নাথযোগী সকল Class 10 – অসমীয়া বৈচিত্রময় অসম

শ্ৰেণী দশম
বিষয় অসমীয়া (বৈচিত্রময় অসম)
পাঠ নাথযােগীসকল
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

নাথযোগী সকল Class 10

নাথযােগীসকল
পাঠভিত্তিক প্রশ্নোত্তৰ

১। অসমৰ নাথযােগীসকলৰ উৎপত্তি সম্পর্কে লিখা।
উঃ ভাৰতবৰ্ষৰ প্রাচীনতম জনগােষ্ঠীসমূহৰ ভিতৰত এটা হৈছে নাথ বা যােগী সম্প্রদায়। ভাৰতৰ বিভিন্ন ৰাজ্যত আর্য সভ্যতাৰাে বহু আগৰে পৰাই বাস কৰি অহা এই সম্প্রদায়টোৰ পালিত ধর্ম হৈছে শৈৱ বা ব্রাত্য। যােগ সাধন হৈছে শৈৱ ধৰ্মৰ মূল দর্শন আৰু এই যােগৰ পৰাই হৈছিল যােগীসকলৰ উৎপত্তি। ভগৱান শিৱকেই প্রথমগৰাকী নাথ বুলি নাথযােগীসকলে বিশ্বাস কৰে আৰু সম্প্রদায়টো গুৰু-শিষ্য পৰম্পৰাতাে বিশ্বাসী।

প্রাচীন কালৰে পৰাই অসমতাে নাথযােগীসকলে বসবাস কৰি আহিছে। অসমৰ বিভিন্ন জিলাৰ নাথযােগীসকল বাসিন্দা। আনকি গুৱাহাটীৰ এসময়ত নাম আছিল যােগীহাটী,এইকথা লিপিবদ্ধ আছে গুৱাহাটীৰ আমবাৰীত উদ্ধাৰ হােৱা শিলালিপিত। গৱেষণা আৰু ইতিহাসবিদ মতে নাথযােগী মহিলাসকলে এটা সময়ত শাসন কৰিছিল নগাঁৱৰ ওচৰৰ কদলী নামৰ এখন সৰু ৰাজ্যত। নাথযােগী সম্প্রদায়ৰ সিদ্ধ পুৰুষসকলে বর্তমান হােজাই জিলাৰ যােগীজান, তেজপুৰৰ সমীপৰ সূর্যপাহাৰৰ শিৱলিঙ্গ, যােগীঘােপাৰ পাহাৰৰ গুহাসমূহত যােগ সাধনা কৰাৰ উল্লেখ বহু গ্রন্থত আছে। অর্থাৎ অসমৰ নাথযােগীসকলৰ ইতিহাস বহু প্রাচীন।

২। নাথযােগীসকলৰ সাহিত্য আৰু ধৰ্মৰ বিষয়ে লিখা।
উঃ জনগােষ্ঠীয় প্রাচীনতম ইতিহাসৰ দৰেই নাথযােগীসকল নিজস্ব প্রাচীন সাহিত্যৰেও সমৃদ্ধ। অসমীয়া ভাষাৰ প্রাচীনতম নিদর্শন চর্যাপদসমূহৰ ৰচক হৈছে নাথ সিদ্ধাচার্যসকল। তন্ত্র মন্ত্র, যােগ, আধ্যাত্মিক দর্শন, আয়ুর্বেদ, জ্যোতিষ, ৰসায়ন আদি বিভিন্ন বিষয়ৰ সাহিত্যও ৰচনা কৰিছিল নাথযােগীসকলে। দৰং জিলাত প্রচলিত সুকানি ওজাপালি দেওধনী নৃত্য আৰু চিয়া গীতসমূহৰ ৰচকো এই জনগােষ্ঠীৰে অন্তর্গত লােক। স্বাম স্বাত্মাৰাম যােগীৰ ‘হঠযােগ প্রদীপিকা’ হৈছে বিশ্বজুৰি সমাদৃত। যােগসাধন মার্গৰ বিষয়ে ৰচিত গ্রন্থ।

নাথযােগী সম্প্রদায়ে পালন কৰা ধর্মটো হৈছে শৈৱ বা ব্রাত্য। গুৰু শিষ্য পৰম্পৰাত বিশ্বাসী এই সম্প্রদায়টো গৃহস্থী আৰু সন্যাসী এই দুটা ভাগত বিভক্ত। সন্যাসী যােগীসকল হৈছে নাথ ধৰ্মৰ প্ৰচাৰক। নাথ ধৰ্মৰ প্ৰধান গুৰু দুগৰাকী হৈছে মহাযােগী মৎস্যেন্দ্রনাথ আৰু গুৰু গােক্ষনাথ। কামৰূপৰ লােক আছিল মৎস্যেন্দ্রনাথ আৰু তেওঁ কামাখ্যা মন্দিৰত তন্ত্ৰ আৰু যোগ সাধনা কৰিছিল। আকৌ হােজাই, তেজপুৰ আৰু যােগীঘােপাৰ অঞ্চলবিশেষে নাথযােগীসকলৰ বহুতে যােগ সাধনা কৰিছিল বুলি জনা যায়। সাম্প্রতিক সময়ত বহু পৰিমাণৰ লােকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰচাৰিত ধৰ্মক আঁকোৱালি লােৱা দেখা যায়।

নাথযোগীসকল Class 10

৩। নাথ-যােগীসকলৰ বিষয়ে চমুকৈ লিখা।
উঃ যুগ যুগ ধৰি অসমত বাস কৰি অহা সম্প্রদায়সমূহৰ ভিতৰত অন্যতম হৈছে নাথযােগীসকল। মূলতঃ তেওঁলােক শৈৱ বা ব্রাত্যধর্মী। অৱশ্যে গুৰুজনাৰ দ্বাৰা প্রচাৰিত মহাপুৰুষীয়া ধর্মকো বহুসংখ্যকে গ্রহণ কৰিছে। অসমৰ সমাজ-সংস্কৃতি-সাহিত্যলৈ তেওঁলােকে নিজস্ব বৰঙণি আগবঢ়াই থৈ গৈছে। নাথযােগী সম্প্রদায়ৰ লােকসকল আছিল দেশপ্রেমিক আৰু শান্তিৰ পূজাৰী ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত ঢেকিয়াজুলি থানাৰ মূধচৰ পৰা ব্রিটিছৰ পতাকা দলিয়াই পেলাবলৈ গৈ এই সম্প্রদায়ৰ তিনিগৰাকী স্বাধীনতা সংগ্রামী শ্বহীদ হৈছিল। একেটা সম্প্রদায়ৰ ২৮ গৰাকী শহীদ হৈছিল পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ মুঠ ১৪০ গৰাকী শ্বহীদৰ ভিতৰত। বিদেশী বিতাড়নৰ দাবীত হােৱা অসম আন্দোলনতাে নাথযােগীসকলৰ প্রায় ১৪০ গৰাকী ব্যক্তি শ্বহীদ হৈছিল।

নাথযােগী সম্প্রদায়ৰ পুৰুষ-মহিলা উভয়েই বােৱা-কটাত পাৰ্গত আছিল। সেইবাবেই মাত্ৰ কেইহাতমান বােৱাৰ পাছতে গুৰুজনাই তেওঁৰ অমূল্য সৃষ্টি বৃন্দাবনী বস্ত্রখনি তৈয়াৰ কৰিবলৈ দায়িত্ব অর্পণ কৰিছিল এই সম্প্রদায়ৰে মথুৰাদাস বুঢ়া আতাক। বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক মথুৰাদাস বুঢ়াআতা আছিল গুৰুজনাৰ অন্যতম প্রিয় শিষ্য আৰু বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ। দৰং জিলাত প্রচলিত সুকনানি ওজাপালি, দেওধনী নৃত্য আৰু চিয়া গীতসমূহৰ বাহকো শ শ বছৰ ধৰি এই সম্প্রদায়ৰ লােকসকলেই। বহু সামাজিক উত্থান-পতনৰ সাক্ষী হৈও এই সম্প্রদায়টোৱে আত্মপৰিচয় ৰক্ষা কৰি আজিও অসমত বাস কৰি আছে।
Related Post: হাজং সকল Class 10

নাথযোগী সকল Class 10

অতিৰিক্ত প্রশ্নোত্তৰ

১। নাথযােগীসকলে পালন কৰা ধর্মটোৰ নাম কি?
উঃ নাথযােগীসকলে পালন কৰা ধর্মটোৰ নাম হৈছে শৈৱ বা ব্রাত্য।

২। শৈৱ ধৰ্মৰ মূল দর্শন কিহৰ ওপৰত প্রতিষ্ঠিত ?
উঃ শৈৱ ধৰ্মৰ মূল দর্শন যােগ সাধন মাৰ্গৰ ওপৰত প্রতিষ্ঠিত।

৩। নাথসকলৰ প্ৰধান গুৰু দুগৰাকী কোন কোন?
উঃ নাথসকলৰ প্ৰধান গুৰু দুগৰাকী হৈছে মৎসেন্দ্রনাথ আৰু গােৰক্ষনাথ।

8। নাথযােগী সম্প্রদায়টো কি পৰম্পৰাত বিশ্বাসী?
উঃ নাথযােগী সম্প্রদায়টো গুৰু-শিষ্য পৰম্পৰাত বিশ্বাসী।

৫। নাথ সিদ্ধাচাৰ্যসকলে ৰচনা কৰা গীতসমূহক কি বুলি কয়?
উঃ নাথ সিদ্ধাচার্যসকলে ৰচনা কৰা গীতসমূহক চর্যাগীত বুলি কয়।

৬। আমবাৰীৰ শিলালিপি মতে গুৱাহাটীৰ প্রাচীন নাম কি আছিল?
উঃ আমবাৰীৰ শিলালিপি মতে গুৱাহাটীৰ প্রাচীন নাম আছিল যােগীহাটী।

৭। ‘পথৰুঘাটৰ ৰণ’ কেতিয়া সংঘটিত হৈছিল?
উঃ ‘পথৰুঘাটৰ ৰণ’ বা কৃষক বিদ্রোহ ১৮৯৪ চনত সংঘটিত হৈছিল।

৮। নাথ সম্প্রদায়ৰ কোনগৰাকী ভকত মহাপুৰুষ শংকৰদেৱৰ শিষ্য আছিল?
উঃ নাথ সম্প্রদায়ৰ অন্তৰ্গত মথুৰাদাস বুঢ়া আতা মহাপুৰুষ শংকৰদেৱৰ শিষ্য আছিল।

৯। ব্রিটিছৰ পতাকাখনৰ নাম কি?
উঃ ব্রিটিছৰ পতাকাখনৰ নাম হৈছে ইউনিয়ন জেক।

১০। দৰং জিলাৰ কোনকেইবিধ সাংস্কৃতিক সম্পদৰ বাহক নাথযােগীসকল?
উঃ দৰং জিলাৰ সুকনাণি ওজাপালি, দেওধনী নৃত্য আৰু চিয়া গীতসমূহৰ বাহক হৈছে নাথযােগীসকল।

 

Leave a Comment