ৰাভাসকল Class 10 Question Answer অসমীয়া বৈচিত্রময় অসম

শ্ৰেণী দশম
বিষয় অসমীয়া (বৈচিত্রময় অসম)
পাঠ ৰাভাসকল
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

ৰাভাসকল Class 10 Question Answer

ৰাভা সকল
পাঠভিত্তিক প্রশ্নোত্তৰ

১। ৰাভাসকলৰ আদি বাসভূমি ক’ত আছিল?
উঃ Linguistic Survey of India -গ্রন্থৰ মতে, ৰাভাসকলৰ আদি বাসভূমি আছিল গাৰাে পাহাৰ জিলাৰ ফুলবাৰীৰ পৰা দক্ষিণ কামৰূপৰ ৰাণীলৈকে, আৰু গাৰাে পাহাৰ আৰু খাচীয়া পাহাৰ জিলাৰ উত্তৰ সীমান্তৱর্তী কিছু অঞ্চল।

২। সামাজিক ফালৰ পৰা ৰাভাসকল কি কি শাখাত বিভক্ত?
উঃ সামাজিক ফালৰ পৰা ৰাভাসকল কেইবাটাও শাখাত বিভক্ত। এইবােৰ হৈছে – ৰংদানী, পাতি, দাহৰী, মায়তৰী, কোচ, বিতলিয়া, হানা, মদাহী আদি।

৩। ৰাভা সংস্কৃতিৰ প্ৰতীক কি?
উঃ ৰাভা সংস্কৃতিৰ প্রতীক হৈছে মানচালেংকা বা মাছৰােকা চৰাই।

৪। ৰাভাসকলৰ প্ৰধানদেৱতা কি?
উঃ ৰিছি বা মহাদেৱ হৈছে ৰাভাসকলৰ প্রধান দেৱতা।

৫। ৰাভাসকলৰ প্রধান পূজাটোৰ নাম কি?
উঃ ৰাভাসকলৰ প্ৰধান পূজাটোৰ নাম বায়খাে পূজা।

ৰাভাসকল Class 10 Question Answer

৬। চমুটোকা লিখা :

(ক) বিষ্ণুপ্ৰসাদ ৰাভা :
উঃ অসমৰ সাহিত্য-সমাজ জীৱনক নতুন মাত্রা দিয়া এগৰাকী ব্যক্তি হৈছে বিষ্ণুপ্রসাদ ৰাভা । ১৯০৯ চনত বর্তমান বাংলাদেশৰ অন্তৰ্গত ঢাকা মহানগৰীত বিষ্ণুৰাভাৰ জন্ম, হৈছিল। ঢাকাতে প্রাথমিক শিক্ষা গ্রহণ কৰা বিষ্ণুৰাভাই পাছলৈ অসমৰ তেজপুৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত জিলাৰ ভিতৰতে প্রথম হৈ ‘কুইন এমপ্ৰেছ’ পদক লাভ কৰে। চেন্টপল কলেজৰ পৰা প্রথম বিভাগত আই এছ চি উত্তীৰ্ণ হৈ ৰিপন কলেজত বি এছ চি পদার্থ বিজ্ঞানত নামভর্তি কৰে। কিন্তু সেই সময়ত দেশজুৰি প্রবল আন্দোলনৰ জোৱাৰ বলিছিল আৰু বিষ্ণুৰাভাও আন্দোলনত সক্রিয়ভাৱে লাগি পৰিছিল। ফলত ব্রিটিছ প্রশাসনৰ ৰােষত পৰিছিল তেওঁ। সেই কাৰণে শিক্ষাজীবন সম্পূর্ণ কৰাও তেওঁৰ পক্ষে সমস্যা হৈ পৰিছিল। কলেজ সলনি কৰিও তেওঁ স্নাতক সম্পূর্ণ কৰিব নােৱাৰিলে। স্কুল আৰু কলেজীয়া জীৱনত পঢ়াৰ লগতে ফুটবল খেলুৱৈ হিচাপেও বিষ্ণুৰাভা পৰিচিত আছিল। তদুপৰি তেওঁ হকী আৰু ক্রিকেটো খেলিছিল। সুকুমাৰ কলা যেনে গান, নাচ আৰু চিত্রবিদ্যাতত তেওঁ দক্ষ আছিল।

ব্রিটিছ প্রশাসনৰ চকুৰ পৰা হাত সাৰিবলৈ বিষ্ণুৰাভাই কলকাতাৰ ভিক্টেৰিয়া কলেজত নামভৰ্তি কৰিছিল আৰু সেই কালছােৱাতে তেওঁ ব্রিটিছ শাসনৰ বিৰুদ্ধে কবিতা লিখি আঁৰি দিছিল।বিল্পৱী সত্তাৰ লগতে কলকাতাত থকা কালছােৱাত তেওঁ বাহী আৰু আৱাহনত লিখি সাহিত্যিক দিশটোৰৰ বিকাশ কৰিছিল। ইপিনে, ৰাছিয়াৰ শিল্পী আনা পাভলভা, অসমৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ সান্নিধ্য লাভ কৰি বিষ্ণু ৰাভাৰ শিল্পী প্রাণো উজ্জীৱিত হৈ উঠিছিল আৰু সাংস্কৃতিক দিশততা সমৃদ্ধি লাভ কৰিছিল। ১৯৩৯ চনত কাশী বিশ্ববিদ্যালয়ৰ আমন্ত্রণ ক্রমে বিষ্ণুৰাভাই মহাদেৱৰ তাণ্ডৱ নৃত্য পৰিৱেশন কৰি ড° ৰাধাকৃষ্ণণৰাে ভূয়সী প্রশংসা লাভ কৰিছিল। ‘সােণপাহী’, ‘মিচিং কনেং’, ‘অসমীয়া কৃষ্টিৰ চমু আভাস’ আৰু অতীত অসম’ হৈছে বিষ্ণুৰাভা ৰচিত গ্রন্থাৱলী।

১৯৬৭ চনত বিপ্লৱী শিল্পীগৰাকী তেজপুৰ সমষ্টিৰ পৰা বিধায়ক নির্বাচিত হয়। তথাপি তেওঁ সাধাৰণ লােকৰ দৰে জীৱন নির্বাহ কৰিছিল। অৱহেলিত আৰু দলিত শ্ৰেণীৰ পক্ষে সংগ্রাম কৰা ৰাভাদেৱে যথেষ্ট দুখ কষ্টৰ জীৱন অতিবাহিত কৰিছিল। তথাপি নিজস্ব প্রতিভাৰে অসমক সমৃদ্ধ কৰাৰ লগতে নিজৰ সৃষ্টিৰ দ্বাৰা তেওঁ মানুহৰ হৃদয়ত ঘৰ সাজি থৈ গ’ল। জনসাধাৰণৰ মাজত তেওঁ কলাগুৰু’ নামেৰে বিখ্যাত। কবি,সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা বিষ্ণু ৰাভাৰ মৃত্যু হয়। ১৯৬৯ চনত।

(খ) ৰাজেন ৰাভা :
উঃ প্রথিতযশা সাহিত্যিক ৰাজেন ৰাভাৰ জন্ম হয় ১৯২০ চনত দুধনৈত। এখন দোকানত কাম কৰি নিজৰ পঢ়াৰ খৰচ উলিওৱা ৰাজেন ৰাভা অসমীয়াৰ স্নাতকোত্তৰ উত্তীর্ণ। ৰাভা আৰু সমাজ-সংস্কৃতিৰ তেওঁ এগৰাকী গৱেষকো। পাছলৈ তেওঁ শিক্ষকতাৰে কর্মজীৱন আৰম্ভ কৰে। সেই সময়তে ‘উদয়ন’নামৰ এখন তিনিমহীয়া আলােচনী উলিয়ায় তেওঁ ৷ তেওঁ যােৰহাটত এগৰাকী অধ্যক্ষৰ অধীনত এবছৰ কাল সংস্কৃত আৰু বাংলা ভাষা আয়ত্ত কৰে। পাছলৈ তেওঁ হিন্দী বিষয়ত বিশাৰদ ডিগ্রী লাভ কৰে। ড° মহেশ্বৰ নেওগৰ তত্ত্বাৱধানত তেওঁ ৰাভাসকলৰ ভাষা-সংস্কৃতিক লৈ The Rabhas: Their Language and Culture’ শীর্ষক গৱেষণাগ্রন্থৰ কাম কৰিছিল যদিও বিশ্ববিদ্যালয়ত জমা দিয়া নহ’ল। এইখনৰ উপৰি ‘The Rabhas: Their society and culture with special reference to non-sanskritized groups’ শীর্ষক গ্রন্থ দুখন অসমীয়া সাহিত্যৰ আপুৰুগীয়া সম্পদ।

এইগৰাকী ব্যক্তি অসম সাহিত্য সভাৰ বঙাইগাঁও অধিৱেশনৰ উপসভাপতি আৰু দুধনৈ অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি আছিল। অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰা ৰাভাই লাভ কৰিছিল ৰাষ্ট্ৰীয় শিক্ষকৰাে বঁটা।তদুপৰি তেওঁ লিখি থৈ গৈছে ৰাভা সাধু, ৰাভা জনজাতি’আদি গ্রন্থৰ উপৰি ৪০ টাৰাে অধিক প্রবন্ধ।

Relate Post: মণিপুৰী সকল Class 10

ৰাভাসকল Class 10 Question Answer

(গ) প্রসন্ন পামঃ
উঃ ৰাভা সংস্কৃতিৰ সাধক প্রসন্ন পামে ১৯৩২ চনত গােৱালপাৰা জিলাৰ লাতাপাৰ গাঁৱত জন্ম গ্রহণ কৰিছিল। ৰাভা কৃষ্টিৰ মাজতে ডাঙৰ-দীঘল হােৱা পামে সৰুৰে পৰা আনুষ্ঠানিক শিক্ষাত কৈ বেছি চৰ্চা কৰিছিল সাংস্কৃতিক ক্ষেত্ৰতহে। তেওঁ নিজে বহু গীত ৰচনা কৰাৰ লগতে সুৰােকৰিছিল। তেওঁৰ ৰচনা আৰু সুৰাৰােপিত গীতসমূহ এতিয়াও জনপ্রিয়। তেওঁ নিজেও অনাতাঁৰ শিল্পীৰূপেও সুখ্যাতি লাভ কৰিছিল। কেইবাখনাে নাটকো তেওঁ লিখি থৈ গৈছে যিবােৰ অপ্রকাশিত। অৱশ্যে তেওঁৰ কেইবাখনাে নাটকো তেওঁ লিখি থৈ গৈছে যিবােৰ অপ্রকাশিত। অৱশ্যে তেওঁৰ প্রকাশিত নাট ‘দদান বীৰ’ জনপ্রিয় নাট। আজীৱন ৰাভা কৃষ্টি-সংস্কৃতিৰ চৰ্চা আৰু সাধনাত নিমজ্জিত এইগৰাকী ৰূপকাৰৰ ১৯৭৮ চনত মৃত্যু হয়।

(ঘ) বীৰুবালা ৰাভা
উঃ বীৰুবালা ৰাভা এগৰাকী সংগ্রামী নেত্রী। তেওঁ নিজ কর্মৰ স্বীকৃতিস্বৰূপে ২০০৫ চনত লাভ কৰে IBN18 Network আৰু ৰিলায়েন্স গ্রুপে আগবঢ়োৱা Real Hero সন্মান। ২০১১ চনত তেওঁলৈ আগবঢ়োৱা হয় ‘সমাজপ্রাণ’ বঁটা আৰু ‘উর্মিলা দাস মেমােৰিয়েল বঁটা’। ২০১২ চনত তেওঁলৈ ডিব্ৰুগড় মহিলা ক্লাবে আগবঢ়ায় ‘জয়মতীবঁটা’। ২০১৩ চনত কোকৰাঝাৰৰ ইংখং বেলফেয়াৰ ছ’ছাইটিৰ দ্বাৰা বীৰুৱালা ৰাভা সন্মানিত হয় ‘মেন অৱ ইয়েৰ’ বঁটাৰে। ২০১৪ চনত শিৱসাগৰ সােণাৰী টাই আহােম যুৱ পৰিষদৰ দ্বাৰা বীৰাংগনা মূলাগাভৰু বঁটাৰে তেওঁক সন্মানিত কৰা হয়। ২০১৫ চনত তেওঁক ডক্টৰেট ডিগ্রী প্রদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ে। কেইবাখনাে নাটকো তেওঁ লিখি থৈ গৈছে যিবােৰ অপ্রকাশিত। অৱশ্যে তেওঁৰ প্রকাশিত নাট ‘দদান বীৰ’ জনপ্রিয় নাট।
আজীৱন ৰাভা কৃষ্টি-সংস্কৃতিৰ চৰ্চা আৰু সাধনাত নিমজ্জিত এইগৰাকী ৰূপকাৰৰ ১৯৭৮ চনত মৃত্যু হয়।

(ঘ) বীৰুবালা ৰাভা
উঃ বীৰুবালা ৰাভা এগৰাকী সংগ্রামী নেত্রী। তেওঁ নিজ কর্মৰ স্বীকৃতিস্বৰূপে ২০০৫ চনত লাভ কৰে IBN18 Network আৰু ৰিলায়েন্স গ্রুপে আগবঢ়োৱা Real Hero সন্মান। ২০১১ চনত তেওঁলৈ আগবঢ়োৱা হয় ‘সমাজপ্রাণ’ বঁটা আৰু ‘উর্মিলা দাস মেমােৰিয়েল বঁটা’। ২০১২ চনত তেওঁলৈ ডিব্ৰুগড় মহিলা ক্লাবে আগবঢ়ায় ‘জয়মতীবঁটা’। ২০১৩ চনত কোকৰাঝাৰৰ ইংখং বেলফেয়াৰ ছ’ছাইটিৰ দ্বাৰা বীৰুৱালা ৰাভা সন্মানিত হয় ‘মেন অৱ ইয়েৰ’ বঁটাৰে। ২০১৪ চনত শিৱসাগৰ সােণাৰী টাই আহােম যুৱ পৰিষদৰ দ্বাৰা বীৰাংগনা মূলাগাভৰু বঁটাৰে তেওঁক সন্মানিত কৰা হয়। ২০১৫ চনত তেওঁক ডক্টৰেট ডিগ্রী প্রদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ে।

ৰাভাসকল Class 10 Question Answer

অতিৰিক্ত প্রশ্নোত্তৰ
১। অতি চমু প্রশ্নোত্তৰ

(ক) ৰাভাসকল কোনটো জনগােষ্ঠীৰ অন্তৰ্গত ?
উঃ ৰাভাসকল মংগােলীয় জনগােষ্ঠীৰ অন্তৰ্গত।

(খ) ৰাভা, ইংৰাজী আৰু অসমীয়া ভাষাত পূর্ণাংঘৰূপে প্রকাশিত প্রশাসনীয় পৰিভাষাখনৰ নাম কি?
উঃ ৰাভা, ইংৰাজী আৰু অসমীয়া ভাষাত পূর্ণাংগৰূপে প্রকাশিত প্রশাসনীয় পৰিভাষাখনৰ নাম “ছামলায়ছিনি ৰাওছামি”।

(গ) ইতিহাস বা বুৰঞ্জীৰ মতে কাৰ দ্বাৰা বায়খাে পূজাৰ আৰম্ভণি হৈছিল?
উঃ ইতিহাস বা বুৰঞ্জীৰ মতে ৰজাবীৰ দদানৰ দ্বাৰা বায়খাে পূজাৰ আৰম্ভণি হৈছিল।

(ঘ) বিষ্ণু ৰাভাৰ ক’ত আৰু কেতিয়া জন্ম হৈছিল ?
উঃ বিষ্ণু ৰাভাৰ ১৯০৯ চনত বর্তমান বাংলাদেশ ঢাকা চহৰত জন্ম হৈছিল।

(ঙ) বিষ্ণু ৰাভাৰ পিতৃৰ নাম কি আছিল?
উঃ বিষ্ণু ৰাভাৰ পিতৃৰ নাম আছিল গােপাল চন্দ্র ৰাভা।

ৰাভা সকল Class 10

2। চমু প্রশ্নোত্তৰ :

(ক) ৰাভা ভাষাৰ বিকাশ সম্পর্কে চমুকৈ লিখা।
উঃ ৰাভা জাতিৰ নিজস্ব ভাষা বা দোৱান আছে যি ব্যাকৰণসন্মত। ‘চাম্পায়’ আৰু ‘প্ৰাক্‌- চাম্পায়’ৰ সময়ক ৰাভা ভাষা বিকাশৰ সােণালী যুগ বুলি কোৱা হয়।
সময়ৰ সোঁতত গৱেষণা আৰু চর্চা নােহােৱাৰ বাবে ৰাভা ভাষা পাহৰণিৰ গৰ্ভত লুপ্ত হােৱাৰ উপক্ৰম হৈছিল যদিও পুনৰুদ্ধাৰ আৰু সংৰক্ষণৰ পদক্ষেপে ভাষাটোক ঠন ধৰি উঠাত সহায় কৰিছে। ‘চাম্পায়’ আলােচনীৰ দ্বাৰা জীৱন্ত হৈ উঠা ৰাভা ভাষাত চিঙি খুৰাং নামৰ পষেকীয়া বাতৰি কাকতাে প্রকাশ পাইছিল। দুখন অভিধানাে এই ভাষাত আছে। ‘ছামলায়াছিনি ৰাওছামি’ নামৰ ত্ৰিভাষিক পূর্ণাংগ প্ৰশাসনীয় পৰিভাষা এখনাে পােৱা যায়।পৰিচয়ৰ পৰা স্নাতকোত্তৰ পর্যায়লৈকে নিখিল ৰাভা সাহিত্য সভাৰ উদ্যোগত ৰাভা ভাষাৰ ডিপ্লমা কোর্চৰ বাবে পাঠ্যপুথিও যুগুত কৰা হৈছে। ৰাভা ভাষাত গাণিতিক সংখ্যাও পৰিপূৰ্ণভাৱে আছে।

(খ) ৰাভাসকলৰ সমাজ ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা।
উঃ আগেয়ে ৰাভাসকলৰ সমাজ ব্যৱস্থা মাতৃপ্রধান আছিল। সেয়ে সন্তানাে মাকৰ ‘বাৰায়’ বা গােত্ৰত অন্তর্ভুক্ত হােৱাৰ নিয়ম। মাতৃৰ ফালৰ পৰা জন্ম হােৱা বাৰায়বােৰক ‘মাহাৰী বুলি কোৱা হয়। মাহাৰী সূত্রে নিকটস্থ মাহাৰীয়ে সম্পত্তিৰ উত্তৰাধিকাৰী হিচাপে দাবী কৰিব পাৰে। কিন্তু সেই দাবী পুৰুষে কৰিব নােৱাৰে, কেৱল মহিলাৰহে সেই অধিকাৰ থাকে মাতৃপ্রধান সমাজ হিচাপে। বর্তমান সময়ত অৱশ্যে ৰাভা সমাজো পিতৃপ্রধান সমাজলৈ ৰূপান্তৰ হােৱা দেখা যায়। সামাজিক একতা ৰক্ষা কৰি চলা ৰাভা জাতিৰ পুৰুষ-মহিলাই বন্যজন্তু বা মৎস্য চিকাৰ একেলগে কৰে। গাঁৱৰ পূজা-পাতল, বিবাহ, শ্রাদ্ধ আদি সমূহীয়া অনুষ্ঠানত সমানে ভাগ লয় । আনকি খেতি-বাতিও সমানে লগ হৈ কৰে।

(গ) ৰাভাসকলৰ উৎসৱ-পাৰ্বণ তথা পূজা-অর্চনাৰ বিষয়ে চমুকৈ লিখা।
উঃ ৰজা বীৰ দদানে বায়খাে’ পূজা কৰাৰ কথা ৰাভাসকলৰ ইতিহাসে কয়, তাৰ পাছৰ পৰাই পৰম্পৰাগতভাৱে ৰাভাসকলে বায়খাে পূজা পালন কৰি আহিছে। ৰিছি বা মহাদেৱ তেওঁলােকৰ প্ৰধান দেৱতা। বায়-খখাচি নামৰ দুই বাই-ভনী দেৱীৰ পৰা কালক্ৰমত বায়খাে আৰু খােকছি দেৱীৰ পূজা কৰাৰ কথা আখ্যানত প্রচলিত হৈ আহিছে। তদুপৰি লাভা দেৱতা আৰু অইন ভিন ভিন দেৱ-দেৱীৰ পূজাও ৰাভাসকলে কৰি আহিছে। মূলতঃ জড় উপাসক ৰাভাসকলে শিল, গছ-গছনিক পূজা কৰি গাহৰি, কুকুৰা, পাৰ আদি উছৰ্গা কৰা দেখা যায়।

(ঘ) বিষ্ণু ৰাভাৰ দ্বাৰা ৰচিত কেইখনমান উৎকৃষ্ট গ্রন্থৰ নাম উল্লেখ কৰা।
উঃ বিষ্ণু ৰাভাৰ দ্বাৰা ৰচিত কেইখনমান উৎকৃষ্ট গ্রন্থৰ নাম হৈছে – ‘সােণপাহী’, ‘মিচিং কনেং’, ‘অসমীয়া কৃষ্টিৰ চমু আভাস’ আৰু ‘অতীত অসম’ ।

(ঙ) বীৰবালা ৰাভা কোন? তেওঁ বৰ্তমানলৈ কি কি বটা তথা সন্মান লাভ কৰিছে?
উঃ বীৰুবালা ৰাভা এগৰাকী সংগ্রামী নেত্রী। তেওঁ নিজ কর্মৰ স্বীকৃতিস্বৰূপে ২০০৫ চনত লাভ কৰে IBN18 Network আৰু ৰিলায়েন্স গ্রুপে আগবঢ়োৱা Real Hero সন্মান। ২০১১ চনত তেওঁলৈ আগবঢ়োৱা হয় ‘সমাজপ্রাণ’ বটা আৰু ‘উর্মিলা দাস মেমােৰিয়েল’ বঁটা। ২০১২ চনত তেওঁলৈ ডিব্ৰুগড় মহিলা ক্লাবে আগবঢ়ায় ‘জয়মতী’ বঁটা। ২০১৩ চনত কোকৰাঝাৰৰ ইংখং ৱেলফেয়াৰ ছ’ছাইটিৰ দ্বাৰা বীৰুবালা ৰাভা সন্মানিত হয় ‘মেন অৱ দ্য ইয়াৰ’ বঁটাৰে। ২০১৪ চনত শিৱসাগৰ সােণাৰী টাই আহােম যুৱ পৰিষদৰ দ্বাৰা বীৰাংগনা মূলাগাভৰু বঁটাৰে তেওঁক সন্মানিত কৰা হয়। ২০১৫ চনত তেওঁক ডক্টৰেট ডিগ্রী প্রদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ে।

Leave a Comment