মৰাণসকল Class 10 – (প্রশ্নোত্তৰ) দশম শ্ৰেণী বৈচিত্রময় অসম

শ্ৰেণী দশম
বিষয় অসমীয়া (বৈচিত্রময় অসম)
পাঠ মৰাণসকল
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

মৰাণসকল Class 10

মৰাণসকল
পাঠভিত্তিক প্রশ্নোত্তৰ

১। মৰাণসকলৰ নৃ-গােষ্ঠীয় পৰিচয় সম্পর্কে তিনিটা বাক্যত লিখা।
উঃ হিমালয় পর্বতমালাৰ দক্ষিণ পাদদেশৰ অসম তথা উত্তৰ-পূর্বাঞ্চলত বাস কৰা মৰাণসকল হৈছে অসমৰ আদিম অধিবাসী। মৰাণসকল হৈছে অসমৰ অতি প্রাচীন কিৰাত মংগােলীয় মূলৰ জাতি। এই ভূ-খণ্ডত অজ্ঞাত কালৰ পৰা বাস কৰি অহা মৰাণসকলক ইয়াৰ প্ৰাক-ঐতিহাসিক মানৱ প্ৰজাতিৰ এক নির্দিষ্ট জনগােট হিচাপে চিহ্নিত কৰা হৈছে।

২। অসম আৰু অৰুণাচল প্রদেশৰ কোনকেইখন জিলাত মৰাণসকলৰ বসতি বেছি?
উঃ বর্তমান অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত তথা অৰুণাচল প্রদেশৰ নামচাই আৰু চাংলাং জিলাত মৰাণসকলৰ বসতি বেছি।

৩। বুৰঞ্জীত উল্লেখ থকা বাৰঘৰ কছাৰীৰ নাম লিখা।
উঃ বুৰঞ্জীত উল্লেখ কৰা বাৰঘৰ কছাৰী আছিল – দমচয় (ডিমাচা), ইনটুহজয় (হােজাই), বিহদয় (বড়াে),জুহল-লুইৱা (লালুং বা বর্তমানৰ তিৱা), বাদু সােণলয় (সােণােৱাল) ইন টু মিনখয় (মৰাণ), দিউনয় (দেউৰী), ইনটু-মেচয় (মেছ), কুচুবয় (কোচ), ইনটু গাৰােয় (গাৰাে), ৰাভা কিৰাটয় (ৰাভা), বাদু হজয় (হাজং)।

8। মৰাণ ভাষাৰ দহােটা শব্দ লিখা।
উঃ মৰাণ ভাষাৰ কেইটামান শব্দ হৈছে – দি (পানী), সিম (নিমখ), মাই (ধান), মাইৰুম (চাউল), মিয়াম (ভাত), হিৱা (পুৰুষ), হিচি (মহিলা), হিংকা (কাপােৰ), চান (সূর্য), দান (চন্দ্র)।

৫। ঐতিহাসিক যুগৰ ৰাজ্যখনৰ চাৰিসীমা উল্লেখ কৰা।
উঃ ঐতিহাসিক যুগৰ মৰাণ ৰাজ্যৰ চাৰিসীমা আছিল উত্তৰে বুঢ়ীদিহিং, দক্ষিণে দিচাং, পূবে চফ্রাই আৰু-পশ্চিমে ব্রহ্মপুত্র নদী।

৬। মৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিমজন ৰজাৰ নাম কি আছিল?
উঃ মৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিমজন ৰজাৰ নাম আছিল বডৌচা।

৭। মৰাণসকলে ব’হাগ বিহু কেতিয়া কেনেকৈ পালন কৰে?
উঃ বিহু হৈছে মৰাণসকলৰ প্রধান উৎসৱ। তেওঁলােকে ব’হাগ মাহৰ প্ৰথমটো মংগলবাৰে দেৱ-দেৱীৰ পূজা-অর্চনাৰ দ্বাৰা ব’হাগ বিহু আৰম্ভণি কৰি মংগলবাৰে উৰুকা, বুধবাৰে গৰু বিহু আৰু বৃহস্পতিবাৰে মানুহৰ বিহু পালন কৰিছিল। এনেদৰে সাত দিন সাত, ৰাতিলৈ মৰাণসকলে ব’হাগ বিহু পালন কৰিছিল। অন্য অসমীয়াৰ দৰে তেওঁলােকে আজিও বহাগ মাহৰ ভিন ভিন দিনবাৰত বিহু পালন কৰে। গছৰ তলত মৰা বিহু, ৰাতিৰ বিহু, ধর্ম হুঁচৰি, বৰমগা আদিৰে সমৃদ্ধ মৰাণসকলৰ বিহুক মৰাণ বিহু বুলি কোৱা হয়।

৮। মৰাণসকলৰ দুটা বৃত্তিমূলক, দুটা গুণবাচক আৰু দুটা স্থানবাচক খেলৰ নাম লিখা।
উঃ মৰাণসকলৰ মাজত কেইবাটাও খেল বা বংশৰ প্ৰচলন থকা দেখা যায়। এইবােৰৰ ভিতৰত দুটা বৃত্তিসূচক খেল হৈছে তেলেপীয়া আৰু নাওশলীয়া; দুটা গুণবাচক খেল হৈছে দাউচলীয়া আৰু কাঁড়ী গঞা আৰু স্থানবাচক দুটা খেল হৈছে মাজুলী গঞা আৰু হালধিবৰীয়া।

৯। মৰাণসকলৰ জাতীয় খেতি কি?
উঃ মৰাণসকলৰ জাতীয় খেতি হৈছে সুমথিৰা বা কমলা টেঙাৰ খেতি।

১০। মৰাণসকলৰ ডেকাসকলৰ দলপতিৰ দায়িত্ব কেনে ধৰণৰ?
উঃ মৰাণসকলৰ ডেকাসকলৰ দায়িত্ব হ’ল সমাজ পৰিচালনাৰ ক্ষেত্ৰত আগভাগ লােৱা।

১১। কত ক’ত মৰাণসকলৰ দেৱ-দেৱীৰ পূজাৰ শাল আছিল?
উঃ শদিয়াৰ কেঁচাইখাতী থান, তিনিচুকীয়াৰ মাকুমৰ যজ্ঞোখােৱা, দেওশাল, চৰাইদেউত মৰাণসকলৰ পূজাৰ শাল আছিল।

১২। চমু টোকা লিখাঃ
(ক) সমন্বয়ৰ জনক কিৰাট শৌর্ষ বদৌচা।
(খ) বীৰাঙ্গণা ৰাধা-কুণী
(গ) বীৰ সেনাপতি ঝপৰা জগধা
(ঘ) মােহন শইকীয়া
(ঙ) ৰাঘৱ মৰাণ।
উঃ (ক) সমন্বয়ৰ জনক কিৰাট শৌর্য বদৌচাঃ কিৰাট-মঙ্গোলীয় গােষ্ঠীৰ অন্তৰ্গত মৰাণসকলৰ শেষ ৰজা আছিল বদৌচা। ১২২৮ খ্রীষ্টাব্দত চুকাফাই অসমত প্ৰৱেশ কৰাৰ সময়ত বদৌচা মৰাণ ৰাজ্যৰ ৰজা আছিল। অন্যান্য জাতি-জনগােষ্ঠী তথা প্রাচীন ৰাজ্যবােৰৰ মাজত সম্প্রীতি বৰ্তাই ৰখাত বদৌচাই শক্তিশালী ভূমিকা বহন কৰাৰ ইংগিত বিভিন্ন গ্রন্থত পােৱা যায । চ্যুকাফাই মৰাণসকলকেই প্রথমে লগ ধৰিছিল ৰাজ্য প্রতিষ্ঠা কৰাৰ উদ্দেশ্যেৰে। বদৌচাই চ্যুকাফা আৰু লগত অহা টাইসকলক আদৰি লৈছিল। ৰজা বদৌচাৰ অনুমতি আৰু আতিথ্যত চ্যুকাফাই থলুৱা মৰাণ, বৰাহী, চুতীয়া, কছাৰী সমাজৰ সৈতে বহু কালজুৰি বসবাস কৰিছিল। নিজ জীয়ৰীক চ্যুকাফালৈ বিয়া দি মৰাণ ৰাজ্যৰ শাসনভাৰাে অপুত্রক বদৌচাই তেওঁক অর্পণ কৰিছিল। বুজাবুজিৰ মাজেৰে বৰাহী ৰাজ্যও চামিল হৈছিল। চ্যুকাফাৰ বৰ অসম গঢ়াৰ আৰম্ভণি দৰাচলতে বদৌচাইহে কৰিছিল। বদৌচাৰ মৰাণ ৰাজ্যকে ‘আহােম ৰাজ্য’ নামকৰণেৰে মৰাণ-বৰাহীৰ পৱিত্ৰ পূজাৰ থলি চৰাইদেউ চ্যুকাফাই ৰাজধানী পাতিছিল। বদৌচা যেন অসমীয়া জাতিৰ পিতামহ।

(খ) বীৰাঙ্গণা ৰাধাকুণী : ছশ বছৰীয়া আহােম ৰাজত্বৰ শেষৰ ফালে ৰজাঘৰৰ অন্যায়-অনীতি, অনাচাৰ-অত্যাচাৰৰ বিৰুদ্ধে জাতি বর্ণ নির্বিশেষে কৃষক প্রজাই বিদ্রোহ আৰম্ভ কৰিছিল। পৃথিৱীৰ গণবিপ্লৱসমূহৰ ভিতৰত অন্যতম এই বিপ্লৱৰ নাম মােৱামৰীয়া বিদ্রোহ বা বিপ্লৱ। এই বিপ্লৱৰ নেতৃত্ব দিছিল মৰাণসকলে। মৰাণ বীৰ নাহৰখােৱা মৰাণৰ দুই পত্নী ভাতুকী-ভাবুলীৰ নেতৃত্বত নাৰীশক্তিয়ে প্রচণ্ড ৰূপত যুঁজত অৱতীৰ্ণ হৈছিল। ভাতুকী-ভাবুলীয়েই হৈছে বীৰাঙ্গণা ৰাধা ৰুকুণী। ৰাধা-ৰুকুণীয়ে আহােম ৰজাৰ বৰাকৰ বাবে গছকাটিবলৈ অহা মানুহক গছ কাটিবলৈ নিদি প্রথমে বিদ্রোহ আৰম্ভ কৰিছিল। মােৱামৰীয়া ৰণত দুই বীৰাংগণাই পুৰুষৰ পােছাক পৰিধান কৰি ধনু কাড় লৈ যুঁজ কৰিছিল। দুয়াে বৰ চতুৰ আছিল। গােপন ৰণকৌশল জানিছিল বাবে দুয়ােৰে গাত কোনােৱে ধনুৰ কাড় বা হিলৈৰ গুলী লগাব পৰা নাছিল। দুয়ােৰে প্ৰবল পৰাক্ৰমৰ সন্মুখত তিষ্ঠিব পৰা নাছিল ৰজাঘৰীয়া সৈন্যবাহিনী আৰু পৰাস্ত হৈছিল। মৰাণ বিপ্লৱীয়ে ৰংপুৰত ৰমাকান্তক ৰজা পাতিছিল আৰু ৰাধা-ৰুকুণী হৈ পৰিছিল পৰামৰ্শদাতা। পাছলৈ ৰজাঘৰীয়া ষড়যন্ত্রৰ বলি হৈ দুয়াে মৃত্যুবৰণ কৰিছিল যদিও নিজ কৃতিত্বৰ যুগ যুগলৈ নাৰীসমাজৰ প্রেৰণাৰ উৎস হৈ ৰৈ গ’ল।

(গ) বীৰ সেনাপতি ঝপৰা জগধা : দশম শতিকাৰ মৰাণ বীৰপুৰুষ আছিল ঝপৰা জগধা। পিতৃ দাৰবিৰ ষষ্ঠ সন্তানৰ ভিতৰত পঞ্চম পুত্র জগধা আছিল আটাইতকৈ পাহুৱাল, বলী আৰু সাহসী। সমবয়সীয়া আন দহজনৰ তুলনাত সাহস, পৰাক্ৰম আৰু চিন্তাধাৰাত জগধা আছিল যথেষ্ট আগবঢ়া। শৈশৱতে সেয়ে ডিব্রুনদী পাৰ হৈ অৰণ্যৰ হাতী ঘৰলৈ আনিব পাৰিছিল জগধাই। আটায়ে জগধাক মুখ্য স্থান দিছিল খেল-ধেমালি, চৰাই-চিকাৰ আদি সকলােতে। ডাঙৰ হােৱাৰ পাছতাে সেই স্থান প্রায় অক্ষুন্ন আছিল, বিহু দলৰ তেওঁ দলপতি আছিল। সেই সময়ত আন জাতি-উপজাতিৰ লগত চলি থকা যুদ্ধ-বিগ্রহক ভেটা দিবলৈ এক বিশাল সৈন্যদল গঠন হৈছিল যাৰ নেতৃত্ব দিছিল জগধায়ে।ভিন ভিন সময়ত বিপক্ষৰ সৈন্যবাহিনীক কুৰিবাৰকৈ যুঁজত পৰাস্ত কৰি জগধাই খেদি পঠিয়াইছিল। এবাৰ আনকি খামতিৰ আক্রমণক ৰােধ কৰিবলৈ শক্তি আহৰণৰ উদ্দেশ্যে তেওঁ দেওচাঙত সাতদিন কেঁচাইখাতী গোঁসাইৰ পূজা-অর্চনা কৰিছিল। তাৰ পৰাই উদ্যত তৰােৱাল হাতত লৈ পােনেই ৰণক্ষেত্ৰলৈ গৈ বিস্তৰ ৰূপত শত্রুসৈন্য নিপাত কৰিছিল জগধাই। মূৰটো ডাঙৰ আৰু ভােবােৰা চুলিৰে আৱৰা বাবেই মানুহে জগধাক ঝপৰা জগধা বুলি মাতিছিল। সময়ত এই ঝপৰাই জাতীয় বীৰৰ মর্যাদা পাইছিল মৰাণ সমাজত।

(ঘ) মােহন শইকীয়া: মৰাণসকলৰ প্ৰথমচাম শিক্ষিত লােকৰ অন্যতম ব্যক্তি হৈছে। মােহন শইকীয়া। ১৯৩০ চনত তিনিচুকীয়া জিলাৰ তালাপত জন্ম শইকীয়াই ওপজা গাঁৱতে প্রাথমিক শিক্ষা লাভ কৰে। পাছলৈ ডিব্ৰুগড় কানৈ বাণিজ্য মহাবিদ্যালয়ৰ স্নাতক শইকীয়াই ডিব্ৰুগড়ৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কেৰাণী হিচাপে কর্মজীৱনৰ পাতনি মেলে। কিন্তু এই চাকৰিৰ উপৰি বাগিচা বা অ এন জি চি আদিত লােভনীয় চাকৰি পায়াে শইকীয়াই শিক্ষকতাৰ জীৱনকহে আঁকোৱালি লয়। মােহন শইকীয়া সামাজিক কাম-কাজতাে যথেষ্ট পর্যায়ত জড়িত আছিল। তেওঁৰ প্রচেষ্টাত ১৯৬৫ চনত গঠিত হয় ‘অসম মৰাণ সভা’প্রতিষ্ঠাপক সম্পাদক হিচাপে এই সভাৰ দ্বাৰাই তেওঁ কানি নিবাৰণ, মৰাণসকলক অনুসূচীকৰণ, বিনা প্রিমিয়ামত মাটিৰ পট্টা দান, মৰাণ বেল্ট এণ্ড ব্লক গঠন কৰিবলৈ চৰকাৰক স্মাৰকপত্র দান আদি কার্য সম্পাদন কৰিছিল। ‘Moran Development Plan’ শীর্ষক চৰ্চিত আঁচনিখন তেৱেঁই প্রস্তুত কৰি চৰকাৰক প্ৰদান কৰিছিল। তদুপৰি ডিগবৈৰ ওচৰৰ বানবিধ্বস্ত লােকসকলক লৈ তেওঁ তামুলি বনগাঁও প্রতিষ্ঠা কৰিছিল। শইকীয়াদেৱে জাতীয় সংস্কৃতি, ইতিহাস আদিক লৈ উন্নত মানৰ লেখা কেইবাটাও লিখি থৈ গৈছে। তদুপৰি ১৯৫১ চনত কাকপথাৰৰ পৰা বিহুদল লৈ মৰাণ বিহুক অসমৰ বিভিন্ন মঞ্চত পৰিচিত কৰাই দিছিল। অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনত অগ্রণী ভূমিকা লােৱা শইকীয়াদেৱ আঞ্চলিক দল অসম গণ পৰিষদৰ উল্লেখনীয় নেতাৰূপে পৰিগণিত হৈছিল।

(ঙ) ৰাঘৱ মৰাণ : ইতিহাস প্রসিদ্ধ ফৰাচী বিপ্লৱৰ কুৰি বছৰ পূৰ্বে ৰজাঘৰীয়া অন্যায়-অবিচাৰ, শােষণৰ বিৰুদ্ধে অসমত সংঘটিত হৈছিল এক গণবিপ্লৱ, যাক জনা যায় মােৱামৰীয়া গণবিপ্লৱ নামেৰে।ৰাঘৱ মৰাণ আছিল এই গণবিপ্লৱৰ প্রধান নেতা। কৃষকৰ সন্তান হৈও ৰাঘৱ মৰাণে প্রশিক্ষণ নথকা সাধাৰণ প্ৰজা আৰু বিশেষ মাৰণাস্ত্ৰৰ পৰিৱর্তে বাঁহৰ লাঠি, যাঠী, ধনু কাড় আদি সাধাৰণ অস্ত্ৰৰ দ্বাৰাই বিৰাট ৰাজশক্তিক ওফোৰাই পেলােৱা ঘটনা পৃথিৱীৰ বুৰঞ্জীত বিৰল। তেওঁ আছিল সেই সময়ত কেৱল মৰাণৰে নহয়, জাতি-গােষ্ঠী নির্বিশেষে সর্বগ্রহণীয় নেতা। প্রচুৰ সাংগঠনিক দক্ষতা, যুদ্ধ কুশলতা আদি গুণেৰে পূৰ্ণ ৰাঘৱ মৰাণে জানিছিল গেৰিলা যুদ্ধৰ কৌশল। তদুপৰি তেওঁ আছিল মানৱীয় প্ৰমূল্যৰ প্রতি সচেষ্ট আৰু এগৰাকী উদাৰ নৈতিক গণতান্ত্রিক চৰিত্ৰৰ ব্যক্তি যথার্থতে ৰাঘৱ আছিল শ্রেণী বৈষম্যবিহীন সমাজ গঢ়াৰ পথ-প্রদর্শক।

Related Post: বড়ােসকল Class 10

অতিৰিক্ত প্রশ্নোত্তৰ

১। অতি চমু প্রশ্নোত্তৰ :
(ক) মৰাণসকল কোনটো মূলৰ লােক?
উঃ মৰাণসকল কিৰাত মংগােলীয় মূলৰ লোক।

(খ) “অসমীয়া কৃষ্টি” নামৰ গ্ৰন্থখনৰ ৰচক কোন?
উঃ “অসমীয়া কৃষ্টি” নামৰ গ্ৰন্থখনৰ ৰচক বিষ্ণু ৰাভা।

(গ) “কছাৰী বুৰঞ্জী” নামৰ গ্ৰন্থখনৰ ৰচক কোন?
উঃ “কছাৰী বুৰঞ্জী” নামৰ গ্ৰন্থখনৰ ৰচক সূর্যকুমাৰ ভূঞা।

(ঘ) “মঙ্গোল কছাৰীৰ তপ্ত ইতিহাস” নামৰ গ্ৰন্থখনৰ ৰচক কোন?
উঃ “মঙ্গোল কছাৰীৰ তপ্ত ইতিহাস” নামৰ গ্ৰন্থখনৰ ৰচক ৰজনীকান্ত বৰদলৈ।

(ঙ) অতীজতে মৰাণসকলৰ মাজত প্ৰচলিত বড়ােমূলীয় ভাষাটোৰ নাম কি আছিল ?
উঃ অতীজতে মৰাণসকলৰ মাজত প্রচলিত বড়ােমূলীয় ভাষাটোৰ নাম বড়ােৰুচী।

(চ) বদৌচা শব্দৰ অর্থ কি?
উঃ বদৌচা শব্দৰ অৰ্থ হ’ল বড়ােৰ সন্তান।

(ছ) মৰাণসকলৰ প্রধান উৎস কি?
উঃ মৰাণসকলৰ প্রধান উৎসৱ বিহু।

(জ) বদৌচাৰ সমসাময়িক বৰাহী ৰজাজনৰ নাম কি আছিল?
উঃ বদৌচাৰ সমসাময়িক বৰাহী ৰজাজনৰ নাম আছিল থাকুমথা।

(ঝ) মধ্যযুগৰ অসমত সংঘটিত হােৱা গৰ্ণবিদ্রোহটোৰ নাম কি আছিল ?
উঃ মধ্যযুগৰ অসমত সংঘটিত হােৱা গণবিদ্রোহটোৰ নাম মােৱামৰীয়া বিদ্রোহ।

(ঞ) পদ্মনাথ গােহাঁইবৰুৱা ক’ত ৰাধা-ৰুক্মিনীৰ বীৰাংগনতাৰ বিষয়ে উল্লেখ কৰিছিল ?
উঃ অসম বুৰঞ্জীত পদ্মনাথ গােহাঁইবৰুৱাই ৰাধা-ৰুক্মিনীৰ বীৰাংগনতাৰ বিষয়ে উল্লেখ কৰিছিল।

(ট) অসম মৰাণ সভা কেতিয়া গঠন হৈছিল?
উঃ ১৯৬৫ চনত অসম মৰাণ সভা গঠন হৈছিল।

(ঠ) মােৱামৰীয়া বিদ্রোহত প্রধান ভূমিকা পালন কৰা মৰাণ নেতাজনৰ নাম কি আছিল?
উঃ মােৱামৰীয়া বিদ্রোহত প্রধান ভূমিকা পালন কৰা মৰাণ নেতাজনৰ নাম আছিল ৰাঘৱ মৰাণ

২। চমু প্রশ্নোত্তৰ
(ক) বদৌচা কোন আছিল ?
উঃ চ্যাওলুং চুকাফা অসমলৈ অহাৰ সময়ত উত্তৰে বুঢ়ীদিহিঙৰ পৰা দক্ষিণে দিচাঙলৈ আৰু পূবে চফ্রাইৰ পৰা ব্ৰহ্মপূত্রলৈ বিস্তৃত ভূ-খণ্ডত মৰাণসকলৰ এখন স্বাধীন ৰাজ্য আছিল। বডৌচা এই মৰাণ ৰাজ্যৰ

২। চমু প্রশ্নোত্তৰ
(ক) বদৌচা কোন আছিল?
উঃ চ্যাওলুং চুকাফা অসমলৈ অহাৰ সময়ত উত্তৰে বুঢ়ীদিহিঙৰ পৰা দক্ষিণে দিচাঙলৈ আৰু পূবে চফ্রাইৰ পৰা ব্ৰহ্মপুত্ৰলৈ বিস্তৃত ভূ-খণ্ডত মৰাণসকলৰ এখন স্বাধীন ৰাজ্য আছিল। বডৌচা এই মৰাণ ৰাজ্যৰ ঐতিহাসিক যুগৰ অন্তিমজন ৰজা আছিল।

(খ) বড়ােৰূচী কি?
উঃ বড়ােৰূচী হৈছে অতীত কালত মৰাণসকলৰ মাজত প্রচলিত এটা বড়ােমূলীয় ভাষা। বুৰঞ্জীবিদ এডৱার্ড গেইটে উল্লেখ কৰা অনুসৰি ওঠৰ শতিকাৰ অন্তিম ভাগলৈ এই ভাষাৰ প্ৰচলন আছিল। বর্তমান এই ভাষাটো প্রায় বিলুপ্তপ্রায় যদিও উক্ত ভাষাৰ কিছুমান শব্দৰ মৰাণ গ্রাম্য সমাজত এতিয়াও প্রচলন থকা দেখা যায়।

(গ) মৰাণসকলৰ কেইটামান পৰম্পৰাগত নৃত্যগীতৰ নাম লিখা।
উঃ মৰাণসকলৰ কিছুমান পৰম্পৰাগত নৃত্য-গীতৰ নাম হৈছে—বিহু নৃত্য, কুলাবুঢ়ী নৃত্য,যঁজা নৃত্য,ৰণুৱা নৃত্য-গীত,ধ্রুতং, গৰখীয়া গীত, ঝুমতলীৰ গীত, হাতী শিকোৱা গীত, বিভিন্ন খেৰি ইত্যাদি।

(ঘ) বৃহত্তৰ অসমীয়া জাতি সত্তাৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত চ্যুকাফাক মৰাণ ৰজা বদৌচাই কেনেদৰে সহায় কৰিছিল?
উঃ মৰাণ ৰজা বদৌচা পুত্রহীন আছিল, সেয়েহে তেওঁ নিজৰ কন্যাক চুকাফালৈ বিয়া দিছিল আৰু মৰাণৰাজ্যৰ শাসনভাৰ চুকাফাক প্রদান কৰিছিল। তেওঁ বৰাহী ৰাজ্যকো এক চুক্তিৰ দ্বাৰা চ্যুুকাফাৰ ৰাজ্যত অন্তর্ভুক্ত কৰিছিল। বদৌচা আৰু বৰাহী ৰজা থাকুমথাৰ পৰামর্শ অনুসৰিয়ে চ্যুকাফাই মৰাণ বৰাহীসকলৰ পূজাস্থল চৰাইদেউত ৰাজধানী পাতি মৰাণ ৰাজ্যৰ আহােম নামকৰণেৰে এখন সন্মিলিত ৰাজ্য প্রতিষ্ঠা কৰিছিল। এনেদৰেই বৰ অসম তথা বৃহত্তৰ অসমীয়া জাতি গঠনৰ প্রক্রিয়া আৰম্ভ হৈছিল আৰু এই প্রক্রিয়াত বডৌচাই চ্যুকাফাক পথ প্রদর্শন কৰিছিল।

(ঙ) ৰাধা-ৰুকুনী কোন আছিল ?
উঃ ৰাধা-ৰুকুনী আছিল মােৱামৰীয়া বিদ্ৰোহৰ নেতা নাহৰখােৱ শইকীয়াৰ দুই পত্নী, তেওঁলােকৰ প্রকৃত নাম আছিল ভাতুকী আৰু ভাবুলী।
(চ) পদ্মনাথ গােহইবৰুৱাই তেওঁৰ অসম বুৰঞ্জীত ৰাধা-ৰুকুণীৰ বীৰত্বৰ বিষয়ে কি বুলি উল্লেখ কৰিছে?
উঃ ৰাধা-ৰুকুণীৰ বীৰত্বৰ বিষয়ে পদ্মনাথ গােহাঁইবৰুৱাই তেওঁৰ অসম বুৰঞ্জীত ৰাধা-ৰুকুণীৰ বীৰত্বৰ বিষয়ে উল্লেখ কৰিছে। তেওঁ লিখা মতে মােৱামৰীয়া বিদ্রোহত ৰাধা আৰু ৰুকুণীয়ে পুৰুষৰ পােছাক পিন্ধি ধনু কাড় লৈ যুঁজ কৰিছিল। দুয়াে বৰ চতুৰ আছিল। তেওঁলােকে গােপণ ৰণকৌশল জানিছিল বাবে কোনােৱে ধনুৰ কাড় নাইবা হিলৈৰ গুলী তেওঁলােকৰ গাত লগাব নােৱাৰিছিল।

(ছ) ঝপৰা জগধা কোন আছিল?
উঃ দশম শতিকাৰ মৰাণ জনজাতিৰ এগৰাকীবীৰ পুৰুষ আছিল ঝপৰা জগধা। তেওঁৰ মূৰটো বহুত ডাঙৰ আৰু ভোবােৰা চুলিৰে আৱৰা আছিল বাবে তেওঁক মানুহে ঝপৰা বুলিছিল। তেওঁ আছিল অত্যন্ত সাহসী আৰু বল, বিক্রম তথা চিন্তাধাৰাতবাযথেষ্ট আগবঢ়া।

(জ) খাওখাই কোন আছিল? তেওঁৰ কেইজন পুত্র আছিল আৰু তেওঁলােকৰ কি কি নাম আছিল?
উঃ খাওখাই আছিল মৰাণ জনজাতিৰ এগৰাকী দলপতি বা মুৰব্বী। খাওৰাইৰ পুত্ৰ আছিল ছজন । তেওঁলােকৰ নাম হ’ল —খাদুন, কিচিম, ফেফেলা, হুইলাও, জগধা আৰু চিকচৌ।

(ঝ) ঝপৰা জগধাই দেওচাঙত কিয় সাতদিনলৈ কেচইিখাতী গােসানীৰ পূজা-অর্চনা কৰিছিল?
উঃ জগধা খামিডাঠ মানুহ আছিল কাৰণে নিজৰ জনজাতিৰ সেনাপতিৰ দায়িত্ব লাভ কৰিছিল। মহাপৰাক্ৰমেৰে যুঁজি জগধাই বিভিন্ন জাতি-উপজাতিক কুৰিবাৰ পর্যন্ত হৰুৱাইছিল। এবাৰ খামতিসকলে বিভিন্ন ঠাইত মৰাণসকলক আক্রমণ কৰিবলৈ লৈছিল। সেই সময়ত শত্রুক ভেটা দিবৰ বাবে সাতদিন দেওচাঙত উঠি জগধাই কেঁচাইখাতী গােসানীৰ পূজা-অর্চনা কৰিছিল আৰু তাৰ পৰাই তৰােৱাল উলিয়াই ৰণক্ষেত্ৰলৈ গৈছিল। সেই যুঁজত বিস্তৰ শত্রু সৈন্যক জগধাই নিপাত কৰিছিল।

(ঞ) মৰাণ বিহুক কোনে বিস্তৃত সমাজৰ সৈতে পৰিচয় কৰাই দিছিল?
উঃ মৰাণ বিহুক মােহন শইকীয়াই বিস্তৃত সমাজৰ সৈতে পৰিচয় কৰাই দিছিল। ১৯৫১ চনত তেওঁ কাকপথাৰৰ পৰা বিহুদল লৈ অসমৰ বিভিন্ন মঞ্চত মৰাণ বিহুক পৰিচয় কৰাই দিছিল।

Leave a Comment