অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি – Class 10 Assamese Lesson 8 Question Answer

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি – Class 10 Assamese Lesson 8 Question Answer

১/ অতি চমু উত্তৰ লিখা:

(ক) এয়ােদশ শতিকাত অসমলৈ অহা বহিৰাগত গােষ্ঠী কোনটো ?
উঃ এয়ােদশ শতিকাত অসমলৈ অহা বহিৰাগত গােষ্ঠীটো হৈছে মংগােলীয় গােষ্ঠী।

(খ) প্রাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্রসিদ্ধ আছিল?
উঃ প্রাচীন কালৰে পৰা অসম দেশ যাদু-মন্ত্র আৰু ঐন্দ্রজালিক বিদ্যাৰ বাবে প্রসিদ্ধ আছিল।

(গ) কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে ?
উঃ ভাষিক সংমিশ্রণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে।

(ঘ) সকলােকে বান্ধি থােৱা এনাজৰীডাল কি আছিল?
উঃ সকলােকে বান্ধি থােৱা এনাজৰীডাল আছিল অসমীয়া ভাষা।

(ঙ) অসমৰ মঙ্গোলীয় গােষ্ঠীৰ লােক কোনবিলাক?
উঃ অসমৰ মঙ্গোলীয় গােষ্ঠীৰ লােক হৈছে আহােমসকল।

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

২। চমু উত্তৰ লিখাঃ

(ক) অসমীয়া জনগােষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায় ?
উঃ  অসমীয়া জনগােষ্ঠীৰ ধাৰক বুলিলে প্রধানকৈ কছাৰী, চুটিয়া, কোচ, মেচ, ডিমাচা, দেউৰী মিচিং, বড়াে, তিৱা, কাৰ্বি আদি অনার্য জাতিবােৰক বুজায়।

(খ) কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল?
উঃ  ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল।

(গ) চাহ-উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলােকে ক’ৰ ক’ৰ পৰা অসমলৈ আহিছিল?
উঃ  চাহ উদ্যোগৰ কৰ্মীসকল হৈছে চাওঁতাল, কুর্মি, মােছহৰ, মুণ্ডা তেলেঙা, হাে, ভূমিজ, ওৰা, তাঁতী, লােহাৰ আদি। ওেঁলােকে বিহাৰ, উৰিষ্যা, মধ্যপ্রদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল।

(ঘ) পাঠটিত থকা খাদ্যবস্তুৰ এখন তালিকা প্রস্তুত কৰা।
উঃ পাঠটিত থকা খাদ্যবস্তুসমূহ হৈছে – পৰাথা, পােলাও, কোর্মা-কোপ্তা, কেক- বিস্কুট, ৰুটি, ৰসগােল্লা, লালমােহন, চিঙ্গাৰা, লুচি-পুৰী, ড’চা, চাম্বাৰ,ইডলি।

৩। অসমৰ পুৰণি সাহিত্যৰ সমলৰােৰ কি কি?
উঃ অসমৰ পুৰণি সাহিত্যৰ সমলবােৰ হৈছেঅলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলােৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত সাহিত্য আৰু ডাকৰ বচন আদি।

৪। ‘অসমৰ বৈচিত্র্যপূর্ণ জনগােষ্ঠীৰ গাথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষাস পৰিছে।’ কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগােষ্ঠীৰ বৈচিত্র্যৰ কথা বর্ণনা কৰা।
উঃ সমগ্ৰ অসম ৰাজ্য মূলতঃ বিভিন্ন জনগােষ্ঠীৰ সমষ্টি। ভিন ভিন জনগােষ্ঠীয়ে স্বকীয় সতিৰে অসমৰ স্বকীয়তা গঢ়ি তুলিছে। প্রাচীন কালৰেপৰাই অসমত বাস কৰি আহিছে বিভিন্ন জনজাতীয় গােষ্ঠী অর্থাৎ অনার্য জাতিৰ লােক। ক্যৰী, চুটিয়া, মেচ, কোচ, ডিমাচা দেউৰী, মিচিং, বড়াে, তিৱা, কাবি আদি প্রধান জনগোষ্ঠীসমূহকে ধৰি অতীতত অকা, ডফলা, আবৰ, মিছিমি আদি জাতি জনগােষ্ঠীসমূহেও অসম ভূমিত বাস কৰিছিল। এই সকলােবােৰ জাতি-জনগােষ্ঠী নিজৰ স্বকীয় ভাষা-সংস্কৃতিৰ এৰা ধৰাৰ মাজেৰে বৃহৎ অসমীয়া জাতি গঠন কৰি বিশাল-বৰেণ্য অসমীয়া সংস্কৃতি গঢ়ি তুলিছে।
এয়ােদশ শতিকাত এইবােৰ জনগােষ্ঠীৰ লগতে অসমলৈ নতুন গােষ্ঠীৰ আগমন ঘটিল— সেয়া হৈছে ঘাইকৈ চীন আৰু হুকং উপত্যকাৰ পৰা অহা মংগােলীয়সকল। মংগােলীয় গােষ্ঠীৰ ভিতৰত আহােমসকলে অসমৰ সংস্কৃতিলৈ আগবঢ়োৱা অৱদানে অসমক তজবজীয়া কৰি তুলিলে। সেই সময়তে অসমলৈ আহিছিল মুছলমানসকলাে। উনবিংশ শতিকাত বৃটিছে চাহ উদ্যোগ প্রতিষ্ঠা কৰাত অসমলৈ আহিল চাওঁতাল, কুর্মি, মােছহৰ, মুণ্ডা তেলেঙা, হাে, ভূমিজ, ওৰা,তাঁতী, লােহাৰ আদি ভাৰতবৰ্ষৰ বিভিন্ন প্রান্ত জাতিসমূহ। বেপাৰ বাণিজ্যৰ সূত্র ধৰি অসমৰ বাসিন্দা হ’ল পাঞ্জাৱী, শিখ, মাৰােৱাৰী, বিহাৰী, ৰাজস্থানী লােককল। এনেদৰে বিভিন্ন সময়ত বিভিন্ন কথা কাণ্ডৰ গইনা লৈ অসমত বিভিন্ন জাতি- জনগােষ্ঠীয়ে নিজস্ব সংস্কৃতি সহিতে বাস কৰিবলৈ ল’লে আৰু আজি এইবােৰ অসমৰ এৰাব নােৱাৰা অংগ হৈ পৰিল।ইয়াৰ কোনােটোকে বাদ দি অসমীয়া সংস্কৃতি সম্পূর্ণ নহয়। বৈচিত্র্যপূর্ণ ভাৰতৰ আটাইতকৈ বিচিত্র প্রান্তৰ হৈছে অসম আৰু ই সম্ভৱ হৈছে অসমৰ জনগােষ্ঠীৰ বিচিত্র গাঁথনিৰ বাবে।

৫।’ বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লােৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিল।’—ইয়াত কি ঔদ্যোগিক আৱেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে, কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে— পাঠৰ আলমত বিচাৰ কৰা।
উঃ ইয়াত ঔদ্যোগিক আৱেষ্টনী মানে ব্রিটিছসকলে অসমত প্রতিষ্ঠা কৰা চাহ উদ্যোগৰ কথা ক’বলৈ বিচৰা হৈছে। চাহউদ্যোগৰ লগত জড়িত লােকসকলে অনুকূল পৰিবেশ পৰিস্থিতিৰ অভাৱত থলুৱা সংস্কৃতিৰ পৰা আঁতৰিবলগা হােৱা বুলি লেখকে কৈছে। উনবিংশ শতিকাত বৃটিছৰ আগমনে অসমত এক নতুন উদ্যোগৰ সূচনা কৰিলে, সেয়া হৈছে চাহ উদ্যোগ। এই উদ্যোগত কাম কৰিবলৈ বিহাৰ, উৰিষ্যা, মধ্য প্রদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা কিছুসংখ্যক লােক আহিল অসমলৈ। অসমৰ চাহ উদ্যোগৰ এৰাব নােৱাৰা অংশ হৈ পৰিল চাওঁতাল, কুর্মি, মােছহৰ, মুণ্ডা তেলেঙা, হাে, ভূমিজ, ওৰা, তাঁতী, লােহাৰ আদি জাতিৰ লােকসকল। এওঁলােকে আহোঁতে অসমলৈ লৈ আহিল নিজস্ব সংস্কৃতি।অসমৰ থলুৱা আচাৰ-নীতি, মাত কথা, সাজ-পাৰ এওঁলােকে গ্রহণ কৰিলে আৰু তাৰ মাজতে মিলাই পেলালে নিজৰ কৃষ্টি-সংস্কৃতিও। যিহেতু এওঁলােক ঔদ্যোগিক কামতহে অসমলৈ আহিছিল, সেয়ে চাহ উদ্যোগৰ জৰিয়তে অসমলৈ অর্থনৈতিক বৰঙণি যােগাব পাৰিলে যদিও সাংস্কৃতিকভাৱে সিমান মিলিব নােৱাৰিলে। কিয়নাে, এওঁলােক শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত পিছপৰা আছিল আৰু চাহৰ কামত ব্যস্ত হৈ থাকিবলগীয়া হােৱাত সাংস্কৃতিক পৰিৱেশৰ পৰাও দূৰত থাকিব লগা হৈছিল। তদুপৰি মূল জনসোঁতৰ পৰা দূৰৰ চাহ বাগানবােৰত এওঁলােক থাকিবলগীয়া হােৱাত থলুৱা সংস্কৃতি চর্চা যথেষ্ট কম হৈছিল। মুঠতে চাহকেন্দ্রিক ঔদ্যোগিক আৱেষ্টনীয়ে চাহ বনুৱাসকলক অসমৰ থলুৱা সাংস্কৃতিক পৰিৱেশৰ পৰা বহুখিনি নিলগাই ৰখাৰ কথা প্রশ্নোদ্ধৃত কথাফাকিত স্পষ্টভাৱে ওলাই পৰিছে।

৬। ‘এটা সংমিশ্ৰিত—সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনাে যুক্তি তর্কৰ অৱকাশ নাই।’–ইয়াত লিখকে কাক আৰু কি সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে। নুই কৰাৰ কোনো যুক্তিতর্কৰ অৱকাশ নাই’বােলা কথাষাৰৰ সত্যাসত্যতা বিচাৰ কৰা ।
উঃ ‘ইয়াত লেখকে অসমীয়া জাতিটোক এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে। লেখকে অসমীয়া জাতিটোক এটা সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি বুলি কোৱাৰ কাৰণ হৈছে অসমীয়া জাতিটো কেৱল মাত্র এটা জনগােষ্ঠী আৰু তেওঁলােকৰ ভাষা সংস্কৃতিক লৈ গঢ়ি উঠা নাই। প্রাচীন কালৰ পৰাই অসম হ’ল ভিন ভিন জাতি- জনগােষ্ঠীৰ বাসস্থান বিভিন্ন সময়ত বিভিন্ন বহিৰাগত জাতি জনগােষ্ঠীৰ লােকেও অসমলৈ আহি অসমৰ থলুৱা লােকসকলে সকলােকে নির্বিবাদে গ্রহণ কৰিছিল। প্রথম অৱস্থাত সকলােৱে নিজ নিজ ভাষা-সংস্কৃতি ৰক্ষা কৰিছিল যদিও উমৈহতীয়া স্বাৰ্থত বহিৰাগতসকলে নিজৰ ভাষা-সংস্কৃতিৰ লগতে অসমীয়া ভাষা-সংস্কৃতিকে আঁকোৱালি লৈছিল। এনেদৰে একেটা ভৌগােলিক পৰিবেষ্টনীত ওচৰা-উচৰিকৈ থকাত এটা সম্প্রদায়ে আন এটা সম্প্রদায়ৰ ভাষা-সংস্কৃতিৰ দ্বাৰা প্ৰভাৱান্বিত হ’বলৈ ধৰিছিল। ইয়াৰ ফলস্বৰূপে কালক্ৰমত জাতি-জনগােষ্ঠীসমূহৰ ভাষা-সংস্কৃতিৰ আদান প্রদানৰ দ্বাৰা এটা বৃহৎ সংমিশ্রিত সংস্কৃতিসম্পন্ন অসমীয়া জাতিৰ গঠন। হৈছিল। এইক্ষেত্ৰত কোনাে জাতি জনগােষ্ঠীৰ অৱদানকে অবমাননা কৰিব পৰা বিধৰ নহয়। বিভিন্ন জাতিৰ সমন্বয়ৰ মাজেৰে গঢ়ি উঠা অসমীয়া জাতিটোক সংমিশ্রিত সংস্কৃতিসম্পন্ন জাতি বুলি কোৱা কথাষাৰ তেনেই সত্য।

৭| ‘লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।’— কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘাটছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা।
উঃ অসমলৈ ভিন ভিন সময়ত বিভিন্ন জাতি আহি বৃহৎ অসমীয়া জাতি গঢ়ি তুলিছিল আৰু এই প্রক্রিয়াৰ লগে লগেই ৰূপান্তৰ ঘটিছিল সংস্কৃতিৰাে। প্রাচীন কালত অসম অনার্য জাতিৰ বাসস্থান আছিল। ত্রয়ােদশ শতিকাত মংগােলীয় গােষ্ঠীৰ লােকসকল বিশেষকৈ আহােমসকল, মুছলমানসকল আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা কেইবাটাও জাতিৰ লােক অসমলৈ আহে আৰু অসমতে নিগাজীকৈ থাকিবলৈ লয়। এওঁলােকৰ ভিতৰত কোনােবাই দেশ জয় কৰিবলৈ অসমলৈ আহিল, আকৌ যুদ্ধবন্দী হিচাপে নভবাকৈয়ে কোনােবা অসমত থাকি গ’ল। তদুপৰি বেপাৰ-বাণিজ্য, পূজা-পার্বন আৰু তীর্থ সংক্রান্তত কেইবাটাও জাতিৰ অসমলৈ আগমন ঘটিল। ৰজাঘৰীয়া পৃষ্ঠপােষকতা লাভ কৰি অহা জাতিও অসমৰ মাটিত ৰৈ গ’ল। এওঁলােক প্রত্যেকেই নিজস্ব সুন্দৰ সংস্কৃতি অসমৰ বহল বুকুত উলিয়াই থ’লে আৰু অসমৰ প্রাচীন বাসিন্দাসকলে সেয়া গ্রহনো কৰিলে। লাহে লাহে বহিৰাগত লােকসকলে তেওঁলােকৰ পূৰ্বৰ সংস্কৃতি পাহৰি অসমৰ সংস্কৃতি সমৃদ্ধ কৰাত মনােনিৱেশ কৰিলে।ইয়াত পূর্বৰে পৰা চলি অহা ভাষা-সংস্কৃতিক তেওঁলােকে নিজৰ কৰি ল’লে, তেওঁলােক মনে-প্রাণে অসমীয়া হ’ল। এই প্রক্রিয়াৰ লগে লগেই ৰূপান্তৰ স্বাভাৱিকভাৱেই ঘটিল পূর্বৰে পৰা চলি অহা অসমীয়া সংস্কৃতিৰ। প্রত্যেক সম্প্রদায়ৰ ভাল লগা কথাবােৰ পৰস্পৰে গ্ৰহণ কৰিলে।নতুনত্ব চৌদিশে উপচি পৰিল। মুকলি মনেৰে আধুনিকতাই প্রৱেশ কৰিলে অসমীয়া সংস্কৃতিৰ মাজত। এই ৰূপান্তৰৰ প্রক্রিয়া আছিল স্বতঃস্ফূর্ত। কোনেও কাকো জোৰকৈ একো কথাই জাপি দিয়া নাছিল। এনেদৰেই স্বতঃস্ফূর্ত প্রক্রিয়াৰে আজিৰ বৰ্ণাঢ্য আৰু বাৰেবৰণীয়া অসমীয়া সংস্কৃতি গঢ়ি উঠিছে।

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

৮৷ তাৎপর্য ব্যাখ্যা কৰা :

(ক) দেখা যায় সকলােকে বান্ধি থােৱা এনাজৰীডাল আছিল অসমীয়া ভাষা।
উঃ ভিন ভিন জনগােষ্ঠীৰ বাসস্থান অসমত ঐক্যৰ সেঁতু গঢ়ি তুলিছে এই প্রদেশৰ ভাষাটোৱে— প্রশ্নোদ্ধৃত কথাফাকিত ফুটি উঠা ভাব এয়াই। প্রাচীন কালৰে পৰাই অসম বিভিন্ন জাতি-জনগােষ্ঠীৰ ভূখণ্ডৰূপে পৰিচিত। ।ইয়াত থলুৱা অনার্য লােকসকলৰ লগতে বহিৰাগত ভিন ভিন জাতিৰ লােকো বিভিন্ন সময়ত আহি বসবাস কৰিবলৈ লয়। এই অসম প্রদেশৰ মুখ্য ভাষা হৈছে অসমীয়া।এওঁলােকে নিজ দোৱান বা উপভাষাতে নিজৰ মাজত কথা পাতিলেও প্রত্যেকেই অসমীয়া ভাষা বুজে আৰু কয়। অসমীয়া ভাষাক তেওঁলােকে উমৈহতীয়া ভাষাৰূপে গ্রহণ কৰিছিল। সেয়ে মেঘালয়, নাগালেণ্ড, অৰুণাচলকে ধৰি সমগ্ৰ অঞ্চলৰ সামূহিক ভাষাৰূপে অসমীয়া ভাষাই ভৌগােলিক, সামাজিক বিভিন্নতাৰ মাজত সেঁতু গঢ়িছিল। এই সেতু ইমান মজবুত আছিল যে অসমত আহোমে আহােম ভাষাৰে, ব্রাহ্মণ-ক্ষত্রিয়ই সংস্কৃতেৰে আৰু মুছলমানে আৰবী- ফাছীৰে কথা নাপাতে; প্রত্যেকেই অসমীয়া ভাষাৰ সেঁতুৰে পাৰ কৰিছিল দৈনন্দিন জীৱন। তেওঁলােকৰ আপােন হৈ পৰিছিল অসমীয়া, মাতৃভাষা অসমীয়া। ভিন ভিন সংস্কৃতিসম্পন্ন হলেও এক ভাষিক চেতনাই সকলােকে এক কৰি ৰখাত
মুখ্য ভূমিকা গ্রহণ কৰিছিল।

(খ) এই গােটেইবােৰ হ’ল স্বতঃপ্রণােদিতভাবে হােৱা প্রক্রিয়া।
উ: ভিন ভিন জাতি-জনগােষ্ঠীৰ কলা-সংস্কৃতি, ৰীতি-নীতি আদিৰ সংমিশ্ৰণত বৃহৎ অসমীয়া সংস্কৃতি গঢ়ি উঠিছে। এই কার্য বিভিন্ন সময়ত বিভিন্ন প্রক্রিয়াৰ মাজেৰে সংঘটিত হৈছে। লেখকে ক’ব বিচাৰিছে যে এই প্রক্রিয়াবােৰ অতি স্বাভাৱিক। আমাৰ অজানিতে আমি ভিন্নতা পৰিহাৰ কৰি এক হৈছোঁ । বিভিন্ন সময়ত আমি মাত কথা, আচাৰ-ব্যৱহাৰ, সাজ-সজ্জা, ৰীতি-নীতি আদিৰ ক্ষেত্ৰত কেৱল নিজৰটোকে ধৰি নাৰাখি অইনৰটোও গ্রহণ কৰিছোঁ, অইনেও আমাৰটো আঁকোৱালি লৈছে, বিভিন্ন ভাৰতীয় তথা বিদেশী খাদ্যই আমাৰ ৰান্ধনিশালত ঠাই উলিয়াই লৈছে। এই ক্ষেত্ৰত আগৰ নিচিনা জাত কুলৰ বিচাৰ নাইকিয়া হােৱা বুলি ক’ব পাৰি।বিয়া, দাহ-সৎকাৰ আদি প্রথাত ভিন ভিন জাতিৰ লোকে একেলগে ভাগ ল’ব পৰা হৈছে, একেদৰে পৰস্পৰে পৰস্পৰৰ উৎসৱ-অনুষ্ঠানত যােগ দিয়ে। জাতি-ধৰ্মৰ প্ৰাচীৰ আমি ভাঙিব পাৰিছোঁ। নিজ কৃতি বা কৰ্মৰ কৰ্ষণ কৰি আমি এক উমৈহতীয়া সংস্কৃতি গঢ়ি তুলিছে। এই সংস্কৃতি মিলনৰ সংস্কৃতি, এই সংস্কৃতি সংহতি আৰু সম্প্রীতি ৰক্ষাৰ বাট। স্তৰে স্তৰে আপােনা-আপুনি হােৱা এই কৰ্ষণৰ প্রক্রিয়া নিঃসন্দেহে স্বাভাৱিক; কিয়নাে সময়ৰ লগত খােজ মিলাই পৰিৱর্তনে সংস্কৃতিলৈ নতুনত্ব আনিবই। আমি এই স্বাভাৱিক প্রক্রিয়াক ইতিবাচক পদক্ষেপেৰে আগুৱাই নিব লাগে। লেখকে এই ভাবেই ব্যক্ত কৰিছে।

(গ) এইয়া আছিল দিয়া-লােৱা আৰু এৰাধৰাৰ ব্যবস্থা।
উঃ সংস্কৃতি পৰিৱৰ্তনশীল। অসমত বিভিন্ন জাতি-ধৰ্মৰ মানুহ বাস কৰাৰ ফলত সময়ৰ লগে লগে সংস্কৃতিয়েও ৰূপ সলাইছিল।প্ৰশ্নত উল্লেখিত কথাফাকিৰে লেখকে এনে পৰিৱর্তনৰ কথাকে কৈছে। অসমত পুর্বতে অনার্য জাতিৰ লােকসকলে বাস কৰিছিল। সেই সময়ত তেওঁলােকৰ সংস্কৃতিয়েই আছিল অসমৰ সংস্কৃতি। কালক্ৰমত অসমলৈ বিভিন্ন জাতি আৰু ধৰ্মৰ লােকৰ প্ৰব্ৰজন ঘটিল; লগে লগে অসমলৈ আহিল কেইবা প্রকাৰৰাে সংস্কৃতি। সকলােৱে পৰম্পৰৰ সংস্কৃতিক আঁকোৱালি ল’লে। নিজৰ কিছুমান এৰিলে আৰু কিছুমান পূর্বৰ সংস্কৃতিৰ সতে যােগ দিলে। সকলােৱে এটা ভাষাই গ্রহণ কৰিলে। সেয়া হৈছে অসমীয়া ভাষা। অসমীয়া ভাষাই সকলােকে এক কৰি বান্ধি ৰাখিলে। সকলােবােৰ সম্প্রদায়ৰ ভিতৰত কাৰােবাৰ আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি অইন কাৰােবাৰ ভাল লগাত তেওঁলােকে গ্রহণ কৰিলে। আকৌ, একেই কথা প্রযােজ্য হ’ল খোৱা বােৱা, পিন্ধা উৰাৰ ক্ষেত্ৰতাে। কোনােৱে কাকো জোৰকৈ একে জাপি দিয়া নাছিল। ভিন্ন সম্প্রদায়ৰ মাজত সমন্বয় সাধন হৈ বাৰেবৰণীয়া অসমীয়া সংস্কৃতি গঢ়ি উঠিল
-এয়া আদর্শ সংস্কৃতি। এনে সংস্কৃতি গঢ়িবলৈ প্রত্যেক সম্প্রদায়ে এৰা-ধৰাৰ নীতি পালন কৰিছিল। সংস্কৃতিসম্পন্ন জাতি একোটাৰ ত্যাগ কৰিব পৰা ৰা গ্রহণ কৰিব পৰাৰ মানসিক শক্তি থকা বাবেই সেয়া সম্ভৱ হৈছিল।প্ৰশ্নত উল্লেশীত কথাফাকিত আমি এনে ভাবৰেই উমান পাওঁ।

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

ভাষা বিষয়ক
১। সন্ধি ভাঙা:
সংস্কৃতি, জলাঞ্জলি, স্বাধীন।

উঃ সংস্কৃতি – সম্ + কৃতি
জলাঞ্জলি – জল + অঞ্জলি
স্বাধীন – স্ব + অধীন

২। ‘প্র’ উপসর্গ লগ লগাই তিনিটা শব্দ গঠন কৰা।
উ : প্রবল, প্ৰহাৰ, প্ৰকাৰ।

৩।বাক্য ৰচনা কৰা:
ভাষা-সংস্কৃতি, পূজা-পার্বণ, বেপাৰবাণিজ্য, সহজ- সৰল, দিয়া-লােৱা, এৰাধৰা।
উঃ ভাষা-সংস্কৃতি : অসমৰ প্ৰতিটো জাতি-জনগােষ্ঠীৰে একোটা স্বকীয় ভাষা-সংস্কৃতি আছে।
পূজা-পার্বণ : পূজা-পার্বণত মুখ্য ভূমিকা পালন কৰা ব্রাহ্মণসকলক হিন্দু সমাজত উচ্চ স্থান দিয়া হয়।

বেপাৰ-বাণিজ্য : বেপাৰ-বাণিজ্যক কেন্দ্ৰ কৰিয়ে নগৰীয়া বসতি গঢ়ি উঠে।
সহজ-সৰল : সহজ-সৰল লােকে আনৰ সুখত আনন্দ অনুভৱ কৰে।
দিয়া-লােৱা : দিয়া-লােৱা বা এৰা ধৰাৰ মাধ্যমেৰে অসমীয়া বিবাহ কার্য সম্পন্ন হয়।
এৰা-ধৰা : অসমত বাস কৰা সকলাে জনগােষ্ঠীৰ এৰা-ধৰাৰ মাজেৰে বৃহৎ অসমীয়া সংস্কৃতি গঢ়ি উঠিছিল।

অতিৰিক্ত প্রশ্নোত্তৰ

১। অতি চমু প্রশ্নোত্তৰ :

(ক) অতীতত অসমৰ আন এটা নাম কি আছিল ?
উঃ অতীতত অসমৰ আন এটা নাম আছিল কামৰূপ।

(খ) ইয়াণ্ডাবু সন্ধি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল?
উঃ ইয়াণ্ডাবু সন্ধি ১৮২৬ চনত মান ৰজা আৰু ব্রিটিছৰ মাজত হৈছিল।

(গ) পূব পাকিস্তান বর্তমান কি নামেৰে জনাজাত?
উঃ পূব পাকিস্তান বর্তমান বাংলাদেশ নামেৰে জনাজাত।
(ঘ) পুৰণি অসমত থলুৱা জনজাতীয় সংস্কৃতিত ধর্মই কেনে স্থান লাভ কৰিছিল ?

উঃ পুৰণি অসমত থলুৱা জনজাতীয় সংস্কৃতিত ধর্মই বিশেষ স্থান লাভ কৰিছিল।

(ঙ) অসমত আদিৰে পৰা প্রচলিত ধর্ম দুটা কি কি?
উঃ অসমত আদিৰে পৰা প্ৰচলিত ধর্ম দুটা হৈছে হিন্দুৰ তান্ত্রিক ধৰ্ম আৰু বৌদ্ধ ধর্ম।

(চ) অসমলৈ অহা প্রথম বহিৰাগত কোন?
উঃ অসমলৈ অহা প্রথম বহিৰাগত হৈছে মংগােলীয়সকল।

(ছ) মুছলমানসকল অসমলৈ কেতিয়া আহে?
উঃ মুছলমানসকল কুৰি শতিকাৰ চতুর্থ দশকত অসমলৈ আহিছিল।

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

২।চমু প্রশ্নোত্তৰ :

(ক) মংগােলীয় গােষ্ঠীৰ লােকসকল ক’ৰ পৰা অসমলৈ আহিছিল ?
উঃ মংগােলীয় গােষ্ঠীৰ লােকসকল হুকং উপত্যকা আৰু চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা অসমলৈ আহিছিল।

(খ) বর্তমান আৰুণাচলৰ কোনকেইটা জনগােষ্ঠী প্রাচীন অসমৰ অন্তর্ভুক্ত আছিল?

উঃ বর্তমান অৰুণাচলৰ অন্তৰ্গত অকা, ডফলা, আবৰ, মিছিমি আদি জনগােষ্ঠীসমূহ প্রাচীন অসমৰ অন্তর্ভুক্ত আছিল।

(গ) ব্রিটিছে অসম এৰি যােৱাৰ পাছত তেওঁলােকে অনা কি কি বস্তু অসমত ৰৈ গ’ল বুলি পাঠত উল্লেখ আছে?
উঃ ব্রিটিছে অসম এৰি যােৱাৰ পাছতাে তেওঁলােকে অনা বা প্রতিষ্ঠা কৰা চাহ উদ্যোগ, ৰেলগাড়ী, প্লেন অসমত ৰৈ গ’ল বুলি পাঠত উল্লেখ আছে।

(ঘ) মঙ্গোলীয় জাতিৰ মানুহবােৰে কেতিয়া ক’ৰ পৰা অসমলৈ আহিছিল?
উঃ মঙ্গোলীয় জাতিৰ মানুহবোেৰ ত্রয়ােদশ শতিকাত হুকং উপত্যকা আৰু চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা অসমলৈ আহিছিল।

(ঙ) ডাকৰ বচন বুলিলে কি বুজা ?
উঃ অসমৰ কিংবদন্তী পুৰুষ ডাকৰ মুখৰ পৰা ওলােৱা কেতবােৰ বাণীয়েই হৈছে ডাকৰ বচন। এইবােৰ ব্যৱহাৰিক জীৱনৰ বহু উপদেশমূলক কথাৰে ভৰা আৰু সৰহভাগেই খেতি বাতি বিষয়ক।

(চ) কোনে প্রথমতে অসমত মৰাপাট খেতিৰ বহুল প্রচাৰ কৰিছিল?
উঃ মৈমনসিংহ আদি পূর্ববংগৰ ঠাইৰ পৰা অহা মুছলমান লােকসকলে অসমত মৰাপাট খেতিৰ বহুল প্রচাৰ কৰিছিল।

৩। মঙ্গোলীয় গােষ্ঠীৰ লােকসকল অসমলৈ অহাৰ আগেয়ে অসমত কি কি গােষ্ঠীৰ লােকে বাস কৰিছিল?

উঃ মংগােলীয় গােষ্ঠীৰ লােকসকল অসমলৈ অহাৰ আগেয়ে অসমত জন-জাতীয় গােষ্ঠীৰ লােকে বাস কৰিছিল। জনজাতীয় গােষ্ঠী বুলি কওঁতে ঘাইকৈ কছাৰী, চুটীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং, বড়াে, তিৱা, কাবি আদি গােষ্ঠীৰ লােকে অসমত বাস কৰিছিল। তদুপৰি বর্তমান অৰুণাচলৰ অন্তৰ্গত অকা, ডফলা, আবৰ, মিছিমি আদি জনগােষ্ঠীও মংগােলীয় গােষ্ঠীৰ লােকসকল অহাৰ আগেয়ে অসমত বাস কৰিছিল। এইসকলৰ লগতে তাহানি গাৰাে, মিজো, খাছী, জয়ন্তীয়া আদি গােষ্ঠীৰ লােকো বাস কৰিছিল।

৪। কোনবিলাক মানুহক ন-অসমীয়া মুছলমান বুলি কোৱা হৈছে? তেওঁলােকে কোন ঠাইৰপৰা অসমলৈ আহিছিল ?
উঃ কুৰি শতিকাৰ চতুর্থ দশকত মৈমনসিংহ আদি পূৰ্বংগৰ ঠাইৰ পৰা ইছলামধর্মী লােক অসমলৈ আহে। কৃষি কর্মত পাৰ্গত এইসকল লােকে অসমৰ বিভিন্ন ঠাইত মাটি ভাঙি বকৰাণিত খেতি কৰি কৃষিৰ বিবিধ প্রণালী আৰু পদ্ধতি প্ৰৱৰ্তন কৰিলে। বিশেষকৈ অসমত মৰাপাটৰ খেতিৰ বহুল প্রচাৰ আৰু প্ৰসাৰ প্রথমে এওঁলােকেই কৰিলে। অসমীয়া ভাষাকে নিজৰ বুলি লৈ অসমীয়া মাধ্যমৰ স্কুল পাতি অসমৰ থলুৱা প্ৰজাৰ লগত মিলিবলৈ চেষ্টা কৰা এইসকল ইছলামধর্মী লােককে কালক্ৰমত ন-অসমীয়া মুছলমান বুলি ক’বলৈ লােৱা হৈছে।

৫। কি কি কাৰণত আহােম, মুছলমান আৰু ভাৰতৰ অন্যান্য ঠাইৰ মানুহ আহি অসমত নিগাজীকৈ বহিছিল ?
উঃ বিভিন্ন সময়ত ভিন ভিন কাৰণ লৈ আহােম, মুছলমান আৰু ভাৰতৰ অন্যান্য ঠাইৰ মানুহ অসমলৈ আহি নিগাজীকৈ বহিছিল। ইয়াৰে কোনােৱে দেশ জয় কৰিবলৈ আহিও অসমৰ বাসিন্দা হ’লহি; আকৌ, কোনােবা যুঁজত হাৰি বন্দী হিচাপেও ইয়াত স্থায়ীভাৱে ৰৈ গ’ল। বেপাৰ বাণিজ্য কৰাৰ মনেৰে অহা লােকো অসমত থাকি গল। পূজা-পার্বন, তীর্থসংক্রান্তত কিছু লােক অসমলৈ আহে আৰু তেওঁলােকেও   অসমত নিগাজীকৈ বহিল। ৰজাঘৰীয়া পৃষ্ঠপােষকতাই বহু লােকক অসমত স্থাপন কৰিলে। এনেদৰে ভিন ভিন ভাষা-ধৰ্মৰ লােক অসমলৈ আহি কালক্ৰমত সম্পূর্ণ অসমীয়া
হৈ পৰিল।

৬। “এই সকলাে লগ লাগি বৃহৎ অসমীয়া জাতি গঢ়ি উঠিল।” কথাষাৰ ব্যাখ্যা কৰি অসমীয়া জাতি কেনেকৈ বৃহৎ জাতিত পৰিণত হৈছিল বুজাই লিখা।

উঃ বিভিন্ন জাতি, উপজাতি আৰু জনজাতীয় জনগােষ্ঠীৰে অসম এখন বৈচিত্র্যপূর্ণৰাজ্য। প্রাচীন কালৰে পৰা অসমত বাস কৰিছিল কছাৰী, চুটিয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং,বড়াে, তিৱা, কাৰ্বি আদি জনজাতীয় গােষ্ঠীসকলে।বর্তমান অৰুণাচলৰ অন্তর্গত অকা, ডফলা, আবৰ, মিছিমি আদি জনগােষ্ঠীৰ লগতে গাৰাে, মিজো, খাছী  আৰু জয়ন্তীয়াসকলাে প্রাচীন অসমৰ বাসিন্দা আছিল। এই জনগােষ্ঠীসকলৰ স্বকীয় কৃষ্টি-সংস্কৃতিয়ে অসমীয়া সংস্কৃতি। ত্রয়ােদশ শতিকাত মংগােলীয় গােষ্ঠীৰ লােকসকল প্রথমে অসমলৈ আহে। তাৰ পাছত আহােম, মুছলমান তথা ভাৰতৰে  অন্য ৰাজ্যৰ লােক কিছুমানে অসমত প্ৰৱেশ কৰে। প্রথমে সকলােৱেই নিজ নিজ কৃষ্টি-সংস্কৃতি মানি চলিছিল যদিও পাছলৈ একে ভৌগােলিক পৰিৱেষ্টনীৰ মাজত থাকি এওঁলােক পৰস্পৰৰ সংস্কৃতিৰ দ্বাৰা প্ৰভাৱান্বিত হ’ল। ফলত লগত লৈ অহাবােৰ ধৰি নাথাকি এই ৰাজ্যৰ ভাষা-সংস্কৃতিক আঁকোৱালি লােৱাৰ লগতে পৰস্পৰৰ ৰীতি- নীতি, আচাৰ-ব্যৱহাৰ, সাজ-সজ্জা, ৰন্ধন প্ৰকৰণ আদিও গ্ৰহণ কৰিলে।এই সংমিশ্রণ আছিল স্বতঃস্ফূর্ত। কেতিয়া, কেনেকৈ এটা জাতিয়ে আন এটা জাতিৰ লগত মিলি গৈ এক হ’ল গমেই পােৱা নগ’ল। এনেদৰেই বিভিন্ন জাতি-উপজাতি-জনজাতিৰ স্বতঃস্ফূর্ত সংমিশ্ৰণৰ ফলত প্রাচীন অসমীয়া জাতি বৃহৎ অসমীয়া জাতিত পৰিণত হ’ল।

৭। অসমৰ সংস্কৃতি বাৰেৰণীয়া হােৱাৰ কাৰণ কি ?
উঃ অসম হৈছে বিবিধ ভাষা-ধৰ্মৰ লােকৰ মিলনভূমি। চামে চামে এই ভূমিলৈ বিভিন্ন লােক আহিছে তেওঁলােকৰ নিজস্ব সংস্কৃতি লগত লৈ। এই সংস্কৃতিসম্পন্ন জাতিবােৰে একে ভৌগােলিক পৰিৱেশৰ মাজত থাকি পৰস্পৰৰ ভাল লগা ৰীতি-নীতি, আচাৰ- ব্যৱহাৰ, সাজ-সজ্জা, ৰন্ধন প্ৰকৰণ আদি কথাবােৰ গ্ৰহণ কৰে। এনেদৰে এটা সময়ত কোনটো কাৰ পৰা আহিছে ধৰিব পৰাটো কঠিন হৈ পৰে। ফলত গঢ়ি উঠিল এটা সংমিশ্রিত সংস্কৃতি। এই সংমিশ্রিত সংস্কৃতিটোৱেই হৈছে অসমীয়া সংস্কৃতি। সকলােৰে নিজস্ব বৈশিষ্ট্যপূর্ণ সংস্কৃতিবােৰ একাকাৰ হৈ গঠন হােৱা বাবেই অসমৰ সংস্কৃতি বাৰে বৰণীয়া হৈ পৰিছে।

৮। বিভিন্ন ধর্মাৱলম্বী আৰু বিভিন্ন ভাষাগােষ্ঠীৰ মানুহ কেনেকৈ অসমীয়া হৈছে। পাঠটিৰ সহায়ত লিখা |

উঃ অসম হৈছে বিভিন্নতাৰে পূৰ্ণ ৰাজ্য। এই ভিন্নতা ধৰ্ম আৰু ভাষা উভয় ক্ষেত্রতে দেখিবলৈ পােৱা যায়। ইয়াত ভিন ভিন ধৰ্মৰ আৰু বেলেগ বেলেগ উপভাষা বা ভাষা ব্যৱহাৰ কৰা লােক বাস কৰে। কিন্তু এওঁলােকে এই ভিন্নতাক নােহােৱা কৰি এক অসমীয়া সংস্কৃতি বাৰেবৰণীয়া ৰূপত গঢ়ি তুলিছে। এওঁলােকক অসমীয়া হােৱাত সহায় কৰিছে অসমীয়া ভাষাটোৱে । অসমত পূর্বৰে পৰা বাস কৰি অহা মিচিং, কছাৰী, তিৱা, কাৰ্বি, দেউৰী আদি সম্প্রদায়ে নিজৰ মাজত নিজ নিজ দোৱান বা উপভাষাত কথা পাতে যদিও প্রত্যেকেই অসমীয়া ভাষাটো বুজে আৰু ক’ব পাৰে। আকৌ, বাহিৰৰ পৰা অহা লােকসকলে অসমীয়া ভাষাটো শিকি,বুজি এই ভাষাৰেই স্থানীয় লােকৰ লগত মত বিনিময় কৰিবলৈ লয়। ফলত উমৈহতীয়া এক ভাষা সমন্বয়ৰ সেতু হিচাপে গঢ়ি উঠে। ভাষিক সংমিশ্ৰণৰ কাৰণেই অসমত আহােমে আহােম ভাষাৰে, ব্রাহ্মণ-ক্ষত্রিয়ই সংস্কৃতেৰে আৰু মুছলমানে আৰবী-ফাছীৰে কথা নাপাতে– এওঁলােকৰ কথা পতাৰ মাধ্যম হৈছে অসমীয়া। অসমীয়া এওঁলােকৰ মাতৃভাষা হৈ পৰিল। পূৰ্বৰে পৰা চলি অহা সংস্কৃতিৰ মাজত নতুনকৈ অহা জাতি-গােষ্ঠীয়ে উলিয়াই দিলে
নিজৰ নিজৰ সংস্কৃতিৰ উপাদানবােৰ। প্রত্যেকেই পৰস্পৰৰ ভাল লগাবােৰ গ্ৰহণ কৰিলে আৰু সমন্বয়ৰ প্ৰক্ৰিয়াৰে গঢ়ি তুলিলে মিশ্রিত বর্ণাঢ্য অসমীয়া সংস্কৃতি। এওঁলােকে অসমীয়া সংস্কৃতিক বুকুৰ কুটুম কৰি ললে। কেৱল অসমীয়া ভাষা বা অসমীয়া সংস্কৃতিক গ্ৰহণ কৰাই নহয়, এওঁলােকে অসম ৰাজ্যকে নিজৰ জন্মভূমি হিচাপে ল’লে। এনেকৈয়ে ধর্ম আৰু ভাষাৰ বিভিন্নতা থকা সত্ত্বেও এওঁলােক অসমীয়া হৈ পৰিল।

 

Leave a Comment