মিচিং সকল – (প্রশ্নোত্তৰ) বৈচিত্র্যময় অসম দশম শ্ৰেণী

শ্ৰেণী দশম
বিষয় অসমীয়া (বৈচিত্রময় অসম)
পাঠ মিচিং সকল
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

মিচিং সকল Class 10

মিচিংসকল
পাঠভিত্তিক প্রশ্নোত্তৰ

১। মিচিং জনজাতিৰ বিষয়ে এটা চমুটোকা লিখা।
উঃ মিচিং হৈছে অসমৰ দ্বিতীয় সর্ববৃহৎ জনজাতি বা গােষ্ঠী। ভাৰতীয় সংবিধানত তেওঁলােক মিৰি’নামেৰে চিহ্নিত। পিছে মিচিংসকলে নিজকে তানি’বুলিহে পৰিচয় দিয়ে। বৰ্তমানৰ অৰুণাচলৰ আবৰ পাহাৰ’ আছিল মিচিঙৰ পূৰ্বৰ বাসস্থান। জীৱিকাৰ সন্ধানত তেওঁলােক অসমৰ সমতললৈ নামি আহে। কৃষিয়েই মিচিংসকলৰ প্ৰধান জীৱিকাৰ সম্বল। অৱশ্যে তেওঁলােকে মাহ, সৰিয়হ, বিবিধ আলু, কচু, আদা, জলকীয়া আদিৰাে খেতি কৰে। দঞি-পল মিচিঙৰ প্ৰধান ধর্ম।অৱশ্যে মহাপুৰুষীয়া, শৈৱ, শাক্ত, তান্ত্রিক বিশেষকৈ কেৱলীয়া বা ৰাতি সেৱা ধর্মপন্থাও মিচিঙে অৱলম্বন কৰা দেখা যায়। আলি-আঃয়ে লৃগাং মিচিংসকলৰ জাতীয় উৎসৱ। ইয়াৰ লগতে মাঘ, বহাগ আৰু কাতি বিহুও তেওঁলােকে পালন কৰে।গনৰ,উগন,টঙালি দুমৌৰ আদি। আকৌ ৰিহা-মেখেলা, ৰিবি-গাচেং হৈছে মহিলাৰ পােচাক। মুঠতে মিচিং হৈছে সুশৃংখলিত সমাজ থকা এটা জনজাতি।

২। মিচিংসকলৰ যিকোনাে তিনিধি সাজপাৰৰ নাম লিখা।
উঃ মিচিংসকলে পৰিধান কৰা তিনিবিধ সাজপাৰ হৈছে -পুৰুষসকলে পৰিধান কৰা মিবু গালুগ,দুমৌৰ আৰু মহিলাসকলে পৰিধান কৰা ৰিবি-গাচেং।

৩। মিচিংসকলৰ ধর্মপন্থা সম্পর্কে চমুকৈ লিখা।
উঃ দঞি-পল হৈছে মিচিংসকলৰ মুখ্য ধর্ম। দঞি-পল অর্থাৎ সূর্য-চন্দ্রই জীৱনটোক পৰিচালনা কৰে বুলি মিচিংসকলে বিশ্বাস কৰে। এই ধৰ্মৰ উপৰি মহাপুৰুষীয়া, শৈৱ, শাক্ত, তান্ত্রিক বিশেষকৈ কেৱলীয়া বা ৰাতি সেৱা ধর্মপন্থাও তেওঁলােকে অৱলম্বন কৰে। বাৰেৰণীয়া ফুলৰ চানেকিৰে সুন্দৰ সাজ-পােচাক মিচিংসকলে পৰিধান কৰে যত ৰক্ষিত সাংস্কৃতিক পৰিচয়। মিচিং পুৰুষে পৰিধান কৰে মিলু গালুগ,  ধর্মীয় বিশ্বাসৰ উপৰি তেওঁলােকে লোক-বিশ্বাসতাে আস্থা ৰাখে।কুকুৰা তেওঁলােকৰ বিপদৰ ৰক্ষা কবচ। আনহাতে, ঘৰখনৰ উন্নতিত দেৱতাৰ প্ৰভাৱ থকা বুলি মিচিঙে বিশ্বাস কৰে। সেয়ে, বিভিন্ন দেৱতাক তুষ্ট কৰিবলৈ তেওঁলােকে দকুৰ পূজা পাতে।

8। আলি-আঃয়ে লৃগাং কেতিয়া আৰু কিয় পতা হয়?
উঃ আলি-আঃয়ে লৃগাং মিচিং জনজাতিৰ জাতীয় উৎসৱ।ই মূলতঃ কৃষি উৎসৱ। ফাগুন মাহৰ প্ৰথম বুধবাৰৰ দিনা বছৰি এই উৎসৱৰ আৰম্ভণি হৈ আহিছে। উৎসৱৰ দিনাই বীজ ৰােপণ কৰা হয়। অর্থাৎ বীজ ৰােপণৰ শুভাৰম্ভৰ উদ্দেশ্যেই মিচিংসকলে পাতে আলি-আঃয়ে গাং।

৫। আলি-আঃয়ে লৃগাং শব্দৰ ব্যুৎপত্তি লিখা।
উঃ আলি-আঃয়ে লৃগাং তিনিটা পদৰ সমষ্টি—আলি, আঃয়ে, আৰু লৃগাং। এই পদ তিনিওটাৰ নিজস্ব অর্থ আছে। যেনে—আলি মানে মাটিৰ তলত হােৱা বীজ, আয়ে হ’ল গা-গছৰ ওপৰত হােৱা ফল বা গুটি আৰু গাং শব্দই ৰােপণ কৰা বুজায়।

বৈচিত্র্যময় অসম দশম শ্ৰেণী মিচিং সকল

৬। চমুটোকা লিখা।
(ক) ভৃগুমুনি কাগয়ুংঃ অসমৰ সাহিত্যিক সমৃদ্ধ কৰা এগৰাকী সু-সাহিত্যিক আৰু প্রসিদ্ধ কবি হৈছে ভৃগুমুনি কাগয়ুং। ১৯৩২ চনত আলিমূৰ গাঁৱত জন্ম কাগয়ুঙে গাঁৱত প্রাথমিক শিক্ষা আৰম্ভ কৰিছিল। দিনৰ ভাগত নিজে উপার্জন কৰি ৰাতিৰ ভাগলৈ পঢ়া-শুনা কৰা কাগয়ুং গুৱাহাটীৰ বি. বৰুৱা মহাবিদ্যালয়ৰ স্নাতক। তাৰ পাছত মহীশূৰৰ Institute of Indian Language ৰ পৰা মিচিং প্রাপ্তবয়স্কঃ পাঠ্যপুথি প্রণয়নৰ বাবে প্রশিক্ষণ লয়। পঢ়ি থকা দিনতেই দিখৌমুখ এম ই স্কুল প্রতিষ্ঠা কৰি তাত বিনা বেতনৰ শিক্ষকতা আৰম্ভ কৰা কাগয়ুঙে ভিন ভিন অনুষ্ঠানত শিক্ষকতাৰ জীৱন অতিবাহিত কৰে।

১৯৯০ চনত তেওঁ চাকৰি জীৱনৰ পৰা অৱসৰ লয়। অসমীয়া সাহিত্যৰ প্ৰসিদ্ধ কবি কাগয়ুঙৰ কাব্যসংকলনসমূহ ক্রমে— কবিতাকলি’, অনাহুত’,মন বননিৰ জুই’ আৰু ‘কবিতা কুসুম’। ইয়াৰে অনাহুত’ৰ বাবে ১৯৭১ চনত আৰু মন বননিৰ জুইৰ বাবে ১৯৯৪ চনত তেওঁ ৰাষ্ট্ৰপতিৰ দ্বাৰা পুৰস্কৃত হৈছিল। উল্লেখ্য যে কাগয়ুং মিচিং জনগােষ্ঠীৰ প্ৰথমগৰাকী ৰাষ্ট্ৰীয় পুৰস্কাৰপ্রাপ্ত সাহিত্যিক। মিচিং ভাষাত ৰচিত তেওঁৰ কাব্যসংকলন হ’ল কঃকাং মৌতম দঃঞিং। কাগয়ুং কেৱল কবিয়েই নহয়, তেওঁ এগৰাকী সফল গদ্যলেখক আৰু লােক সংস্কৃতিৰ প্রসিদ্ধ গৱেষক। তেওঁ সৰ্বমুঠ ২৭ খন গ্ৰন্থৰ ৰচনা আৰু সম্পাদনাৰ কাম কৰিছিল। তদুপৰি তেওঁ লিখা গৱেষণাধর্মী আৰু চিন্তামূলক প্রায় পাঁচশৰাে অধিক প্ৰৱন্ধ বিভিন্ন কাকত আলােচনীত প্রকাশ পাইছে বিভিন্ন সময়ত। এইগৰাকী সাহিত্যিকৰ মৃত্যু হয় ২০১১ চনত।

(খ) শ্বহীদ কমলা মিৰিঃ স্বাধীনতা আন্দোলনৰ এগৰাকী সক্রিয় কর্মীয়েই নহয়, দেশৰ বাবে প্রাণে বিসর্জন দিয়া এগৰাকী ব্যক্তি হ’ল কমলা মিৰি। তেওঁৰ প্রকৃত নাম কমল চন্দ্র লইং। ১৮৯৪ চনত বর্তমান গােলাঘাট জিলাৰ ৰঙামাটি মৌজাৰ অন্তৰ্গত ওপৰ টেমেৰা গাঁৱত কমলা মিৰিয়ে জন্ম লাভ কৰিছিল। নিজ গাঁৱত শিক্ষানুষ্ঠান নথকাত তেওঁ ভােলাগুৰিলৈ গৈছিল শিক্ষা গ্রহণৰ বাবে। যৌৱন কালত কমলা মিৰিয়ে দেখিছিল সমগ্ৰ দেশৰ লগতে তেওঁৰ অঞ্চলতাে মহাত্মা গান্ধীৰ নেতৃত্বাধীন স্বাধীনতা আন্দোলনৰ জোৱাৰ। সেই ঢৌৱে কমলাকো উটুৱাই নিছিল। তেওঁৰ নেতৃত্বতেই মহুৰা মৌজাৰ বংকুৱাল অঞ্চলত বহু ডেকাই আন্দোলনত জঁপিয়াই পৰিছিল। সেই সময়ত বহু অঞ্চল কানি, ভাং আদি বৰ বিহে ছানি ধৰিছিল। এনে বৰ বিহৰ প্ৰভাৱৰ পৰা গাঁওসমূহক ৰক্ষা কৰিছিল কমলা মিৰি আৰু তেওঁৰ সহযােগীসকলে।

১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচীত ভাগ ল’বলৈ গােলাঘাটৰ কংগ্রেছ কার্যালয়ৰ সমীপতে কমলা মিৰি আৰু অন্যান্য সহকর্মীক ব্রিটিছ চিপাহীয়ে গ্রেপ্তাৰ কৰে আৰু কাৰাগাৰলৈ নিক্ষেপ কৰে। কাৰাগাৰত তেওঁ লগ পায় গােপীনাথ বৰদলৈ, ফখৰুদ্দিন আলি আহমেদ, মহম্মদ তৈয়বুল্লা, অমিয় কুমাৰ দাস, হেম বৰুৱা আদি অসমৰ বৰেণ্য নেতাসকলক। তাতেই তেওঁ গােপীনাথ বৰদলৈৰ পৰা হিন্দী শিকে আৰু শিকে যঁতৰত সূতা কাটিবলৈ। বন্দী অৱস্থাতে কমলা মিৰিয়ে অসুস্থ হৈ পৰে আৰু ১৯৪৩ চনত তেওঁ কাৰাগাৰৰ হাস্পতালতে মৃত্যুবৰণ কৰে।

মিচিং সকল Class 10

(গ) ঐৰাম বৰিঃ ঐৰাম বৰি আছিল মিচিং সংস্কৃতিৰ সাধক, একেবাৰে ক’বলৈ গলে মিচিং সংস্কৃতিৰ পিতৃপুৰুষ। ১৮৭৭ চনত ব্রিটিছ প্রশাসনৰ ‘নেফা’ (NEFA) ৰ অন্তর্গত অয়ান গাঁৱত ঐৰাম বৰিৰ জন্ম হৈছিল। নিজ গাঁৱৰ পৰা ৩০-৩৫ কিল’মিটাৰ দূৰৈৰ প্রাথমিক বিদ্যালয়ত তেওঁ প্রাথমিক শিক্ষা গ্রহণ কৰিছিল। স্বকীয় সাংস্কৃতিক বৈশিষ্ট্যপূর্ণ মিচিং জনজাতিৰ কৃষ্টি-সংস্কৃতি সংৰক্ষণত ঐৰাম বৰিয়ে দেহে-কেহে লাগিছিল। বহু আগৰে পৰাই এই কামত জড়িত থাকিলেও ১৯৫২ চনৰ পৰা এচাম যুৱক-যুৱতীক লগত লৈ প্ৰণালীৱদ্ধভাৱে তেওঁ এই কামত জড়িত হয়। মিচিঙৰ মূল্যৱান ঐনিঃতম, চৌল্লয়া, লৌৰৌলি, ললে, কাবান, তৌবঃ, তৌকাং, বৃনি, মিলু আঃবাং ইত্যাদিৰ চৰ্চা, সংৰক্ষণ আৰু সংবর্ধনৰ কামত তেওঁ অহােপুৰুষাৰ্থ কৰে। তেওঁৰ তত্ত্বাৱধানত পােন্ধৰ গৰাকীৰাে অধিক যুৱক-যুৱতীৰ এটা দলে অসমৰ বিভিন্ন অঞ্চললৈকে মিচিং কৃষ্টি-সংস্কৃতিৰ প্ৰসাৰ ঘটালে। কেৱল সাংস্কৃতিক ক্ষেত্ৰতেই নহয়, তাহানিৰ মূৰ্কংচেলেঙৰ’ অনুন্নত গাঁওসমূহত পঢ়া-শুনা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, সামাজিক ব্যাধিৰ দূৰীকৰণ, দলীয়ভাৱে কর্ম সম্পাদন, জাতি-বর্ণভেদ দূৰীকৰণ ইত্যাদি নানা দিশত কর্ম-আঁচনি গ্ৰহণৰ ক্ষেত্ৰত ওতপ্রােতভাৱে জড়িত আছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামতাে তেওঁ অংশগ্রহণ কৰিছিল।
তাহানিৰ ‘নেফা’ প্রশাসনৰ বিষয়া আর্নল্ড আৰু মাথুৰ চাহাবৰ পৰিকল্পনা অনুসৰি ঐৰাম বৰিয়ে নেতৃত্ব লৈ অয়ান চাৰিআলিৰ পৰা চিয়াং ব্ৰহ্মপুত্ৰলৈ এটা পথ নির্মাণ কৰাইছিল স্থানীয় ৰাইজৰ দ্বাৰা। এই পথৰ শেষাংশত মিলিত চিয়াং ব্রহ্মপুত্র ঘাটক ১৯৫৮ চনত ‘নেফা’ প্রশাসনে ঐৰাম বৰিৰ কৰ্মক স্বীকৃতি প্রদানৰ উদ্দেশ্যে নাম দিয়ে ‘ঐৰাম ঘাট’। ঐৰাম ঘাটে বৰিদেৱৰ কর্ম-সংস্কৃতিৰ চানেকিক ধৰি ৰাখিব আগলৈকো।

(ঘ) যাদৱ পায়েং : প্রকৃতিপ্রেমী আৰু পৰিৱেশকর্মী যাদৱ পায়েং কেৱল মিচিং জনজাতিৰে নহয়, সমগ্র দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰিচিত নাম। তেওঁৰ সম্পূর্ণ নাম দ্রী যাদৱ মােলাই পায়েং। ১৯৫৯ চনত যােৰহাট জিলাৰ ককিলামুখৰ বৰঘােপ গাঁৱত জন্ম যাদৱ পায়েঙৰ আনুষ্ঠানিক শিক্ষা মাত্র দশম শ্রেণীলৈকে। এদিন বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি আহি থাকোতে ঔনা চাপৰিত ব্ৰহ্মপুত্ৰৰ বানে পেলাই থােৱা বালিত প্ৰখৰ ৰ’দত অজস্ৰ সৰু-সুৰা জীৱ মৃত্যু মুখত পৰা দেখি তেওঁ অত্যন্ত দুখিত হৈছিল। জীৱকূলক ৰক্ষা কৰিবলৈ তেওঁ প্রথমে ৫০ জোপা বাঁহ ৰুলে। সেই ৰােপণেই তেওঁৰ অভ্যাসত পৰিণত হ’ল।

১৯৭৯ চনত গছ ৰুবলৈ আৰম্ভ কৰা পায়েঙে যােৱা দুকুৰি বছৰে গছ ৰােৱাই নহয়, সেইবােৰৰ ৰুবলৈ আৰম্ভ কৰা পায়েঙে যােৱা দুকুৰি বছৰে গছ ৰােৱাই নহয়, সেইবােৰৰ প্রতিপালনত দিনৰাতি একাকাৰ কৰিছে। তেওঁৰ অভ্যাসৰ বলত গঢ়ি উঠা বৃহৎ কাঠনি আজি বিশ্বৰ বিভিন্ন প্রান্তত জনাজাত‘মােলাই কাঠনি’নামেৰে। বর্তমান ১৩৬০ একৰ জোৰা এই কাঠনি অহা পাঁচ বছৰৰ ভিতৰত ২০০০ একৰ ভূমিলৈকে বিস্তৃত কৰাৰ আঁচনি লৈছে যাদৱ পায়েঙে। পায়েঙৰ এই কাঠনিত আছে ৰঙা আৰু বগা চন্দন, চিচু,হলখ, গমাৰী, তিতাচপা, পমা আদি আপুৰুগীয়া বৃক্ষ আৰু নানা ঔষধি বনলতা। ঢেকীয়াপতীয়া, হাতী,হৰিণা, গড় আদি সময়ে সময়ে এই কাঠনিত থকাৰ লগতে ম’হ, গৰু, গাহৰি, হাঁহ-কুকুৰা ইত্যাদিও থাকে। বিভিন্ন পৰিশ্ৰমী চৰাই এই কাঠনিৰ সৌন্দর্য বর্ধনকাৰী উপাদান। নিজৰ কৰ্মৰ স্বীকৃতিস্বৰূপে পায়েঙক ২০১২ চনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে ‘ভাৰতৰ অৰণ্য মানৱ’ উপাধি প্রদান কৰে। একে বর্ষতে তদানীন্তন ৰাষ্ট্রপতি এ.পি. জে. আব্দুল কালামে তেওঁক ২৫০ লাখ টকাসহ হীৰাখচিত বঁটা’ও দিয়ে। সেই বর্ষতে UN Global Conference-ত তেওঁক সম্বৰ্ধনা জনােৱা হয়। ২০১৫ চনত তেওঁ লাভ কৰে ‘পদ্মশ্রী সম্মান।

Related Post: মৰাণসকল Class 10

বৈচিত্র্যময় অসম দশম শ্ৰেণী মিচিং সকল

অতিৰিক্ত প্রশ্নোত্তৰ
১| অতি চমু প্রশ্নোত্তৰ :
(ক) ভাৰতীয় সংবিধানত মিচিংসকলক কি নামেৰে ভৈয়ামীয়া জনজাতি হিচাপে স্বীকৃতি দিয়া হৈছে?
উঃ ভাৰতীয় সংবিধানত মিচিংসকলক মিৰি নামেৰে ভৈয়ামীয়া জনজাতি হিচাপে স্বীকৃতি দিয়া হৈছে।

(খ) মিচিং সমাজত কোনটো শ্ৰেণীৰ মানুহৰ ক্ষেত্ৰত “মিৰি” শব্দৰ প্ৰয়ােগ কৰা হয়।
উঃ মিচিং সমাজত মিবু বা পুৰােহিত শ্ৰেণীৰ লােকৰ ক্ষেত্ৰত “মিৰি” শব্দৰ প্ৰয়ােগ কৰা হয়।

(গ) মিচিংসকলে নিজকে কি বুলি পৰিচয় দিয়ে?
উঃ মিচিংসকলে নিজকে তানি বুলি পৰিচয় দিয়ে।

(ঘ) “তানি” শব্দৰ অর্থ কি ?
উঃ “তানি” শব্দৰ অৰ্থ মানুহ বা মানৱ।

(ঙ) মিচিংসকলৰ প্রধান জীৱিকা কি ?
উঃ মিচিংসকলৰ প্রধান জীৱিকা কৃষি।

(চ) “গাদু” বা “মিৰিজিম” কি?
উঃ গাদু বা মিৰিজিম হৈছে মিচিংসকলৰ জাতীয় সম্বল।

(ছ) মিচিংসকলৰ মূল ধর্মটোৰ নাম কি?
উঃ ‘দঞি-পলাে।

(জ) ‘দঞি-পল’ মানে কি?
উঃ ‘দঞি-পল’ মানে হৈছে সূর্য আৰু চন্দ্র।

(ঝ) মিচিংসকলৰ জাতীয় উৎসৱটোৰ নাম কি?
উঃ মিচিংসকলৰ জাতীয় উৎসৱটোৰ নাম আলি-আঃয়ে লৃগাং।

(ঞ) আলি-আংয়ে লৃগাং কেতিয়া আৰম্ভ হয় ?
উঃ আলি-আঃয়ে লৃগাং উৎসৱ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে আৰম্ভ হয়।

মিচিং সকল Class 10

(ট) মিচিং ভাষা কোনটো ভাষা পৰিয়ালৰ অন্তৰ্গত?
উঃ মিচিং ভাষা চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ তিব্বত-বর্মী শাখাৰ অন্তৰ্গত।

(ঠ) মিচিং আঃবাং আৰু পৌৰাণিক গীতসমূহ লিপিবদ্ধ কৰা সুৰেন দলৈৰ গ্ৰন্থখনৰ নাম কি?
উঃ মিচিং আঃবাং আৰু পৌৰাণিক গীতসমূহ লিপিবদ্ধ কৰা সুৰেন দলৈৰ গ্ৰন্থখনৰ নাম ‘লেকে নিঃতম্’।

(ড) ভৃগুমুনি কাগয়ুঙে কোনখন গ্ৰন্থৰ বাবে ১৯৭১ চনত ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ লাভ কৰিছিল।
উঃ ভৃগুমুনি কাগয়ুঙে তেওঁৰ ‘অনাহুত’ নামৰ গ্ৰন্থখনৰ বাবে ১৯৭১ চনত ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ লাভ কৰিছিল।

(ঢ) ভৃগুমুনি কাগয়ুঙে ১৯৯৪ চনত কোনখন গ্ৰন্থৰ বাবে ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ লাভ কৰিছিল।
উঃ ভৃগুমুনি কাগয়ুঙে ১৯৯৪ চনত তেওঁৰ ‘মন বননিৰ জুই’ নামৰ গ্ৰন্থখনৰ বাবে ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ লাভ কৰিছিল।

(ণ) প্রথম ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত মিচিং সাহিত্যিকজনৰ নাম কি ?
উঃ প্রথম ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত মিচিং সাহিত্যিকজনৰ নাম ভৃগুমুনি কাগয়ুং।

(ত) ভৃগুমুনি কাগয়ুঙৰ দ্বাৰা ৰচিত তথা সম্পাদিত মুঠ গ্রন্থৰ সংখ্যা কিমান?
উঃ ভৃগুমুনি কাগয়ুৰ দ্বাৰা ৰচিত তথা সম্পাদিত মুঠ গ্রন্থৰ সংখ্যা ২৭ খন।

(থ) প্রকৃতিপ্রেমী যাদৱ পায়েঙক কি আখ্যা দিয়া হৈছে?
উঃ প্রকৃতিপ্রেমী যাদৱ পায়েঙক ভাৰতৰ অৰণ্য মানৱ আখ্যা দিয়া হৈছে।

(দ) যাদৱ পায়েঙে নির্মান কৰা বিশাল কাঠনি বাৰীখনক কি বুলি জনা যায়?
উঃ যাদৱ পায়েঙে নির্মান কৰা বিশাল কাঠনি বাৰীখনক মােলাই কাঠনি নামেৰে জনা যায়।

(ধ) যাদৱ পায়েঙে কোন চনত পদ্মশ্রী লাভ কৰে?
উঃ ২০১৫ চনত যাদৱ পায়েঙে পদ্মশ্রী লাভ কৰে।

(ন) কোনগৰাকী ব্যক্তিৰ বাবে কাজিৰঙা অভয়াৰণ্যই বিশ্ব মানচিত্রত স্থান লাভ কৰিছিল?
উঃ মহীচন্দ্র মিৰিৰ বাবে কাজিৰঙাই বিশ্ব মানচিত্রত স্থান লাভ কৰিছিল।

(প) ৰাজেন্দ্র কুমাৰ মিলি কোন?
উঃ ৰাজেন্দ্র কুমাৰ মিলি বিশ্ব পাঞ্জা চেম্পিয়ন হােৱা অসমৰ এজন পাঞ্জা খেলুৱৈ আছিল।

মিচিং সকল Class 10

২। চমু প্রশ্নোত্তৰঃ
(ক) মিচিংসকলৰ পূৰ্বৰ বাসস্থান ক’ত আছিল? তেওঁলােকে পৰবৰ্তী সময়ত ক’লৈ স্থানান্তৰিত হৈছিল আৰু কিয়?
উঃ অসমৰ উত্তৰলানি পাহাৰ অর্থাৎ বর্তমানৰ অৰুণাচলৰ আবৰ পাহাৰ হ’ল মিচিংসকলৰ পূৰ্বৰ বাসস্থান। মিচিংসকলে অসমৰ সমতললৈ পৰৱৰ্তী সময়ত নামি আহিছিল সুচল জীৱিকাৰ সন্ধানত।

(খ) মিচিংসকলৰ বিবাহ প্রথাৰ বিষয়ে চমুকৈ লিখা।
উঃ মিচিংসকলৰ মাজত একাধিক বিবাহ প্রথা প্রচলন আছে। মিচিং ডেকা- গাভৰুৱে স্বাধীনভাৱে জীৱন-সংগী বিচাৰিব পাৰে, অৱশ্যে একেটা কুলৰ মাজত বিবাহ সম্পাদিত নহয়। বংশ গণনা পুৰুষকেন্দ্রিক। কোনাে ডেকা-গাভৰুৱে নিজ পছন্দ অনুসৰি বিয়া হ’লেও পাছত দুয়াে পক্ষৰ অনুমােদন লভিলেই সকলাে মীমাংসা হয়। ল’ৰা-ছােৱালী উভয় পক্ষৰ উচ্চ-নীচ কুল বিচাৰ কৰা নহয়। মিতিৰ সম্বন্ধহে গঢ়া হয় কেৱল।

(গ) মিচিংসকলৰ প্ৰধান খেতি কি? তেওঁলােকে ইয়াৰ উপৰি অন্য কি কি শস্যৰ খেতি কৰে?
উঃ মিচিংসকলৰ প্ৰধান খেতি ধান। আহু আৰু শালি— ঘাইকৈ এই দুবিধ ধানৰ খেতি বছৰি কৰে। ধানৰ উপৰি তেওঁলােকে মাহ, সৰিয়হ, বিবিধ আলু, কচু, আদা, জলকীয়া আদিৰ খেতি কৰে।

(ঘ) কৌবাং কি আৰু ইয়াক কিয় অনুষ্ঠিত কৰা হয় ?
উঃ কৌবাং হৈছে মিচিং সমাজত অনুষ্ঠিত মেল। গাঁৱৰ কোনাে ব্যক্তিয়ে কিবা দোষ বা অপৰাধ কৰা বুলি ভাবিলে এনে মেল আহ্বান কৰা হয়। গাঁওবুঢ়া হৈছে কৌবাংৰ তত্ত্বাৱধায়ক। তেওঁৰ চোতালত নাইবা মূৰংঘৰত কৌবাং অনুষ্ঠিত হয়। কোনাে লােক দোষী সাব্যস্ত হলে কৌবাঙতে তেওঁক বর্জন বা সমাজচ্যুত কৰাৰ সিদ্ধান্তও লােৱা হয়।

(ঙ) মিচিংসকলৰ সাজপাৰ সম্পর্কে চমুকৈ লিখা।
উঃ মিচিং সাজ-পাৰ চকুত লগা তাৰ ৰং, ফুলৰ চানেকি আদিৰ বাবে। এই জনগােষ্ঠীৰ সাংস্কৃতিক পৰিচয় যেন সাজ-পাৰত জিলিকি থাকে। প্রচলিত আছে মিচিং তিৰােতাই তাঁতত সপােন সৰগ ৰচিব পাৰে। পুৰুষ-মহিলা উভয়ৰে পােচাক ভিন ভিন। মিচিং পুৰুষে পৰিধান কৰে মিবু গালুগ, গনৰ, উগন, টঙালি, দুমৌৰ আদি। আকৌ, মহিলাসকলে ব্যৱহাৰ কৰা সাজ-পাৰ হৈছে – ৰিহা-মেখেলা, ৰিবি গাচেং ইত্যাদি। তাঁতত বােৱা কাপােৰৰ উপৰি গাদু বা মিৰিজিম হৈছে মিচিংসকলৰ জাতীয় সম্বল।

মিচিং সকল Class 10

(চ) মিচিংসকলে কি কি উৎসৱ পালন কৰে?
উঃ আলি-আংয়ে লৃগাং হৈছে মিচিংসকলৰ জাতীয় উৎসৱ। ই মূলতঃ কৃষি উৎসৱ। ফাগুন মাহৰ প্ৰথমটো বুধবাৰত বীজ ৰােপণ কৰা হয় আৰু এই উৎসৱৰ শুভাৰম্ভ হয়। আলি-আঃয়ে লৃগাঙৰ উপৰি মিচিংসকলে মাঘ বিহু, বহাগ বিহু আৰু কাতি বিহুও পালন কৰে।

(ছ) আলি আয়ে লৃগাঙৰ দিনা মিচিংসকলে প্রথমে কাৰ পূজা কৰে আৰু তেওঁলােকক কি অর্পণ কৰে?
উঃ আলি-আঃয়ে লৃগাঙৰ দিনা মিচিংসকলে প্রথমে দেৱতা, ডা-ডাঙৰীয়াৰ পূজা কৰে। সেইদিনা দেৱতা আৰু-ডাঙৰীয়ালৈ তেওঁলােকে অর্পণ কৰে আপং, পুৰাং আপিনৰ লগত দিনচান, চান (শুকান মাছ) আৰু মঙহ।

(জ) অধ্যাপক নাহেন্দ্র পাদুনে মিচিং ভাষাৰ বিকাশৰ স্তৰক কেইটা আৰু কি কি ভাগত বিভক্ত কৰিছে?
উঃ অধ্যাপক নাহেন্দ্র পাদুনে মিচিং ভাষাৰ বিকাশৰ স্তৰক তিনিটা ভাগত ভাগ কৰিছে। সেই স্তৰকেইটা ক্রমে— আদি, মধ্য আৰু আধুনিক স্তৰ।
মিৰৃ বা আঃবাঙৰ স্তুতিমূলক গীত-মাত আৰু লােক কথাবােৰ আদি স্তৰৰ অন্তৰ্গত। মধ্য স্তৰত পৰে মিছনেৰি স্তৰ আৰু মিচিং ভাষাৰ সম্পৰীক্ষাৰ স্তৰ।

(ঝ) ভৃগুমুনি কাগয়ুঙৰ আটাইতকৈ জনপ্রিয় গ্রন্থখনৰ নাম কি আছিল আৰু ইয়াৰ বাবে তেওঁ কি পুৰস্কাৰ লাভ কৰিছিল ?
উঃ ভৃগুমুনি কাগয়ুঙৰ আটাইতকৈ জনপ্রিয় গ্রন্থখনৰ নাম হৈছে ‘অনাহুত’। এইখন কাব্যগ্রন্থ। ১৯৭১ চনত তেওঁ এই গ্ৰন্থখনৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা পুৰস্কৃত হৈছিল।

Leave a Comment