অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ তৃতীয় অধ্যায়

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ তৃতীয় অধ্যায়| Class 10 social Science History Chapter 3 | সমাজ বিজ্ঞান class 10 ইতিহাস পাঠ ৩

শ্ৰেণীদশম শ্ৰেণীৰ
বিষয়সমাজ বিজ্ঞান
পাঠঅসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ
খণ্ডইতিহাস
পাঠ3
উপলব্ধসকলো প্ৰশ্নৰ উত্তৰ

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

অতি চমু প্রশ্নোত্তৰ

১। ব্ৰিটিছ শাসন প্রতিষ্ঠা হোৱাৰ পিছত অসমত ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল?
উত্তৰ : অসমত ব্ৰিটিছ শাসনৰ পূৰ্বৱৰ্তী অৱস্থাত মুদ্ৰাৰে ৰাজহ সংগ্ৰহৰ ব্যৱস্থা নাছিল। কিন্তু ব্ৰিটিছে টকাৰ মাধ্যমত মাটিৰ খাজনা আৰু অন্যান্য কৰ-কাটল সংগ্ৰহ কৰিছিল। এই ব্যৱস্থাই অসমীয়া প্ৰজাৰ অৱস্থা শোচনীয় কৰি তুলিছিল।

২। কোন চনত মফট মিলছ অসমলৈ আহিছিল?
উত্তৰ : ১৮৫৩ চনত।

৩। কেঞাসকল কোন আছিল?
উত্তৰ : কেঞাসকল আছিল বেপাৰী মাৰোৱাৰী।

৪। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
উত্তৰ : মণিৰাম দেৱানে।

৫। ১৮৫৭ চনৰ বিদ্রোহত অসমৰ বিদ্রোহীসকলে কোন আহোম ৰাজকোৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল?
উত্তৰ : কন্দৰ্পেশ্বৰ সিংহক।

৬। মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল?
উত্তৰ : মধুমল্লিক।

৭। মণিৰাম দেৱানৰ লগত আৰু কোন ফাঁচীকাঠত ওলমিব লগা হৈছিল?
উত্তৰ : পিয়লি বৰুৱা।

৮। কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল?
উত্তৰ : কেপ্টেইন হলবইডে।

৯। অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা।
উত্তৰ : (১) অসমৰ বিদ্ৰোহীসকলৰ সংখ্যা অতি তাকৰীয়া আছিল।
(২) অসমৰ বিদ্ৰোহীসকলে গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল।

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

১০। কোন কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল।
উত্তৰ : ১৮৫৮ চনত টিকট কৰ আৰু ১৮৬০ চনত আয়। কৰ প্ৰৱৰ্তন কৰা হৈছিল।

১১। ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ লিখা।
উত্তৰ : (১) অত্যধিক ৰাজহ বৃদ্ধি আৰু (২) মুদ্ৰাৰ মানত ৰাজহ সংগ্ৰহ ।

১২। লেফটেনেন্ট ছিংগাৰ কোন আছিল?
উত্তৰ : লেফটেনেণ্ট ছিংগাৰ আছিল নগাঁও জিলাৰ সহকাৰী আয়ুক্ত।

১৩। ফুলগুৰিৰ ধেৱা কেতিয়া সংঘটিত হৈছিল?
উত্তৰ : ১৮৬১ চনৰ ১৮ অক্টোবৰত।

১৪। ৰঙিয়াৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল?

উত্তৰ : ১৮৯৪ চনৰ ৮ জানুৱাৰীত।

১৫। লচিমা ক’ত অবস্থিত?
উত্তৰ : সৰুক্ষেত্ৰ মৌজাত, বৰপেটা মহকুমাত।

১৬। লচিমাৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল?
উত্তৰ : ১৮৯৪ চনৰ ২১ জানুৱাৰীত।

১৭। পথৰুঘাটৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল।
উত্তৰ : ১৮৯৪ চনৰ ২৭ জানুৱাৰীত।

১৮। ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
উত্তৰ : ডকিয়াং নংবাহে।

১৯। ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
উত্তৰ : সম্বোধন কছাৰীয়ে।

২০। ট্রিকেন্দ্রজিতক কোনে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল ?
উত্তৰ : ব্ৰিটিছসকলে।

২১। জে ডব্লিউ কুইণ্টনক কোন চনত হত্যা কৰিছিল?
উত্তৰ : ১৮৯১ চনত।

২২। কিমান চনত ক’ত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচী দিয়া হৈছিল?
উত্তৰ : ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত।

২৩। কিমান চনত চিপাহী বিদ্রোহ সংঘটিত হৈছিল?
উত্তৰ : ১৮৫৭ চনত।

২৪। অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহৰ নাম কি?
উত্তৰ : ফুলগুৰিৰ ধেৱা।

২৫। মণিৰাম দেৱানে কোনটো চাহ কোম্পানীত কাম কৰিছিল?
উত্তৰ : দি অসম টী কোম্পানীত।

২৬। দি অসম টী কোম্পানীটো কিমান চনত স্থাপিত হৈছিল?
উত্তৰ : ১৮৩৯ চনত।

২৭। চিপাহী বিদ্ৰোহৰ সময়ত অসমত থকা ইংৰাজ সৈন্যৰ ৰেজিমেন্ট দুটাৰ নাম কি আছিল?
উত্তৰ : ডিব্ৰুগড়ৰ প্ৰথম আসাম লাইট ইনফেন্ট্ৰী আৰু গুৱাহাটীৰ দ্বিতীয় আসাম লাইট ইনফেন্ট্ৰী।

২৮। কিমান চনত ব্ৰিটিছে অসমত দাস প্রথাৰ বিলুপ্তি ঘটায়?
উত্তৰ : ১৮৪৩ চনত।

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

ৰচনাধৰ্মী প্রশ্নোত্তৰ

১। ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা।

উত্তৰ : ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসমখন ইংৰাজৰ অধীনলৈ যায়। কিন্তু ইংৰাজৰ কু-শাসনে অতি কম সময়ৰ ভিতৰতে অসমৰ জনসাধাৰণক অসন্তুষ্ট কৰি তোলে। অসমীয়াসকলে মানৰ আক্ৰমণৰ পাছত ইংৰাজৰ অধীনত ভাল শাসন পাব বুলি আশা কৰিছিল যদিও সেয়া হৈ নুঠিল। ব্ৰিটিছৰ শোষণ নীতিয়ে অসমীয়া জনসাধাৰণক বাৰুকৈয়ে অতিষ্ঠ কৰিছিল। ফলত ইংৰাজৰ প্ৰতি অসমৰ জনসাধাৰণৰ মন বিদ্রোহী হৈ উঠে। ফলত ১৮৫৭ চনত সংঘটিত চিপাহী বিদ্রোহত অসমৰ জনসাধাৰণেও যোগ দিয়ে।

ইয়াৰ কাৰণ বিশ্লেষণ কৰিলে ভালেমান দিশ উন্মোচন হয় । প্রথম কথা ইংৰাজৰ ছত্ৰছায়াত শাসন চলোৱা দুৰ্বল ৰজা পুৰন্দৰ সিংহই সাধাৰণ প্ৰজাৰ ওপৰত অত্যধিক কৰৰ বোজা জাপি দিছিল। ফলত বিক্ষুব্ধ লোকসকলে ইংৰাজক খেদি পঠোৱাৰ উদ্দেশ্যে চিপাহী বিদ্রোহত ভাগ লৈছিল। দ্বিতীয়তে অসমৰ অভিজাত শ্ৰেণীটোৱে আহোমৰ দিনত কৰমুক্ত জীৱন যাপন কৰিছিল। কিন্তু ব্ৰিটিছৰ শাসনত এই শ্ৰেণীৰ লোকসকলেও কৰ দিব লগা হৈছিল। আনহাতে ব্ৰিটিছৰ আমোলত অসমৰ অভিজাত শ্ৰেণীটোৰ সামাজিক মর্যাদা বহু পৰিমাণে লাঘৱ হৈছিল। সেয়ে অভিজাত আৰু উচ্চ মধ্যবিত্ত শ্রেণীটোৱে ইংৰাজ বিদ্বেষী মনোভাব পোষণ কৰিছিল। ব্ৰাহ্মণ, পুৰোহিত এচামেও ব্ৰিটিছৰ শাসনৰ বিৰুদ্ধাচৰণ কৰিছিল; কাৰণ ব্ৰিটিছে তেওঁলোকৰ হাতৰ পৰা পূৰ্বৰে পৰা ভোগ দখল কৰি অহা লাখেৰাজ তথা নিষ্কৰ ভূমিৰ অতিৰিক্তখিনি কাঢ়ি লৈছিল আৰু বাকীখিনিৰ ওপৰত খাজনা বহুৱাইছিল।

আনহাতে আহোম সামস্তীয় শ্রেণীটোৰ কিছুসংখ্যকে আৰম্ভণিৰে পৰা ব্ৰিটিছ শাসনৰ লগত জড়িত হ’বলৈ চেষ্টা কৰিছিল যদিও আধুনিক শিক্ষাৰে শিক্ষিত নোহোৱাৰ বাবে গৰিষ্ঠসংখ্যকেই নতুন প্ৰশাসনত অংশ ল’বলৈ সক্ষম হোৱা নাছিল। আনহাতে ইংৰাজ শাসকে প্রশাসন চলাবলৈ বংগদেশৰ পৰা বাঙালী শিক্ষিত লোকক আমদানি কৰিছিল। ফলত অসমৰ সামন্তীয় শ্রেণীটো ব্ৰিটিছৰ বিৰুদ্ধে থিয় দিছিল। ১৮৫৭ চনৰ বিদ্ৰোহে অসমৰ অভিজাত শ্ৰেণীটোক ব্ৰিটিছ শাসন ওফৰাই পুৰণি ৰাজতন্ত্র প্রতিষ্ঠা কৰাৰ এক সোণালী সুযোগ প্রদান কৰিছিল। ব্ৰহ্মপুত্ৰ উপত্যকাত কিছুসংখ্যক লোকে অসমত অৱস্থাত কৰা ব্ৰিটিছ সৈন্যবাহিনীত থকা ভাৰতীয় সেনাৰ মাজত অসন্তুষ্টি বিয়পাই অসমতো চিপাহী বিদ্ৰোহৰ উত্থান ঘটাইছিল। কিন্তু ভাৰতৰ অন্য ঠাইৰ দৰে অসমত ১৮৫৭ চনৰ বিদ্রোহে সফলতা লাভ কৰিব নোৱাৰিলে।

২। অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পর্কে আলোচনা কৰা।

উত্তৰঃ যিসকলে সৈন্যবাহিনীৰ মাজত ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি বিয়পোৱাৰ চেষ্টা কৰিছিল। তেওঁলোক আছিল অসমৰ পুৰণি অভিজাত শ্ৰেণীৰ কিছু লোক। তেওঁলোকে অসমৰ পৰা ব্ৰিটিছ শাসন ওফৰোৱাৰ লগতে প্ৰাক্তন আহোম ৰজা পুৰন্দৰ সিংহৰ নাতি কন্দৰ্পেশ্বৰ সিংহক সিংহাসনত প্ৰতিষ্ঠা কৰি আহোম ৰাজতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল। এই সমগ্ৰ পৰিকল্পনাৰ মূলতে আছিল মণিৰাম বৰভাণ্ডাৰ বৰুৱা, যি মণিৰাম দেৱান নামেৰে জনপ্রিয় আছিল। যেতিয়া মিৰাটত প্ৰথমবাৰৰ বাবে ভাৰতীয় সৈন্যই বিদ্রোহ ঘোষণা কৰিছিল, মণিৰাম দেৱানে কলিকতাত বাহৰ পাতি আছিল।

এজন আহোম ৰাজকোঁৱৰৰ হাতত শাসনভাৰ প্ৰদান কৰি উজনি অসমৰ কিছু অংশত আহোম ৰাজতন্ত্র প্রতিষ্ঠা কৰাৰ উদ্দেশ্যে তেওঁ কলিকতালৈ ব্ৰিটিছ চৰকাৰক এখন আৰ্জি পেচ কৰিবলৈ গৈছিল। কলিকতাত মণিৰাম দেৱানে মধুমল্লিক নামৰ এজন বাঙালী মুক্তিয়াৰৰ লগ লাগি অসমৰ পৰা ইংৰাজক খেদোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। বাহাদুৰ গাঁওবুঢ়া, ফর্মুদ আলী, পিয়লী বৰুৱা, দুতিৰাম বৰুৱা, মায়াৰাম নাজিৰ, মহবিৰ মুক্তিয়াৰ আদি অসমৰ অভিজাত শ্ৰেণীৰ কিছু লোকে মণিৰাম দেৱানৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছিল। এইটো ঠিক হৈছিল যে আহোম কোঁৱৰ কন্দপেশ্বৰ সিংহৰ অধীনত অসমৰ চিপাহীসকলে বিদ্রোহ কৰিব আৰু মণিৰাম দেৱানে অস্ত্র-শস্ত্রসহ কলিকতাৰ পৰা আহি সহায়ৰ হাত আগবঢ়াব।

ইংৰাজ চৰকাৰে এই ষড়যন্ত্ৰৰ উমান ১৮৫৭ চনৰ আগষ্ট মাহৰ মাজভাগতে পাইছিল। সেই অনুযায়ী বিদ্রোহীসকলক দমন কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছিল। চীফ কমিছনাৰ জেনকিন্‌ছে পৰিস্থিতিৰ গুৰুত্ব বুজি বংগদেশৰ পৰা প্ৰশিক্ষিত ইউৰোপীয়ান সৈন্যৰ এক ফৌজ পঠিয়াবলৈ চৰকাৰলৈ অনুৰোধ কৰিছিল। ১৮৫৭ চনৰ ছেপ্টেম্বৰ মাহৰ আগভাগত শিৱসাগৰৰ প্রিন্সিপাল এছিছটেণ্ট কেপ্টেইন হলৰইডে মণিৰাম দেৱানে লিখা বহুকেইখন চিঠি ধৰা পেলাবলৈ সক্ষম হয়, য’ত ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ উল্লেখ আছিল। কেপ্টেইন হলৰইডৰ আহ্বানত কেপ্টেইন লউডাৰ এটি ব্ৰিটিছ ফৌজৰ
সৈতে যোৰহাটত উপস্থিত হয় আৰু ছেপ্টেম্বৰৰ ৭ তাৰিখে কন্দৰ্পেশ্বৰ সিংহক আটক কৰে। আহোম ৰাজকোঁৱৰক কলিকতালৈ পঠিয়াই আলিপুৰ জেইলত বন্দী কৰি ৰখা হয়। কন্দর্পেশ্বৰ সিংহৰ গ্ৰেপ্তাৰৰ পিছতেই কলিকতাত মণিৰাম দেৱানক গ্ৰেপ্তাৰ কৰা হয়। মণিৰাম দেৱান ব্ৰিটিছৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ মূল নায়ক আছিল। তেওঁক আলিপুৰ জে’লত প্ৰায় আঢ়ৈ মাহ ৰখা হয় আৰু ডিচেম্বৰ মাহত যোৰহাটলৈ প্ৰেৰণ কৰা হয়।

কেপ্টেইন হলৰইডে বিশেষভাবে গঠিত বিচাৰপীঠৰ দ্বাৰা মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ বাবে দোষী সাব্যস্ত কৰে আৰু ফাঁচীৰ হুকুম জাৰি কৰে। সেই অনুযায়ী ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট কাৰাগাৰত দুয়োজনকে ৰাজহুৱাকৈ ফাঁচী দিয়া হয়। মধু মল্লিক, কমলা বৰুৱা, দুটিৰাম বৰুৱা, মায়াৰাম নাজিৰ আদিক ষড়যন্ত্রত অংশগ্রহণ কৰা বাবে যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়। বাহাদুৰ গাঁওবুঢ়া আৰু শ্বেখ ফর্মুদ আলীক আন্দামানলৈ প্ৰেৰণ কৰা হয়। তেওঁলোকৰ সকলো সা-সম্পত্তি বাজেয়াপ্ত কৰা হয়। যিসকল চিপাহীয়ে এই বিদ্রোহত অংশগ্রহণ কৰিছিল, তেওঁলোককো শাস্তি প্রদান কৰা হৈছিল।

উদাহৰণস্বৰূপে ডিব্ৰুগড় ৰেজিমেণ্টৰ কিছু চিপাহীক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে গোলাঘাটৰ কিছুসংখ্যক চিপাহীক তেওঁলোকৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হয়। আহোম কোঁৱৰ কন্দপেশ্বৰ সিংহ যিহেতু নাবালক আছিল, তেওঁক বর্ধমানত বিশেষ জেইলত ১৮৬০ চনৰ ডিচেম্বৰ মাহলৈকে ৰখা হয়, পিছত তেওঁক গুৱাহাটীলৈ আহিবলৈ অনুমতি দিয়া হয়। তেওঁ গুৱাহাটীতে বসতি কৰিবলৈ লয়। যোৰহাটলৈ ঘূৰি যোৱাৰ অনুমতি তেওঁক ব্ৰিটিছ চৰকাৰে নিদিলে।

১৮৬৩ চনৰ পৰা কাৰ্যকৰী হোৱাকৈ তেওঁ ৫০০ টকাৰ পেন্সন লাভ কৰে। মহাৰাণী ভিক্টেৰিয়াৰ ঘোষণাপত্ৰৰ পিছত (১৮৫৮ চনৰ) দুতিৰাম বৰুৱা, শ্বেখ ফৰ্মুদ আলী, বাহাদুৰ গাঁওবুঢ়া আদি বিদ্ৰোহৰ সহযোগীসকলক আন্দামানৰ পৰা অসমলৈ আহিবলৈ অনুমতি দিয়া হয়। এইদৰেই ব্ৰিটিছক ওফৰাই আহোম ৰাজতন্ত্রক পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে ১৮৫৭ চনত মণিৰাম দেৱানে কৰা চেষ্টাৰ বিফল পৰিণতি ঘটে।

৩। কি কি কাৰণত অসমত ১৮৫৭-৫৮ চনৰ বিদ্রোহ ব্যৰ্থ হৈছিল, আলোচনা কৰা।

উত্তৰ : অসমত চিপাহী বিদ্রোহে সফলতা লাভ কৰিব নোৱৰাৰ ভালেমান কাৰণ আছে। সেইসমূহ তলত আলোচনা কৰা হ’ল।
প্রথমতে, অসমত বিদ্রোহীসকলৰ সংখ্যা অতি তাকৰীয়া আছিল। মণিৰাম দেৱানৰ সমর্থকসকল যোৰহাট আৰু শিৱসাগৰতে সীমাবদ্ধ আছিল। নগাঁও, কামৰূপ আৰু গুৱাহাটীত বিশেষ সমর্থন লাভ কৰা নাছিল।

দ্বিতীয়তে, বিদ্ৰোহৰ নেতাসকলৰ সময় জ্ঞান নাছিল কিয়নো তেওঁলোকে প্রস্তুতি সম্পূর্ণ কৰিও সময়ত কার্যকৰী কৰা নাছিল। যাৰ ফলত ইংৰাজ চৰকাৰে প্ৰতিৰক্ষাৰ প্ৰস্তুতিৰ বাবে যথেষ্ট সময় লাভ কৰিছিল।

তৃতীয়তে, বিদ্ৰোহৰ মুখ্য সংগঠক মণিৰাম দেৱান বিদ্ৰোহস্থলীৰ পৰা বহু যোজন দুৰৈত অৱস্থান কৰিছিল। সেই সময়ৰ পৰিপ্ৰেক্ষিতত কলিকতা অসমৰ পৰা বহু দূৰৈত আছিল আৰু তাৰ পৰা চিঠি- পত্ৰৰ যোগদি বা আদেশ পঠিয়াই বিদ্ৰোহ পৰিচালিত কৰাটো বাস্তৱসন্মত নাছিল। মণিৰাম দেৱান যিমান সোনকালে পাৰে কলিকতাৰ পৰা উভতি আহিব লাগিছিল। প্রশাসনিক অভিজ্ঞতা থাকিলেও বিদ্ৰোহৰ নেতৃত্বৰ বাবে প্ৰয়োজনীয় দক্ষতা দেৱানৰ নাছিল। বিদ্ৰোহৰ নেতৃত্ব দিয়াজনে প্রতিপক্ষক দুর্বল বুলি অৱজ্ঞা কৰা বা ক্ষমতা তথা বুদ্ধিমত্তাক হেয়জ্ঞান কৰিলে কি পৰিণাম হয় মণিৰাম দেৱান তাৰ এটি উৎকৃষ্ট নিদর্শন।

চতুৰ্থতে সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহকে বিদ্ৰোহত জড়িত কৰিবলৈ মণিৰাম দেৱান তথা তেখেতৰ সহযোগীসকলে কোনো প্রচেষ্টা হাতত লোৱা নাছিল। নগাঁও আৰু গুৱাহাটীত অসমৰ নতুন মধ্যবিত্ত শ্ৰেণীৰ লোকসকল বিদ্ৰোহৰ প্ৰতি অলপো সহানুভূতিশীল নাছিল। সেই সময়ত নতুনকৈ বিকশিত হৈ উঠা মধ্যবিত্ত অসমীয়া বুদ্ধিজীৱী শ্ৰেণীৰ লোকসকলে বাঙালী মধ্যবিত্ত শ্ৰেণীৰ জীৱনধাৰাৰ প্ৰতিহে বেছি আকৰ্ষিত হৈছিল। পুৰণি আহোম ৰাজতান্ত্রিক শাসন ব্যৱস্থাৰ অধীনলৈ পুনৰাই উভতি যোৱাৰ কোনো ইচ্ছা তেওঁলোকৰ নাছিল। গতিকে ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ এই শ্ৰেণীৰ লোকে কোনো সমর্থন বা সহানুভূতি প্রদর্শন কৰা নাছিল। ফলত অসমত বিদ্ৰোহৰ বুৰবুৰণিহে হৈছিল, বিস্ফোৰণ ঘটিবলৈ পোৱা নাছিল।

পঞ্চমতে, অসমৰ বিদ্রোহীসকলে তেওঁলোকৰ কাৰ্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল। ফলস্বৰূপে সমগ্ৰ পৰিকল্পনা ব্ৰিটিছ চৰকাৰৰ অৱগত হৈছিল আৰু বিদ্ৰোহ নিৰ্মূল কৰাত চৰকাৰ সফল হৈছিল।

ষষ্ঠতে, অসমৰ বিদ্রোহীসকলে প্ৰয়োজন অনুযায়ী অস্ত্র-শস্ত্ৰৰ যোগান পোৱা নাছিল। মণিৰাম দেৱানে যদিও অস্ত্ৰৰ যোগান দিয়াৰ কথা আছিল, কিন্তু তাৰ আগতেই তেওঁ ধৰা পৰিছিল। শেষত, ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ দৰে অসমতো ব্ৰিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সৈন্যই মূল চালিকাশক্তি হিচাপে বিদ্ৰোহত অংশ লোৱা নাছিল। অসমৰ বিদ্রোহীসকলে মিৰাট, দিল্লী,
লক্ষ্ণৌ আদিৰ দৰে চিপাহীসকলৰ সমৰ্থন আদায় কৰিব পৰা নাছিল। এই সকলোবিলাক কাৰণতে অসমত ১৮৫৭ চনৰ বিদ্ৰোহে বিশেষ প্ৰভাৱ পেলাব পৰা নাছিল। যি অলপমান হৈছিল ব্ৰিটিছ চৰকাৰে সম্পূৰ্ণৰূপে নির্মূল কৰিবলৈ সক্ষম হৈছিল

8। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা।

উত্তৰ : ১৮৫৭ চনৰ বিদ্ৰোহ যদিও ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল, অসমৰ ইতিহাসত প্রথমবাৰৰ বাবে এক সৰ্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত অসম জড়িত হৈছিল।

দ্বিতীয়তে, ১৮৬১ চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্ৰোহসমূহ ১৮৫৭ চনৰ বিদ্ৰোহৰে প্ৰতিক্ৰিয়া।

তৃতীয়তে, অসমতো হিন্দু আৰু মুছলমান এই দুটা প্ৰধান সম্প্রদায়ে একগোট হৈ বিদ্ৰোহত অংশগ্ৰহণ কৰি জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল। ১৮৫৭ চনৰ বিদ্ৰোহৰ পৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অনান্য সংগ্রামীৰ দৰে অসমীয়া সংগমীসকলেও মণিৰাম দেৱান তথা সংযোগীসকলৰ কৰ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল।

৫। ফুলগুৰি ধাৱাৰ ওপৰত এটি টোকা লিখা।

উত্তৰ : অসমত কেইবাবছৰ ধৰি চলা এলানি কৃষক বিদ্ৰোহৰ প্ৰথমটো বিদ্ৰোহেই হৈছে ১৮৬১ চনৰ ফুলগুৰিৰ ধাৱা। ব্ৰিটিছসকলে প্ৰৱৰ্তন কৰা নতুন ৰাজহ নীতিৰ ফলত কৃষকসকলৰ অৱস্থাৰ অধিক অৱনতি ঘটিছিল। চৰকাৰৰ দ্বাৰা আফু খেতিৰ ওপৰত নিষেধাজ্ঞা আৰোপ আৰু তামোল-পাণৰ ওপৰত কৰ আৰোপ কৰাটোৱেই হৈছে ফুলগুৰি ধাৱাৰ প্ৰধান কাৰণ। আফু খেতিৰ জৰিয়তে জীৱন নিৰ্বাহ কৰা নগাঁও জিলাৰ ফুলগুৰি গাঁৱত বসবাস কৰা তিৱা জনজাতিৰ লোকসকল
চৰকাৰৰ নিষেধাজ্ঞাৰ ফলত অতিশয় অসন্তুষ্ট হৈ পৰে।

চৰকাৰী নিৰ্দেশনাৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰিবলৈ অঞ্চলটোৰ ১৫০০ জন কৃষকে ১৮৬১ চনৰ ১৭ চেপ্টেম্বৰত ৰাইজ মেল অনুষ্ঠিত কৰে য’ত আফু খেতি বন্ধ কৰাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰা হয়। আফু খেতিৰ ওপৰত নিষেধাজ্ঞা প্রত্যাহাৰ আৰু তামোল-পাণৰ ওপৰত কৰা ৰোপণ প্রত্যাহাৰৰ অনুৰোধ জনাই উপায়ুক্ত হার্বাট স্কন্সৰ হাতত এখন আৱেদন পত্র দাখিল কৰে। তেওঁ তেওঁলোকক দুৱ্যৱহাৰ কৰাত ১৮৬১ চনৰ ১৫ অক্টোবৰত ফুলগুৰিত লাঠিৰে সজ্জিত কৃষকসকলে অন্য এক ৰাইজমেল অনুষ্ঠিত কৰে।

১৮ অক্টোবৰত এই মেলত প্ৰায় ৪০০০ কৃষক ৰাইজ সমৱেত হয়। সহকাৰী উপায়ুক্ত লেফটেনেণ্ট জি বি ছিংগাৰে ৰাইজৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন নকৰিলে আৰু লগত অহা পুলিচ বাহিনীক ৰাইজৰ হাতত থকা লাঠিবোৰ কাঢ়ি আনিবলৈ নিৰ্দেশ দিলে। লাঠিৰ বাবে টনা-আজোৰা চলি থাকোতে সমবেত ৰাইজৰ উপর্যুপৰি লাঠিৰ আঘাতত তেওঁৰ ঘটনাস্থলীতে মৃত্যু হয়। তেওঁৰ মৃতদেহটো প্ৰতিবাদকাৰী কৃষকসকলে কলং নদীত নিক্ষেপ কৰে। এইঘটনাটোৱেই আছিল ফুলগুৰি ধাৱা। দোষী সাব্যস্ত হোৱা কৃষকসকলক মৃত্যুদণ্ড বিহা হয় আৰু অন্যান্য অভিযুক্ত লোকক কালিয়াপানীলৈ নির্বাসিত কৰা হয়।

ফুলগুৰি ধাৱাৰ গুৰুত্ব এয়ে যে ইয়াত প্ৰকৃত গণ আন্দোলনৰ বৈশিষ্ট্য অন্তর্নিহিত আছিল কিয়নো ইয়াত বিভিন্ন জনগোষ্ঠীৰ লোক, শিক্ষিত মধ্যবিত্ত শ্ৰেণীৰ লোক, ব্যৱসায়ী আৰু মৌজাদাৰে স্বতঃস্ফূর্তভাৱে অংশগ্ৰহণ কৰিছিল। ব্ৰিটিছ সাম্ৰাজ্যবাদৰ পৰা মুক্ত হোৱাৰ বাবে সাধাৰণ জনগণৰ প্ৰয়াস ইয়াত প্ৰকাশ পাইছিল। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো এয়ে যে এই ঘটনাই অসমৰ অন্যান্য প্ৰান্তৰ কৃষকসকলকো ব্ৰিটিছৰ দমন আৰু শোষণৰ বিৰুদ্ধে সংগঠিত হ’বলৈ অনুপ্রাণিত কৰিছিল।

৬। ১৮৯৪ চনত উত্তৰ কামৰূপত সংঘটিত হোৱা কৃষক বিদ্রোহ সম্পর্কে আলোচনা কৰা ।

উত্তৰ : ব্ৰিটিছ চৰকাৰৰ অৱদমনকাৰী নীতিৰ বিৰুদ্ধে কৃষক বিদ্ৰোহ সংগঠিত হোৱাৰ পদক্ষেপ অব্যাহত থাকিল ব্ৰিটিছসকলে ফুলগুৰিৰ বিদ্ৰোহৰ পৰৱৰ্তী পৰ্যায়তো ১৮৯২ চনত ১০০ শতাংশ খাজনা বৃদ্ধি কৰে আৰু কঠোৰভাৱে সংগ্ৰহ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। ইয়াৰ ফলত সাধাৰণ জনগণ ক্ষুদ্ধ হৈ পৰে আৰু ৰাইজ মেলত মিলিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। বজালী অঞ্চলৰ ৰাইজমেলত আৰু পানাগাঁৱৰ চাপৰিত অনুষ্ঠিত ৰাইজমেলত উত্তৰ কামৰূপৰ লচিমা, চৌখুটী, পানাগাঁও, সৰ্থেবাৰী, পাটাছাৰকুছি, ৰঙিয়া, নলবাৰী, ধৰ্মপুৰ, বজালী আদিৰ কৃষকসকলে অংশগ্ৰহণ কৰিছিল।

১৮৯৪ চনৰ২১ জানুৱাৰীত খাজনা সংগ্ৰহ কৰিবলৈ যাওঁতে মৌজাদাৰ আৰু মণ্ডলক ৰাইজে মাৰপিট কৰে আৰু ইয়াৰ ফলস্বৰূপে মৌজাদাৰজনৰ মৃত্যু হয়। বৰপেটাৰ মহকুমাধিপতি মাধৱ চন্দ্ৰ বৰদলৈয়ে ৭৫ জন লোকক আটক কৰে আৰু লচিমাৰ জিৰণি শিবিৰলৈ লৈ যায়। অৱশ্যে, ৩০০০ জন কৃষকে ভাবুকি প্রদান কৰাৰ ফলস্বৰূপে তেওঁলোকক মুকলি কৰি দিবলৈ বাধ্য হয়। পিছদিনা উপায়ুক্ত মেক কেবেই ৫৯ জন বিদ্রোহীক গ্ৰেপ্তাৰ কৰি জেলত আবদ্ধ কৰি ৰাখে। তেওঁ সমবেত ৰাইজৰ দাবী মানিবলৈ অস্বীকাৰ কৰে।

সকলো আটক ব্যক্তিকে বিভিন্ন প্ৰকাৰৰ শাক্তি প্ৰদান কৰা হয়। বিদ্ৰোহৰ প্ৰধান নেতাসকল আছিল পুষ্পৰাম কলিতা, দেৱীদত্ত শৰ্মা, জয়ন্তী বেজ, নিৰ্ভাষা কলিতা আৰু মংগলু কলিতা। ১৮৯৪ চনত সংঘটিত লচিমাৰ কৃষক বিদ্ৰোহেই হৈছে উত্তৰ কামৰূপৰ প্ৰধান কৃষক বিদ্রোহ।

৭। ১৮৯৪ চনত পথৰুঘাটত সংগটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খতিয়ান দাঙি ধৰা।

উত্তৰ : ব্ৰিটিছসকলৰ অৱদমনকাৰী অৰ্থনৈতিক নীতিৰ বিৰুদ্ধে ১৮৬১ চনৰ পৰা ১৮৯৪ চনলৈ এলানি কৃষক বিদ্রোহ সংঘটিত হৈছিল। কামৰূপ, দৰং আৰু নগাঁও জিলাৰ বহুতো অংশত বিদ্ৰোহৰ উত্থান ঘটিছিল যদিও অধিক সংখ্যক বিদ্রোহ ব্রিটিছে কঠোৰভাৱে দমন কৰিছিল। ১৮৯৪ চনৰ ২৮ জানুৱাৰীত দৰং জিলাৰ পথৰুঘাটৰ কৃষকসকলেও বিদ্রোহ সংগঠিত কৰিছিল। বিদ্ৰোহৰ সূত্ৰপাত হোৱাৰ আগতেই বৃহৎ মাত্ৰাত প্ৰস্তুতি আৰু পৰিকল্পনা কৰি থৈছিল। মঙলদৈ মহকুমাৰ কলাইগাঁও, মঙলদৈ ছিপাঝাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকলে প্রথমতে নিজ নিজ অঞ্চলত ৰাইজমেল অনুষ্ঠিত কৰে আৰু পৰৱৰ্তী পৰ্যায়ত ২৬ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ পথৰুঘাটত ৰাইজমেল অনুষ্ঠিত কৰি গোট খোৱাৰ সিদ্ধান্ত গ্রহণ কৰে।

জিলাধিপতিয়ে এই সম্পর্কে অৱগত হোৱাত তেওঁ আৰক্ষী অধীক্ষকৰ সৈতে পুলিচ আৰু সামৰিক বাহিনীৰ এক বৃহৎ ফৌজ লৈ পথৰুঘাটত উপস্থিত হয়। খাজনা দিবলৈ অমান্তি হোৱা কৃষকৰ ভূমি তেওঁলোকে বাজেয়াপ্ত কৰে। ২০০ জন ক্ষুদ্ধ কৃষকে অধীক্ষক বেৰিংটনক আগুৰি ধৰাত তেওঁ কোনোমতে সাৰি আহি জিৰণি শিবিৰত আশ্রয় গ্রহণ কৰে। লাঠি আৰু বাঁহৰ কামিৰে সজ্জিত প্রায় ২০০০ গৰাকী উত্তেজিত কৃষকে জিৰণি শিবিৰৰ পিনে অগ্ৰসৰ হয়। উত্তেজিত লোকসকলক নিয়ন্ত্ৰণ কৰিবলৈ উপায়ুক্তই বল প্রয়োগৰ নিৰ্দেশ দিয়াত তেওঁলোকে ইয়াৰ প্ৰত্যুত্তৰত দলি-ফৰ্মুঠিৰ ব্যৱহাৰ কৰিলে।

সমবেত কৃষকসকলক নিয়ন্ত্ৰণ কৰিবলৈ ব্যৰ্থ হোৱাত উপায়ুক্তই বেৰিংটনক গুলীচালনা কৰিবলৈ নিৰ্দেশ দিয়ে। গুলীচালনাৰ ফলস্বৰূপে ১৪০ জন কৃষকৰ মৃত্যু হয় আনহাতে ১৫০ জন কৃষক আহত হয়। অৱশ্যে চৰকাৰী হিচাপমতে ১৫ জন কৃষকৰ মৃত্যু হয় আৰু ৩৭ জন কৃষক আহত হয়। চৰকাৰে ৩৭ জন কৃষকক গ্ৰেপ্তাৰ কৰি বিদ্ৰোহত জড়িত থকাৰ অভিযোগত বিচাৰ কৰে। আকলু শ্বেখ আৰু অন্যান্য ছয়জনক শাস্তি প্রদান কৰা হয় আৰু বাকী সকলোকে মুক্তি দিয়া হয় । ব্ৰিটিছৰ অৰ্থনৈতিক নীতিৰ বিৰুদ্ধে অসমত উত্থান হোৱা বিদ্ৰোহলানিৰ ভিতৰত এয়া অন্তিমটো বিদ্রোহ আছিল।

৮। ১৮৫০ চনত ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টোকা লিখা।

উত্তৰ : ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰামত অৱতীৰ্ণ হোৱা এক অন্যতম পাহাৰীয়া জনজাতি হৈছে জয়ন্তীয়াসকল। ১৮৩৫ চনত ব্ৰিটিছে স্বাধীনতাপ্রিয় জয়ন্তীয়া জনজাতিসকলৰ ভূখণ্ড অধিকাৰ কৰাত তেওঁলোকে ব্ৰিটিছৰ এই পদক্ষেপ সহজভাৱে লোৱা নাছিল। ব্ৰিটিছসকলে নিজেই নিযুক্ত কৰা দলৈ সকলৰ ওপৰত সঘনে কৰা দোষাৰোপ, সামূহিকভাৱে মাছ ধৰা, খৰি সংগ্ৰহ আদিত ৰাজহ সংগ্ৰহৰ স্বাৰ্থত নিষেধাজ্ঞা আৰোপণ, ধর্মীয় আৰু পৰম্পৰাগত ৰীতি-নীতিত হস্তক্ষেপ আদিয়ে বিদ্ৰোহৰ বীজ ৰোপণ কৰিছিল। নগদ ধন হিচাপে কৰ-কাটল প্ৰদান কৰি নোপোৱা এই জনজাতিসকলৰ ওপৰত গৃহকৰ আৰু আয়কৰ আৰোপ কৰা পদক্ষেপে তেওঁলোকৰ মাজত ক্ষোভ অধিক মাত্ৰাত বৃদ্ধি কৰিছিল।

চৰ্দাৰ আৰু দলৈসকলৰ লগত মিলিত হৈ জয়ন্তীসকলে বিদ্ৰোহৰ প্ৰস্তুতি কৰিবলৈ আৰম্ভ কৰিছিল। গৃহকৰ আৰোপ কৰাৰ ঠিক পাছতে জোৱাইৰ তহচিলদাৰক অপসাৰণ কৰি বিদ্ৰোহৰ সূচনা কৰা হয়। পৰৱৰ্তী পৰ্যায়ত জয়ন্তীপুৰ, মূলাগোল, জাফলং, ছেৰা অঞ্চলত বিদ্ৰোহৰ সূত্ৰপাত হয়। কিন্তু ব্ৰিটিছ চৰকাৰে কঠোৰভাৱে এই বিদ্রোহ দমন কৰিবলৈ চেষ্টা কৰিছিল। জয়ন্তীয়া পাহাৰৰ লোকসকলে ওকিয়াং নংবাহৰ নেতৃত্বত বিদ্রোহ ঘোষণা কৰে আৰু ১৮৬২ চনৰ ১৭ জানুৱাৰীত তেওঁলোকে হঠাতে জোৱাইস্থিত ব্ৰিটিছ ছাউনীত আক্রমণ কৰে। তেওঁলোকে জোৱাই-চেৰাপুঞ্জী আৰু চেৰাপুঞ্জী-জয়ন্তীপুৰ সংযোগী পথ দুটা আগৰে পৰা অৱৰোধ কৰি ৰাখিছিল আৰু তেওঁলোকৰ ওপৰত অত্যাচাৰ চলোৱা পুলিচ বাহিনীৰ লোকক হত্যা কৰিছিল।

বিদ্ৰোহৰ মাজতে ব্ৰিটিছ চৰকাৰে ব্রিগেডিয়াৰ জেনেৰেল জি ডি শ্বাৱাৰছক সমগ্ৰ জয়ন্তীয়া পাহাৰৰ ওপৰত সামৰিক তথা অসামৰিক কৰ্তৃত্ব প্রদান কৰে আৰু বি ডব্লিউ ডি মর্টনক খাচী-জয়ন্তীয়া পাহাৰৰ উপায়ুক্ত হিচাপে নিয়োগ কৰে। চৰকাৰে গ্ৰহণ কৰা দমনমূলক পদক্ষেপৰ বাবে বিদ্ৰোহৰ কাৰ্যকলাপ হ্রাস পাবলৈ ধৰে। স্বেচ্ছাই আত্মসমর্পণ কৰা সকলো বিদ্ৰোহীক সাধাৰণ ক্ষমাদান কৰিব বুলি ঘোষণা কৰাৰ লগতে ওকিয়াং নংবাহক জীৱন্তে আটক কৰিব পৰা জনক ১০০০ টকাৰে পুৰস্কৃত কৰিব বুলি ঘোষণা কৰে। অৱশেষত ওকিয়াং নংবাহ ব্ৰিটিছৰ হাতত ধৰা পৰাত তেওঁক জোৱাইত ৰাজহুৱাকৈ ফাঁচী দিয়া হয়। ওকিয়াং নংবাহক ফাঁচী দিয়াৰ পাছত অন্যান্য বিদ্ৰোহসকলৰ আশাভংগ হ’ল আৰু ১৮৬৩ চনত ব্ৰিটিছৰ ওচৰত আত্মসমৰ্পণ কৰিলে। এনেদৰে এই বিদ্ৰোহৰ অন্ত পৰিল।

৯। ১৮৯১ চনত মণিপুৰত টিকেন্দ্ৰজিতৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা।

উত্তৰ : দীৰ্ঘকালজুৰি মণিপুৰ ব্ৰিটিছৰ সুৰক্ষাৰ অধীনতৰ দেশীয় ৰাজ্যৰূপে বৰ্তি আছিল। ১৮৯০ চনত সিংহাসনৰ বাবে ৰাজপৰিয়ালৰ মাজত বিবাদৰ সূত্ৰপাত হোৱাত অসমৰ ব্ৰিটিছ চীফ কমিছনাৰে অনাহকতে হস্তক্ষেপ কৰে। ব্ৰিটিছৰ উপস্থিতিৰ সুযোগ গ্ৰহণ কৰি যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাসনচ্যুত কৰি ১৮৯০ চনৰ ২১ ছেপ্টেম্বৰত সিংহাসন দখল কৰে। সুৰচন্দ্ৰই সহায়ৰ বাবে অনুৰোধ জনোৱাত ব্ৰিটিছে কর্ণপাত নকৰিলে আৰু ব্ৰিটিছৰ বিৰুদ্ধে গোপনে বিদ্ৰোহৰ পৰিকল্পনা কৰা সেনাপতি টিকেন্দ্ৰজিতক দেশান্তৰিত কৰিবলৈ নতুন ৰজাক হেঁচা প্ৰয়োগ কৰে। অৱশ্যে, জনপ্রিয় সেনাপতিজনক দেশান্তৰিত কৰাটো কুলচন্দ্ৰৰ বাবে সহজ কথা নাছিল। এনে প্রেক্ষাপটত অসমৰ মুখ্য আয়ুক্ত জে ডব্লিউ কুইণ্টন আৰু চাৰ্জিন অন্যান্য বিষয়াই টিকেন্দ্রজিতক আটক কৰিবলৈ মণিপুৰলৈ আহোঁতে বিদ্রোহী মণিপুৰীসকলে আটাইকেইজনকে হত্যা কৰে। পৰৱৰ্তী পৰ্যায়ত ব্ৰিটিছসকলে এক শক্তিশীলী বাহিনী প্ৰেৰণ কৰি টিকেন্দ্রজিতক আটক কৰে। ব্ৰিটিছ বিৰোধী কার্যকলাপৰ বাবে তেওঁক ফাঁচী দিয়া হয়। ১৮৯১ চনৰ ছেপ্টেম্বৰত চূড়চন্দ্ৰ নামৰ নাবালক এজনক ৰজা হিচাপে ঘোষণা কৰা হয়। ব্ৰিটিছ চৰকাৰৰ ৰাজনৈতিক প্রতিনিধিক মণিপুৰৰ প্ৰশাসনৰ সকলো দায়িত্ব অর্পণ কৰা হয়। বিদ্ৰোহৰ সময়ছোৱাত ব্ৰিটিছে সন্মুখীন হোৱা ক্ষতিৰ বাবত ব্ৰিটিছসকলক ২.৫০ লাখ টকা পৰিশোধ কৰিবলৈ বাধ্য কৰা হয়। এনেদৰে, ব্ৰিটিছে মণিপুৰৰ ওপৰত আধিপত্য প্রতিষ্ঠা কৰিছিল।

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

চমুটোকা

অসমত ইংৰাজে প্ৰবৰ্তন কৰা ৰাজহ ব্যৱস্থা :

উত্তৰ : অসমত ব্ৰিটিছ শাসনৰ পূৰ্বৱৰ্তী অৱস্থাত মুদ্ৰাৰে ৰাজহ সংগ্ৰহৰ ব্যৱস্থা নাছিল। কিন্তু ইংৰাজে প্ৰৱর্তন কৰা টকাৰ মাধ্যমত মাটিৰ খাজনা আৰু অন্যান্য কৰ-কাটল সংগ্ৰহৰ ব্যৱস্থাই অসমীয়া প্ৰজাৰ অৱস্থা শোচনীয় কৰি তুলিছিল আৰু ব্ৰিটিছ চৰকাৰৰ শোষণ দিনক দিনে বৃদ্ধি পাই আহিছিল। ব্ৰিটিছ চৰকাৰৰ নতুন ভূমি ৰাজহ বৃদ্ধিৰ নীতি আৰু মুদ্ৰা অৰ্থনীতিয়ে অসমীয়া সৰ্বসাধাৰণ মানুহৰ মনত তীব্র অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। এই মুদ্রা অর্থনীতিয়ে অসমত সুদখোৰ মহাজন শ্ৰেণীৰ সৃষ্টি কৰিছিল আৰু অসমীয়া প্ৰজাই এই সুদখোৰ মহাজন শ্ৰেণীৰ পৰা টকা ধাৰলৈ লৈ হ’লেও ভূমি ৰাজহ চৰকাৰক দিবলৈ বাধ্য হৈছিল। এই মহাজন শ্ৰেণীটো আছিল বহিৰাগত বেপাৰী, মাৰোৱাৰী (কেঞা) আৰু বাঙালী মহাজন। সেই সময়ত অসমৰ গাঁওসমূহ আত্মনিৰ্ভৰশীল আছিল আৰু উৎপন্ন বস্তু বেচি ধন ঘটাৰ সুবিধা একেবাৰেই নাছিল। তদুপৰি বজাৰ- সমাৰৰ সীমাবদ্ধতাই অসমীয়া প্ৰজাক জুৰুলা কৰি তুলিছিল।

মণিৰাম দেৱান

উত্তৰ : মণিৰাম বৰভাণ্ডাৰ বৰুৱাই মণিৰাম দেৱান নামেৰে পৰিচিত হৈছিল। তেখেতে মানসকলৰ দ্বাৰা হোৱা আক্ৰমণত অসমীয়া জনগণে সন্মুখীন হোৱা দুৰ্গতিৰ লগতে অসম দেশ ১৮২৬ চনত কেনেকৈ ব্ৰিটিছৰ অধীনলৈ গৈছিল, এই সকলোবোৰ ঘটনাৰে প্রত্যক্ষদর্শী আছিল। আৰম্ভণিতে তেওঁ ইংৰাজ শাসনৰ বিৰোধী নাছিল। বৰং ১৮২৮ চনত ব্ৰিটিছে তেখেতক চিৰস্তাদাৰ হিচাপে যোৰহাটত নিযুক্তি দিয়ে। এই পদবীত থাকোতে তেওঁ ৰাজহ বিভাগৰ বহুখিনি সংস্কাৰ সাধন কৰি নিজৰ কর্মদক্ষতা প্রদর্শন কৰিবলৈ সক্ষম হৈছিল। পুৰন্দৰ সিংহক যেতিয়া উজনি অসমত ব্ৰিটিছ চৰকাৰে পুনৰ প্ৰতিষ্ঠা কৰিছিল, মণিৰাম দেৱানে পুৰন্দৰ সিংহৰ অধীনত দেৱান হিচাপে যোগদান কৰিছিল। অজ্ঞাত কাৰণত মণিৰাম দেৱানে এই পদবীৰ পৰা ইস্তাফা দি অসম টী কোম্পানীত যোগদান কৰে। ১৮৪৪ চনত তেওঁ এই পদবীৰ পৰাও ইস্তাফা দি নিজেই যোৰহাটত চাহ বাগিচা খুলিছিল। কিন্তু ইংৰাজ চাহ খেতিয়কে লাভ কৰাৰ দৰে ৰাজহৰ ক্ষেত্ৰত তেখেতে ব্ৰিটিছ চৰকাৰৰ পৰা ৰেহাই পাবলৈ সক্ষম নোহোৱাত অসন্তুষ্ট হৈ পৰে। মণিৰাম দেৱান এটা ক্ষেত্ৰত সিদ্ধান্তলৈ আহিছিল যে ব্ৰিটিছ শাসনৰ অধীনত তেওঁৰ জীৱনৰ উন্নতি কোনোমতেই সম্ভৱ নহয়। গতিকে আহোম ৰাজতন্ত্র পুনৰ প্ৰতিষ্ঠা কৰিলেহে যে নিজৰ অৱস্থাৰ উন্নতি হ’ব সেইটো পতিয়ন গৈছিল। আহোম ৰাজকোৱৰ কামেশ্বৰ সিংহৰ লগতে মণিৰাম দেৱানেও ব্ৰিটিছ চৰকাৰৰ পৰা এহাজাৰ টকাৰ পেন্সন ল’বলৈ অমান্তি হৈছিল। ১৮৫১ চনত কামেশ্বৰ সিংহৰ মৃত্যু হয় আৰু তেওঁৰ পুত্ৰ কন্দৰ্পেশ্বৰ সিংহক ৰাজসিংহাসনত প্ৰতিষ্ঠা কৰিবলৈ মণিৰাম দেৱানে উৎসাহিত কৰাৰ লগতে পূর্ণ সহযোগিতা আগবঢ়াইছিল। মণিৰাম দেৱানে ব্ৰিটিছ চৰকাৰক কন্দৰ্পেশ্বৰ সিংহক অসমৰ সিংহাসনত প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। পিছত কিন্তু মণিৰামক এজন চক্রান্তকাৰী হিচাপেহে অভিহিত কৰে। ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত ব্ৰিটিছ বিৰোধী কার্যকলাপ চলোৱাৰ অভিযোগত চৰকাৰে তেওঁক যোৰহাট কাৰাগাৰত ফাঁচীকাঠত ওলমায়।

অসমত কৃষক বিদ্ৰোহৰ উত্থান

উত্তৰ : ১৮৫৭ চনৰ বিদ্রোহ দমনৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা ক্ষমতা মহাৰাণীৰ ঘোষণা- পত্ৰৰ (১৮৫৮) যোগেদি ইংলেণ্ডৰ ৰাণীৰ হাতলৈ হস্তান্তৰিত কৰা হয়। ১৮৫৭ চনৰ বিদ্রোহে ব্ৰিটিছ চৰকাৰৰ অৰ্থনৈতিক অৱস্থা শোচনীয় কৰি তুলিছিল। বিদ্রোহ দমনৰ নামত যিহেতু যথেষ্ট ব্যয় বহন কৰিবলগীয়া হৈছিল, ১৮৫৭-৫৮ চনত ঘাটি বাজেট ১৪ মিলিয়ন পাউণ্ডলৈ বৃদ্ধি পাইছিল। গতিকে চিপাহী বিদ্ৰোহৰ পৰৱৰ্তী বছৰকেইটাত ইংৰাজ চৰকাৰৰ প্ৰধান কাম আছিল ভাৰতবৰ্ষত অর্থনৈতিক অৱস্থা সুস্থিৰ কৰি তোলা আৰু বিদ্ৰোহৰ ঘাটি পূৰণ কৰা। ফলস্বৰূপে ভাৰতীয় জনসাধাৰণৰ ওপৰত কৰ-কাটলৰ বোজা পৰিছিল।

অসমৰ ক্ষেত্ৰতো যিহেতু একেই নীতি পালন কৰা হৈছিল, প্রচলিত অন্যান্য কৰ-কাটল বাহাল ৰখাৰ উপৰি নতুনকৈ আৰু ভালেমান কৰ-কাটল আৰু খাজনা বহুওৱাৰ ব্যৱস্থা কৰা হৈছিল। কৰ বৃদ্ধিৰ হাৰ ১৮৫৪ চনৰ পৰা ১৮৭০ চনৰ ভিতৰত এশ শতাংশ হৈছিল। ১৮৫৮ চনত টিকট কৰ (Stamp du- ties), ১৮৬০ চনত আয়কৰ, আমদানি কৰ, হাবিৰ কাঠ, বাঁহ-খেৰ আদি ব্যৱহাৰৰ বাবদ অনুজ্ঞা কৰ (Licence Tax) আৰু চৰ-চাপৰি বা চৰণীয়া পথাৰত গৰু-ম’হ চৰোৱাৰ বাবদ গ্লেজিং কৰ (Grazing Tax) বহুৱা হৈছিল। কামৰূপ, দৰং আৰু নগাঁৱত আবকাৰী কৰ (Excise duites) লগোৱা হ’ল। সোণ কমোৱা নৈ, মাছ ধৰা নৈ ডাকত দিয়া হ’ল। ব্ৰিটিছ চৰকাৰৰ ৰাজহ সংগ্ৰহৰ এই সকলোবোৰ ব্যৱস্থাই আটাইতকৈ বেছি ক্ষতিগ্রস্ত কৰিছিল সাধাৰণ প্ৰজা তথা কৃষকসকলক।

আগতেই উল্লেখ কৰা হৈছে যে কৃষকৰ পৰা কৰ- কাটল সংগ্ৰহ কৰিলেও, কৃষি তথা কৃষকৰ উন্নতিৰ অৰ্থে চৰকাৰে কোনো ফলপ্রসূ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। বিদেশী চৰকাৰখনে, প্রাকৃতিক দুর্যোগ, মহামাৰী আনকি দুর্ভিক্ষৰ সময়তো কৃষক ৰাইজক কৰ-কাটলৰ পৰা ৰেহাই দিয়া নাছিল। এই সকলোবোৰ কাৰণত সৰ্বসাধাৰণ ৰাইজ ব্ৰিটিছ চৰকাৰৰ প্ৰতি বিতুষ্ট হৈছিল আৰু তাৰে ফলস্বৰূপে ঊনবিংশ শতিকাৰ মাজভাগৰ পৰা শেষলৈ অসমত এলানি কৃষক বিদ্রোহ সংঘটিত হৈছিল।

ৰাইজ মেল

উত্তৰ : অসমত ঊনবিংশ শতিকাত সংঘটিত হোৱা কৃষক বিদ্ৰোহসমূহৰ নেতৃত্ব প্ৰদান কৰিছিল ৰাইজ মেলসমূহে। ৰাইজ মেলসমূহ আধুনিক ধৰণৰ কোনো ৰাজনৈতিক সংগঠন নাছিল। তথাপি অসমত এই ৰাইজ মেলসমূহৰ গুৰুত্ব অপৰিসীম আছিল। কৃষক তথা সৰ্বসাধাৰণক ৰাজনৈতিকভাৱে সচেতন কৰি তুলিবলৈ এই ৰাইজমেলসমূহে অহোপুৰুষাৰ্থ কৰিছিল। ৰাইজমেলসমূহ গাঁওবুঢ়া, দলৈ, গোসাঁই আদি সমাজৰ মুখীয়াল লোকসকলৰ তত্ত্বাৱধানত গঢ়ি উঠিছিল আৰু তেওঁলোকৰ দ্বাৰাই পৰিচালিত হৈছিল।

এই মেলসমূহ গাঁও পঞ্চায়তৰ দৰে মাত্ৰ একোখন গাঁৱত সীমাবদ্ধ নাছিল; ই কেইবাখনো গাঁও সামৰি গঠন হৈছিল। জাত-পাত আৰু সম্প্রদায় নির্বিশেষে সকলোৱেই ৰাইজ মেলসমূহত অংশগ্ৰহণ কৰিব
পাৰিছিল, যি ৰাইজমেলসমূহক এক অনন্য বৈশিষ্ট্য প্ৰদান কৰিছিল। অসমীয়াত এষাৰ কথা আছে— ৰাইজেই ৰজা, জ্ঞাতিয়েই গংগা। ৰাইজমেলসমূহে এই বাক্যশাৰীক সঠিক ৰূপত প্ৰতিফলিত কৰিছিল। ৰাইজ একত্ৰ হৈ সমূহীয়া সিদ্ধান্ত লোৱা আৰু সেই সিদ্ধান্তসমূহ কাৰ্যকৰী কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনোৱাৰ গণতান্ত্রিক প্রশিক্ষণ এই ৰাইজমেলসমূহত পোৱা গৈছিল।

উত্তৰ কাছাৰৰ বিদ্রোহ

উত্তৰ : ব্ৰিটিছৰ শাসনকালত পাহাৰীয়া জনজাতীয় বিদ্ৰোহৰ ভিতৰত ঊনবিংশ শতিকাৰ শেষৰ ফালে সম্বোধন কছাৰীৰ নেতৃত্বত উত্তৰ কাছাৰত সংঘটিত হোৱা বিদ্ৰোহ আছিল উল্লেখনীয়। এই বিদ্ৰোহৰ কেন্দ্রস্থল আছিল মাইবং। ১৮৮১-৮২ৰ এবছৰ কাল ধৰি এই বিদ্রোহ চলিছিল। ১৮৮০ চনত ব্ৰিটিছ চৰকাৰে উত্তৰ কাছাৰৰ ওপৰত আংগামী নগাসকলৰ আক্ৰমণ প্রতিহত কৰিবলৈ এশজন কুকি লোকেৰে কুকি বাহিনী এটা গঠন কৰিছিল । লগতে এই অঞ্চলৰ জনজাতিসকলক বশীভূত কৰি ৰাখিবলৈ ইংৰাজ বিষয়া এজনক মকৰল কৰিছিল।

এই সকলোবোৰ কাৰণতে সম্বোধন কছাৰীৰ নেতৃত্বত বিদ্ৰোহৰ সূত্ৰপাত হৈছিল। এই বিদ্রোহত বিদ্রোহীসকলে ব্ৰিটিছ চৰকাৰে নিৰ্মাণ কৰা ঘৰ-দুৱাৰসমূহ অগ্নিসংযোগ কৰি ধ্বংস কৰিছিল। গুণজুঙত বিদ্রোহীসকলে দুজন ব্ৰিটিছ বিষয়াৰ ভৃত্য আৰু এজন পুলিচক হত্যা কৰে। ইয়াৰ পিছত বিদ্রোহীসকলে মাইবঙতো চৰকাৰীপক্ষক অতর্কিতে আক্রমণ কৰে। দুয়োপক্ষৰ মাজত তীব্র সংঘৰ্ষৰ ফলত বিদ্রোহীসকলৰ ভালেমান মৃত্যুমুখত পৰে। চৰকাৰী মেজৰ বয়দো গুৰুতৰভাৱে আহত হয় আৰু কিছুদিন পিছত মৃত্যুবৰণ কৰে। এই বিদ্ৰোহৰ নেতা সম্বোধন কছাৰীৰ পিছত কি হ’ল একো জনা নাযায়।

নগা জনগোষ্ঠীয় বিদ্রোহ

উত্তৰ : ব্ৰিটিছ ৰাজনৈতিক নিয়ন্ত্রণ নগা জনজাতিসকলেও পছন্দ কৰা নাছিল। ফলস্বৰূপে ব্ৰিটিছ অধিকৃত নগা ৰাজ্যসমূহত আৰম্ভণিৰে পৰা অসন্তোষৰ বা বলি আছিল। নগাসকলে ১৮৭৮ চনত এজন ব্ৰিটিছ বিষয়া ডামাণ্টক তেওঁৰ নিৰাপত্তাৰক্ষীসহ হত্যা কৰি স্বাধীনতাৰ প্ৰতি থকা হেঁপাহৰ পৰিচয় দিছিল। কোহিমাও বিদ্রোহীসকলে ভালেমান দিন অৱৰোধ কৰি ৰাখিছিল। অংগামী নগাসকলৰ এই বিদ্রোহ কর্ণেল জনষ্টোনে কঠোৰভাৱে দমন কৰিছিল ।

ব্ৰিটিছ শাসন প্রতিষ্ঠা হোৱাৰ পিছত অসমত ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল?

উত্তৰ : অসমত ব্ৰিটিছ শাসনৰ পূৰ্বৱৰ্তী অৱস্থাত মুদ্ৰাৰে ৰাজহ সংগ্ৰহৰ ব্যৱস্থা নাছিল। কিন্তু ব্ৰিটিছে টকাৰ মাধ্যমত মাটিৰ খাজনা আৰু অন্যান্য কৰ-কাটল সংগ্ৰহ কৰিছিল। এই ব্যৱস্থাই অসমীয়া প্ৰজাৰ অৱস্থা শোচনীয় কৰি তুলিছিল।

মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল?

উত্তৰ : মধুমল্লিক।

কোন চনত মফট মিলছ অসমলৈ আহিছিল?

উত্তৰ : ১৮৫৩ চনত।

অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?

উত্তৰ : মণিৰাম দেৱানে।

কেঞাসকল কোন আছিল?

উত্তৰ : কেঞাসকল আছিল বেপাৰী মাৰোৱাৰী।

১৮৫৭ চনৰ বিদ্রোহত অসমৰ বিদ্রোহীসকলে কোন আহোম ৰাজকোৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল?

উত্তৰ : কন্দৰ্পেশ্বৰ সিংহক।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top