হাজং সকল Class 10 – অসমীয়া বৈচিত্রময় অসম

শ্ৰেণী দশম
বিষয় অসমীয়া (বৈচিত্রময় অসম)
পাঠ হাজং সকল
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

হাজং সকল Class 10

হাজংসকল
পাঠভিত্তিক প্রশ্নোত্তৰ

১। হাজংসকল কোন জনগােষ্ঠীৰ লােক?
উঃ নৃতত্ববিদসকলৰঅনুসৰি হাজংসকল হৈছে ইণ্ডো-মংগােলীয় জনগােষ্ঠীৰ লােক ।

2। হাজংসকলক পার্বত্য স্বায়ত্তশাসিত জিলাসমূহত কেতিয়া অনুসূচিত জনজাতি হিচাপে স্বীকৃতি দিছিল?
উঃ ভাৰতীয় সংবিধানৰ ১৯৫০ চনৰ আইন অনুসৰি হাজংসকল পাবত্য স্বায়ত্তশাসিত জিলাৰ অনুসূচিত জনজাতি হিচাপে স্বীকৃতি প্রদান কৰা হয়।

৩। বর্তমান হাজংসকল অসমৰ প্ৰধানতঃ কোন কোন জিলত বসবাস কৰি আছে?
উঃ হাজংসকলে বৰ্তমান অসমৰ গােৱালপাৰা, ধুবুৰী,বাক্সা, ওদালগুৰি,কামৰূপ,চিৰাং, দৰং,লক্ষীমপুৰ, ধেমাজী, নগাঁও আদি জিলাত বাস কৰে।

৪। হাজংসকলৰ মূল জীৱিকা কি?
উঃ হাজংসকলৰ প্ৰধান জীৱিকা হৈছে কৃষি।

৫। বাস্তুদেও পূজা কেতিয়া অনুষ্ঠিত কৰে?
উঃ বাস্তুদেৱৰ পূজা ব’হাগ মাহত কৰা হয়।

৬। হাজং সমাজত কাছৰি ঘৰৰ তাৎপর্য কি?
উঃ হাজংসকলৰ কাছৰি ঘৰ হৈছে বাটচ’ৰা ঘৰৰ দৰে। প্ৰকৃততে ই আছিল ডেকাচাং। গাঁৱৰ অবিবাহিত ডেকাসকলে এই ঘৰত নিশা শুইছিল। আনকি গাঁৱলৈ অহা পুৰুষ আলহী-অতিথিও এই ঘৰতে ৰাতি কটাব পাৰিছিল। এটা সময়ত গাঁৱৰ মুৰব্বী বা প্রতিপত্তিশীল লােকৰ ঘৰ-হাউলিতহে কাছৰি ঘৰ আছিল।

Related Post: সােনােৱাল কছাৰীসকল Class 10

হাজং সকল Class 10

অতিৰিক্ত প্রশ্নোত্তৰ
১। অতি চমু প্রশ্নোত্তৰ :

(ক) মেঘালয়ৰ কোন কোন ঠাইত হাজং লােকসকলৰ বসতি অধিক?
উঃ পশ্চিম আৰু দক্ষিণ গাৰাে পাহাৰ জিলা আৰু খাচীয়া পাহাৰ জিলাৰ সমতল অঞ্চলত।

(খ) হাজংসকলে কেতিয়া ভৈয়ামীয়া জনজাতি হিচাপে স্বীকৃতি লাভ কৰে।
উঃ ভাৰতীয় সংবিধান সংশােধিত “অনুসূচিত জাতি তথা জনজাতি নির্দেশ অধিনিয়ম ২০০২”ৰ অধীনত হাজংসকলে ভৈয়ামীয়া জনজাতি হিচাপে স্বীকৃতি লাভ কৰে।

(গ) হাজংসকলৰ পূৰ্বপুৰুষৰ নাম কি আছিল?
উঃ হাজো।

(ঘ) হাজংসকলে গাঁৱৰ প্ৰধানজনক কি বুলি কয় ?
উঃ গিয়াতী।

(ঙ) হাজংসকলৰ গৃহদেৱতাৰ নাম কি?
উঃ বাস্তু বা বাইচ ।

(চ) হাজং মহিলাসকলে পাৰম্পৰিক কাপোৰ ববলৈ ব্যৱহাৰ কৰাবাঁহৰ যতনবিধৰ নাম কি?
উঃ বানা।

(ছ) হাজং ভাষাটো কোনটো ভাষা পৰিয়ালৰ অন্তৰ্গত?
উঃ হাজং ভাষাটো তিব্বত-বর্মীয় ভাষা পৰিয়ালৰ বড়াে শাখাৰ অন্তৰ্গত।

(জ) বর্তমানৰ হাজং ভাষাটোৰ ওপৰত নামনি অসমৰ কোন দুটা ভাষাৰ প্ৰভাৱ দেখা পায়?
উঃ কামৰূপীয়া আৰু গােৱালপৰীয়া উপভাষাৰ।

হাজং সকল Class 10

২। চমু প্রশ্নোত্তৰ :
(ক) হাজং শব্দটোৰ উৎপত্তি সম্পর্কে লিখা।
উঃ হাজং শব্দটোৰ উৎপত্তি সম্পর্কে কেইবাটাও মত প্রচলিত আছে। এটা মত অনুসৰি ‘হাজং’ নামৰ ভূখণ্ডৰ পৰা প্রব্রজিত কাৰণে এই জনগােষ্ঠীৰ নাম হাজং হৈছে। অইন এটা মত অনুসৰি, এই জনগােষ্ঠীৰ পূৰ্বপুৰুষ ‘ হাজো’ৰ জন হিচাপে তেওঁলােক হাজং নামে পৰিচিত। তৃতীয় এটা মত অনুসৰি ‘হাজং’ শব্দটো গাৰাে সকলেহে দিয়া নাম। গাৰাে ভাষাত ‘হা’ মানে মাটি আৰু ‘জং’ মানে পােক। হাজং গােষ্ঠীৰ লােকে সমতলৰ মাটিত বােকা-পানীৰে লুতুৰি-পুতুৰি হৈ খেতিকার্যত জড়িত হৈ থকা দেখি গাৰােসকলে হাজং নাম দিছিল বুলি মত প্রচলিত।

(খ) হাজংসকল প্ৰথম অৱস্থাত সামাজিকভাৱে কি কি ছয়টা ভাগত বিভক্ত আছিল?
উঃ হাজংসকল প্ৰথম অৱস্থাত সামাজিকভাৱে হাৰাং পাৰিয়া, ভজালু পাহাৰীয়া, মাণিক পাহাৰীয়া, টেপৰ পাহাৰীয়া,সাতদল পাহাৰীয়া আৰু মাঞ্জী পাৰীয়া নামৰ এই ছয়টা ভাগত বিভক্ত আছিল

(গ) হাজংসকলে যিকোনাে সামাজিক বাদ-বিবাদ কেনেদৰে মীমাংসা কৰে?
উঃ হাজংসকলৰ সমাজত যিকোনাে বাদ-বিবাদ হলে প্রথমতে গাঁও-গিয়াতিৰ মুৰব্বীয়ে মীমাংসা কৰে। যদি তেওঁ নােৱাৰে, তেন্তে পাঁচ গিয়াতিৰ মুৰব্বীসকলে মেল পাতি সমাধান কৰে। অধিক জটিল সমস্যা সমাধান কৰিবলৈ জোৱাৰ বা চাকলাৰ মুৰব্বীসকলে মেল পাতি কৰে।

(ঘ) হাজংসকলৰ গৃহ নির্মাণ পদ্ধতিৰ বিষয়ে চমুকৈ লিখা।
উঃ হাজংসকলৰ ঘৰ বাৰী মুকলিমূৰীয়া। তেওঁলােকে খেতি পথাৰৰ পৰা দূৰৈত ওখ ঠাই ঘৰ সজাৰ বাবে বাছি লয়। সোঁমাজত এখন চোতাল ৰাখি তাৰ চাৰিওফালে ঘৰ সাজে। সাধাৰণতে হাজংসকলৰ ঘৰৰ আৰ্হি হ’ল – এটা মাইজৈ ঘৰ (বৰঘৰ), এটা চাংঘৰ (ভৰাল), এটা আখলি ঘৰ (ৰান্ধনি ঘৰ), এটা গুলি ঘৰ (গোহালি) আৰু আগচোতালত থাকে এটা কাছৰি ঘৰ। ঘৰৰ চোতালৰ পূৰ দিশত থাকে বাস্তু আৰু কানীদেওৰ থান। বৈষ্ণৱপন্থী হাজংসকলৰ চোতালত আকৌ থাকে হৰিঘৰ আৰু তুলসীৰ থান।

হাজং সকল Class 10

(ঙ) হাজং মহিলাসকলৰ পাৰদৰ্শিতা সম্পর্কে চমুকৈ লিখা।
উঃ হাজং মহিলাসকল পুৰুষৰ দৰেই আগৰণুৱা । তেওঁলােক পাকৈত দাৱনী, ৰােৱনী, মাছুৱৈ আৰু কর্মঠ গৃহিণী ।তেওঁলােক শিপিনীও। হাজং শিপিনীয়ে নানাৰঙী সূতাৰে নিজৰ কাৰণে পৰম্পৰাগত পােছক ‘ৰাঙা পাটিন’ আৰু পুৰুষসকলৰ কাৰণে ‘ভেঝা কাপুৰ’, ফুলা আগৰুণ, পাছৰা, ফুলা কাণপেছ আদি ঘৰতে বৈ উলিয়ায়। সামাজিক উৎসৱ-অনুষ্ঠানতাে হাজং গাবুৰ, আয়ৰক আৰু বয়ােবৃদ্ধাৰ পাৰদর্শিতা দেখা যায় ।

(চ) হাজং মহিলাসকলে পৰিধান কৰা কিছুমান আ- অলংকাৰৰ নাম লিখা।
উঃ হাজং মহিলাসকলে পৰিধান কৰা কিছুমান আ-অলংকাৰৰ নাম হ’ল -বাহুত কাটাবাজু, ভৰিত বাক, গুঞ্জৰী, ঠেংপাতা, কাণত কৰমফুল, নাকত নলছ, নাকফুল, ডিঙিত চিকিছৰা, হাৰমালা, হাছলী, হাতত বয়লা, শাঁকা (শঙ্খ) আৰু আঙুলিত আঙঠি ।

(ছ) হাজংসকলৰ পৰম্পৰাগত সাজপাৰৰ বিষয়ে চমুকৈ লিখা।
উঃ হাজংসকলৰ পৰম্পৰাগত সাজ-পাৰসমূহ নিজস্ব বৈশিষ্ট্যসমৃদ্ধ। পুৰুষ আৰু মহিলাৰ পোছাকৰ পার্থক্য আছে।হাজংপুৰুষৰ সাজপাৰ অতি সাধাৰণ। তেওঁলােকে কঁকালত পিন্ধে বগা,নীলা অথবা পখৰা ৰঙৰ ভেঝানিংটি’। গাত পিন্ধে বুকছলি।শীতকালি ডিঙিত ফুলৈ কানপেছ আৰু আওলান ব্যৱহাৰ কৰে। মহিলাসকলে পৰিধান কৰে নানাৰঙী কাৰু-কার্যখচিত ‘ৰাঙা পাটিন’।

(জ) হাজংসকলে কি কি উৎসব-পার্বণ পালন কৰে চমুকৈ লিখা।
উঃ হাজংসকল মূলতঃ কৃষিজীৱী হােৱা হেতুকে হাজংসকলে কৃষিৰ সৈতে জড়িত কিছুমান লােকাচাৰ পালন কৰে। তাৰ ভিতৰত গুচি পুতা, আগ আনা, নয়া খােৱা, কাতি গাছা, শইচ চপােৱা আৰু মাঘ বিহুত চিৰা-পিঠা খােৱা, সঙৰাণি বা ৰঙালী বিহুত গৰুক গা ধুওৱা, খেতিত ব্যৱহৃত সঁজুলি ধুই-পখালি চোতালত বন্তি জ্বলােৱা আদি প্রধান। তদুপৰি তেওঁলােকে ব’হাগত বাস্তু পূজা, আহাৰত সাতােৱাৰ চুৱা মানা, শাওণত বৰত’,শৰতত যাত্রা-পূজা, ভুই মাগা, চ’ৰমাগা উৎসৱ, কাতি পূজা, পুহ মাহত পথাৰত ভালুক মাগা, ধান চপােৱাৰ পাছত থংবৈমাগা, পুষণৈ আদিও পালন কৰে।

(ঝ) হাজংসকলৰ ধর্মীয় আচাৰ-অনুষ্ঠানৰ বিষয়ে চমুকৈ লিখা।
উঃ ধর্মীয় আচৰণৰ দিশেৰে হাজংসকল দুটা শ্ৰেণীত বিভক্ত।(ক) হাজং শাক্ত আৰু (খ) হাজং খাটল (বৈষ্ণৱ)। পৰম্পৰাগত ধর্মীয় আচৰণ মানি লােৱাসকল হাজং শাক্ত আৰু বৈষ্ণৱ পন্থা গ্রহণ কৰাসকল হাজং বৈষ্ণৱ। শাক্তসকলে মাছ-মঙহ, ঘৰুৱা মদ আদি খায় আৰু বৈষ্ণৱ আচৰণত বিশ্বাসী খাটলসকল। বৈষ্ণৱীসকলে শালগ্রাম বিগ্রহক বিষ্ণু মানি পূজা কৰে আৰু জন্মাষ্টমী, ৰাধাষ্টমী, ৰাসযাত্রা, দৌলযাত্রা আদি পালন কৰে। নাম কীর্তননা কৰে।
মূলতঃ হিন্দু ধর্মাৱলম্বী হ’লেও পৰম্পৰাগতভাৱে হাজংসকলৰ মূল দেৱতা হৈছে বাস্তুদেও। ব’হাগ মাহত তেওঁলােকে বাস্তুদেওৰ পূজা কৰে।

(ঞ) হাজংসকলৰ পৰম্পৰাগত নৃত্যগীতৰ বিষয়ে চমুকৈ লিখা।
উঃ হাজংসকলৰ পৰম্পৰাগত নৃত্য-গীতৰ ভিতৰত লেৱাটানা, জাখামাৰা, ভাঙা নাওকা, দেৱী যুদ্ধ আদি জনপ্রিয় আৰু পুৰণি। ডেকাসকলে এই নৃত্য-গীত কৰোঁতে ঢাকী, দোতােৰা, বাঁহী, তাল আদি বাদ্য ব্যৱহাৰ কৰে।

(ট) হাজংসকলৰ খাদ্য সম্ভাৰৰ বিষয়ে চমুকৈ লিখা।
উঃ হাজংসকল মুখ্যতঃ আমিযাহাৰী। মাছ, মঙহ, ঘৰুৱা মদ তেওঁলােকে খায়।তদুপৰি বাঁহগাজ, কচু, আলু, কচুৰ পাত আৰু থােৰা, হিদুল, শাক-পাতৰ শকুতা, কাছ-ডৰাু-মাছাং, লেবা শাক, বিচি ভাত, বুকনি ভাত, ডিংপােৰা তেওঁলােকৰ প্রিয় আহাৰ।

1 thought on “হাজং সকল Class 10 – অসমীয়া বৈচিত্রময় অসম”

Leave a Comment