ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ Class 10 চতুর্থ অধ্যায়

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ Class 10 চতুর্থ অধ্যায় Class 10 social science history chapter 4 Question Answer in Assamese | সমাজ বিজ্ঞান Class 10 ইতিহাস পাঠ 4

শ্ৰেণীদশম শ্ৰেণীৰ
বিষয়সমাজ বিজ্ঞান
পাঠভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
খণ্ডইতিহাস
অধ্যায়চতুর্থ অধ্যায়
পাঠ4
উপলব্ধসকলো প্ৰশ্নৰ উত্তৰ

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

অতি চমু প্রশ্নোত্তৰ

১। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?
উত্তৰঃ ১৮২৬ চনৰ ২৬ ফেব্ৰুৱাৰীত।

২। কোম্পানীৰ আমোল বুলিলে কোনটো সময়ক বুজায়।
উত্তৰ : ১৮২৬ চনৰ পৰা ১৮৫৮ চনৰ সময়ছোৱাক কোম্পানীৰ আমোল বোলে।

৩। অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল?
উত্তৰ : ১৮৩৭ চনত।

৪। বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল?
উত্তৰ : ১৮৭৩ চনত।

৫। অৰুনোদই কাকতৰ প্ৰথম সম্পাদক কোন আছিল ?
উত্তৰ : নাথান ব্রাউন।

৬। অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম কি?
উত্তৰ: মিলন।

৭। ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল?
উত্তৰ : ৰায়ত সভাৰ মুখ্য উদ্দেশ্য আছিল গ্রেজিং কৰ বন্ধ কৰা, মাটিৰ খাজনা হ্রাস কৰা আৰু পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা।

৮। সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল?
উত্তৰ : ১৯৩৩ চনত ।

৯। আহোম সভাৰ সম্পাদন কোন আছিল?
উত্তৰ : পদ্মনাথ গোহাঞি বৰুৱা ।

১০। যোৰহাট সার্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল?
উত্তৰ : ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত।

১১। অসম প্রদেশ কংগ্ৰেছ কমিটীৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল?
উত্তৰ : সভাপতি আছিল কুলধৰ চলিহা আৰু সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ।

১২। অসম প্রদেশ কংগ্ৰেছ কমিটীত আনুষ্ঠানিকভাবে নির্বাচিত প্রথমজন সভাপতি কোন আছিল?
উত্তৰঃ বিষ্ণুৰাম মেধি।

১৩। অসমৰ প্ৰথম প্রধানমন্ত্রী কোন আৰু কেতিয়া নির্বাচিত হৈছিল?
উত্তৰ: অসমৰ প্ৰথমজন প্রধানমন্ত্রী আছিল গোপীনাথ বৰদলৈ। ১৯৪৬ চন।

১৪। অসমত স্থাপিত হোৱা প্ৰথমখন জাতীয় অনুষ্ঠান কি?
উত্তৰঃ আছাম এছ’চিয়েছন।

১৫। কুশল কোঁৱৰক কি অপৰাধত ফাঁচী দিয়া হৈছিল?
উত্তৰ : বৰপথাৰত ৰে’ল বগৰোৱাৰ অপৰাধত।

১৬। গৌহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল?
উত্তৰ : ১৯৪৮ চনৰ ২৬ জানুৱাৰীত।

১৭। অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাবে কেতিয়া নামংকিত হয়?
উত্তৰ : ১৯৪৭ চনৰ ৩ নৱেম্বৰত।

১৮। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয় ?
উত্তৰ : ১৯৬০ চনৰ ২০ ছেপ্টেম্বৰত।

১৯। কাৰ উদ্যোগত কেতিয়া জ্ঞান প্রদায়িনী সভা প্রতিষ্ঠা হৈছিল?
উত্তৰ : ১৮৫৭ চনত আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ উদ্যোগত জ্ঞান প্ৰদায়িনী সভা প্রতিষ্ঠা হৈছিল।

২০। কাৰ নেতৃত্বত কেতিয়া ‘অসম লিটাৰেৰী ছ’চাইটী নামৰ সংগঠনটো গঠন হৈছিল?
উত্তৰ : ১৮৭২ চনত দেৱীচৰণ বৰুৱা আৰু গুণ গোবিন্দ ফুকনৰ নেতৃত্বত এই সংগঠনটো প্রতিষ্ঠা হয়।

২১। অসম লিটাৰেী ছ’চাইটীৰ প্ৰধান উদ্দেশ্য কি আছিল?
উত্তৰঃ সাহিত্য চর্চা।

২২। কিমান চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠিত হৈছিল?
উত্তৰ : ১৮৮৮ চনত।

২৩। অসমীয়া ভাষা উন্নতি সাধিনী সভাই প্ৰকাশ কৰা বিখ্যাত অসমীয়া আলোচনীখনৰ নাম কি?
উত্তৰ : জোনাকী।

২৪। ‘জোনাকী’ আলোচনীৰ প্ৰথমজন সম্পাদক কোন আছিল?
উত্তৰঃ চন্দ্ৰ কুমাৰ আগৰৱালা।

সমাজ বিজ্ঞান Class 10 ইতিহাস পাঠ 4

২৫। ‘জোনাকী’ যুগৰ ত্ৰিমূর্তি কোন কোন?
উত্তৰঃ হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰ কুমাৰ আগৰৱালা।

২৬। কিমান চনত অসম ছাত্র সম্মিলন গঠন হৈছিল?
উত্তৰ : ১৯১৬ চনত ।

২৭। আহোম সভাৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল?
উত্তৰ : পদ্মনাথ গোহাঞি বৰুৱা।

২৮। কিমান চনত আহোম সভাৰ নাম সদৌ অসম আহোম এছ’চিয়েছন’ হয়?
উত্তৰ : ১৯১০ চনত।

২৯। কাৰ নেতৃত্বত কেতিয়া আছাম এছ’চিয়েছন গঠন হয়?
উত্তৰ: মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত ১৯০৩ চনত আছাম এছ’চিয়েছন গঠন হয়।

৩০। কিমান চনত ভাৰতীয় জাতীয় কংগ্ৰেছ প্রতিষ্ঠা হয়?
উত্তৰ : ১৮৮৫ চনত।

৩১। কিমান চনত পাণ্ডুত জাতীয় কংগ্ৰেছৰ অধিৱেশন হৈছিল?
উত্তৰ : ১৯২৬ চনত।

৩২। অম্বিকাগিৰীয়ে গঠন কৰা বিপ্লৱী সংগঠনটোৰ নাম কি আছিল?
উত্তৰ : সেৱা সংঘ।

৩৩। অসমত গৌহাটী বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ কোনটো সংগঠনে বিশেষ চেষ্টা কৰি ফলৱৰ্তী হৈছিল?
উত্তৰ : আছাম এছ’চিয়েছন।

৩৪। কিমান চনত আছাম এছ’চিয়েছনে অসমত বিশ্ববিদ্যালয় স্থাপনৰ দাবী তুলিছিল?
উত্তৰ : ১৯২০ চনত।

৩৫। কিমান চনত আছাম এছ’চিয়েছন জাতীয় কংগ্ৰেছৰ লগত চামিল হয়?

উত্তৰ: ১৯২১ চনত।

৩৬। কিমান চনত মহাত্মা গান্ধী প্ৰথমবাৰৰ বাবে অসমলৈ আহিছিল?
উত্তৰঃ ১৯২১ চনত।

৩৭। উত্তৰ-পূব ভাৰতৰ প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয়খনৰ নাম কি?
উত্তৰ : অসম কৃষি বিশ্ববিদ্যালয়।

৩৮। বর্তমান গুৱাহাটী বিশ্ববিদ্যালয় থকা অঞ্চলটোৰ নাম কি?
উত্তৰ : গোপীনাথ বৰদলৈ নগৰ।

৩৯। উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক’ত স্থাপন হৈছিল?
উত্তৰ : ডিব্ৰুগড়ত।

৪০। কিমান চনত শিলচৰ মেডিকেল কলেজ স্থাপিত হয়?
উত্তৰ : ১৯৬৮ চনত।

৪১। ‘হেমকোষ’ অভিধানৰ প্ৰণেতা কোন?
উত্তৰ : হেমচন্দ্ৰ বৰুৱা।

৪২। আছাম এছ’চিয়েচনৰ প্ৰথমখন অধিবেশন ১৯০৫ চনত ক’ত অনুষ্ঠিত হৈছিল? 
(ক) শিৱসাগৰত
(খ) যোৰহাটত
(গ) ডিব্ৰুগড়ত
(ঘ) গোলাঘাটত
উত্তৰ : (গ) ডিব্ৰুগড়ত

চমু প্রশ্নৰ উত্তৰ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ Class 10

১। জোনাকী যুগ বুলিলে কোনটো সময়ক বুজোৱা হয়? এই যুগত উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণৰ এটি চমু আভাষ দিয়া?
উত্তৰ : জোনাকী যুগ বুলি অসমীয়া ভাষা উন্নতি সাধিনী সভাই প্ৰকাশ কৰা ‘জোনাকী’ কাকতৰ কাৰ্যকালকে বুজায়। অ.ভা.উ.সা. সভাই প্ৰকাশ কৰা জোনাকীয়ে অসমৰ সুধী সমাজত এক নতুন আলোড়নৰ সৃষ্টি কৰিছিল। অৰুনোদইৰ জৰিয়তে আৰম্ভ হোৱা সাহিত্যিক নৱজাগৰণে পৰিপূৰ্ণতা লাভ কৰিছিল জোনাকীৰ পাতত। জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰ কুমাৰ আগৰৱালা।

জোনাকীয়ে সেই সময়ৰ বহু নতুন সাহিত্যিক প্রতিভাৱান লোকক উলিয়াই আনিবলৈ সক্ষম হৈছিল। জোনাকীৰ প্ৰথম সংখ্যাত এটা বিষয় স্পষ্ট কৰা হৈছিল যে ই ৰাজনীতিৰ পৰা সম্পূর্ণ মুক্ত হৈ থাকিব। কিন্তু কালক্ৰমত স্বাভাৱিকভাৱেই জোনাকীত প্রকাশিত কবিতা, প্রবন্ধ-নিবন্ধসমূহত লেখকসকলৰ জাতীয়তাবাদী চিন্তাৰ প্ৰতিফলন ঘটিছিল। ব্ৰিটিছৰ আগমনৰ ফলত অসমৰ থলুৱা উদ্যোগ আৰু বাণিজ্যত যি নেতিবাচক প্ৰভাৱ পৰিছিল সেই বিষয়ে জোনাকীয়ে সচেতনতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল।

এই ক্ষেত্ৰত কনকলাল বৰুৱা আৰু কমলাকান্ত ভট্টাচার্যই নিয়মীয়াকৈ অসমৰ অর্থনৈতিক অনগ্ৰসৰতা আৰু প্ৰগতিৰ ধাৰা সম্পৰ্কীয় নিবন্ধ প্ৰকাশ কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মোৰ দেশ’, ‘অসম সংগীত’, ‘বীণ ব’ৰাগী’ আদি আৰু অম্বিকাগিৰী ৰায়চৌধুৰীৰ ৰচনাই দেশপ্ৰেমৰ জয়গান গাইছিল। জোনাকীয়ে এক সাহিত্যিক তথা সামাজিক চেতনা জাগ্ৰত কৰিছিল।

২। অসমীয়া লিটাৰেৰী ছ’চাইটীৰ বিষয়ে লিখা।
উত্তৰ : কলিকতালৈ উচ্চ শিক্ষাৰ বাবে যোৱা ছাত্ৰসকলে অসমীয়া ভাষা-সাহিত্য উন্নয়নৰ অৰ্থে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছিল। ফলত দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকনৰ নেতৃত্বত ১৮৭২ চনত ‘অসমীয়া লিটাৰেৰী ছ’চাইটী’ নামৰ প্রথমটি সংগঠন কলিকতাত গঠন হৈছিল। এই অনুষ্ঠানৰ প্ৰধান উদ্দেশ্য আছিল সাহিত্য চৰ্চা। কিন্তু ৰাজনৈতিক চিন্তাৰো প্ৰকাশ ঘটিছিল।

১৮৭২ চনত এই সংগঠনৰ প্রসিদ্ধ সদস্য জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱাই উক্ত ছ’চাইটীৰ তৰফৰ পৰা সেই সময়ৰ ভাইচৰয় লর্ড নর্থব্রুকক এখন স্মাৰক পত্ৰ দাখিল কৰিছিল। সেই স্মাৰকপত্ৰত তেওঁলোকে অসমৰ প্ৰাকৃতিক সম্পদ উন্নয়ন আৰু অসম আৰু বংগৰ মাজত ৰে’ল সংযোগ স্থাপনৰ বাবে যাৱতীয় পদক্ষেপ গ্রহণ কৰিবলৈ দাবী জনাইছিল। এই সংগঠনটো ১৮৮৫ চনলৈকে সক্ৰিয় হৈ আছিল।

৩। আহোম সভাৰ ৰাজনৈতিক দাবী সম্পর্কে চমুকৈ লিখা।
উত্তৰ : আহোমসকলক চৰকাৰীভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ মৰ্যাদা প্ৰদান কৰি তেওঁলোকৰ বাবে বিধানসভাত আসন সংৰক্ষণ কৰা আৰু পৃথক সমষ্টি গঠন কৰা।

সমাজ বিজ্ঞান Class 10 ইতিহাস পাঠ 4

৪। কানিৰ প্ৰচলন সম্পর্কে যোৰহাট সাৰ্বজনিক সভাৰ স্থিতি কি আছিল ?
উত্তৰ : ১৮৯৩ চনত সভাই ৰাজকীয় কানি আয়োগলৈ স্মাৰক পত্ৰযোগে কানিৰ একাধিক উপকাৰিতাৰ লেখ দি চৰকাৰক কানি নীতি পৰিৱৰ্তন বা কানি নিবাৰণৰ প্ৰস্তাৱৰ বিৰোধিতা কৰিছিল।

৫। আছাম এছ’চিয়েছনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি আছিল?
উত্তৰ : (১) বংগ ভংগৰ বিৰোধিতা কৰিছিল। (২) বিধান সভাত প্রতিনিধিত্বৰ দাবী তুলিছিল (৩) ১৯১৮ চনৰ মণ্টেগ’-ছেমছফ’ৰ্ড ৰিপ’ৰ্টৰ আধাৰত প্ৰস্তাৱিত শাসন সংস্কাৰত অসমকো সামৰি লোৱাৰ দাবী তুলিছিল। (৪) অসমত বিশ্ববিদ্যালয় স্থাপনৰ দাবী তুলিছিল। (৫) বর্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল। (৬) কটন কলেজত অসমীয়া শিক্ষক নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল।

৬। অসমত বিদেশী বস্তু বৰ্জন আন্দোলনৰ কাৰ্যাৱলী সম্পর্কে চমুকৈ লিখা।
উত্তৰ: অসমৰ মানুহে নিমখৰ পৰিৱৰ্তে খাৰ, বিদেশী চেনিৰ সলনি বেনাৰসৰ চেনি, বিদেশী বস্ত্ৰৰ বিপৰীতে থলুৱা এড়ী, মুগা, কপাহী আৰু খাদ্য বস্ত্ৰ ব্যৱহাৰ কৰিছিল।

৭। অসমত অসহযোগ আন্দোলনত নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে লিখা।
উত্তৰ: অসমত চলা অসহযোগ আন্দোলনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ভালেসংখ্যক নেতাই আগভাগ লৈছিল। তেওঁলোকৰ ভিতৰত কুলধৰ চলিহা, নবীন চন্দ্ৰ বৰদলৈ, চন্দ্ৰনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, মুহিবুদ্দিন আহমেদ, লক্ষীধৰ শৰ্মা, ৰোহিণীকান্ত হাতীবৰুৱা, বিমলা কান্ত বৰুৱা, কনক চন্দ্ৰ বৰুৱা, বেণুধৰ শৰ্মা, তিলক শৰ্মা আদি উল্লেখযোগ্য।

৮। কানিংহাম চার্কুলাৰে অসমত আইন অমান্য আন্দোলনৰ ক্ষেত্ৰত কেনে প্ৰভাৱ পেলাইছিল?
উত্তৰ : ১৯৩০ চনত জে. আৰ. কানিংহামে প্ৰকাশ কৰা কানিংহাম চার্কুলাৰৰ বাবে অসমৰ পৰিস্থিতি অধিক স্পর্শকাতৰ হৈ পৰিছিল। এই চার্কুলাৰ মতে, ছাত্ৰ আৰু তেওঁলোকৰ অভিভাৱকসকলে কোনো ধৰণৰ ৰাজনৈতিক কার্যকলাপত অংশগ্ৰহণ নকৰাৰ লিখিত প্রতিশ্রুতি দিবলগীয়া হৈছিল। দোষী সাব্যক্ত হোৱাসকলক জৰিমনা বিহাৰ লগতে ছাত্ৰ বৃত্তিৰ পৰা বঞ্চিত কৰা হ’ব বুলি এই জাননীত প্ৰকাশ কৰা হৈছিল। ছাত্ৰসকলে এই নিৰ্দেশনাৰ বিৰুদ্ধে তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যিয়ে পিছলৈ অসমত আইন অমান্য আন্দোলনৰ প্ৰসাৰত অৰিহণা যোগাইছিল।

Class 10 social science history chapter 4 Question Answer in Assamese

৯। গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যা সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ স্বাধীনতাৰ ঠিক পিছতেই উত্তৰ-পূৰ্বাঞ্চলে সীমান্ত সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল। ১৯৪৭ চনৰ দেশ বিভাজনে ভাৰতবৰ্ষৰ আন আন অঞ্চলৰ লগত উত্তৰ-পূব ভাৰতৰ যোগাযোগ বিঘ্নিত কৰিছিল। মাত্ৰ ১২ কিলোমিটাৰ বহল এক সংকীর্ণ ভূখণ্ডইহে উত্তৰ- পূবক ভাৰতৰ লগত সংযোগ কৰিছিল। বিভাজনৰ পিছত পশ্চিমবংগ আৰু অসমৰ মাজৰ ৰে’লপথ আৰু নদী পৰিবহণ হঠাতে পূব পাকিস্তানৰ অন্তৰ্গত হৈ গৈছিল।

বিভাজনে বংগ, অসম আৰু আৰাকান অঞ্চলৰ মাজত থকা জটিল অর্থনৈতিক সম্পর্ক বিঘ্নিত কৰিছিল ৷ মাত্ৰ বাৰ কিলোমিটাৰ বহল এক সংকীৰ্ণ ভূখণ্ডইহে উত্তৰ পূব ভাৰতৰ লগত সংযোগ কৰিছিল। বিভাজনৰ পিছত পশ্চিমবংগ আৰু অসমৰ মাজৰ ৰে’লপথ আৰু নদী পৰিবহণ হঠাতে পূব পাকিস্তানৰ অন্তৰ্গত হৈ গৈছিল। বিভাজনে বংগ, অসম আৰু আৰাকান অঞ্চলৰ মাজত থকা জটিল অর্থনৈতিক সম্পর্ক বিঘ্নিত কৰিছিল।

বিভাজনৰ পূৰ্বে এই অঞ্চলটোৱে (বংগ-অসম-আৰাকান) কৃষি শিল্পজাত সামগ্ৰী চাহ, নীল মৰাপাট, ৰেচম আদিৰ আন্তর্জাতিক ভিত্তিত বাণিজ্য কৰিছিল। কিন্তু বিভাজনৰ পিছত এই আন্তর্জাতিক পৰ্যায়ৰ অৰ্থনীতিৰ বিসর্জন দি প্রত্যেকেই নিজ নিজ জাতীয় অর্থনীতি গঠনত মনোনিৱেশ কৰিছিল। অর্থনৈতিক বিশৃংখলাৰ মুখামুখি হোৱাৰ উপৰি উত্তৰ-পূব ভাৰতে অনুপ্ৰৱেশকাৰীৰ সমস্যা আৰু ভৌগোলিক পুনৰ গঠনৰ সমস্যাৰো সন্মুখীন হৈছিল। ১৯৬২ চনৰ চীনৰ ভাৰত আক্রমণে উত্তৰ-পূব ভাৰতৰ নিৰাপত্তাৰ প্ৰতিও প্রচণ্ড ভাবুকিৰ সৃষ্টি কৰিছিল।

এইদৰে বিভাজনৰ পিছত উত্তৰ-পূব অঞ্চলটো ভৌগোলিকভাৱে বিচ্ছিন্ন হৈ পৰিছিল আৰু একে সময়তে নিৰাপত্তাৰ ক্ষেত্ৰত এক স্পর্শকাতৰ অঞ্চললৈ ৰূপান্তৰিত হৈছিল। এনে এক ৰাজনৈতিক, ভৌগোলিক আৰু অর্থনৈতিকভাৱে জুৰুলা হৈ পৰা অসম তথা উত্তৰ-পূব ভাৰতৰ সামগ্ৰিক আৰ্থ-সামাজিক উন্নতিৰ বাবে স্বাধীনতাৰ পিছতেই আন্তঃগাঁথনি নিৰ্মাণত চৰকাৰে মনোনিৱেশ কৰিছিল। আন্তঃগাঁথনিৰ লগতে মানৱ সম্পদৰ বিকাশ আছিল বৰদলৈ মন্ত্ৰীসভাৰ আন এক লক্ষ্য ।

১০। অসম কৃষি বিশ্ববিদ্যালয় প্রতিষ্ঠাৰ চমু ইতিহাস লিখা।
উত্তৰ : ১৯১৩ চনত কৰিমগঞ্জত আৰু তাৰ ঠিক পিছতেই ১৯২৩ চনত তিতাবৰত অন্য এক কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাই অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰম্ভণি বুলি ক’ব পাৰি। যদিও এই কেন্দ্ৰসমূহে গৱেষণা আৰু প্ৰশিক্ষণ অবিৰামভাৱে চলাই আছিল তথাপি এখন সুকীয়া কৃষি আৰু পশু মহাবিদ্যালয় অত্যাৱশ্যকীয় হৈ পৰিছিল। সেয়েহে ১৯৪৮ চনত নগাঁৱত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় প্রতিষ্ঠা কৰা হৈছিল।

এই দুয়োখন মহাবিদ্যালয় সামৰি লৈ ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপিত হয় আৰু পশু চিকিৎসা মহাবিদ্যালয়খন নগাঁৱৰ পৰা বৰ্তমানৰ অৱস্থান গুৱাহাটীৰ খানাপাৰালৈ স্থানান্তৰিত কৰা হয় ৷ অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ-পূব ভাৰতৰ একমাত্ৰ আৰু প্ৰথম বৃত্তিমুখী বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়ৰ মূল উদ্দেশ্যসমূহ চমুকৈ তলত দিয়া হল-

(ক) কৃষিখণ্ডত মানৱ সম্পদৰ বিকাশ।

(খ) উৎপাদন বিকাশৰ বাবে নিৰন্তৰ গৱেষণা কৰা।
(গ) প্রযুক্তিবিদ্যাৰ উন্নতি তথা ইয়াৰ ৰাজহুৱ৷ প্ৰচাৰ কৰা ৷
(ঘ) কৃষিখণ্ডত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ প্ৰসাৰিত কৰা।
(ঙ) কৃষিখণ্ডৰ লগত জড়িত সকলো শ্ৰেণীৰ মাজত এক সামঞ্জস্য ৰক্ষা কৰা আৰু খাদ্যৰ ক্ষেত্ৰত নিৰাপত্তা সৃষ্টি কৰা ।

সমাজ বিজ্ঞান Class 10 ইতিহাস পাঠ 4

১১। অসম চিকিৎসা মহাবিদ্যালয় প্রতিষ্ঠাৰ চমু ইতিহাস লিখা।
উত্তৰ : উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল ডিব্ৰুগড়ত। ১৯০০ চনতে ডিব্ৰুগড়ত ডঃ জন বেৰী হোৱাইটৰ পঞ্চাছ হাজাৰ টকাৰ অনুদানৰ পুঁজিৰে ‘ব্ৰেৰী-হোৱাইট মেডিকেল স্কুল’ স্থাপন হৈছিল। জনহিতৈষী ডঃ জন বেৰী হোৱাইট আছিল লখিমপুৰ জিলাৰ চিভিল ছাৰ্জন। ১৯১০ চনত এই চিকিৎসা মহাবিদ্যালয়খনৰ ইংলেণ্ডৰ পৰা দুটা এক্স-ৰে মেচিন আমদানি কৰি আনিছিল আৰু ৰেডিঅ’লজী বিভাগ আৰম্ভ কৰিছিল।

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই বিদ্যালয়খন ওচৰৰে এখন চিকিৎসালয়ৰ চৌহদলৈ স্থানান্তৰিত কৰা হৈছিল যিখন যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যবাহিনীয়ে ব্যৱহাৰ কৰিছিল। স্বাধীনতাৰ পিছত ১৯৪৭ চনৰ ৩ নৱেম্বৰ তাৰিখে এই বিদ্যালয়খনক
আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয় নামেৰে নামকৰণ কৰা হৈছিল।

ৰচনাধৰ্মী প্রশ্নোত্তৰ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ Class 10

১। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা। 
উত্তৰ : পশ্চিমীয়া শিক্ষাৰ বিস্তাৰে ঊনবিংশ শতিকাৰ মাজভাগত অসমত এক মধ্যবিত্ত শিক্ষিত শ্ৰেণীৰ জন্ম দিছিল। স্বদেশপ্রীতি আৰু জাতীয়তাবাদী ভাবধাৰাৰে অনুপ্রাণিত এই শ্ৰেণীটোৱে নিজকে সংগঠিত কৰিবলৈ চেষ্টা কৰিছিল। এই প্ৰচেষ্টাৰ ফলস্বৰূপে আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ উদ্যোগত ১৮৫৭ চনত জ্ঞান প্ৰদায়িনী সভা’ৰ প্ৰতিষ্ঠা হৈছিল। আনন্দৰাম অসমক সাঙুৰি দিলে অসমৰ ৰাজনৈতিক ভৱিষ্যৎ বিপদাপন্ন হ’ব বুলি মতামত আগবঢ়াইছিল।

৫। আছাম এছ’চিয়েছনৰ ব্ৰিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পর্কে লিখা।
উত্তৰ : অসমৰ কথা সামগ্রিকভাবে চিন্তা কৰিবলৈ আৰু অসমৰ জনসাধাৰণৰ ইচ্ছা-আকাংক্ষাক চৰকাৰৰ ওচৰত নিবেদন কৰাৰ বাবে ১৯০৩ চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আছাম এছ’চিয়েছন নামৰ অনুষ্ঠানৰ জন্ম হৈছিল। ১৯০৫ চনত ডিব্ৰুগড় চহৰত অনুষ্ঠিত হোৱা এই এছ’চিয়েছনৰ প্ৰথমখন অধিৱেশনত গৌৰীপুৰৰ ৰাজা প্রভাত চন্দ্ৰ বৰুৱাক সভাপতি, জগন্নাথ বৰুৱাক উপসভাপতি আৰু মাণিক চন্দ্ৰ বৰুৱাক সম্পাদক হিচাপে নির্বাচন কৰা হৈছিল।

আছাম এছ’চিয়েছনে অসমৰ ৰাইজৰ মুখপাত্র হিচাপে সেৱা আগবঢ়াইছিল। অৱশ্যে ই প্রত্যক্ষ আৰু সক্রিয়ভাৱে চৰকাৰৰ বিৰুদ্ধে কাৰ্যপন্থা লোৱা নাছিল। ই শান্তিপূর্ণভাৱে আৰু সাংবিধানিক আৰু প্ৰশাসনিক সংস্কাৰৰ মাধ্যমেৰেহে ৰাইজৰ সমস্যাসমূহ সমাধানৰ পোষকতা কৰিছিল। এছ’চিয়েছনৰ কেইবাজনো সদস্য আইন সভাৰো সদস্য হোৱা বাবে সভাৰ প্ৰস্তাৱসমূহ আইন সভাত কাৰ্যকৰী কৰোৱাৰ সুবিধা পাইছিল। আছাম এছ’চিয়েছনে কৰা কামৰ কেইটামান উদাহৰণ হ’ল—

১। পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল ব’ৰ্ডত চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা কৰিছিল।
২। এছ’চিয়েছনে স্থানীয় সমিতিসমূহৰ গণতান্ত্রিকীকৰণৰ উ দাবী উত্থাপন কৰিছিল।
৩। বর্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল ।
৪। শিক্ষাৰ দিশত অসমক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল।

সেয়েহে এছ’চিয়েছনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল। বংগ বিভাজনৰ বিৰোধিতা কৰি অসমক পূৰ্ব বংগৰ পৰা পৃথক কৰিবলৈ ১৯০৭ চনত এছচিয়েছনে চৰকাৰৰ ওচৰত স্মাৰক পত্র দাখিল কৰিছিল। কিন্তু পিছত এছ’চিয়েছনেও বংগ বিভাজনৰ ক্ষেত্ৰত সার্বজনিক সভাৰ দৰে একে ভূমিকা গ্ৰহণ কৰিছিল।

এছচিয়েছনে বিধানসভাত প্ৰতিনিধিত্বৰ দাবী উত্থাপন কৰিছিল। ১৯১৮ চনৰ মণ্টেগ’-ছেমছফ’ৰ্ড ৰিপ’ৰ্টৰ আধাৰত প্ৰস্তাৱিত শাসন সংস্কাৰত অসমকো সামৰি লোৱাৰ দাবী তুলিছিল। সেই উদ্দেশ্যেৰে ১৯১৭ চনত কলিকতালৈ এটি সাতজনীয়া সঁজাতী দল পঠিওৱা হৈছিল। আনকি এছ’চিয়েছনে নবীন চন্দ্ৰ বৰদলৈ আৰু প্ৰসন্নকুমাৰ বৰুৱাক সঁজাতী হিচাপে লণ্ডনলৈ পঠিয়াইছিল। এছ’চিয়েছনৰ হেঁচাত অসম মণ্টেগ’ সংস্কাৰ আঁচৰি অন্তৰ্ভুক্ত হৈছিল। ১৯২০ চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবেও দাবী জনাইছিল।

১৯২১ চনৰ অসহযোগ আন্দোলনত এছ’চিয়েছনে সক্রিয়ভাৱে যোগদান কৰিছিল আৰু ভাৰতীয় জাতীয় আন্দোলনত সক্রিয়ভাৱে যোগদান কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল। ১৯১৬ চনত এছ’চিয়েছনে জাতীয় কংগ্ৰেছৰ অধিৱেশনলৈ অসমৰ পৰা প্ৰতিনিধি পঠিয়াই এক যোগসূত্র স্থাপন কৰিছিল। নাগপুৰ অধিৱেশনতো এছ’চিয়েছনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল৷ এইদৰে জাতীয় কংগ্ৰেছৰ প্ৰভাৱ বাঢ়িবলৈ ধৰাত ১৯২১ চনত এছ’চিয়েছনে নিজস্ব স্বতন্ত্র পৰিচয় পৰিত্যাগ কৰি জাতীয় কংগ্ৰেছৰ অসম প্রাদেশিক কংগ্ৰেছ কমিটীৰ লগত চামিল হ’ল।

৬। অসম প্রদেশ কংগ্ৰেছ কমিটীৰ জন্ম আৰু ভূমিকা সম্পর্কে বিৱৰণ দিয়া।
উত্তৰ : ১৮৮৫ চনত স্থাপন হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতৰ স্বাধীনতা সংগ্ৰামত এক নতুন অধ্যায়ৰ পাতনি মেলে। ভাৰতৰ বিভিন্ন প্ৰান্তৰ দৰে অসমৰ বিভিন্ন অনুষ্ঠানৰ পৰা প্ৰতিনিধিসকলে প্ৰথমৰে পৰা জাতীয় কংগ্ৰেছৰ অধিৱেশনত অংশগ্ৰহণ কৰি আহিছিল।

ইতিমধ্যে ওপৰত আলোচনা কৰা হৈছে যে আছাম এছ’চিয়েছনে জাতীয় কংগ্ৰেছৰ নেতৃত্বত হোৱা ১৯২১ চনৰ অসহযোগ আন্দোলনত অংশগ্রহণ কৰি লাহে লাহে সৰ্বভাৰতীয় ৰাজনীতিলৈ আসৰ হৈছিল। তাৰ আপাহতে সংগঠনটোৰ একাংশ নেতা-কর্মীয়ে এছ’চিয়েছনক কংগ্ৰেছৰ প্ৰাদেশিক কমিটালৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰিছিল, কিন্তু আন একাংশই তাৰ বিৰোধিতা কৰিছিল। কিন্তু জাতীয় কংগ্ৰেছৰ ৰাজনৈতিক কাম-কাজ তথা আৰ্হি আঁচনিয়ে অসমীয়া মধ্যবিত্ত শ্রেণীৰ একাংশক বাৰুকৈয়ে
আকৰ্ষিত কৰিছিল।

আছাম এছচিয়েছনক কংগ্রেছ সংগঠনলৈ ৰূপান্তৰিত কৰা উদ্দেশ্যৰে ছবিলাল উপাধ্যায়ৰ পৌৰোহিত্যত ১৮ এপ্রিল ১৯২১ চনত যোৰহাটত এখন বিশেষ অধিবেশন অনুষ্ঠিত কৰা হৈছিল। সেই বছৰৰে জুন মাহত নবীন চন্দ্ৰ বৰদলৈ, ছবিলাল উপাধ্যায়, কৃষ্ণকান্ত ভট্টাচাৰ্যৰ উদ্যোগত অসম প্রদেশ কংগ্ৰেছ কমিটী গঠন কৰি আনুষ্ঠানিকভাৱে অসমত কংগ্ৰেছৰ ৰাজনীতিৰ পাতনি মেলে।

উল্লেখযোগ্য যে ১৯২০ চনত নাগপুৰত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছৰ অধিৱেশনত ভাষাৰ ওপৰত ভিত্তি কৰি ৰাজ্য পুনর্গঠনৰ প্ৰস্তাৱ গৃহীত হৈছিল। কংগ্ৰেছৰ এই নীতিয়ে অসমৰ জাতীয়তাবাদীসকলক বাৰুকৈয়ে উৎসাহিত কৰি কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত কৰি তুলিছিল। অসম প্রদেশ কংগ্ৰেছ কমিটীৰ প্ৰথমজন সভাপতি আছিল কুলধৰ চলিহা আৰু সম্পাদক নবীন চন্দ্ৰ বৰদলৈ। অসম প্রদেশ কংগ্ৰেছ কমিটীৰ তত্ত্বাৱধানত ১৯২১ চনত মহাত্মা গান্ধীক অসমত অসহযোগ আন্দোলন প্ৰচাৰ কৰিবলৈ নিমন্ত্ৰণ কৰি অনা হৈছিল। সেই বছৰৰ আগষ্ট মাহত গান্ধীৰ অসম ভ্রমণে নবগঠিত কংগ্ৰেছৰ কৰ্মীসকলৰ মাজত আলোড়নৰ সৃষ্টি কৰিছিল। ফলস্বৰূপে অসহযোগ আন্দোলন অসমত অতি সক্ৰিয় হৈ পৰিছিল।

অসম প্রাদেশিক কংগ্ৰেছ সমিতিয়ে ১৯২৬ চনত গুৱাহাটীৰ পাণ্ডুত জাতীয় কংগ্ৰেছৰ ৪১তম বাৰ্ষিক অধিবেশন আয়োজন কৰিছিল। বিষ্ণুৰাম মেধি, সিদ্ধিনাথ শৰ্মা, মৌলানা তৈয়বুল্লা, অম্বিকাগিৰী ৰায়চৌধুৰী আৰু আন আন নেতাসকলে কংগ্ৰেছৰ পৰিকল্পনাসমূহ কাৰ্যকৰী কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল।

অসমত প্ৰদেশ কংগ্ৰেছ কমিটীৰ আনুষ্ঠানিকভাৱে নির্বাচিত হোৱা প্রথমজন সভাপতি আছিল বিষ্ণুৰাম মেধি। তেওঁ ১৯৩০ চনৰ পৰা ১৯৩৯ চনলৈ সভাপতিৰ কাৰ্যভাব চলাইছিল। ১৯৪৬ চনৰ সাধাৰণ নিৰ্বাচনত বৃহৎ জয়েৰে কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল আৰু গোপীনাথ বৰদলৈ অসম প্ৰদেশৰ প্ৰথমজন প্রধানমন্ত্রী হিচাপে নির্বাচিত হৈছিল।

যেতিয়া কেবিনেট মিছনে অসম আৰু উত্তৰ-পূবক পূৰ্ববংগৰ লগত সাঙুৰি গোট ‘গ’ত সন্নিৱিষ্টা কৰাৰ বাবে আগবাঢ়িছিল তেতিয়া বৰদলৈৰ মন্ত্ৰীসভাই তাৰ তীব্ৰ প্রতিবাদ কৰিছিল। গান্ধীৰ সমৰ্থন আৰু বৰদলৈৰ নেতৃত্বত হোৱা আন্দোলনৰ ফলত অসম ‘গ’ গোটত অন্তর্ভুক্ত নহ’ল৷

সমাজ বিজ্ঞান Class 10 ইতিহাস পাঠ 4

৭। স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে বিৱৰণ দিয়া।
উত্তৰঃ ভাৰতৰ স্বদেশী আন্দোলনৰ প্ৰতিক্ৰিয়া অসমলৈকে বিস্তাৰিত হৈছিল। বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ধুবুৰী, গৌৰীপুৰ, গোৱালপাৰা, গুৱাহাটী, তেজপুৰ, ডিব্ৰুগড় আদিৰ নগৰ অঞ্চলত এই আন্দোলনৰ প্ৰভাৱ পৰিছিল। অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী আৰু গোবিন্দ লাহিড়ীয়ে গুৱাহাটীৰ ছাত্ৰসকলৰ মাজত বিদ্রোহী সংগঠন গঢ়ি তুলিছিল।

তেওঁলোকে অসমৰ জিলাসমূহত স্বদেশী বস্তু ব্যৱহাৰৰ বাবে প্ৰচাৰ চলাইছিল। ফলত অসমৰ মানুহে নিমখৰ পৰিৱৰ্তে খাৰ, বিদেশী চেনিৰ সলনি বেনাৰসৰ চেনি, বিদেশী বস্ত্ৰৰ বিপৰীতে থলুৱা এড়ী, মুগা, কপাহী আৰু খাদী বস্ত্ৰ ব্যৱহাৰ কৰিছিল । গুৱাহাটীৰ এদল ছাত্ৰই সপ্তাহত দুদিন জাহাজঘাটত কুলীৰ কাম কৰি উপাৰ্জন কৰা ধন স্বদেশী আন্দোলনৰ পুঁজিলৈ দান কৰিছিল।

অম্বিকাগিৰীয়ে ‘বন্দিনী ভাৰত’ মৰ এখন বিদ্ৰোহাত্মক নাটক ৰচনা কৰিছিল। কটন কলেজিয়েট হাইস্কুলত নাটকখনৰ অভিনয় (৩১ জুলাই, ১৯০৬) চলি থকাৰ মাজতে পুলিচে মঞ্চৰ পৰা নাটকখনৰ পাণ্ডুলিপি বাজেয়াপ্ত কৰিছিল। ক্ষুদিৰাম বসু, বাৰীন্দ্ৰ ঘোষ, উল্লাস কৰ দত্তৰ লগত যোগাযোগ কৰি অম্বিকাগিৰীয়ে ‘সেৱা সংঘ’ নামৰ এটা বিপ্লৱী সংগঠন গঢ়ি তুলিছিল।

১৯০৬ খ্রীষ্টাব্দৰ ৭ ছেপ্টেম্বৰ তাৰিখে ব্যামফিল্ড ফুলাৰক হত্যা কৰাৰ উদ্দেশ্যে গুৱাহাটী-শিলং পথত এটা বোমা পুতিছিল। পুলিচে সম্ভেদ পাই এই সন্দৰ্ভত অম্বিকাগিৰীক জেৰা কৰিছিল। ফলস্বৰূপে তেওঁ ১৯১৪ খ্রীষ্টাব্দলৈকে বৰপেটাত অন্তৰীণ বন্দীৰূপে থাকিব লগা হৈছিল। ব্ৰিটিছ চৰকাৰে ব্ৰহ্মপুত্ৰ উপত্যকাবাসীক স্বদেশী আন্দোলনৰ প্ৰভাৱৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছিল। এই উদ্দেশ্য আগত ৰাখি চৰকাৰে হাতত লোৱা কেইটামান প্রধান জনহিতকৰ কাম আছিল এনেধৰণৰ-

অসমীয়া ভাষা-সাহিত্য কলিকতা বিশ্ববিদ্যালয়ৰ এণ্ট্ৰেন্স পৰীক্ষাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা। কটন কলেজক উন্নতমানৰ শিক্ষানুষ্ঠান হিচাপে গঢ়ি তুলিবলৈ সকলো বিভাগতে স্নাতক মহলাৰ শ্ৰেণী মুকলি কৰা। ব্রহ্মপুত্র উপত্যকাত মৌজাদাৰী ব্যৱস্থা পুনৰ প্ৰয়োগ কৰা। মাটিত কুৰিদফীয়া বন্দৱস্তিৰ প্ৰৱৰ্তন কৰা ইত্যাদি। এয়া স্বদেশী আন্দোলনৰ পৰোক্ষ প্ৰভাৱ বুলি ক’ব পাৰি।

সুৰমা ভেলী এছ’চিয়েছনৰ নেতৃত্বত সুৰৰ্মা উপত্যকাত এই আন্দোলন যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল। ইয়াৰ ফলস্বৰূপে শ্রীহট্ট, হবিগঞ্জ, শ্রীমংগল, লখাই, বনিয়াচংগ, কৰিমগঞ্জ, শিলচৰ আদি ঠাইত বহুতো জাতীয় বিদ্যালয় স্থাপন কৰা হৈছিল।

৮। অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা ৷
উত্তৰ : গান্ধীজীয়ে ভাৰতৰ সকলো লোককে যেতিয়া অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল তেতিয়া আছাম এছ’চিয়েছনে আন্দোলনত অংশগ্ৰহণ কৰাৰ সন্দৰ্ভত নিশ্চয়তা প্ৰদান কৰা নাছিল। গংগাগোবিন্দ বৰুৱা, তাৰা প্ৰসাদ চলিহা, ঘনশ্যাম বৰুৱা আৰু চন্দ্ৰধৰ বৰুৱাই আন্দোলনত অংশগ্ৰহণ নকৰিবলৈ সিদ্ধান্ত লৈছিল। তথাপি, সংগঠনটোৰ সংখ্যাগৰিষ্ঠ সদস্যই জাতীয় আন্দোলনত অংশগ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। ১৯২০ চনৰ ডিচেম্বৰ মাহত তেজপুৰত অনুষ্ঠিত আছাম এছ’চিযেছনৰ ১৭ তম অধিৱেশনত মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ ফলস্বৰূপে ১৯২১ চনৰ জুন মাহত আছাম এছ’চিয়েছন অসম প্রদেশ কংগ্ৰেছ কমিটিলৈ ৰূপান্তৰিত হয়।

১৯২১ চনত মহাত্মা গান্ধীয়ে অসমত পদার্পণ কৰাৰ পাছত অসহযোগ আন্দোলনৰ গতি তীব্ৰতৰ হৈছিল। হাজাৰ হাজাৰ লোকে তেওঁৰ সভাত অংশগ্ৰহণ কৰিছিল। মহাত্মা গান্ধীৰ আহ্বান ক্ৰমে বহুতো লোকে আন্দোলনত অংশগ্ৰহণৰ পদক্ষেপেৰে শিক্ষানুষ্ঠান, চৰকাৰী কাৰ্যালয় আৰু আদালত বৰ্জন কৰিছিল। ছাত্ৰসকলৰ সৈতে বিশিষ্ট যুৱনেতা, উকীল আদিয়েও অসহযোগ আন্দোলনত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিছিল।

অসহযোগ আন্দোলনলৈ পূর্ণ সমর্থন আগবঢ়োৱা অন্য এটা গোট আছিল চাহ বাগিছাৰ শ্ৰমিকসকল। তেওঁলোকে ঔপনিবেশিক শোষণৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰাৰ সুযোগ গ্ৰহণ কৰিলে। এই সময়ছোৱাত চাহ বাগিছাৰ এলেকাত এলানি ধৰ্মঘট আৰু বিক্ষোভৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। ১৯২১ চনত কৰিমগঞ্জ মহকুমাৰ প্ৰায় ৮০০০ হেজাৰ চাহ শ্ৰমিকে কংগ্ৰেছৰ নেতৃত্বত ঔপনিৱেশিক শাসকৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল। তেওঁলোকে মজুৰি বৃদ্ধিৰ বাবে দাবী উত্থাপন কৰিছিল। অৱশ্যে, চৰকাৰে কঠোৰভাৱে এই বিক্ষোভ দমন কৰিছিল। ইয়াৰ ফলত ভালেমান শ্রমিকৰ মৃত্যু হৈছিল আৰু বাকীসকলে পুনৰায় কামত যোগদান কৰিবলৈ বাধ্য হৈছিল।

অসহযোগ আন্দোলনৰ এটা ইতিবাচক প্রভাৱ এয়ে যে ইয়াৰ ফলত গুৱাহাটী, নলবাৰী, যোৰহাট, তেজপুৰ, শিৱসাগৰ, নগাঁও, কৰিমগঞ্জ আৰু মৌলবী বজাৰকে ধৰি অসমৰ ভিন্ন ঠাইত জাতীয় শিক্ষানুষ্ঠান স্থাপিত হৈছিল। অসমত স্থাপিত প্ৰথমটো জাতীয় শিক্ষানুষ্ঠান আছিল ১৯২১ চনৰ ফেব্ৰুৱাৰীত গুৱাহাটীত স্থাপিত তিলক সোঁৱৰণী স্কুল। এই আন্দোলনৰ অন্য এটা ইতিবাচক প্রভাৱ এয়ে যে ইয়াৰ ফলত কানিৰ ব্যৱহাৰ হ্ৰাস পাইছিল। পূৰ্বতে অসম ৰাজ্যত বিস্তৃতভাৱে কানিৰ ব্যৱহাৰ হৈছিল। কিন্তু কংগ্ৰেছৰ নেতৃত্বত হোৱা কানিবিৰোধী অভিযানৰ বাবে কানিৰ বিক্ৰী আৰু ব্যৱহাৰ যথেষ্ট হ্রাস পায়। কানি বিক্ৰীৰ জৰিয়তে আয় হোৱা ৰাজহ ১৯ লাখ টকা পর্যন্ত হ্রাস পাইছিল। তদুপৰি, এই আন্দোলনৰ ফলতে মানুহে খাদীৰ ব্যৱহাৰ কৰিবলৈ লৈছিল। ইয়াৰ ফলস্বৰূপে কপাহী বস্ত্ৰ, বিশেষকৈ খাদী বস্তুৰ উৎপাদন বৃদ্ধি পাইছিল।

সমাজ বিজ্ঞান Class 10 ইতিহাস পাঠ 4

৯। আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা।
উত্তৰ : মহাত্মা গান্ধীয়ে ১৯৩০ চনত আইন অমান্য আন্দোলনৰ আহ্বান জনায়। অসমত হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈবুল্লা, বিষ্ণুৰাম মেধি, অম্বিকাগিৰী ৰায়চৌধুৰী আদিৰ নেতৃত্বত গুৱাহাটীৰ জজ খেলপথাৰত সকলো একত্ৰিত হৈ গান্ধীৰ লোণ সত্যাগ্রহৰ প্ৰতি নিজৰ আনুগত্য প্ৰদৰ্শন কৰিছিল। সেই সময়ত কলিকতাৰ চি টি কলেজত পঢ়ি থকা লীলাধৰ বৰুৱাই এই দাণ্ডি যাত্ৰাত অংশ গ্রহণ কৰিছিল । কিন্তু লাহোৰ কংগ্ৰেছৰ সিদ্ধান্ত মতে আইন অমান্য কার্যসূচী পালন কৰাৰ ক্ষেত্ৰত অসমত মতভেদ দেখা দিয়ে।

অসমৰ কংগ্ৰেছ নেতৃত্বই ঘোষণা কৰিছিল যে অসম এনে এক বৃহৎ আন্দোলনৰ বাবে প্ৰস্তুত নহয়। তৰুণৰাম ফুকন, ৰোহিণী কুমাৰ চৌধুৰী, নবীন চন্দ্ৰ বৰদলৈ আদি নেতাৰ আইন অমান্য আন্দোলনলৈ কোনো উৎসাহ নাছিল। আনহাতে বিষ্ণুৰাম মেধি, হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈয়বুল্লা, অম্বিকাগিৰী ৰায়চৌধুৰী আদি নিষ্ঠাৱান কৰ্মীসকলে সীমিত অর্থনৈতিক পৰিসৰৰ মাজত সক্রিয়ভাৱে কাম-কাজ অব্যাহত ৰাখিছিল। তেনেকুৱা পৰিস্থিতিত অসমত কংগ্ৰেছক সুসংগঠিত কৰাৰ প্ৰয়োজন হৈছিল। বিষ্ণুৰাম মেধি, মহম্মদ তৈয়াবুল্লা আৰু অম্বিকাগিৰী ৰায়চৌধুৰীয়ে কংগ্ৰেছৰ সাংগঠনিক কার্যত নেতৃত্ব দিছিল ।

আন্দোলনৰ বিভিন্ন দিশ চাবলৈ বহুতো নতুন সমিতি আৰু উপ-সমিতি গঠন কৰা হৈছিল। নতুনকৈ গঠিত এই সমিতিসমূহৰ উদ্দেশ্য আছিল – পুঁজি বৃদ্ধি কৰা, শোষণ আৰু দমনমূলক আইন অধ্যাদেশৰ বিৰোধ কৰা, বিদেশী বস্তু বৰ্জন কৰা আৰু কানি আৰু সুৰাৰ ব্যৱহাৰৰ বিৰুদ্ধে প্রতিবাদ কৰা। অমিয় কুমাৰ দাসৰ দৰে যুৱনেতাই ছাত্ৰসকলক আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। কিন্তু ছাত্ৰসকলৰ সঁহাৰি আছিল নিৰাশাজনক। সি যি কি নহওক ১৯৩০ চনৰ ১৪ এপ্রিল তাৰিখে – নেহৰুক আৰু ৫ মে’ তাৰিখে গান্ধীক গ্ৰেপ্তাৰ কৰাৰ প্রতিবাদত বৃহৎ সংখ্যক ছাত্ৰই হৰতাল কার্যত অংশগ্ৰহণ কৰিছিল।

১৯৩০ চনৰ ৬ আৰু ১৪ মে’ তাৰিখে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ছাত্ৰসকলে প্ৰতিবাদৰ কাৰ্যস্বৰূপে তেওঁলোকৰ শিক্ষানুষ্ঠানসমূহ বর্জন কৰিছিল। সেই সময়তে জে আৰ কানিংহামে ১৯৩০ চনত প্ৰকাশ কৰা কানিংহাম চার্কুলাৰৰ বাবে পৰিস্থিতি অধিক স্পর্শকাতৰ হৈ পৰিছিল। এই চাৰ্কুলাৰ মতে ছাত্ৰ আৰু তেওঁলোকৰ অভিভাৱকসকলে কোনো ধৰণৰ ৰাজনৈতিক কার্যকলাপত অংশগ্রহণ নকৰাৰ লিখিত প্রতিশ্রুতি দিবলগীয়া হৈছিল। দোষী সাব্যস্ত হোৱাসকলক জৰিমনা বিহাৰ লগতে ছাত্ৰ বৃত্তিৰ পৰা বঞ্চিত কৰা হ’ব বুলি এই জাননীত প্ৰকাশ কৰা হৈছিল। ছাত্ৰসকলে এই অপমানজনক নিৰ্দেশনাৰ বিৰুদ্ধে তীব্র প্রতিক্রিয়া প্ৰকাশ কৰিছিল যিয়ে পিছলৈ অসমত আইন অমান্য আন্দোলনৰ প্ৰসাৰত অৰিহণা যোগাইছিল।

অসম ছাত্র সম্মিলনে ইয়াৰ আঁচনি আৰু কাৰ্যপন্থাৰ বিষয়ে আলোচনা কৰিবলৈ গুৱাহাটীত এখন বিশেষ সভা অনুষ্ঠিত কৰিছিল। তেওঁলোকে চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্জনৰ সিদ্ধান্ত লৈছিল। ১৯৩০ চনত জুলাই আৰু আগষ্ট মাহত ১৫,১৮৬জন
মুঠ ছাত্ৰৰ প্ৰায় ৩১১৭ জনে নিজৰ শিক্ষানুষ্ঠান এৰিছিল। ইয়াৰ পিছতেই কানি আৰু মদৰ দোকানসমূহ বন্ধ কৰা হৈছিল। পঞ্চাশ শতাংশ মাটিৰ খাজনা হ্ৰাসৰ দাবীৰে খেতিয়কসকলো আন্দোলনত জড়িত হৈ পৰিছিল। ঠায়ে ঠায়ে বন আইন উলংঘা কৰাৰ চেষ্টা চলিছিল। ছাত্ৰসকলৰ এই আন্দোলন সুৰমা উপত্যকালৈও প্ৰসাৰিত হৈছিল।

১০। অসমত ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যাৱলী আৰু প্রভাৱ সম্পর্কে এটি খতিয়ান দাঙি ধৰা।
উত্তৰ : ১৯৪২ চনৰ ৮ আগষ্টত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীয়ে ‘ভাৰত ত্যাগ’ আন্দোলন ঘোষণা কৰিছিল। অসমতো এই আন্দোলনৰ প্ৰভাৱ ব্যাপকভাৱে পৰে। ভাৰতৰ অন্যান্য প্ৰান্তৰ দৰে অসমতো কংগ্ৰেছৰ প্রধান নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ লগতে অসম প্রদেশ কংগ্ৰেছ কমিটী, জিলা কংগ্ৰেছ কমিটী আৰু অন্যান্য ঐক্যমঞ্চসমূহক অবৈধ ঘোষণা কৰা হৈছিল। সকলো ধৰণৰ সভা, হৰতাল আৰু মানুহৰ সমাগম নিষিদ্ধ কৰা হৈছিল। অসমত এই আন্দোলন অহিংসা পদ্ধতিৰে হৰতাল, শোভাযাত্রা, সমাৰোহ আৰু পিকেটিং আদিৰ জৰিয়তে আৰম্ভ হৈছিল।

জে’লত থকা নেতাসকলৰ ওপৰত পুলিচৰ অত্যাচাৰে সীমা চেৰাই যোৱাত এই আন্দোলনে বিপ্লৱ বা হিংসাত্মক ৰূপ ধাৰণ কৰিছিল। জনসাধাৰণে চৰকাৰী ঘৰ-দুৱাৰ আক্ৰমণ কৰাৰ লগতে ৰে’লপথ আৰু সামৰিক বাহিনীৰ অস্ত্র-শস্ত্ৰ সৰবৰাহৰ পথসমূহ ধ্বংস কৰি দিছিল। বিশেষকৈ নগাঁও আৰু দৰং জিলাত চৰকাৰী ঘৰ-দুৱাৰ ধ্বংস কৰাৰ লগতে চৰকাৰী বিষয়াবোৰক হাৰাশাস্তি কৰা হৈছিল। হবিগঞ্জৰ চাহাবী বজাৰ, গোলাঘাটৰ বৰপথাৰ, কামৰূপৰ পাণবাৰী, ৰঙিয়া আৰু শিৱসাগৰৰ চাফ্ৰাইত ৰে’লপথ বগৰোৱাৰ ঘটনা সংঘটিত হৈছিল।

সমগ্ৰ দেশজুৰি প্ৰসাৰিত এই আন্দোলনক ব্ৰিটিছ চৰকাৰে বিভিন্ন উপায়েৰে দমন কৰিবলৈ চেষ্টা কৰিছিল । শ শ নিৰপৰাধী মানুহ পুলিচৰ লাঠিচালনাত আহত হৈছিল আৰু যুদ্ধ শেষ নোহোৱালৈকে কংগ্ৰেছ নেতাসকলৰ বহির্বিশ্বৰ সৈতে সকলো সম্পর্ক বন্ধ কৰি ৰখা হৈছিল। অসমতো এই আন্দোলন দমন কৰিবলৈ ব্ৰিটিছসকলে কঠোৰ পদক্ষেপ গ্রহণ কৰিছিল। বৰপথাৰত ৰে’ল বগৰোৱাৰ অভিযোগত কুশল কোঁৱৰক ফাঁচী দিয়া হৈছিল। চৰকাৰে অতি কঠোৰ হাতেৰে ১৯৪২ চনৰ আন্দোলন দমন কৰিছিল।

নগাঁৱৰ বেবেজীয়া, বাৰপূজীয়া, বঢ়মপুৰ, জোঙালবলহু গড়, দৰঙৰ গহপুৰ, ঢেকীয়াজুলি, বৰপেটাৰ পাটাছাৰকুছি আৰু গোৱালপাৰাৰ ফকিৰাগ্ৰাম আদি ঠাইত পুলিচৰ গুলীচালনাত ন্যূনধিক ২৭ গৰাকী লোক ছহিদ হৈছিল।শশ লোকে কাৰাবৰণ কৰিছিল। মৃত্যুবৰণ কৰাসকলৰ ভিতৰত গহপুৰৰ চৈধ্য বছৰীয়া কনকলতা বৰুৱাও আছিল। অসমত বহুতে আত্মগোপন কৰিছিল। অসমত আত্মগোপনকাৰী সংগঠনৰ নেতৃত্ব বনহ কৰিছিল শংকৰচন্দ্ৰ বৰুৱা, মহেন্দ্ৰনাথ হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষ্মীপ্রসাদ গোস্বামী, ব্রজনাথ শৰ্মা আৰু গহনচন্দ্ৰ গোস্বামীয়ে। অকল বজালীতে ১৯৪৩ চনত কমেও ৩২ টা গোপন স্বেচ্ছাসেৱী কেন্দ্র গঠন হৈছিল। এনেধৰণৰ সংগঠন অসমৰ আন আন ঠাইত ঘাইকৈ কামৰূপ, নগাঁও, দৰং আৰু শিৱসাগৰতো গঠিত হৈছিল।

ব্ৰিটিছৰ সমান্তৰালভাৱে চৰকাৰ গঠন কৰা ভাৰত ত্যাগ আন্দোলনৰ একাংশ নেতাৰ অন্যতম কাৰ্যসূচী আছিল । অসমৰ বজালী, ঢকুৱাখনা, ৰহা, জামুগুৰি, বাঁহজানী আদি ঠাইত আন্দোলনকাৰীয়ে গাঁও পঞ্চায়ত গঠন কৰি স্থানীয় শাসন গাঁওবাসীৰ হাতত তুলি দিছিল। কংগ্ৰেছৰ নেতাসকল জেল খাটি থকাৰ সময়তে ১৯৪৪ত ঔপনিৱেশিক চৰকাৰে সৰ্বশক্তি প্রয়োগ কৰি এই আন্দোলন দমন কৰিছিল। এই আন্দোলনৰ বিফলতাত বহু জাতীয়তাবাদী নেতা হতাশাগ্রস্ত হৈছিল।

চমুটোকা ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ Class 10

আহোম সভা

উত্তৰ : পদ্মনাথ গোহাঁইবৰুৱাৰ নেতৃত্বত ১৮৯৩ চনত আহোম সভাৰ প্ৰতিষ্ঠা হৈছিল। এই সভাৰ প্ৰথম অধিৱেশন ১৮৯৩ চনত শিৱসাগৰ জিলাত অনুষ্ঠিত হৈছিল। সংগঠিত হোৱাৰ পৰা প্ৰায় চল্লিছ বছৰ ধৰি আহোম সভাৰ সম্পাদক আছিল পদ্মনাথ গোহাঁইবৰুৱা। আহোম জনগোষ্ঠীৰ ৰাজনৈতিক, অর্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক অৱনতিৰ প্ৰতি লক্ষ্য ৰাখি এই সভা গঠন কৰা হৈছিল। কানি বিৰোধী আন্দোলন আহোম সভাৰ এক অন্যতম কার্য আছিল। আহোম জনগোষ্ঠীৰ মাজৰ পৰা কানিৰ প্ৰচলন আঁতৰাবলৈ সভাই অহোপুৰুষাৰ্থ কৰিছিল।

১৯১০ চনত এই সভাক সদৌ অসম আহোম এছ’চিয়েছন নামেৰে নামকৰণ কৰা হৈছিল। এই এছ’চিয়েছনৰে এক উল্লেখযোগ্য ৰাজনৈতিক দাবী আছিল ‘আহোমসকলক চৰকাৰীভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ মৰ্যাদা প্ৰদান কৰি তেওঁলোকৰ বাবে বিধান সভাত আসন সংৰক্ষণ কৰা আৰু পৃষক সমষ্টি গঠন কৰা। এই উদ্দেশ্যেৰে ১৯৩০ আৰু ৪০ৰ দশক দুটাত আহোম এছ’চিয়েছনে সক্রিয়ভাৱে দাবী উত্থাপন কৰিছিল। ১৯৪১ চনত আহোম এছ’চিয়েছনৰ ভিতৰচ’ৰাত বিভাজনে দেখা দিছিল। ইয়াৰ এচাম সদস্যই জাতীয় কংগ্ৰেছৰ দ্বাৰা অনুপ্রাণিত হৈ এছ’চিয়েছনৰ পৰা ওলাই গৈ জাতীয়তাবাদী আহোম সন্মিলন গঠন কৰিছিল। ১৯৫০ চনৰ পিছৰ পৰা এই এছ’চিয়েছন ক্রমাৎ দুৰ্বল হৈ পৰে।

গুৱাহাটী বিশ্ববিদ্যালয়।

উত্তৰ : গুৱাহাটী বিশ্ববিদ্যালয় হৈছে উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয়। ১৯৪৮ চনৰ ২৬ জানুৱাৰী তাৰিখে এই বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। গুৱাহাটী অর্থাৎ অসমত অতি সহজে এখন বিশ্ববিদ্যালয় হ’ব পাৰে। এই অভিমত পোনতে প্ৰকাশ কৰিছিল ১৯১৭ চনত ভাৰত চৰকাৰে নিযুক্তি দিয়া কলিকতা বিশ্ববিদ্যালয় আয়োগৰ অধ্যক্ষ ছাৰ মাইকেল ছেডলাৰে। সেই বছৰৰে ডিচেম্বৰ মাহত শিৱসাগৰত অনুষ্ঠিত হোৱা আছাম এছ’চিয়েছনৰ বাৰ্ষিক বৈঠকত এখন বিশ্ববিদ্যালয়ৰ বাবে ৰাজহুৱা দাবী উত্থাপিত হৈছিল। ইয়াৰ পৰৱৰ্তী কালত যাৱতীয় তথ্য-পাতি সংগ্রহ আৰু এক উপযুক্ত স্থানৰ বিচাৰ কৰিবৰ বাবে ১৯৪০ চনত সূৰ্য্যকুমাৰ ভূঞাক বিশেষ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছিল।

অসম চৰকাৰৰ গুৱাহাটী বিশ্ববিদ্যালয় অধিনিয়ম ১৯৪৭ৰ অধীনত ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হয়। ১৯৪৮ চনৰ ২৬ জানুৱাৰী তাৰিখে অনুষ্ঠিত হোৱা বিশ্ববিদ্যালয়ৰ প্ৰথমখন আদৰণি সভা (ক’ৰ্ট সভা)ৰ দিনটোকে বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয়। প্রতিষ্ঠাকালত ইয়াৰ অধীনত ১৭খন মহাবিদ্যালয় আৰু আঠটি স্নাতকোত্তৰ বিভাগ আছিল। মহানগৰীৰ কেন্দ্ৰৰ পৰা কাৰ্যক্ৰম আৰম্ভ কৰা বিশ্ববিদ্যালয়খন ১৯৫৫-৫৬ চনত বৰ্তমানৰ জালুকবাৰী চৌহদলৈ স্থানান্তৰিত হয়। বর্তমান বিশ্ববিদ্যালয় চৌহদ অঞ্চলটো গোপীনাথ বৰদলৈ নগৰ নামেৰে জনাজাত ।

১১। বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ লিখা।
উত্তৰঃ আন্তঃগাঁথনিৰ লগতে মানৱ সম্পদৰ বিকাশ আছিল বৰদলৈ মন্ত্রীসভাৰ অন্যতম লক্ষ্য। চৰকাৰে ১৯৪৮ চনত নগাঁৱত অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় স্থাপন কৰে। এই দুয়োখন মহাবিদ্যালয় সামৰি পাছত অসম কৃষি বিশ্ববিদ্যালয় স্থাপিত হয়। ১৯৪৮ চনৰ ২৬ জানুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰে। ১৯০০ চনতে স্থাপন কৰা ‘বেৰী হোৱাইট মেডিকেল স্কুল’খন স্থাপিত হৈছিল ডিব্ৰুগড়ত। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই বিদ্যালয়খনৰ ওচৰতে আন এখন চিকিৎসালয়ৰ চৌহদলৈ স্থানান্তৰিত হয়। স্বাধীনতাৰ পাছত বৰদলৈ মন্ত্ৰীসভাই ১৯৪৭ চনৰ ৩ নৱেম্বৰ তাৰিখে এই বিদ্যালয়খনক অসম চিকিৎসা মহাবিদ্যালয় নামেৰে নামকৰণ কৰে।

১৯৫৯ চনত ৰাজ্য চৰকাৰে অসমত দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ যো-জা কৰে। ১৯৬০ চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে আৰম্ভ হয়। পাছত ১৯৬৮ চনত শিলচৰ মেডিকেল কলেজ স্থাপিত হয়।

১। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?

উত্তৰঃ ১৮২৬ চনৰ ২৬ ফেব্ৰুৱাৰীত।

২। কোম্পানীৰ আমোল বুলিলে কোনটো সময়ক বুজায়।

উত্তৰ : ১৮২৬ চনৰ পৰা ১৮৫৮ চনৰ সময়ছোৱাক কোম্পানীৰ আমোল বোলে।

৩। বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল?

উত্তৰ : ১৮৭৩ চনত।

৪। অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল?

উত্তৰ : ১৮৩৭ চনত।

৫। অৰুনোদই কাকতৰ প্ৰথম সম্পাদক কোন আছিল ?

উত্তৰ : নাথান ব্রাউন।

৬। অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম কি?

উত্তৰ: মিলন।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top