ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য Class 10 পঞ্চম অধ্যায় | Class 10 social science history chapter 5 Question Answer in Assamese | সমাজ বিজ্ঞান Class 10 ইতিহাস পাঠ 5
শ্ৰেণী | দশম শ্ৰেণীৰ |
বিষয় | সমাজ বিজ্ঞান |
পাঠ | ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য |
খণ্ড | ইতিহাস |
অধ্যায় | পঞ্চম অধ্যায় |
পাঠ | 5 |
উপলব্ধ | সকলো প্ৰশ্নৰ উত্তৰ |
ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য Class 10
অতি চমু প্রশ্নোত্তৰ
১। সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল?
উত্তৰ : মীৰাটলৈ।
২। সিন্ধু সভ্যতাৰ নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল?
উত্তৰ : খ্ৰীষ্টপূৰ্ব চতুর্থ সহস্রাব্দত।
৩। ঋকবেদৰ আনুমানিক ৰচনা কাল কিমান?
উত্তৰ : খ্ৰীষ্টপূর্ব ১৫০০ চনৰ পৰা খ্ৰীষ্টপূৰ্ব ১০০০ চনৰ ভিতৰত।
8। ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীক থকা ‘সত্যমেব জয়তে’ এই বাক্যশাৰী মূলতঃ কোন গ্ৰন্থৰ পৰা লোৱা হৈছে?
উত্তৰ : ‘মুণ্ডক উপনিষদ’ৰ পৰা।
৫। প্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি?
উত্তৰ : কৌটিল্যৰ অৰ্থশাস্ত্র।
৬। ‘বিবিধতাৰ মাজত একতা’ এই বাক্যাংশ কোনখন গ্রন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে?
উত্তৰ : জৱাহৰলাল নেহৰুৰ ‘ভাৰত সম্ভেদ’ (Discovery of India)।
৭। ভাৰতৰ ভাস্কর্য শিল্পকলাৰ কোনটো শৈলীত গ্রীক-ৰোমান কলা-কৌশলৰ প্ৰয়োগ হৈছিল?
উত্তৰ : গান্ধাৰ শিল্পকলাত।
৮। ভৰতমুনিৰ নাট্যশাস্ত্ৰ কেতিয়া ৰচিত হৈছিল?
উত্তৰঃ খ্ৰীষ্টপূর্ব ২০০ৰ পৰা খ্ৰীষ্টীয় ২০০ মানৰ ভিতৰত ৰচিত।
৯। ভাৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে?
উত্তৰ : ৬,০০০ টা।
১০। হেৰাকা আন্দোলন কি?
উত্তৰ : স্বাধীনতা সংগ্রামী ৰাণী গাইডালুৱে নগালেণ্ডৰ পৰম্পৰাগত ধর্মবিশ্বাস তথা সংস্কৃতি সংৰক্ষণ তথা পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে গঢ়ি তোলা এক আন্দোলন।
১১। নগালেণ্ডৰ ‘হণবিল উৎসৱ’ কি জীৱৰ নামত উৎসর্গিত?
উত্তৰ : ধনেশ পক্ষীৰ।
১২। ‘চপছৰ কূট’ কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ ?
উত্তৰ : মিজোৰাম।
১৩। ‘মিজো’ শব্দৰ অৰ্থ কি?
উত্তৰ : ‘মিজো’ শব্দৰ অৰ্থ হ’ল পাহাৰৰ বাসিন্দা।
১৪। উত্তৰ-পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্রিক সমাজ ব্যৱস্থা প্রচলিত?
উত্তৰ : মেঘালয় ৰাজ্যত।
১৫। মণিপুৰী নৃত্য কি মূল বিষয়বস্তুক আলম কৰি গঢ়ি উঠিছে?
উত্তৰ : চৈতন্য মহাপ্রভুৰ শৈশৱ, কৃষ্ণলীলা আদিৰ আলমত মণিপুৰী নৃত্য গঢ়ি উঠিছে।
১৬। অসমৰ প্ৰাচীন নাম কি আছিল?
উত্তৰ : কামৰূপ, প্ৰাগজ্যোতিষপুৰ।
১৭। কি বড়োমূলীয় শব্দৰ পৰা ‘অসম’ নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয়?
উত্তৰ : হা-চোম।
১৮। চর্যাপদ মানে কি?
উত্তৰ : চর্যাপদ মানে কেইটামান সহজযান পন্থীয় গীত।
১৯। চর্যাপদ কেতিয়া ৰচিত হৈছিল?
উত্তৰ : খ্ৰীষ্টীয় দশম শতিকাৰ পৰা চতুৰ্দশ শতিকাৰ সময়ছোৱাত চর্যাপদ ৰচিত হৈছিল।
২০। মাধৱ কন্দলিয়ে কাৰ পৃষ্ঠপোষকতাত সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল।
উত্তৰ : বৰাহী ৰজা মহামাণিক্যৰ।
২১। অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল?
উত্তৰ : ভট্টদেৱে।
২২। জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল ?
উত্তৰ : আজানপীৰ (চাহ মিলন)
২৩। আজানপীৰ কোন?
উত্তৰ : স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা এজন চুফী সাধক।
২৪। আজানপীৰ কেতিয়া অসমলৈ আহিছিল?
উত্তৰ : আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত।
২৫। দ-পৰ্বতীয়াৰ শিলৰ তোৰণখন কেতিয়া নির্মিত?
উত্তৰ : খ্ৰীষ্টিয় ষষ্ঠ শতিকাত।
সমাজ বিজ্ঞান Class 10 ইতিহাস পাঠ 5
২৬। চাংৰুং ফুকন কি দায়িত্বত ন্যস্ত আছিল?
উত্তৰ : আহোম শাসন ব্যৱস্থাত মঠ-মন্দিৰ, ৰাস্তা-ঘাট, প্রাসাদ, ঘৰ-দুৱাৰ আদিৰ নিৰ্মাণ কাৰ্য, জোখ-মাখ আদি চোৱা-চিতা কৰিবলৈ চাংৰুং ফুকনক দায়িত্ব দিয়া হৈছিল।
২৭। লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্রী সম্মান প্ৰদান কৰা হৈছিল?
উত্তৰ : প্রতিমা পাণ্ডে বৰুৱাক।
২৮। অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম কি?
উত্তৰ : অৰুনোদই।
২৯। উত্তৰ-পূৰ্বাঞ্চলৰ অষ্ট্ৰিক নৃ-গোষ্ঠীৰ অন্তর্ভুক্ত জনজাতিটো কি?
উত্তৰ : মেঘালয়ৰ খাছীয়া জনজাতিৰ লোকসকল।
৩০। পৃথিৱীৰ প্ৰাচীনতম লিখিত ধর্মগ্রন্থখনৰ নাম কি?
উত্তৰ : ঋকবেদ।
৩১। কোনটো জনগোষ্ঠীক বৈদিক সংস্কৃতিৰ মূল নির্মাতা বোলা হয়?
উত্তৰ : আর্যভাষী নর্ডিক গোষ্ঠী।
৩২। ভাৰতীয় সংবিধানত ৰাজ্যিকভিত্তিত তালিকাবদ্ধ কৰা অনুসূচিত জনজাতিৰ সংখ্যা কিমান?
উত্তৰ : ৭০৫ টা।
৩৩। ভাৰতীয় সংবিধানত চৰকাৰী ভাষাৰূপে কিমানটা ভাষাক স্বীকৃতি দিয়া হৈছে?
উত্তৰ : ২২ টা।
৩৪। ‘অহিংসাই পৰম ধৰ্ম’— এই কথাষাৰিৰ উৎস কি?
উত্তৰ : মহাভাৰত।
৩৫। ‘জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী’ এই কথাষাৰৰ উৎস কি?
উত্তৰ : ৰামায়ণ।
৩৬। ‘বসুধৈৱ কুটুম্বকম’— এই কথাষাৰৰ উৎস কি?
উত্তৰ : মহোপনিষদ।
৩৭। ‘নাট্যশাস্ত্ৰ’ৰ ৰচক কোন?
উত্তৰ : ভৰতমুনি।
৩৮। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কোনটো?
উত্তৰ : ২১জুন।
৩৯। উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্রিক উন্নয়নৰ বাবে ভাৰত চৰকাৰে গঠন কৰা পৰিষদখনৰ নাম কি?
উত্তৰ : নৰ্থ-ইষ্ট কাউন্সিল।
৪০। আহোমসকলৰ কোনটো শব্দৰ পৰা ‘অসম’ নামটো হোৱা বুলি ধাৰণা হয়?
উত্তৰ : আ-চাম।
৪১। অসমীয়া ভাষাত কোনে ‘সপ্তকাণ্ড ৰামায়ণ’ প্ৰথমতে অনুবাদ কৰিছিল?
উত্তৰ : মাধৱ কন্দলিয়ে।
৪২। শংকৰদেৱৰ প্ৰথম নাটখন কি?
উত্তৰ : চিহ্নযাত্রা।
৪৩। অসমৰ প্ৰথমখন বার্তালোচনী ‘অৰুনোদই’ কিমান চনত প্ৰকাশ পাইছিল?
উত্তৰ : ১৮৪৬ চনত।
৪৪। অসমত থকা এখন বিখ্যাত শক্তিপীঠৰ নাম লিখা।
উত্তৰ : কামাখ্যা মন্দিৰ।
৪৫। তলাতল ঘৰৰ নিৰ্মাণ কাৰ্য কোনে প্ৰথমতে আৰম্ভ কৰিছিল?
উত্তৰ : ৰুদ্ৰসিংহই।
৪৬। ওজাপালিৰ বাবে সংগীত নাটক অকাডেমি বঁটা পোৱা দুজন শিল্পীৰ নাম লিখা।
উত্তৰ : ললিত চন্দ্ৰ নাথ আৰু কিনাৰাম নাথ।
৪৭। ভাৰতীয় সংস্কৃতিৰ দুটা বিশেষ বৈশিষ্ট্য লিখা?
উত্তৰ : সাংস্কৃতিক বহুত্ববাদ আৰু বৈচিত্ৰ্যৰ মাজত একতা।
৪৮। ৰচয়িতাসকলৰ নাম লিখা :
(ক) অর্থশাস্ত্র (খ) হস্তিবিদ্যার্ণব (গ) কীৰ্ত্তন (ঘ) নামঘোষা (ঙ) চোৰধৰা পিম্পৰা গুচোৱা (চ) কালিয় দমন (ছ) ৰামবিজয় (জ) কথাগীতা (ঝ) ৰাজতৰঙ্গিনী (ঞ) ভাৰত সম্ভেদ।
উৰত্তঃ (ক) অর্থশাস্ত্র – কৌটিল্য।
(খ) হস্তিবিদ্যার্ণৱ – সুকুমাৰ বৰকাইথ।
(গ) কীৰ্ত্তন – শ্ৰীমন্ত শংকৰদেৱ ।
(ঘ) নামঘোষা – মাধৱদেৱ ।
(ঙ) চোৰধৰা পিম্পৰা গুচোৱা – মাধৱদেৱ ।
(চ) কালিয় দমন – শ্ৰীমন্ত শংকৰদেৱ ।
(ছ) ৰামবিজয় – শ্ৰীমন্ত শংকৰদেৱ ।
(জ) কথাগীতা — ভট্টদেৱ।
(ঝ) ৰাজৰঙ্গিনী – কহনল।
(ঞ) ভাৰত সম্ভেদ – জবাহৰলাল নেহৰু।\
৪৯। ভাৰতৰ ভাস্কর্য শিল্পকলাৰ তিনিটা প্রধান শৈলী কি কি?
উত্তৰ : গান্ধাৰ শিল্পকলা, মথুৰা শিল্পকলা আৰু অমৰাৱৰ্তী শিল্পকলা।
চমু প্রশ্নৰ উত্তৰ ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য Class 10
১। খ্ৰীষ্টিয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা।
উত্তৰ : পৰ্টুগীজ আৰু মোগল।
২। সিন্ধু উপত্যকাত আৱিষ্কৃত হোৱা ধর্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূৰ্তিৰ নাম লিখা।
উত্তৰ : পশুপতি মূৰ্তি আৰু শিৱ লিংগ।
৩। অষ্ট্ৰিকসকলে ভাৰতলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা।
উত্তৰ : (ক) কুঁহিয়াৰৰ পৰা গুড় আৰু (খ) কপাহৰ পৰা সূতা কাটি কাপোৰ বোৱা কৌশল।
৪। ভাৰতীয় সংস্কৃতিত বর্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্ৰত ভৌগোলিক পৰিস্থিতিয়ে কিদৰে ভূমিকা গ্রহণ কৰিছে?
উত্তৰ : ভৌগোলিক পৰিস্থিতিৰ বাবে কোনো অঞ্চল সাৰুৱা, কৃষিৰ উপযোগী, যাতায়ত-যোগাযোগৰ বাবে সুচল আৰু প্ৰাকৃতিক সম্পদৰ গুণত কোনোবাটো অঞ্চল হয়তো আর্থিকভাৱে অধিকতৰ স্বচ্ছল আৰু অন্য সংস্কৃতিৰ সৈতে সংস্পর্শ সঘনাই হৈছে। আকৌ অন্য কোনোবাটো অঞ্চল হয়তো এই সুবিধাবোৰৰ অভাৱত বিচ্ছিন্ন কষ্টকৰ।
৫। বেদৰ চাৰিখন সংহিতাৰ নাম লিখা।
উত্তৰ : ঋক, যজুঃ, সাম আৰু অথর্ব সংহিতা।
৬। অশোকৰ দ্বাদশ মুখ্য শিলালিপিত ধর্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে?
উত্তৰ : কোনেও নিজৰ ধৰ্মটোক মাত্র প্রশংসা আৰু আনৰ ধর্মক হীন বুলিব নালাগে।
৭। সাংস্কৃতিক বহুত্ববাদ মানে কি?
উত্তৰ : সাংস্কৃতিক বহুত্ববাদে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাবক বুজায়।
৮। ভাৰতৰ প্রাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা।
উত্তৰ : ভাস্কৰাচাৰ্য আৰু মহৰ্ষি ভৰদ্বাজ।
৯। প্রাচীন ভাৰতৰ দুখন চিকিৎসা শাস্ত্ৰৰ নাম লিখা।
উত্তৰ : চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা।
১০। ভাৰতীয় চিত্রকলাক কি কি ভাগত ভগাব পাৰি।
উত্তৰ : বৃহদাকাৰ দেৱান চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ।
১১। চিত্ৰকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদছাহৰ নাম লিখা।
উত্তৰ : আকবৰ আৰু জাহাংগীৰ।
১২। ক্ষুদ্ৰকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম লিখা।
উত্তৰ : হস্তীবিদ্যার্ণৱ আৰু চিত্ৰভাগৱত।
১৩। হস্তীবিদ্যার্ণব গ্রন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা?
উত্তৰ : দিলবৰ আৰু দোচাই ।
১৪। ঝুমখেতি মানে কি?
উত্তৰ : পাহাৰৰ এঢলীয়া ঠাইত খাঁজ কাটি কোৰেৰে মাটি চহাই ঠাই সলাই সলাই কৰা খেতি।
১৫। জেং বিহু মানে কি?
উত্তৰ : উজনি অসমত মহিলাসকলে নির্জন ঠাইত পুৰুষে নেদেখাকৈ পতা বিহুক জেং বিহু বোলে।
১৬। ওজাপালিৰ দুটা ভাগৰ নাম লিখা।
উত্তৰ : ব্যাসৰ ওজাপালি আৰু সুকন্নানি ওজাপালি।
১৭। প্রাচীন ভাৰতবৰ্ষৰ দুগৰাকী দার্শনিকৰ নাম লিখা।
উত্তৰ : মাধৱাচাৰ্য আৰু ৰামানুজ।
Class 10 social science history chapter 5 Question Answer in Assamese
১৮। আহোম ৰাজত্ব কালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা?
উত্তৰ : দেওধাই বুৰঞ্জী আৰু তুংখুঙ্গীয়া বুৰঞ্জী।
১৯। বিহুৰ সমধর্মী হিচাপে নামনি অসমত উদযাপিত হোৱা দুটা স্থানীয় উৎসৱৰ নাম উল্লেখ কৰা।
উত্তৰ : দৰং জিলাৰ দেউল আৰু কামৰূপৰ ভঠেলি।
২০। দৰঙৰ দুবিধ লোকনৃত্যৰ নাম উল্লেল্লখ কৰা।
উত্তৰ : দেওধনি নৃত্য আৰু ভোৰতাল নৃত্য।
২১। ভাৰতত থকা মূল নৃ-গোষ্ঠী কেইটা কি কি?
উত্তৰ : আর্যভাষী নর্ডিক গোষ্ঠী, দ্রাবিড়, নিগ্রো, প্ৰট’ অষ্ট্ৰ’লয়ড আৰু মংগোলীয় গোষ্ঠী।
২২। ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক উল্লেখ কৰা।
উত্তৰঃ হিন্দুধর্মৰ স্বকীয় বহুত্ববাদিতা তথা উদাৰতা, বিভিন্ন সময়ত গঢ়ি উঠা সাম্রাজ্যসমূহে সৃষ্টি কৰা ৰাজনৈতিক একতাৰ ইতিহাস আৰু সাংস্কৃতিক উদাৰতা।
২৩। প্রাচীন ভাৰতৰ স্থাপত্য নিদর্শনসমূহক ঘাইকৈ কি কি ভাগত ভগোৱা হৈছে?
উত্তৰ : ভাৰতৰ স্থাপত্য শিল্পৰ প্রাচীন নিদর্শন ঘাইকৈ মঠ-মন্দিৰ, স্তূপ আদি ধর্মীয় উপাসনা গৃহসমূহ। চুলতানী আৰু বাদছাহী যুগত মুখ্যতঃ চাৰি প্ৰকাৰৰ স্থাপত্য দেখা যায়- মছজিদ, মঞ্জিল, মাকোৱাৰা আৰু মিনাৰ।
২৪। ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰত ‘সাংস্কৃতিক একতাৰ জালিকা’ বুলিলে কি বুজা লিখা?
উত্তৰ : ভাৰতবৰ্ষত সংঘটিত হোৱা নৃ-তাত্ত্বিক তথা সাংস্কৃতিক সংমিশ্ৰণৰ প্ৰক্ৰিয়াটো অসমতো তথা উত্তৰ-পূব ভাৰততো ঘটিছিল। ফলত অসমত আর্য আৰু অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক মিশ্রিত সংস্কৃতিৰ সৃষ্টি হৈছে।
২৫। UNESCO-ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্য উল্লেখ কৰা।
উত্তৰ : সাঁচিৰ স্তূপ, অজন্তাৰ গুহা আৰু আগ্ৰাৰ তাজমহল।
সমাজ বিজ্ঞান Class 10 ইতিহাস পাঠ 5
২৬। ভাৰতৰ ভাস্কর্য শিল্পৰ ক্ষেত্ৰত কি কি মূর্তি নির্মাণ কৰা হৈছিল?
উত্তৰ : গৌতম বুদ্ধ, মহাবীৰ, হিন্দু দেৱ-দেৱী, যক্ষ- যক্ষিনী, অপেশ্বৰী, হিন্দু তথা বৌদ্ধধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ-জন্তুৰ মূর্তি।
২৭। ভাৰতৰ ভাস্কর্য শিল্পকলাৰ তিনিটা প্রধান শৈলী কি কি?
উত্তৰ : গান্ধাৰ শিল্পকলা, থুৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলা।
২৮। দেৱাল চিত্ৰৰ নিদৰ্শন থকা ভাৰতৰ তিনিখন ঠাইৰ নাম উল্লেখ কৰা।
উত্তৰ : অজন্তা (মহাৰাষ্ট্ৰ), বাঘ (মধ্যপ্রদেশ) আৰু চিত্তনাৱাচল (তামিলনাডু)।
২৯। মোগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্ৰ সম্বলিত তিনিখন গ্ৰন্থৰ নাম লিখা।
উত্তৰ : পাদছাহনামা, তুতিনামা আৰু জাহাংগীৰনামা।
৩০। চিত্রকলাৰ ষড়াংগ মানে কি বুজা?
উত্তৰ : চিত্ৰকলাৰ ষড়াংগ মানে চিত্র অংকনৰ বাবে প্রয়োজনীয় (ক) আকৃতি (খ) জোখ-মাপ (গ) আৱেগ-অনুভূতি প্রকাশক কৌশল (ঘ) কলাত্মক উপস্থাপন (ঙ) সাদৃশ্য জ্ঞান আৰু (চ) তুলিকা ব্যৱহাৰৰ নিয়ম।
৩১। ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ : যোগবিদ্যা ভাৰতৰ এক গৌৰৱময় সাংস্কৃতিক ঐতিহ্য আৰু সমগ্ৰ মানৱ সমাজলৈ ই এক অনবদ্য অৱদান। সিন্ধু সভ্যতাৰ সময়তো ভাৰতীয়সকল যৌগিক জ্ঞানৰ অধিকাৰী আছিল বুলি অনুমান কৰিব পাৰি। বৈদিক যুগত এই বিদ্যাৰ বহুল চর্চা হৈছিল। আনুমানিক খ্ৰীষ্টীয় দ্বিতীয় শতিকাত মহর্ষি পতঞ্জলিয়ে যোগসূত্র নামৰ গ্ৰন্থ সংকলন কৰি এই বিদ্যাক এক সু-সংহত ৰূপ দিয়ে। তেওঁ এই বিদ্যাক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকর্ষ সাধনৰ এক সচেতন সক্রিয় পদ্ধতি হিচাপে আৰু জীৱন যাপনৰ সম্পূৰ্ণ প্ৰণালী হিচাপে এক দৰ্শনৰ ৰূপত গঢ় দিছিল।
পতঞ্জলিৰ যোগ পদ্ধতিত যম, নিয়ম, আসন, প্রাণায়াম, প্রত্যাহাৰ, ধাৰণা, ধ্যান আৰু সমাধি নামেৰে ‘অষ্টাংগ’ যোগৰ বিধান দিয়া হৈছে। যোগবিদ্যাৰ কাৰ্যকাৰিতাৰ প্ৰতি লক্ষ্য ৰাখি ২০১৫ চনত ৰাষ্ট্ৰসংঘই ২১ জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছে।
৩২। ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ : উত্তৰ ভাৰতৰ মন্দিৰসমূহৰ ওপৰ অংশ (শিখৰ) অৰ্ধবৃত্তাকাৰ, দক্ষিণ ভাৰতীয় মন্দিৰসমূহৰ ওপৰ অংশ আয়তাকাৰেৰে ক্ৰমে ওপৰলৈ সৰু হৈ যোৱা ধৰণৰ আৰু ৱেচৰ শৈলীৰ মন্দিৰসমূহত নাগৰ আৰু দ্ৰাবিড় শৈলীৰ মিশ্ৰণ ঘটা দেখা যায়।
৩৩। ৰঙালী বিহুৰ সাতদিনক কি কি নামেৰে জনা যায়।
উত্তৰ : ৰঙালী বিহুৰ সাতদিনক ক্ৰমে গৰুবিহু, মানুহ বিহু, গোসাঁই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলাবিহ আৰু চেৰাবিহু আদি নামেৰে জনা যায়।
৩৪। কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু কি?
উত্তৰ : জীৱনৰ সুখ-দুখ, দেহৰ ক্ষণভংগুৰতা, জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব, দেৱ-দেৱীৰ প্ৰশক্তি, স্থানীয় কিম্বদন্তি তথা হাতীধৰা আৰু পোহ মনোৱা আদি বিষয়বস্তু এই গীতবোৰত সন্নিৱিষ্ট হৈ আছে।
৩৫। অসমৰ প্ৰাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষৰ উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম লিখা।
উত্তৰ : ৰামায়ণ, মহাভাৰত আৰু যোগিনী তন্ত্র।
ৰচনাধৰ্মী প্রশ্নোত্তৰ চমু প্রশ্নৰ উত্তৰ ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য Class 10
১। ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ : ভাৰতীয় সংস্কৃতিৰ অন্য দুটা বিশেষ বৈশিষ্ট্য হ’ল— সাংস্কৃতিক বহুত্ববাদ আৰু বৈচিত্ৰ্যৰ মাজত একতা। সাংস্কৃতিক বহুত্ববাদে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাবক বুজায়। ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন জাতি-উপজাতিয়ে তেওঁলোকৰ পৃথক পৃথক স্বকীয় কৃষ্টি সংস্কৃতিৰ সংৰক্ষণ তথা সংবর্ধন কৰিব বিচৰাৰত সময়তে আনৰ কৃষ্টি-সংস্কৃতিৰ সৈতে সহৱৰ্তিতা আৰু সন্মানৰ ভাব পোষণ কৰা দেখা যায়।
ভাৰতীয় সংস্কৃতিৰ ‘বিবিধতাৰ মাজত একতা’ বাক্যাংশ স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, আবুল কালাম আজাদ, সুভাষচন্দ্র বসু আদি নেতাই জনপ্ৰিয় কৰি তুলিছিল। জৱাহৰলাল নেহৰুৰ ‘ভাৰত সম্ভেদ’ গ্ৰন্থখনিৰ জৰিয়তে ই স্থায়িত্ব লাভ কৰিলে। ভাৰতৰ ভাষিক, ধর্মীয়, ভৌগোলিক, আর্থিক আদি অনেক ক্ষেত্ৰত অনেক বিবিধতা থকা সত্ত্বেও ভাৰতীয়সকলে এক ঐক্যবদ্ধ অনুভূতিৰে সাঙোৰ খাই থকা দেখা যায়। এই আত্মীয়তা সৃষ্টি কৰাৰ ক্ষেত্ৰত বিভিন্ন কাৰকে ক্ৰিয়া কৰি আহিছে। হিন্দুধৰ্মৰ স্বকীয় বহুত্ববাদিতা তথা উদাৰতা, বিভিন্ন সময়ত গঢ়ি উঠা সাম্ৰাজ্যসমূহে সৃষ্টি কৰা ৰাজনৈতিক একতাৰ ইতিহাস; বিভিন্ন যুগৰ শাসকসকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উদাৰতাই ইয়াত অৰিহণা যোগাই আহিছে।
ৰামায়ণ আৰু মহাভাৰত গ্রন্থ দুখনে ভাৰতৰ বিভিন্ন প্রান্তক মূল সাংস্কৃতিক সুঁতিৰ লগত সাঙুৰি সৃষ্টি কৰা এক সাংস্কৃতিক পৰিয়ালৰ অনুভূতি আদিয়ে এই ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। এইবোৰৰ উপৰি এক বিশেষ সাংস্কৃতিক যোগাযোগৰ দ্বাৰা দেশখনৰ প্ৰতিটো গোট পৰস্পৰ বন্ধনযুক্ত হৈ থকা দেখা যায়। যিবোৰ বিষয়ত বিবিধতাৰ সৃষ্টি হৈছে সেইবোৰেই আকৌ অন্য ধৰণে ঐক্যবদ্ধ কৰা দেখা যায়। দুটা গোট যদি আঞ্চলিকভাৱে বিচ্ছিন্ন তেওঁলোক হয়তো ভাষিকভাৱে অথবা ধর্মীয়ভাৱে ঐক্যবদ্ধ; কোনোবা যদি ধর্মীয়ভাৱে পৃথক তেওঁলোক হয়তো ভাষিকভাৱে অথবা ভৌগোলিকভাৱে বন্ধনযুক্ত হৈছে।
২। ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা-সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক’লে সম্ভবতঃ অতিৰঞ্জিত কৰা নহ’ব।’- বাক্যশাৰীৰ ভাবার্থ আলোচনা কৰা।
উত্তৰ : ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা-সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক’ব পাৰি। বেদ সংহিতা, ব্রাহ্মণ, আৰণ্যক আদি উপনিষদসমূহ, ৰামায়ণ আৰু মহাভাৰত মহাকাব্যদ্বয়, গীতা, পুৰাণসমূহ, বেদাংগসমূহ (জ্যোতিষ, ব্যাকৰণ ছন্দ, নিৰুক্ত, কল্প আৰু শিক্ষা), ৰাজনীতি বিষয়ক গ্রন্থ কৌটিল্যৰ অৰ্থশাস্ত্র, চিকিৎসা বিষয়ক চৰক সংহিতা, সুশ্ৰুত সংহিতা, কালিদাস, শূদ্রক, বাণভট্ট আদি লিখকৰ বিশুদ্ধ সাহিত্যৰাজি ভাৰতীয় সাহিত্যৰ উজ্জ্বল নিদর্শন।
কপিল, পতঞ্জলি, গৌতম, বাদৰায়ণ, কণাদ, জৈমিনি ৰামানুজ, মাধৱাচার্য আদি দার্শনিকৰ দৰ্শনৰ গ্ৰন্থসমূহ বুৰঞ্জীমূলক গ্ৰন্থ কলহনৰ ৰাজতৰংগিণী; আর্যভট্ট, বৰাহমিহিৰ, ব্ৰহ্মগুপ্ত, প্ৰথম আৰু দ্বিতীয় ভাস্কৰাচাৰ্য আৰু মহর্ষি ভৰদ্বাজ আদি বিজ্ঞানীৰ বিভিন্ন গ্রন্থ; দক্ষিণ ভাৰতৰ সংগম সাহিত্য আদি গ্ৰন্থৰাজিয়ে ভাৰতীয় লোকৰ সাহিত্য ৰুচি আৰু জ্ঞান পিপাসাৰ পৰিচয় দিয়ে। এইসমূহে জীৱন আৰু জগত সম্পর্কে দৃষ্টিভংগী, ধর্মবিশ্বাস, বিজ্ঞান মানসতা আৰু কাৰিকৰী জ্ঞান, ৰাজনীতি, চিকিৎসা আদি বিস্তৃত ক্ষেত্ৰত প্রাচীন কালত ভাৰতীয়সকলে আহৰণ কৰা জ্ঞানৰ স্তৰকো প্রতিফলিত কৰে। এই গ্রন্থসমূহ সৃষ্টিকর্তা মনীষীসকলৰ কঠোৰ সাধনাৰ জৰিয়তে আহৰণ কৰা গভীৰ অন্তর্দৃষ্টি আৰু অক্লান্ত বৌদ্ধিক সাধনাৰ ফচল। এই গ্রন্থসমূহে ভাৰতীয়সকলৰ সমাজব্যৱস্থা, মনস্তত্ত্ব, সাহিত্য চেতনা, সৰ্বভাৰতীয় সাংস্কৃতিক ঐক্যবোধ আদি গঢ়ি তোলাৰ ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাইছিল।
হিন্দুধৰ্মৰ চাৰি বৰ্ণাশ্রম ব্যৱস্থা, পিতৃ-মাতৃ, গুৰু, অতিথি, বিদ্যা আৰু বিদ্বানৰ প্ৰতি ভাৰতীয় সংস্কৃতিত থকা শ্ৰদ্ধাৰ শিক্ষা এই গ্ৰন্থৰাজিয়ে প্ৰসাৰ লাভ কৰিছিল। সেইদৰে জন্মান্তৰবাদ, অৱতাৰবাদ, মোক্ষ, স্বৰ্গ, নৰক, পাপ-পুণ্য আদিৰ ধাৰণাও এই গ্ৰন্থৰাজিয়ে জনপ্ৰিয় কৰি তুলিলে। এই গ্ৰন্থৰাজিত থকা ‘সত্যমেৱ জয়তে’ (মুণ্ডক উপনিষদ), ‘অহিংসা পৰম ধৰ্ম’ (মহাভাৰত), ‘জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী’ (ৰামায়ণ), ‘বসুধৈৱ কুটুম্বকম্’ (মহোপনিষদ); আদি বিশ্বজনীন অমোঘ বাণীসমূহে ভাৰতীয় মূল্যবোধৰ ভেটিটো গঢ় দিছে। অসত্যৰ বিপৰীতে সত্যৰ প্ৰতি, অজ্ঞান আন্ধাৰৰ বিপৰীতে জ্ঞানী লোকৰ প্ৰতি আৰু মৃত্যুৰ (জড়তাৰ) বিপৰীতে অমৃতময়ীতালৈ (চেতনা) নিয়াৰ প্ৰাৰ্থনা ‘অসতো মা সদ্গময়, তমসো মা জ্যোতির্গময়, মৃত্যুৰ্মা অমৃতম্ গময়’ আদি অমোঘবাণীসমূহেও সামগ্ৰিকভাৱে ভাৰতীয় মনস্তত্ত্বক প্ৰেৰণা যোগাই আহিছে।
সংস্কৃত ভাষাত ৰচিত এই বৌদ্ধিক সৃষ্টিকর্মসমূহৰ কিছুমান পৰৱৰ্তী সময়ত ভাৰতৰ বিভিন্ন প্রান্তীয় ভাষালৈ অনূদিত হৈছিল। ইয়াৰে বহু কথা পৰিয়ালসমূহত বংশানুক্রমিকভাৱে, মৌখিকভাৱে, সমূহীয়া নাম-কীৰ্তনৰ ৰূপত আৰু সামাজিক ৰীতি-নীতিৰ ৰূপত প্ৰৱাহমান হৈ আছে। এই গ্ৰন্থৰাজিৰ বহু সাৰমৰ্ম উত্তৰ পুৰুষসকলে মূল্যবোধ হিচাপে জীৱনত প্ৰয়োগ কৰি আহিছে।
সমাজ বিজ্ঞান Class 10 ইতিহাস পাঠ 5
৩। ভাৰতৰ ধৰ্মীয় ঐতিহ্যৰ বিষয়ে লিখা।
উত্তৰ : সিন্ধু সভ্যতাৰ ঘাই নিৰ্মাতা আছিল দ্রাবিড়সকল। সিন্ধু সভ্যতাৰ বিভিন্ন স্থানত আৱিষ্কৃত হোৱা পশুপতি সদৃশ মূর্তি, শিৱলিংগ আৰ্হিৰ পোৰা মাটিৰ সামগ্ৰী, স্বস্তিকাৰ চিন থকা মোহৰ, মাতৃদেৱীৰ মূর্তি, ধর্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা বুলি অনুমান কৰা ষাঁড়গৰুৰ মূৰ্তি আদিৰ পৰা এই সভ্যতাত শিৱ, শক্তি, সূৰ্য, গৰু আদিৰ পূজা হৈছিল বুলি অনুমান কৰা হয় । ভাৰতীয় সংস্কৃতিৰ প্ৰায় সকলো ক্ষেত্ৰত সিন্ধু সভ্যতাই প্ৰভাৱ এৰি থৈ গৈছিল বুলি আৰু হিন্দুধৰ্মৰ বহু মৌলিক তত্ত্ব সিন্ধু সভ্যতাৰ পৰাই আহৰণ কৰা হৈছিল বুলি মতপোষণ কৰিছে।
আৰ্য সংস্কৃতিৰ বিস্তাৰ ঘটি থকাৰ সময়ত ভাৰতৰ বিভিন্ন অঞ্চলৰ স্থানীয় ধর্মীয় আৰু সামাজিক ৰীতি-নীতিবোৰৰ সংমিশ্রণ ঘটিছিল। ইয়াৰ ফলত আৰ্য কৃষ্টি-সংস্কৃতিৰ মূল ৰূপটোৰ পৰিবর্তন ঘটিছিল। অনুৰূপ ধৰণে পূৰ্বৰ জনগোষ্ঠীসমূহেও আর্যভাষা সংস্কৃতিৰ পৰা উপাদান গ্ৰহণ কৰিছিল। সংহিতা, ব্রাহ্মণ, আৰণ্যক উপনিষদৰাজি, মহাকাব্যদ্বয়, পৰৱৰ্তী সময়ত ৰচিত হোৱা পুৰাণ, স্মৃতি, বেদাংগসমূহত এই ৰূপান্তৰকৰণৰ আভাস পোৱা যায়। সিন্ধু সভ্যতাৰ ধৰ্ম ব্যৱস্থাত উপাস্য দেৱতাৰ বিবিধতা দেখা যায়। বৈদিক ধর্ম ব্যৱস্থাতো বহু দেৱ- দেৱীৰ লগতে একেশ্বৰৰ ধাৰণা বিদ্যমান আছিল।
এইদৰে ভাৰতৰ প্ৰাচীনতম ধর্মীয় পৰম্পৰাই নতুন নতুন বিশ্বাস, ৰীতি-নীতিৰ ক্ষেত্ৰত সহবৰ্তিতা, সংযোজন আৰু সংমিশ্ৰণৰ ক্ষেত্ৰত এক দ্বিধাহীন নীতি গ্ৰহণ কৰিছিল। ইয়াৰ লগতে স্বকীয় নীতিৰ সংস্কাৰ, সংশোধন, নতুন ব্যাখ্যা আৰু বিৰোধৰ প্রতিও শ্রদ্ধাৰ ভাব ৰাখিছিল। এনে দৃষ্টিভংগীৰ বাবেই ভাৰতত কেইবাটাও তত্ত্বগতভাৱে পৰস্পৰ বিৰোধী দৰ্শন সবলৰূপত বিকশিত হৈছিল আৰু বেদৰ কেতবোৰ মূল তত্ত্বৰ বিৰোধিতা কৰা সত্ত্বেও খ্রীষ্টপূর্ব ষষ্ঠ শতিকাত আত্মপ্ৰকাশ কৰা বৌদ্ধধর্ম আৰু জৈনধৰ্মৰ সৈতে বৈদিক হিন্দুধৰ্মৰ সংঘর্ষ হোৱা নাছিল। একেটা কাৰণতে হিন্দুধৰ্মৰ ভিতৰতেই অনেক পন্থাৰ উদ্ভৱ হৈছিল। পৰৱৰ্তী কালৰ বিভিন্ন ৰাজবংশই ধর্মীয় উদাৰতাৰ নীতিটো অনুসৰণ তথা পৃষ্ঠপোষকতা কৰা দেখা যায়। এই ক্ষেত্ৰত খ্রীষ্টপূর্ব
তৃতীয় শতিকাতেই সম্রাট অশোকৰ গিৰ্ণাৰত থকা ১২নং মুখ্য শিলালেখখনত থকা কিছু কথা বিশেষ মনকৰিবলগীয়া। এই লিপিত কোৱা হৈছে যে কোনেও একমাত্ৰ নিজৰ ধৰ্মটোকে মাত্ৰ প্ৰশংসা আৰু আনৰ ধৰ্মক হীন বুলিব নালাগে। বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সমন্বয়ৰ বাট অনুসৰণ কৰিব লাগে- সম্রাট অশোকৰ এই ঘোষণাটোৱে ভাৰতীয় শাসকসকলৰ ধৰ্মীয় উদাৰতাৰ প্ৰাচীনতম সাক্ষ্য বহন কৰে। পৰৱৰ্তী সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তত উদ্ভৱ হোৱা খ্ৰীষ্টিয়ান, ইছলাম,জোৰষ্ট্ৰাৰ, ইহুদী আদি ধৰ্মৰো ভাৰতলৈ আগমন ঘটিছিল।
শাস্ত্র নির্ভৰ ধৰ্মবোৰৰ উপৰি ভাৰতৰ চুকে-কোণে বিভিন্ন বিশ্বাস তথা ৰীতি- নীতিৰে অনেক জনজাতীয় ধর্মপন্থা দেখা যায়। ধর্মীয় বিবিধতা আৰু সহবৰ্তিতাৰ লগতে ধৰ্ম আৰু আধ্যাত্মিকতাই ভাৰতীয় লোকৰ ব্যক্তিগত আৰু সামাজিক জীৱন তথা সভ্যতা-সংস্কৃতিৰ সকলো ক্ষেত্রকে গভীৰভাৱে প্ৰভাৱিত কৰা বৈশিষ্ট্যটোও মনকৰিবলগীয়া।
৪। উত্তৰ-পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি হৈছে, লিখা।
উত্তৰ : উত্তৰ-পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় সৃষ্টি হোৱাৰ ক্ষেত্ৰত অঞ্চলটোৰ ভৌগোলিক পৰিস্থিতিয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা সমতল ভূমিখণ্ডক মাজভাগত লৈ উত্তৰ-পূব আৰু দক্ষিণ দিশত অন্য ৰাজ্য কেইখনে আগুৰি আছে। এই ৰাজ্যকেইখন আকৌ ভূটান, চীন, ম্যানমাৰ, বাংলাদেশ এই বিদেশী ৰাষ্ট্ৰকেইখনৰ দ্বাৰা আবৃত। অসমৰ চুবুৰীয়া আটাইকেইখন ৰাজ্যই পাহাৰীয়া। এনে পৰিস্থিতিত যাতায়ত যোগাযোগৰ ক্ষেত্ৰত অসম আটাইৰে বাবে সুবিধাজনক, সুচল কেন্দ্রীয় স্থল হিচাপে ব্যৱহৃত হৈ আহিছে। ইতিহাসে ঢুকি নোপোৱা সময়তে ব্ৰহ্মপুত্ৰ উপত্যকাত এক উন্নত সভ্যতা গঢ়ি উঠিছিল বুলি অনুমান কৰিব পাৰি। অৱশ্যে খ্ৰীষ্টিয় চতুর্থ শতিকাত বৰ্মন বংশৰ প্ৰতিষ্ঠা হোৱাৰ পৰাহে প্রাচীন অসমৰ ৰাজনৈতিক ইতিহাস উদ্ধাৰ হৈছে।
বিভিন্ন যুগত অসমৰ শক্তিশালী ৰাজবংশসমূহৰ শাসন কালত দাঁতিকাষৰীয়া অঞ্চলসমূহৰ স্থানীয় শাসকসকলে অসমৰ প্ৰতি আনুগত্য প্রকাশ কৰিছিল আৰু কেতিয়াবা কেতিয়াবা আধিপত্য মানি লৈছিল। আহোম ৰাজবংশৰ শাসন কালছোৱাত (১২২৮-১৮২৬ খ্ৰীষ্টাব্দ) অসম আৰু দাঁতিকাষৰীয়া ৰাজ্যকেইখনৰ মাজত স্থাপিত হোৱা ঘনিষ্ঠ সম্পৰ্কৰ বিষয়ে এই যুগত ৰচিত হোৱা বুৰঞ্জীসমূহত বহু তথ্য পোৱা যায়। ৰাজপৰিয়ালসমূহৰ মাজত বৈবাহিক সম্পর্ক স্থাপন হৈছিল, বিপদৰ সময়ত সামৰিক সাহায্য আদান-প্রদান হৈছিল আৰু দূত প্ৰেৰণ কৰা হৈছিল।
পাহাৰ আৰু ভৈয়ামত উৎপন্ন হোৱা সামগ্ৰীৰ আদান-প্রদান হৈছিল। এই দৰে অঞ্চলটোৰ অধিকাংশ লোকেই বৃহত্তৰ মংগোলীয় গোষ্ঠীৰ বিভিন্ন শাখা-প্রশাখাৰ অন্তৰ্গত জনজাতীয় লোক। নগাসকলৰ একাংশৰ মাজত নিগ্রো নৃ-গোষ্ঠীৰ উপাদান পোৱা গৈছে। মেঘালয়ৰ খাছীয়া লোকসকল অস্ট্রিক গোষ্ঠীৰ লোক।
Class 10 social science history chapter 5 Question Answer in Assamese
৫। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ধৰ্মীয় বাতাবৰণৰ বিষয়ে লিখা।
উত্তৰ : ঔপনিৱেশিক শাসন কালছোৱাত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে পাহাৰীয়া লোকসকলৰ মাজত মিছনেৰীসকলে খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰসাৰ ঘটায়। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত অসমত আর্যভাষা আৰু হিন্দুধৰ্মৰ প্ৰসাৰ অতি প্রাচীন কালতেই ঘটিছিল। অনুৰূপ ধৰণে মণিপুৰ আৰু ত্ৰিপুৰাতো অতি প্রাচীন কালতেই হিন্দুধৰ্মৰ প্ৰসাৰ ঘটিছিল। অৱশ্যে মনকৰিবলগীয়া যে পাহাৰীয়া জনজাতিসকলৰ মাজত এতিয়াও প্রকৃতি-প্রাণবাদী বিশ্বাস তথা ৰীতি-নীতি সমান্তৰালভাৱে চলি থকা দেখা যায়। উদাহৰণস্বৰূপে অৰুণাচলৰ বহুসংখ্যক লোক হিন্দু, খ্ৰীষ্টিয়ান আৰু বৌদ্ধ ধৰ্মাৱলম্বী, একে সময়তে বিভিন্ন স্থানীয় দেৱ-দেৱীৰ লগতে দণ্ডি প’ল অর্থাৎ চন্দ্ৰ-সূর্য তেওঁলোকৰ জনপ্ৰিয় দেৱতা।
মণিপুৰৰ মেইটেই সম্প্রদায়টোৰ অধিকাংশ লোক চৈতন্যপনঅথী বৈষ্ণৱ ধৰ্মাৱলম্বী। বৈষ্ণৱ ধৰ্মৰে প্ৰভাৱিত গীত-বাদ্য-নৃত্য এওঁলোকৰ মাজত দেখা যায়। চৈতন্য মহাপ্রভুৰ শৈশৱ, কৃষ্ণলীলা আদিৰ আলম কৰি গঢ়ি উঠা মণিপুৰী নৃত্য ভাৰতৰ সংগীত নাটক অকাডেমিৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত এটা ধ্রুপদী নৃত্য। মণিপুৰীসকলৰ একাংশৰ মাজত এতিয়াও প্রকৃত প্রাণবাদী ধর্মপন্থৰ প্ৰচলন আছে। ত্ৰিপুৰাৰ অধিকাংশ লোকেই হিন্দু ধৰ্মাৱলম্বী আৰু বংগীয় সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত। বিভিন্ন জনগোষ্ঠীয় উপাদানেৰে ত্ৰিপুৰাত এক সংমিশ্রিত সংস্কৃতি দেখা যায়। মেঘালয়ৰ পূৰ্বৰ প্ৰকৃতি উপাসক খাচী, গাৰো, জয়ন্তীয়া আদি লোকসকলে ১৮৩০ চনৰ পৰা ক্ৰমে খ্ৰীষ্টীয়ান ধৰ্মত দীক্ষিত হ’বলৈ ধৰে আৰু বৰ্তমান সত্তৰ শতাংশতকৈও অধিক লোক খ্ৰীষ্টিয়ানধর্মাৱলম্বী।
৬। অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: অসমত সপ্তদশ শতিকা মানৰ পৰা উত্তৰ ভাৰতীয় ক্ষুদ্ৰাকৃতিৰ পুথি-চিত্ৰসমূহৰ অনুৰূপ ৰজাঘৰীয়া পৃষ্ঠপোষকতাত অথবা সত্ৰীয়া সৃষ্টিৰে চিত্ৰকলাৰ এটা পৰম্পৰা আৰম্ভ হয়। এনে কেইখনমান সচিত্র পুথি হ’ল – আনন্দ লহৰী, হস্তীবিদ্যার্ণৱ, চিত্র ভাগৱত, গীত গোবিন্দ, কুমৰহৰণ, শংখচূড় বধ, লৱ-কুশৰ যুদ্ধ আদি সাঁচিপতীয়া পুথি। স্থানীয়ভাৱে আহৰণ কৰা সামগ্ৰীৰ পৰা প্ৰাকৃতিক ৰঙেৰে বহুৰঙীয়া এই চিত্রসমূহ অঁকা হৈছিল।
প্ৰথমতে চিত্ৰৰ পটভূমিত একোটা নির্দিষ্ট ৰং বোলাই লোৱা হয়। তাৰ ওপৰত চিত্ৰসমূহ অঁকা হৈছিল। চিত্ৰসমূহত ৰজা, ৰাজদৰবাৰ, দেৱীমূৰ্তি, যুদ্ধৰ চিত্ৰ, হাতী, জীৱ-জন্তু আদি সংশ্লিষ্ট পুথিৰ বিষয়বস্তুৰ লগত সংগতি ৰাখি অঁকা হৈছিল। খালী ঠাইবোৰত ফুল, লতা আদি আঁকি দিয়া হৈছিল। সাধাৰণতে ৰঙা, সেউজীয়া, হালধীয়া আৰু ক’লা ৰঙৰ পয়োভৰ দেখা যায়।
সন্মুখাংশ আৰু পার্শ্বাংশ দুয়োধৰণৰ চিত্ৰ অংকন কৰা দেখা যায়। মানুহ আৰু জীৱ-জন্তুৰ ছবিবোৰত মুখাৱয়বৰ নিখুঁত প্রকাশ, শৰীৰৰ অনুপাত, মনৰ অনুভূতি প্রকাশক সূক্ষ্ম কৌশলৰ প্ৰয়োগ কৰাৰ দক্ষতা দেখা নাযায়, চিত্ৰবোৰ সহজ-সৰল যদিও দৃষ্টিনন্দন বুলি ক’ব লাগিব। সুকুমাৰ বৰকাইথে ৰচনা কৰা হস্তীবিদ্যার্ণৱ পুথিখনত বিভিন্ন আকাৰ আৰু বৰণৰ হাতীৰ ছবি
আছে। দিলবৰ আৰু দোচাই নামে দুগৰাকী চিত্ৰকৰে
এই চিত্রসমূহ অংকন কৰিছিল। এই গ্ৰন্থসমূহৰ
কেবাখনো গ্রন্থ ছপা আকাৰে ইতিমধ্যে প্রকাশ পাইছে।
৭। অসমৰ ধৰ্মীয় বিবিধতা আৰু সংহতিৰ বিষয়ে লিখা।
উত্তৰ : অসমত অধিকাংশ লোক হিন্দু ধৰ্মাৱলম্বী। ইয়াৰ পিছতে আছে ইছলাম, খ্ৰীষ্টীয়ান, জৈন, বৌদ্ধ, শিখ আৰু জনজাতীয় ধৰ্মাপস্থাৱলম্বী লোক। হিন্দুধৰ্মৰ ভিতৰত ঘাইকৈ শাক্ত, শৈৱ, বৈষ্ণৱ আৰু সৌৰপন্থী লোক দেখা যায়। অসমৰ বিভিন্ন ঠাইত প্রবল প্ৰভাৱী শক্তিপীঠ আছে, এইবোৰৰ ভিতৰত কামাখ্যা মন্দিৰ পৃথিৱী বিখ্যাত। নৱ বৈষ্ণৱ আন্দোলনে অসমৰ বৃহৎ সংখ্যক লোকক বৈষ্ণৱী ভক্তিমার্গত অনুগামী কৰিছিল। খ্ৰীষ্টিয় ত্রয়োদশ শতিকাৰ প্রথমভাগত অসমত ইছলাম ধৰ্মৰ আগ ঘটাৰ তথ্য পোৱা যায়।
হাজোৰ পোৱামক্কা অসমৰ ইছলাম ধর্মাবলম্বী লোকসকলৰ এখন পৱিত্ৰ তীৰ্থস্থান। স্বৰ্গীয় গদাধৰ সিংহৰ দিনত অসমলৈ অহা চুফী সাধক আজানপীৰ নামে খ্যাত চাহ মিলনে ৰচনা কৰা জিকিৰ আৰু জাৰিসমূহ অসমত প্ৰচলিত এবিধ জনপ্রিয় ধর্মীয় সংগীত। মানৰ আক্ৰমণৰ সময়ত ৰজা চন্দ্ৰকান্ত সিংহক সহায় কৰিবলৈ পঞ্জাৱৰ ৰঞ্জিৎ সিংহৰ নিৰ্দেশ ক্ৰমে অসমলৈ অহা শিখ সৈন্যদল এটিৰ কিছুমান লোক অসমত নিগাজিকৈ থাকি গৈছিল।
তেওঁলোকৰ বংশধৰসকল এতিয়া শিখধর্ম বৰ্তাই ৰাখিও অসমীয়া ভাষা, সংস্কৃতি গ্ৰহণ কৰি জাতীয় জীৱনৰ অংগীভূত হৈ পৰিছে। অসমৰ পূব অংশত বাস কৰা টাই ফাকে, তুৰুং, আইতন, খামতি, খাময়াং, নৰা (শ্যাম) সকল বৌদ্ধ ধৰ্মাৱলম্বী। মধ্যযুগত আহোম স্বৰ্গদেউসকলে উদাৰ ধৰ্মনীতি গ্রহণ কৰিছিল আৰু বিভিন্ন ধর্মাৱলম্বী লোকক উপাসনা স্থলী আদি নির্মাণ কৰাই দান-দক্ষিণাৰে পৃষ্ঠপোষকতা কৰিছিল।
চমুটোকা চমু প্রশ্নৰ উত্তৰ ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য Class 10
ক। প্রাচীন ভাৰতৰ ভাস্কর্য শিল্প
উত্তৰ : ভাৰতৰ ভাস্কর্য শিল্পৰ উৎকৰ্ষৰ এক পৰিপক্ক পর্যায় প্রাচীন যুগতেই সৃষ্টি হৈছিল। সিন্ধু সভ্যতাৰ সময়ৰ পৰাই ভাৰতৰ ভাস্কর্য শিল্পৰ নিদর্শন দেখিবলৈ পোৱা যায়। পৰৱৰ্তী সময়ত পোৰা মাটি, শিল, ব্ৰঞ্জ, তাম, ৰূপ, সোণ আদিৰে মূৰ্তি নির্মাণ কৰা শৈলীত ভাৰতীয়সকলে নিজে বিকশিত কৰা স্থানীয় কলা-কৌশলৰ লগতে বিভিন্ন সময়ত বিদেশী বৈশিষ্ট্যৰ সংযোজন ঘটোৱা হৈছিল। এই মূর্তিসমূহৰ মাজত একেবাৰে সহজ-সৰল, পোন, অসমানুপাতিক মূৰ্তিৰ পৰা আৰম্ভ কৰি দ্বিভংগ, ত্ৰিভংগ, চতুৰ্ভংগ আৰ্হিৰ সমানুপাতিক, পোছাক অলংকাৰেৰে নিখুঁত অলংকৰণেৰে সু-সজ্জিত মূৰ্তি দেখা যায়। মনৰ শান্তি, সুখ, ক্রোধ আদি অনুভূতি প্রকাশিত কৰিব পৰাকৈ মুখাৱয়বত তথা অংগ- প্রত্যংগত সূক্ষ্ম কলা-কৌশলৰ প্ৰয়োগ আদিৰে নিৰ্মিত অজস্ৰ মূৰ্তি ভাৰতৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা যায় ৷
গৌতম বুদ্ধ, মহাবীৰ, হিন্দু দেৱ-দেৱী, যক্ষ-যক্ষিণী, অপেস্বৰী, হিন্দু তথা বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ-জন্তুৰ মূৰ্তি এই ভাস্কৰ্যসমূহৰ ভিতৰত দেখা যায়। অশোকৰ স্তম্ভসমূহৰ শীৰ্ষত থকা জন্তুৰ মূৰ্তিসমূহ গৌতম বুদ্ধৰ জীৱনৰ বিভিন্ন ঘটনাৰ লগত জড়িত আৰু সামগ্রিকভাৱে ভাৰতীয় সংস্কৃতিতো এই জন্তুকেইটাৰ বিশেষ গুৰুত্ব আছে। দেশী-বিদেশী বিভিন্ন ৰাজবংশই এই মূর্তি নির্মাণ কৰা কলাটোক পৃষ্ঠপোষকতা কৰিছিল। বিভিন্ন পাৰ্থক্য আৰু বৈশিষ্ট্যৰ ভিত্তিত ভাৰতত গঢ়ি উঠা এই ভাস্কর্য শিল্পকলাক গান্ধাৰ (উত্তৰ-পশ্চিম পাকিস্তান তথা পূব আফগানিস্তান অঞ্চলত বিকশিত) শিল্পকলা, মথুৰা শিল্পকলা, অমৰাৱতী শিল্পকলা নামেৰে তিনিটা প্রধান ভাগত ভাগ কৰিব পাৰি।
খ্ৰীষ্টপূর্ব প্রথম শতিকাৰ পৰা খ্ৰীষ্টীয় সপ্তম শতিকা পর্যন্ত জীৱন্ত হৈ থকা গান্ধাৰ শিল্পকলাত গ্রীক-ৰোমান ভাস্কর্য শিল্প কৌশলৰ প্ৰয়োগ কৰি বহু বুদ্ধ মূর্তি নিৰ্মাণ কৰা হৈছিল। মথুৰা শিল্পকলা আৰম্ভণিতে স্বকীয়ভাৱে বিকশিত হৈছিল যদিও গান্ধাৰ শিল্পকলাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। এই শিল্পকলাই গুপ্তযুগত চৰম উৎকর্ষ লাভ কৰিছিল। অমৰাৱতী শিল্পকলা খ্রীষ্টপূর্ব তৃতীয় শতিকাৰ পৰা প্ৰায় ছশ বছৰ জুৰি প্ৰচলিত হৈ আছিল। ঘাইকৈ সাতবাহনসকলে এই শিল্পকলাক পৃষ্ঠপোষকতা কৰিছিল। মধ্যযুগত ভাৰতীয় ভাস্কর্য শিল্পৰ অৱনতি ঘটে।
খ। ভাৰতীয় চিত্রকলা
উত্তৰ : প্রাচীন ভাৰতীয় চিত্ৰকলাৰ ঐতিহ্যসমূহক দুটা প্রধান ভাগত বিভক্ত কৰিব পাৰি — বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ। ক্ষুদ্ৰাকাৰ চিত্ৰসমূহ গ্ৰন্থসমূহ অলংকিত কৰিবলৈ আৰু সচিত্ৰ বিৱৰণ দিবলৈ অংকন কৰা হৈছিল। দুয়োটা চিত্রশৈলীভাৰতৰ বিভিন্ন স্থানত বৌদ্ধ, জৈন, হিন্দু ধৰ্মৰ বিষয়বস্তুক আলম কৰি অজন্তা (মহাৰাষ্ট্ৰ), বাঘ (মধ্যপ্রদেশ), চিত্তনাবাচল (তামিলনাডু), আৰমামলাই (তামিলনাডু) আদিৰ গুহাৰ দেৱালসমূহত অঁকা হৈছিল। এইবোৰৰ ভিতৰত অজন্তাৰ দেৱালৰ চিত্ৰসমূহ পৃথিৱী বিখ্যাত। দশম শতিকামানৰ পৰা অসম, ৰাজস্থান, উৰিষ্যা, মহীশ্বৰ, তাঞ্জোৰ আদি ঠাইত তালপাত, সাঁচিপাত, পাট কাপোৰ আদিত ক্ষুদ্রাকৃতিৰ চিত্ৰ অঁকা হৈছিল,
মূলতঃ সংশ্লিষ্ট গ্রন্থসমূহৰ বিষয়বস্তুৰ সচিত্ৰ বিৱৰণ দিয়াৰ উদ্দেশ্যে। খ্ৰীষ্টপূর্ব প্রথম শতিকাতে চিত্র অংকনৰ বাবে প্ৰয়োজনীয় (১) আকৃতি, (২) জোখ-মাপ, (৩) আৱেগ-অনুভূতি প্রকাশক কৌশল, (৪) কলাত্মক উপস্থাপন, (৫) সাদৃশ্য জ্ঞান আৰু (৬) তুলিকা ব্যৱহাৰৰ নিয়ম এই ষড়াংগৰ চৰ্চা হৈছিল। দেৱাল চিত্ৰত এইবোৰৰ প্ৰয়োগ হৈছিল। আৰু পিছলৈ ক্ষুদ্ৰাকাৰ চিত্ৰটো এইবোৰৰ প্ৰয়োগ কৰা হৈছিল। এলান্ধু, হালধি, সেন্দূৰ, শিলিখাৰ ৰস, কেঁচুৰ ৰস আদি প্রাকৃতিক সামগ্ৰীৰে ৰং তৈয়াৰ কৰা হৈছিল আৰু ৰং-বিৰঙীয়া চিত্র অংকন কৰা হৈছিল।
চুলতানী যুগত পাৰস্য দেশীয় কলা ৰীতিৰে অনুস্তুপীয়াকৈ আৰম্ভ কৰা চিত্রশিল্পৰ চৰ্চাৰ প্ৰমাণ সম্প্রতি উদ্ঘাটিত হৈছে। মোগলসকলৰ দিনত আকবৰ, জাহাংগীৰ আৰু ছাহজাহানৰ পৃষ্ঠপোষকতাত ক্ষুদ্ৰাকাৰ চিত্ৰশিল্পৰ বহুল চৰ্চা হয়। বিশেষকৈ মোগল বাদছাহসকলৰ জীৱনীভিত্তিক গ্রন্থসমূহত এনে চিত্র অংকিত কৰা হৈছিল। পাদছাহনামা, তুতিনামা, জাহাংগীৰনামা, দাস্তান-ই- আমিৰ, খাম্দা আদি গ্রন্থ সচিত্ৰকৈ অঁকা হৈছিল। ফাৰ্চী ৰীতিৰ এই চিত্ৰশৈলীৰে ৰামায়ণ, মহাভাৰত আদি হিন্দুধর্ম গ্রন্থত চিত্ৰ আঁকিবলৈ লোৱা হয়। মোগল যুগৰ চিত্ৰসমূহত সম্ৰাটসকলৰ ছবি, দৰবাৰ, যুদ্ধ জয়, চিকাৰ, বাগিচা, ফুল, গছ-লতিকা, জন্তু আদি বিষয়ক লৈ অঁকা হৈছিল আৰু চিত্ৰসমূহত পৰিপক্কতা দেখিবলৈ পোৱা গৈছিল।
৩। ভাৰতৰ সংগীত আৰু নৃত্যকলাৰ ঐতিহ্য।
উত্তৰ : সংগীত আৰু নৃত্যৰ ক্ষেত্ৰত ভাৰতৰ ঐতিহ্য সমৃদ্ধিশালী। বেদৰ স্তোত্ৰসমূহ এক নিৰ্দিষ্ট সাংগীতিক শৈলীৰে উপস্থাপন কৰা হৈছিল। মোগল যুগত সংগীতে বিকাশৰ উচ্চতৰ স্তৰত উপনীত হৈছিল। ধ্রুপদী আৰু লোক সংগীতৰ লগত সংগত কৰিবলৈ বিভিন্ন প্ৰকাৰৰ বাদ্যযন্ত্ৰ প্ৰস্তুত কৰা হৈছিল। এই বিলাকৰ ভিতৰত চেহনাই, তবলা, চলুৰ, চেতাৰ, বীণা আৰু বাঁহী গুৰুত্বপূৰ্ণ। সংগীতৰ নিচিনাকৈ নৃত্যয়ো প্রাচীন যুগত মনোযোগ আকর্ষণ কৰিছিল। ভাৰতৰ ভিন্ন প্ৰান্তত বৃহৎ সংখ্যক লোকনৃত্য আছে। এইবোৰৰ ভিতৰত ভাৰত চৰকাৰে আঠবিধ নৃত্যক ভাৰতীয় ধ্রুপদী নৃত্য হিচাপে স্বীকৃতি দিছে। এই আঠবিধ নৃত্য হৈছে: (ক) কথাকলি (কোলা) (খ) মোহিনী আট্টম (কেৰালা) (গ) ভাৰত নাট্যম (তামিলনাড়ু) (ঘ) কুচিপুড়ী (অন্ধ্র প্রদেশ) (ঙ) ওডিছি (ওড়িশা) (চ) কথক (উত্তৰ ভাৰত) (ছ) মণিপুৰী নৃত্য (মণিপুৰ) (জ) সত্ৰীয়া (অসম)
৪। অসমৰ ভাস্কর্য শিল্প
উত্তৰ : প্রাচীন কাল আৰু মধ্যযুগত অসমত ভাস্কর্য শিল্পৰ উল্লেখযোগ্য বিকাশ সাধন হৈছিল। শিল, হাতীৰ দাঁত, সোণ, ৰূপ, ব্ৰঞ্জ আৰু কাঠেৰে ভাস্কৰ্যসমূহ নিৰ্মাণ কৰা হৈছিল। এই ভাস্কৰ্যসমূহৰ প্ৰধান বিষয়বস্তু আছিল ধর্মীয় উপাস্য দেৱতা যেনে শিৱ,বিষ্ণু, গংগাপতি, সূর্য ইত্যাদি। ৰাজ্যখনৰ বিভিন্ন অংশত বিভিন্ন জীৱ-জন্তুৰ ভাস্কৰ্যও দেখা যায়। তেজপুৰৰ দ-পৰ্বতীয়া, বামুণী-পাহাৰ, মদন কামদেৱ, আমবাৰী, ডবকা, সূর্য পাহাৰ, বৰগংগা, নুমলীগড়, দেওপানী, হোজাই, ডিব্ৰুগড়, শুক্ৰেশ্বৰ, আদিত অসমৰ প্ৰধান ভাস্কর্যসমূহ দেখা যায়। দ-পৰ্বতীয়াৰ ভাস্কৰ্যসমূহ অষ্টম শতিকাত নিৰ্মাণ কৰা হৈছিল। গুপ্তযুগৰ ভাস্কৰ্যৰ দ্বাৰা এই ভাস্কর্যসমূহ যথেষ্ট প্রভাৱিত হৈছিল।
৫। অসমৰ স্থাপত্য শিল্প
উত্তৰ : প্রাচীন কালত অসমত স্থাপত্য শিল্পৰ অধিক উৎকর্ষ সাধন হোৱা নাছিল। অৱশ্যে মধ্যযুগত আহোম আৰু কোচ ৰজাৰ পৃষ্ঠ পোষকতাত স্থাপত্য শিল্পৰ কিছু উৎকর্ষ সাধন হৈছিল। অসমৰ প্ৰধান স্থাপত্যসমূহৰ ভিতৰত আহোম ৰাজত্ব কালত নিৰ্মিত ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ আৰু ভালেমান মন্দিৰ উল্লেখযোগ্য। এই সময়ছোৱাত নির্মিত বিখ্যাত মন্দিৰসমূহ হৈছে কামাখ্যা মন্দিৰ, উপ্ৰতাৰা মন্দিৰ, উমানন্দ মন্দিৰ, শিৱদৌল, জয়দৌল, দেৱীদৌল, ফাকুৱা দৌল, হাজোৰ হয়গ্ৰীৱ-মাধৱ মন্দিৰ, শুক্ৰেশ্বৰ দেৱালয়, দেৰগাঁও আৰু বিশ্বনাথৰ শিৱ মন্দিৰ, নৱগ্ৰহ মন্দিৰ ইত্যাদি। এই স্থাপত্যসমূহ ইটা আৰু শিলেৰে তৈয়াৰ কৰা হৈছিল। আহোম ৰজাসকলে নিৰ্মাণ কার্যত যথেষ্ট মনোযোগ নিবদ্ধ কৰিছিল। বাট-পথ, প্রাসাদ, মন্দিৰ আদিব নিৰ্মাণ আৰু মেৰামতি তদাৰক কৰিবলৈ চাংৰুং ফুকন নামৰ এজন বিষয়া নিয়োগ কৰা হৈছিল।
সমাজ বিজ্ঞান Class 10 ইতিহাস পাঠ 5
৬। অসমৰ বৈষ্ণৱী সাহিত্য
উত্তৰ : অসমত পঞ্চদশ শতিকাত শংকৰদেৱ আৰু মাধৱদেৱে আৰম্ভ কৰা বৈষ্ণৱ আন্দোলনে সাহিত্য সমন্বিতে অসমীয়া সংস্কৃতিৰ প্ৰতিটো ক্ষেত্ৰতে প্ৰভাৱিত কৰিছিল। অসমীয়া সাহিত্যৰ ওপৰত এই ধর্মীয় আন্দোলনে যথেষ্ট প্রভাৱ বিস্তাৰ কৰিছিল আৰু এই সময়ছোৱাত ভালেমান কাব্য নাট, ভক্তিমূলক গীত আদি ৰচিত হয়। এই সাহিত্যসমূহৰ মূল বিষয়বস্তু আছিল ৰামায়ণ, মহাভাৰত, পুৰাণ ইত্যাদি। মধ্যযুগীয় অসমৰ মহান বৈষ্ণৱ ধৰ্ম প্ৰচাৰক শংকৰদেৱে প্ৰায় ৩০ টা বৰগীত আৰু কেইবাখনো অংকীয়া নাটকে ধৰি বহু সংখ্যক সাহিত্য ৰচনা কৰিছিল। তেওঁ ৰচনা কৰা কীৰ্তন পুথিখন তেওঁৰ সৰ্বোত্তম সৃষ্টি।
শ্বেক্সপিয়েৰে সাহিত্য ৰচনা কৰাৰ আগতেই মহাপুৰুষ শংকৰদেৱে প্ৰথমে নাট চিহ্নযাত্ৰা ৰচনা কৰি মঞ্চস্থ কৰিছিল। শংকৰদেৱৰ প্ৰধান শিষ্য মাধৱদেৱে গুৰুজনাক অনুসৰণ কৰি নামঘোষাৰ লগতে ভালেমান বৰগীত ৰচনা কৰি গৈছে। অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধিশালী কৰা নৱবৈষ্ণৱ যুগৰ অন্যান্য লেখকসকল আছিল ভট্টদেৱ, অনন্ত কন্দলী, ৰাম সৰস্বতী ইত্যাদি।
৭। অসমৰ লোক সংগীত।
উত্তৰ : অসমত ভিন ভিন উপলক্ষ্যত পৰিৱেশন কৰা বিভিন্ন ধৰণৰ লোক সংগীতৰ প্ৰচলন আছে। অসমৰ লোক সংগীতসমূহ
অনন্য আৰু বিশেষত্বপূর্ণ। এইবিলাক অসমীয়া সংস্কৃতিৰ এক অপৰিহাৰ্য অংশ। বিবাহ, উৎসৱ-পাৰ্বণ, সামূহিক সমাৱেশ
আদিত এইবিলাক পৰিৱেশন কৰা হয়। কামৰূপী আৰু গোৱালপৰীয়া লোকগীত সমগ্ৰ অসমতে অতি জনপ্রিয়। অন্যান্য
জনপ্রিয় লোকগীতসমূহ হৈছে আইনাম, ধাইনাম, টোকাৰি গীত, চিয়াগীত, নাঙেলী গীত, চেৰা ঢেক ইত্যাদি।
লোক সংগীতৰ ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ উভয়ে লোক সংগীতৰ ভালেমান
শিল্পীক সন্মানিত কৰিছে। সংগীত নাটক অকাডেমিৰ দ্বাৰা সন্মানিত কেইগৰাকীমান শিল্পী হৈছে প্ৰয়াত খগেন মহন্ত,
ৰামেশ্বৰ পাঠক আৰু প্ৰতিমা পাণ্ডে বৰুৱা। গোৱালপৰীয়া লোকগীতৰ শিল্পী প্রতিমা পাণ্ডে বৰুৱাক কেন্দ্ৰীয় চৰকাৰে
পদ্মশ্ৰী উপাধিৰে সন্মানিত কৰিছিল।
Class 10 social science history chapter 5 Question Answer in Assamese
৮। অসমৰ ধৰ্মীয় সংহতি।
উত্তৰ : বৃহৎ সংখ্যক নৃগোষ্ঠীয় জনজাতি, জাতি, সাংস্কৃতিক গোট আৰু ধৰ্মীয় গোটেৰে অসম ৰাজ্যখন আশীৰ্বাদপুষ্ট। ৰাজ্যখনত প্রাধান্য বিস্তাৰ কৰা ধৰ্মকেইটা হৈছে হিন্দুধর্ম, ইছলাম ধৰ্ম, খ্ৰীষ্টিয়ান ধর্ম, বৌদ্ধ ধর্ম, প্রকৃতি-প্রাণবাদী বিশ্বাস ইত্যাদি। ধর্মীয় ক্ষেত্ৰত ৰাজ্যখনৰ এক লক্ষ্যণীয় বৈশিষ্ট্য এয়ে যে ৰাজ্যখনত ধৰ্মীয় সংহতি বিৰাজ কৰিছে। সংখ্যাগৰিষ্ঠ লোকে হিন্দু ধর্ম অনুসৰণ কৰে যদিও তেওঁলোকে হিন্দু ধৰ্মৰ বিভিন্ন পন্থা অনুসৰণ কৰে অৰ্থাৎ তেওঁলোকে শাক্ত, শৈৱ, বৈষ্ণৱ আৰু সৌৰপন্থী।
বৃহৎ সংখ্যক লোকে শংকৰদেৱ আৰু মাধদেৱে জনপ্ৰিয় কৰা বৈষ্ণৱ ভক্তিমাৰ্গৰ অনুসৰণ কৰে। ধর্মীয় অনুশীলন
আৰু ৰীতি-নীতি ভিন্ন হ’লেও হিন্দু ধৰ্মৰ বিভিন্ন পন্থাৰ মৌলিক উপাদানসমূহ একে। তেওঁলোকৰ মাজত বিশেষ সংঘাত
পৰিলক্ষিত নহয়। গুৱাহাটীত অৱস্থিত কামাখ্যা মন্দিৰ হিন্দুসকলৰ এক প্ৰসিদ্ধ তীর্থস্থান। অন্যান্য ধর্মীয় গোট অর্থাৎ
মুছলমান, খ্ৰীষ্টিয়ান, শিখ আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকে ৰাজ্যখনত শান্তিপূর্ণ ভাৱে বসবাস কৰে। অন্যাৰ্থত, ধর্মীয় সমন্বয়
আৰু সংহতিৰ বাবে অসম প্রসিদ্ধ।
৯। অসমৰ বুৰঞ্জী সাহিত্য
উত্তৰ : মধ্যযুগৰ আহোম ৰজা আৰু ডা-ডাঙৰীয়াসকলৰ পৃষ্ঠপোষকতাত বুৰঞ্জী সাহিত্যসমূহ ৰচনা কৰা হৈছিল। এইবুৰঞ্জী সাহিত্যসমূহ অসমৰ সাহিত্যৰ ভঁৰাললৈ এক উল্লেখযোগ্য সংযোজন। প্রথম অৱস্থাত বুৰঞ্জী সাহিত্যসমূহ অহোমসকলৰ টাই ভাষাতে ৰচনা কৰা হৈছিল যদিও ষোড়শ শতিকাৰ পৰা অসমীয়া ভাষাত লিখাৰ পদক্ষেপ গ্ৰহণ কৰা হয়। ব্ৰিটিছ শাসন কালত
কিছুমান বুৰঞ্জী সাহিত্যৰ উদ্ধাৰ সংৰক্ষণ আৰু মুদ্ৰণৰ পদক্ষেপ গ্ৰহণ কৰা হয় । এনে কিছুমান বুৰঞ্জী হৈছে তুংখুঙ্গীয়া বুৰঞ্জী,
দেওধাই বুৰঞ্জী, কছাৰী বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী ইত্যাদি।
১০। বিহু উৎসৱ
উত্তৰ : অসমৰ অসমীয়া লোকসকলে জাত-পাত, উচ্চ-নীচৰ ভেদাভেদ পাহৰি সৰ্বাত্মকভাৱে বিহু উদযাপন কৰে। একোটা বৰ্ষত তিনিটা বিহু উদযাপন কৰা হয়— চ’ত মাহৰ সংক্ৰান্তিৰ দিনাৰ পৰা ব’হাগ মাহৰ প্ৰথম ছয়দিনলৈ ব’হাগ বা ৰঙালী বিহু
উদযাপন কৰা হয়, কাতি মাহৰ প্ৰথম দিনটোত কাতি বা কঙালী বিহু উদযাপন কৰা হয় আৰু মাঘ বা ভোগালী বিহু পুহ মাহৰ
অন্তিম দিনটোৰ ৰাতিৰ ভাগত আৰু মাঘ মাহৰ প্ৰথমটো ৰাতিপুৱা উদযাপন কৰা হয় ৷ ৰঙালী বিহুত ৰং-ধেমালি আৰু
প্রাণচাঞ্চল্যৰ পয়োভৰ হয়। প্রথম দিনটো গৰু বিহু হিচাপে উদ্যাপন কৰা হয়। এই দিনটোত গৰুক তেল-হালধি সানি স্নান
কৰোৱা হয় ।
দ্বিতীয় দিনটো মানুহ বিহু হিচাপে উদযাপন কৰা হয়। এই দিনটোত সকলোৱে নতুন বস্ত্ৰ পৰিধান কৰি বয়সস্থ
লোকসকলৰ আশীৰ্বাদ গ্রহণ কৰে । ৰঙালী বিহুৰ তৃতীয়, চতুর্থ, পঞ্চম, ষষ্ঠ আৰু সপ্তম দিনকেইটাক ক্ৰমে গোঁসাই বিহু,
কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু বুলি কোৱা হয়। এই সময়ছোৱাত বিহু নৃত্য, খেল-ধেমালি আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।
ঢোল, পেপা, গগনা আদি বিস্তৃতভাৱে সংগত কৰা হয়। কাতি বিহুৰ দিনা উপবাস কৰি ৰাতিৰ ভাগত তুলসী তলত আৰু ধাননি পথাৰত চাকি-বন্তি জ্বলোৱা হয়। ভোগালী বিহুত উৰকাৰ দিনা সমূহীয়া ভোজ-ভাতৰ আয়োজন কৰা হয়। উক্ত দিনটোত সাজি উলিওৱা ভেলাঘৰ (বাহ, খেৰ আদিৰে সজা অস্থায়ী পঁজাঘৰ) বা মেজি ৰং-ধেমালিৰে ভোজ-ভাত খোৱাৰ অন্তত পিছদিনা জ্বলাই দিয়া হয়। মানুহে অগ্নি দেৱতাৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে।
১। সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল?
উত্তৰ : মীৰাটলৈ।
২। সিন্ধু সভ্যতাৰ নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল?
উত্তৰ : খ্ৰীষ্টপূৰ্ব চতুর্থ সহস্রাব্দত।
৩। ঋকবেদৰ আনুমানিক ৰচনা কাল কিমান?
উত্তৰ : খ্ৰীষ্টপূর্ব ১৫০০ চনৰ পৰা খ্ৰীষ্টপূৰ্ব ১০০০ চনৰ ভিতৰত।
8। ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীক থকা ‘সত্যমেব জয়তে’ এই বাক্যশাৰী মূলতঃ কোন গ্ৰন্থৰ পৰা লোৱা হৈছে?
উত্তৰ : ‘মুণ্ডক উপনিষদ’ৰ পৰা।
৫। প্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি?
উত্তৰ : কৌটিল্যৰ অৰ্থশাস্ত্র।
৬। ‘বিবিধতাৰ মাজত একতা’ এই বাক্যাংশ কোনখন গ্রন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে?
উত্তৰ : জৱাহৰলাল নেহৰুৰ ‘ভাৰত সম্ভেদ’ (Discovery of India)।