মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম Class 10 Question Answer | Class 10 Social science History Chapter 2 Questions and Answers in Assamese | দশম শ্ৰেণীৰ ইতিহাস দ্বিতীয় অধ্যায়
শ্ৰেণী | দশম |
বিষয় | সমাজ বিজ্ঞান |
খণ্ড | ইতিহাস |
অধ্যায় | দ্বিতীয় অধ্যায় |
পাঠ | মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম |
উপলব্ধ | সকলো প্ৰশ্নৰ উত্তৰ |
মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম
পাঠভিত্তিক প্রশ্নোত্তৰ
অনুশীলনী
অতি চমু উত্তৰৰ প্ৰশ্ন :
১। মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল?
উঃ ১৮৬৯ চনৰ ২ অক্টোবৰ তাৰিখে গুজৰাটৰ পােৰবন্দত।
২। সত্যাগ্রহৰ কৌশল গান্ধীয়ে কোন দেশত পােন প্ৰথমতে প্রয়ােগ কৰিছিল?
উঃ দক্ষিণ আফ্রিকা।
৩। ৰবীন্দ্রনাথ ঠাকুৰে কিয় ‘নাইট উপাধি ত্যাগ কৰিছিল?
উ: জালিৱানৱালা হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্রনাথ ঠাকুৰে ‘নাইট’ উপাধি ত্যাগ কৰিছিল।
৪। কাৰ কাৰ নেতৃত্বত ভাৰতৰ খিলাফৎ আন্দোলনৰ সূচনা হৈছিল?
উঃ মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত।
৫। চৌৰীচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল?
উঃ ১৯২২ চনৰ ফেব্ৰুৱাৰীত।
৬। কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল?
উঃ ১৯২৭ চনত চাইমন কমিছন ভাৰতত পদার্পণ কৰাৰ পৰিপ্ৰেক্ষিতত লালা লাজপত ৰায়ৰ নেতৃত্বত প্রতিবাদী সমদলে প্রতিবাদ সাব্যস্ত কৰোঁতে সমদলটোৰ ওপৰত লাঠী চালনা কৰাৰ ফলস্বৰূপে লালা লাজপত ৰায় গুৰুতৰভাৱে আহত হয়। এই আঘাততে তেওঁৰ মৃত্যু হয়।
৭। কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিবেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূর্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল ?
উঃ ১৯২৯ চনত লাহােৰত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূর্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল ।
৮| গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰ পাৰলৈ লােণ আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত দূৰত্ব কিমান?
উঃ ৩৮৫ কিঃমিঃ।
দশম শ্ৰেণীৰ ইতিহাস দ্বিতীয় অধ্যায়
৯। সীমান্ত গান্ধী নামেৰে কাক জনা যায় ?
উঃ খান আব্দুল গফৰ খান।
১০। লণ্ডনত অনুষ্ঠিত হােৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাবে প্রতিনিধিত্ব কৰিছিল?
উঃ মহাত্মা গান্ধী।
১১। ১৯৩২ চনত সাম্প্রদায়িক বাটোৱাৰা ঘােষণা কৰা ব্রিটিছ প্রধানমন্ত্রীজনৰ নাম কি আছিল?
উঃ ৰামছে মেকডােনাল্ড ।
১২। কোনটো আন্দোলনৰ সময়ছােৱাত গান্ধীজীয়ে ‘কৰিম কিম্বা মৰিম’ শ্লোগান দিছিল?
উঃ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ছােৱাত।
১৩। আজাদ হিন্দ ফৌজৰ প্রতিষ্ঠাতা কোন?
উঃ ৰাসবিহাৰী বসু (পােন প্রথমে ধাৰণাটো পােষণ কৰিছিল কেপ্টেইন মােহন সিঙে)।
১৪। “মােক তেজ দিয়া, মই তােমালােকক স্বাধীনতা দিম” এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল?
উঃ সুভাষ চন্দ্র বসু।
১৫। ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায় ?
উঃ ৰেডক্লিফ ৰেখা।
মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম Class 10
দীঘল উত্তৰৰ প্ৰশ্ন :
১। সত্যাগ্রহ বুলিলে কি বুজা? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্রহক প্ৰথমতে প্রয়ােগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা।
উঃ দক্ষিণ আফ্রিকাত থকা অৱস্থাত মহাত্মা গান্ধীয়ে সত্যাগ্রহৰ ধাৰণাটোৰ বিকাশ সাধন কৰিছিল। দক্ষিণ আফ্রিকাৰ চৰকাৰৰ বৈষম্যমূলক পদক্ষেপৰ বিৰুদ্ধে প্রতিবােধৰ মুখ্য অস্ত্র হিচাপে তেওঁ এই ধাৰণাটো ব্যৱহাৰ কৰিছিল। সত্যাগ্রহ শব্দটো ‘সত্য’ আৰু ‘আগ্রহ’ শব্দ দুটা মিলিত হৈ সৃষ্টি হৈছে। ইয়াৰ অৰ্থ হৈছে সত্যৰ প্রতি আগ্রহ সত্যাগ্রহৰ ভিত্তি হৈছে অহিংসা আৰু সত্য। এয়া হৈছে ক্ষোভ-অসন্তুষ্টি প্রকাশৰ শান্তিপূর্ণ উপায় অৱলম্বনেৰে ক্ষমতাৰ বিৰুদ্ধে নিৰস্ত্র সংগ্রাম। এয়া হৈছে বেয়াৰ বিৰুদ্ধে ভাল, ঘৃণাৰ বিৰুদ্ধে প্রেম আদিৰে কৰা সংগ্ৰামৰ অনুশীলন। অৱশেষত দক্ষিণ আফ্রিকা আৰু ভাৰত উভয়তে ব্রিটিছৰ বিৰুদ্ধে সংগ্ৰামত অৱতীৰ্ণ হােৱাৰ ক্ষেত্ৰত সত্যাগ্রহ গান্ধীজীৰ মুখ্য অস্ত্র হৈ পৰিল।
১৯১৫ চনত গান্ধীজীয়ে ভাৰতত উপনীত হৈ সঠিক ধৰণে আৰু বিস্তৃতভাৱে সত্যাগ্রহ আন্দোলন সংগঠিত কৰিছিল। দক্ষিণ আফ্রিকাত তেওঁ আহৰণ কৰা শিকনি তেওঁৰ পথপ্রদর্শনকাৰী নীতি হৈ পৰে। যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্রহক প্রথমতে প্রয়ােগ কৰিছিল সেই তিনিটাৰ বিষয়ে তলত উল্লেখ কৰা হলঃ
(ক) চম্পাৰণ (উত্তৰ বিহাৰ) বিবাদঃ ১৯১৭ চনত গান্ধীয়ে বিহাৰৰ চম্পাৰণৰ নিপীড়িত নীল খেতিৰ শ্ৰমিকসকলৰ বিষয়টোত দৃষ্টি নিবদ্ধ কৰিছিল। শ্ৰমিকসকলে চহকী নীল খেতিৰ গৰাকীসকলৰ অসংগত ব্যৱস্থাপনাৰ বাবে অশেষ যাতনা ভােগ কৰিবলগীয়া হৈছিল।
(খ) খেড়া (গুজৰাট) বিবাদঃ ১৯১৮ চনত গুজৰাটৰ খেড়া জিলাত শস্য নষ্ট হােৱাৰ সত্ত্বেও চৰকাৰে ভূমি ৰাজহ ৰেহাই দিবলৈ অমান্তি হৈছিল, সম্পূর্ণ মাত্ৰাত ৰাজহ সংগ্ৰহৰহে পােষকতা কৰিছিল। মহাত্মা গান্ধীয়ে কৃষকসকলক সমর্থন কৰিছিল আৰু কৃষকসকলৰ ৰাজহ ৰেহাইৰ দাবী মানি নােলােৱালৈকে ৰাজহ পৰিশােধন কৰিবলৈ তেওঁলােকক পৰামর্শ প্রদান কৰিছিল।
(গ) আহমেদাবাদ (গুজৰাট) বিবাদঃ আহমেদাবাদৰ মিল শ্রমিক আৰু মিল মালিকসকলৰ মাজৰ বিবাদ মীমাংসা কৰিবলৈ সত্যাগ্রহক কৌশল হিচাপে প্রয়ােগ কৰিছিল।
২। ভাৰতত খিলাফৎ আন্দোলন কিয় আৰম্ভ হৈছিল?
উঃ প্রথম বিশ্বযুদ্ধত তুকীসকলৰ পৰাজয়ৰ পৰিণতিত খলিফাৰ ক্ষমতা বৃহৎ মাত্রা হ্রাস পালে। যেতিয়া মুছলমানসকলে উপলদ্ধি কৰিলে যে তেওঁলােকে খলিফা বা আধ্যাত্মিক গুৰু হিচাপে বিবেচনা কৰা তুৰস্কৰ সম্রাটৰ তুৰস্কৰ পবিত্ৰ ঠাইবােৰৰ ওপৰত নিয়ন্ত্রণ নাইকিয়া হ’ল, তেতিয়া তেওঁলােক যথেষ্ট শংকিত হ’ল।
গতিকে, তুৰস্কৰ সম্রাটক ইছলামৰ খলিফা বা আধ্যাত্মিক গুৰু হিচাপে পূৰ্বৰ মর্যাদালৈ ঘূৰাই নিয়াৰ উদ্দেশ্যে মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত ভাৰতৰ মুছলমানসকলে খিলাফৎ আন্দোলন আৰম্ভ কৰে। গান্ধীজীয়ে হিন্দু আৰু মুছলমান লােকসকলক ঐক্যবদ্ধ কৰাৰ লক্ষ্যেৰে এই আন্দোলনলৈ সমর্থন আগবঢ়াইছিল।
মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম Question Answer
৩। ১৯২০-২২ চনত গান্ধীজীয়ে কিয় অসহযােগ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল? গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল?
উঃ ১৯২০-২২ চনত গান্ধীজীয়ে অসহযােগ আন্দোলন আৰম্ভ কৰাৰ কেইবাটাও কাৰক আছিল। এইকেইটা হৈছে:
ক) প্রথম বিশ্বযুদ্ধত ভাৰতে ব্রিটেইনক সমর্থন কৰাৰ ফলস্বৰূপে অর্থনীতিত নেতিবাচক প্রভাৱ পৰিছিল। এই যুদ্ধত ভাৰতৰ শ শ লােকৰ মৃত্যু হৈছিল।
খ) ১৯১৯ চনৰ ৰাওলাট আইনে ভাৰতীয়সকলৰ ওপৰত দমনমূলক পদক্ষেপ গ্রহণ কৰা বুলি ভাৰতীয়সকলে অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল। এই আইনৰ অধীনত সন্ত্রাসবাদী কার্যকলাপত জড়িত বুলি সন্দেহ হােৱা লােকসকলক বিনা বিচাৰে ২ বছৰৰ বাবে কাৰাৰুদ্ধ কৰাৰ ব্যৱস্থা কৰা হৈছিল।
গ) ১৯১৯ চনৰ জালিয়ানৱালাবাগ হত্যাকাণ্ডই ভাৰতীয়সকলক মর্মাহত কৰিছিল আৰু ব্রিটিছক বিতাড়িত কৰিবলৈ দৃঢ়সংকল্পবদ্ধ হৈছিল ।
ঘ) ব্রিটিছসকলে ভাৰতত কৰা অর্থনৈতিক শোষণ সন্দৰ্ভত ভাৰতীয়সকলে কৰা উপলব্ধিৰ ফলত গান্ধীজীৰ আন্দোলনে জনসমর্থন আদায় কৰিব পাৰিছিল।
ঙ) তুৰস্কৰ সম্রাটৰ মর্যাদা ঘূৰাই অনাৰ উদ্দেশ্যে ভাৰতীয় মুছলমানসকলে খিলাফৎ আন্দোলন আৰম্ভ কৰিছিল আৰু গান্ধীজীয়ে এই আন্দোলনলৈ সমর্থন আগবঢ়াইছিল।
এই আন্দোলনৰ কেইটামান কাৰ্যসূচী তলত উল্লেখ কৰা হলঃ
(ক) দেশৰ বিভিন্ন স্থানত বিদেশী বস্ত্র দাহ কৰা হয়।
(খ) বিদেশী বস্তু আৰু সুৰা বিক্ৰী কৰা দোকানবিলাক বর্জন কৰা হৈছিল।
(গ) বৃহৎ সংখ্যক ছাত্র-ছাত্রীয়ে চৰকাৰী বিদ্যালয়-মহাবিদ্যালয় এৰিছিল।
(ঘ) কাশী বিদ্যাপীঠ, বেনাৰস বিদ্যাপীঠৰ লগতে আলিগঢ়ত জাতীয় মুছলিম বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল।
(ঙ) কংগ্ৰেছে প্রায় চল্লিশ লাখ স্বেচ্ছাসেৱকক সদস্যভুক্ত কৰিছিল।
(চ) বিশ হাজাৰ যঁতৰ নিৰ্মাণ কৰি বিতৰণ কৰা হয়।
(ছ) ৰাইজৰ আদালতৰ জৰিয়তে বিবাদৰ মীমাংসা কৰিবলৈ আৰম্ভ কৰিছিল।
(জ) অসহযােগ আন্দোলনৰ খৰচ বহনকাৰী তিলকস্বৰাজ পুঁজিত অতি কম সময়ৰ ভিতৰতে এক কোটিতকৈও অধিক টকা সংগৃহীত হৈছিল।
(ঝ) ব্রিটিছে প্ৰদান কৰা উপাধি আৰু সন্মান বর্জন কৰা হৈছিল।
স্বৰাজ প্রাপ্তিৰ উদ্দেশ্য কৰা অসহযােগ আন্দোলনত শান্তিপূর্ণভাৱে অহিংস নীতি অনুসৰণ কৰিবলৈ গান্ধীজীয়ে কঠোৰ নির্দেশনা দিছিল। অৱশ্যে ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ গােৰখপুৰ জিলাৰ চৌৰিচোৰাত হিংসাত্মক সংঘর্ষ সংঘটিত হয় য’ত তিনিজন প্রতিবাদকাৰী পুলিচৰ গুলীত নিহত হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত উন্মত্ত জনতাই পুলিচ থানাত অগ্নিসংযােগ কৰাৰ পৰিণতিত ২২ জন পুলিচ নিহত হয়। গান্ধীজীয়ে এই ঘটনাত মর্মাহত হৈ উপলব্ধি কৰিলে যে প্রতিবাদীজনতাই অহিংস নীতি বর্জন কৰিছে। সেয়ে তেওঁ এই আন্দোলন বন্ধ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছিল।
৪। আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল? এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল?
উঃ ১৯৩০ চনৰ আইন অমান্য আন্দোলনৰ মূল লক্ষ্য আছিল “পূর্ণ স্বৰাজ” বা সম্পূর্ণ স্বাধীনতা।
(ক) লক্ষ্যঃ ১৯৩০ চনৰ ৩১ জানুৱাৰীত মহাত্মা গান্ধীয়ে ভাইচৰয় লর্ড আৰউইনক ভাৰতত ব্রিটিছ শাসনৰ কুপ্রভাৱ দূৰ কৰিবলৈ সতর্ক কৰি দিছিল আৰু তেওঁৰ হাতত কিছুমান দাবী সম্বলিত এখন পত্র প্রদান কৰিছিল। এই দাবীসমূহ হল :
(i) মাদক দ্রব্যৰ প্ৰচলন বন্ধ কৰা।
(ii) টকা আৰু ষ্টার্লিঙৰ অনুপাত পৰিৱৰ্তন কৰা।
( iii) মাটিৰ খাজনা আৰু সৈন্য বাহিনীৰ ব্যয় হ্রাস কৰা।
(iv) লােণ কৰ আৰু অপৰাধ অনুসন্ধান শাখাৰ বিলুপ্ত কৰা।(v) প্রশাসনীয় ব্যয় হ্রাস কৰা ।
(vi) বিদেশী বস্ত্ৰৰ ওপৰত সীমা শুল্ক আৰােপ কৰা।
(vii) ডাক সংৰক্ষণ বিধেয়ক গৃহীত কৰা ।
(viii) সকলাে ৰাজনৈতিক বন্দীক মুকলি কৰা।
(xi) আত্মৰক্ষাৰ বাবে সাধাৰণ নাগৰিকক অস্ত্র-শস্ত্ৰ ৰখাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা।
(খ) বৈশিষ্ট্যঃ আইন অমান্য আন্দোলনে দেশৰ লােণ আইন ভংগ কৰাত গুৰুত্ব আৰােপ কৰিছিল। কেৱল চৰকাৰেহে লােণ প্রস্তুত কৰি জনসাধাৰণক বিক্ৰী কৰিব পাৰিছিল। ব্রিটিছ চৰকাৰৰ এই আইনক গান্ধীজীয়ে প্ৰত্যাহ্বান জনাইছিল। সেয়ে, এই আন্দোলন লােণ সত্যাগ্রহৰ জৰিয়তে সূচনা হৈছিল।
১৯৩০ চনৰ ১২ মার্চত ৭৮ জন অনুগামীৰ সৈতে গান্ধীজীয়ে সমুদ্র উপকূলত অৱস্থিত দাণ্ডিলৈ যাত্ৰা কৰিছিল আৰু সাগৰৰ পানী উতলাই লােণ প্রস্তুত কৰিছিল। অতি কম সময়ৰ ভিতৰতে এই আন্দোলন দেশৰ সকলাে ঠাইতে ব্যাপ্ত হৈ পৰিছিল আৰু লােণ আইন ভংগৰ জৰিয়তে ব্রিটিছৰ বিৰােধিতা কৰিছিল। খান আব্দুল গফৰ খানৰ নেতৃত্বত ‘ৰেড চার্টছ’ হিচাপে জ্ঞাত ‘খুদাই খিটমদগাৰছ’ (ঈশ্বৰৰ সেৱক) সকলে আন্দোলনটোৰ পৰিচালনা কৰিছিল। শশ মহিলাই এই আন্দোলনত যােগদান কৰিছিল যিয়ে মহাত্মা গান্ধীৰ লােণ আইন ভংগ কৰা ধাৰণাটো সমর্থন কৰিছিল। এই আন্দোলনত গান্ধীজীৰ লগতে হেজাৰ হেজাৰ স্বাধীনতা প্রেমী লােকক গ্রেপ্তাৰ কৰা হয়।
মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম Class 10 Question Answer
৫। কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল? ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খােজানে? তােমাৰ মতামতৰ সমৰ্থনত যুক্তি দিয়া।
উঃ দেশৰ স্বাধীনতা লাভৰ বাবে মহাত্মা গান্ধীয়ে আৰম্ভ কৰা শেহৰটো গণ আন্দোলন আছিল ভাৰত ত্যাগ আন্দোলন। গান্ধীজীৰ মতাদর্শ বাস্তৱ ৰূপ দিয়াৰ উদ্দেশ্যে কংগ্ৰেছ ৱর্কিং কমিটিয়ে ১৯৪২ চনৰ আগষ্টত ৱাৰ্ধাত মিলিত হৈ ভাৰত ত্যাগ প্রস্তাৱ গৃহীত কৰে। ১৯৪২ চনৰ ৭ আৰু ৮ আগষ্টত বােম্বাইত মিলিত হৈ নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ভাৰত ত্যাগ প্রস্তাৱৰ কিছু ৰূপান্তৰ ঘটাই ইয়াক গৃহীত কৰে। ভাৰত ত্যাগ আন্দোলনৰ সূচনা হােৱা পৰিস্থিতি কেইটা তলত উল্লেখ কৰা হ’ল :
(ক) ক্রিপছ মিছনৰ ব্যর্থতা।
(খ) জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি।
(গ) পূর্ববংগৰ সন্ত্রাস।
(ঘ) ব্রিটিছে ভাৰতক সুৰক্ষা প্রদান কৰিব নােৱাৰিব বুলি ভাৰতীয়সকলৰ মনত সঞ্চাৰ হােৱা উপলব্ধি।
১৯৪২ চনৰ আগষ্টত হােৱা ভাৰত ত্যাগ আন্দোলন ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসৰ এক মাইলৰ খুটি বুলি মই অনুভৱ কৰাে। এই উল্লেখযােগ্য ঘটনাটোৱে স্বাধীনতাক নিকট স্থানত উপনীত কৰাইছিল। এই আন্দোলনে ব্রিটিছ শাসনৰ পৰা পূর্ণ স্বাধীনতা প্রাপ্তিক ভাৰতীয় জাতীয় আন্দোলনৰ একমাত্র উদ্দেশ্য হিচাপে সাব্যস্ত কৰিছিল। যদিও এই আন্দোলনে ব্রিটিছ ভাৰতৰ পৰা বিতাড়িত কৰিব পৰা নাছিল, তথাপি ই জনসচেতনতাৰ প্ৰসাৰ ঘটাইছিল আৰু মানুহক ঐক্যবদ্ধ কৰিছিল।
জাতি, ধর্ম বর্ণ, লিংগ নির্বিশেষে সকলোেৱে এই আন্দোলনত অংশ গ্রহণ কৰিছিল।ব্রিটিছসকল ভাৰতৰ পৰা বিতাড়িত হােৱাটো সকলােৱে কামনা কৰিছিল। গান্ধীজীৰ ‘কৰিম কিম্বা মৰিম’ ধ্বনিৰে উদ্বুদ্ধ হৈ জনসাধাৰণে আন্দোলনত অংশগ্রহণ কৰিছিল। এই তীব্র গণ আন্দোলনে ভাৰতৰ ব্রিটিছ চৰকাৰৰ ভেটি কঁপাই তুলিছিল। এই ঘটনাই স্বাধীনতা প্রাপ্তিৰ প্রক্রিয়া ত্বম্বিত কৰিছিল।
Class 10 Social science History Chapter 2 Questions and Answers in Assamese
৬। ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে এটা চমুটোকা লিখা।
উঃ দ্বিতীয় বিশ্বযুদ্ধত জাপানী সৈন্যৰ ওচৰত আত্মসমর্পণ কৰা ভাৰতীয় বিষয়া কেপ্টেইন মােহন সিঙে ভাৰতীয় জাতীয় সেনাবাহিনীৰ ধাৰণাটো পােন প্রথমে পােষণ কৰিছিল। ১৯৪২ চনৰ মাৰ্চ মাহত টকিঅ’ত বিদেশবাসী ভাৰতীয়সকলক লৈ অনুষ্ঠিত এখন সভাত ভাৰতীয় স্বতন্ত্র লীগ গঠন কৰা হৈছিল। ১৯৪২ চনৰ জুন মাহত বেংককত অনুষ্ঠিত সন্মিলনত ৰাসবিহাৰী বসূক ইয়াৰ সভাপতি হিচাপে নির্বাচিত কৰা হয়। এই সন্মিলনতেই ভাৰতীয় জাতীয় সেনাবাহিনী বা আজাদ হিন্দ ফৌজ পুনৰুজ্জীৱিত কৰণৰ সিদ্ধান্ত লােৱা হয়।
এই লীগে সুভাষ চন্দ্র বসুক জাপানলৈ নিমন্ত্রণ জনায় আৰু তেওঁ উপস্থিত হােৱাত ভাৰতীয় স্বতন্ত্র লীগ সভাপতি আসনখন তেওঁক যাচে। ১৯৪৩ চনৰ ২১ অক্টোবৰত ছিংগাপুৰত স্বাধীন ভাৰতৰ প্রাদেশিক চৰকাৰ বা আজাদ হিন্দ চৰকাৰ গঠন কৰি সুভাষ চন্দ্র বসুৱে ব্রিটিছ-মুক্ত ভাৰত গঠনৰ সংকল্প লয়। তেওঁ জাতীয় সেনা বাহিনীটোৰ পুনৰগঠন কৰে। মহিলা সমন্ধিতে বহুতো সাধাৰণ লােকক সৈন্য বাহিনীত ভর্তি হয়।মহিলাসকলৰ বাহিনীটোক ‘ঝান্সি ৰাণী ৰেজিমেন্ট’ নামেৰে নামকৰণ কৰা হয়।
ভাৰতীয় জাতীয় সেনাবাহিনীয়ে জাপানৰ লগ লাগি ব্রিটিছসকলৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছিল। ভাৰতীয় জাতীয় সেনা বাহিনীৰ শ্লোগান আছিল জয় হিন্দ। সুভাষ চন্দ্র বসুৰ ‘মােক তেজ দিয়া আৰু মই তােমালােকক স্বাধীনতা দিম’ উক্তিটোৱে তেওঁৰ অনুগামীসকলক অনুপ্রাণিত কৰিছিল। জাপানৰ পৰাজয় আৰু আত্মসমর্পনে ভাৰতীয় জাতীয় সেনাবাহিনীটোৰ ভাগ্য স্তিমিত কৰিছিল। ১৯৪৫ চনত সংঘটিত হােৱা এক বিমান দুর্ঘটনাত সুভাষ চন্দ্র বসুৱে মৃত্যুবৰণ কৰে বুলি অনুমান কৰা হৈছে। ভাৰতীয় জাতীয় সেনাবাহিনীয়ে স্বাধীনতা প্রাপ্তিৰ হকে ভাৰতৰ জাতীয় সংগ্রাম স্মৰণীয় ভূমিকা পালন কৰিছিল, যাৰ জৰিয়তে ইয়াৰ ওপৰত আন্তৰাষ্ট্ৰীয় মনােযােগ নিবদ্ধ হৈছিল।
দশম শ্ৰেণীৰ ইতিহাস দ্বিতীয় অধ্যায় অতিৰিক্ত প্রশ্নোত্তৰ
অতি চমু প্রশ্নোত্তৰ :
১। কোন চনত মােহন দাস কৰমচাঁদ গান্ধীয়ে দক্ষিণ আফ্রিকাত বৰ্ণবাদৰ বিৰুদ্ধে ভাৰতীয়সকলৰ আন্দোলন আৰম্ভ কৰিছিল? সেই সময়ত তেওঁৰবয়স কিমান আছিল?
উঃ ১৮৯৩ চনত; ২৪ বছৰ।
২। সত্যাগ্রহৰ ধাৰণা বিকশিত কৰাত মহাত্মা গান্ধীক সহায় কৰা দুজন বিদেশী লেখকৰ নাম উল্লেখ কৰা।
উঃ লিও টলষ্টয় আৰু থৰো ।
৩। কোন চনৰ পৰা কোন চনলৈ অসহযােগ আন্দোলন চলিছিল?
উঃ ১৯২০ চনৰ পৰা ১৯২২ চনলৈ।
৪। কোনখন ব্রিটিছ আয়ােগক ‘শ্বেতকায় সকলৰ কমিছন’ বুলি অভিহিত কৰা হৈছিল?
উঃ ছাইমন কমিছন।
৫। মুছলিম লীগে কোন তাৰিখে ‘মুক্তি দিবস’ পালন কৰিছিল? কিয় পালন কৰিছিল?
উঃ ১৯৩৯ চনৰ ২৪ ডিচেম্বৰত, প্রদেশসমূহৰ কংগ্ৰেছ মন্ত্রীসভাবোৰে পদত্যাগ কৰা কাৰণে।
৬। কোনটো পৰিস্থিতিক ‘এটা দেৱলীয়া বেংকৰ এখন দিন ওকলা চেক’ বুলি অভিহিত কৰা হৈছিল?
উঃ ১৯৪২ চনৰ মাৰ্চ মাহত ক্ৰিপছ মিছনে আগবঢ়োৱা স্ব-শাসিত ভাৰতীয় যুক্তৰাষ্ট্ৰ গঠনৰ প্ৰস্তাৱটোক।
৭। ভাৰতীয় জাতীয় সেনা বাহিনীটোৰ মহিলাসকলৰ বাহিনীটোক কি নামেৰে নামকৰণ কৰা হৈছিল?
উঃ ঝান্সি ৰাণী ৰেজিমেন্ট।
৮। মুছলিম লীগে কোন তাৰিখে ‘প্রত্যক্ষ দাবী দিৱস’ পালন কৰিছিল?
উঃ ১৯৪৬ চনৰ ১৬ আগষ্ট।
৯। কোন চনলৈ মহাত্মা গান্ধীয়ে ব্রিটিছ চৰকাৰক সমর্থন কৰিছিল?
উঃ ১৯১৮ |
১০। কাছাৰী ত্যাগ কৰা উকীলসকলৰ ভৰণ-পােষণৰ বাবে কোনে এক লাখ টকা দিব বুলি ঘােষণা কৰিছিল?
উঃ শেঠ যমনালাল বাজাজ।
দশম শ্ৰেণীৰ ইতিহাস দ্বিতীয় অধ্যায়
চমু প্রশ্নোত্তৰ :
১। প্রথম বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল আৰু কেতিয়া শেষ হৈছিল? যুদ্ধৰ মিত্রশক্তিৰ অন্তর্ভুক্ত দেশকেইখন কি কি?
উঃ প্রথম বিশ্বযুদ্ধ ১৯১৪ চনত আৰম্ভ হৈছিল আৰু ১৯১৯ চনত শেষ হৈছিল। এই যুদ্ধৰ মিত্রশক্তিৰ অন্তর্ভুক্ত দেশকেইখন হৈছে ব্রিটেইন, আমেৰিকা আৰু ফ্রান্স।
২।কোন চনত ৰুছ বিপ্লব সংঘটিত হৈছিল? ভাৰতৰ ওপৰত ই কি কি দুই ধৰণে প্ৰভাৱিত কৰিছিল?
উঃ ১৯১৭ চনৰ অক্টোবৰত ৰুছ বিপ্লৱ সংঘটিত হৈছিল। নিম্নোক্ত দুই ধৰণে ই ভাৰতত প্ৰভাৱ বিস্তাৰ কৰিছিল :
(ক) ভাৰতৰ ৰাজনৈতিক নেতাসকলে উপলব্ধি কৰিলে যে সাধাৰণ মানুহৰ মাজত অপৰিসীম বল শক্তি অন্তর্নিহিত হৈ আছে আৰু তেওঁলােকে দেশত বিপ্লৱৰ সূচনা কৰিব পাৰে।
(খ) স্বাধীনতাকামী জনসাধাৰণক জাতীয় স্বাধীনতা আন্দোলনত যােগদান কৰিবলৈ উৎসাহিত কৰিছিল।
৩। মহাত্মা গান্ধীয়ে পােন প্রথমবাৰৰ বাবে ক’ত আৰু কেতিয়া সৰ্বভাৰতীয় পর্যায়ত সত্যাগ্রহক অস্ত্র হিচাপে প্ৰয়ােগ কৰিছিল ?
উঃ মহাত্মা গান্ধীয়ে সত্যাগ্রহৰ কৌশল চম্পাৰণ, খেড়া আৰু আহমেদাবাদত সংঘটিত তিনিটা বিবাদত প্রয়ােগ কৰিছিল। কিন্তু তেওঁ পােন প্রথমবাৰৰ বাবে ইয়াক ১৯১৯ চনত ৰাওলাট আইনৰ প্ৰতিবাদত সৰ্বভাৰতীয় পর্যায়ত প্রয়ােগ কৰিছিল। হৰতাল কার্যসূচীৰে ১৯১৯ চনৰ ৬ এপ্রিলত এই আন্দোলনৰ সূচনা হৈছিল। অতি সােনকালে সত্যাগ্রহৰ ধাৰণাটোৱে জনসাধাৰণৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয় আৰু বৃহৎ সংখ্যক স্বাধীনতা সংগ্রামীয়ে এই নতুন অস্ত্র অনুসৰণ কৰিবলৈ আৰম্ভ কৰে।
৪। কোনটো ঘটনাই মহাত্মা গান্ধীক জাতীয় ৰাজনীতিৰ অগ্রণী স্থানত উপবিষ্ট কৰাইছিল?
উঃ ১৯১৯ চনত ৰাওলাট আইনৰ প্ৰতিবাদত কৰা সত্যাগ্রহ বা অহিংস আন্দোলনে মহাত্মা গান্ধীক জাতীয় ৰাজনীতিৰ অগ্রণী স্থানত উপৱিষ্ট কৰাইছিল। ৰাওলাট আইনে ব্রিটিছ কর্তৃপক্ষক বিনা বিচাৰে ভাৰতীয়সকলক কাৰাগাৰত নিক্ষেপ কৰাৰ কর্তৃত্ব প্রদান কৰিছিল। মহাত্মা গান্ধীয়ে সমগ্র দেশতে হৰতাল কাৰ্যসূচীৰে এই আইনৰ বিৰুদ্ধে গণ আন্দোলন আৰম্ভ কৰিছিল। এই আন্দোলনত তেওঁ নতুনকৈ বিকাশ সাধন কৰা কৌশল ‘সত্যাগ্রহ’প্রয়ােগ কৰিছিল। এই কৌশলে সঠিকভাৱে কার্য সম্পাদন কৰিলে আৰু বৃহৎ সংখ্যক লােকে জাতীয় আন্দোলনত যােগদান কৰিলে। এনেদৰে সত্যাগ্রহ আন্দোলনে গান্ধীজীক সম্ভাৱনাপূর্ণ জাতীয় নেতা হিচাপে অগ্রণী স্থানত উপৱিষ্ট কৰাইছিল।
৫। জালিৱানৱালাবাগ হত্যাকাণ্ড বুলিলে কি বুজা ?
উঃ ১৯১৯ চনৰ ১৩ এপ্রিলত অমৃতসৰৰ হাজাৰ হাজাৰ লােকে তেওঁলােকৰ জনপ্রিয় নেতা ড° চৈমুদ্দিন কিটচলিউ আৰু ড° সত্যপালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিবলৈ জালিৱানৱালাবাগ নামৰ চৌপাশে ওখ দেৱালেৰে পৰিৱেষ্টিত এখন পথাৰত সমবেত হৈছিল। হঠাতে নিৰাপত্তাৰ দায়িত্ববাহী বিষয় জেনেৰেল ডায়াৰৰ নিৰ্দেশত নিৰাপত্তাৰক্ষীয়ে সমবেত জনতাৰ ওপৰত নিৰ্মম গুলীচালনা কৰাৰ ফলত প্রায় ৪০০ লােক থিতাতে নিহত হয় আৰু প্রায় ১২০০ লােক আহত হয়। এই ঘটনাটোকে জালিৱানৱালাৰাগৰ হত্যাকাণ্ড বুলি জনা যায়।
মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম Question Answer
৬। লক্ষ্ণৌ চুক্তি কি আছিল?
উঃ ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু মুছলিম লীগৰ মাজত ১৯১৬ চনত লক্ষ্ণৌত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনত স্বাক্ষৰিত হােৱা যি চুক্তিৰ জৰিয়তে উভয়পক্ষই পােন প্রথমবাৰৰ বাবে উমৈহতীয়া কাৰ্যসূচী দাবী আৰু প্ৰস্তাৱৰ পোষকতা কৰে সেই চুক্তিখনকে লক্ষ্মৌ চুক্তি হিচাপে জনা যায়।
৭। চৌৰিচৌৰাৰ ঘটনা বুলিলে কি বুজা?
উঃ অসহযােগ আন্দোলনৰ সময়ছােৱাত উত্তৰ প্ৰদেশৰ গােৰখপুৰ জিলাৰ চৌৰিচৌৰাত ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত উন্মত্ত জনতাই ২২ জন পুলিচক নৃশংসভাৱে হত্যা কৰা ঘটনাটোক চৌৰিচৌৰাৰ ঘটনা বােলা হয়।
৮। ১৯২০ চনৰ অসহযােগ আন্দোলনৰ সময়ছােৱাত স্থাপন হােৱা কেইখনমান শিক্ষানুষ্ঠানৰ নাম উল্লেখ কৰা।
উঃ অসহযােগ আন্দোলনৰ এটা ইতিবাচক পৰিণতি এয়ে যে এই আন্দোলনৰ সময়ছােৱাত দেশৰ বিভিন্ন অংশত কেইবাখনাে শিক্ষানুষ্ঠান গঢ়ি উঠে। ইয়াৰ কেইখনমান তলত উল্লেখ কৰা হ’ল :
(ক) কাশী বিদ্যাপীঠ
(খ)বেনাৰস বিদ্যাপীঠ
(গ) আলিগড়ৰ জাতীয় মুছলিম বিশ্ববিদ্যালয়
৯। ছাইমন কমিছন কি আছিল?ইয়াক কগ্ৰেছে কিয় ৰজন কৰিছিল?
উঃ ১৯১৯ চনত ভাৰত চৰকাৰ আইন প্রণয়ন হােৱাৰ ১০ বছৰ পিছত ইয়াৰ দ্বাৰা সাধন হােৱা সংস্কাৰসমূহ অনুসন্ধানৰ উদ্দেশ্যে ব্রিটিছ চৰকাৰে এখন আয়ােগ গঠন কৰিছিল। ছাৰ জন ছাইমনৰ নেতৃত্বত এই হাতজনীয়া় আযােগক ১৯২৮ চনত ভাৰতলৈ প্ৰেৰণ কৰা হৈছিল। এয়াই আছিল জাইমন কমিছন। ইয়াত এজনাে ভাৰতীয় সদস্য অস্তভূক নােহোৱাৰ বাবে কংগ্ৰেছে ইয়াক বর্জন কৰিছিল। কমিছনৰ বিৰুদ্ধে ভাৰতীয়সকলে ‘ছাইমন ঘূৰি যােৱা’ তাৰিখে প্রতিবাদ সাব্যস্ত কৰিছিল।
১০। ১৯২৯ চনত লাহােৰত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনৰ গুৰুত্ব কি আছিল?
উঃ ১৯২৯ চনত লাহােৰত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশন জাতীয় স্বাধীনতা আন্দোলনৰ ইতিহাসৰ এক উল্লেখযােগ্য ঘটনা আছিল। এই অধিৱেশনত কংগ্ৰেছে গৃহীত কৰা এক প্রস্তাৱ যােগে ভাৰতীয়সকলৰ মুখ্য উদ্দেশ্য পূর্ণ স্বৰাজ (সম্পূর্ণ স্বাধীনতা) বুলি ঘােষণা কৰে আৰু এই উদ্দেশ্য পূৰণৰ বাবে মহাত্মা গান্ধীৰ নেতৃত্বত আইন অমান্য আন্দোলন গঢ়ি তােলাৰ সিদ্ধান্ত গ্রহণ কৰে। এই অধিৱেশনতে পােন প্রথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। ইয়াৰ পৰৱৰ্তী পর্যায়ত ১৯৩০ চনৰ ২৬ জানুৱাৰীত সমগ্ৰ দেশতে স্বাধীনতা দিৱস (পূর্ণ স্বাধীনতা দিৱস) পালন কৰা হয়।
দশম শ্ৰেণীৰ ইতিহাস দ্বিতীয় অধ্যায়
১১। নেহৰু প্রতিবেদন কি?
উঃ ছাইমন কমিছনৰ প্রতিবেদন বিৰােধিতা কৰাৰ লক্ষ্যেৰে আৰু সকলাে দলৰ গ্রহণযােগ্য হােৱাকৈ ভাৰতীয় সংবিধানৰ খচৰা প্রস্তুত কৰাৰ লক্ষ্যেৰে ১৯২৮ চনত মতিলাল নেহৰুৰ পৌৰোহিত্যত প্রস্তুত হােৱা প্রতিবেদনখনকে নেহৰু প্রতিবেদন বুলি জনা যায়।
১২। দাণ্ডি যাত্রা কি?
উঃ ১৯৩০ চনৰ ১২ মার্চত মহাত্মা গান্ধীয়ে তেওঁৰ অনুগামীসকলৰ সৈতে আহমেদাবাদৰ সৰমতী আশ্ৰমৰ পৰা দাণ্ডিলৈ কৰা যাত্ৰাৰে আইন অমান্য আন্দোলন আৰম্ভ হৈছিল। একেৰাহে ২৫ দিন যাত্ৰা কৰি ৩৮৫ কিঃ মিঃ অতিক্রম কৰাৰ পাছত তেওঁলােকে ১৯৩০ চনৰ ৬ এপ্রিলত ভাৰতৰ পশ্চিম উপকূলত থকা দাণ্ডি নামৰ গাঁওখনত উপনীত হৈছিল। তেওঁলােকে তাত ব্রিটিছে প্ৰৱৰ্তন কৰা লােণ আইন ভংগ কৰাৰ উদ্দেশ্যে লােণ প্রস্তুত কৰিছিল। এই ঘটনাটোকে দাণ্ডি যাত্ৰা বুলি জনা যায়।
১৩। ঘূৰণীয়া মেজমেলৰ উদ্দেশ্য কি আছিল? এনেকুবা কিমান মেজমেল অনুষ্ঠিত হৈছিল? গান্ধীজীয়ে কোনখন মেজমেলত যােগদান কৰিছিল?
উঃ ব্রিটিছ চৰকাৰে লণ্ডনত অনুষ্ঠিত কৰা ঘূৰণীয়া মেজমেলৰ প্ৰধান উদ্দেশ্য আছিল ছাইমন কমিছনৰ প্রতিবেদন আলােচনা কৰা। ঘূৰণীয়া মেজমেল ১৯৩০, ১৯৩১ আৰু ১৯৩২ চনত অনুষ্ঠিত হৈছিল। ১৯৩১ চনত অনুষ্ঠিত দ্বিতীয় ঘূৰণীয়া মেজমেলত কংগ্ৰেছৰ হৈ গান্ধীজীয়ে যােগদান কৰিছিল।
১৪। গান্ধী-আৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? এই চুক্তিৰ প্ৰধান চর্তসমূহ কি আছিল?
উঃ ১৯৩১ চনৰ ৫ মার্চত গান্ধী-আৰউইন চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তিৰ প্ৰধান চর্তসমূহঃ
(ক) আইন অমান্য আন্দোলনৰ কাৰ্যসূচী প্রত্যাহাৰ কৰা হ’ব।
(খ) কংগ্ৰেছে লণ্ডনত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিব।
(গ) হিংসাত্মক ঘটনাৰ বাৰে দোষী সাব্যস্ত নােহােৱা সকলাে ব্যক্তিক তাৎক্ষণিকভাৱে ব্রিটিছ কর্তৃপক্ষই মুকলি কৰিব।
(ঘ) সাগৰৰ পাৰত বসবাস কৰা লােকক লােণ প্রস্তুত কৰিবলৈ অনুমতি প্রদান কৰা হ’ব।
(ঙ) ভাৰতীয়সকলৰ শান্তিপূর্ণ আৰু অহিংস ধর্মঘট কৰাৰ অধিকাৰ থাকিব।
(চ) ব্রিটিছ চৰকাৰে অসংগৃহীত জৰিমনা ৰেহাই দিব আৰু বিক্ৰী নকৰা সত্যাগ্রহীৰ পৰা অধিগ্রহণ কৰা ভূমি ঘূৰাই দিব।
মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম ৰচনা
১৫। কোনটো ঘটনাই মহাত্মা গান্ধী আমৰণ অনশনৰ কাৰ্যসূচী গ্রহণ কৰিবলৈ বাধ্য কৰিছিল? ইয়াৰ প্ৰভাৱ কি আছিল?
উঃ ১৯৩২ চনত ব্রিটিছ প্রধানমন্ত্ৰী ৰামছে মেকডােনাল্ডে সাম্প্রদায়িক বাটোৱাৰাৰ কথা ঘােষণা কৰে। ইয়াৰ জৰিয়তে হিন্দু সমাজৰ অৱহেলিত শ্ৰেণীৰ বাবে পৃথক নির্বাচনমণ্ডল মঞ্জুৰ কৰা হয়। ইয়াৰ ফলত সংখ্যাগৰিষ্ঠ হিন্দু সমাজ আৰু সামাজিক তথা অর্থনৈতিকভাৱে অৱহেলিত শ্ৰেণীৰ মাজত ব্যৱধানৰ সৃষ্টি হয়। হিন্দু সম্প্রদায়ৰ মাজত একতা ভংগ কৰাৰ এয়া প্রয়াস আছিল। চৰকাৰৰ এই পদক্ষেপৰ বিৰুদ্ধে প্রতিবাদ হিচাপে মহাত্মা গান্ধীয়ে কাৰাগাৰত থকা অৱস্থাতে আমৰণ অনশনৰ কাৰ্যসূচী গ্রহণ কৰে। যেতিয়া অৱহেলিত শ্রেণী আৰু সংখ্যাগৰিষ্ঠ হিন্দু গােটটোৱে প্রত্যক্ষ কৰিলে যে গান্ধীৰ স্বাস্থ্যৰ দ্ৰত অৱনতি ঘটিছে তেতিয়া তেওঁলােক যৌথ নির্বাচনমণ্ডলৰ বাবে চুক্তি সম্পাদন কৰে। এই চুক্তিখনকে পুণে চুক্তি (১৯৩২)বুলি জনা যায়।
১৬। ১৯৩৬ চনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল কি আছিল? কিমানখন কংগ্ৰেছ মন্ত্রীসভা গঠন হৈছিল? কোন কেইখন প্রদেশত কংগ্ৰেছে মন্ত্রীসভা গঠন কৰিব পৰা নাছিল?
উঃ ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন অনুসৰি ১৯৩৬ চনত ভাৰতত সাধাৰণ নির্বাচন অনুষ্ঠিত হয়। নির্বাচনৰ ফলস্বৰূপে এঘাৰখন প্রদেশৰ ভিতৰত আঠখনত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। কংগ্ৰেছে মন্ত্রীসভা গঠন কৰিবলৈ সক্ষম নােহােৱা প্ৰদেশকেইখন আছিল পঞ্জাৱ, সিন্ধু আৰু বংগদেশ।
১৭। ১৯৩৯ চনত কংগ্ৰেছ মন্ত্রীসভাবােৰে কিয় পদত্যাগ কৰিছিল?
উঃ ১৯৩৯ চনৰ ১ নৱেম্বৰত কংগ্ৰেছ মন্ত্রীসভাবােৰে পদত্যাগ কৰাৰ কাৰণ এয়ে যে দেশৰ নির্বাচিত কংগ্ৰেছ নেতাসকলৰ সৈতে কোনাে আলােচনা নকৰাকৈ ব্রিটেইনে ভাৰতক মিত্রশক্তিৰ অংশ হিচাপে ঘােষণা কৰিলে আৰু সেইমর্মে জার্মানীৰ লগত যুদ্ধত লিপ্ত হ’ব ঘােষণা কৰিলে। কংগ্ৰেছে ব্যক্ত কৰিলে যে স্বাধীন ৰাষ্ট্ৰ হিচাপে ভাৰত স্বীকৃত নােহােৱালৈকে যুদ্ধৰ লগত জড়িত নহ’ব। সেয়ে, প্রতিবাদ হিচাপে কংগ্ৰেছ মন্ত্রীসভাই পদত্যাগ কৰি দেশখনত ৰাজনৈতিক অচলাৱস্থাৰ সৃষ্টি কৰে ।
১৮। কেতিয়া মুছলিম লীগে আনুষ্ঠানিকভাবে পাকিস্তানৰ দাবী উত্থাপন কৰিছিল? তেওঁলােকৰ দাৰীৰ ভিত্তি কি আছিল?
উঃ ১৯৪০ চনৰ মাৰ্চ মাহত অনুষ্ঠিত লাহােৰ অধিৱেশনত মুছলিম লীগে আনুষ্ঠানিকভাৱে পাকিস্তানৰ দাবী উত্থাপন কৰিছিল। মহম্মদ আলি জিন্নাৰ দ্বিজাতি তত্ত্বৰ ভিত্তিত পাকিস্তানৰ দাবী উত্থাপন কৰা হৈছিল। তেওঁৰ মতে ভাৰতবর্ষ হিন্দু আৰু মুছলমান এই দুটা জাতিৰে গঠিত আৰু সেয়ে হিন্দু আৰু মুছলমান প্রত্যেকৰে বাবে একোখনকৈ অর্থাৎ মুঠ দুখন গৃহভূমি গঠনৰ দাবী তেওঁ উত্থাপন কৰিছিল।
১৯। ৱাভেলৰ আঁচনি কি?
উঃ ১৯৪৫ চনৰ জুন মাহত ব্রিটিছ ভাইচৰয় লর্ড ভেলে আগবঢ়োৱা আঁচনিত কেইটামান প্রস্তাৱ অন্তর্ভুক্ত কৰা হৈছিল। এইকেইটা হৈছে প্রাদেশিক জাতীয় চৰকাৰ হিচাপে কার্যনির্বাহ কৰিবলৈ ভাইচৰয়ৰ কাৰ্যবাহী পৰিষদৰ পুনৰ গঠন প্রদেশসমূহত মন্ত্রীসভাবােৰৰ পুনৰ গঠন, ভাৰতত ব্রিটিছ চৰকাৰৰ হৈ চোৱা চিতা কৰিবলৈ উচ্চ আয়ুক্ত পদবীৰ সৃষ্টি, যুদ্ধৰ পাছত সংবিধান সভাৰ গঠন ইত্যাদি। এই আঁচনিকে ৱাভেলৰ আঁচনি হিচাপে জনা যায়। অৱশ্যে, সেই সময়ত বিৰাজ কৰা সাংবিধানিক অচলাবস্থা দূৰ কৰাত ভাইচৰয়ৰ প্ৰচেষ্টা বিফল হয়।
২০। ‘১৯৪৫ চনৰ আগষ্ট প্রস্তাব’ কি আছিল?
উঃ ১৯৩৯ চনত সকলােবােৰ কংগ্ৰেছ মন্ত্রীসভাই পদত্যাগ কৰাৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হােৱা সাংবিধানিক অচলাৱস্থা দূৰ কৰিবলৈ লর্ড লিনলিথগৱে আগবঢ়োৱা প্ৰস্তাৱকে ১৯৪০ চনৰ ‘আগষ্ট প্রস্তাৱ’ বুলি জনা যায়। স্ব-শাসিত ৰাষ্ট্ৰৰ মর্যাদা, গৱৰ্ণৰ জেনেৰেলৰ পৰিষদৰ সম্প্ৰসাৰণ, যুদ্ধ বিষয়ক পৰামৰ্শ পৰিষদ গঠন, যুদ্ধৰ পিছত সংবিধান সভাৰ গঠন আদি বিষয় এই প্রস্তাৱত অন্তর্ভুক্ত হৈছিল। ১৯৪০ চনৰ আগষ্ট প্রস্তাৱক কংগ্ৰেছ আৰু মুছলিম লীগ উভয়ে প্রত্যাখান কৰিছিল।
২১। ভাৰতলৈ কেতিয়া ক্রিপছ মিছন প্ৰেৰণ কৰা হৈছিল?ইয়াৰ মুখ্য প্রস্তাৱ কি আছিল? ই কিয় ব্যর্থ হৈছিল?
উঃ দ্বিতীয় বিশ্বযুদ্ধ (১৯৩৯-১৯৪৫)ৰ সময়ছােৱাত ভাৰতত বিৰাজ কৰা ৰাজনৈতিক অচলাৱস্থা দূৰ কৰাৰ উদ্দেশ্যে ব্রিটিছ প্রধানমন্ত্রী উইনষ্টন চার্চিলে তেওঁৰ এজন মন্ত্রী ছাৰ ষ্টেফর্ড ক্ৰিপছৰ অধীনত এক মিছনক ভাৰতীয় নেতাসকলৰ লগত আলােচনাত মিলিত হ’বলৈ ভাৰতলৈ প্ৰেৰণ কৰিছিল।তদুপৰি ইংলেণ্ডে ইউৰােপত চলি থকা যুদ্ধত ভাৰতীয় ৰাজনৈতিক নেতাসকলৰ সমর্থন বিচাৰিছিল। এই আয়ােগৰ মুখ্য প্ৰভাৱকেইটাঃ
(ক) যুদ্ধৰ পিছত স্ব-শাসিত এখন ভাৰতীয় যুক্তৰাষ্টৰ গঠন।
(খ) দেশৰ বাবে সংবিধান ৰচনা কৰিবলৈ সংবিধান সভাৰ গঠন।
(গ) প্রদেশসমূহৰ পৃথক সংবিধান ৰচনা কৰাৰ অধিকাৰ।
ততালিকে ক্ষমতা হস্তান্তৰৰ বিষয়ে কোনাে প্রস্তাৱ নিদিয়াৰ বাবে ক্রিপছ মিছন বিফল হৈছিল।
Class 10 Social science History chapter 2 Questions and Answers in Assamese
২২। গান্ধীজীয়ে কিয় ব্যক্তিগত সত্যাগ্রহ আৰম্ভ কৰিছিল? এই আন্দোলনত প্ৰথমে গ্রেপ্তাৰ বৰণ কৰা সত্যাগ্রহীজন কোন আছিল?
উঃ ‘আগষ্ট প্রস্তাৱ’ হিচাপে জ্ঞাত ১৯৪০ চনৰ ব্রিটিছ ভাইচৰয়ৰ প্ৰস্তাৱত ভাৰতক স্বাধীনতা প্রদানৰ সন্দৰ্ভত একো উল্লেখ কৰা হােৱা নাছিল। সেয়ে ইয়াক প্রত্যাখান কৰা হৈছিল আৰু ভাৰতৰ প্রতি ব্রিটিছসকলে গ্ৰহণ কৰা এনে নীতিৰ প্ৰতিবাদত মহাত্মা গান্ধীৰ নেতৃত্বত কংগ্ৰেছে ১৯৪০ চনৰ অক্টোবৰ মাহত ব্যক্তিগত সত্যাগ্রহ আৰম্ভ কৰিছিল। ইয়াক দিল্লীলৈ ব’লক (দিল্লী চলো) সত্যাগ্রহ’ বুলিও জনা যায়। এই আন্দোলনত প্রথমে গ্রেপ্তাৰ বৰণ কৰা সত্যাগ্রহীজন আছিল আচার্য বিনােৱা ভাৱে ।
২৩। কোনে ভাৰতলৈ কেবিনেট মিছন প্ৰেৰণ কৰিছিল? এই মিছনৰ সদস্য কেইজন কোন আছিল?ইয়াৰ মুখ্য প্রস্তাৱসমূহ উল্লেখ কৰা।
উঃ ১৯৪৬ চনত ভাৰতীয়সকলৰ প্রতি সহানুভূতিশীল ব্রিটিছ প্রধানমন্ত্রী ক্লিমেন্ট এটলিয়ে ভাৰতলৈ কেবিনেট মিছন প্ৰেৰণ কৰিছিল। এটলিৰ মন্ত্রীসভাৰ তিনিজন সদস্য-ছাৰ ষ্টেফোর্ড ক্ৰিপছ, লর্ড পেথিক লৰেন্স আৰু এ.ভি. আলেকজেণ্ডাৰ এই কেবিনেট মিছনৰ সদস্য আছিল। এই কমিছনৰ প্ৰধান প্রস্তাৱসমূহ/ অনুমােদনসমূহ আছিল :
(ক) ব্রিটিছ অধিকৃত ভাৰতৰ লগতে দেশীয় ৰাজ্যবিলাকক অন্তর্ভুক্ত কৰি বৈদেশিক পৰিক্ৰমা,প্ৰতিৰক্ষা আৰু যােগাযােগক নিয়ন্ত্রণাধীন কৰি যুক্তৰাষ্ট্র গঠন কৰা হ’ব।
(খ) ভাৰতক তিনিটা প্রাদেশিক গােটত বিভক্ত কৰা হ’বঃ
‘ক’ গােট : মাদ্রাজ, বােম্বাই, কেন্দ্রীয় প্রদেশ, যুক্ত প্রদেশ, বিহাৰ আৰু উৰিষ্যা এই গােটত অন্তর্ভুক্ত।
‘খ’ গােট : উত্তৰ পশ্চিম সীমান্ত প্রদেশ, পঞ্জাৱ, সিন্ধু আৰু বালুচিস্তান এই গােটত অন্তর্ভুক্ত।
‘গ’ গােট : বংগদেশ আৰু অসম এই গােটত অন্তর্ভুক্ত।
(গ) সমগ্ৰ দেশৰ বাবে সংবিধান ৰচনাৰ বাবে সংবিধান সভা গঠন কৰা হ’ব।
(ঘ) সংবিধান প্রস্তুত নােহােৱালৈকে এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হ’ব।
২৪। ১৯৪৭ চনৰ ৩ জুনৰ ঘােষণা পত্র কি আছিল?ইয়াৰ মুখ্য প্রস্তাৱসমূহ উল্লেখ কৰা।
উঃ ১৯৪৭ চনৰ ৩ জুনত ভাৰতৰ অন্তিম গৰাকী ভাইচৰয় লর্ড মাউন্টবেটেনে ঘােষণা কৰিলে যে দেশখনৰ বিভাজন কৰা হ’ব। তেওঁৰ প্ৰধান প্রস্তাৱকেইটা আছিল এনেধৰণৰ :
(ক) ভাৰতক বিভক্ত কৰা হ’ব।
(খ) উত্তৰ-পশ্চিম সীমান্ত প্রদেশত গণভােট সাপেক্ষে ইয়াৰ অধিবাসীসকলে পাকিস্তান বা ভাৰতত যােগদান কৰিব পাৰিব।
(গ) পঞ্জাৱ আৰু বংগদেশৰ প্রাদেশিক বিধানমণ্ডলে প্রদেশ দুখন বিভাষিত হ’ব নে নহয় সেয়া নিশ্চিত কৰিব।
(ঘ) দেশীয় ৰাজ্যবিলাকে স্বকীয় ইচ্ছা অনুসৰি ভাৰত অথবা পাকিস্তানত যােগদান কৰিব পাৰিব।
দশম শ্ৰেণীৰ ইতিহাস দ্বিতীয় অধ্যায়
২৫। ভাৰত স্বাধীন আইন, ১৯৪৭ বুলিলে কি বুজা?ইয়াৰ মূল দফাকেইটা উল্লেখ কৰা।
উঃ ১৯৪৭ চনৰ জুলাই মাহত ব্রিটিছ সংসদে গৃহীত কৰা যিখন আইনৰ জৰিয়তে ভাৰতৰ স্বাধীনতা মঞ্জুৰ কৰা হৈছিল সেইখন আইনেই হৈছে ভাৰত স্বাধীনতা আইন, ১৯৪৭। ইয়াৰ মূল দফা কেইটামান তলত উল্লেখ কৰা হ’ল :
(ক) ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত আৰু পাকিস্তান স্বাধীন হব।
(খ) ভাৰত আৰু পাকিস্তান নামেৰে দুখন স্ব-শাসিত দেশৰ প্ৰতিষ্ঠা কৰা হ’ব আৰু এই দেশ দুখনৰ সংবিধান সভাই ব্রিটিছ কমনৱেলথত যােগদান কৰা বা নকৰা সম্পর্কে সিদ্ধান্ত গ্রহণ কৰিব।
(গ) প্ৰতিখন স্বশাসিত দেশতে ইংলেণ্ডৰ ৰজাই একোজনকৈ গৱৰ্ণৰ জেনেৰেল নিযুক্ত কৰিব।
(ঘ) স্বশাসিত দেশ দুখনে নিজ নিজ বিধানমণ্ডলৰ জৰিয়তে আইন প্রণয়ন কৰিব।
২৬। ভাৰত আৰু পাকিস্তান কেনেদৰে দুখন স্বাধীন দেশত পৰিণত হয়? তেওঁলােকে কেতিয়া স্বাধীনতা অর্জন কৰিছিল? স্বাধীনতাৰ পিছত এই দুই দেশত নিযুক্ত হােৱা গৱৰ্ণৰ জেনেৰেল দুগৰাকী কোন আছিল?
উঃ ১৯৪৭ চনত ব্রিটিছ সংসদে গৃহীত কৰা ভাৰত স্বাধীন আইনৰ জৰিয়তে ভাৰত আৰু পাকিস্তান দুখন স্বাধীন দেশত পৰিণত হয়। ১৯৪৭ চনৰ ১৪ আগষ্টৰ মাজনিশা পাকিস্তানৰ জন্ম হয় আৰু ১৫ আগষ্টত ভাৰতে স্বাধীনতা অর্জন কৰে। ভাৰত আৰু পাকিস্তানৰ সীমা হিচাপে ৰেডক্লিফ ৰেখাক গ্ৰহণ কৰা হয়। মহম্মদ আলি জিন্না পাকিস্তানৰ প্রথম গৱৰ্ণৰ জেনেৰেল হয় আনহাতে লর্ড মাউন্ট বেটেনক স্বাধীন ভাৰতৰ প্ৰথম গৰাকী-গৱৰ্ণৰ জেনেৰেল হিচাপে নিযুক্তি দিয়া হয়।
Class 10 Social science History chapter 2 Questions and Answers in Assamese
২৭। ভাৰতবৰ্ষৰ্ক কিয় বিভাজন কৰা হৈছিল?
উঃ ভাৰতবৰ্ষত ব্রিটিছ শাসনৰ এক কৰুণতম পৰিণতি এয়ে যে ইয়াৰ ফলত ভাৰতবর্ষ বিভাজিত হয়। ভাৰতবর্ষ বিভাজিত হােৱাৰ প্ৰধান কাৰণকেইটা তলত উল্লেখ কৰা হ’ল :
(ক) ব্রিটিছসকলে আৰম্ভণিৰ পৰা বিভাজন আৰু শাসননীতি অনুসৰণ কৰিছিল।
(খ) মহম্মদ আলী জিন্নাৰ পদক্ষেপ আৰু তেওঁৰ দ্বিজাতি তত্ত্বৰ ধাৰণা।
(গ) কংগ্ৰেছৰ শক্তি স্তিমিত কৰিবলৈ মুছলমানসকলৰ সন্তুষ্ট কৰাৰ ব্রিটিছ নীতি।
(ঘ) পৃথক ৰাষ্ট্র গঠনৰ বাবে মুছলিম লীগে নিৰৱচ্ছিন্নভাৱে উত্থাপন কৰা দাবী।
(ঙ) হিন্দু আৰু মুছলমানৰ মাজত সঘনে সংঘটিত হােৱা সাম্প্রদায়িক সংঘর্ষ।
(চ) কেন্দ্ৰৰ অন্তর্বর্তীকালীন চৰকাৰৰ ব্যর্থতা।
২৮। ১৯৩২ চনৰ আইন অমান্য আন্দোলন পুনৰ আৰম্ভ হওঁতে ব্রিটিছৰ কেইটামান আতিশয্য উল্লেখ কৰা। ইয়াৰ কিপ্রভার পৰিছিল?
উঃ ১৯৩২ চনত আইন অমান্য আন্দোলন পুনৰ আৰম্ভ হওঁতে ব্রিটিছে মহাত্মা গান্ধীৰ লগতে তদানীন্তন কংগ্ৰেছৰ সভাপতি বল্লভ ভাই পেটেলক ততালিকে গ্রেপ্তাৰ কৰিছিল। তাৰ পাছত চৰকাৰে ভাৰতীয় লােকৰ ওপৰত কৰা অতিশয্যসমূহ তলত উল্লেখ কৰা হ’ল।
(ক) কংগ্ৰেছৰ কার্যালয় বলপূর্বকভাৱে অধিগ্রহণ কৰিছিল।
(খ) মহিলা আৰু শিশু সমন্বিতে গণসমাৱেশত অংশগ্রহণ কৰা সকলাে জনতাৰ ওপৰত লাঠী চালনা কৰা হৈছিল।
(গ) শাস্তি প্রদানৰ সাধাৰণ উপায় হিচাপে বেত্রাঘাত কৰিছিল।
(ঘ) সংবাদ মাধ্যমৰ স্বাধীনতা কর্তন কৰা হৈছিল।
(ঙ) জাতীয়তাবাদী সাহিত্য নিষিদ্ধ কৰা হৈছিল।
ব্রিটিছৰ আতিশয্যই মানুহৰ মাজত হতাশাৰ সৃষ্টি কৰিছিল আৰু তেওঁলােকৰ ৰাজনৈতিক উদ্যম নিস্তেজ কৰিছিল। ১৯৩৩ চনৰ মে’ মাহত এই আন্দোলন সম্পূর্ণৰূপে স্তিমিত হৈ পৰিছিল আৰু ১৯৩৪ চনৰ মে’ মাহত ইয়াক প্রত্যাহাৰ কৰা হৈছিল।
class 10 social science history chapter 2 questions and answers in assamese
দীঘল প্রশ্নোত্তৰ :
১। ১৯১৫ চনত দক্ষিণ আফ্রিকাৰ পৰা ভাৰতলৈ প্রত্যাৱর্তন কৰা সময়লৈকে মহাত্মা গান্ধীৰ জীৱনৰ বৃত্তান্ত সংক্ষিপ্তভাৱে বর্ণনা কৰা।
উঃ ১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পােৰবন্দৰত মােহনদাস কৰমচাঁদ গান্ধীয়ে জন্ম গ্রহণ কৰিছিল। তেওঁ এটা স্বচ্ছল গুজৰাটী পৰিয়ালত জন্ম গ্রহণ কৰিছিল। ভাৰততে গ্ৰহণ কৰা প্ৰাৰম্ভিক শিক্ষাৰ পাছত ১৮৮৮ চনত তেওঁ আইন অধ্যয়ন কৰিবলৈ ইংলেণ্ডলৈ যায়। ১৮৯১ চনত বেৰিষ্টাৰ উপাধি লােৱাৰ পিছত তেওঁ ভাৰতলৈ উভতি আহিছিল। তেওঁ প্রায় দুবছৰ ৰাজকোট আৰু বােম্বাইত ওকালতি কৰে। তাৰ পাছত ১৮৯৩ চনত নাটাল (দক্ষিণ আফ্রিকা) লৈ ওকালতি কৰিবলৈ যায়। গান্ধীজীয়ে দক্ষিণ আফ্রিকাত ইউৰােপীয় লােকসকলৰ ৰাজনৈতিক, সামাজিক আৰু অর্থনৈতিক বৈষম্যমূলক আচৰণ প্রত্যক্ষ কৰি হতভম্ব হৈ পৰে। স্বদেশী আৰু ভাৰতীয় উভয়েই প্রতিটো ক্ষেত্ৰতে বৈষম্যৰ সন্মুখীন হৈছিল।
বহুক্ষেত্ৰত তেওঁ নিজেও এনে বৈষম্যৰ সন্মুখীন হয়। সেয়ে, তেওঁ ভাৰতীয়সকলৰ অধিকাৰৰ হকে সংগ্ৰামত লিপ্ত হ’বলৈ সিদ্ধান্ত গ্রহণ কৰিছিল। গান্ধীজীয়ে তেওঁৰ কৰ্মৰাজি সৱলতৰ কৰিবলৈ “নাটাল ইণ্ডিয়ান কংগ্রেছ” নামৰ এটা ৰাজনৈতিক সংগঠন প্রতিষ্ঠা কৰাৰ লগতে ভাৰতীয়সকলক সচেতন কৰিবলৈ ‘ইণ্ডিয়ান অপিনিয়ন’ নামৰ এখন বাতৰি কাকতৰ প্ৰচলন কৰে। ইয়াতেই তেওঁ ‘সত্যাগ্রহ’ বুলি কোৱা এক অহিংস পন্থাৰ বিকাশ সাধন কৰে। তেওঁ দক্ষিণ আফ্রিকাত এই পদ্ধতিৰ বহুবাৰ প্ৰয়ােগ কৰি নিশ্চিত হয় যে ই গণ আন্দোলনৰ এক আদর্শ কৌশল। তেওঁ ১৯১৫ চনত ভাৰতলৈ প্রত্যাবর্তন কৰিছিল আৰু দেশৰ বিভিন্ন সমস্যা সমাধানৰ বাবে ইয়াৰ বিভিন্ন ঠাই ভ্ৰমণ কৰাৰ পদক্ষেপ গ্রহণ কৰিছিল
২। অসহযােগ আন্দোলনৰ ইতিবাচক আৰু নেতিবাচক দিশসমূহ উল্লেখ কৰা।
উঃ অসহযােগ আন্দোলন হৈছে মহাত্মা গান্ধীয়ে সংগঠিত কৰা প্ৰথমটো বৃহৎ গণ আন্দোলন। এই আন্দোলন ১৯২০ চনত আৰম্ভ কৰা হৈছিল। এই আন্দোলনৰ ইতিবাচক দিশসমূহ আছিলঃ
(ক) ‘স্বদেশী’ ধাৰণাৰ উত্তৰণ, হস্ততাত আৰু বয়ন শিল্পৰ নৱৰূপ প্রদান।
(খ) হিন্দুসকলৰ মাজত অস্পৃশ্যতা বিলুপ্তকৰণৰ প্রচেষ্টা।
(গ) হিন্দু মুছলমানৰ মাজত ভ্রাতৃত্ব স্থাপন।
(ঘ) সুৰাৰ ব্যৱহাৰ নিষিদ্ধকৰণ।
(ঙ) বাল গংগাধৰ তিলকৰ সোঁৱৰণত গঢ়ি তােলা তিলক স্বৰাজ পুঁজিৰ অধীনত কোটি কোটি টকা সংগৃহীতকৰণ।
অসহযােগ আন্দোলনৰ নেতিবাচক দিশসমূহ আছিল:
(ক) বিধানমণ্ডল, আদালত আৰু চৰকাৰী শিক্ষানুষ্ঠান বর্জন।
(খ) উপাধি আৰু বঁটা পৰিত্যাগ।
(গ) দেশৰ বিভিন্ন অংশত হিংসাত্মক সংঘৰ্ষৰ সংঘটন।
(ঘ) চৌৰিচৌৰাত ২২ জন পুলিচৰ হত্যা।
Related Posts
- সন্ধি Class 10 – দশম আৰু নৱম শ্ৰেণীৰ বাবে (অসমীয়া ব্যাকৰণ)
- সমাস Class 10 – অসমীয়া ব্যাকৰণ দশম আৰু নৱম শ্ৰেণীৰ বাবে
- আদিবাসী সকল Class 10 – দশম শ্ৰেণী অসমীয়া (বৈচিত্রময় অসম)
- নাথযোগী সকল Class 10 – অসমীয়া বৈচিত্রময় অসম
- হাজং সকল Class 10 – অসমীয়া বৈচিত্রময় অসম
১। মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল?
উঃ ১৮৬৯ চনৰ ২ অক্টোবৰ তাৰিখে গুজৰাটৰ পােৰবন্দত।
২। সত্যাগ্রহৰ কৌশল গান্ধীয়ে কোন দেশত পােন প্ৰথমতে প্রয়ােগ কৰিছিল?
উঃ দক্ষিণ আফ্রিকা।
৩। ৰবীন্দ্রনাথ ঠাকুৰে কিয় ‘নাইট উপাধি ত্যাগ কৰিছিল?
উঃ জালিৱানৱালা হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্রনাথ ঠাকুৰে ‘নাইট’ উপাধি ত্যাগ কৰিছিল।
৪। কাৰ কাৰ নেতৃত্বত ভাৰতৰ খিলাফৎ আন্দোলনৰ সূচনা হৈছিল?
উঃ মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত।
৫। চৌৰীচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল?
উঃ ১৯২২ চনৰ ফেব্ৰুৱাৰীত।