মটকসকল Class 10 (প্রশ্নোত্তৰ) দশম শ্ৰেণী বৈচিত্রময় অসম

শ্ৰেণী দশম
বিষয় অসমীয়া (বৈচিত্রময় অসম)
পাঠ মটকসকল
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

মটকসকল Class 10

মটকসকল
পাঠভিত্তিক প্রশ্নোত্তৰ

১। মটক শব্দৰ অৰ্থ লিখা।
উঃ “মটক” হৈছে এটা টাই ভাষাৰ শব্দ। টাই ভাষাত “ম”ৰ অৰ্থ হৈছে শক্তিশালী, বুদ্ধিমান বা জ্ঞানী আৰু “টক”ৰ অৰ্থ হৈছে উপযুক্ত, জোখা বা মপা কার্য, তুলাচনী তথা পৰীক্ষিত। গতিকে, মটক শব্দটোৰ অৰ্থ হৈছে উপযুক্ত, জ্ঞানী, শক্তিশালী তথা বিদ্বান লােক।\

২। “মটক” শব্দটিৰ উৎপত্তি সম্বন্ধে লিখা।
উঃ “মটক” শব্দটিৰ উৎপত্তি সম্পর্কে জানিবলৈ হ’লে আমি “ফুখাও” শব্দটোৰ ইতিহাসৰ ওপৰত দৃষ্টিপাত কৰিব লাগিব। ফুখাও হৈছে টাইসকলৰ এটা প্রধান শাখা যি টাই মংগােলীয় ফুথাই গােটৰ অন্তৰ্গত। আহােমসকলৰ ইতিহাস অনুসৰি ফুখাও শাখাটোৰ উৎপত্তি হৈছে বীজ সিচা টাই মুলৰ পৰা আৰু এই বীজ সিচা বা ৰােপণ কৰা মূলৰ ফুখাও শাখাটোৰ পৰাই মটকসকলৰ উৎপত্তি হৈছে।

৩। মটকসকল সাধাৰণতে কোন ধৰ্মৰ লােক?
উঃ মটকসকল সাধাৰণতে তাও ধৰ্মৰ লােক।

8। মটকসকলৰ লগত মােৱামৰীয়া বিদ্ৰোহৰ সম্বন্ধৰ বিষয়ে লিখা।
উঃ আহােমসকলৰ ৰাজত্বকালত সংঘটিত হােৱা মােৱামৰীয়া বিদ্ৰোহৰ সময় মটকসকলাে আহােম ৰজাঘৰীয়াৰ অত্যাচাৰৰ বলি হৈছিল, কিয়নাে মটকসকলে মায়ামৰা সত্ৰৰ ধর্মগুৰুৰ ওচৰত শৰণ লৈছিল। মটক নেতা সর্বানন্দ সিংহও মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ অষ্টভূজ গােসাঁইৰ শিষ্য আছিল যিয়ে তেওঁৰ গুৰুৰ লগতে মায়ামৰা বা মােৱামৰীয়া সত্ৰৰ অনুগামীসকলৰ ওপৰত হােৱা দমন-উৎপীড়নৰ বিৰুদ্ধে সংঘটিত হােৱা মােৱামৰীয়া বিদ্রোহত নেতৃত্ব বহন কৰিছিল।

৫। মটক ৰাজ্যৰ উন্নতিৰ বাবে সৰ্বানন্দ সিংহই কৰা জনকল্যাণমূলক কাম-কাজসমূহৰ বিষয়ে চমুকৈ বর্ণনা কৰা।
উঃ সর্বানন্দ সিংহ আছিল মটকসকলৰ ৰজা। অতিশয় ধর্মপৰায়ণ ৰজা সর্বানন্দ সাংগঠনিকভাৱে দক্ষ আছিল আৰু প্ৰজাৰ বাবে বিভিন্ন কামকাজ তেওঁ কৰিছিল। জনহিতকৰ কাম-কাজ যথেষ্ট পৰিমাণে কৰা ৰজা সর্বানন্দ প্রজাৰ প্রিয় আছিল। তেওঁ বহু ঠাইত আলি-পদূলি নিৰ্মাণ কৰাই যাতায়ত ব্যৱস্থাৰ উন্নতি সাধিছিল। ৰঙাগড়া আলি, গােধা আলি, ৰাজগড় আলি, হাতী আলি আদি তেওঁ বন্ধোৱা বাট-পথ। ৰাজধানীৰ বাহিৰে ভিতৰে মুঠ ২৪ টা পুখুৰী খন্দাইছিল যাতে প্রজাৰ সুবিধা হয়। বেংমৰা পুখুৰী, তিনিকোণীয়া পুখুৰী, দেৱী পুখুৰী, শেলুকীয়া পুখুৰী, বৰ পুখুৰী, চাউলধােৱা পুখুৰী, গােধা পুখুৰী আদি তেওঁ খন্দোৱা পুখুৰীসমূহৰ ভিতৰত প্রধান। তিনিকোণীয়া পুখুৰীৰ নাম অনুসৰিয়েই বেংমৰা ৰাজ্যৰ নতুন নামকৰণ হৈছিল ‘তিনিচুকীয়া’। তদুপৰি প্ৰজাৰ বাবে খাদ্য-শস্যৰ অভাৱ নাছিল। মুঠতে প্রজাৰঞ্জক ৰজাই ৰাজ্যৰ জনসাধাৰণৰ সুখ-দুখৰ প্রতি সততে নজৰ ৰাখিছিল।

মটক জনগোষ্ঠী

৬। চমুটোকা লিখা:

(ক) শিক্ষাবিদ পৱন নেওগ : ১৯৩৩ চনত তিনিচুকীয়াৰ বৰগুৰিত পৱন নেওগৰ জন্ম হয়। সৰুতে মাতৃহাৰা হােৱা নেওগ মাহীমাকৰ তত্ত্বাৱধানত ডাঙৰ-দীঘল হৈছিল। পাঁচ বছৰ বয়সতেই প্রাথমিক শিক্ষা আৰম্ভ কৰা নেওগে চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ হয়। ফুটবল আৰু ভলীবল খেলত তেওঁ বিদ্যালয়ৰ ভিতৰতে ভাল খেলুৱৈ আছিল। সেই সময়তে তেওঁ সংগীত চর্চাও কৰিছিল। শৰীৰ চৰ্চাতাে তেওঁ দক্ষ আছিল। পাছলৈ জে বি কলেজত ছাত্র হয় আৰু Mr. J.B. খিতাপ লাভ কৰে পেশী সঞ্চালন বিভাগত কৃতিত্ব দেখুৱায়। স্নাতক পঢ়িবলৈ আহি কটন কলেজত শৰীৰচৰ্চাত দক্ষতা প্রদর্শন কৰি লাভ কৰে Mr. Cottonian। আনকি জিমনাছিয়াম বিভাগত পাৰদৰ্শিতা দেখুৱাই বিশ্ববিদ্যালয় পর্যায়তাে সন্মানিত হয় Mr. Gauhati University উপাধিৰে। পঢ়া জীৱন সামৰি তেওঁ ১৯৫৯ চনত নিজে পঢ়া হাইস্কুলখনতে অস্থায়ী হিচাপে শিক্ষকতা আৰম্ভ কৰে। ১৯৬২ চনত তেওঁ D.S.P.পদত নিযুক্তি পাইছিল যদিও শিক্ষকতা এৰিব পৰা নাছিল। ল’ৰা-ছােৱালীক খুব মৰম কৰা নেওগে বিপদত পৰা লােককো সৎ পৰামর্শ দিছিল। নেওগ আছিল সাহসী ব্যক্তি। নিজৰ ওপজা ঠাইত। আর্ট স্কুল স্থাপনতাে তেওঁ গুৰি ধৰিছিল। ২০০২ চনত শিক্ষাবিদ পৱন নেওগে মৃত্যুবৰণ কৰে।

(খ) ৰাজকুমাৰ লংকেশ্বৰ গােহাঁইঃ বেংমৰা ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ সর্বানন্দ সিংহৰ পৰিণতি লংকেশ্বৰ গােহাঁইৰ জন্ম ১৮৮৭ চনত তিনিচুকীয়াত হােৱা বুলি তথ্য আছে। ১০-১২ বছৰ বয়সত তেওঁ পৰিয়ালৰে সৈতে তিনিচুকীয়াৰ পৰা চাবুৱালৈ উঠি যায়। পৰৱৰ্তী সময়ত খেতিমাটিৰ সন্ধানত পৰিয়ালটিয়ে তিনিচুকীয়া জিলাৰ সৰু ডিৰাকলৈ গৈ তাতে স্থায়ীভাৱে থাকিবলৈ লয়। ৰাজপৰিয়ালৰ সন্তান গােহাঁয়ে আনুষ্ঠানিক শিক্ষাগ্রহণ কৰা নাছিল যদিও সমাজক নেতৃত্ব দিব পৰা উপযুক্ত গুণৰ অধিকাৰী আছিল। তদুপৰি তেওঁ আছিল সাহসী, উচ্চাকাংক্ষী আৰু চিন্তাশীল ব্যক্তি। স্বাভাৱিকতেই তেওঁ থলুৱা জাতি-জনগােষ্ঠীৰ ভূমি অধিকাৰ, সম্পত্তিৰ অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত ৰখাৰ স্বাৰ্থত বেংমৰা ৰাজ্যৰ বাবে সুকীয়া স্বীকৃতি বিচাৰিছিল চৰকাৰৰ পৰা। দূৰদৰ্শী গােহাঁয়ে বিভিন্ন জাতি,জনগােষ্ঠীৰ ৰাইজ আৰু মুখিয়াল তথা ৰজাসকলৰ সৈতে অতি মধুৰ সম্পর্ক ৰক্ষা কৰি চলিছিল। ৰাজবংশৰ প্রতিনিধি হিচাপে ইংৰাজ বিষয়াসকলৰ লগতাে আছিল সু-সম্পর্ক। হাতী ধৰা আৰু প্রশিক্ষণ দিয়াত পাকৈত গােহাঁয়ে ব্ৰহ্মদেশৰ ৰজাৰ লগত হাতী ধৰিছিল আৰু মণিপুৰৰ ৰজাক বন্ধুত্বৰ চিনস্বৰূপে দুটা হাতী উপহাৰ দিছিল। হাতী আৰু সােণৰ ব্যৱসায়ত তেওঁ সুনাম লভিছিল। বর্তমানৰ অৰুণাচল প্রদেশৰ মহাদেৱপুৰত কাঠৰ মিললা খুলিছিল তেওঁ। নিজ ৰাজ্যৰ লগতে অৰুণাচল, মণিপুৰ, চিকিম, নগালেণ্ড, মেঘালয় আদি অঞ্চলৰ সমাজকৰ্মীৰ সৈতে উন্নয়নমূলক কামত জড়িত হৈছিল তেওঁ। গােহাঁয়ে বার্মিজ, মণিপুৰী, চিংফৌ, খামতি, মিচিং, দেউৰী, নক্টে আদিকে ধৰি কেইবাটাও ভাষা জানিছিল। এইগৰাকী ৰাজকুমাৰৰ ১৯৭৩ চনত পৰলােক প্রাপ্তি ঘটে।

(গ) সর্বানন্দ সিংহ: সর্বানন্দ সিংহ আছিল মটকসকলৰ ৰজা। তেওঁৰ পিতৃপ্রদত্ত নাম আছিল ‘মেজে। সর্বানন্দ নাম তেওঁক দিছিল ধর্মগুৰু অষ্টভূজ গােসাঁইয়ে। সর্বানন্দ আছিল মটকৰ বুৰুক চুতীয়া খেলৰ লােক। তেওঁ অতিশয় ধর্মপৰায়ণ আছিল। সেয়েহে মায়ামৰা বৈষ্ণৱ ধৰ্মৰ গুৰু অনিৰুদ্ধদেৱৰ ওচৰত তেওঁ শৰণ লৈছিল। সর্বানন্দই মােৱামৰীয়া বিদ্ৰোহৰ সময়ত আহােমৰ অত্যাচাৰৰ বলি হৈছিল কেৱল মায়ামৰা বৈষ্ণৱ ধৰ্মত শৰণ লােৱাৰ বাবে। তেওঁৰ আছিল প্রচুৰ সাংগঠনিক দক্ষতা, সেয়ে তেওঁ মােৱামৰীয়া বিদ্ৰোহৰ নেতা হৈ উঠিছিল। সময়ত বেংমৰাত ৰাজ্যপাতি সর্বানন্দ স্বয়ম্ভু ৰজা হৈছিল আৰু ১৭৮৮ খ্রীষ্টাব্দত ৰঙাগড়াত ৰাজধানী স্থাপন কৰিছিল। টাই পৰম্পৰা অনুসৰি ৰজা হৈ সর্বানন্দই স্বৰ্গদেউ’ উপাধি গ্রহণ কৰিছিল। মটক ৰজা হৈ জনহিতকৰ বিভিন্ন কাম-কাজ সৰ্বানন্দই কৰিছিল। যাতায়াত ব্যৱস্থাৰ উন্নতি কৰােৱাৰ লগতে ৰঙাগড়া আলি, গােধা আলি, ৰাজগড় আলি, হাতী আলি আদি বিভিন্ন আলি-পদূলি নির্মাণ ৰাইছিল। ৰাজধানীৰ বাহিৰে ভিতৰে চৌব্বিশটা পুখুৰীও খন্দাইছিল।সৰ্বানন্দই খন্দোৱা তিনিকোণীয়া পুখুৰীৰ নাম অনুসৰিয়েই বেংমৰা ৰাজ্যৰ নতুন নামকৰণ হৈছিল তিনিচুকীয়া’। প্রজাৰঞ্জক, দূৰদৰ্শী আৰু বিচক্ষণ বুদ্ধিসম্পন্ন ৰজা সর্বানন্দ সিংহৰ মৃত্যু হৈছিল ১৮০৫ চনত।

Related Post: বড়ােসকল Class 10

মটকসকল Class 10

অতিৰিক্ত প্রশ্নোত্তৰ
১। অতি চমু প্রশ্নোত্তৰ :

(ক) কিমান খ্রীষ্টাব্দত আহােমসকল অসমলৈ আহিছিল?
উঃ ১২২৮ খ্রীষ্টাব্দত আহােমসকল অসমলৈ আহিছিল।

(খ) চুকাফা অসমলৈ অহাৰ সময়ত মটকসকলে ক’ত বসবাস কৰিছিল?
উঃ চুকাফা অসমলৈ অহাৰ সময়ত মটকসকলে সৌমাৰপীঠত সৰু সৰু ৰাজ্য পাতি একো একোজন মুৰব্বীৰ অধীনত বসবাস কৰিছিল।

(গ) মটকসকলৰ মূল জীৱিকা কি আছিল?
উঃ কৃষিকার্য মটকসকলৰ মূল জীৱিকা আছিল।

(ঘ) কাংগন বৰগােহাঞে মটক মুৰব্বীজনক কি নাম দিছিল?
উঃ কাংগন মটক মুৰব্বীজনক লানমাখু নাম দিছিল।

(ঙ) খুনলুং খুনলাই কোন আছিল?
উঃ বিশ্বাস অনুযায়ী খুনলুং খুনলাই আছিল স্বৰ্গৰ ৰজা ইন্দ্ৰৰ বংশধৰ যাক তেওঁ ৰাজ্য স্থাপনৰ বাবে পৃথিৱীলৈ প্ৰেৰণ কৰিছিল।

(চ) চ্যাওফুৰা আলঙৰ পূৰ্বৰ নাম কি আছিল?
উঃ চ্যাওফুৰা আলঙৰ পূৰ্বৰ নাম আছিল খেনখাম লাংকুৰি।

(ছ) চুকাফা আৰু মটকসকলৰ ক’ত প্রথম সাক্ষাৎ হৈছিল ?
উঃচুকাফা আৰু মটকসকলৰ তি পাঁম পাহাৰৰ দাতি-কাষৰীয়া অঞ্চলত প্রথম সাক্ষাৎ হৈছিল।

(জ) টাই মংগােলীয় মূলৰ মটকসকলে আদিকালত ক’ত বাস কৰিছিল?
উঃ টাই মংগােলীয় মূলৰ মটকসকলে আদিকালত চীন দেশৰ ম্যুঙফী (সম্ভবতঃ বৰ্তমানৰ য়ুনান প্রদেশ)ত বাস কৰিছিল।

(ঝ) মটকসকলে উপাসনা কৰা প্রকৃতিজগতৰ দেৱতাজনৰ নাম কি?
উঃ মটকসকলে উপাসনা কৰা প্রকৃতিজগতৰ দেৱতাজনৰ নাম গাঁঠিয়াল দেৱতা।

(ঞ) মটকসকলে সপ্তদশ শতিকাত কোন সত্ৰৰ অধীনত বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছিল?
উঃ মটকসকলে সপ্তদশ শতিকাত কাল সংহতিৰ প্ৰৱর্তক গােপালদেৱৰ শিষ্য অনিৰুদ্ধদেৱৰ দ্বাৰা পৰিচালিত মায়মৰা সত্ৰৰ অধীনত বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছিল।

(ট) সর্বানন্দ সিংহৰ পিতৃৰ নাম কি আছিল?
উঃ সর্বানন্দ সিংহৰ পিতৃৰ নাম আছিল মৰুৎনন্দন।

(ঠ) সর্বানন্দৰ পিতৃয়ে তেওঁক কি নাম দিছিল ?
উঃ সর্বানন্দৰ পিতৃয়ে তেওঁক মেজেৰা নাম দিছিল।

(ড) সৰ্বানন্দৰ ধর্মগুৰুৰ নাম কি.আছিল?
উঃ সর্বানন্দ সিংহৰ ধর্মগুৰুৰ নাম আছিল অষ্টভূজ গোঁসাই।

(ঢ) সর্বানন্দ সিংহই ক’ত ৰাজ্য স্থাপন কৰিছিল?
উঃ সর্বানন্দ সিংহই বেংমৰা (বর্তমানৰ তিনিচুকীয়া)ত ৰাজ্য স্থাপন কৰিছিল।

(ণ) সৰ্বানন্দ সিংহৰ কেতিয়া মৃত্যু হৈছিল?
উঃ সর্বানন্দ সিংহৰ ১৮০৫ চনত মৃত্যু হৈছিল।

মটকসকল Class 10

২। চমু প্রশ্নোত্তৰ

(ক) মটক মুৰব্বীজনক কোনে আৰু কিয় লানমাখ্ৰু নাম দিছিল? লানমাখ্ৰুৰ অর্থ কি?
উঃ মটকসকলৰ মুৰব্বীজনক স্বৰ্গদেউ চুকাফাৰ সৈতে অসমলৈ অহা কাঙ্গন বৰগােহাঁইয়ে লানমাখ্ৰু নাম দিছিল। লানমাখ্ৰু এটা টাই ভাষাৰ শব্দ। ইয়াৰে “লান” মানে হৈছে নাতি আৰু “মাখ্ৰু” মানে বেঙেনা; অর্থাৎ “লানমাখ্ৰুখ”ৰ অৰ্থ হৈছে বেঙেনাৰ নাতি। মটক মুৰব্বীজনে স্বৰ্গদেউ চুকাফাক প্ৰচুৰ বেঙেনাৰ যােগান ধৰিছিল, সেয়েহে তেওঁক এই নাম প্রদান কৰা হৈছিল।

(খ) ফুথাইসকলক কেইটা আৰু কি কি ভাগত বিভক্ত কৰা হৈছে?
উঃ ফুথাইসকলক তিনিটা ভাগত ভাগ কৰা হৈছে এই তিনিটা হৈছে— ফুখাও (বগা সাজ পৰিধানকাৰী টাই), ফুডাম বা টাই ডাম (ক’লা সাজ পৰিধানকাৰী টাই) আৰু টাই ডেং (ৰঙা-সাজপৰিধানকাৰী টাই)।

(গ) চ্যাওফুৰা আলং কোন আছিল?
উঃ চ্যাওফুৰা আলং আছিল মটকসকলৰ কৃষি পিতৃ। স্বৰ্গৰাজ ইন্দ্রই খুনলুং খুনলাইক ৰাজ্য স্থাপন কৰাৰ সময়তে চ্যাওফুৰা আলঙৰ আবিৰ্ভাৱ হৈছিল। তেওঁৰ পূর্ব নাম খেনখাম লাংকুৰি আছিল। পৰৱৰ্তী সময়ত কৃষি পিতৃৰ ৰূপত তেওঁৰ নাম হৈছিল কেখাও-চাওথাওলুং।

(ঘ) মটকসকলৰ ধর্ম সম্পর্কে চমুকৈ লিখা।
উঃ মটকসকল মূলতঃ টাই-মঙ্গোলীয় জনগােষ্ঠী।.সেয়ে তেওঁলােকৰ পৰম্পৰাগত ধর্ম হৈছে তাও। প্রকৃতি জগতৰ গাঁঠিয়াল দেৱতাক তেওঁলােকে পূজা কৰে। তদুপৰি উপৰিপুৰুষ- মিতুক দেৱতা, জীৱ-জন্তুৰ গৰাকী ভিন ভিন দেৱতা, জগত মাতৃ আই আদিকে বিশ্বাস কৰে মটকসকলে। সপ্তদশ শতিকাত শিষ্ট আৰু সংস্কৃত জীৱন কটোৱাৰ উদ্দেশ্যেৰে মটকসকলে মায়ামৰা বৈষ্ণৱ ধর্ম গ্রহণ কৰিলে। কাল সংহতি প্রবর্তক গােপালদেৱৰ শিষ্য অনিৰুদ্ধদেৱ প্ৰচাৰিত এই ধর্ম গ্রহণ কৰিছিল যদিও মটকসকলে বৈষ্ণৱ মাগক জনজাতীয় আৰ্হিৰেহে যেন গঢ় দিছিল। তেওঁলােকৰ আচাৰ-সংস্কাৰণ, শৰণ প্ৰণালী, শাস্ত্র থাপনা কৰা পদ্ধতি, নামঘৰ নিৰ্মাণ আদি বিভিন্ন কথা আন বৈষ্ণবী শিষ্ট সমাজতকৈ বহু পৃথক। অর্থাৎ মিশ্রিত ৰূপত পৰম্পৰাগত ধর্মীয় বিশ্বাসসমূহে মটকসকলে ধৰি ৰাখিছে।

(ঙ) মেজেৰা কাৰ নাম আছিল আৰু পিছলৈ তেওঁ কি নামেৰে পৰিচিত হৈছিল? কোনে আৰু কিয় তেওঁক এই নতুন নাম প্রদান কৰা হৈছিল?
উঃ মেজেৰা সর্বানন্দ সিংহৰ নাম আছিল। তেওঁ পিছলৈ মেজেৰাৰ পৰিৱর্তে সর্বানন্দ সিংহ নামেৰে পৰিচিত হৈছিল। তেওঁক তেওঁৰ ধর্মগুৰু অষ্টভূজ গোঁসায়ে এই নতুন নাম প্রদান কৰিছিল, কিয়নাে মায়ামৰা বৈষ্ণৱ ধৰ্মৰ অধীনত শৰণ লােৱা শিষ্যসকলক এটা নতুন নাম দিয়াৰ পৰম্পৰা আছিল।

(চ) সর্বানন্দ সিংহই মুঠ কিমানটা পুখুৰী খন্দাইছিল। ইয়াৰে কেইটামান প্রধান পুখুৰীৰ নাম লিখা।
উঃ সর্বানন্দ সিংহই প্রজাৰ সুবিধার্থে তেওঁৰ ৰাজ্যত মুঠ চৌব্বিশটা পুখুৰী খন্দাইছিল। ইয়াৰে কেইটামান প্রধান পুখুৰীৰ নাম হ’ল – বেমৰা পুখুৰী, তিনিকোণীয়া পুখুৰী, দেৱী পুখুৰী, শেলুকীয়া পুখুৰী, বৰ পুখুৰী, চাউলধােৱা পুখুৰী, গােধা পুখুৰী আদি।

Leave a Comment