সােনােৱাল কছাৰীসকল Class 10 – অসমীয়া (বৈচিত্রময় অসম)

শ্ৰেণী দশম
বিষয় অসমীয়া (বৈচিত্রময় অসম)
পাঠ সােনােৱাল কছাৰীসকল
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

সােনােৱাল কছাৰীসকল Class 10

সােনােৱাল কছাৰীসকল
পাঠভিত্তিক প্রশ্নোত্তৰ

১। ডিমাচা ভাষাত সােনােৱাল মানে কি?
উঃ ডিমাচা ভাষাত সােনােৱাল মানে হৈছে উজ্জ্বল তথা ঐশ্বর্যশালী।

২। সােনােৱাল কছাৰীসকল কি ধৰ্মৰ উপাসক আছিল?
উঃ সােনােৱাল কছাৰীসকল ৮৩০ খ্রীষ্টাব্দৰ পৰা ১৬৮১ খ্রীষ্টাব্দলৈ শাক্ত বা পুৰাতন ধৰ্মৰ উপাসক আছিল। সম্প্রতি তেওঁলােক দ্বৈত ধর্মী। কিছুসংখ্যক ‘ হিন্দুৰীয়া’ আৰু কিছুসংখ্যক ‘বেহাৰী’।

৩। সােনােৱাল কছাৰীসকলৰ লােকসাহিত্যসমূহৰ বিষয়ে লিখা।
উঃ অন্য জাতি-জনগােষ্ঠীৰ দৰে জনসাধাৰণৰ মুখ বাগৰি বাগৰি অহা বিভিন্ন সাহিত্য সােনােৱাল সকলৰাে আছে। এতিয়ালৈকে পােৱা এনে লােকসাহিত্যৰ ভিতৰত হুঁচৰি গীত, হায়দাং গীত, বহুৱা নৃত্যৰ গীত, আইনাম, ধাইনাম, লখিমী নাম, অপেশ্বৰীৰ নাম, গােসাঁইৰ নাম, ফুলকোৱৰ -মণিকোঁৱৰৰ গীত, জনা গাভৰুৰ গীত, মৰণা মৰা গীত, বিহুগীত, তৰাচিয়া গীত আদি উল্লেখনীয়।

৪। সােনােৱাল কছাৰীসকলৰ সমাজ-পদ্ধতিৰ বিষয়ে চমুকৈ বর্ণনা কৰা।
উঃ সঁচ বা পৰিয়াল সােনােৱাল কছাৰীসকলৰ প্ৰথম পৰিচয়। তাৰ পাছত বংশ, খেল আৰু কুচীয়া। চাৰিটা বা তাতকৈ বেছি সঁচ লগ হৈ একোটা বংশ হয়। সােনােৱালসকলৰ মাজত বর্তমান ১৩৫ টা সঁচ আৰু ২৫ টা বংশ আছে। একে সঁচ বা বংশৰ মানুহক ককাই-ভাই হিচাপে ধৰা হয়। বিবাহৰ প্ৰসংগতাে প্রথমে সঁচ আৰু বংশ বিচাৰ হয়। ২৫ টা বংশৰ ১৪ টাক লৈ কছাৰীৰ ৰাষ্ট্রনায়ক মাণিকে পৰিচালনা কৰিছিল হ্যলানী ৰাজ্য।

৫। সােনােৱাল কছাৰীসকলক কিয় দ্বৈত ধৰ্মৰ বুলি কোৱা হয়?
উঃ সােনােৱাল কছাৰীসকল ৮৩০ খ্রীষ্টাব্দৰ পৰা শাক্ত বা পুৰাতন ধৰ্মৰ উপাসক আছিল। ১৬৮১ চনত শ্রী শ্রী কেশৱদেৱ গােস্বামীদেৱে ‘শৰণ’ দিয়ালে তেওঁলােকক। তেতিয়াৰ পৰাই তেওঁলােকৰ মাজত নামঘৰৰ প্ৰচলন হ’ল। আৰু তেওঁলােকক কোৱা হয় দ্বৈতধর্মী অর্থাৎ দুটা ধৰ্মৰ লােক। পৰম্পৰাগত ধৰ্মক বাদ নিদিয়াকৈয়ে নামধর্মও মানি আহিছে সােনােৱাল কছাৰীসকলে।

সােনােৱাল কছাৰী সকল Class 10

৬। চমূটোকা লিখাঃ

(ক) গগণ চন্দ্র সােনােৱালঃ
উঃ সাহিত্য, সমাজ, সংস্কৃতিৰ সাধক গগন চন্দ্র সােনােৱাল সােনােৱাল কছাৰীসকলৰ মাজত পৰিচিত নাম। ১৯২৬ চনত তিনিচুকীয়া জিলাৰ হাপজানৰ ওচৰৰ শুকানগুৰি চাহবাগিছাত জন্ম হৈছিল গগণ সােনােৱালৰ। মাকুম প্রাথমিক বিদ্যালয়ত শিক্ষাজীৱন আৰম্ভ কৰা সােনােৱালে প্রাক-স্নাতক উত্তীর্ণ হৈয়েই পঢ়া জীৱন সামৰে। পাছলৈ শিক্ষকতাৰ কৰ্মজীৱনক আঁকোৱালি লয়। শিক্ষকতাৰ বাহিৰেও জীৱিকা নির্বাহৰ বাৰে তেওঁ কৃষিকৰ্মতাে নিজক নিয়ােগ কৰিছিল। সাহিত্যৰ নীৰৱ সাধক আছিল তেওঁ | পঞ্চম শ্রেণীত হাতে লিখা আলােচনীত প্রবন্ধ লিখি সাহিত্য চর্চাৰ সূত্রপাত ঘটোৱা সােনােৱালৰ বিভিন্ন বিষয়ৰ কেইবাখনাে গ্রন্থ প্রকাশ হৈছে। সেইবােৰ ক্ৰমে ‘সােনােৱাল কছাৰীসকলৰ ঐতিহ্য’, ‘অসমৰ সংস্কৃতিত সােনােৱালসকলৰ অৱদান’, ‘লােকসাহিত্য-সংগ্রহ’, ‘অন্যান্য ৰচনাৱলী, ‘ভাষণাৱলী’, আৰু ছয়টা কবিতা’।

তদুপৰি তেওঁ ৰচনা কৰা একৈশটা সাধুকথা ‘সােনােৱালৰ সাধু’ নামেৰে অসম সাহিত্য সভাই প্রকাশ কৰে। সােনােৱালসকলৰ ইতিহাসস্বৰূপ ‘হুচৰি গীত’ ১৯৪২ চনত ছৈখােৱাৰ বিছনী গাঁৱৰ পৰা বিষ্ণুপ্রসাদ ৰাভাৰ লগ লাগি তেওঁ সংগ্রহ কৰিছিল। গগণ সােনােৱাল অসম সাহিত্য সভাৰ লগতাে জড়িত আছিল। কাকপথাৰত প্রথম শাখা সাহিত্য সভা তেৱেঁই গঠন কৰিছিল। অবিভক্ত ডিব্ৰুগড় জিলাৰ সভাপতিৰ লগতে তিনিচুকীয়া জিলা সাহিত্য সভাৰ তেওঁ প্ৰতিষ্ঠাপক সভাপতি আছিল। সাহিত্য কৰ্মৰ স্বীকৃতিস্বৰূপে তেওঁ লাভ কৰিছিল অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন। সদৌ অসম জনসংস্কৃতি পৰিষদৰ তেওঁ আছিল প্রথমগৰাকী কাৰ্যকৰী সভাপতি আৰু পাছলৈ হৈছিল সভাপতিও। ২০০৯ চনত এইগৰাকী কৰ্মনিষ্ঠ ব্যক্তিৰ মৃত্যু ঘটে।

(খ) পৰশুৰাম সােনােৱাল
উঃ সােনােৱাল কছাৰী জনগােষ্ঠীৰ অন্তৰ্গত বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত পৰশুৰাম সােনােৱালৰ নাম উল্লেখনীয়। ১৯০৪ চনত নগাঘূলি চাহ বাগিচাত তেওঁৰ জন্ম হয়। গ্রেহেম বজাৰ নিম্ন বুনিয়াদী পাঠশালাত প্রাথমিক শিক্ষাগ্রহণ কৰা সােনােৱাল প্রেছিডেন্সী কলেজৰ প্ৰথম শ্ৰেণীৰ স্নাতক, ইউনিভার্চিটী অৱ কলকাতা’ৰ প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ আইনৰ স্নাতক। বিদ্যায়তনিক দিশত দক্ষ সােনােৱাল ক্রীড়া, সংগীত সাধনা, লেখা, সুকুমাৰ কলা আদি বিষয়ত সিদ্ধহস্ত আছিল। ভাৰতবৰ্ষৰ সেই সময়ৰ বহুল প্রচলিত আলােচনী Illustrated Weekly of India-তাে তেওঁৰ গল্প আৰু স্কেচ্ছ প্রকাশ হৈছিল।

অসমত ফুটবল, টেনিছ, হকীৰ চিনাকি নথকাৰ সময়তে তেওঁ ইউনিভাছিটি অৱ কলকাতা’ৰ হকী দলৰ অধিনায়কৰূপে যথেষ্ট পাৰদৰ্শিতা দেখুৱাইছিল আৰু অসমতাে ইয়াৰ প্ৰসাৰৰ বাবে চেষ্টা কৰিছিল। ১৯৩৪ চনত প্ৰথমগৰাকী এম এল এল বি অসমীয়া ৰূপে নাম পঞ্জীয়ন কৰি তেওঁ আনুষ্ঠানিকভাৱে ওকালতি জীৱন আৰম্ভ কৰে। সামাজিকভাৱে সােনােৱাল আছিল যথেষ্ট সক্রিয় লােক। কলেজ প্রতিষ্ঠা কর্মত জড়িত থকাৰ উপৰি তেওঁ আছিল ডিব্ৰুগড় লােকেল ব’ৰ্ডৰ সক্রিয় সদস্য, অসম মেডিকেল স্কুল ব’ৰ্ডৰ সদস্য, জিলা ট্রাইবেল লীগ সভাপতি আৰু ডিব্ৰুগড় উকীল সন্থাৰ দুবাৰকৈ সম্পাদক। ১৯৬০ চনত পৰশুৰাম সােনােৱালে মৃত্যুবৰণ কৰে।

সােনােৱাল কছাৰীসকল Class 10

(গ) যােগেশ দাস
উঃ অসমৰ শিক্ষা আৰু সাহিত্য জগতৰ প্রখ্যাত ব্যক্তিসকলৰ অন্যতম হৈছে যােগেশ দাস। ১৯২৭ চনত ডুমডুমাৰ হাঁহচৰা চাহ বাগিছাত তেওঁৰ জন্ম হৈছিল। চাহ বাগিছাৰ প্রাথমিক স্কুলতে শিক্ষাজীৱন আৰম্ভ কৰা যােগেশ দাস কটন কলেজৰ স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ। ডুমডুমা হাইস্কুলত শিক্ষকতাৰ জীৱন আৰম্ভ কৰা দাসে বি বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপকৰূপে অৱসৰ লৈ কৰ্মজীৱন সামৰে। তদুপৰি নতুন অসমীয়া’, ‘দৈনিক অসম’, ‘প্ৰহৰী’, ‘অধিনায়ক আৰু অসম পত্রিকা সম্পাদনাৰ কামতাে তেওঁ জড়িত আছিল। সাহিত্য সভাৰ কৰ্মজীৱনৰ লগে লগে তেওঁ সাধনা কৰিছিল সাহিত্যৰাে। শিক্ষকতা, সাহিত্য সাধনা, জ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰ আছিল তেওঁৰ জীৱনৰ ব্ৰত। ছাত্ৰাৱস্থাতে পূৰঠ গল্পকাৰৰূপে পৰিচিত দাসে উপন্যাসো তেতিয়াই লিখিছিল। তেওঁৰ দ্বাৰা ৰচিত বিভিন্ন গল্প সংকলন আৰু উপন্যাসৰ ভিতৰত ‘পপীয়া তৰা’, ‘ডাৱৰৰ আঁৰে আঁৰে’, ‘ত্রিবেণী’, ‘মদাৰৰ বেদনা’, ‘হাজাৰ লােকৰ ভীৰ’, ‘সহাৰি পাই’, ডাৱৰ আৰুনাই’, ‘জোনাকীৰ জুই’, ‘নিৰুপায় নিৰুপায়’, ‘ৰজনী বিদূৰ’ ইত্যাদি উল্লেখনীয়। তদুপৰি বনে বনে’ শীর্ষক অনুবাদ গ্রন্থ, জীৱনী গ্রন্থ – হেম বৰুৱা আৰু ‘Folklore of Assam’ তেওঁৰ দ্বাৰা ৰচিত গ্রন্থ। সাহিত্যিক জীৱনৰ স্বীকৃতিস্বৰূপে ১৯৮০ চনত যােগেশ দাসে পৃথিৱীৰ অসুখ গ্রন্থৰ বাবে লাভ কৰে সাহিত্য অকাডেমি বঁটা। আকৌ বনে বনে’ গ্রন্থৰ বাবে লাভ কৰে মােক্ষদানন্দ পাঠক শিশু সাহিত্য বঁটা’আৰু ‘এনাজৰী’ গ্রন্থৰ বাবে লাভ কৰে সীতানাথ ব্ৰহ্মচৌধুৰী বঁটা’। ১৯৯৪ চনত তেওঁ লাভ কৰে অসম উপত্যকা সাহিত্য বঁটা। অসম সাহিত্য সভাৰ এক পঞ্চাশতম বিহপুৰীয়া অধিৱেশনৰ তেওঁ সভাপতি আছিল। ১৯৯৯ চনত এইগৰাকী বৰেণ্য সাহিত্যিকৰ মৃত্যু ঘটে।

(ঘ) যােগেন্দ্র নাথ হাজৰিকাঃ
উঃ সমাজবাদী, সুসংগঠক, সু-লেখক, বুদ্ধিজীৱী, ৰাজনীতিবিদ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী আছিল যােগেন্দ্র নাথ হাজৰিকা চমুকৈ যােগেন হাজৰিকা। ১৯২৪ চনত ডিব্ৰুগড় জিলাৰ টেঙাখাতৰ পুৰণিখঙীয়া গাঁৱত তেওঁ জন্ম লাভ কৰিছিল। আর্থিক অনাটনৰ বাবে চানা-বাদাম বিক্ৰী কৰি পােৱা পইচাৰে যােগেন হাজৰিকাই শৈশৱ-কৈশােৰত পঢ়াৰ খৰচ উলিয়াইছিল। তেওঁ কটন কলেজৰ স্নাতক, কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অর্থনীতিৰ স্নাতক আৰু আইনৰাে স্নাতক।
১৯৫২ চনত স্বাধীন ভাৰতৰ প্রথম সাধাৰণ নিৰ্বাচনত ডিব্ৰুগড় লােকসভা সমষ্টিৰ পৰা সংসদ হিচাপে নির্বাচিত হৈ একেৰাহে ১৯৬৭ চনলৈকে সেই পদত অধিষ্ঠিত আছিল।

সুদক্ষ সাংসদৰূপে পৰিচিত হাজৰিকাদেৱে ১৯৫২ চনৰ পৰা ১৯৬৭ চনলৈকে বহিঃপৰিক্ৰমা বিভাগৰ সংসদীয় সচিবৰূপে নিয়ােজিত আছিল। পাছলৈ সংসদীয় ৰাজনীতি এৰি তেওঁ ডিব্ৰুগড়ৰ দুলীয়াজান সমষ্টিৰ বিধায়কৰূপে নির্বাচিত হৈ অসমৰ বিধানসভাৰ মজিয়াত ভৰি থয়। ১৯৭৯ চনত ৯১ দিনৰ বাবে তেওঁ অসমৰ মুখ্যমন্ত্রী হয়। আইনৰ স্নাতক হাজৰিকাদেৱে কলকাতা হাইক, গুৱাহাটী হাইক’ আৰু ভাৰতৰ চুপ্রিম কটতো ওকালতি কৰিছিল। জনগােষ্ঠীয় সমাজৰ সৰ্বাংগীন বিকাশৰ বাবে তেওঁ যথেষ্ট কষ্ট স্বীকাৰ কৰিছিল। সাহিত্য চর্চাতে মনােনিৱেশৰা হাজৰিকাদেৱে লিখি থৈ গৈছে ‘ভাৰতৰ স্বাধীনতাৰ চমু বুৰঞ্জী আৰু ‘Consideration on twenty five Million Soul of Tribal India’ শীর্ষক দুখন গ্রন্থ। তেওঁ ‘নায়ক’নামৰ আলােচনীখনৰ সম্পাদকো আছিল। সৎ পৰিশীলিত ব্যক্তিত্বৰ অধিকাৰী এইগৰাকী বৰেণ্য ব্যক্তিৰ ১৯৯৭ চনত মৃত্যু হয়।

Related Post: ৰাভাসকল Class 10

সােনােৱাল কছাৰীসকল Class 10

অতিৰিক্ত প্রশ্নোত্তৰ
১। অতি চমু প্রশ্নোত্তৰ :

(ক) সােনােৱাল কছাৰীসকল কোনটো জনগােষ্ঠীৰ অন্তৰ্গত?
উঃ সোনােৱাল কছাৰীসকল মংগােলীয় জনগােষ্ঠীৰ অন্তর্গত।

(খ) সোনােৱাল শব্দটোৰ কৰ পৰা উৎপত্তি হৈছে?
উঃ তিব্বতবর্মী ভাষাগােষ্ঠীৰ “সুনুৱাৰ” শব্দটোৰ পৰা “সােনােৱাল” শব্দটো উৎপত্তি হৈছে ।

(গ) “মহান জাতিৰ ইতিহাস” নামৰ সাঁচিপতীয়া পুথিখনৰ ৰচক কোন আছিল?
উঃ “মহান জাতিৰ ইতিহাস”নামৰ সাঁচিপতীয়া পুথিখনৰ ৰচক আদিমফা।

(ঘ) “কাছাৰেৰ ইতিবৃত্ত” নামৰ গ্ৰন্থখনৰ ৰচক কোন?
উঃ “কাছাৰেৰ ইতিবৃত্ত” নামৰ গ্ৰন্থখনৰ ৰচক বুৰঞ্জীবিদ উপেন্দ্র চন্দ্র গুহ।

(ঙ) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত বাস কৰা কছাৰীসকলক কি বুলি কোৱা হৈছিল ?
উঃ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত বাস কৰা কছাৰীসকলক হাবাং বা হাবুঙীয়া কছাৰী বুলি কোৱা হৈছিল।

(চ) মাণিক কোন আছিল?
উঃ হালালী ৰাজ্যৰ ৰাষ্ট্রনায়ক বা শাসক আছিল মাণিক।

(ছ) বর্তমান সােনােৱালসকলৰ কিমানটা সঁচ আছে?
উঃ বর্তমান সােনােৱালসকলৰ ১৩৫ টা সঁচ আছে।

(জ) সােনােৱাল কছাৰীসকলৰ মাজত মুঠ কিমানটা বংশ আছে?
উঃ সােনােৱাল কছাৰীসকলৰ মাজত মুঠ ২৫ টা বংশ আছে।

(ঝ) সােনােৱাল কছাৰীসকলে বিবাহৰ ক্ষেত্ৰত সর্বপ্রথমে কিহৰ ওপৰত গুৰুত্ব দিয়ে?
উঃ সােনােৱাল কছাৰীসকলে বিবাহৰ ক্ষেত্ৰত সর্বপ্রথমে জাত (সঁচ) তথা বংশৰ ওপৰত গুৰুত্ব দিয়ে।

(ঞ) অসম সাহিত্য সভাৰ দ্বাৰা প্রকাশিত গগণচন্দ্র সােনােৱালৰ কাহিনী সংকলনটোৰ নাম কি?
উঃ অসম সাহিত্য সভাৰ দ্বাৰা প্রকাশিত গগণ চন্দ্র সােনােৱালৰ কাহিনী সংকলনটোৰ নাম সােনােৱালৰ সাধু।

(ট) গগণ চন্দ্র সােনােৱালে কাৰ সৈতে লগ হৈ কেতিয়া সােনােৱাল কছাৰীৰ সমাজ জীৱনৰ ইতিহাস স্বৰূপ হুচৰি গীতসমূহ সংগ্ৰহ কৰিছিল?
উঃ গগণ চন্দ্র সােনােৱালে ১৯৪২ চনত বিষ্ণুপ্ৰসাদ ৰাভাৰ সৈতে লগ হৈ সােনােৱাল কছাৰীসকলৰ হুঁচৰি গীতসমূহ সংগ্ৰহ কৰিছিল।

(ঠ) ‘সঁহাৰি পাই’ উপন্যাসখনৰ ৰচক কোন?
উঃ ‘সঁহাৰি পাই’ উপন্যাসখনৰ ৰচক হ’ল যােগেশ দাস।

(ড) যােগেশ দাসে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উঃ ‘পৃথিৱীৰ অসুখ’ নামৰ গ্ৰন্থৰ বাবে যােগেশ দাসে সাহিত্য অকাডেমি বঁটা পাইছিল।

(ঢ) যােগেশ দাসে কিমান চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল?
উঃ যােগেশ দাসে ১৯৯৪ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল।

(ণ) ভাৰতৰ স্বাধীনতাৰ চমু বুৰঞ্জী তথা গণ পৰিষদ’ গ্রন্থখনৰ ৰচক কোন?
উঃ ‘ভাৰতৰ স্বাধীনতাৰ চমু বুৰঞ্জী তথা গণ পৰিষদ’ গ্ৰন্থখনৰ ৰচক যােগেন্দ্র নাথ হাজৰিকা।

সােনােৱাল কছাৰীসকল Class 10

২। চমু প্রশ্নোত্তৰ

(ক) পণ্ডিতসকলৰ মতে কছাৰী নামটোৰ উৎপত্তি ক’ৰ পৰা হৈছে?
উঃ কক্ষাত – কচ্ছত -কচ্ছৰ লগত অৰি যােগ হৈ কচ্ছ+অৰি =কচ্ছাৰী বা কছাৰী নামটোৰ উৎপত্তি হৈছে বুলি পণ্ডিতসকলে কয়। কাৰণ আদিতে সােনােৱালসকলে যাতায়ত আৰু খেতিৰ সুবিধার্থে পর্বত বা নদীৰ দাঁতি কাষৰীয়া বা কক্ষাত বাস কৰিছিল।

(খ) কছাৰীসকলৰ দ্বাৰা নামকৰণ হােৱা কেইখনমান নদীৰ নাম লিখা।
উঃ কছাৰীসকলৰ দ্বাৰা নামকৰণ হােৱা কেইখনমান নদীৰ নাম হৈছে- দিহিং, দিচাং,ডিব্ৰু, দৈয়াং, দিমৌ, দিখৌ, ডিগাৰু, দিচৈ, দিক, দিক্ৰং আদি।

(গ) সােনােৱাল শব্দটোৰ উৎপত্তি সম্পর্কে চমুকৈ লিখা।
উঃ তিব্বতবর্মী ভাষাগােষ্ঠীৰ ‘সুনুৱাৰ’ শব্দৰ পৰা সােনােৱাল শব্দটোৰ সৃষ্টি বুলি কোৱা হয়। আদিমফাৰ সাঁচিপতীয়া পুথি ‘মহান জাতিৰ ইতিহাস’ ত উল্লেখ আছে যে চুকাফাৰ আগমনৰ বহু আগেয়ে সােনােৱালসকলে সােণ উৎপাদন কৰিছিল আৰু তেতিয়া ‘সােনােৱাল’ৰ সলনি ‘সুনুৱাল’ শব্দহে প্রচলিত আছিল। আকৌ, ইতিহাসবিদ উপেন্দ্র চন্দ্র গুহৰ কাহারের ইতিবৃত্ত’ত উল্লেখ আছে যে সুনাচিৰি নদীৰ পাৰত বসবাস কৰা মানুহবােৰৰ ‘সুনুৱাল’ বুলি কোৱা হৈছিল।

(ঘ) সােনােৱাল কছাৰীসকলৰ গাঁওসমূহ সুশৃংখলভাৱে পৰিচালনা কৰাৰ বাবে কি কি পদবীৰ সৃষ্টি কৰা হৈছে ?
উঃ সােনােৱাল কছাৰী গাঁওসমূহ সুশৃংখলভাৱে পৰিচালনা কৰাৰ বাবে গাঁওসমূহত বাৰীক, পাঠেক আশীর্বদীয়া, গীত ঘাই, মেধি, তামুলী, ৰান্ধনী আদি পদৰ সৃষ্টি কৰা হৈছে।

(খ) সােনােৱাল কছাৰীসকলে কিদৰে ঘৰ নিৰ্মাণ কৰে?
উঃ সােনােৱাল কছাৰীসকলৰ পুব-মুৱাকৈ থাকে বৰঘৰটো, মাৰলঘৰ সাজে উত্তৰা- দক্ষিণাকৈ, মজিয়া বা পাকঘৰ সাজে উত্তৰ দিশত।

(চ) সােনােৱাল কছাৰীসকলৰ মাজত প্ৰচলিত কিছুমান গীতৰ নাম লিখা।
উঃ সােনােৱাল কছাৰীসকলৰ মাজত প্রচলিত কিছুমান গীত হৈছে— হায়দাং গীত, হুঁচৰি গীত, আইনাম, ধাইনাম, লখিমীনাম, অপেশ্বৰী নাম, ফুলকোৱৰ-মণিকেঁৱৰৰ গীত, বিহুগীত, দাৱনী গীত আৰু মৰণামৰা গীত আদি।

Leave a Comment