মণিপুৰী সকল Class 10 – (প্রশ্নোত্তৰ) বৈচিত্র্যময় অসম দশম শ্ৰেণী

শ্ৰেণী দশম
বিষয় অসমীয়া (বৈচিত্রময় অসম)
পাঠ মণিপুৰীসকল
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

মণিপুৰী সকল Class 10

পাঠভিত্তিক প্রশ্নোত্তৰ

১। কেতিয়াৰ পৰা মণিপুৰীসকলে অসমত স্থায়ীভাবে বসবাস কৰিব আহিছে?
উঃ ১৮১৯ চনত মান সেনাই মণিপুৰ আক্ৰমণ কৰাৰ সময়ত মান সেনাৰ বৰ্বৰ অত্যাচাৰ তথা উৎপীড়ন সহ্য কৰিব নােৱাৰি বহুতাে মণিপুৰী লােকে কাছাৰ, ছিলেট (বর্তমান বাংলাদেশ) আদি ঠাইলৈ আঁতৰি আহিছিল। পিছলৈ তেওঁলােক উভতি নগৈ বর্তমান অসমৰ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত স্থায়ীৰূপে থাকিবলৈ লৈছিল।

২। ভাৰতীয় সংবিধানৰ অষ্টম অনুচ্ছেদত মণিপুৰী ভাষা কিমান চনত অন্তর্ভুক্ত হয় ?
উঃ ১৯৯২ চনত ভাৰতীয় সংবিধানৰ অষ্টম অনুচ্ছেদত মণিপুৰী ভাষাক অন্তর্ভুক্ত কৰা হয়।

৩। মণিপুৰী মীতৈ/ মৈতৈসকলৰ সমাজত সাতটা য়েক-ছালাই (সমষ্টি)ৰ নাম কি কি?
উঃ মণিপুৰী মীতৈ মৈতৈ সমাজৰ সাতটা য়েক-ছালাইৰ নাম হৈছে। (নিংথৌজা), লুৱাং, খুমন, মােইৰাং, অঙোম, খাবা-ঙানবা আৰু চেংলৈ।

8। মণিপুৰী মীতৈ/ মৈতৈ সকলৰ নিজা ঘৰত পূজা-অর্চনা কৰা দেৱ-দেৱীসকলৰ নাম কি কি ?
উঃ মণিপুৰী মীতৈ লােকসকলৰ ঘৰত পূজা-অর্চনা কৰা দেৱ-দেৱীসকলৰ নাম হ’ল —য়ুমলাই, লাইনিংথৌ ছানামহী,ইমা লৈমৰেন শিদবী আদি।

৫। লাই হৰাওবা কি? বছৰৰ কি মাহত লাই হৰাওবা উৎসৱ পালন কৰা হয়? লাই হওবা উৎসৱত ব্যৱহাৰ কৰা এবিধ বাদ্যযন্ত্রৰ নাম লিখা।
উঃ লাই হৰাওবা হৈছে মণিপুৰীসকলৰ এটা কৃষিভিত্তিক উৎসৱ।ই মণিপুৰী লােকাচাৰৰ সৈতেও জড়িত, সেয়েহে ইয়াক মণিপুৰী সংস্কৃতিৰ দৰ্পণ বুলি কোৱা হয়। “লাই হৰাবাৰ” অৰ্থ হৈছে “অদৃশ্য আৰাধ্যজনক সন্তুষ্ট কৰা”। এই উৎসৱ ব’হাগ মাহত পালন কৰা হয়। এই উৎসৱত ব্যৱহাৰ কৰা এবিধ বাদ্যযন্ত্র হৈছে পেনা।

৬। মণিপুৰী মীতৈ মৈতৈসকলৰ কিছুমান নাচৰ নৃত্যৰ নাম লিখা।
উঃ মণিপুৰী মীতৈ মৈতৈসকলৰ কিছুমান নাচৰ নাম হৈছে – থাবল চোংবি, মাইবী জগােই (লাই হৰাওবা নৃত্য) আদি।

Related Post: মিচিং সকল Class 10

মণিপুৰী সকল Class 10

৭। চমুটোকা লিখা।
(ক) নাওৰিয়া ফুলাে: নাওৰিয়া ফুলাে হৈছে আধুনিক মণিপুৰী সাহিত্যৰ বাট কাটোতা। ঘৰুৱা নাম ‘ফুন্দ্রেই। অসমৰ হাইলাকান্দি জিলাৰ ৰাজেশ্বৰপুৰ মৌজাৰ ‘লাইশ্রম খুন’ গাঁৱত ১৮৮৮ চনত নাওৰিয়া ফুলােৰ জন্ম। পাছলৈ শিক্ষকতা বৃত্তিক আঁকোৱালি লােৱা ফুলােৱে ১৯১৮-১৯ বৰ্ষত হিন্দু উপাখ্যানৰ কাহিনীৰ আধাৰত পাঁচখন নাটক লিখে। উল্লেখ্য যে সেই সময়ছােৱা অর্থাৎ ১৯২০-৩০ চনলৈকে মণিপুৰী সাহিত্যৰ বাবে আছিল আধুনিক অৰুণােদয়ৰ দশক। পৰৱৰ্তী দশকটোৰ ১৯ খন কাব্যসংকলন আৰু নিবন্ধ গ্রন্থ ফুলােৱে ৰচনা কৰে। প্রাচীন ঐতিহ্যৰ গৰিমা কীর্তন, বিলুপ্ত মীতৈ দেৱ-দেৱীৰ স্রোত, স্তুতি, মন্ত্র, গীত আদি তেওঁৰ কবিতাৰ অন্তর্ভুক্ত।

সাহিত্য চর্চাতে ব্ৰতী নাথাকি নিজ মতাদর্শ প্রচাৰ আৰু প্ৰসাৰৰ বাবে ফুলােৱে মাত্র ১২ গৰাকী অনুৰাগীক লৈ গঠন কৰে অপােকপা সমাজ’ নামৰ এক মঞ্চ গঠন কৰে। পুনৰুত্থানবাদী’ নায়কৰূপে জনসাধাৰণৰ মাজত তেওঁ পৰিচিত হ’ল। এইগৰাকী বহুমুখী প্রতিভাৰ গৰাকীৰ ১৯৪১ চনত মৃত্যু হয়।

(খ) নৃত্যগুৰু কে যতীন্দ্র সিংহঃ এগৰাকী বৰেণ্য নৃত্যগুৰু আৰু শিক্ষাবিদ কে. যতীন্দ্র সিংহ বিশ্বভাৰতী শান্তিনিকেতন সংগীত ভৱনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ। ১৯৪৩ চনত অসমৰ কাছাৰ জিলাৰ লক্ষীমপুৰত তেওঁৰ জন্ম। নৃত্য যেন উত্তৰাধিকাৰ সূত্রেই তেওঁ পাইছিল পিতৃ প্রসিদ্ধ মণিপুৰী নট সংকীর্তন গুৰু কে. কামিনী সিংহৰ পৰা। ল’ৰালিতেই তেওঁ পিতৃৰ পৰা আহৰণ কৰিছিল নট-সংকীর্তন তথা নৃত্যৰ আদিপাঠ।

পাছলৈ মণিপুৰৰ প্ৰখ্যাত নৃত্যগুৰু গুৰু লােকেশ্বৰ, গুৰু অমুবী আৰু গুৰু অতোন্বাৰ পৰা নৃত্যৰ তেওঁ শিক্ষাগ্রহণ কৰিছিল। শান্তিনিকেতনৰ পৰা নৃত্য বিষয়ত উচ্চশিক্ষা গ্রহণ কৰি তেওঁ তাতেই নৃত্য আৰু সংগীত বিভাগত অধ্যাপনা কৰিবলৈ লয়। লগে লগে অব্যাহত ৰাখে নৃত্যৰ সাধনা। নিজে নতুন নৃত্যশৈলী উদ্ভাৱন কৰি, ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় স্তৰত নিজে নৃত্য প্রদর্শন তথা বক্তৃতা প্রদান কৰি তেওঁ দৰ্শকৰ মন মুহিছিল। ন আৰু বিনয়ী যতীন্দ্র সিংহৰ তত্ত্বাৱধান আৰু নির্দেশনাত তেওঁৰ ছাত্র- ছাত্ৰীয়ে বিশ্বৰ বিভিন্ন ঠাইত মণিপুৰী আৰু ৰবীন্দ্ৰ নৃত্য নাচি বিপুল প্রশংসা লাভ কৰিছিল। ২০১০ চনত তেওঁ অধ্যাপনা তথা অধ্যক্ষ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও নৃত্যচর্চা বা সাধনা জীৱনৰ শেষ মুহূৰ্তলৈকে কৰি গৈছিল। ‘ত্রিধাৰ’ আৰু ‘মীৰাজিনসা’ শীর্ষক টেলিফিল্ম দুখনত তেওঁ অভিনয় কৰিছিল। তেওঁৰ কৰ্মৰ স্বীকৃতিস্বৰূপে ২০০৬ চনত মণিপুৰী সাহিত্য পৰিষদ, অসমে নৃত্যগুৰু’, ২০১০ চনত ত্ৰিপুৰাৰ ৰাজকুমাৰ বুদ্ধিমন্ত মেমৰিয়েল ডান্স একাডেমিয়ে ৰাজকুমাৰ মেমােৰিয়েল এৱাৰ্ড’আৰু ২০১২ চনত মণিপুৰী সাহিত্য পৰিষদ,ইম্ফলে তেওঁলৈ আগবঢ়ায় ‘নৃত্যৰত্ন’ উপাধি। এইগৰাকী প্রতিভাৱান, বৰেণ্য নৃত্যশিল্পীয়ে ২০১৮ চনত মৃত্যুবৰণ কৰে।

(গ) সমাজসেবিকা সৰস্বতী সিংহাঃ অধিবক্তা তথা অসম আন্দোলনৰ এগৰাকী নেত্রী আছিল সৰস্বতী সিংহা। ১৯৫৮ চনত হােজাই জিলাৰ লংকাৰ আমপুখুৰী গাঁৱত সৰস্বতী সিংহাৰ জন্ম হৈছিল। কৃষক পৰিয়ালৰ সন্তান সৰস্বতীয়ে নিজ গাঁৱতে প্রাথমিক শিক্ষা গ্রহণ কৰি পাছলৈ নগাঁও আইন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লয়। কর্মজীৱন আৰম্ভ কৰে অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ অঙ্গনৱাড়ী কর্মী হিচাপে। তাৰ পাছত শিক্ষকতাও কৰে যদিও পাছলৈ তেওঁ অধিবক্তা হিচাপে নিজকে প্রতিষ্ঠিত কৰে। তেৱেই হৈছে ব্ৰহ্মপুত্র উপত্যকাৰ প্ৰথমগৰাকী মণিপুৰী মহিলা অধিবক্তা। নাৰী সমাজৰ চেতনা জাগৰণ, সমাজৰ কু-সংস্কাৰ নিমূলৰ হকে তেওঁ একাধিক মহিলা সংগঠনাে প্রতিষ্ঠা কৰিছিল। ২০০৫ চনত তেওঁৰ উদ্যোগত প্রতিষ্ঠা হৈছিল ‘পান মণিপুৰ লিটাৰেৰী ফ’ৰাম’ নামৰ ভাষা-সাহিত্যৰ অনুষ্ঠান। মণিপুৰী ভাষা- সাহিত্যৰ উন্নতিৰ হকে তেওঁ আজীৱন কাম কৰি গৈছিল । তেওঁৰ সমাজসেৱাৰ স্বীকৃতিস্বৰূপে মণিপুৰী সাহিত্য পৰিষদ, অসমে তেওঁক ২০১২ চনত ‘সমাজসেৱিকা’ উপাধি আৰু বঁটাৰে সন্মানিত কৰে। ২০১২ চনতসৰস্বতী সিংহাই মৃত্যুবৰণ কৰে।

(ঘ) নােহথােম্বম বিদ্যাপতি সিংহ : সাংস্কৃতিক, সামাজিক, ৰাজনৈতিক দিশত নেতৃত্ব বহন কৰা এগৰাকী মণিপুৰৰ বাহিৰত থকা মণিপুৰীব্যক্তি হৈছে নােংথােম্বম বিদ্যাপতি সিংহ। বর্তমান হাইলাকান্দি জিলাৰ লালা চহৰত ১৯১২ চনত তেওঁ জন্মগ্রহণ কৰিছিল। ঢাকা বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী বিষয়ত স্নাতক ডিগ্রী লৈ সিংহই ইংৰাজীৰ শিক্ষকৰূপেহে কৰ্মজীৱন আৰম্ভ কৰে কাছাৰ জিলাত। সেই অঞ্চলত তেওঁৰ প্রচেষ্টাতে হাইস্কুল স্থাপন হয় প্রথমবাৰলৈ। সাংস্কৃতিক দিশৰাে বহু কামত তেওঁ জড়িত আছিল। কাছাৰ মণিপুৰী যুৱ সংঘ’ নামৰ অনুষ্ঠানটোৰ দ্বাৰা তেওঁ স্বজাতিৰ যুৱকসকলক জাগ্রত কৰিছিল। ১৯৪৬ চনত তেওঁ অসম বিধানসভা নির্বাচনত দক্ষিণ হাইলাকান্দিৰ বিধায়ক হিচাপে নির্বাচিত হৈছিল। তেওঁৰ প্ৰচেষ্টাতেই অসম চৰকাৰে মণিপুৰী ভাষাক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি দিছিল। ১৯৫৪ চনত এইগৰাকী বিশিষ্ট ব্যক্তিৰ মৃত্যু ঘটে।

মণিপুৰী সকল Class 10

অতিৰিক্ত প্রশ্নোত্তৰ
অতি চমু প্রশ্নোত্তৰঃ

(ক) প্ৰধানকৈ অসমৰ কোনকেইখন জিলাত মণিপুৰী লােকসকলে বাস কৰে?
উঃ বৰাক উপত্যকাৰ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত।

(খ) মানসকলে কেতিয়া মণিপুৰ আক্ৰমণ কৰিছিল ?
উঃ ১৮১৯ চনত মানসকলে মণিপুৰ আক্ৰমণ কৰিছিল।

(গ) মণিপুৰী বা মীতৈসকলৰ ভাষাটোক কি বুলি কোৱা হয়।
উঃ মণিপুৰী বা মীতৈসকলৰ ভাষাটোক মীতৈলােন বা মৈতৈলােন বুলি কোৱা হয়।

(ঘ) মণিপুৰীসকলৰ নিজস্ব লিপিটোৰ নাম কি?
উঃ মণিপুৰীসকলৰ নিজস্ব লিপিটোৰ নাম মীতৈ ময়েক।

(ঙ) অসম চৰকাৰে কেতিয়া মণিপুৰী বহুল অঞ্চলত মণিপুৰী ভাষাটোক প্রাথমিক তথা হাইস্কুল পর্যায়ত শিক্ষাৰ মাধ্যমৰূপে প্রচলন কৰে?
উঃ অসম চৰকাৰে ১৯৫৬ চনত প্রাথমিক পর্যায়ত আৰু ১৯৮৪ চনত হাইস্কুল পর্যায়ত মণিপুৰী ভাষাটোক মণিপুৰী জনবহুল অঞ্চলত শিক্ষাৰ মাধ্যম হিচাপে প্রচলন কৰে।

(চ) মণিপুৰী সমাজক একগােট কৰি ৰখা সমাজ ব্যৱস্থাটোৰ নাম কি?
উঃ মণিপুৰী সমাজক একগােট কৰি ৰখা সমাজ ব্যৱস্থাটোৰ নাম য়েক-ছালাই।

(ছ) মণিপুৰী সমাজৰ উপগোটসমূহক কি বুলি কোৱা হয়?
উঃ মণিপুৰী সমাজৰ উপগােটসমূহক যুমনাক বা শাগৈ বুলি কোৱা হয়।

(জ) “পীবা” কি?
উঃ ‘পীবা’ হৈছে মণিপুৰী সমাজ ব্যৱস্থাত থকা এটা উত্তৰাধিকাৰী স্বৰূপ পদবী। মণিপুৰী সমাজৰ প্ৰতিটো য়ুমনাক’ বা ‘শাগৈ’ত বংশানুক্রমিকভাৱে জ্যেষ্ঠ পুত্ৰসকলক ‘পীবা’ পদবী প্ৰদান কৰা হয়।

(ঝ) কিহক লৈপন তাখৎপা বুলি কোৱা হয় ?
উঃ মণিপুৰী লােকসকলে নিজ গৃহৰ চৌহদৰ বেৰত মাটিৰে ঢাপদিয়ে। ইয়াকে লৈপন তাখৎপা বুলি জনা যায়।

(ঞ) মণিপুৰী সমাজত গাঁৱৰ মুখিয়ালজনক কি বুলি কোৱা হয়?
উঃ মণিপুৰী সমাজত গাঁৱৰ মুখিয়ালজনক খুন অহন বুলি কোৱা হয়।

(ট) মণিপুৰী লােকসকলৰ প্ৰধান জীবিকা কি?
উঃ মণিপুৰী লােকসকলৰ প্ৰধান জীৱিকা কৃষি।

(ঠ) ‘লাই হৰাওবা’ৰ অর্থ কি ?
উঃ ‘লাই হৰাওবা’ৰ অৰ্থ হৈছে নেদেখাজনৰ সন্তোষ সাধন।

(ড) উমংলাই’ কোন?
উঃ ‘উমংলাই’ হৈছে মণিপুৰীসকলৰ আদিম জড় দেৱতা।

(ঢ) ‘লাই হত্যা’ নৃত্যৰ প্ৰধান শিল্পী কোন?
উঃ ‘লাই হৰাওবা’নৃত্যৰ প্ৰধান শিল্পী হৈছে মাইবা-মাইবী।

মণিপুৰী সকল Class 10

২। চমু প্রশ্নোত্তৰ ?
(ক) ক’ত ক’ত মণিপুৰী ভাষাৰ প্ৰচলন থকা দেখা যায় ?
উঃ মণিপুৰৰ লগতে অসম, ত্ৰিপুৰা, মিজোৰাম, মেঘালয়, নগালেণ্ডৰ উপৰি দক্ষিণ-পূর্ব এছিয়াৰ ম্যানমাৰ আৰু বাংলাদেশ মণিপুৰী ভাষাৰ প্ৰচলন থকা দেখা যায় ।

(খ) মণিপুৰী সমাজ ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা।
উঃ মণিপুৰী সমাজ ব্যৱস্থা যথেষ্ট প্রণালীৱদ্ধ। মণিপুৰী সমাজক মিতৈ বা মীতৈ নামেৰেও জনাজাত। এই সমাজক সাতটা খেল বা ফৈদত ভাগ কৰা হয়, মণিপুৰী ভাষাত যাক জনা যায় ‘য়েক-ছালাই’নামেৰে।‘য়েক-ছালাই’ আকৌ যুমনাক’ বা ‘শাগৈ’ নামৰ কিছুমান উপখেলত বিভক্ত। এই সমগ্র সমাজ ব্যৱস্থাই মণিপুৰ সমাজক একগােট কৰি ৰাখিছে। এই সমাজ ব্যৱস্থাত প্ৰতিটো শাগৈৰ বংশগতভাৱে অহা জ্যেষ্ঠ পুত্ৰক মুখিয়ালৰ দায়িত্ব দিয়া হয়, তেওঁ পীবা’নামেৰে পৰিচিত। মণিপুৰীসকলে ঘৰৰ বাৰীৰ চৌহদত মাটিৰে ঢাপ দিয়ে যাক ‘লৈপন তাখৎপা’ বুলি জনা যায়, এয়া মণিপুৰী সমাজৰ পৰিচিত দৃশ্য। খুন অহন’ বা গাঁওবুঢ়াই গাঁও একোখন পৰিচালনা কৰে। ইয়াৰ উপৰি গাঁৱৰ শান্তি-শৃংখলা আৰু আত্মীয়তা অটুট ৰাখিবলৈ প্রত্যেক গাঁৱতে থাকে “গােপাল হনজবা’ আৰু ‘গােপাল হিদং’ নামেৰে সামাজিক সংগঠন।

(গ) মণিপুৰীসকলৰ ধৰ্মীয় ৰীতিনীতি, আচাৰ-অনুষ্ঠান আদিৰ বিষয়ে চমুকৈ লিখা।
উঃ মণিপুৰীসকল বৈষ্ণৱ ধৰ্মৰ উপাসক হ’লেও লােকাচাৰ মানি কেতবােৰ দেৱ-দেৱীৰ পূজা কৰে। তাৰ ভিতৰত য়ুমলাই, লাইনিংথৌ ছানামহী, ইমা লৈমৰেন শিদী আদি দেৱ-দেৱী প্রধান। আদিম জড়দেৱতা উমংলাইৰ পূজা প্রতি বছৰে মণিপুৰীসকলে পালন কৰে। মণিপুৰী সমাজত যিকোনাে ধর্মীয় সকাম বা সামাজিক অনুষ্ঠানৰ শুভাৰম্ভত নাৰী অপৰিহার্য অংগ। মণিপুৰীসকল মুখ্যতঃ কৃষিজীৱি হােৱা হেতুকে তেওঁলােকে পালন কৰা আচাৰ অনুষ্ঠানো কৃষিৰ লগত সম্পর্কিত। তেওঁলােকৰ মুখ্য উৎসৱ ‘লাই হৰাওবা’ কৃষিভিত্তিক অথচ লােকাচাৰ জড়িত। তদুপৰি উমংলাই পূজা প্রাংগনত তেওঁলােকে উদ্যাপন কৰে ‘লাই হাৰাউফম’। মণিপুৰীসকলৰ ধৰ্মীয় ৰীতিনীতি, আচাৰ-অনুষ্ঠান আদিয়ে বহন কৰি আহিছে স্বকীয় বৈশিষ্ট্য।

Leave a Comment