ইন্টাৰনেটৰ তিতা মিঠা Class 10 দশম শ্ৰেণীৰ অসমীয়া সকলো প্ৰশ্নৰ উত্তৰ

ইন্টাৰনেটৰ তিতা মিঠা Class 10 | class 10 assamese lesson 9 question answer| দশম শ্ৰেণীৰ অসমীয়া ইন্টাৰনেটৰ তিতা মিঠা |

শ্ৰেণী দশম
বিষয় অসমীয়া
পাঠ ইন্টাৰনেটৰ তিতা মিঠা
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

ইন্টাৰনেটৰ তিতা মিঠা class 10 Assamese Lesson 9 Question Answer

পাঠভিত্তিক প্রশ্নোত্তৰ
ভাব বিষয়ক :

১। চমুকৈ উত্তৰ লিখা ।
(ক) দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল?
উঃ নৱম শ্রেণীৰ পৰা দশম শ্রেণীলৈ প্ৰথম হৈ উত্তীর্ণ হােৱাৰ বাবে দেউতাকে কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল।

(খ) ইন্টাৰনেট কি?
উঃ ইণ্টাৰনেট হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী ব্যৱস্থা। হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই হৈছে ইণ্টাৰনেট।

(গ) কুঁৱলীয়ে প্রথমে কালৈ ই-মেইল কৰিছিল?
উঃ কুঁৱলীয়ে প্ৰথমতে মস্কোলৈ পঢ়িবলৈ যােৱা তাইৰ বান্ধৱী শ্বেৰেণলৈ ই-মেইল কৰিছিল।

(ঘ) পূজাৰ বন্ধত কুঁৱলীহঁতে ক’লৈ যােৱাৰ সিদ্ধান্ত লৈছিল ?
উঃ পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতৰ ফালে ফুৰিবলৈ যােৱাৰ সিদ্ধান্ত লৈছিল।

(ঙ) ভাইৰাছ কি?
উঃ ভাইৰাছ হৈছে ধ্বংসাত্মক অভিপ্রায়েৰে প্ৰস্তুত কৰা একধৰণৰ কম্পিউটাৰ প্ৰ’গ্রাম।

2। Www বা ৱেব কি?
উঃ ৱর্ল্ড ৱাইড ৱেব বা ৱেব হৈছে সমগ্র বিশ্বজুৰি সিঁচৰতি হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্য-পাতিৰ সামূহিক ভাণ্ডাৰ।

৩। কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে?
উঃ কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে মস্কোত থকা অন্তৰংগ বান্ধৱী শ্বেৰেণৰ খবৰ জানিব বিচৰাত লগে লগে শ্বেৰণৰ পৰা উত্তৰ আহিল ফটোৰ সৈতে।বন্ধত মাক-দেউতাকৰ সৈতে শ্বেৰণ গৈছিল ছেইণ্ট পিটাছৰ্বাৰ্গলৈ, তাৰেই ভ্রমণ অভিজ্ঞতাৰ সুন্দৰ বর্ণনা আৰু ফটোসমূহে কুঁৱলীক বাৰুকৈয়ে আনন্দ দিলে।

৪। ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে?
উঃ ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে ন ন অভিজ্ঞতা অর্জন কৰিলে। ই-মেইলৰ দ্বাৰা প্রথমে বান্ধৱীৰ সঁহাৰি পােৱাৰ লগে লগে কুঁৱলীৰ মন আৰু নতুন অভিজ্ঞতাৰ বাবে উদগ্ৰীৱ হৈ পৰিল। এইবাৰ তাই ভিডিঅ’কলিঙৰ সােৱাদ ল’লে। বিজ্ঞান সম্পর্কীয় নন পৰীক্ষা-নিৰীক্ষাৰ বিষয়ে ইন্টাৰনেটত উপলব্ধ বিভিন্ন ৱেবছাইটৰ পৰা শিকিলে। ভাল বার্তা থকা পুৰণি চিনেমা, বিখ্যাত গায়কৰ চিৰযুগমীয়া গানবােৰৰ লগতে বিভিন্ন খেল উপভােগ কৰিলে তাই আজৰি পৰত।

Class 10 Assamese ইন্টাৰনেটৰ তিতা মিঠা

৫। ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে?
উঃ ভাইৰাছ হৈছে এক কম্পিউটাৰ প্র’গ্রাম যাক সৃষ্টি কৰা হয় ধ্বংসৰ উদ্দেশ্যেৰে। কম্পিউটাৰৰ ক্ষেত্ৰতহে ই প্রযােজ্য। কোনাে কম্পিউটাৰত থকা সুস্থ প্র’গ্রাম বা ফাইলৰ লগত ভাইৰাছ সংযুক্ত কৰি সেই সুস্থ প্র’গ্রামবােৰত বিজুতি ঘটাব পাৰি। এনে কাম মূল ব্যৱহাৰকাৰীৰ অজ্ঞাতে কৰা হয়। ভাইৰাছ (virus) ৰ সম্পূৰ্ণ ৰূপ হৈছে Vital Information Resources Under Seize |

৬। ইণ্টাৰনেটৰৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। – কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা।
উঃ প্রশ্নোদ্ধৃত কথাষাৰৰ বক্তা হ’ল শ্বাৱানা বাইদেউ। ইণ্টাৰনেটৰ সুবিধা-অসুবিধাবা সুফল-কুফলৰ বিষয়ে ক’বলৈ গৈ প্রশ্নোত কথাষাৰৰ অৱতাৰণা কৰা হৈছিল।ইন্টাৰনেটৰ বহু সুবিধা আছে। ইয়াৰ ফলত ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰৰ দ্বাৰা ভঁৰৰ বাতৰি উৰে লাভ কৰিব পাৰি। বিভিন্ন শৈক্ষিক কার্যক্রম, নীতিশিক্ষা পাব পৰা চিনেমা, চিৰযুগমীয়া গান, খেল, পৃথিৱীৰ বিভিন্ন প্রান্তত থকা মানুহৰ সৈতে যােগাযােগ, বিশ্বৰ বিভিন্ন ঠাই সম্পর্কে বিভিন্ন গুরুত্বপূর্ণ তথ্য ইত্যাদি পলকতে ইণ্টাৰনেটৰ যােগেদি পাব পাৰি। কিন্তু সুবিধাৰ দৰেই বহু অসুবিধাও আছে। ছ’চিয়েল মিডিয়াৰ অত্যধিক প্রয়ােগত ব্যস্ত থাকি আজিৰ প্রজন্ম কিতাপ পঢ়া আৰু খেলা-ধূলাৰ পৰা বহু পৰিমাণে আঁতৰি আহিছে। তদুপৰি এনে মাধ্যমত পলকতে বহু মিছা খবৰ বিয়পি সাম্প্রদায়িক সংঘর্ষ পর্যন্ত সৃষ্টি হৈছে। বহুতে ইণ্টাৰনেট সমৃদ্ধ ম’বাইলত ইমানেই ব্যস্ত থাকে যে বাটে- পথে দুর্ঘটনাৰাে সন্মুখীন হােৱা দেখা যায়। মুঠতে সূৰ্যৰ ৰশ্মিত যিদৰে প্রাণ নাশিব পৰা অতি বেঙুনীয়া ৰশ্মি আছে, আকৌ সূৰ্যৰ পােহৰ প্ৰাণীৰ প্রাণাে। একেদৰে ইণ্টাৰনেটৰ সুফল কুফল দুয়ােটাই আছে। ব্যৱহাৰকাৰীৰ ওপৰত নিৰ্ভৰ কৰে ইয়াৰ প্ৰভাৱ।

৭। ‘ইণ্টাৰনেটৰ তিতা-মিঠা’ গল্পটোৰ নামকৰণৰ সার্থকতা বিচাৰ কৰা।
উঃ লেখক ড° প্রণয়ী দত্তই গুণা-গঁথা কৰিয়েই পাঠটোৰ নাম ইণ্টাৰনেটৰ তিতা-মিঠা’ ৰাখিছে বুলি ক’ব পাৰি। লেখক নিজেও ইলেক্ট্রনিক মাধ্যমৰ হােৱা হেতুকে সেই মাধ্যমৰ সুবিধা-অসুবিধা দুয়াে দিশেই তেওঁৰ জ্ঞাত। সূর্যৰ পােহৰ আৰু শক্তি জীৱকূলৰ প্রাণ। আনহাতে, সূৰ্যৰ পােহৰত থকা অতি বেঙুনীয়া ৰশ্মি জীৱৰ মৃত্যুৰ কাৰণ। একেদৰে, একবিংশ শতিকাত তথ্য-প্রযুক্তিৰ ব্যাপক উত্তৰণৰ যুগত ইণ্টাৰনেটৰ প্ৰয়ােগ অপৰিহাৰ্য হৈ পৰিছে। ইণ্টাৰনেট অবিহনে যেন একোতে আগবাঢ়িব নােৱাৰি। ইণ্টাৰনেটে পৃথিৱীৰ সকলাে জ্ঞান-তথ্য পলকতে পাব পৰা কৰিছে। কিন্তু একে সময়তে প্রয়ােগৰ মাত্ৰাৰ আধিক্যই ছাত্র-ছাত্রী তথা মানুহৰ ক্ষতি সাধন কৰিছে। চকুৰ অসুখ, মূৰৰ বিষত ভুগিছে। সামাজিক পৰিৱেশৰ পৰা ছাত্রসমাজ দূৰলৈ আহিছে। বাস্তৱ পৃথিৱীতকৈ অধিক সময় কল্পনাৰাজ্যত বিচৰণ কৰিছে। পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈছে। কর্মবিমুখতাই গা কৰি উঠিছে। মুঠতে নানা সমস্যাই আগুৰি ধৰিছে। ইন্টাৰনেটৰ সীমাহীন সুবিধাৰ লগতে ব্যৱহাৰকাৰীক ক্ষতি কৰা দিশসমূহাে লেখকে সমান্তৰালভাৱে বিশ্লেষণ কৰিছে। সেয়ে নিশ্চিতভাৱে ক’ব পাৰি যে পাঠটোৰ নামকৰণত লেখক সার্থক হৈছে।

৮। ইন্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা।
উঃ ইণ্টাৰনেটৰ অত্যধিক প্রয়ােগে ছাত্র-ছাত্রীৰ জীৱনত ব্যাপক অসুবিধাৰ সৃষ্টি কৰিব পাৰে। সমস্ত জীৱন প্ৰৱাহেই সলাই দিব পাৰে। ছাত্ৰ-ছাত্ৰীক দৈনন্দিন জীৱনৰ অন্য প্রয়ােজনীয় কথালৈ মন নিদি বেছিখিনি সময় ইন্টাৰনেটত ব্যস্ত হৈ থকা সততে দেখা যায়। ছ’চিয়েল মিডিয়াত এনেদৰে ব্যস্ত হৈ থাকে যে পঢ়া-শুনাৰ প্রতি আগ্রহ কমি যায়। ইন্টাৰনেটৰ আসক্তিয়ে খেলা-ধূলাৰ প্রতিও বিৰাগ জন্মায়। কোনাে ধৰণৰ অনুষ্ঠান-উৎসৱত ভাগ ল’বলৈ উৎসাহ
নেদেখুৱায়। চকু আৰু মগজুৰ যথেষ্ট ক্ষতি হয়। আলােচনী,বাতৰি কাকতৰ লগতে সম্বন্ধ ছেদ হয়। বাটে-পথে সমনীয়া বা জ্যেষ্ঠ পথচাৰীৰ প্ৰতি গুৰুত্ব দেখুওৱাটোতাে দূৰৰে কথা,ইণ্টাৰনেট সংলগ্ন ম’বাইল চাই চাই যাওঁতে পথ দুর্ঘটনাতাে পৰে। বহু সময়ত ইণ্টাৰনেটত প্ৰচাৰিত ভুল বাতৰিৰ প্ৰভাৱত সমাজত নানা সংঘর্ষ হােৱাও দেখা যায়। মুঠতে ইণ্টাৰনেট আসক্তিৰ ফলত দৈনন্দিন জীৱনৰ প্ৰয়ােজনীয় সকলাে কথাতে অমনােযােগিতা লক্ষ্য কৰিব পাৰি।

দশম শ্ৰেণীৰ অসমীয়া ইন্টাৰনেটৰ তিতা মিঠা

ভাষা বিষয়ক :
৯। বাক্য ৰচনা কৰাঃ
চিনাকি-অচিনাকি, অলীক-সপােন, নাকে-মুখে, পৰীক্ষা-নিৰীক্ষা।

চিনাকি-অচিনাকি : চিনাকি-অচিনাকি সকলােৱে মৃণালিনীৰ কৃতিত্বৰ শলাগ ল’লে।
অলীক-সপােন : ভালদৰে নপঢ়ি চৰকাৰী চাকৰি কৰিব খােজাটো অলীক সপােনৰ লেখিয়া।
নাকে-মুখে : নাকে-মুখে ৰং লাগি মইনা দেখিবলৈ পুতলাৰ দৰে হৈছে।
পৰীক্ষা-নিৰীক্ষা : বহু পৰীক্ষা-নিৰীক্ষাৰ অন্তত মৰমীৰ দুৰাৰােগ্য ৰােগ চিনাক্ত হ’ল।

১০। অর্থ লিখা (অভিধান চাই) :
ক্ষতি, বিজুতি, গুণাগথা, উদাস, পুঞ্জীভূত।
উঃ ক্ষতি : নাশ, ধ্বংস, অপচয়।
বিজুতি : যন্ত্র আদিত ওলােৱা বেমাৰ
গুণাগথা : চিন্তা-চর্চা
উদাস : অনুৰাগহীন, শূন্যতাবােধযুক্ত
পুঞ্জীভূত : পুঞ্জিত, সঞ্চিত।

অতিৰিক্ত প্রশ্নোত্তৰ

১। অতি চমু প্রশ্নোত্তৰ :
(ক) কুঁৱলীক দেউতাকে কি উপহাৰ দিছিল?
উঃ কুঁৱলীৰ দেউতাকে কম্পিউটাৰ উপহাৰ দিছিল।

(খ) কুঁৱলীৰ বান্ধৱী শ্বেৰণে ক’লৈ পঢ়িবলৈ গৈছিল ?
উঃ কুঁৱলীৰ বান্ধৱী শ্বেৰণে মস্কোলৈ পঢ়িবলৈ গৈছিল।

(গ) কোনে কুঁৱলীৰ কম্পিউটাৰটোত এণ্টিভাইৰাছ ছফটৱেৰ অন্তর্ভুক্ত কৰিছিল ?
উঃ শ্বাবানা বাইদেৱে কুঁৱলীৰ কম্পিউটাৰটোত এণ্টিভাইৰাছ ছফটৱেৰ অন্তর্ভুক্ত কৰিছিল

(ঘ) ভাইৰাছ (VIRUS) ৰ সম্পূৰ্ণ ৰূপটো কি?
উঃ ভাইৰাছ (VIRUS) ৰ সম্পূৰ্ণ ৰূপটো হ’ল Vital information resources under seize 1

(ঙ) ইণ্টাৰনেটক চমুকৈ কি বুলি কোৱা হয় ?
উঃ ইণ্টাৰনেটক চমুকৈ নেট (Net) বুলি কোৱা হয়।

(চ) কুঁৱলী কি ব্যৱহাৰ কৰিবলৈ উদগ্রীৱ হৈ পৰিছিল?
উঃ কুঁৱলী ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ উদগ্রীৱ হৈ পৰিছিল।

ইন্টাৰনেটৰ তিতা মিঠা Class 10 Question Answer

১। চমু প্রশ্নোত্তৰঃ
(ক) কুঁৱলীৰ দেউতাকে তাইক কি আশাৰে কম্পিউটাৰটো উপহাৰ দিছিল?
উঃ কুঁৱলীৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয়— এই আশাৰে দেউতাকে কুঁৱলীক কম্পিউটাৰটো উপহাৰ দিছিল।

(খ) কুঁৱলীয়ে তাইৰ আইতাকৰ পৰা কি সাধুকথা শুনিছিল?
উঃ কুঁৱলীয়ে আইতাকৰ পৰা যাদুকৰী আইনা থকা ৰাজকুমাৰীৰ সাধু শুনিছিল। ৰাজকুমাৰীয়ে জানিব খােজা যিকোনাে কথাৰ বিষয়ে আইনাখনক সুধিলেই জানিব পাৰিছিল।

(গ) ইণ্টাৰনেটত সঘনে ব্যৱহাৰ হােৱা কেইটামান গুৰুত্বপূৰ্ণ শব্দ কি কি?
উঃ ইণ্টাৰনেটত সঘনাই ব্যৱহাৰ হৈ থকা শব্দবােৰ হৈছে— ৱেব পেজ (Web Page), বেৱছাইট (website), হ’ম পেজ (Home Page),ব্রাউজাৰ (Browser) ইত্যাদি।

(ঘ) ইন্টাৰনেটৰ জনপ্ৰিয়তাৰ মূল কাৰণটো কি ?
উঃ বিজ্ঞান, কলা বা অইন যিকোনাে জানিব খােজা কথা আমাক ইণ্টাৰনেটে নিমিষতে জনাব পাৰে। এয়াই ইণ্টাৰনেটৰ জনপ্রিয়তাৰ মূল কাৰণ।

(ঙ) কুঁৱলীয়ে কিদৰে মাক-দেউতাকৰ সমস্যা নিমিষতে সমাধান কৰিছিল ?
উঃ ভ্রমণলৈ যাবলৈ ওলাই কুঁৱলীৰ মাক-দেউতাকৰ কত চিন্তাঙ্গ কিন্তু কুঁৱলীয়ে ইণ্টাৰনেটৰ সহায়ত টিকট কটা, হােটেল বন্দবস্ত কৰা, প্রয়ােজনীয় সাজ-পােছাক আৰু অন্যান্য লাগতিয়াল সামগ্রী কিনা ইত্যাদি কাম কৰি নিমিষতে তেওঁলােকৰ সমস্যা সমাধান কৰিলে।

(চ) কুঁৱলীৰ মনটো কিয় বিষাদগ্রস্ত হৈ পৰিছিল ?
উঃ কুঁৱলীৰ বান্ধৱী এজনীয়ে ইণ্টাৰনেটত বৰ বেছিকৈ ব্যস্ত হৈ থাকি একো কথালৈ মন নকৰা হৈছে। সমাজৰ পৰা বিচ্ছিন্ন হােৱাৰ দৰে থাকে, ৰাস্তাই-ঘাটেও নীতি-নিয়ম নমনাকৈ যায়। তাইৰ ভায়েক পলৰাে একেই দশা। পঢ়া-শুনালৈ পিঠি
দি ভিডিঅ’ গেম খেলাত ব্যস্ত থাকে। সৰুৰে পৰাই পঢ়া-শুনাত চোকা ল’ৰাটোৱে ছয়মাহিলি পৰীক্ষাত কেইবাটাও বিষয়ত উত্তীর্ণই হ’ব নােৱাৰিলে। এইবােৰ কথা জানি কুঁৱলীৰ মনটো বিষাদগ্রস্ত হৈ পৰিছিল।

(ছ) শ্বাবানা বাইদেউৱে কিহৰ দ্বাৰা সমাজত ভয়ানক সমস্যাৰ সৃষ্টি হােৱাৰ উদাহৰণ দিছিল? এইক্ষেত্ৰত কেনেদৰে সচেতন হ’বলৈ উপদেশ দিছিল ?
উঃ শ্বাবানা বাইদেউৱে ইণ্টাৰনেটৰ কু -ব্যৱহাৰৰ দ্বাৰা সমাজত ভয়ানক সমস্যাৰ সৃষ্টি হােৱাৰ উদাহৰণ দিছিল। তেওঁ কৈছিল যে ইণ্টাৰনেটৰ সু-প্ৰয়ােগ কৰা উচিত। তেতিয়াহে উন্নতি সম্ভৱ। আজিৰ প্ৰজন্মই ছ’চিয়েল মিডিয়াৰ ব্যাপক প্রয়ােগ কৰোঁতে মনত ৰাখিব লাগিব যে ‘তাৰ দ্বাৰা প্ৰচাৰিত সকলাে বাতৰি সত্য নহয়। তদুপৰি এইবােৰ ব্যৱহাৰ কৰি যাতে পঢ়া-শুনা, খেলা-ধূলা বা চৌপাশৰ সমাজখনক যাতে আওকাণ নকৰে। এনেবােৰ কথাত সচেতন হ’বলৈকে শ্বাবানা বাইদেউৱে উপদেশ দিছিল।

(জ) আত্ম উপলব্ধিৰে ভৰি পৰা কুঁৱলীয়ে ইন্টাৰনেট ব্যৱহাৰৰ ক্ষেত্ৰত কেনেদৰে সচেতন হােৱাৰ বাবে দৃঢ়প্রতিজ্ঞ হৈছিল?
উঃ ইণ্টাৰনেটৰ কু-প্রয়ােগৰ বিষয়ে গম পাই কুঁৱলীৰ আত্ম-উপলব্ধি হৈছিল। তাই মনে মনে দৃঢ় প্রতিজ্ঞ হৈছিল যে ইণ্টাৰনেটৰ সুবিধা ল’বলৈ গৈ তাই পঢ়া-শুনা, খেলা- ধূলা বা নিজৰ অইন দায়িত্বক আওকাণ নকৰে। অভিভাৱকৰ অনুমতি অবিহনে কোনাে কার্যক্রম ইণ্টাৰনেটত উপভােগ নকৰে। এইবােৰত ব্যস্ত থাকি সমনীয়া বা জ্যেষ্ঠজনৰ প্ৰতি থকা দায়িত্ববােধ অকণমানো হ্রাস নকৰে।

(ঝ) কুঁৱলীয়ে কোনবােৰ অভিজ্ঞতা বর্ণনা কৰি সকলাে বন্ধুবান্ধৱীলৈ চিঠি লিখিছিল ?
উঃ কুঁৱলীয়ে বুজি উঠিছিল যে ইণ্টাৰনেটৰ মাত্রাধিক ব্যৱহাৰে আজিৰ প্ৰজন্মক কোঙা কৰি আনিছে। ঘৰ, আত্মীয়, সমাজৰ পৰা বিচ্ছিন্ন কৰাৰ উপক্ৰম হৈছে। দায়িত্ববােধৰ উমান নােপােৱা হৈছে বাবে বিশ্বাসযােগ্যতা হেৰুৱাইছে। এই সকলাে ঘূৰাই পাব পাৰি ইণ্টাৰনেটৰ সু-প্রয়ােগৰ দ্বাৰা। নিজৰ সকলাে দায়িত্ব সুকলমে আৰু সময়ত যথাযােগ্যভাৱে সম্পন্ন কৰি ইণ্টাৰনেটৰ সুবিধাবােৰ উপভােগ কৰিব পাৰি। নিজৰ এই অভিজ্ঞতা বর্ণনা কৰিয়েই কুঁৱলীয়ে সকলাে বন্ধু বান্ধৱীলৈ চিঠি লিখিছিল।

 

Leave a Comment