ভাৰতীয় সংস্কৃতি Class 10 Assamese Lesson 7 Question Answer

ভাৰতীয় সংস্কৃতি Class 10 Assamese Lesson 7 Question Answer

শ্ৰেণী দশম
বিষয় অসমীয়া
পাঠ ভাৰতীয় সংস্কৃতি
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

ভাৰতীয় সংস্কৃতি Class 10

পাঠভিত্তিক প্রশ্নোত্তৰ

ভাব বিষয়কঃ
১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি?
উঃ ক্রমবর্ধমান শক্তি বা জীৱন্ত শক্তিয়েই ভাৰতীয় সংস্কৃতিৰ প্রাণ।

২। ফ্রম ভলগা টু গংগা’ কাৰ ৰচনা?
উঃ ‘ফ্রম ভলগা টু গংগা’ পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ৰচনা।

৩। সর্বপল্লী ৰাধাকৃষ্ণণে কালিয়দমন’ক কি আখ্যা দিছে?
উঃ সর্বপল্লী ৰাধাকৃষ্ণণে কালীয়দমন’ক আর্যই অনাৰ্যক সংস্কৃত কৰাৰ প্রতীকধর্মী নৃত্য বুলি আখ্যা দিছে।

৪। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি?
উঃ প্রকৃতপক্ষে বৌদ্ধধৰ্মৰ প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি।

৫। শিৱ আৰু শক্তি পূজাৰ মূল ক’ত আৱিষ্কাৰ হৈছিল।
উঃ প্রত্নতাত্ত্বিক পণ্ডিতসকলে শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰােৰ সংস্কৃতিৰ পৰা আৱিষ্কাৰ কৰিছিল। ধ্যানস্থ শিৱৰ কল্পনাও মহেঞ্জোদাৰােৰে সাংস্কৃতিক সম্পদ।

৬। ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি?
উঃ গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ।

৭। অজন্তাৰ ছবিবোৰত প্রকাশ পােৱা ভাববস্তু দুটা কি কি?
উঃ অজন্তাৰ ছবিবােৰত প্রকাশ পােৱা ভাববস্তু দুটাৰ এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন।

৮। গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ’ব লাগে বুলি মত প্রকাশ কৰিছে?
উঃ গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ’ব লাগে বুলি মত প্রকাশ কৰিছে।

৯। সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বােলা হৈছে?
উঃ সুকুমাৰ কলাসমূহৰ ভিতৰত চিত্রশিল্পক বেছি স্থায়ী বােলা হৈছে।

১০। হেম বৰুৱাৰ সাহিত্যচর্চা সম্পর্কে পচিছটামান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া।
উঃ অসমীয়া সাহিত্যৰ বিশিষ্ট কবি, প্রবন্ধকাৰ, সমালােচক আৰু ভ্রমণ কাহিনীৰ লেখক হেম বৰুৱাদেৱে বহুতাে পুথিৰচনা কৰিছিল। বৰুৱাদেৱৰ পুথিসমূহৰ ভিতৰত আধুনিক সাহিত্য, সাগৰ দেখিছা’, ‘সানমিহলি’,ৰঙা কৰবীৰ ফুল’, কিউপিড আৰু ছাইকী’, বালিচন্দা’, ‘এই গাঁও এই গীত’, ‘কন্নকী’, ‘মেকং নৈ দেখিলাে’, ইজৰাইল’, ‘স্মৃতিৰ পাপৰি’ ইত্যাদি উল্লেখযােগ্য। ইয়াৰ উপৰি তেখেতে ‘The Red River and the Blue Hill’ নামৰ ইংৰাজী গ্রন্থখনাে ৰচনা কৰিছিল। পছােৱা’ নামৰ মাহেকীয়া আলােচনীখনৰ তেখেতে সম্পাদকৰ দায়িত্বও বহন কৰিছিল।

Class 10 Assamese Lesson 7 Question Answer

১১। ভাৰতীয় সংস্কৃতি’ পাঠটোৰ সাৰাংশ লিখা।
উঃ ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ সংস্কৃতি। আর্য, অনার্য, মংগােলীয়, দ্রাবিড়ী আদি বিভিন্ন গােষ্ঠীৰ সংস্কৃতি লগ হৈ ভাৰতীয় সংস্কৃতিৰ সাগৰ ৰচিত হৈছে। অতীজতে গ্রীক, হুন, শক আদি নানা জনগােষ্ঠীৰ মানুহে ভাৰতলৈ আহি বসবাস কৰিছিল। তেওঁলােকৰ ভাষাতত্ত্ব, সামাজিক, ৰাজনৈতিক আদর্শ, সাহিত্য, শিল্পকলা, দর্শন আদি ক্ষেত্ৰত দেখা দিয়া সমন্বয়ে ভাৰতীয় সংস্কৃতিৰ স্বৰূপ প্ৰকাশ কৰে। ভাৰতীয় সংস্কৃতি সমন্বয়ৰ আদৰ্শৰে জীয়াই আছে।

ক্রমবর্ধমান শক্তি ভাৰতীয় সংস্কৃতিৰ প্ৰাণস্বৰূপ। সেইবাবে ভাৰতীয় সংস্কৃতি জীৱন্ত শক্তি। বুৰঞ্জীৰ বিভিন্ন স্তৰে এই সংস্কৃতিৰ ওপৰত প্ৰভাৱ পেলাই থৈ গৈছে।
সভ্য সমাজ অবিহনে সৃষ্টিমূলক কাম হাতত লােৱাটো ব্যক্তিৰ সাপেক্ষে সম্ভৱপৰ নহয়। আনহাতে, সংস্কৃতি হৈছে কোনাে এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্রতিভা। ভাষা, সাহিত্য, সুকুমাৰ কলা, দর্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পােৱা প্রতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠী। সভ্যতাই সমাজ সুশৃংখল কৰি সংস্কৃতিৰ সৃষ্টিত আৰু ৰূপ দিয়াত সহায় কৰে। সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। ভাৰতীয় ভৌগােলিক জীৱনাে বৈচিত্র্যময়। প্রাকৃতিক দৃশ্যাৱলীৰ পাৰ্থক্য, জলবায়ুৰ পাৰ্থক্যই ভাৰতীয় জীৱনৰ গতিধাৰালৈ বৈচিত্র্য আনি দিছে। ভাৰতৰ ভৌগােলিক পৰিৱেশ যিদৰে ভাৰতীয় মানুহৰ মনে প্রাকৃতিক দৃশ্যাৱলীৰ পাৰ্থক্য, জলবায়ুৰ পাৰ্থক্য আদিৰ দৰে অসামঞ্জস্যক স্বীকাৰ কৰি লৈছে; একেদৰে মনস্তাত্বিক প্রস্তুতিৰে জীৱনৰ অসামঞ্জস্যকে স্বীকাৰ কৰি লৈছিল। ভাৰতীয় বিশাল ভূমিখণ্ডৰ আহ্বানত যিদৰে বাহিৰৰ পৰা ন ন মানৱপুঞ্জ ভাৰতলৈ আহিছিল, তেনেদৰে ইয়াৰে প্রত্যেকেই ব্যক্তিগত প্রতিভা অনুসৰি ভাৰতীয় সংস্কৃতিৰ ৰচনাত বৰঙণি যােগাইছিল। ভাৰতীয় সংস্কৃতি একালত সমগ্র দক্ষিণ-পূর্ব অঞ্চলতে বিয়পি পৰিছিল। ভাৰতীয় সংস্কৃতিৰ প্রবল সোঁতে মধ্য এছিয়াৰ পৰা আৰম্ভ কৰি দক্ষিণ পূর্ব-এছিয়ালৈকে স্পর্শ কৰিছিল।

ভাৰত বুৰঞ্জী ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী হ’লেও ভাৰতীয় সংস্কৃতিৰ মূল পুঁতি ক্রমবর্ধমান সোঁতেৰে বৈ আছিল। এয়ে হৈছে ভাৰতীয় সংস্কৃতিৰ আৰু ঐতিহ্যৰ বৈশিষ্ট্য। ভাৰতৰ মহেঞ্জোদাৰাে আৰু হৰপ্পা সংস্কৃতিয়ে এটা আর্য-পূর্ব যুগৰ কথা কয়। ভাৰতীয় সংস্কৃতিৰ মর্মস্থলী সু-সংগঠিত আৰু টনকিয়াল বিধৰ আছিল। ভাৰতৰ অতি পুৰণি অধিবাসী ৰাজপুতসকলে ভাৰতীয় সংস্কৃতিলৈ এক বিশেষ অৱদান আগবঢ়াইছিল। ৰাজপুত চিত্রশিল্পই ইয়াৰ উপযুক্ত প্রমাণ। আৰ্যৰ বেদত দেৱী পূজাৰ কোনাে উল্লেখ নাই। আনহাতে অনার্য সমাজত দেৱী পূজাৰ উল্লেখ পােৱা যায়। আর্যৰ জীয়ৰী পার্বতী আৰু অনার্য দেৱতা শিৱৰ মিলনে ভাৰতত আৰ্য আৰু অনাৰ্যৰ সংস্কৃতিৰ সমন্বয়ৰ কথা সূচায়।

ভাৰতীয় সংস্কৃতি class 10 প্ৰশ্ন উত্তৰ

১২। ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু।
– এই কথাষাৰ কিমানদূৰ যুক্তিপূর্ণ, ভাৰতীয় সংস্কৃতি’ পাঠটোৰ আধাৰত বিচাৰ কৰা।
উঃ ভাৰতীয় সংস্কৃতি সাগৰৰ দৰে বিশাল আৰু গভীৰ। নদী-উপনদীৰ সোঁতে যিদৰে সাগৰক পৰিপুষ্টি দান কৰে, তেনেদৰে ভাৰতীয় সংস্কৃতিকো বিভিন্ন জাতি-উপজাতিৰ ভাষা-সংস্কৃতিয়ে বিশালতা দান কৰিছে। আর্য, অনার্য, মংগােলীয়, দ্রাবিড়, গ্রীক, শক, হুন আদি বিভিন্ন জাতি-উপজাতিৰ এটা সময়ত ভাৰতলৈ প্ৰব্ৰজন ঘটিছিল। ইয়াৰ উপৰি আফগান,পাঠান, মােগল, ব্রিটিছ আদি বিদেশী জাতিৰ সংস্কৃতিৰ প্ৰভাৱত ভাৰতীয় সংস্কৃতিয়ে এক বিশাল ৰূপ লাভ কৰিছে। ইয়াৰ মূল কাৰণ হ’ল ভাৰতৰ ভৌগােলিক পৰিৱেশ। যিদৰে ভাৰতীয় মানুহৰ মনে প্রাকৃতিক দৃশ্যাৱলীৰ পাৰ্থক্য, জলবায়ুৰ পার্থক্য আদিৰ দৰে আসামঞ্জস্যক স্বীকাৰ কৰি লৈছে; একেদৰে মনস্তাত্বিক প্রস্তুতিৰে জীৱনৰ অসামঞ্জস্যকে স্বীকাৰ কৰি লৈছিল। ভাৰতীয় বিশাল ভূমিখণ্ডৰ আহ্বানত যিদৰে বাহিৰৰ পৰা ন ন মানৱপুঞ্জ ভাৰতলৈ আহিছিল, তেনেদৰে ইয়াৰে প্রত্যেকেই ব্যক্তিগত প্রতিভা অনুসৰি ভাৰতীয় সংস্কৃতিৰ ৰচনাত বৰঙণি যােগাইছিল। বিভিন্ন দেৱ-দেৱীৰ পূজা সম্পর্কে যি প্রচলিত নিয়ম আছে, তাৰে বেছি ভাগেই দ্রাবিড়সকলৰ প্ৰভাৱ বুলি ক’ব পাৰি। তেনেদৰে, মৃতকক সকাৰ কৰা, লিংগ পূজা আদিও অনাৰ্য্য যুগৰ অৱদান। তদুপৰি, কামাখ্যা দেৱীও আদিতে অনাৰ্য্য দেৱী আছিল। চুফীবাদ আৰু উপনিষদৰ মাজত যি মিল দেখা যায়, তাৰ মূলতে হ’ল – ইছলাম আৰু ভাৰতীয় সংস্কৃতিৰ সমন্বয়ৰ প্ৰভাৱ। পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ফ্রম ভল্গা টু গংগা’ নামৰ গ্ৰন্থত এই সম্পর্কে বিশেষ তথ্য পােৱা যায়।

হিন্দুস্থানী সংগীতত যি উচ্চাংগ দেখা যায় তাত ইছলামীয় সংস্কৃতিৰ প্ৰভাৱ পৰা দেখা যায়। ভাৰতীয় ভাস্কৰ্য কলাৰ কাৰু কাৰ্য্যত ইণ্ডো-ছাৰাছেনিক ৰীতি মন কৰিবলগীয়া। তাজমহল, ফটেহপুৰ ছিক্রি আদিৰ শিল্প কলাত ইয়াৰ উদাহৰণ পােৱা যায়। উল্লেখযােগ্য যে ছাহজাহানৰ সমাধিৰ পদুম ফুল আৰু কলহৰ চিত্ৰ আদিয়ে সমন্বয়ৰ কথাকে সোঁৱৰাই দিয়ে। তেনেদৰে অজন্তা, ইলােৰাৰ ছবিবােৰে বৌদ্ধ সংস্কৃতিৰ কিছু নিদর্শন দাঙি ধৰে। ভাৰতীয় বৈষ্ণৱ ভক্তিবাদৰ আড়ম্বৰহীনতা সুদূৰ পাৰস্যৰ পৰা অহা ইছলাম ধৰ্মাৱলম্বী আউলীয়া সকলৰ ভক্তিধৰ্মৰ প্ৰভাৱ পৰা বুলি ক’ব পাৰি। ওপৰৰ আলােচনাৰ পৰা দেখা গ’ল যে ভাৰতীয় সংস্কৃতি হ’ল এক সংমিশ্রিত সংস্কৃতি।

১৩। “সভ্যতা আৰু সংস্কৃতি’ শব্দ দুটাৰ মাজৰ পার্থক্য বিচাৰ কৰা।
উঃ সভ্যতা আৰু সংস্কৃতি এই শব্দ দুটাৰ মাজত যথেষ্ট পার্থক্য আছে। এটাৰ সলনি আনটো ব্যৱহাৰ কৰিব পৰা নাযায়। সভ্যতাৰ বুকুত আঁচোৰ মাৰিহে সংস্কৃতিয়ে আৰােহণ কৰে। সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থাক বুজায়। ইয়াৰ প্ৰধান মাপকাঠী হ’ল সমাজ এখনত বাস কৰা লােকসকলৰ জীৱন ধাৰণৰ প্রণালী। অর্থাৎ, সভ্যতাই বস্তুগত প্রাচুর্য, দক্ষতা, সুখ-সম্ভোগ, সম্পদৰ ব্যৱহাৰ, বৌদ্ধিক চিন্তা-চৰ্চা, আচাৰ-ব্যৱহাৰৰ সচেতনতা, শালীনতা আদিহে বহন কৰে। আনহাতে সংস্কৃতি হৈছে কোনাে এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্রতিভা। ভাষা, সাহিত্য, সুকুমাৰ কলা, দর্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পােৱা প্রতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠী। অর্থাৎ, সংস্কৃতিয়ে জাতি এটাৰ ৰীতি-নীতি, বিশ্বাস, ভাষা-সাহিত্য, আচাৰ-ব্যৱহাৰ কৰ্ম পদ্ধতি, সাজ-পােছাক আদিবহন কৰে। সভ্যতাৰ জন্ম আৰু বিকাশ মানুহৰ দৃষ্টিগােচৰ নহয়, কাৰণ সভ্যতাৰ বিকাশ অতি ধীৰ গতিত হয়। কিন্তু সংস্কৃতি সভ্যতাতকৈ কিছু দ্রুতগতিত পৰিৱৰ্তিত ৰূপত দেখা দিয়ে।

সভ্যতা কোনাে জাতি বা জনগােষ্ঠীৰ উত্থান-পতনৰ সৈতে জড়িত থাকে, কিন্তু সংস্কৃতি সেই জাতি বা জনগােষ্ঠীৰ জীৱন পদ্ধতিৰ সৈতেহে জড়িত হৈ থাকে।
সভ্যতাৰ সংমিশ্রণ ঘটে। কিন্তু সংস্কৃতিৰ মিশ্রণ ঘটে। উদাহৰণস্বৰূপে সিন্ধু সভ্যতা বুলি কওঁতে আমি কেৱল সিন্ধু নদীক কেন্দ্ৰ কৰি গঢ়ি উঠা সভ্যতাকহে বুজোঁ। কিন্তু ভাৰতীয় সংস্কৃতি বুলি কওঁতে আর্য, অনার্য, মােগল আদিৰ সংমিশ্রিত সংস্কৃতিৰ কথাকে বুজোঁ। আনহাতে মানুহৰ বুদ্ধি-কৌশল বা প্রযুক্তিবিদ্যা আদি সভ্যতাৰ সৈতে যিমান ঘনিষ্ঠভাৱে জড়িত, সংস্কৃতিৰ সৈতে নহয়। সিন্ধু সভ্যতা আৰু মহেঞ্জোদাৰােৰ সভ্যতাৰ নগৰ নিৰ্মাণৰ কাৰুকাৰ্যবােৰে তাৰে নিদর্শন দাঙি ধৰে। সংস্কৃতিয়ে এইবােৰৰ সংস্কাৰহে সাধন কৰিব পাৰে। সভ্যতা আৰু সংস্কৃতিৰ মাজত পার্থক্য থাকিলেও এটাক বাদ দি আনটোৰ ব্যাখ্যা কৰা সম্ভৱ নহয়। সভ্যতাইহে সমাজ সুশৃংখল কৰি সংস্কৃতি গঢ় দিয়াত সহায় কৰে।

দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন উত্তৰ ভাৰতীয় সংস্কৃতি

১৪। উত্তৰ ভাৰতীয় ভাস্কৰ্ষৰ বিষয়ে তােমাৰ পাঠ্যপুথিৰ সহায়ত লিখা।
উঃ  উত্তৰ ভাৰতীয় ভাষ্কর্যত সমন্বয় দেখা যায়। এই ভাষ্কর্যত বক্ৰ আৰু বৃত্ত ৰেখাৰ ব্যৱহাৰ অধিক। উত্তৰ ভাৰতীয় ভাষ্কর্যত ইছলামীয় ভাষ্কৰ্যৰ যথেষ্ট প্রভাৱ দেখা যায়। গঠনৰ সৰলতা আৰু সক্ষমতা এই ধৰণৰ ভাস্কৰ্যৰ বৈশিষ্ট্য। জ্যামিতিৰ ছবিৰ সৰলতা ইয়াতে দেখা যায়। ইছলামীয় ভাষ্কৰ্যৰ গঢ়-গঠনৰ লগত সংমিশ্রণ ঘটি উত্তৰ ভাৰতীয় ভাষ্কর্যত নতুন কাৰুকার্য খােদিত হৈছে। তাজমহল, ফটেহপুৰ চিক্রি, ইচমৎদৌল্লাৰ আদি এনে কাৰু কার্য খােদিত উত্তৰ ভাৰতীয় ভাষ্কৰ্যৰ আৰ্হি।

১৫। অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া।
উঃ যিবােৰ প্রাচীন শিল্পকলাই ভাৰতীয় ইতিহাসত যুগৰ সৃষ্টি কৰি আহিছে তাৰে ভিতৰত অজন্তাৰ শিল্পকলাই এক উল্লেখনীয় স্থান অধিকাৰ কৰি আছে। অজন্তাৰ শিল্পকলাৰ এটি মূল দিশ হ’ল— চিত্রশিল্প। এই চিত্ৰবােৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিয়ে। অজন্তাৰ ছবিবােৰত মূলতঃ দুটা ভাববস্তু মাদ প্রকাশ পাইছে। এটা হ’ল সন্ন্যাস জীৱন আৰু আনটো হ’ল সমূহীয়া জীৱন। এই দুয়ােবিধ ছবি একেলগে অংকন কৰা হৈছে। দ্বিতীয় পর্যায়ৰ ছবিবােৰ জীৱন আনন্দৰ উচ্ছাসময় চিত্র। এইবােৰত শক্তি, খ্যাতি, প্রেম আৰু যৌৱন প্রতিফলিত হৈ উঠিছে। আনহাতে প্রথম পর্যায়ত দয়া, ধ্যান আৰু মৌনতা প্রতিফলিত হৈছে। ভাববস্তুৰ ফালৰ পৰা দুয়ােবিধতে দুখন সুকীয়া জগত প্রতিফলিত হৈছে যদিও এই জগত দুখন পৃথকভাৱে অংকিত হােৱা নাই। জীৱনৰ অসামঞ্জস্যক একেলগে গ্ৰহণ কৰিব পৰা শক্তি এই ছবিবােৰত আছে। দুয়ােবিধ ছবিতে পুৰুষ, মহিলা, শিশুক বিভিন্ন ভংগিমাত একে ঠাইতে অংকন কৰা হৈছে। ইয়াত শিল্পজগত আৰু বাস্তৱ জীৱনৰ এক সুন্দৰ সমন্বয় স্থাপন হৈছে। এইটোৱেই হ’ল অজন্তাৰ চিত্রশিল্পৰ গৌৰৱ।

১৬। মােগল সম্রাট বাবৰৰ আমােলত ভাৰতত প্ৰৱেশ কৰা চিত্রকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা।
উঃ মােগল সম্রাট বাবৰৰ আমােলত ভাৰতত প্ৰৱেশ কৰা চিত্রকলাৰ ধাৰাটোৰ মূলতে আছিল প্রচুৰ ব্যক্তিবােধ। এই চিত্ৰকলাৰ ধাৰাটোত জনজীৱন বা সমষ্টি জীৱনৰ কোনাে সংবাদ নাছিল। ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্রকাশ। ইয়াৰ জন্ম হৈছিল টাইমূৰ আৰু চেংগীজ খাৰ ৰাজ দৰবাৰত, গতিকে এই চিত্রকলাৰ ধাৰাটো যুগৰ অনুসৰি কঠোৰ আৰু ব্যক্তিবাদী হ’বলৈ বাধ্য হৈছিল। ইয়াত ভাৱ-প্ৰৱণতাৰ পৰিৱর্তে বিপুল উৎসাহ-উদ্দীপনা তথা প্রেৰণাহে আছিল। ব্যক্তিবাদে এই ধাৰাটোৰ জৰিয়তে সাময়িকভাৱে হ’লেও চিত্র-শিল্পত ইংগিত বা সংকেতৰ স্থান প্রায় নােহােৱা কৰিছিল। বাবৰৰ আমােলত বাহিৰৰ সুস্থ ব্যক্তিবাদী চিত্রকলাৰ লগত প্রচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিল আৰু দুয়ােটাৰ সংমিশ্ৰণত এটা নতুন পদ্ধতিৰ উদ্ভৱ হৈছিল।

class 10 assamese ভাৰতীয় সংস্কৃতি

১৭৷ উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলায় বুলিছে?
উঃ উত্তৰ ভাৰতৰ সংগীতে গাম্ভীর্যৰ লগতে ঠায়ে ঠায়ে এই সংগীতত এক উৰণীয়া ভাবৰ সংযােগ ঘটাৰ কথা আমাৰ চকুত পেলায়। ইয়াকে সুৰ বস্তুৰ ওপৰত
লােক-সংগীতৰ প্ৰভাৱ বুলিব পাৰি বুলি কৈছে।

১৮। ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা।
উঃ ভাৰতীয় সংস্কৃতি’ পাঠটোৰ প্রথম বাক্যতে কোৱা হৈছে – ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ সংস্কৃতি। অর্থাৎ ভাৰতীয় সংস্কৃতি হ’ল এক বিশাল সংমিশ্রিত সংস্কৃতি। আৰ্য্য, অনাৰ্য্য আদিৰ উপৰি ইয়াত ইছলামিক সংস্কৃতিৰ প্ৰভাৱাে মন কৰিবলগীয়া। যেনেঃ

(ক) ভাৰতীয় বৈষ্ণৱ ভক্তিবাদ, উপনিষদৰ দৰ্শনৰ লগত ইছলামৰ চুফীবাদৰ যথেষ্ট মিল আছে। এক ঈশ্বৰবাদ, অদ্বৈতবাদ, মানৱ প্রেম, উদাৰতা, সংযম আদি কথাবােৰেই হৈছে ভক্তিবাদ আৰু চুফীবাদৰ মূল কথা।

(খ) ভাস্কৰ্য কলাৰ ক্ষেত্ৰতত ভাৰতীয় সংস্কৃতিত ইছলামিক প্রভাৱ যথেষ্ট পৰিমাণে পৰিছে। উত্তৰ ভাৰতৰ মঠ-মন্দিৰত যি বক্ৰ আৰু বৃত্ত ৰেখা অংকিত কৰা হৈছে – ইয়াৰ মূলতে হৈছে ইছলামীয় প্রভাৱ। আচলতে, গােটেই উত্তৰ-পূব ভাৰতৰ ভাস্কর্য শৈলী এক সমন্বয়ৰ বস্তু। ইছলামীয় ভাস্কর্য কলাই হিন্দু ভাস্কর্য কলাক এক অতুলনীয় কাৰু কার্য প্রদান কৰিছে। তাজমহল, ফটেহপুৰ চিক্রি, ইছমৎদৌলাৰ অসম্পূর্ণ ভাস্কর্য ইয়াৰ সুন্দৰ নিদর্শন। উত্তৰ ভাৰতীয় অঞ্চলসমূহৰ মন্দিৰবােৰত ইছলামীয় ভাস্কর্য ভালেমান প্ৰভাৱ পৰা দেখা যায়। ঠিক তেনেদৰে ইছলামীয় ভাস্কর্য শৈলীত যি জটিলতা আছিল সেয়া হিন্দু সংস্কৃতিৰ প্ৰভাৱত পৰি কিছু সৰল হােৱা দেখা যায়।

(গ) ভাৰতীয় চিত্র কলাতে ইছলামিক চিত্রশৈলীৰ প্ৰভাৱ উল্লেখযােগ্য। মােগল সম্রাট বাবৰৰ দিনতে চিত্র শিল্পৰ নতুন ৰীতি ভাৰতত প্ৰৱেশ কৰে। এই নতুন ৰীতিৰ এটা বৈশিষ্ট্য হ’ল – ব্যক্তিবাদ। চেংগীজ খাঁ, টাইমুৰ খাৰ ৰাজদৰবাৰত যি চিত্র অংকিত কৰা হৈছে তাত ব্যক্তিৰ জীৱনী সুন্দৰকৈ ফুটি উঠিছে। অজন্তাৰ চিত্রশিল্পত এই নতুন ৰীতি আৰু ভাৰতীয় চিত্ৰৰ সৰলতাৰ মাজত সংযােগ স্থাপন হােৱা দেখা যায়। এইটোৱেই হ’ল— ইণ্ডোছাৰাচেনিক ৰীতি।

(ঘ) আধ্যাত্মিক জীৱনত ভাৰতীয় হিন্দুসকলৰ ওপৰত ইছলামীয় প্রভাৱ দেখা যায়। ভাৰতীয় দশর্নত অতীন্দ্রিয়বাদৰ যি আত্মীয়তা দেখা যায় তাৰ মাজত ইছলামিক প্রভাৱ পৰা বুলি ক’ব পাৰি। ইছলামীয় সংঘাতে ভাৰতীয় আধ্যাত্মিকতা কঁপাই তুলিছিল। হিন্দু-মুছলমানৰ, সংঘাতৰ ফলত সৃষ্টি হােৱা বিপ্লৱে পৰাজিত হিন্দুৰ মনত নৈৰাশ্যৰ ভাব সৃষ্টি কৰে। ই হিন্দুৰ মনত উদাসীনতাৰ সৃষ্টি কৰে। ফলত বাস্তৱ জগতৰ কথা পাহৰি হিন্দুৰ মনে আত্মাৰ জগতলৈ গমন কৰিছিল।

(ঙ) ভাৰতীয় সাহিত্যততা ইছলামীয় সাহিত্যৰ ভাৱধাৰাই একীভূত হৈছিল। ইছলামীয় যুগতে ভাৰতত উর্দু ভাষাৰ বিভিন্ন শব্দাৱলী প্রৱেশ কৰিছিল। ওপৰৰ আলােচনাৰ পৰা দেখা গ’ল যে – ভাৰতীয় সংস্কৃতিত ইছলামীয় সংস্কৃতিৰ সম্পর্ক এৰাব নােৱাৰা বিধৰ।

ভাৰতীয় সংস্কৃতি দশম শ্ৰেণী

১৯। প্রাক-মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কর্য আৰু শিল্পকলাৰ বিষয়ে এটি টোকা যুগুত কৰা।
উঃ ভাৰতবৰ্ষলৈ মুছলমানসকল বা ইছলামসকলৰ আগমনৰ পূৰ্বৰ সময়ছােৱাক প্রাক্‌- মুছলিম যুগ বুলি কোৱা হয়। ভাৰতৰ দক্ষিণ ভাৰতৰ অঞ্চলসমূহত ব্যাপকভাৱে প্রাক্-মুছলিম যুগৰ ভাস্কৰ্য্য আৰু শিল্পকলাৰ আৰ্হি উত্তৰ ভাৰতত দেখিবলৈ পােৱা যায়। প্রাক্-মুছলমান যুগৰ ভাস্কৰ্য্য আৰু শিল্পকলাৰ নিদর্শন হিচাপে অজন্তৰ শিল্পকলাক দেখুৱাব পাৰি। অজন্তাৰ গুহাত অনন্তকালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ আছে। ইয়াৰ জৰিয়তে ভালেমান গতি-প্রগতিৰ সমন্বয় উজ্জ্বল হৈ আছে। অজন্তাৰ ছবিবােৰত দুই ধৰণৰ ভাববস্তুৰ প্ৰকাশ ফুটি উঠা দেখা যায়। এটা হৈছে। -সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন। দুয়ােবিধ ছবি একত্রিতভাৱে অংকন কৰা হৈছে। কিন্তু এই জগত দুখন পৃথকভাৱে অংকন কৰা হােৱা নাই। এই ছবিবােৰত জীৱনৰ অসামঞ্জস্যতাক একেলগে গ্ৰহণ কৰিব পৰা শক্তিৰ সম্ভেদ পােৱা যায়। অজন্তাৰ চিত্ৰসমূহত প্রাক্-মুছলিম যুগৰ জীৱনৰ প্ৰাচুৰ্য্যৰ কথাও উল্লেখ আছে। পুৰুষ, মহিলা, শিশুসকলক বিভিন্ন ভংগিমাত একে ঠাইতে অংকন কৰা হৈছে। জীৱনৰ প্ৰাচুৰ্য্যই যেন শিল্পীক মতলীয়া কৰিছে – চিত্ৰসমূহৰ পৰা এনে ভাব প্রকাশ হৈছে। ছবিবােৰৰ ভাৱ-ভংগীৰ অসামঞ্জস্যতাৰ মাজতাে বাস্তৱ জীৱনৰ অখণ্ডতাৰ কথা যেন কোনাে ক্ষেত্ৰতে ম্লান হােৱা নাই। অজন্তাৰ এনে চিত্র শিল্পকলাৰ জৰিয়তে শিল্পজগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপন কৰা সম্ভৱ হৈছে।

গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ। ৰেখাৰ লগত ৰেখাৰ সমন্বয় সাধন সেই ভাস্কৰ্যৰ মুখ্য বৈশিষ্ট্য আছিল। জ্যামিতিৰ ছবিবােৰৰ দৰে এইবােৰ সৰল। দৰাচলতে, উত্তৰ ভাৰতৰ ভাস্কর্য এক সমন্বয়ৰ বস্তু। হিন্দু , ভাস্কর্যই ইছলামীয় পদ্ধতিৰ জটিলতা হ্রাস কৰিছে আকৌ ইছলামীয় ভাস্কর্যই হিন্দু ভাস্কর্যক কাৰুকার্য প্রদান কৰিছে। এইদৰেই এক নতুন ধাৰাৰ উৎপত্তি হৈছে। এই সমন্বয়ৰ আদর্শ য’তেই সফল হৈছে, ত’তেই আমি তাজমহলৰ নিচিনা অপূর্ব সৃষ্টি দেখিবলৈ পাইছোঁ।

মােগল সম্রাট বাবৰৰ ৰাজত্বকালত চিত্রশিল্পৰ নতুন ধাৰা পােন প্রথমে ভাৰতত প্রৱেশ কৰে। এনে ধৰণৰ শিল্প-কলাৰ মূলতে আছিল প্রচুৰ ব্যক্তিবােধ আৰু
ইয়াত জনজীৱন বা সমষ্টি জীৱনৰ কোনাে সংবাদ নাছিল। এই চিত্র শিল্পবােৰৰ মূল লক্ষ্য আছিল ব্যক্তিৰ জীৱন। ইয়াত ভাব প্রৱণতাৰ কোনাে স্থান নাই, আছে
মাথোঁ বিপুল উৎসাহ-উদ্দীপনা আৰু প্ৰেৰণা। উদাহৰণস্বৰূপে – উর্দুৰ ৰােমাণ্টিক কাব্য-সাহিত্যৰ কথা ক’ব পাৰোঁ।

Class 10 Assamese Lesson 7 Question Answer

২০। ব্যাখ্যা কৰাঃ

(ক) “সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।”
উঃ সংগতিঃ উক্ত কথাষাৰ হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি’ নামৰ প্ৰৱন্ধটোৰ পৰা উদ্ধৃত কৰা হৈছে।
প্রসংগঃ ভাৰতীয় সংস্কৃতিৰ মূল সম্পদসমূহৰ বিষয়ে আলােচনা কৰিবলৈ গৈ লেখকে এই কথাষাৰ উল্লেখ কৰিছে।
ব্যাখ্যাঃ ভাৰতীয় সংস্কৃতি এক বিশাল সংমিশ্রিত সংস্কৃতি। ভাৰতৰ ভৌগােলিক গঠন সকলাে ঠাইতে একে নহয়। সেয়ে ইয়াৰ সংস্কৃতিও ভিন ভিন। মূল নদী এখনৰ সোঁতক যিদৰে উপনৈসমূহে পৰিপুষ্টি দান কৰে, তেনেদৰে মূল ভাৰতীয় সংস্কৃতিৰ ধাৰাকো বিভিন্ন জাতি-উপজাতিৰ সংস্কৃতিয়ে পৰিপুষ্টি দান কৰিছে।
অতীজৰে পৰা বৰ্তমানলৈ ভাৰতলৈ বিভিন্ন বহিৰাগতৰ প্ৰব্ৰজন ঘটি আছে। উদাহৰণস্বৰূপে ক’ব পাৰি যে এঘাৰশ শতিকাৰ আগেয়ে এছিয়া, ইউৰােপ, আফগানিস্তান, ব্রহ্মদেশ, কম্বােদিয়া, ইণ্ডোনেছিয়া আদি ঠাইৰ পৰা বিভিন্ন জাতি ভাৰতলৈ আহিছিল।

(খ) “ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী।”
উঃ সংগতিঃ উক্ত কথাষাৰ হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি’ নামৰ পাঠটোৰ পৰা উদ্ধৃত কৰা হৈছে।
প্রসংগঃ বিভিন্ন উত্থান-পতন সত্ত্বেও ভাৰতীয় সংস্কৃতি নিৰৱচ্ছিন্নভাৱে বৈ থকা প্রসংগত লেখকে উক্ত কথাষাৰ উল্লেখ কৰিছে।
ব্যাখ্যাঃ ভাৰত হ’ল সপ্ত সিন্ধুৰ দেশ। ইয়াৰ সাৰুৱা ভূমিলৈ বিভিন্ন ঠাইৰ পৰা বিভিন্ন জাতি-গােষ্ঠীৰ লোেক চামে চামে আহি ইয়াত বসবাস কৰিছিল। যেনেঃ
আফগান, পাঠান, মােগল, ইংৰাজ আদি। ইয়াৰে কিছুমান জনগােষ্ঠী ৰাজনৈতিক কাৰণত আক্রমণকাৰী হিচাপে আহি ভাৰতভূমিত ৰাজত্ব কৰিছিল। আকৌ, কিছুমানে ব্যৱসায় সংক্রান্তত আহি কালক্ৰমত ভাৰতীয় জনজীৱনৰ লগত এক হৈ পৰিছিল। ভাৰত বুৰঞ্জী আর্য, অনার্য, মংগােলীয়, দ্রাবিড়, শক, হন, গ্রীক আদি মানবগােষ্ঠীৰ আক্ৰমণ, ইটোৰ পাছত সিটো পৰিয়ালৰ শাসনভাৰ গ্রহণ আদি ঘটনাৰে সমৃদ্ধ। মাৰাঠা, চালুক্য, ৰাষ্ট্রকূট, চৌহান আদি সৰু সৰু ৰাজনৈতিক শক্তিয়ে ভাৰতৰ বিভিন্ন ক্ষুদ্র ক্ষুদ্ৰ ৰাজ্যসমূহত গা কৰি উঠিছিল। ভাৰতীয় বুৰঞ্জীত এই মানৱ গােষ্ঠীসমূহৰ জয়-পৰাজয়, ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়া বিভিন্ন কাহিনী ৰচিত হৈছে। এওঁলােকে ভাৰত বুৰঞ্জীৰ ইতিহাস ভঙা-পতা কৰিছিল যদিও ভাৰতীয় বৈচিত্রপূর্ণ সংস্কৃতিৰ মূল সুতিটো স্থবিৰ হৈ যােৱা নাছিল। ইয়ে হ’ল ভাৰতীয় সংস্কৃতিৰ ঐতিহ্য।

(গ) “সকলাে আর্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়।”
উঃ সংগতিঃ উক্ত কথাষাৰ হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি’ শীর্ষক পাঠটোৰ পৰা উদ্ধৃত কৰা হৈছে।
প্রসংগঃ শিল্প সাধনাৰ মূলতে দুটা উদ্দেশ্য জড়িত হৈ থাকে। ইয়াৰ প্রকাশ কিদৰে ঘটে তাকেই ক’বলৈ কথাষাৰ উল্লেখ কৰা হৈছে।
ব্যাখ্যাঃ সংস্কৃতিয়ে মানুহৰ জৈৱিক প্রয়ােজনৰ পৰা আৰম্ভ কৰি নান্দনিক আৰু আধ্যাত্মিক তাড়নাৰ লগত জড়িত সৃষ্টি কর্মকেই সামৰি লয়। শিল্প-কৰ্মৰ যিকোনাে কাৰ্যয়ে দুটা দিশৰ উন্মােচন কৰে। এটা আভ্যন্তৰীণ আৰু আনটো বাহ্যিক। আভ্যন্তৰীণ দিশটোৱে মানুহৰ অন্তৰৰ অনুভূতিক জগাই তােলে। বাহ্যিক দিশটোৱে দৃষ্টিমুখৰ আড়ম্বৰৰ জৰিয়তে মানুহৰ দৃষ্টি আকর্ষণ কৰে। ইয়াৰ আভ্যন্তৰীণ উদ্দেশ্যটোৱে প্ৰকাশ কৰিব বিচাৰে সংযম আৰু আড়ম্বৰহীনতাৰ আৰু বাহ্যিক উদ্দেশ্যটোৱে কাৰুকাৰ্য আৰু জাকজমকৰ সৃষ্টি কৰে। প্রথম উদ্দেশ্যটোৱে সূক্ষ্ম, মননশীল দৰ্শনৰ বিকাশ ঘটায়। দ্বিতীয়টোৱে এটা বিৰাট পটভূমিৰ অৱতাৰণা কৰি বহির্জাগতিক বিস্তৃতি লাভ কৰে। প্ৰথমটোৰ এই শক্তি নাই।

ভাৰতীয় সংস্কৃতি class 10 question answer

ভাষা বিষয়ক

১। সন্ধি ভাঙাঃ
সংস্কৃতি,সমন্বয়, সম্বন্ধ, ভাৰাক্ৰান্ত, সন্মত।

উঃ সংস্কৃতিঃ সম্ + কৃতি
সমন্বয়ঃ সম্ + অন্বয়
সম্বন্ধঃ  সম্+ বন্ধ
ভাৰাক্ৰান্তঃ ভাৰ + আক্রান্ত
সম্মতঃ সম্ + মত

২। বিশেষণ আৰু বিশেষ্যলৈ নিয়াঃ
বৈচিত্র্য, ভৌগােলিক, বিস্তৃতি, নৈৰাশ্য, বিল্প।
উঃ বৈচিত্র্যঃ বিচিত্র
ভৌগােলিকঃ ভূগােল
বিস্ততিঃ বিস্তৃত
নৈৰাশ্যঃ নৈৰাশ

ভাৰতীয় সংস্কৃতি class 10 pdf

অতিৰিক্ত প্রশ্নোত্তৰঃ

অতি চমু প্রশ্নোত্তৰঃ

১। হেম বৰুৱাৰ এখন উল্লেখযােগ্য গ্রন্থৰ নাম লিখা।
উঃ হেম বৰুৱাৰ এখন উল্লেখযোেগ্য গ্রন্থখন হ’ল ‘The Red River and the Blue Hill” |

২। আৰ্যসকলৰ আদিম বাসভূমি কত ?
উঃ আৰ্যসকলৰ আদিম বাসভূমি মধ্য এছিয়াত।

৩। ভাৰতীয় সংস্কৃতিৰ মূল আদর্শ কি?
উঃ ভাৰতীয় সংস্কৃতিৰ মূল আদর্শ সমন্বয়ৰ সংস্কৃতি।

৪। মহেঞ্জোদাৰােৰ সংস্কৃতিৰ সম্পদ কি?
মহেঞ্জোদাৰােৰ সংস্কৃতিৰ সম্পদ ধ্যানস্থ শিৱৰ কল্পনা।

৫। সংস্কৃতিৰ অর্থ কি?
সংস্কৃতি হৈছে কোনাে এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্রতিভা।

৬। ভাৰতীয় জীৱনৰ মূল সম্পদ কি?
উঃ ভাৰতীয় জীৱনৰ মূল সম্পদ সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা।

৭।কোনে পঞ্জাৱ আৰু আফগানিস্তানক এক কৰি থ’ব বিচাৰিছিল?
উঃ গ্রীকসকলে পঞ্জাৱ আৰু আফগানিস্তানক এক কৰি থ’ব বিচাৰিছিল।

৮। সংস্কৃতিৰ মাপকাঠী কি?
উঃ ভাষা, সাহিত্য, দর্শন, সুকুমাৰ কলা আদিৰ ক্ষেত্ৰত প্রকাশিত প্রতিভাই সংস্কৃতিৰ মাপকাঠী।
৯। হিন্দুৰ শ্ৰাদ্ধ বিধি কোন যুগৰ অৱদান?
উঃ হিন্দুৰ শ্ৰাদ্ধ বিধি অনার্য যুগৰ অৱদান।

১০। চুফীবাদৰ মূল আধাৰ কি?
উঃ চুফীবাদৰ মূল আধাৰ কোৰাণ।

১১। লিংগ পূজা কোন যুগৰ নিদর্শন?
লিংগ পূজা অনার্য যুগৰ নিদর্শন।

১২। কামাখ্যাত আগেয়ে কোন সম্প্রদায়ৰ লােকে পুৰােহিতৰ কাম কৰিছিল?
উঃ কামাখ্যাত আগেয়ে গাৰাে সম্প্রদায়ৰ লােকে পুৰােহিতৰ কাম কৰিছিল।

১৩। ব্যক্তিবাদী চিত্রকলাৰ লক্ষ্য কি?
উঃ ব্যক্তিৰ জীৱন প্ৰকাশ কৰাই ব্যক্তিবাদী চিত্রকলাৰ লক্ষ্য।

১৪। কাৰ আমােলত ভাৰতীয় সাহিত্যৰ বৈচিত্র্য বাঢ়িছিল?
উঃ বৃটিছৰ আমােলত ভাৰতীয় সাহিত্যৰ বৈচিত্র্য বাঢ়িছিল।

১৫। কাঞ্জিভৰামৰ মন্দিৰত কিমানটা স্তম্ভ আছে?
উঃ কাঞ্জিভৰামৰ মন্দিৰত কমেও এহেজাৰটা স্তম্ভ আছে।

ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু

১৬। ভাৰতীয় ভৌগােলিক জীবন কেনেকুৱা ?
উঃ ভাৰতীয় ভৌগােলিক জীৱন বৈচিত্র্যময়।

১৭। কোন যুগত ভাৰতক আৰু কান্দাহাৰক এক কৰাৰ প্রচেষ্টা চলিছিল?
উঃ মৌর্য যুগত ভাৰতক আৰু কান্দাহাৰক এক কৰাৰ প্রচেষ্টা চলিছিল।

১৮। মােগল আৰু ৰাজপুট চিত্রকলাৰ প্রধান লক্ষণ কি?
উঃ মােগল আৰু ৰাজপুট চিত্রকলাৰ প্রধান লক্ষণ অনুভূতিৰ প্ৰসাৰতা।

১৯। মুছলিম আৰু হিন্দুৰ প্ৰথম সংঘর্ষই হিন্দুৰ মনত পােনতে কিহৰ সৃষ্টি কৰিছিল?
উঃ মুছলিম আৰু হিন্দুৰ প্ৰথম সংঘর্ষই হিন্দুৰ মনত পােনতে বিপ্লৱৰ সৃষ্টি কৰিছিল।

২০। গ্রীকসকলৰ হাতত পৰাজিত হােৱা জাতিটোৰ নাম কি?
উঃ গ্রীকসকলৰ হাতত পৰাজিত হােৱা জাতিটোৰ নাম মাইকেনিয়ান।

২১। আৰ্যসকলৰ আদিম বাসভূমি কি আছিল?
উঃ মধ্য এছিয়া আৰ্যসকলৰ আদিম বাসভূমি আছিল।

২২। ভাৰতীয় সংস্কৃতি’ পাঠটোৰ লেখক কোন?
ভাৰতীয় সংস্কৃতি’ পাঠটোৰ লেখক হেম বৰুৱা।

২৩। উত্তৰ ভাৰতীয় ভাস্কর্যত কিহৰ প্রাদুর্ভাৱ সৰহকৈ দেখা যায় ?
উঃ উত্তৰ ভাৰতীয় ভাস্কর্যত বৃত্ত আৰু বক্ৰৰেখাৰ প্রাদুর্ভাৱ সৰহকৈ দেখা যায়।

২৪। কামাখ্যা আদিতে কোনটো জনগােষ্ঠীৰ দেৱী আছিল?
উঃ অনার্য জনগােষ্ঠীৰ দেৱী আছিল কামখ্যা।

২৫। ব্যক্তিবাদী চিত্রকলাৰ কাৰ দৰবাৰত জন্ম হৈছিল ?
উঃ টাইমূৰ আৰু চেংগীজ খাঁৰ দৰবাৰত ব্যক্তিবাদী চিত্রকলাৰ জন্ম হৈছিল।

২৬। হেম বৰুৱা অসম সাহিত্যসভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল?
উঃ ১৯৭২ চনত ধুবুৰীত অনুষ্ঠিত হােৱা অধিৱেশনৰ সভাপতি আছিল হেম বৰুৱা।

২৭। ইংৰাজ ৰােমান্টিক কবি কীটছৰ সম্পূর্ণ নাম কি?
উঃ ইংৰাজ ৰােমাণ্টিক কবি কীটছৰ সম্পূর্ণ নাম জন কীচ্ছ।

২৮। কীটছৰ কোনটো কবিতাৰ সমালােচনা আক্রোশমূলকভাৱে কৰা হৈছিল?
উঃ কীটছৰ ‘এণ্ডিমিয়ন’ কবিতাটোৰ সমালােচনা আক্রোশমূলকভাৱে কৰা হৈছিল।

দশম শ্ৰেণীৰ অসমীয়া ভাৰতীয় সংস্কৃতি

চমু প্রশ্নোত্তৰঃ

১। একালৰ অনাৰ্য্য কামাখ্যা কেনেদৰে আৰ্যৰ আৰাধ্য দেৱী হৈ উঠিল?
উঃ ভাৰতীয় সংস্কৃতি আর্য-অনার্যৰ এক সংমিশ্রিত সংস্কৃতি। শিৱ হ’ল—অনাৰ্যসকলৰ উপাস্য দেৱতা। আনহাতে, পার্বতী আর্য সমাজৰ জীয়ৰী। শিৱক অনার্য বাবেই দক্ষ-যজ্ঞত স্থান দিয়া হােৱা নাছিল। তেনেদৰে অনার্য কামাখ্যা দেৱীকো পূজা কৰিবলৈ ল’লে, তাৰ পিছতেই কোচ ৰজাৰ ৰাজত্ব কালত ব্রাহ্মণসকলে কালী বা দুৰ্গাৰ ৰূপান্তৰ হিচাপে কামাখ্যা দেৱীক পূজা কৰিবলৈ লয়। এনেদৰেই কামাখ্যা দেৱী আৰ্যৰ আৰাধ্য দেৱী হিচাপে অধিষ্ঠিত হ’ল।

২। ব্যক্তিবাদী চিত্রকলাৰ বিষয়ে চমুকৈ লিখা।
উঃ চিত্রকলা হ’ল এক সার্বজনীন কলা। তথাপি, মননশীল দৃষ্টিভংগীৰ বাবে ব্যক্তি জীৱনৰ ওপৰত প্ৰভাৱ পেলায়। মােগল সম্রাট বাবৰৰ আমােলত ব্যক্তিবাদী চিত্রকলাই ভাৰতত প্ৰৱেশ কৰে। উত্তৰ ভাৰতৰ মঠ-মন্দিৰসমূহৰ চিত্ৰকলাই ইয়াৰ নিদর্শন দাঙি ধৰে। ব্যক্তিবাদী কলাৰ মূল লক্ষ্য আছিল ব্যক্তিৰ জীৱন
প্রকাশ। ইয়াত জনজীৱন বা সমষ্টি জীৱনৰ কোনাে সংবাদ নাছিল। টাইমূৰ খাঁ আৰু ছেংগীজ খাঁৰ ৰাজদৰবাৰত ব্যক্তিবাদী চিত্রকলাই এক কঠোৰ নীতিক অনুসৰণ কৰে। এই ব্যক্তিবাদী চিত্রশিল্পসমূহে সাময়িকভাৱেহে গা কৰি উঠিছিল। তথাপি ইয়াৰ প্ৰভাৱত অজন্তাৰ চিত্রকলাত এক নতুন ভাৰসাম্যৰ সংযােগ ঘটিল। বুদ্ধৰ ব্যক্তি জীৱনৰ চিত্ৰবােৰে ইয়াৰ নিদর্শন দাঙি ধৰে। আনন্দাপ্লুত, ৰসচঞ্চল আৰু ধীৰ, মন্থৰ প্রাণ আন বৈশিষ্ট্যৰ সংযােগ স্থাপন হ’ল। এই নতুন সংযােগেই পাছত ইণ্ডো-ছাৰাছেনিক ৰীতিত পৰিণত হ’ল।

Class 10 Assamese Lesson 7 Question Answer

৩। ব্যাখ্যা কৰাঃ
(ক) “সংস্কৃতি হৈছে কোনাে এটা জাতিৰ বা সমাজ এখনৰ জীৱনৰ প্ৰতিভা।”
উঃ সংগতিঃ উক্ত কথাষাৰ হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি’ নামৰ পাঠটোৰ পৰা উদ্ধৃত কৰা হৈছে।
প্রসংগ : একোটা জাতিৰ সংস্কৃতিৰ মাজত প্রতিফলিত হয় সেই জাতিৰ জীৱন- প্রক্রিয়া। ইয়াৰ বিকাশ আৰু প্ৰতিফলন কেনেদৰে হ’ব পাৰে তাকেই কথাষাৰৰ জৰিয়তে ক’বলৈ লােৱা হৈছে।
ব্যাখ্যাঃ সভ্যতাৰ বুকুত আচোৰ মাৰি সংস্কৃতিয়ে আৰােহণ কৰে। সংস্কৃতিয়ে বহন কৰে একোটা জাতিৰ আচাৰ ব্যৱহাৰ, চলন-ফুৰণ, সাজ-পােছাক, আহাৰ বাসস্থান, ভাষা-সাহিত্য আদি উপাদানসমূহ। সংস্কৃতি হ’ল জাতিৰ দাপােণস্বৰূপ। সংস্কৃতিয়ে এটা জাতিৰ সকলাে উপাদানৰ প্রতিফলন ঘটায়। কোনাে জাতি বা সমাজৰ বিষয়ে জানিবলৈ হ’লে তাৰ সংস্কৃতিৰ বিষয়ে জানিব লাগিব। উদাহৰণস্বৰূপে- আর্য জাতিৰ বিষয়ে জানিবলৈ হ’লে আমি বৈদিক সংস্কৃতিৰ বিষয়ে জানিব লাগিব। সেয়ে কোৱা হয় সংস্কৃতিয়ে কোনাে জাতি বা সমাজ এখনৰ জাতীয় জীৱনৰ প্রতিফলন ঘটায়।

(খ) “চিত্রকলা যদিও বিশ্বজনীন তথাপি ইয়াৰ জৰিয়তে জাতি বিশেষ প্রাণ থলীৰ বহুখিনি পৰিচয় পােৱা যায়।”
উঃ সংগতিঃ উক্ত কথাষাৰ হেম বৰুৱাদেৱৰ দ্বাৰা ৰচিত ভাৰতীয় সংস্কৃতি’ নামৰ পাঠটোৰ পৰা উদ্ধৃত কৰা হৈছে।
প্রসংগঃ চিত্রশিল্পৰ কাৰুকাৰ্যই কিদৰে কোনাে এটা জাতিৰ চানেকি বহন কৰে, এই কথাকে ক’বলৈ বিচৰা হৈছে।
ব্যাখ্যাঃ  চিত্রশিল্প হ’ল এক বিশ্বজনীন আর্ট। তথাপি, ইয়াৰ শৈলীয়ে কোনাে এটা জাতিৰ পৰিচয় দিব পাৰে। প্রত্যেক জাতিৰে শিল্পকলাৰ নিজস্ব কিছুমান বৈশিষ্ট্য থাকে। এই বৈশিষ্ট্য কলাই চীনদেশৰ পৰিচয় দিয়ে। তেনেদৰে, পাৰ্চীয়ান চিত্ৰকলাৰ মননশীলতাই তেওঁলােকৰ জাতিৰ পৰিচয় দাঙি ধৰে। আকৌ, অজন্তাৰ চিত্রশিল্পবােৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ মার্গ দর্শনৰ কথাবােৰ সোঁৱৰাই দিয়ে। তাজমহল, ছাহজাহানৰ সমাধি আদিৰ চিত্ৰকলাই মােগল যুগৰ ইণ্ডো-ছাৰাছেনিক ৰীতিৰ নিদর্শন দাঙি ধৰে। তেনেদৰে অসমীয়া সত্ৰসমূহৰ চিত্ৰকলাই আমাক মধ্যযুগীয়া অসমীয়া সমাজখনৰ স্বাক্ষৰ বহন কৰে। মুঠতে একোখন সমাজ, একোটা জাতি, একোটা যুগৰ এই কলাসমূহে মানৱ জীৱনৰ ক্রিয়াকলাপকে প্রকাশ কৰে।

ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি?

উঃ ক্রমবর্ধমান শক্তি বা জীৱন্ত শক্তিয়েই ভাৰতীয় সংস্কৃতিৰ প্রাণ।

শিৱ আৰু শক্তি পূজাৰ মূল ক’ত আৱিষ্কাৰ হৈছিল।

উঃ প্রত্নতাত্ত্বিক পণ্ডিতসকলে শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰােৰ সংস্কৃতিৰ পৰা আৱিষ্কাৰ কৰিছিল। ধ্যানস্থ শিৱৰ কল্পনাও মহেঞ্জোদাৰােৰে সাংস্কৃতিক সম্পদ।

কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি?

উঃ প্রকৃতপক্ষে বৌদ্ধধৰ্মৰ প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি।

সর্বপল্লী ৰাধাকৃষ্ণণে কালিয়দমন’ক কি আখ্যা দিছে?

উঃ সর্বপল্লী ৰাধাকৃষ্ণণে কালীয়দমন’ক আর্যই অনাৰ্যক সংস্কৃত কৰাৰ প্রতীকধর্মী নৃত্য বুলি আখ্যা দিছে।

ফ্রম ভলগা টু গংগা’ কাৰ ৰচনা?

উঃ ‘ফ্রম ভলগা টু গংগা’ পণ্ডিত ৰাহুল সংস্কৃতায়নৰ ৰচনা।

Leave a Comment