে, ভিতৰত ঢকুৱাৰ বেৰ”— প্ৰসংগ দৰ্শাই ব্যাখ্যা কৰা।
উঃ সমাজত এনে কিছুমান কৃপণ লোক আছে যি নিজৰ ধনেৰে জীৱন ধাৰণ ভালদৰে নকৰে, অথচ অইনৰ ধনেৰে সকলো ধুনীয়াকৈ কৰিব খোজে – এনে কথাৰ প্ৰসংগতে লেখকে ব্যাখ্যেয় কথাফাকিৰ অৱতাৰণা কৰিছে

এক শ্ৰেণীৰ কৃপণে তেওঁলোকৰ সুখ অইনৰ পইচাৰে পাব খোজে। এনে লোকে নিজৰ পইচাৰে ঘৰত এসাঁজ ভাল ব্যঞ্জনেৰে নাখায় অথচ লোকৰ ঘৰত ভাত খাবলৈ হ’লে বিধে বিধে সুস্বাদু ব্যঞ্জন লাগে। নিজৰ কাম কৰিবলৈ পইচা খৰচ নকৰি বহুদূৰ বাট খোজ কাঢ়ি যায় কিন্তু অইনৰ সৰু কাম এটা কৰি দিবলৈ হ’লেও বাহন নহ’লে খোজ এটাকে নিদিয়ে। নিজৰ ঘৰত পইচা খৰচ কৰাৰ ভয়ত ফটাকানি পিন্ধি থাকিব কিন্তু অইনৰ পইচাৰে বৰ চুৰিয়াহে পিন্ধে। নিজৰ পইচা সাঁচি ঢকুৱাৰ বেৰৰ ঘৰত থাকিব, কিন্তু অইনৰ সন্মুখলৈ গ’লে ভালৰো ভাল কাপোৰ পিন্ধিহে ওলায়। নিজৰ ডাংকোপ মৰা স্বভাৱটোৰে এনে লোকে নিজকে অনবৰত জাহিৰ কৰি ফুৰিব বিচাৰে। আনৰ পইচাৰে নিজৰ পৃথিৱী সুন্দৰ কৰিব খোজা এনে লোকে নিজৰ আৰ্থিক পৰিস্থিতি অইনৰ পৰা লুকুৱাই ৰাখে। বাহিৰৰ পৰা দেখিবলৈ শুৱনি এনে লোকৰ ভিতৰৰ স্বৰূপ কুন্ধচ হয়। ব্যাখ্যেয় কথাফাকিৰ মাজত এনে ভাবেই প্রতিফলিত হৈছে।

২। “আয় অনুসৰি খৰচ কৰাই অৰ্থ ব্যৱহাৰৰ মূলমন্ত্র।” ব্যাখ্যা কৰা।
উঃ উপাৰ্জন যিমান হয় তালৈ মন কৰিহে মানুহে খৰচ কৰা উচিত — এনে কথাৰ প্রসংগতেই লেখকে ব্যাখ্যেয় কথাফাকিৰ অৱতাৰণা কৰিছে।
ধন উপাৰ্জন কৰিবলৈ যিমান কষ্ট কৰিব লাগে তাতোকৈ বহু বেছি কষ্ট কৰিব লাগে ধন ৰাখিবলৈ। কিন্তু কেৱল ধন ৰখাৰ নিমিত্তে ধন ঘটা কথাটো সমর্থনযোগ্য নহয়।

বহু মানুহে ভাবে বেছি ধন উপাৰ্জন কৰা মানুহ স্বাভাৱিকতে ধনী হয়। কিন্তু বাস্তৱত তাৰ ওলোটাহে দেখা যায় বহু সময়ত। কম উপাৰ্জন কৰা লোকেও সুন্দৰভাৱে জীৱন-যাপন কৰা দেখা যায়। বহু লোকে ধন থকা সত্ত্বেও খৰচ কৰিব নোৱাৰে, অইনৰ ধনেৰে জীৱন সুন্দৰ কৰাৰ চেষ্টাত থাকে। বহু লোকে ধন গোটায় ঠিকেই, কিন্তু এওঁলোকে ধন খৰচ কৰি সুখ ভোগ কৰিব নোৱাৰে, বৰং নিজৰ সঞ্চিত ধনখিনিলৈ চাই চাইয়েই সুখ পায়। দৰাচলতে এই অটাইবোৰ কথাই সঠিক নহয়, ধন ব্যৱহাৰৰ দিশটোৱেহে মানুহক ধনী বা দুখীয়া হোৱাৰ উপলব্ধি কৰায়। মানুহে সামর্থ্য অনুযায়ী খৰচ কৰা উচিত। কেৱল সাঁচি ৰখা মানুহে জীয়াই থকা দিনত ভালকৈ নাখাই-নিপিন্ধি পোৱা সুখক প্রকৃত সুখ বুলিব নোৱাৰি। একেদৰে অইনৰ ধনেৰে উপভোগ কৰিব খোজা মানুহো সুখী নহয় কিয়নো সেই স্বভাৱৰ বাবেই তেওঁৰ দিন সমানে নাযায়। যি লোকে নিজৰ আয় চাই ব্যয় কৰে তেওঁহে সুখী হোৱাৰ যোগ্য। অলপীয়া আয়ৰ লোকে সৰহ খৰচ কৰা অনুচিত। একেদৰে সৰহ আয়ৰ লোকেও সাঁচিহে খৰচ কৰা উচিত। ধনৰ নাটনি গুচাবলৈ নিজ আয়ৰ এক চতুর্থাংশহে খৰচ কৰিব লাগে। যিসকল ধনী হ’ব খোজে তেওঁলোকে আয়ৰ আধা অংশই সাঁচিব লাগে। আয়তকৈ ব্যয় বেছি হ’লে ধৰুৱা হ’ব লাগে। সেয়ে সামৰ্থ্যতকৈ অধিক নকৰি হিচাপী হৈ বিপদমুক্ত হোৱাই শ্রেয়। ব্যাখ্যেয় কথাফাকিত এনে কথাই ক’ব খোজা হৈছে।

Class 11 Assamese Chapter 1 Question Answer

অতিৰিক্তি প্রশ্নোত্তৰ
(ক) অতি চমু প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – 1)

১। অসমীয়া সাহিত্যত সত্যনাথ বৰাদেৱ আৰু কি নামেৰে পৰিচিত আছিল?
উত্তৰঃ ‘বেকন’ নামেৰে।

২। সত্যনাথ বৰাদেৱে ৰচনা কৰা ব্যাকৰণখনিৰ নাম কি?
উত্তৰঃ বহল ব্যাকৰণ।

৩। সত্যনাথ বৰা দেৱৰ প্ৰথম গ্ৰন্থখনৰ নাম কি আৰু গ্ৰন্থখন কিমান চনত প্ৰকাশ কৰা হৈছিল?
উত্তৰঃ সত্যনাথ বৰাদেৱৰ প্ৰথম গ্ৰন্থখনৰ নাম ‘গীতাৱলী’ আৰু গ্ৰন্থখন প্রকাশ পাইছিল ১৮৮৮ চনত।

8। অসমীয়া সাহিত্যত বিজ্ঞান বিষয়ক প্রথম গ্রন্থখনৰ নাম কি আৰু গ্ৰন্থখনৰ ৰচক কোন?
উত্তৰ: অসমীয়া সাহিত্যত বিজ্ঞান বিষয়ক প্রথম গ্ৰন্থখনৰ নাম হ’ল- ‘অকাশ ৰহস্য’ আৰু গ্ৰন্থখনৰ ৰচক হ’ল সত্যনাথ বৰা।

৫। সত্যনাথ বৰাদেৱৰ ৰচিত সমালোচনামূলক পুথি এখনৰ নাম লিখা ?
উত্তৰঃ ‘সাহিত্য বিচাৰ’।

৬। সত্যনাথ বৰাৰ এখন প্ৰবন্ধ পুথিৰ নাম লিখা।
উত্তৰঃ সত্যনাথ বৰাৰ এখন প্ৰবন্ধ পুথি – ‘চিন্তাকলি’।

লগতে পঢ়ক  গিবন Class 11 Question Answer - পাঠভিত্তিক প্রশ্নোত্তৰ

Class 11 Assamese Chapter 1 Question Answer

(খ) চমু আৰু দীঘল প্রশ্ন : (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -২/৩/৪ আৰু ৫)

১। ধনেৰে কি ধৰণৰ সুখ-সম্পদৰ আহিলাপাতি গোটাব পাৰি?
উত্তৰ: ধনেৰে ভোজনৰ বাবে ভাল বস্তু, পিন্ধনৰ বাবে ভাল কাপোৰ, বাস কৰিবলৈ ঘৰৰ লগতে হাতী-ঘোঁৰা, গাড়ী-দোলা, বন্দী-বেটী আদি গোটাব পাৰি।

২। উত্তম ভোজন, উত্তম পিন্ধন, দান-দক্ষিণা আদিক কৃপণে কি বুলি বিবেচনা কৰে?
উত্তৰঃ কৃপণে উত্তম ভোজনক খঁক, উত্তম পিন্ধনক গপ আৰু দান-দক্ষিণাক ধনৰ অপব্যয় মাথোন বুলি বিবেচনা কৰে।

৩। কৃপণ সকলে ল’ৰা-ছোৱালী, তিৰোতাসকলৰ প্ৰতি কেনে ব্যৱহাৰ কৰে?
উত্তৰঃ কৃপণসকলে ল’ৰা-ছোৱালী. তিৰোতাক ধনতকৈ হীন বুলি ভাবে। তেওঁলোকে নিজে যেনেকৈ খৰচৰ ভয়ত ধন বান্ধি থৈ দুখভোগ কৰে, ল’ৰা-ছোৱালীকো সেইদৰে খাৱন পিন্ধনত দুখ দিয়ে। এক শ্ৰেণীৰ কৃপণে আকৌ সন্তান সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থ’বৰ মনেৰে কৃপণালি কৰে।

8 । পৃথিৱীত কিমান শ্ৰেণীৰ কৃপণ দেখা যায়। আলোচনা কৰা ।
উত্তৰঃ পৃথিৱীত বহুতো শ্ৰেণীৰ কৃপণ দেখা যায়। এক শ্ৰেণীৰ কৃপণ আছে তেওঁলোকে কেৱল ‘লাজ ঢকা’ আৰু প্ৰাণ প্ৰৱৰ্তোৱা এই দুই কাৰ্যৰ বাহিৰে আন কোনো কাৰ্যতে ধন ভাঙিব নিবিচাৰে। তেওঁলোকৰ বিবেচনাত ভাল আহাৰ গ্ৰহণ কৰাটো খঁক, ভাল কাপোৰ পিন্ধাটো গপ আৰু দান দক্ষিণা কৰাটো ধনৰ অপব্যয়। লোকৰ উপকাৰৰ অৰ্থে ধন খৰচ কৰিলে তেওঁলোকৰ মনত সেয়া ধনৰ অত্যাচাৰ। উৎসৱ পাৰ্বনত ধন ভঙাটো তেওঁলোকৰ মতে উদ্ভগুলি কৰা। ল’ৰা-ছোৱালী তিৰোতাসকলো ধনতকৈ তুচ্চ্য। কৃপণসকলৰ বিবেচনাত ধনৰ
মূল্য সৰহ, কামৰ মূল্য অলপ। আকৌ এক শ্ৰেণীৰ কৃপণ আছে এই লোক সকলে নিজৰ অসজ বৃত্তিবোৰ আনৰ খৰচত সন্তুষ্ট কৰিবলৈ যত্ন কৰে। মুঠতে লোকৰ ওপৰত পালে ভালৰো ভাল খাই, ভালবো ভাল পিন্ধে কিন্তু নিজৰ খৰচত চলিব লাগিলে মোটা চাউলৰ ভাত খায় আৰু চৰিয়া সূতাৰ কাপোৰ পিন্ধি দিন কটায়। কিন্তু সিহঁতে নিজৰ ঘৰৰ অৱস্থা সম্পর্কে কেতিয়াও দাংকোপ মাৰিবলৈ নাপাহৰে।

কিছুমান কৃপণ আছে ধন উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ মনেৰে কৃপণালি কৰে। আৰু কিছুমানে সন্তান সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থ’বৰ মনেৰে কৃপণালি কৰে। এই দুয়ো শ্ৰেণীৰ কৃপণে কিমান ধন হলে অভিপ্ৰায় দূৰ হ’ব সেই কথা নাজানে। কৃপণৰ আৰু এটা শ্ৰেণী দেখা যায় যি সকলে কেৱল ধনৰ নিমিত্তেই ধন গোটায়, আন একো তেওঁলোকৰ অভিপ্রায় নাই, ধনৰ পৰিমাণ বাঢ়িলেই সিহঁতৰ আনন্দৰ পৰিমাণ বাঢ়ে। ধনৰ ব্যৱহাৰ তেওঁলোকে নাজানে, ধন চকুৰে চাই থকাটোৱে সিহঁতৰ পৰম সুখৰ বিষয়। ওপৰত উল্লেখ কৰা শ্ৰেণীকেইটাৰ উপৰিও আৰু এক শ্ৰেণীৰ কৃপণ আছে যি কোনো এটা সংকল্প কৰি থোৱা ডাঙৰ কামত খৰচ কৰিবলৈ কৃপণালি কৰি ধন গোটাই আৰু কামৰ জোখাৰে ধন গোট খালে তেতিয়া তাক মুকলি হাতে খৰচ কৰে। অৱশ্যে প্ৰকৃতাৰ্থত এওঁলোকক কৃপণ কোৱাটো উচিত নহ’ব।

৫। ধোঁৱাখুলীয়া (ধুঁৱাখুলীয়া) লোকৰ জীৱন প্ৰণালী কেনেকুৱা? আলোচনা কৰা।
উত্তৰঃ সৰহকৈ খৰচ কৰা লোকক ধোঁৱাখুলীয়া বুলি কোৱা হয়। ধুঁৱাখুলীয়া সকলে ধনৰ উচিত ব্যৱহাৰ নাজানে। তেওঁলোকৰ বাবে ধন হাতত থকাটো এটা অসহনীয় বোজা, এটা বিষম আহুকাল। এই ধন খৰচ কৰাৰ বাবে প্ৰয়োজনীয় কাৰণ নাথাকিলে তেওঁলোকে তাক বাছি বিচাৰি বা নিজাকৈ সাজি লয়। এনে লোক সকলৰ মাজত দুটা অৱস্থা সচৰাচৰ দেখিবলৈ পোৱা যায় ৷ এওঁলোকে এটা সময়ত ধনী আৰু এটা সময়ত দৰিদ্ৰৰ জীৱন কটায়, এটা সময়ত নানান ভোগ বিলাস কৰে আৰু এটা সময়ত লোণে ভাতে খাই ভোক নিবাৰণ কৰে। আকৌ এটা সময়ত এওঁলোকে যদি আনক বৰভোজ দিয়ে, আন সময়ত নিজে গৈ আনৰ দূৱাৰত আঁচল পাতে।

খৰচী মানুহে নিজে সঞ্চয় কৰি কোনো ডাঙৰ কাম কৰা দূৰৈৰ কথা, আনকি হঠাৎ অহা কোনো বিপদৰ পৰা হাত সাৰিবলৈ তেওঁলোকৰ হাতত আৱশ্যকীয় পৰিমাণৰ ধন নাথাকে। গোটেই জীৱনটো ধন উপাৰ্জন কৰিও এওঁলোকে পৰৰ ভাতলৈ আশা পালিবলগীয়া হয়। খৰচী মানুহে নিজৰ অভাৱৰ বাবে উমান নাপায়, তেওঁলোকে প্ৰয়োজনতকৈ বেছি খৰচ কৰে। যদি কোনো এটা বস্তুৰ এসেৰৰ প্ৰয়োজন তেওঁলোকে দহসেৰ কিনি এনেয়ে ধনৰ অপব্যয় কৰে ৷ ধুঁৱাখুলীয়া মানুহে খিতাপ দেখুৱাই ভাল পায়। ইহঁতে নিজে খৰচ কৰি ভালপোৱাৰ দৰে, আনকো তেনে কৰিবলৈ উদ্‌গনি যোগায়। এইলোকসকলে ভৱিষ্যতৰ চিন্তা একেবাৰে নকৰে, এশবাৰ পানীত পৰি কক্ বকাই ফুৰিলেও, তাৰ পৰা কোনো শিক্ষা নলয়। নিজৰ ইচ্ছামতে চলা এই লোকসকলৰ কেতিয়াও স্বভাৱৰ শুধৰণি নহয়।

Class 11 Assamese Chapter 1 Question Answer

৬। অৰ্থ ব্যৱহাৰৰ মূলমন্ত্ৰৰ বিষয়ে বহলাই আলোচনা কৰা ।
উত্তৰঃ আয় অনুসৰি খৰচ কৰাটোৱে অৰ্থ ব্যৱহাৰৰ মূলমন্ত্র। এজন মানুহে যিমানখিনি উপার্জন কৰিব তাৰ লগত সংগতি ৰাখিহে খৰচৰ পৰিমাণ নিৰ্ধাৰণ কৰিব লাগে। আয় অলপ, খৰচ সৰহ সেয়াই দৰিদ্ৰতাৰ চিন। কোনো এজন পণ্ডিতে কৈছে যে উৎপন্নৰ আধা সাঁচিলে মানুহ ধনী হ’ব পাৰে আৰু তেহাই (এক তৃতীয়াংশ) সাঁচিলে নিধৰুৱা হৈ সুখেৰে খাই লৈ থাকিব পাৰে, এই কথা সৰহ আৰ্জন আৰু অলপ আৰ্জন দুয়োটাতে খাটে। আমি কেতিয়াও সলাব বা কমাব নোৱাৰা কৰি খৰচৰ নিৰিখ বান্ধি লোৱা উচিত নহয়। কোনো কাৰণত যদি আমাৰ আয় টুটি আহে, সেই অনুপাতে খৰচো কমাই অনা দৰকাৰ।

খৰচৰ বিষয়ত আমি কেতিয়াও আনৰ বিষয়ে ভাবি লাজ বা দ্বিধা অনুভৱ কৰিব নালাগে। কাৰণ প্ৰত্যেক মানুহে নিজৰ ভিতৰুৱা অৱস্থাৰ কথা নিজেহে জানে। দুখীয়া মানুহে ধনৱন্ত হ’লে, যেনেকৈ বৰ কথা ক’বলৈ লাজ নকৰে, তেনেকৈ ধনী মানুহেও দুখৰ দিনত সেই ধৰণৰ অভিজাত্যৰ বাহাদুৰী দেখুৱা ৰীতি এৰিবলৈ লাজ কৰিব নালাগে। বহুত মানহে নিজৰ ভিতৰুৱা অৱস্থা ঢাকিবলৈ আভিজাত্যৰ বাহাদুৰী আগৰ দৰে ৰাখে। এই কথা অনুচিত। নিজৰ আৰ্থিক দুৰাৱস্থাৰ কথা আনৰ আগত ইনাই বিনাই কৈ ফুৰাটো যিদৰে উচিত নহয়, তাক ঢাকিবলৈ মিছাৰ আশ্ৰয় লোৱাটোৱো উচিত নহয়। তাৰ সলনি সেইবোৰ এৰি নিজৰ খৰচ কমাবলৈ যত্ন কৰিব লাগে। বাহ্যিক জাকজমকতাত ডুব গৈ নিজকে বিপদত পেলোৱাটো নিশ্চয় মহামূৰ্খৰ কামহে হ’ব।

৭। কেনেকুৱা ধৰণৰ সাদৃশ্যতাৰ বাবে সত্যনাথ বৰা দেৱক অসমীয়া সাহিত্যৰ ‘বেকন’ হিচাপে জনা যায়।
উত্তৰঃ সত্যনাথ বৰাৰ গদ্যৰ বহুতো বিষয়ত ইংৰাজ দার্শনিক, লেখক বেকনৰ সৈতে মিল দেখা যায়। বেকনৰ দৰেই বৰাদেৱৰ বাক্যবোৰে চুটি চুটি আৰু সাৰগৰ্ভ’ অন্য কথাত সংক্ষিপ্ত সাৰগৰ্ভৰ্তা উভয় লেখকৰে সাধাৰণ বৈশিষ্ট্য। আকৌ সত্যনাথ বৰাদেৱেও বেকনৰ দৰেই কম কথাৰেই সৰহ অৰ্থ প্ৰকাশ কৰিব পাৰে। উভয়ৰে ৰচনা বিষয়ানুগ। প্রগল্ভতা বা শব্দ বহুল্যৰ পৰা উভয়েই মুক্ত। দুয়োটাৰে ৰচনা বিদ্বজনোচিত। এনে ধৰণৰ সাদৃশ্যৰ বাবেই সত্যনাথ বৰাদেৱক অসমীয়া সাহিত্যৰ ‘বেকন’ নামে জনা যায়।

Class 11 Assamese Chapter 1 Question Answer

৮। ব্যাখ্যা কৰা :
(ক) বাজত বৰ চুৰিয়াৰ ফেৰ, ভিতৰত ঢকুৱাৰ বেৰ
উত্তৰ : উদ্ধৃতি দিয়া শাৰীটো আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত সত্যনাথ বৰাদেৱৰ ৰচিত ‘ধনৰ ব্যৱহাৰ’ নামৰ পাঠটিৰ।
এই ফকৰাটো সাধাৰণতে ভৰকাল দৰিদ্ৰৰ ক্ষেত্ৰত কোৱা হয়। সত্যনাথ বৰাদেৱে কিন্তু ইয়াক এক শ্ৰেণীৰ কৃপণক বুজাবলৈ ব্যৱহাৰ কৰিছে। এই লোকসকলে নিজৰ অসজ বৃত্তিবোৰ আনৰ খৰচত সন্তুষ্ট কৰিবলৈ বিচাৰে। ভালবস্তু খাবলৈ সিহঁতৰ বৰ অভিলাষ, কিন্তু নিজৰ ধন খৰচ কৰি কেতিয়াও ভাল বস্তু নাখায়। নিজৰ ঘৰত সদায় এখন আঞ্জা, লোকৰ ঘৰত পাঁচখন বিচাৰে, নিজৰ কামত খোজ কাঢ়ি এদিনৰ বাট যায়, লোকৰ কামত বাহন নহ’লে এখোজো নলবে। খাৱন পিন্ধন সম্পর্কে এই শ্ৰেণীৰ মানুহৰ কিন্তু সদায় ডাংকোপ মৰা কথা। সিহঁতে কেতিয়াও নিজৰ প্ৰকৃত অৱস্থাৰ কথা আন আগত প্ৰকাশ নকৰে, কাৰণ তেনে কৰিলে তেওঁলোকৰ দম্ভালি মৰাত অসুবিধা হ’ব। এই শ্ৰেণীৰ কৃপণে ভগা খাটক পালেং, ভগা কাহীক মাইহাং আৰু ফটা কঁথাক নিহালি বুলিহে ব্যাখ্যা কৰি ভালপায়। ফকৰাটোত কোৱা হৈছে যে ডাঙৰ দেখুৱাবালৈ দৰিদ্ৰই পাটৰ বৰ কাপোৰৰ চুৰিয়া পিন্ধে অথচ সিহঁত ঘৰৰ চাৰি বেৰ তামোলৰ ঢকুৱাৰে ঢকা থাকে। অসজ কৃপণবোৰৰ দত্তালিবোৰ এনেকুৱা বাবে সত্যনাথ বৰা দেৱে এই ফকৰাটোৱে উল্লেখ কৰিছে।

লগতে পঢ়ক  কে’ম্ব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান Class 11 সকলো প্ৰশ্নৰ উত্তৰ

(খ) “কৃপণৰ ধন, ধন নহয়, ল’ৰাই ওমলা খোলাকটি”।
উত্তৰঃ উদ্ধৃতি দিয়া শাৰীটো আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত সত্যনাথ বৰাদেৱৰ ৰচিত ‘ধনৰ ব্যৱহাৰ’ নামৰ পাঠটিৰ।

কৃপণবিলাকৰ ধনৰ ব্যৱহাৰ প্ৰসংগত সত্যনাথ বৰাদেৱে উক্ত বাক্য শাৰীৰ উল্লেখ কৰিছে।
কৃপণ বিলাকে ধন কেৱল সঞ্চয় কৰিব জানে। ধনৱন্ত হৈয়ো অষ্টম দৰিদ্ৰৰ নিকাৰ ভোগে ভোগৰ নিমিত্তে যে ধন এই কথা কৃপণ বিলাকে নামানে। মুঠতে কৃপণ বিলাকে ধনৰ উচিত ব্যৱহাৰ নাজানে। সেয়েহে, সত্যনাথ বৰাদেৱে কৃপণৰ ধনক মূল্যহীন ওমলা খোলাকটিৰ লগত তুলনা কৰিছে।

(গ) খুচৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা সি গ’ম নোপোৱকৈ মানুহৰ অনিষ্ট কৰে।
উত্তৰঃ উদ্ধৃতি দিয়া শাৰীটো আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত সত্যনাথ বৰাদেৱৰ ৰচিত ‘ধনৰ ব্যৱহাৰ’ নামৰ পাঠটিৰ।
ধনৰ ব্যৱহাৰৰ ক্ষেত্ৰত খুচৰীয়া খৰচৰ পৰা হ’ব পৰা অনিষ্টৰ কথা বুজাবলৈ সত্যনাথ বৰাদেৱে ওপৰোক্ত বাক্যশাৰী ব্যৱহাৰ কৰিছে। আচলতে মানুহে যেতিয়া খৰচ কমাবলৈ চেষ্টা কৰে তেতিয়া তেওঁলোকৰ প্ৰথমতে ডাঙৰ ডাঙৰ খৰচ বিলাকলৈ হে চকু যায়। আচলতে এদিন এটা ডাঙৰ খৰচ কৰিলে মানুহৰ বিশেষ অসুবিধা নহয় কিন্তু সৰু সৰু খৰচ সৰহকৈ কৰিলে মানুহ অনুক্ৰমে দুখীয়া হৈ যায়। খুচুৰীয়া খৰচ সহজতে চকুত নপৰে, খুচুৰীয়া খৰচৰ গতি চোৰাং। কিন্তু খুচুৰীয়া খৰচ যদি বছৰেকত একগোট কৰা হয় তেতিয়া ডাঙৰ খৰচতকৈও ডাঙৰ হৈ পৰে। সি গুপ্ত শত্ৰুৰ লেখিয়া গম নোপোৱাকৈ মানুহৰ অনিষ্টসাধন কৰে।

ধনৰ ব্যৱহাৰ Class 11 Assamese

৯। “ধন ঘটিবলৈ উজু, কিন্তু ৰাখিবলৈ টান” – এই কথাৰ সাৰমৰ্ম ব্যাখ্যা কৰা।
উত্তৰঃ প্রশ্নোধৃত বাক্যাংশফাঁকি সাহিত্য সৌৰভৰ অন্তৰ্গত সত্যনাথ বৰাদেৱে ৰচনা কৰা প্ৰৱন্ধ ‘ধনৰ ব্যৱহাৰ’ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
‘ধন ঘটিবলৈ উজু, কিন্তু ৰাখিবলৈ টান’- – এই কথাষাৰ প্ৰায় মানুহে কয়। কাৰণ জগতৰ সকলো মানুহে ধন আৰ্জে, তাৰে ভিতৰত কোনোবাই চৰকাৰী চাকৰি, কোনোবাই ব্যৱসায় আৰু কোনোবাই ঠিকাদাৰ, আন কোনোবাই দিন হাজিৰা কৰিও ধন আর্জে। সকলোৰে মূলতে কিন্তু ‘পৰিশ্ৰম’ মূল কথা। এই সকলো মানুহে ধন আর্জে যদিও তাৰে দুই চাৰিজনহে ধনৱত হয়। বহুতে ভাবে যে যিয়ে সৰহ আৰ্জন কৰে তাৰ পক্ষে ধনৱন্ত হোৱা টান কথা নহয়। কিন্তু কেতিয়াবা দেখা যায় এই সৰহ আৰ্জন কৰা মানুহেও ঋণৰ বোজা কঢ়িয়াই মৃত্যু বৰণ কৰিবলগা হয়। আকৌ আন কোনোবাই অলপীয়া আৰ্জনেৰে ধনৱন্ত হৈ সুখেৰে জীৱন অতিবাহিত কৰা দেখা যায়। কাৰণ তেওঁলোকৰ পৰিশ্ৰমৰ লগতে আছে বিচক্ষণতা। ধনৰ নামত উদ্বাউল নহয় তেওঁলোক। আয় অনুসৰি খৰচ কৰাটোৱে অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ। এজন মানুহে যিমানখিনি উপাৰ্জন কৰিব তাৰ লগত সংগতি ৰাখিহে খৰচৰ পৰিমাণ নিৰ্ধাৰণ কৰিব লাগে। অন্যথা এহাতে কষ্টৰে আৰ্জা উপার্জন অন্যহাতে পানীত পৰাৰ সম্ভাৱনা অধিক। সেইবাবে কোৱা হয় ধন ঘটিবলৈ সহজ কিন্তু ৰাখিবলৈ টান।

১০৷ চমুটোকা লিখা : সত্যনাথ বৰা
উত্তৰ : সত্যনাথ বৰাৰ জন্ম হৈছিল ১৮৬০ চনত। তেওঁৰ পিতৃৰ নাম আছিল দয়ানাথ বৰা। বেজবৰুৱা-গোহাঞিবৰাতকৈ বয়োজ্যেষ্ঠ সত্যনাথ বৰা ৰোমান্টিক যুগৰ এগৰাকী প্ৰসিদ্ধ সাহিত্যিক । সত্যনাথ বৰা একেধাৰে প্ৰৱন্ধকাৰ, হাস্যৰসিক আৰু বৈয়াকৰণবিদ ৰূপে প্রতিষ্ঠিত। সত্যনাথ বৰাদেৱৰ ৰচনাকৃতি এনেধৰণৰ
(ক) গীতৰ পুথি — গীতাৱলী।
(খ) হাস্যৰসাত্মক পুথি – সভ্যতাৰ মথাউৰি।
(গ) গদ্য পুথি – সাৰথি, কেন্দ্রসভা, চিন্তাকলি, আকাশ ৰহস্য।
(ঘ) ব্যাকৰণ — বহুল ব্যাকৰণ ৷
(ঙ)-সাহিত্য সমালোচনামূলক পুথি – সাহিত্য বিচাৰ।
সত্যনাথ বৰাই অসমীয়া গদ্য সাহিত্যক এটি বিশেষ মাত্ৰা প্ৰদান কৰিছিল। বৰাই ১৯০২ চনত গুৱাহাটীৰ পৰা প্ৰকাশিত হোৱা ‘জোনাকী’ কাকতখন সম্পাদনা কৰিছিল।

ধনৰ ব্যৱহাৰ সত্যনাথ বৰা

লেখকৰ পৰিচয়: অসমীয়া সাহিত্যৰ চিন্তা উদ্রেককাৰী নিবন্ধকাৰ সত্যনাথ বৰাই ১৮৬০ চনত গুৱাহাটীৰ ভৰলুমুখত জন্মগ্রহণ কৰিছিল। গুৱাহাটীতে স্কুলীয়া শিক্ষা লাভ কৰা বৰাই কলিকতাৰ পৰা বি এ আৰু বি এল ডিগ্ৰী লয়। সত্যনাথ বৰা হৈছে বি এল উপাধিধাৰী প্ৰথমগৰাকী অসমীয়া আইনজীৱী। তেওঁ সাময়িকভাৱে আৰ্ল ল’ কলেজ আৰু কটন কলেজত অধ্যাপনা কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ গুৱাহাটীত উকালতি কৰিবলৈ লৈছিল।

‘গীতাৱলী’ তেওঁৰ প্ৰথম পুথি হ’লেও অসমীয়া ভাষালৈ তেওঁৰ উল্লেখনীয় অৱদান হৈছে ‘বহল ব্যাকৰণ’। ব্যাকৰণ প্ৰণেতা হিচাপে হেমচন্দ্ৰ বৰুৱাৰ পাছতেই তেওঁৰ নাম লোৱা হয়৷ ‘সাহিত্য বিচাৰ’, ‘চিন্তাকলি, ‘সাৰথি’, ‘কেন্দ্ৰসভা’, ‘আকাশ ৰহস্য’ আদি তেওঁৰ দ্বাৰা ৰচিত প্ৰবন্ধ আৰু সমালোচনামূলক পুথি। বৰাদেৱে ৰচনা কৰা ‘আকাশ ৰহস্য’ অসমীয়া সাহিত্যৰ প্ৰথমখন বিজ্ঞান বিষয়ক গ্রন্থ। বৰাই ৰচনা কৰা সংস্কাৰধৰ্মী আৰু হাস্য ব্যংগাত্মক গ্ৰন্থবোৰ হৈছে ‘সভ্যতাৰ মথাউৰি’, ‘ভকতীয়া ব্যাকৰণ’। তেওঁ ১৯০১ চনত প্ৰকাশিত ‘জোনাকী’ আলোচনীৰ সম্পাদনা কৰিছিল। ১৯২৫ চনত গুৱাহাটীত সত্যনাথ বৰাৰ মৃত্যু হয়।

ধনৰ ব্যৱহাৰ মূলকথা

ধনৰ সঠিক ব্যৱহাৰে সুস্থ আৰু সুখী জীৱনৰ বাট মুকলি কৰে – এয়েই পাঠটোৰ মূল কথা। সমাজত ভাল-বেয়া উভয় কামৰ সিদ্ধিৰ বাবেই ধনৰ প্ৰয়োজন । ধন নথকা লোক দুখী হয় আৰু স্বাভাৱিকতে ধনী লোক সুখত থাকে বুলি ভবা হয়। পিছে বাস্তৱত তাৰ ওলোটাও দেখা যায়। বহু ধনী লোকে ধন খৰচ কৰিব নোৱাৰি দৰিদ্ৰ জীৱন অতিবাহিত কৰে, আনহাতে দুখীয়া লোকেও সীমিত উপাৰ্জনেৰে খাই-বৈ শান্তিত থাকে। বহু ধনী লোকে জানিলেহে জীৱন সুস্থ আৰু সুখৰ হৈ উঠে। আকৌ ধন আছে বুলিয়েই যধে-মধে খৰচ কৰি নাটনিত থাকে। মুঠতে ধনৰ সঠিক ব্যৱহাৰ সামর্থ্য অনুযায়ী খৰচ কৰাটো ধন ব্যৱহাৰৰ মুখ্য কথা। নিজ উপাৰ্জন অনুসৰি ধন ৰাখি চলিবলৈ চেষ্টা কৰাজনহে জীৱনত সুখী হয়। অলপীয়া আয়ৰ লোকে সৰহ খৰচ কৰিব নালাগে, একেদৰে সৰহ আয়ৰ লোকেও সাঁচি খৰচ কৰা উচিত।

আয়তকৈ খৰচ অধিক হ’লে লোক ধৰুৱা হয়। ধাৰ বা ঋণ পাপ কৰাৰ সমান । পাপী লোকে যিদৰে দুখ-যন্ত্রণা ভোগ কৰি সামাজিক মান-মর্যাদাও হেৰুৱায়, তেনেদৰে ঋণী লোকেও অশেষ জীয়াতু ভোগে, দুশ্চিন্তাত শান্তিৰ টোপনি হেৰুৱায়। ঋণী লোকৰ ঋণৰ ৱোজা অনুক্রমে বাঢ়ি গৈ মানসিক ব্যাধিৰ সৃষ্টি কৰে, সেয়ে উপাৰ্জনতকৈ অধিক খৰচৰ পৰা হাত সাৰি থকাই শ্রেয়। ধনৰ নাটনি গুচাবলৈ আয়ৰ চাৰি ভাগৰ এভাগ আৰু ধনৱন্ত হ’বলৈ আয়ৰ আধা সাঁচি ৰখাৰ বিধান পাঠটোত দিয়া হৈছে। ধনৰ সঠিক ব্যৱহাৰ নাজানিলে বিপদত পৰাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। ‘আয় চাই ব্যয়’—অসমীয়াত প্রচলিত এই প্রবাদ বাক্যৰ অন্তৰ্নিহিত অৰ্থই পাঠটোৰো মূল কথা।

প্রশ্নঃ কৃপণ লোকৰ দুই ধৰ্ম কি কি?

উত্তৰঃ কৃপণ লোকৰ দুই ধৰ্ম হ’ল— লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা ৷

প্রশ্নঃ অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ কি?

উত্তৰ: অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ হ’ল— আয় অনুসৰি খৰচ কৰা।

প্রশ্নঃ দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা?

উত্তৰ: আয় অলপ, খৰচ সৰহ- সেয়াই হ’ল দৰিদ্ৰ হোৱা চিন।

প্রশ্নঃ মানুহৰ ঋণ কেতিয়া হয়?

উত্তৰঃ আৰ্জনতকৈ সৰহ খৰচ কৰিলে মানুহৰ ঋণ হয়।

প্রশ্নঃ কি খৰচ গুপ্ত শত্ৰুৰ নিচিনা ?

উত্তৰঃ খুচুৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা ।

Leave a Comment