নেপালীভাষী গোর্খাসকল – বৈচিত্র্যময় অসম দশম শ্ৰেণী

শ্ৰেণী দশম
বিষয় অসমীয়া
পাঠ নেপালীভাষী গোর্খাসকল
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

নেপালীভাষী গোর্খাসকল Class 10

পাঠভিত্তিক প্রশ্নোত্তৰ
১। নেপালী বা গোর্খা জনগােষ্ঠীৰ লােকসকল কি কি নৃগােষ্ঠী লােকৰ সংমিশ্রণ?
উঃ নেপালী বা গোর্খাসকল আর্য-মংগােলীয়-কিৰাত নৃ-গােষ্ঠীৰ সংমিশ্রণ।

২। “লাল মােহৰীয়া পাণ্ডা” বুলি কলে কি বুজা যায়?
উঃ প্রাচীন ধর্মগ্রন্থ অনুসৰি কামাখ্যা মন্দিৰৰ নির্মাতা তথা প্রাগজ্যোতিষপুৰৰ ৰজা নৰক বা নৰকাসুৰে কামাখ্যা মন্দিৰত পূজা-অর্চনা কৰাবলৈ নেপালৰ পৰা পূজাৰী আমন্ত্রণ কৰি আনিছিল। পিছলৈ এই পূজাৰীয়ে কামাখ্যা মন্দিৰত “লাল মােহৰীয়া পাণ্ডা” নামেৰে জনাজাত হৈ পৰিছিল।

৩। অসম প্রদেশ কংগ্ৰেছ কমিটীৰ প্ৰথম সভাপতি গৰাকীৰ নাম লিখা?
উঃ অসম প্রদেশ কংগ্ৰেছ কমিটীৰ প্রথম সভাপতি জনৰ নাম ছবিলাল উপাধ্যায়।

৪। “ট্রাইবেল বেল্ট এণ্ড ব্লক”ত নেপালীভাষী লােকসকলে কেতিয়া সংৰক্ষিত শ্ৰেণীৰ মর্যাদা পাইছিল?
উঃ ১৯৪৭ চনত মুখ্যমন্ত্রী গােপীনাথ বৰদলৈৰ শাসনকালত “ট্রাইবেল বেল্ট এণ্ড ব্লক” গঠন কৰা হৈছিল, এই সময়তে অন্যান্য জাতিসমূহৰ দৰে নেপালীভাষী
লােকসকলেও সংৰক্ষিত শ্ৰেণীৰ মর্যাদা লাভ কৰিছিল।

৫। ৰতিকান্ত উপাধ্যায় কোন আছিল আৰু তেওঁ ক’ত ক’ত সত্র স্থাপন কৰিছিল?
উঃ ৰতিকান্ত উপাধ্যায় মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱৰ এজন শিষ্য আঁছিল। তেওঁ বর্তমান টিয়ক আৰু নগাঁৱত “নেপালী সত্ৰ” স্থাপন কৰিছিল।

৬। গােখা সম্প্রদায়ৰ লােকসকলে পালন কৰা মুখ্য উৎসৱসমূহ কি কি?
উঃ গােখা সম্প্রদায়ৰ লােকসকলে পালন কৰা মুখ্য উৎসৱসমূহ হৈছে—মহিলাসকলে পালন কৰা তীজ’ উৎসৱ, পাৰিবাৰিক সম্বন্ধ শক্তিশালী তথা গভীৰ কৰি তােলার্থে পালন কৰা বড়া দশৈ’ উৎসৱ, ভাতৃ-ভগ্নীৰ মাজৰ মৰম গভীৰ কৰিবলৈ পালন কৰা ‘তিহাৰ’ উৎসৱ আদি।

৭। “জম্বুদ্বীপে, আর্যাবর্তে, ভাৰতবর্ষে, অসম প্রান্তে” বােলা কথাষাৰৰ তাৎপর্য কি?
উঃ অসমত বাস কৰা নেপালী সম্প্রদায়ৰ লােকসকলে যেতিয়া বছৰেকীয়া পিতৃশ্রাদ্ধ কৰাৰ সময়ত পিণ্ড দান কৰে, সেই সময়ত মন্ত্ৰৰ সৈতে নিজৰ প্রকৃত ঠিকনা উল্লেখ কৰোঁতে “জম্বুদ্বীপে, আর্যাৱর্তে, ভাৰতবর্ষে, অসমপ্রান্তে” বােলা কথাষাৰ উচ্চাৰণ
কৰে। উক্ত কথাষাৰৰ তাৎপর্য হ’ল যে প্রায় পাঁচ হাজাৰ বছৰ পূর্বে নেপাল তথা অসমৰ সমস্ত ভূ-খণ্ডক একেলগে জম্বুদ্বীপ বা আর্যৱর্ত নামেৰে জনা গৈছিল, সেয়েহে তেওঁলােকে নিজৰ পূৰ্বপুৰুষৰ ঠিকনা প্রাচীন জম্বুদ্বীপ বা আর্যৱর্ত হিচাপে বিশ্বাস
কৰি এই কথাষাৰ উল্লেখ কৰে।

৮। সুগৌলী সন্ধি কেতিয়া হৈছিল আৰু এই সন্ধিমতে কোনখন দেশৰ ভূ-ভাগ আৰু জনসমষ্টি ভাৰতত অন্তর্ভুক্ত হৈছিল?
উঃ  ১৮১৫-১৬ বৰ্ষত ব্রিটিছ আৰু নেপালৰ মাজত সুগৌলী সন্ধি সম্পাদিত হৈছিল। এই সন্ধিৰ চৰ্ত অনুসৰি নেপালৰ উত্তৰ দিশৰ বহু অংশৰ লগতে তাৰ নাগৰিকসকলক ভাৰতত অন্তর্ভুক্ত কৰা হৈছিল।

নেপালীভাষী গোর্খাসকল

৯। চমুটোকা লিখাঃ

(ক) ছবিলাল উপাধ্যায়
উঃ বর্তমান বিশ্বনাথ জিলাৰ বুঢ়ীগাৱত ১৮৮২ চনত জন্ম হৈছিল ছবিলাল উপাধ্যায়। মাধ্যমিক পর্যায়লৈকেহে তেওঁ শিক্ষাগ্রহণ কৰিছিল। পিছে অনানুষ্ঠানিকভাৱে লাভ কৰা শিক্ষাই তেওঁৰ জীৱনক নতুন গতি দিছিল। বৰেণ্য কেইবাগৰাকীও ব্যক্তিৰ সান্নিধ্যত তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত নামে। সেইসময়তে ব্রিটিছ চৰকাৰে কাজিৰঙাৰ সমীপৱৰ্তী এলেকাত থকা গােখা আৰু মিচিং লােকৰ গৰু-ম’হৰ খুঁটি উচ্ছেদৰ প্রস্তুতি চলাইছিল। ১৯১৯ চনত অসম এছোচিয়েছনৰ সভাত ব্রিটিছ চৰকাৰৰ সেই উচ্ছেদৰ বিৰুদ্ধে উপাধ্যায়ে দিয়া প্রস্তাৱটো গৃহীত হােৱাৰ ফলত উচ্ছেদকার্য সংঘটিত নহ’ল।

ছবিলাল উপাধ্যায় আছিল অসম প্রদেশ কংগ্ৰেছ কমিটি প্রথম সভাপতি। কংগ্ৰেছত যােগদানৰ দোষত তেওঁক ব্রিটিছ চৰকাৰে গ্রেপ্তাৰাে কৰিছিল। পাছলৈ চৰকাৰে তেওঁক নানা লােভনীয় পদবীৰ চাকৰি যাচিছিল যদিও সকলাে প্রত্যাখ্যান কৰি তেওঁ স্বেচ্ছাসেৱকৰূপে আন্দোলনত জঁপিয়াই পৰে আনকি ছমাহ কাৰাবাসাে খাটিলে। গান্ধীজীয়ে আহ্বান জনােৱা বিদেশী বস্তুবর্জন কার্যসূচীত সহযােগ কৰিবলৈ তেওঁ প্রথমে নিজৰ ঘৰৰ বিদেশী বস্তু জ্বলায়। পাছলৈ অসমক ‘চি’ গ্রুপৰ অন্তর্ভুক্ত কৰা সিদ্ধান্ত প্রচণ্ড বিৰােধিতা কৰি ৩০ হাজাৰ নেপালীভাষী লােকক সমবেত কৰি শক্তি প্রদর্শন কৰে।

(খ) হৰিপ্ৰসাদ গোর্খা ৰাই
উঃ আৱাহন যুগৰ বিশিষ্ট লেখক সকলৰ মাজৰ এগৰাকী হৈছে হৰিপ্ৰসাদ গোর্খা ৰাই। ১৯১৫ চনত নগালেণ্ডৰ ৰাজধানী ক’হিমাত তেওঁ জন্মগ্রহণ কৰে। পদ্মনাথ গােহাঞিবৰুৱাৰ সংস্পৰ্শত থাকি হৰিপ্ৰসাদ ৰাইয়ে সাহিত্য জগতত প্রথম খােজ পেলাইছিল। অসম সাহিত্য সভাৰ কোহিমা শাখা গঠনত তেওঁ নেতৃত্ব লয়। অসমীয়া ভাষা-সাহিত্যৰ চৰ্চাত মনােনিৱেশ কৰা আৰু নেপালীভাষী হৈও অসমীয়া মাধ্যমত শিক্ষা লাভ কৰা ৰাইয়ে অসমীয়া-নেপালী দুয়ােটা ভাষাতে লিখিছিল। জাতীয় চেতনা জাগ্রতকাৰী আৰু ৰাজনৈতিক প্রবন্ধ তেওঁ বহুতাে লিখিছিল। ৰাইয়ে লিখা গল্পবােৰত পাহাৰৰ জনজাতীয়-অজনজাতীয় জনজীৱনৰ সম্প্ৰীতিৰ ৰূপৰেখা অংকিত থকা পৰিলক্ষিত হয়। ৰাইয়ে অভিধান ৰচনা কার্যতাে ব্ৰতী হৈছিল। তেওঁ ৰচনা কৰা অভিধানসমূহ ক্রমে- ‘মিকিৰ শব্দকোষ’, ‘পুমেইতাঙখুল শব্দকোষ’, ‘মাৰাম শব্দকোষ’, মেইৰিঙ শব্দকোষ’, ‘অসমীয়া শব্দকোষ’,নেপালী শব্দকোষ। নেপালী ভাষাত লিখা পুথিসমূহ হ’ল -বাবৰী’, ‘মনচৰিকো বােলী আৰু য়হা বদনাম হুঞ্চ’ইত্যাদি।

(গ) দলবীৰ সিং লােহাৰ
উঃ দলবীৰ সিং লােহাৰ হৈছে সমাজসেৱক আৰু ৰাজনীতিক। ডিব্ৰুগড়ৰ খলিহামাৰীত ১৯১৫ চনত তেওঁৰ জন্ম হয়। ভাৰতৰ স্বাধীনতা আন্দোলনৰ স্বেচ্ছাসেৱক বাহিনীত তেওঁ মাত্র ১৫ বছৰতে যােগ দিয়ে। স্বেচ্ছাসেৱক হিচাপে কানিংহাম চাকুলাৰৰ বিৰােধিতা কৰি তেওঁ তিনি মাহ কাৰাবাসততা আছিল। পাছলৈও ভিন ভিন সময়ত বিভিন্ন কার্যসূচীত অংশগ্রহণ কৰি তেওঁ কাৰাবাস খাটিবলগীয়া হৈছিল। গান্ধীজীৰ বিভিন্ন কার্যসূচীৰ ভিতৰত অস্পৃশ্যতা দূৰীকৰণ আৰু সেৱাদল গঠনত তেওঁৰ অংশগ্রহণ আছিল সক্রিয়। শ্রমিক আন্দোলনৰাে তেওঁ নেতা আছিল। দ্বিতীয় বিশ্বযুদ্ধত ভাৰতক জড়িত কৰাটোৰ বিৰােধিতা কৰি তেওঁ ঘৰৰ পৰা বিতাড়িতও হৈছিল। শ্রমিক আৰু পিছপৰা শ্ৰেণীৰ প্রতিনিধি হিচাপে লােহাৰে ১৯৪৬ চনত বিধানসভালৈ নির্বাচিত হৈছিল আৰু তেৱেঁই আছিল নেপালীভাষী অসমৰ প্রথম বিধায়ক। এইগৰাকী সমাজসেৱক তথা ৰাজনীতিকৰ ১৯৬৯ চনত মৃত্যু ঘটে।

নেপালীভাষী গোর্খাসকল অতিৰিক্ত প্রশ্নোত্তৰ

১। অতি চমু প্রশ্নোত্তৰঃ

(ক) বর্তমান সময়ত ভাৰতৰ নেপালীভাষী লােকসকলক কি নামেৰে জনা যায়?
উঃ বর্তমান সময়ত ভাৰতৰ নেপালীভাষী লোেকসকলক গোর্খা নামেৰে জনা যায়।

(খ) অধিকাংশ নেপালী লােকৰ কোনটো জাতিৰ পৰা উৎপত্তি হােৱা বুলি বহুতাে পণ্ডিতে বিশ্বাস কৰে?
উঃ খচ জাতিৰ পৰা অধিকাংশ নেপালী লােকৰ উৎপত্তি হােৱা বুলি বহুতাে পণ্ডিতে বিশ্বাস কৰে।

(গ) “ৰাজতৰংগিণী” গ্রন্থখনৰ ৰচক কোন?
উঃ “ৰাজতৰংগিণী” গ্রন্থখনৰ ৰচক কলহন।

(ঘ) “ভাৰতীয় ইতিহাস কী মীমাংসা” গ্রন্থখনৰ ৰচক কোন?
উঃ “ভাৰতীয় ইতিহাস কী মীমাংসা” গ্রন্থখনৰ ৰচক জয়চন্দ্র বিদ্যালংকাৰ।

(ঙ) কিমান চনত “ট্রাইবেল বেল্ট আৰু ব্লক” গঠন হৈছিল ?
উঃ ১৯৪৭ চনত “ট্রাইবেল বেল্ট আৰু ব্লক” গঠন হৈছিল।

(চ) সুগৌলী সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল ?
উঃ ব্রিটিছ আৰু নেপালৰ মাজত সুগৌলী সন্ধি স্বাক্ষৰিত হৈছিল।

(ছ) লালমােহৰীয়া পাণ্ডাক কোনে কামাখ্যা মন্দিৰলৈ পূজা কৰাৰ বাবে আমন্ত্রণ কৰি আনিছিল ?
উঃ লালমােহৰীয়া পাণ্ডাক প্রাগজ্যোতিষপুৰৰ ৰজা তথা কামাখ্যা মন্দিৰৰ নির্মাতা নৰক বা নৰকাসুৰে আমন্ত্রণ কৰি আনিছিল।

(জ) কোন চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল ?
উঃ ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল।

(ঝ) প্রাচীন ধর্মগ্রন্থৰ অনুসৰি নৰক বা নৰকাসুৰৰ ক’ত জন্ম হৈছিল ?
উঃ প্রাচীন ধর্মগ্রন্থৰ অনুসৰি নৰক বানৰকাসুৰৰ নেপালৰ চুনচাৰী জিলাৰ বৰাহ ক্ষেত্ৰত জন্ম হৈছিল।

(ঞ) বৰ্তমানৰ টিয়ক আৰু নগাঁৱত কোনে নেপালী সত্র স্থাপন কৰিছিল?
উঃ বৰ্তমানৰ টিয়ক আৰু নগাঁৱত শ্ৰীমন্ত শংকৰদেৱৰ নেপালী শিষ্য ৰতিকান্ত উপাধ্যায়ে নেপালী সত্ৰ স্থাপন কৰিছিল।

নেপালীভাষী গোর্খাসকল Class 10

২। চমু প্রশ্নোত্তৰঃ

(ক) খচ’ জাতি সম্পর্কে কোন কোন গ্রন্থত তথ্য পােৱা যায় ?
উঃ ‘খচ’ জাতি সম্পর্কে পণ্ডিত কলহনৰ ৰাজতৰংগিনী’আৰু জয়চন্দ্র বিদ্যালংকাৰৰ ‘ভাৰতীয় ইতিহাস মীমাংশা’ গ্রন্থত তথ্য পােৱা যায়।

(খ) কোন কোন অঞ্চলক প্রাচীন কালত একেলগে জম্বুদ্বীপ’ বা ‘আর্যবর্ত’ নামেৰে জনা গৈছিল?
উঃ নেপাল আৰু অসমক প্রাচীন কালত একেলগে জম্বুদ্বীপ’ বা ‘আর্যাৱর্ত’ নামেৰে জনা গৈছিল।

(গ) গােখা ৰেজিমেন্ট কেতিয়া গঠন কৰা হৈছিল আৰু গােখা সৈনিকসকলক কিয় অসমলৈ অনা হৈছিল ?
উঃ ১৮১৫-১৬ চনত গােখা ৰেজিমেন্ট গঠন কৰা হৈছিল আৰুমান সেনাক খেদিবলৈ অসমলৈ অনা হৈছিল।

(ঘ) স্বাধীনতা সংগ্ৰামত নেতৃত্ব বহন কৰা নেপালী নেতাসকল কোন কোন আছিল?
উঃ স্বাধীনতা সংগ্ৰামত নেতৃত্ব বহন কৰা নেপালী নেতাসকল হৈছে—ছবিলাল উপাধ্যায়, দলবীৰ সিং লােহাৰ, বিষ্ণুলাল উপাধ্যায়, ভক্ত বাহাদুৰ প্রধান, প্রসাদ সিং চুব্বা।

 

নেপালী বা গোর্খা জনগােষ্ঠীৰ লােকসকল কি কি নৃগােষ্ঠী লােকৰ সংমিশ্রণ?

উঃ নেপালী বা গোর্খাসকল আর্য-মংগােলীয়-কিৰাত নৃ-গােষ্ঠীৰ সংমিশ্রণ।

গােখা সম্প্রদায়ৰ লােকসকলে পালন কৰা মুখ্য উৎসৱসমূহ কি কি?

উঃ গােখা সম্প্রদায়ৰ লােকসকলে পালন কৰা মুখ্য উৎসৱসমূহ হৈছে—মহিলাসকলে পালন কৰা তীজ’ উৎসৱ, পাৰিবাৰিক সম্বন্ধ শক্তিশালী তথা গভীৰ কৰি তােলার্থে পালন কৰা বড়া দশৈ’ উৎসৱ, ভাতৃ-ভগ্নীৰ মাজৰ মৰম গভীৰ কৰিবলৈ পালন কৰা ‘তিহাৰ’ উৎসৱ আদি।

Leave a Comment