পৃথিৱীৰ ভূগোল Class 10 তৃতীয় অধ্যায় | Class 10 social science Geography chapter 3 Question Answer in Assamese | সমাজ বিজ্ঞান Class 10 ভূগোল পাঠ 3 | দশম শ্ৰেণীৰ ভূগোল তৃতীয় অধ্যায়
শ্ৰেণী | দশম শ্ৰেণীৰ |
বিষয় | সমাজ বিজ্ঞান |
পাঠ | পৃথিৱীৰ ভূগোল |
খণ্ড | ভূগোল |
অধ্যায় | তৃতীয় অধ্যায় |
পাঠ | 3 |
উপলব্ধ | সকলো প্ৰশ্নৰ উত্তৰ |
পৃথিৱীৰ ভূগোল Class 10
১। শুদ্ধ উত্তৰটো লিখা :
(ক) পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন?
উত্তৰ : আটলান্টিক মহাসাগৰ।
(খ) পৃথিৱীৰ ক্ষুদ্রতম মহাদেশ কোনখন?
উত্তৰ : ওছেনিয়া মহাদেশ।
(গ) ফক্লেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত?
উত্তৰ : আটলান্টিক মহাসাগৰত।
(ঘ) এছিয়া আৰু আফ্রিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে?
উত্তৰ : লোহিত সাগৰে।
(ঙ) এছিয়া আৰু ইউৰোপ মহাদেশক প্রাকৃতিকভাৱে কিহে পৃথক কৰিছে?
উত্তৰ : ইউৰাল পর্বতমালা।
(চ) ইকুৱেড কোনখন মহাদেশত অৱস্থিত?
উত্তৰ : দক্ষিণ আফ্রিকাত।
(ছ) ব্রাজিলৰ ৰাজধানী কি?
উত্তৰ : ব্রাচিলিয়া।
পৃথিৱীৰ ভূগোল Class 10
২। পৃথিৱীৰ মাটিকালি কিমান?
উত্তৰ : প্ৰায় ৫১০ নিযুত বর্গ কিলোমিটাৰ।
৩। পৃথিৱীৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ উত্তৰ গোলাৰ্দ্ধত বাস কৰে?
উত্তৰ : প্রায় ৯০ শতাংশ।
৪। পৃথিৱীৰ বৃহত্তম মহাসাগৰটোৰ নাম কি?
উত্তৰ : প্রশান্ত মহাসাগৰ।
৫। পৃথিৱীৰ গভীৰতম খাতটোৰ নাম কি?
উত্তৰ : মেৰিয়ানা খাত।
৬। ইউৰোপ আৰু আফ্রিকা মহাদেশক প্রাকৃতিকভাৱে কিহে পৃথক কৰিছে?
উত্তৰ : ভূমধ্য সাগৰে।
৭। পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশখনৰ নাম কি?
উত্তৰ : এছিয়া মহাদেশ।
৮। পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম কি?
উত্তৰ : এভাৰেষ্ট শৃংগ।
৯। পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগটোৰ নাম কি?
উত্তৰ : গডউইন অষ্টিন।
১০। পৃথিৱীৰ উচ্চতম মালভূমি কোনটো
উত্তৰ : পামিৰ মালভূমি।
১১। ইউৰোপ মহাদেশৰ উচ্চতম ঠাই কোনডোখৰ?
উত্তৰ : মাউণ্ট এলব্ৰাছ শৃংগ।
১২। উত্তৰ আমেৰিকা মহাদেশৰ বৃহত্তম দেশখনৰ নাম কি?
উত্তৰ : কানাডা।
১৩। ওছেনিয়া মহাদেশৰ বৃহত্তম দেশখনৰ নাম কি?
উত্তৰ : অষ্ট্ৰেলিয়া ।
১৪। পৃথিৱীত সৰ্বমুঠ কিমানখন দেশ আছে?
উত্তৰ : ১৯৭ খন।
১৫। মাটিকালি হিচাপে পৃথিৱীৰ বৃহত্তম দেশখনৰ নাম কি?
উত্তৰ : ৰাছিয়া।
১৬। মাটিকালি হিচাপে পৃথিৱীৰ ক্ষুদ্রতম দেশখনৰ নাম কি?
উত্তৰ : ভেটিকান চিটি।
১৭। পৃথিৱীৰ সৰ্বোচ্চ পর্বতমালাৰ নাম কি?
উত্তৰ : হিমালয়।
১৮। জনসংখ্যাৰ ভিত্তিত পৃথিৱীৰ সৰ্ববৃহৎ দেশখনৰ নাম কি?
উত্তৰ : চীন।
দশম শ্ৰেণীৰ ভূগোল তৃতীয় অধ্যায়
১৯। জনসংখ্যাৰ ফালৰ পৰা পৃথিৱীৰ ক্ষুদ্রতম দেশখনৰ নাম কি?
উত্তৰ : ভেটিকান চিটি।
২০। কোনো ধৰণৰ স্থায়ী জনবসতি নথকা মহাদেশখনৰ নাম কি?
উত্তৰ : এণ্টার্কটিকা।
২১। ২০১৫ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি পৃথিৱীৰ জনসংখ্যা কিমান?
উত্তৰ : প্রায় ৭৩০ কোটি।
২২। পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰু ই ক’ত অৱস্থিত ?
উত্তৰ : চাহাৰা মৰুভূমি। ই আফ্রিকা মহাদেশত অৱস্থিত।
২৩। এছিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশলৈ প্ৰৱাহিত আৰু পূব দিশলৈ প্রবাহিত নদীৰ নাম লিখা।
উত্তৰ : পূব বাহিনী নৈ : আমুৰ, হোৱাংহো উত্তৰ বাহিনী নৈ : ওবি, লেনা।
২৪। অষ্ট্ৰেলিয়াৰ একোখনকৈ প্রধান পর্বত শ্রেণী, নদী আৰু মৰুভূমিৰ নাম লিখা।
উত্তৰ : পর্বতশ্রেণী : গ্রেট ডিভাইডিং ৰেঞ্জ। নদী : ডার্লিং মৰুভূমি : গ্রেট ভিক্টোৰিয়া।
২৫। ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত দুখন দেশৰ নাম লিখা।
উত্তৰ : ছিছিলি, মাল্টা।
পৃথিৱীৰ ভূগোল Class 10
২। পার্থক্য লিখা :
(ক) মহীসোপান আৰু মহীঢাল
উত্তৰ : সাগৰৰ গভীৰতাত অৱয়ব হ’ল মহীসোপান আৰু মহীঢাল। সাগৰ-মহাসাগৰৰ অগভীৰ অংশটোক মহীসোপান আৰু মহীসোপানতকৈ বেছি গভীৰ অংশটোক মহীঢাল বোলে। মহীসোপান সমতল কিন্তু মহীঢাল সমতল নহয়।
(খ) এভাৰেষ্ট শৃংগ আৰু গডউইন অষ্টিন শৃংগ
উত্তৰ : এৰাৰেষ্ট হিমালয় পর্বতৰ শৃংগ, কিন্তু গডউইন অষ্টিনটো কাবাকোৰাম পর্বত শৃংগ। দ্বিতীয়তে এভাৰেষ্ট শৃংগটো পৃথিৱীৰ সৰ্বোচ্চ শৃংগ, কিন্তু গডউইন অষ্টিন শৃংগটো পৃথিৱীৰ দ্বিতীয় সর্বোচ্চ শৃংগ।
(গ) ওছেনিয়া মহাদেশ আৰু এণ্টার্কটিকা মহাদেশ
উত্তৰ : ওছেনিয়া মহাদেশৰ জলবায়ু নাতিশীতোষ্ণ, কিন্তু এণ্টার্কটিকাত অতিপাত শীত। এণ্টার্কটিকাত স্থায়ী বাসস্থান নাই, কিন্তু ওছেনিয়াত মানুহে স্থায়ীভাৱে বাস কৰে। ওছেনিয়া আটাইতকৈ কম মাটিকালিৰ মহাদেশ।
(ঘ) গোবি মৰুভূমি আৰু আটাকামা মৰুভূমি
উত্তৰ : গোবি মৰুভূমি এছিয়া মহাদেশ, আনহাতে আটাকামা মৰুভূমি দক্ষিণ আমেৰিকাত। আকৌ গোবি মৰুভূমি উত্তৰ গোলার্ধত কিন্তু আটাকামা মৰুভূমি দক্ষিণ গোলার্ধত অৱস্থিত। আটাকামা উষ্ণ মৰুভূমি কিন্তু গোবিত বৃষ্টিপাত হয়।
পৃথিৱীৰ ভূগোল Class 10
৩। চমুটোকা লিখা।
(ক) পেঞ্জিয়া
উত্তৰ : আজিৰ পৰা প্ৰায় তিনিশ নিযুত বছৰ পূৰ্বে পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। পৃথিৱীৰ এই অৱস্থাত থকা স্থলমণ্ডলটোক পেঞ্জিয়া বোলে। টেথিছ সাগৰে পেঞ্জিয়াটোক উত্তৰা- দক্ষিণাকৈ দুটা ভাগত বিভক্ত কৰিছিল। ইয়াৰ উত্তৰ অংশটোক লৰেছিয়া আৰু দক্ষিণ অংশটোক গণ্ডোবানালেও বোলা হয়।
(খ) উত্তৰ মহাসাগৰ
উত্তৰ : উত্তৰ মহাসাগৰ উত্তৰ গোলার্ধত অৱস্থিত। মাটিকালি হিচাপে ই মহাসাগৰসমূহৰ ভিতৰত ক্ষুদ্রতম। ইয়াৰ মাটিকালি ১৪.১ নিযুত বর্গ কিঃ মিঃ ই আকাৰত ভাৰত মহাসাগৰৰ প্ৰায় এক পঞ্চমাংশ। ইয়াৰ আকৃতি ঘূৰণীয়া। ইয়াৰ তলিৰ গড় গভীৰতা প্রায় ৩৫০০ মিটাৰ। বছৰৰ বেছিভাগ সময় উত্তৰ মহাসাগৰখন ডাঠ বৰফেৰে ঢাক খাই থাকে।
(ঘ) এছিয়া মহাদেশৰ নদ-নদী
উত্তৰ : এছিয়া মহাদেশৰ উচ্চভূমি অঞ্চলৰ পৰা বহু ডাঙৰ নদীৰ উৎপত্তি হৈছে। বিশেষকৈ উল্লেখযোগ্য নদীসমূহৰ ভিতৰত মহাদেশখনৰ প্ৰায় দক্ষিণ-মধ্য অংশত সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ; উত্তৰ অংশত থকা ইয়েনিছি, ওবি আৰু লেনা; পূব অংশত থকা আমুৰ, হোৱাংহো, ইয়াংজে কিয়াং আৰু চিকিয়াং আৰু দক্ষিণ আৰু দক্ষিণ-পূবত থকা নর্মদা, তাপ্তি, মহানদী, গোদাবৰী, কৃষ্ণা, কাবেৰী, বৰাক, মে ‘নাম, ইৰাৱতী, মেকং আদি প্রধান।
(ঙ) আফ্রিকা মহাদেশৰ হ্ৰদ
উত্তৰ : আফ্রিকা মহাদেশত ভালেমান উল্লেখযোগ্য হ্রদ আছে। যেনে ভিক্টোৰিয়া, এলবাৰ্ট, টাংগানিকা, চাড, ভোল্টা, ন্যাচা, কেব’ৰা বাচ্চা, মালাৱি, কিভূ, টুকানা, কোচ্চৌ, এব্বে আদি।
(চ) ইউৰোপৰ নদ-নদী
উত্তৰ : ইউৰোপ মহাদেশখন বহু নদ-নদীৰে ভৰা। নদীসমূহৰ ভিতৰত স্পেইনৰ এলব্রো, ফ্ৰান্সৰ ৰোণ আৰু চেইন, জাৰ্মানীৰ ৰাইন আৰু এন্দ্বে, পোলেণ্ডৰ ওডাৰ আৰু ভিষ্টলা, ডানিয়ুব, নিপাৰ, পো, থেমচ, ডন, ভল্লা,
ইউৰাল আদি।
(ছ) আপেলেছিয়ান উচ্চভূমি অঞ্চল
উত্তৰ : আপেলেছিয়ান উচ্চভূমি অঞ্চলটো হ’ল উত্তৰ আমেৰিকা মহাদেশখনৰ এটি প্রাকৃতিক ভাগ।
পৃথিৱীৰ ভূগোল Class 10
৪। কাৰণ দৰ্শাই উত্তৰ দিয়া।
(ক) পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯০ শতাংশই উত্তৰ গোলার্ধত থূপ খাই আছে কিয়?
উত্তৰ : পৃথিৱীৰ স্থলভাগৰ প্ৰায় ৬৭ শতাংশই উত্তৰ গোলার্ধত। সৰ্বমুঠ সাতখন মহাদেশৰ ভিতৰত বৃহৎ অংশই উত্তৰ গোলার্ধত অৱস্থিত। আনকি উত্তৰ আমেৰিকা, ইউৰোপ আৰু এছিয়া মহাদেশ সম্পূর্ণভাৱে উত্তৰ গোলাৰ্ধৰ অন্তৰ্গত। ফলত পৃথিৱীৰ সৰহসংখ্যক লোক উত্তৰ গোলার্ধত বসতি কৰি আছে।
(খ) এছিয়া মহাদেশৰ জলবায়ু বৈচিত্র্যময় কিয়?
উত্তৰ : এছিয়া মহাদেশৰ জলবায়ু বৈচিত্র্যময় হোৱাৰ বিভিন্ন কাৰণ আছে। প্রথম কথা, এছিয়া এখন বিশাল মহাদেশ, ই স্থলভাগৰ প্ৰায় এক-তৃতীয়াংশ জুৰি আছে। গতিকে এনে এক বৃহৎ স্থলভাগৰ বিভিন্ন অংশত জলবায়ু ভিন্ন হোৱাটো স্বাভাৱিক।
দ্বিতীয়তে, এছিয়া মহাদেশৰ ঋতুভেদে বলা মৌচুমী বতাহ আৰু অন্যান্য বতাহে মহাদেশখনৰ জলবায়ুত প্রভাৱ পেলায়। আনহাতে এছিয়াৰ সুউচ্চ পর্বতমালা আৰু মালভূমি আদিয়ে জলবায়ুৰ ভিন্নতা আনে। আকৌ এছিয়া মহাদেশৰ তিনিওফালে থকা সমুদ্র স্রোতে উপকূলীয় অঞ্চলত জলবায়ুৰ তাৰতম্য অনাত অৰিহণা যোগায়। এছিয়া মহাদেশত সেয়ে বিভিন্ন প্রকাৰৰ জলবায়ু পোৱা যায়।
(গ) এন্টার্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই
উত্তৰ : উত্তৰ আৰু দক্ষিণ এন্টার্কটিকা অঞ্চল মানুহৰ বসতিৰ বাবে উপযোগী নহয়। বছৰৰ সৰহভাগ সময় বৰফেৰে ঢাক খাই থাকে। তাত ছমাহ দিন আৰু ছমাহ ৰাতি হয়। শীতৰ প্ৰকোপ অতি বেছি। সেয়ে তাত মানুহ স্থায়ীভাৱে থকাৰ সুবিধা নাই।
দশম শ্ৰেণীৰ ভূগোল তৃতীয় অধ্যায়
৫। মহাসাগৰৰ তলিভাগৰ ভূ-অৱয়ব সম্পৰ্কে চমুকৈ লিখা।
উত্তৰ : মহাসাগৰৰ জলপৃষ্ঠ যদিও অতি মসৃণ, ইয়াৰ তলিভাগৰ ভূ-প্রকৃতি তেনেই অসমান। স্থলমণ্ডলত যিদৰে পৰ্বত-পাহাৰ, মালভূমি, সমভূমি আদিয়ে ভূ পৃষ্ঠীয় অবয়ব অসমান কৰি ৰাখে, ঠিক তেনেদৰে সাগৰ-মহাসাগৰৰ তলিভাগো শৈলসিৰা, দ্রোণী, সামুদ্রিক টিলা, খাত আদিয়ে ওখোৰা-মোখোৰা কৰি ৰাখিছে। গড় হিচাপে মহাসাগৰৰ গভীৰতা প্রায় ৪০০০ মিটাৰ।
আমি জানো যে স্থলমণ্ডল আৰু জলমণ্ডলৰ সংযোগ ৰেখাৰ পৰা মহাসাগৰৰ মাজভাগলৈ ক্রমান্বয়ে গভীৰতা বৃদ্ধি পায় আৰু বিভিন্ন প্ৰকাৰৰ অৱয়ব পোৱা যায়। সাধাৰণতে উপকূলৰ পৰা সাগৰ-মহাসাগৰৰ মাজভাগলৈ যথাক্রমে মহীসোপান, মহীঢাল, গভীৰ সমুদ্রতল, সমুদ্রতলীয় দ্রোণী, সামুদ্রিক শৈলসিৰা আৰু দ্বীপ আৰু গভীৰ সমুদ্ৰখাত আছে। উপকূলৰ চাৰিওকাষে থকা সাগৰ মহাসাগৰৰ অগভীৰ (প্রায় ২০০ মিটাৰ পর্যন্ত) অংশকে মহীসোপান বোলে।
মহীসোপানৰ পিছৰ যথেষ্ট গভীৰ অংশটোক মহীঢাল বোলা হয়। মহীঢালৰ পিছত সাগৰ-মহাসাগৰৰ মাজভাগত অতি গভীৰ সমুদ্রতলীয় দ্ৰোণী, গভীৰতম সামুদ্রিক খাত আৰু সিঁচৰতিভাৱে অ’ত-ত’ত সমুদ্রপৃষ্ঠৰ ওপৰলৈ বহু শৈলসিৰা, দ্বীপ আদি দেখা যায়। সমুদ্র খাতসমূহৰ ভিতৰত প্ৰশান্ত মহাসাগৰৰ তলিত থকা মেৰিয়ানা বা চেলেঞ্জাৰ খাতেই পৃথিৱীৰ গভীৰতম খাত।
দশম শ্ৰেণীৰ সমাজ বিজ্ঞান ভূগোল তৃতীয় অধ্যায়
৬। মহাদেশীয় বিস্থাপন সূত্র অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল?
উত্তৰ : মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্র : আদিতে অর্থাৎ আজিৰ পৰা প্ৰায় তিনিশ নিযুত বছৰ পূৰ্বে (পুৰাজীৱীয় কল্পৰ পাৰমিয়ান যুগত) পৃথিৱীখনৰ স্থলমণ্ডল একত্রিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। পৃথিৱীৰ এই অৱস্থাত থকা স্থলমণ্ডলটোক পেঞ্জিয়া আৰু পেঞ্জিয়াৰ চাৰিওফালে আগুৰি থকা জলমগুলটোক পান্থালাছা বোলা হয়।
কিছুকাল অতিক্রম কৰাৰ পিছত পেঞ্জিয়াৰ প্ৰায় সোঁমাজেৰে পূবা-পশ্চিমাকৈ এটা সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল। ইয়াক টেথিছ সাগৰ বোলা হয়। এই টেথিছ সাগৰৰ সৃষ্টিয়ে পেঞ্জিয়াটোক উত্তৰা-দক্ষিণাকৈ দুটা ভাগত বিভক্ত কৰিছিল। ইয়াৰ উত্তৰ অংশটোক লৰেছিয়া আৰু দক্ষিণ অংশটোক গণ্ডোৱানালেণ্ড বোলা হয়।
মধ্যজীৱীয় কল্পৰ সময়ত, অর্থাৎ আজিৰ পৰা ২৫০ নিযুত বছৰ পূৰ্বে ভূত্বকৰ ফাটন ক্রিয়া আৰু মহাদেশীয় সঞ্চাৰণৰ ফলত লৰেছিয়া আৰু গণ্ডোৱানালেও পুনৰ বিভাজিত হৈ বিষুৱ আৰু পশ্চিম দিশত গতি কৰি বৰ্তমান অৱস্থাত থকা মহাদেশসমূহৰ সৃষ্টি হৈছিল। মহাদেশীয় সঞ্চাৰণ সূত্র অনুসৰি লৰেছিয়া বিভাজিত হৈ উত্তৰ আমেৰিকা, গ্ৰীণলেণ্ড আৰু ভাৰত উপমহাদেশৰ উত্তৰে থকা ইউৰোপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল।
আনহাতে গণ্ডোৱানালেণ্ড বিভাজিত হৈ দক্ষিণ আমেৰিকা, আফ্রিকা, ম্যাদাগাস্কাৰ, ভাৰতবৰ্ষ, আৰৱ অঞ্চল, মালয়েছিয়া আৰু অন্যান্য দ্বীপসমূহ, অস্ট্রেলিয়া, এন্টার্কটিকা আদিৰ সৃষ্টি হৈছিল।
দশম শ্ৰেণীৰ সমাজ বিজ্ঞান ভূগোল তৃতীয় অধ্যায়
৭। এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰ : এছিয়া পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ। এই মহাদেশখনে পৃথিৱীৰ স্থলভাগৰ প্ৰায় ৩০ শতাংশ জুৰি আছে। এছিয়া মহাদেশখন সুউচ্চ পর্বতশ্রেণী, মালভূমি, নদী, উপত্যকা, নিম্নভূমি, উপকূলীয় সমভূমি, মহাসাগৰীয় দ্বীপ, মৰুভূমি আদিৰে আৱৰা। মহাদেশখনৰ মধ্য অংশ পৰ্বত আৰু মালভূমিৰে ভৰা। পর্বতশ্রেণীসমূহৰ ভিতৰত মহাদেশখনৰ পশ্চিম সীমাত উত্তৰা-দক্ষিণাকৈ থকা ইউৰাল পর্বতমালা, মধ্যাংশত পূবা-পশ্চিমাকৈ
বিস্তৃত পৃথিৱীৰ সৰ্বোচ্চ হিমালয় পর্বতমালা, কাৰাকোৰাম পর্বতমালা, কুনলুন পর্বতমালা, আলটাইন পর্বতমালা, টিয়েনচান পর্বতমালা, আলটাই পৰ্বত, আৰাৱলী পৰ্বত আদি বিশেষভাৱে উল্লেখযোগ্য।
হিমালয় পর্বতশ্রেণীৰ অন্তৰ্গত পৃথিৱীৰ উচ্চতম শৃংগ এভাৰেষ্ট (৮,৮৪৮ মিটাৰ) আৰু কাৰাকোৰাম পর্বতমালাৰ অন্তৰ্গত পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ গডউইন অষ্টিন বা Mount K, (৮,৬১১ মিটাৰ) এছিয়া মহাদেশতেই অৱস্থিত।
আনহাতে মালভূমিৰ ভিতৰত তিব্বত মালভূমি পৃথিৱীৰ উচ্চতম পামিৰ মালভূমি, ছাইবেৰিয়া মালভূমি, মংগোলীয়া মালভূমি, দাক্ষিণাত্য মালভূমি, আৰৱ মালভূমি, ইৰান মালভূমি আদিয়েই প্রধান। পর্বত, পাহাৰ আৰু মালভূমিয়ে সৃষ্টি কৰা উচ্চভূমি অঞ্চলৰ পৰা বহু ডাঙৰ নদীৰ উৎপত্তি হৈ উত্তৰ, দক্ষিণ আৰু পূব দিশত থকা সাগৰ- মহাসাগৰলৈ বৈ গৈ কেবাখনো সাৰুৱা সমভূমি আৰু ব-দ্বীপৰ সৃষ্টি কৰিছে।
বিশেষভাৱে উল্লেখযোগ্য নদীসমূহৰ ভিতৰত মহাদেশখনৰ প্ৰায় দক্ষিণ-মধ্য অংশত থকা সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্র; উত্তৰ অংশত থকা ইয়েনিছি, ওবি আৰু লেনা, পূব অংশত থকা আমুৰ, হোৱাংহো, ইয়াংজে কিয়াং আৰু চিকিয়াং; আৰু দক্ষিণ আৰু দক্ষিণ-পূবত থকা নর্মদা, তাপ্তি, মহানদী, গোদাবৰী, কৃষ্ণা, কাবেৰী, বৰাক, মে’নাম, ইৰাৱতী, মেকং আদি প্ৰধান।
এছিয়া মহাদেশত সৰু-ডাঙৰ বহুতো হ্রদ আছে। ইয়াৰ ভিতৰত বলখাচ, বৈকাল, চিল্কা, চম্বৰ, ডাল, পুলিকট, কল্লেক, লোকটক আদি হ্রদ বিশেষভাৱে উল্লেখযোগ্য। ইয়াৰ উপৰি গোবি, থৰ আৰু আৰৱ মৰুভূমিও এছিয়া মহাদেশতে অৱস্থিত।
৮। পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে লিখা।
উত্তৰ : ভূ-পৃষ্ঠৰ সাগৰ-মহাসাগৰকে আদি কৰি নদ-নদী, হ্রদ আদিৰ পানীৰে আগুৰি থকা বৃহৎ অংশকে জলমণ্ডল বোলা হয়। আনহাতে সাগৰপৃষ্ঠৰ কিছু ওপৰত মাটিৰে আগুৰি থকা ভূ-পৃষ্ঠৰ আন এটা বৃহৎ অংশক স্থলমণ্ডল বোলে। উল্লেখযোগ্য যে পৃথিৱীৰ এই বৃহৎ জলমণ্ডল আৰু স্থলমণ্ডল দুটা সুকীয়াভাৱে একেলগে থূপ মাৰি থকা নাই। অর্থাৎ জলমণ্ডল আৰু স্থলমণ্ডল দুয়োটা অংশই ইটোৱে সিটোক বিভাজিত কৰি মাজে মাজে সোমাই আছে।
অৱশ্যে কাস্পিয়ান, মৰু আৰু আৰল সাগৰক বাদ দি পৃথিৱীৰ আটাইকেইখন সাগৰ-মহাসাগৰ ইখনে- সিখনৰ লগত সংযোগ স্থাপন কৰি আছে। কিন্তু স্থলমণ্ডলটো পানীৰে চাৰিওফালে আগুৰি আছে আৰু চাৰিটা বৃহৎ অংশত বিভাজিত হৈ আছে। অৰ্থাৎ স্থলমণ্ডলৰ প্ৰথম অংশটো এছিয়া, ইউৰোপ আৰু আফ্রিকা মহাদেশেৰে গঠিত; দ্বিতীয় অংশটো উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশেৰে গঠিত; তৃতীয় অংশটো অষ্ট্ৰেলিয়া আৰু বহু দ্বীপ লগ লাগি সৃষ্টি হোৱা ওছেনিয়া মহাদেশেৰে গঠিত আৰু চতুৰ্থ অংশটো এণ্টার্কটিকা মহাদেশেৰে গঠিত।
আনহাতে সংযোজিত হৈ থকা আৰু মহাদেশসমূহৰ চাৰিওফালে আগুৰি থকা পৃথিৱীৰ পাঁচোটা মহাসাগৰৰ প্ৰশান্ত মহাসাগৰ এছিয়া মহাদেশ আৰু উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশৰ মাজত অৱস্থিত, আটলান্টিক মহাসাগৰ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশ আৰু ইউৰোপ আৰু আফ্রিকা মহাদেশৰ মাজত অৱস্থিত; ভাৰত মহাসাগৰ এছিয়া মহাদেশৰ দক্ষিণত, আফ্রিকা মহাদেশৰ পূবত আৰু ওছেনিয়া মহাদেশৰ পশ্চিমত অৱস্থিত; উত্তৰ মহাসাগৰ উত্তৰ আমেৰিকা, ইউৰোপ আৰু এছিয়া মহাদেশৰ উত্তৰে অৱস্থিত; আৰু দক্ষিণ মহাসাগৰ দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু ওছেনিয়া মহাদেশৰ দক্ষিণে অৱস্থিত।
উল্লেখযোগ্য যে জলমণ্ডলৰ বৃহৎ অংশই (৫৭ শতাংশ) দক্ষিণ গোলার্ধত অৱস্থিত। আনহাতে স্থলভাগৰ বৃহৎ অংশ (৬৭ শতাংশ) উত্তৰ গোলার্ধত অৱস্থিত। সেয়ে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্রায় ৯০ শতাংশই উত্তৰ গোলার্ধত বাস কৰে।
Class 10 social science Geography chapter 3 Question Answer in Assamese
৯। পৃথিৱীৰ স্থলভাগৰ ভূ-অৱয়বৰ বিষয়ে লিখা।
উত্তৰ : পৃথিৱীৰ স্থলভাগৰ প্ৰায় ৬৭ শতাংশই উত্তৰ গোলার্ধত। সৰ্বমুঠ সাতখন মহাদেশৰ ভিতৰত দক্ষিণ আমেৰিকাৰ বৃহৎ অংশ, আফ্ৰিকাৰ দক্ষিণাংশ, ওছেনিয়া আৰু এণ্টার্কটিকাক বাদ দি বাকী বৃহৎ অংশই উত্তৰ গোলার্ধত অৱস্থিত। মন কৰিবলগীয়া যে উত্তৰ আমেৰিকা, ইউৰোপ আৰু এছিয়া মহাদেশ সম্পূৰ্ণভাৱে উত্তৰ গোলাৰ্ধৰ অন্তৰ্গত।
আনহাতে পূবা-পশ্চিমাকৈ ধৰিলে উত্তৰ-আমেৰিকা আৰু দক্ষিণ আমেৰিকা পশ্চিম গোলার্ধত আৰু বাকী বেছি অংশই পূব গোলার্ধত অৱস্থিত। যদিও দেশবোৰৰ মাজত আন্তঃৰাষ্ট্ৰীয় সীমা নিৰ্ধাৰণ কৰা আছে, তথাপি মহাদেশবোৰৰ মাজৰ সীমা মূলতঃ প্ৰাকৃতিক উপাদান যেনে নদ-নদী, সাগৰ-মহাসাগৰ আদিয়ে নিৰ্ধাৰণ কৰে।
উদাহৰণস্বৰূপে ইউৰোপ আৰু আফ্রিকা মহাদেশৰ মাজৰ সীমা ভূমিধ্য সাগৰে আৰু এছিয়া আৰু আফ্রিকা মহাদেশৰ মাজৰ সীমা লোহিত সাগৰে নিৰ্ণয় কৰিছে। আনহাতে ইউৰোপ আৰু এছিয়া মহাদেশৰ মাজৰ সীমা প্রাকৃতিকভাৱে ইউৰাল পর্বতমালাই নিৰ্ধাৰণ কৰে। আকৌ উত্তৰ- আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজৰ সীমা পানামা খালে নিৰ্ধাৰণ কৰে।
পর্বত-পাহাৰ, মালভূমি, সমভূমি, উপকূলীয় সমভূমি ইত্যাদিৰ উপস্থিতিয়ে স্থলমণ্ডলৰ ভূ-অৱয়ব অসমান কৰি ৰাখিছে। অৱশ্যে মহাদেশবোৰৰ সকলোতে ভূপ্রকৃতি একে ধৰণৰ নহয়। ইয়াৰোপৰি অৱস্থান অনুসৰি পৃথিৱীৰ সকলোতে জলবায়ু একে নাথাকে। উদাহৰণস্বৰূপে বিষুৱীয় তথা ক্রান্তীয় অঞ্চলৰ জলবায়ু উষ্ণ আৰু আৰ্দ্ৰ; মধ্য অক্ষাংশ অঞ্চলৰ জলবায়ু নাতিশীতোষ্ণ; আৰু মেৰু অঞ্চলৰ জলবায়ু অতিপাত ঠাণ্ডা হয়। জলবায়ুৰ এনে তাৰতম্য বাবে উদ্ভিদো বেলেগ বেলেগ হয়।
FAQs of Class 10 social science Geography chapter 3 Question Answer in Assamese
পৃথিৱীৰ মহাদেশ কেইখনৰ নাম লিখা।
উত্তৰ: এহিয়া মহাদেশ, ইউৰোপ মহাদেশ, আফ্রিকা মহাদেশ, উত্তৰ আমেৰিকা মহাদেশ, দক্ষিণ আমেৰিকা মহাদেশ, ওছেনিয়া মহাদেশ আৰু এন্টাকটিকা মহাদেশ ।
পৃথিৱীৰ মহাসাগৰ কেইখনৰ নাম লিখা
উত্তৰ : প্রশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, দক্ষিণ মহাসাগৰ আৰু উত্তৰ মহাসাগৰ।
পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন?
উত্তৰ : আটলান্টিক মহাসাগৰ
পৃথিৱীৰ ক্ষুদ্রতম মহাদেশ কোনখন?
উত্তৰ : ওছেনিয়া মহাদেশ।
ফক্লেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত?
উত্তৰ : আটলান্টিক মহাসাগৰত।
এছিয়া আৰু ইউৰোপ মহাদেশক প্রাকৃতিকভাৱে কিহে পৃথক কৰিছে?
উত্তৰ : ইউৰাল পর্বতমালা।