তিৱা সকল Class 10 (প্ৰশ্নৰ উত্তৰ) দশম শ্ৰেণী বৈচিত্রময় অসম

শ্ৰেণী দশম
বিষয় অসমীয়া (বৈচিত্রময় অসম)
পাঠ তিৱাসকল
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

তিৱা সকল class 10

পাঠভিত্তিক প্রশ্নোত্তৰ

১। ভাষিক দিশৰ পৰা তিৱাসকল কোনটো থালৰ লােক?
উঃ ভাষিক দিশৰ পৰা তিৱাসকল ইণ্ডো-চীন ভাষাগােষ্ঠীৰ অন্তৰ্গত তিব্বত-বর্মীয় ভাষা পৰিয়ালৰ “বড়াে” থালৰ লােক।

২। তিৱাসকলে তেওঁলােকৰ উৎসৱ-পাৰণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰবোেৰ কি কি?
উঃ তিৱাসকলে তেওঁলােকৰ উৎসৱ-পাৰ্বর্ণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্রসমূহ হৈছে—খ্ৰাম্ (ঢােল) বাৰ, খ্ৰাম্ খুজুৰা, খ্ৰাম পান্থাই, দুদিং, দগ, পাতিটোল আদি চামৰাৰে তৈয়াৰী বাদ্য;ৱাফাং খ্রাম, থকথৰৰক আদি বাঁহেৰে তৈয়াৰী বাদ্যৰ লগতে পাংশী (বাহী), থােৰাং, মহৰ শিঙৰ পেপা, মুহুৰি, খায়াং (তাল) আদি অন্যান্য বাদ্যসমূহ।

৩। তিৱা সমাজত কাক “জেলা” বুলি কোৱা হয় ?
উঃ তিৱা সমাজত তেওঁলােকৰ সামাজিক গােট “খেল”ৰ প্রশাসনিক তথা সামাজিক মুৰব্বীজনক “জেলা”বুলি কোৱা হয়।

৪। তিৱা লােকসকলৰ কেইটামান উৎসৱৰ নাম লিখা।
উঃ অঞ্চলভেদে তিৱাসকলে বেলেগ বেলেগ উৎসৱ পার্বণ পালন কৰা দেখা যায়। পাহাৰ অঞ্চলত বসবাস কৰা তিৱাসকলে ৱানচুৱা, ছগ্রা, য়াংলী, মুইনাৰী কাণ্ঠি লাংখং, মাই পথালা, মাই ৰাৱা, খাপলাং ৰাৱানে ফুজা, পান্থাইচ্যৱা আদি উৎসৱ- পার্বণ অনুষ্ঠিত কৰাৰ পৰিৱর্তে ভৈয়াম অঞ্চলৰ তিৱাসকলে পালন কৰা উৎসৱ- পার্বণসমূহ হৈছে জোনবিল মেলা, বৰ, গােসাই উলিওৱা মেলা, বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু আদি।

৫। ফুলগুৰিৰ ধেৱা কি?
উঃ ফুলগুৰি ধেৱা হ’ল ভাৰতৰ স্বাধীনতা আন্দোলনৰ আৰম্ভণিতে অসমত ব্ৰিটিছ প্রশাসনৰ বিৰুদ্ধে সংঘটিত হােৱা প্ৰথমটো কৃষক বিদ্রোহ। য’ত কেইবাজনাে কৃষকৰ মৃত্যু হােৱাৰ লগতে আন বহু লােকক যাবজ্জীৱন কাৰাদণ্ড দি দ্বীপলৈ নির্বাসন দিয়া হৈছিল। এই বিদ্ৰোহৰ গুৰি ধৰিছিল তিৱাসকলে।

বৈচিত্র্যময় অসম দশম শ্ৰেণী তিৱা সকল

চমূটোকা লিখা :

(ক) ইন্দ্ৰসিং দেউৰী : সকলাে সমাজতে জাতীয় চেতনা জাগ্রত কৰিবলৈ, সমাজক আগবঢ়াই নিবলৈ ভিন ভিন সময়ত কিছুমান ব্যক্তিৰ জন্ম হয়। তিৱা সমাজক জাতীয় চেতনাৰে উদ্বুদ্ধ কৰিবলৈ যেন জন্ম হৈছিল এনে এজন ব্যক্তিৰ, নাম যাৰ ইন্দ্রসিং দেউৰী। ১৯৩২ চনত পশ্চিম কাৰ্বি আংলং জিলাৰ ৰংখৈপাৰ গাঁৱত জন্মা দেউৰীয়ে অষ্টম শ্রেণীলৈকে পঢ়িয়েই শিক্ষাজীৱন সামৰিছিল। পাছলৈ বিপ্লৱী কমিউনিষ্ট পার্টীৰ সংস্পৰ্শলৈ আহি দেউৰীয়ে উপলব্ধি কৰিছিল তিৱাসকলৰ ৰাজনৈতিক, সামাজিক, অর্থনৈতিক আৰু শৈক্ষিক অনগ্ৰসৰতাৰ কথা। তিৱা জাতিক আগুৱাই নিবলৈ কাম কৰাৰ দূৰন্ত ইচ্ছাকো নেওচি তেওঁ ঘৰুৱা অনাটনৰ বাবেই ১৯৫১ চনত পশুপালন বিভাগৰ চাকৰিত যােগ দিয়ে। কিন্তু দুবছৰ কাম কৰিয়েই তেওঁ মনৰ ইচ্ছাক বাস্তৱত ৰূপ দিবলৈ চাকৰি ইস্তফা দিয়ে। তিৱা সমাজত প্ৰচলিত অন্ধবিশ্বাস, কুসংস্কাৰ আঁতৰাই শৈক্ষিক দিশৰ বিকাশ সাধনৰ বাবে ১৯৬০ চনত তেওঁ প্রতিষ্ঠা কৰে ‘তিৱাচা মিচন’। এই অনুষ্ঠানৰ জৰিয়তে তেওঁ গাঁৱৰ কুটীৰ শিল্পৰ প্ৰসাৰৰ জৰিয়তে অর্থনৈতিক স্বাৱলম্বিতাৰ বাটো মুকলি কৰিছিল। ১৯৬৭ চনত ব্রিা জাতিৰ উন্নয়নৰ হকে কাম কৰা ‘লালুং দৰবাৰ নামৰ সংগঠনটোও জন্ম হৈছিল দেউৰীৰ নেতৃত্বতেই। ১৯৭৬ চনত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ সদস্য হিচাপে মনােনীত হয় দেউৰী, পাছলৈ তেওঁ সেই পৰিষদৰ উপাধ্যক্ষ আৰু অধ্যক্ষ হয়। ১৯৮১ চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ আমৰি সমষ্টিৰ পৰা নির্দলীয় প্রার্থীৰূপে মনােনীত হয়। তিৱা সাহিত্য-সংস্কৃতিলৈও দেউৰীৰ অৱদান আছে। তেওঁৰ দ্বাৰা ৰচিত কবিতা, গীত আদি ভিন ভিন আলােচনীত প্ৰকাশ হৈছে। তিৱাসকলৰ জাতীয় সংগীত তিৱা তচিমাৰ তেৱেঁই ৰচক আৰু সুৰকাৰ। তিৱা জাতীয় জীৱনৰ কাণ্ডাৰীৰূপে বিবেচিত দেউৰী একাধাৰে এগৰাকী সমাজ সচেতক, সমাজ সংস্কাৰক, লেখক, গীতিকাৰ, সুৰকাৰ আৰু বিচক্ষণ ৰাজনীতিক। সেয়ে তেওঁক পাহাৰৰ তিৱাসকলে ফাপৰৈ’(জাতিৰ পিতা) বুলি সম্বােধন কৰিছিল। ১৯৯৪ চনৰ ২০ আগষ্টত ইন্দ্ৰসিং দেউৰীৰ দেহাৱসান ঘটে।

(খ) বলাইৰাম সেনাপতি : অসমীয়া সাহিত্য-সংস্কৃতিৰ সুপ্রসিদ্ধ ব্যক্তি বলাইৰাম সেনাপতিয়ে ১৯৩১ চনত বুৰঞ্জীপ্ৰসিদ্ধ ঠাই নগাঁৱৰ বাৰম্পূজীয়াত জন্ম গ্রহণ কৰে । হাইস্কুলীয়া শিক্ষা সমাপ্ত নকৰা সেনাপতিয়ে ১৯৫৩ চনৰ পৰা দহ বছৰ কাল মাধ্যমিক স্কুল শিক্ষকতা কৰিছিল। বলাইৰাম সেনাপতি অসমীয়া সাহিত্য-সংস্কৃতিৰ এগৰাকী সুপ্রতিষ্ঠিত লেখক। ছাত্ৰাৱস্থাৰে পৰাই তেওঁ সাহিত্য আৰু সংস্কৃতিৰ চৰ্চাত জড়িত আছিল। ৰামধেনু আলােচনীত লিখি তেওঁ সমাজত পৰিচিত হৈ পৰিছিল। আনকি ৰামধেনুত ‘মিকিৰ পাহাৰত কি ঘটিছে’ শীর্ষক প্রবন্ধ এটা লিখি তেওঁ স্কুলৰ প্রধান শিক্ষকৰ চাকৰি পর্যন্ত এৰিবলগীয়া হৈছিল। তিৱা ভাষা প্রতিষ্ঠাৰ বাবেও তেওঁ আপ্রাণ চেষ্টা কৰাৰ লগতে অসমীয়া ভাষাতে সাহিত্য চর্চা কৰি অসমীয়া সাহিত্যৰ ভঁৰালাে সমৃদ্ধ কৰিছে। ১৯৫৪ চনত তেওঁ ‘মুকুল’ নামৰ এখন গীতৰ সংকলন প্রকাশ কৰে। অসম সাহিত্য সভাৰ কার্যনির্বাহক সদস্য পদত থকা সেনাপতি বাৰপূজীয়াত অনুষ্ঠিত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পদতো অধিষ্ঠিত হৈছিল। ২০০০ চনত তেওঁ তিৱা সাহিত্য সভাৰ সভাপতি পদো অলংকৃত কৰিছিল।

তেওঁৰ সাহিত্যকর্মৰ ভিতৰত উল্লেখনীয় হ’ল – অতীতৰ সন্ধানত’, ‘পাচোৰজীয়া অঞ্চলৰ লালুঙৰ লােকগীতৰ ওপৰত সামান্য আলােকপাত আৰু তিৱা জনগােষ্ঠীয় সংস্কৃতিত আলােকপাত, তিৱা সমাজ আৰু সংস্কৃতি’ইত্যাদি গ্রন্থ। তিৱা জনজাতি আৰু বৈষ্ণৱ সমাজ’ শীর্ষক তেওঁ প্ৰদান কৰা বক্তৃতাৰ পুস্তিকাখনৰ জৰিয়তে সেনাপতিৰ চিন্তাৰ গভীৰতা আৰু সমাজ বিশ্লেষণৰ বিচক্ষণতা স্পষ্টৰূপে পাইছে। ২০১৭ চনত মৰণােত্তৰভাৱে প্রকাশ পায় বলাইৰাম সেনাপতিৰ ৰচনা সমগ্র। ‘ৰামধেনু’ত লিখিবলৈ লােৱা সেনাপতিয়ে একবিংশ শতিকাৰ সাহিত্য আলােচনী ৰামধেনু’ত লিখিবলৈ লােৱা সেনাপতিয়ে একবিংশ শতিকাৰ সাহিত্য আলােচনী ‘গৰীয়সী’ লৈকে লিখাৰ চৰ্চা কৰি আছিল। তেওঁ তিৱা লােকগীতৰ স্বৰলিপিও কৰি থৈ গৈছে। নগাৰ নৰােত্তম গােসাই শ্ৰীৰাম’, ‘ফুলগুৰিৰ ধেৱা’, ‘তিৱা সমাজ-সংস্কৃতি,“হেৰুৱা দিনৰ সুৰ’, ‘স্বাধীনতা সংগ্রামৰ বিপ্লৱী গীত’আদি হৈছে বলাইৰাম সেনাপতিৰ দ্বাৰা ৰচিত গীত-আলেখ্য। এইবােৰ নগাঁও আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰ আজীৱন সাহিত্যলৈ আগবঢ়োৱা বৰঙণিক স্বীকৃতি দি অসম চৰকাৰে ১৯৯১ চনত তেওঁলৈ আগবঢ়ায় সাহিত্যিক পেঞ্চন। তিৱা সমাজ-সংস্কৃতিৰ অন্যতম সাধক, গৱেষক হিচাপে ২০১১ চনত তেওঁক নগাঁও জিলা সাহিত্য সভাই ‘ড° সূর্যকুমাৰ ভূঞাবঁটা’ৰে সন্মানিত কৰে। একেটা বৰ্ষতে বকুল বন ন্যাস, অসমে প্রদান কৰে ‘বকুল বন বঁটা’। অনাড়ম্বৰ জীৱন কটোৱা বিশাল ব্যক্তিত্বৰ গৰাকী বলাইৰাম সেনাপতিয়ে ২০১৪ চনৰ ১১ মে’ত মৃত্যুবৰণ কৰে।

Also Read: দেউৰীসকল Class 10

তিৱা সকল Class 10 অতিৰিক্ত প্রশ্নোত্তৰ

১। অতি চমু প্রশ্নোত্তৰ :
(ক) তিৱাসকলে নেতৃত্ব দিয়া অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহৰ নাম কি আছিল?
উঃ তিৱাসকলে নেতৃত্ব দিয়া অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহৰ নাম আছিল ফুলগুৰি ধেৱা ।

(খ) হেমৰাম পাটৰ কোন আছিল?
উঃ বিয়াল্লিছৰ গণ আন্দোলনত শ্বহীদ হােৱা এজন তিৱা বীৰ আছিল হেমৰাম পাটৰ।

(গ) প্রাগ-ঐতিহাসিক যুগৰ তিৱাসকলৰ মহান ৰজাজনৰ নাম কি আছিল?
উঃ প্রাগ-ঐতিহাসিক যুগৰ তিৱাসকলৰ মহান ৰজাজনৰ নাম আছিল জোঙাল বলহু ।

(ঘ) পাহাৰী তিৱাসকলৰ সাংস্কৃতিক প্রাণকেন্দ্ৰক কি বুলি কোৱা হয়?
উঃ পাহাৰী তিৱাসকলৰ সাংস্কৃতিক প্রাণকেন্দ্ৰক ডেকাচাং বা চামাদি বুলি কোৱা হয়।

(ঙ) প্রাচীন অর্থব্যৱস্থাৰ জীৱন্ত উদাহৰণ প্রতিফলিত কৰা তিৱাসকলৰ উৎসৱটোৰ নাম কি?
উঃ প্রাচীন অর্থব্যৱস্থাৰ জীৱন্ত উদাহৰণ প্রতিফলিত কৰা তিৱাসকলৰ উৎসৱটোৰ নাম জোনবিল মেলা।

(চ) তিৱাসকলে পাৰম্পৰিক পদ্ধতিৰে বিশেষভাৱে প্ৰস্তুত কৰা মদিৰা বিধক কি নামেৰে জনা যায়?
উঃ তিৱাসকলে পাৰম্পৰিক পদ্ধতিৰে বিশেষভাৱে প্ৰস্তুত কৰা মদিৰা বিধক জ্যু নামেৰে জনা যায়।

(ছ) “তিৱাচা মিছন” নামৰ সামাজিক সংগঠনটোৰ মুখ্য প্রতিষ্ঠাপক কোন আছিল?
উঃ “তিৱাচা মিছন” নামৰ সামাজিক সংগঠনটোৰ মুখ্য প্রতিষ্ঠাপক ইন্দ্রসিং দেউৰী।

(জ) পাহাৰৰ তিৱাসকলে ইন্দ্রসিং দেউৰীক কি বুলি সম্বােধন কৰে?
উঃ পাহাৰৰ তিৱাসকলে ইন্দ্ৰসিং দেউৰীক “ফা পৰৈ”অর্থাৎ জাতিৰ পিতা বুলি সম্বােধন কৰে।(

ঝ) তিৱাসকলৰ জাতীয় সংগীত “তিৱা তচিমা” গীতটোৰ ৰচক কোন?
উঃ তিৱাসকলৰ জাতীয় সংগীত“তিৱা তচিমা” গীতটোৰ ৰচুক ইন্দ্ৰসিং দেউৰী।

(ঞ) বলাইম সেনাপতি কোন আছিল ?
উঃ বলাইৰাম সেনাপতি এজন প্রসিদ্ধ লেখক তথা সাংস্কৃতিক সাধক আছিল।

তিৱা সকল Class 10

২। চমু প্রশ্নোত্তৰ

(ক) বর্তমান সময়ত তিৱাসকলক দুটা কি কি শ্ৰেণীত বিভক্ত কৰা হৈছে?
উঃ বর্তমান সময়ত তিৱাসকলক পাহাৰীয়া আৰু ভৈয়ামীয়া হিচাপে দুটা শ্ৰেণীত বিভক্ত কৰা হয়।

(খ) বর্তমান কোন কোন অঞ্চলত তিৱা জনগােষ্ঠীৰ লােকে বাস কৰা দেখা যায় ?
উঃ বর্তমান অসমৰ নগাঁও, মৰিগাঁও, কামৰূপ, কাৰ্বি আংলং, যােৰহাট, ধেমাজি, লক্ষীমপুৰ, শদিয়া আদিৰ লগতে মেঘালয়ৰাে কিছু কিছু ঠাইত তিৱা জনগােষ্ঠীৰন লােকে বাস কৰা দেখা যায়।

(গ) চোৱাবৰ লালুং কোন আছিল আৰু তেওঁক কি শাস্তি প্রদান কৰা হৈছিল ?
উঃ চোৱাবৰ লালুং আছিল অসমৰ প্ৰথমটো কৃষক বিদ্রোহ ফুলগুৰি ধেৱা’ৰ নেতা। তেওঁক এই বিদ্রোহৰ অন্য বিদ্রোহীসকলৰ সৈতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰি দ্বীপলৈ নির্বাসন দিয়া হৈছিল।

(ঘ) তিৱা সমাজ ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা।
উঃ তিৱাসমাজ মূলতঃ মাতৃপ্রধান। সমাজৰ মূল গাঁথনিৰ আৰম্ভণি হয় পৰিয়ালৰ পৰা। দুই বা তাতকৈ বেছি পৰিয়াল লগলাগি গঠন হয় এটা মাহাৰী, কেইবাটাও মাহাৰী লগ হলে তাক কোৱা হয় এটা কুল বা খুটা। আকৌ একাধিক কুলৰ সংমিশ্ৰণত গঢ়ি উঠে এখন খেল। এই খেল কেইবাখনে মিলি সৃষ্টি কৰে এখন গাওঁ৷ একোখন খেলৰ প্রশাসনিক আৰু সামাজিক মুৰব্বী থাকে পাহাৰ, ভৈয়াম উভয়তে। ভৈয়ামত তেওঁক ‘জেলা বুলি জনা যায় আৰু পাহাৰত ‘লৰ বুলি কোৱা হয়। লৰ থকা পাহাৰৰ খেলবােৰক পিনুঙ নামেৰে জনা যায়। পাহাৰ-ভৈয়াম উভয় অঞ্চলতে বাসগৃহবােৰক নবাৰ বুলি কোৱা হয়। এই নবাৰক প্ৰতি পৰিয়ালে উপাসনাগৃহ হিচাপেও মানি আহিছে। তিৱা সমাজৰ এক সন্মানীয় আৰু মর্যাদাপূর্ণ পদবী হৈছে হাৰী কুঁৱৰী।তিৱা ডেকাৰ বাবে নির্মিত ডেকাচাঙক চামাদি’বুলি কোৱা হয়। চামাদিত ডেকাসকলে সাংস্কৃতিক কাম কাজৰাে চর্চা কৰে। তিৱা সমাজত মূলতঃ প্রকৃতিৰ বিভিন্ন উপাদানৰ পূজা কৰা হয় যদিও পূর্বপুৰুষৰো তেওঁলােক উপাসক। পাছলৈ শাক্ত, বৈষ্ণৱ, শৈৱ,নৱবৈষ্ণৱ আদি হিন্দু ধৰ্মৰ কেতবােৰ পন্থাও তেওঁলােকে বিশ্বাস কৰিবলৈ লয়।কুৰি শতিকাৰ আৰম্ভণিতে তিৱাসমাজত খ্রীষ্টধর্ময়াে গা কৰি উঠে।

(ঙ) তিৱাসকলে পৰিধান কৰা সাজ-পােছাকৰ বিষয়ে চমুকৈ লিখা।
উঃ তিৱাসকলৰ সাজ-পােছাক চালে চকুৰােৱা।ৰং-বিৰঙী ফুল-চানেকিযুক্ত বস্ত্র সম্ভাৰত সহজে স্বকীয় বৈশিষ্ট্য দেখিবলৈ পােৱা যায়। পুৰুষ-মহিলাৰ কাপােৰৰ পার্থক্য আছে আৰু সেইবােৰক ভিন ভিন নামেৰে জনা যায়। পুৰুষে পৰিধান কৰা বস্ত্ৰকেইপদমান হল- থানা, তাগলা, থেনাচ, ফালি, ফাগা ইত্যাদি। একেদৰে মহিলাই পৰিধান কৰে কাছ্যং, ফাছকাই, নাৰা ইত্যাদি। এইবােৰৰ উপৰি চাপল, চিংলি ল, কল্ পান্থা আদি হৈছে তিৰােতাসকলে পিন্ধা কেইবিধমান মণিৰ নাম। কাণত পিন্ধা কেতবােৰ অলংকাৰ হৈছে— খাইদং, ছন্যানে খাইদং আৰু ৰূফানে খাইদং।এনেদৰে নানা বিধৰ আ-অলংকাৰ আৰু সাজ-পাৰে বহন কৰে তিৱা সমাজৰ নিজস্ব বৈশিষ্ট্য।

(চ) “তিৱাচা মিছন” নামৰ সংগঠনটো প্রতিষ্ঠাৰ প্ৰধান উদ্দেশ্য কি আছিল?,
উঃ জাতীয় চেতনাৰে উদ্বুদ্ধ কৰিবলৈকে যেন তিৱা জনসমাজত জন্ম হৈছিল ইন্দ্রসিং দেউৰীৰ। জনগােষ্ঠীয় সমাজত বিশেষকৈ তিৱাসকলৰ মাজত সততে অন্ধবিশ্বাস, কুসংস্কাৰে বহু খেলিমেলিৰ সৃষ্টি কৰা দেখা যায়। এইবােৰ আঁতৰােৱাৰ প্ৰচেষ্টাৰে ইন্দ্রসিং দেউৰীয়ে জন্ম দিয়ে সামাজিক অনুষ্ঠান ‘তিৱাচা মিচনৰ। বিন্ মাছলাই ৰবটচিং আমচি আৰু পদ্মকান্ত কাকতিকে ধৰি সচেতন ব্যক্তিসকলৰ সহযােগত ১৯৬০ চনত থাৰাকুঞ্জী গাঁৱত এই অনুষ্ঠানে পােখা মেলে। কেৱল অন্ধবিশ্বাস বা কুসংস্কাৰ দূৰীকৰণেই নহয়, শিক্ষাৰ বিস্তাৰ কৰাও এই মিছনৰ উদ্দেশ্য আছিল। কিয়নাে শিক্ষাইহে সমাজ এখনক বিকাশৰ দিশে আগবঢ়াই নিব পাৰে। এই মিছনে প্রাপ্তবয়স্কসকলৰ বিদ্যালয় গঢ়িছিল আৰু গাঁৱত থকা প্রাথমিক বিদ্যালয়ত পাঠদানৰ ব্যৱস্থা কৰিছিল। অকল শিক্ষা বা কুসংস্কাৰ দূৰীকৰণেই নহয়, গাঁৱৰ কুটীৰ শিল্পৰ প্ৰসাৰৰ দিহা কৰি অর্থনৈতিক স্বাৱলম্বিতাৰ বাটো মুকলি কৰিছিল।

(ছ) বলাইৰাম সেনাপতিৰ সাহিত্যিক অৱদানৰ বিষয়ে চমুকৈ লিখা।
উঃ বলাইৰাম সেনাপতি অসমীয়া সাহিত্য-সংস্কৃতিৰ এগৰাকী সুপ্রতিষ্ঠিত লেখক। ছাত্ৰাৱস্থাৰে পৰাই তেওঁ সাহিত্য আৰু সংস্কৃতিৰ চৰ্চাত জড়িত আছিল। ৰামধেনু’ আলােচনীত লিখি তেওঁ সমাজত পৰিচিত হৈ পৰিছিল। আনকি ৰামধেনুত ‘মিকিৰ পাহাৰত কি ঘটিছে’ শীর্ষক প্রবন্ধ এটা লিখি তেওঁ স্কুলৰ প্রধান শিক্ষকৰ চাকৰি পর্যন্ত এৰিবলগীয়া হৈছিল। তিৱা ভাষা প্রতিষ্ঠাৰ বাবেও তেওঁ আপ্রাণ চেষ্টা কৰা লগতে অসমীয়া ভাষাতে সাহিত্য চর্চা কৰি অসমীয়া সাহিত্যৰ ভঁৰালাে সমৃদ্ধ কৰিছে। ১৯৫৪ চনত তেওঁ ‘মুকুল’ নামৰ এখন গীতৰ সংকলন প্রকাশ কৰে। অসম সাহিত্য সভাৰ কার্যনির্বাহক সদস্য পদত থকা সেনাপতি বাৰপূজীয়াত অনুষ্ঠিত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পদতো অধিষ্ঠিত হৈছিল। ২০০০ চনত তেওঁ তিৱা সাহিত্য সভাৰ সভাপতি পদে অলংকৃত কৰিছিল। তেওঁৰ সাহিত্যকর্মৰ ভিতৰত উল্লেখনীয় হ’ল – ‘অতীতৰ সন্ধানত’, ‘পাচোৰজীয়া অঞ্চলৰ লালুঙৰ লােকগীতৰ ওপৰত সামান্য আলােকপাত আৰু তিৱা জনগােষ্ঠীয় সংস্কৃতিত আলােকপাত,তিৱা সমাজ আৰু সংস্কৃতি’ ইত্যাদি গ্রন্থ। তিৱা জনজাতি আৰু বৈষ্ণৱ সমাজ’ শীর্ষক তেওঁ প্ৰদান কৰা বক্তৃতাৰ পুস্তিকাখনৰ জৰিয়তে সেনাপতিৰ চিন্তাৰ গভীৰতা আৰু সমাজ বিশ্লেষণৰ বিচক্ষণতা স্পষ্টৰূপে পাইছে। ২০১৭ চনত মৰণোত্তৰভাৱে প্ৰকাশ পায় বলাইম সেনাপতিৰ ৰচনা সমগ্র”। ‘ৰামধেনু’ত লিখিবলৈ লােৱা সেনাপতিয়ে একবিংশ শতিকাৰ সাহিত্য আলােচনী ‘গৰীয়সীলৈকে লিখাৰ চৰ্চা কৰি আছিল। তেওঁ তিৱা লােকগীতৰ স্বৰলিপিও কৰি থৈ গৈছে।

নগাৰ নৰােত্তম গােসাঁই শ্ৰীৰাম’, ‘ফুলগুৰিৰ ধেৱা’, তিৱা সমাজ-সংস্কৃতি,“হে দিনৰ সুৰ’, স্বাধীনতা সংগ্ৰামৰ বিপ্লৱী গীত’আদি হৈছে বলাইৰাম সেনাপতিৰ ৰচিত গীত-আলেখ্য। এইবােৰ নগাঁও আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰ হৈছে। আজীৱন সাহিত্যলৈ আগবঢ়োৱা বৰঙণিক স্বীকৃতি দি অসম চৰকাৰে ১৯৯১ চনত তেওঁলৈ আগবঢ়ায় সাহিত্যিক পেঞ্চন। তিৱা সমাজ-সংস্কৃতিৰ অন্যতম সাধক, গৱেষক হিচাপে ২০১১ চনত তেওঁকনগাঁও জিলা সাহিত্য সভাই ‘ড” সূর্যকুমাৰ ভূঞা বঁটাৰে সন্মানিত কৰে। একেটা বৰ্ষতে বকুল বন ন্যাস, অসমে প্রদান কৰে ‘বকুল বন বঁটা।

Leave a Comment