ছাত্র-জীৱন আৰু সমাজসেৱা – Class 10 assamese lesson 6 question answer

ছাত্র-জীৱন আৰু সমাজসেৱা – Class 10 assamese lesson 6 question answer

Chapter 1বৰগীত
Chapter 2জিকিৰ
Chapter 3প্রশস্তি
Chapter 4মই অসমীয়া
Chapter 5দৃশ্যান্তৰ
Chapter 6ছাত্ৰ-জীৱন আৰু সমাজ সেৱা
Chapter 7ভাৰতীয় সংস্কৃতি
Chapter 8অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
Chapter 9ইণ্টাৰনেটৰ তিতা-মিঠা
Chapter 10অৰুণিমা সিন্‌হা
Chapter 11অৰণ্যযাত্রা
Chapter 12পাৰস্যত এভুমুকি
Group – B
Chapter 13কানাইৰ চাতুৰী
Chapter 14ধৰ ঝাড়ু ধৰ ভাই
Chapter 15বিষাদ যোগ
Chapter 16প্রাচীন ভাৰতীয় শিক্ষা
দশম শ্ৰেণীৰ বৈচিত্র্যময় অসম
1তিৱাসকল
2দেউৰীসকল
3নেপালীভাষী গোর্খাসকল
4বড়োসকল
5মটকসকল
6মৰাণসকল
7মিচিংসকল
8মণিপুৰীসকল
9ৰাভাসকল
10সোণোৱাল কছাৰীসকল
11হাজংসকল
12নাথযোগীসকল
13আদিবাসীসকল
শ্ৰেণীদশম
বিষয়অসমীয়া
পাঠছাত্র-জীৱন আৰু সমাজসেৱা
উপলব্ধ(সম্পূৰ্ণ প্ৰশ্নোত্তৰ)

ছাত্র-জীৱন আৰু সমাজসেৱা Class 10

পাঠভিত্তিক প্রশ্নোত্তৰ
ভাববিষয়ক

১। অতি চমুকৈ উত্তৰ লিখাঃ

(ক) লিখকৰ মতে ছাত্র জীৱনৰ প্রকৃত উদ্দেশ্য কি কি?
উঃ কি কি কাম কৰিলে মনুষ্য জনম লােৱা সার্থক হয় তথা সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকার্য হ’ব পাৰি এনেবিলাক বিষয়ৰ জ্ঞান অর্জন কৰাই হ’ল ছাত্র জীৱনৰ প্রকৃত উদ্দেশ্য।

(খ) বর্তমানৰ প্ৰচলিত শিক্ষাৰ দোষ কি কি?
উঃ বর্তমান প্রচলিত শিক্ষা উন্নত আৰু কামৰ শিক্ষা নহয়, এয়ে হ’ল ইয়াৰ ঘাই দোষ।
বর্তমান শিক্ষা কেৱল কিতাপৰ পাঠতে সীমাবদ্ধ হৈ থাকে, ব্যৱহাৰিক জীৱনৰ লগত ইয়াৰ সম্পর্ক নথকা বুলিয়েই কব পাৰি। উদাহৰণস্বৰূপে বর্তমান শিক্ষার্থীসকলে পাঠ্যপুথিত পঢ়া দুখীয়াক মৰম কৰিবা’, ‘ডাঙৰক সন্মান কৰিবা’ আদিৰ দৰে বাক্যসমূহ আওৰাইহে থয়। বাস্তৱ জীৱনত ইয়াৰ অর্থ উপলব্ধি কৰিবলৈ সক্ষম নহয়। শিক্ষকসকলেও শিক্ষার্থীসকলক এই ধৰণৰ বাক্যসমূহত অন্তর্নিহিত হৈ থকা প্রকৃত অর্থবােৰ বুজাই দিয়াৰ পৰিৱর্তে বাক্যটোত ব্যৱহৃত বানানসমূহৰ আকাৰ, ইকাৰ শুদ্ধ কৰিয়ে নিজৰ পাঠদানৰ কৰ্তব্য সামৰি থয়। শিক্ষার্থীসকলে পঢ়ি-শুনি কিবা জ্ঞান লাভ কৰিছেনে নাই সেই বিষয়ে কোনেও নাভাবে। তেওঁলােকে বছৰি পৰীক্ষাত উত্তীৰ্ণ হৈছেনে বা শ্ৰেণীত প্রথম বা দ্বিতীয় হৈউত্তীর্ণ হ’ব পাৰিছেনে নাই সেই বিষয়তহে শিক্ষক আৰু শিক্ষার্থীসকলে গুৰুত্ব দিয়ে। এইবােৰে হ’ল বর্তমান প্রচলিত শিক্ষাৰ দোষ।

(গ) ছাত্ৰসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতী হ’ব লাগে?
উঃ ছাত্ৰসকল হ’ল দেশৰ ভৱিষ্যৎ, আশা-ভৰসাৰ কলি। সেয়ে ছাত্ৰসকলে ছাত্ৰ অৱস্থাত যিমান দূৰ সম্ভৱ জ্ঞানকৰী, অর্থকৰী আৰু কাৰ্যকৰী জ্ঞান লাভ কৰি দেশসেৱাত ব্রতী হ’ব লাগে।

(ঘ) ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা ক’ৰ পৰা কিদৰে লাভ কৰিব পাৰে?
উঃ ছাত্ৰসকলে কার্যকৰী শিক্ষা লাভ কৰাৰ উপযুক্ত স্থান হৈছে গাঁও অঞ্চল। বর্তমান একবিংশ শতিকাতাে আমাৰ দেশৰ গাঁওসমূহত অজ্ঞানতাই ৰাজত্ব কৰি আছে, কু- সংস্কাৰ-অন্ধবিশ্বাসে সকলাে দিশ অন্ধকাৰাচ্ছন্ন কৰি দেশৰ প্রগতি আৰু উন্নতিৰ পথত হেঙাৰৰূপে থিয় দি আছে। এই বাধাসমূহ দূৰ কৰিবলৈ ছাত্ৰসকলে নিজৰ- কার্যকৰী শিক্ষাৰ ঠাইস্বৰূপে গাঁওসমূহকে বাছিলৈ গাঁওবাসীক অজ্ঞানতা, অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত কাম কৰি অভিজ্ঞতা লাভৰ দ্বাৰাহে কার্যকৰী জ্ঞান অর্জন কৰিব পাৰিব।

(ঙ) লিখকৰ মতে দেশৰ প্রকৃত উন্নতি কৰা মানে কিহৰ উন্নতি কৰা?
উঃ লিখকৰ মতে দেশৰ প্রকৃত উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা।

Class 10 assamese lesson 6 question answer

২। ছাত্র জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছােৱাত কেনেবােৰ পন্থা অবলম্বন কৰিব পাৰে? দেশ সেৱাত ব্ৰতী হ’বলৈ ছাত্র জীৱনত বহুমুখী শিক্ষাৰ প্ৰয়ােজনীয়তা সম্বন্ধে আলােচনা কৰা৷
উঃ ছাত্র জীৱনৰ প্রকৃত উদ্দেশ্য সফল কৰিবলৈ হ’লে শিক্ষাৰ সময়ছােৱাত ছাত্ৰসকলে একাগ্ৰতাৰে জ্ঞান অর্জনত ব্ৰতী হ’ব লাগে কাৰণ ছাত্ৰৰ একাগ্রতাই হৈছে উন্নতিৰ ঘাই মন্ত্র। শিক্ষাৰ সময়ছােৱাত শিক্ষার্থীয়ে মনৰ গতি সদায় একমুখী কৰি ৰাখিব লাগে, মনৰ গতি বহুমুখী হলে ছাত্র ছাত্রত্ব শক্তি লােপ পােৱাৰ সম্ভাৱনা থাকে। ছাত্ৰ অৱস্থাত ঘৰুৱা জঞ্জাল কিছুমান মূৰত জাপি ল’ব নালাগে, এনেবিলাক কথাত কাল আৰু পাত্রভেদে বিচাৰ কৰি চলিব লাগে।

তদুপৰি শিক্ষাৰ সময়ছােৱাত ছাত্ৰসকলে কেৱল পুথিগত শিক্ষা অর্জন কৰিলেই ছাত্রজীৱনৰ প্রকৃত উদ্দেশ্য সফল হ’ব নােৱাৰে। ছাত্ৰসকলে মানুহৰ জীৱনৰ লক্ষ্য কি, কি কি কাম কৰিলে মনুষ্য জনম সার্থক হয়, সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকার্য হ’ব পাৰি এই ক্ষেত্ৰত ব্যৱহাৰিক তথা কার্যকৰী জ্ঞান আহৰণ কৰাতাে গুৰুত্ব আৰােপ কৰিব লাগে।

দেশসেৱাত ব্ৰতী হ’বলৈ হ’লে বহুমুখী শিক্ষাৰ অতিকৈ প্রয়ােজন আছে। বহুমুখী শিক্ষা প্রদানৰ জৰিয়তেহে ছাত্ৰসকলক উপযুক্ত মানৱ সম্পদ হিচাপে গঢ়ি তুলিব পৰা যায় আৰু উপযুক্ত মানৱ সম্পদেহে দেশসেৱাত ব্ৰতী হৈ দেশৰ প্ৰগতিত অৰিহণা যােগাব পাৰে। বর্তমান বিশ্বখন সলনি হৈছে, আর্থিক ব্যৱস্থাৰ পৰিৱর্তন হৈছে, মানুহৰ কাম কৰাৰ ধৰণ তথা কর্মক্ষেত্ৰৰ পৰিৱৰ্তন হৈছে এনে পৰিৱর্তিত সময়ত বহুমুখী শিক্ষাইহে ছাত্ৰসকলক এই বিশেষ ক্ষেত্রসমূহত দক্ষ আৰু সুনিপুণ কৰি দেশ সেৱাত ব্ৰতী হ’ব পৰাকৈ গঢ় দিব, নহ’লে ইয়াৰ অবিহনে দেশত নিবনুৱাৰ হাৰ বৃদ্ধি হৈ দেশৰ প্ৰগতিত বাধা জন্মাব।

৩। ‘এইখিনি কাম তেওঁলােকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথােন।’
কোনখিনি কাম তেওঁলােকৰ (ছাত্র-ছাত্রীসকলৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ বুজাই লিখা।
উঃ গাঁও অঞ্চলসমূহত ৰাজত্ব কৰি থকা অজ্ঞানতা, নিৰক্ষৰতা, কুসংস্কাৰ, অন্ধবিশ্বাস আদিৰ দৰে প্ৰগতিৰ বাটত বাধাৰ সৃষ্টি কৰা অৰায়সমূহ দূৰ কৰিবলৈ ছাত্ৰসকলে গাঁৱত সােমাই ঘৰে ঘৰে গৈ অশিক্ষিত লােকসকলক তেওঁলােকৰ দুৰৱস্থাৰ বিষয়ে চকু মুকলি কৰিব লাগিব; বাতৰি কাকত আৰু জ্ঞান তথা জগতৰ বাতৰি থকা পুথি পঢ়ি শুনাই তেওঁলােকৰ অজ্ঞানতা দূৰ কৰিবলৈ যত্ন কৰিব লাগিব; তেওঁলােকৰ মাজৰ পৰা কুচুট কপট গুচাবলৈ চাব লাগিব; গাঁৱত কোনাে নৰীয়া আদি হলে উপদেশেৰে বা আন উপায়েৰে সহায় কৰিব লাগিব; উপদেশেৰে আৰু উদাহৰণেৰে নিজৰ ঘৰ আৰু গাঁওখনক আদর্শ ঘৰ আৰু গাঁও কৰিবলৈ চাব লাগিব— এইধৰণৰ কামবােৰেই হ’ল ছাত্র-ছাত্রীসকলৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ।

৪। আমাৰ দেশৰ অধিকাংশ লােক আজিও কেনে অৱস্থাত আছে পাঠটোৰ আধাৰত বুজাই লিখা।
উঃ বৰ্তমানৰ যিবােৰ দেশ স্বাধীন আৰু উন্নত, সেইবােৰ তিনিশ চাৰিশ বছৰৰ আগেয়ে আছিল যথেষ্ট অনুন্নত পর্যায়ৰ। আমাৰ দেশৰ অধিকাংশ লােক আজিও তেনে অৱস্থাত আছে বুলি লেখকে ক’ব খুজিছে। পুৰণি সভ্যতা, শিক্ষা আৰু সাধনাৰ সামান্যহে গাঁওবােৰত দেখা যায়। অজ্ঞানতাই মানুহৰ মনবােৰক কোঙা কৰি ৰাখিছে আৰু কপটতাৰে ভৰাই তুলিছে, ফলত অসভ্যতা অশিক্ষাৰে সমাজ কলুষিত হৈছে। অজ্ঞানতা আৰু কুসংস্কাৰে মানুহক আৱৰি ধৰিছে। মানুহ আত্মকেন্দ্রিক হৈ পৰিছে। পাৰ্থিৱ সম্পদৰ বাবে নিজৰ মাজতে হাই কাজিয়াত লিপ্ত হৈছে। কানি, ভাং আদিকে ধৰি নানা নিচাসক্ত দ্রব্যৰ ব্যৱহাৰত মজি নিজৰ লগতে অইনৰ উন্নতিৰ প্ৰতিও পিঠি দিছে। দেশত ক’ত কি ঘটিছে সেইবােৰলৈ কাণসাৰ নকৰি হাতত হাত সাবটি বহি ৰৈছে। মুঠতে শিক্ষাৰ অভাৱে গাঁওসমূহক অনুন্নয়নৰ দিশে অগ্রসৰ হােৱাৰ বাট দেখুৱাইছে।

৫। ‘গাঁও একাধাৰে নগৰৰ জনক-জননী।’—কথাষাৰৰ তাৎপর্য বুজাই লিখা।
উঃ লেখকে গাঁওসমূহৰ উন্নতিতহেনগৰ-চহৰৰ উন্নতি নিহিত হৈ আছে বুলি ক’বলৈ গৈ প্রশ্নোদ্ধৃত কথাফাকিৰ অৱতাৰণা কৰিছে। সাধাৰণতে চহৰনগৰতহে সকলাে ধৰণৰ বিকাশ পৰিলক্ষিত হয়। কিন্তু নগৰৰ জন্ম গাঁৱৰ বুকুতেই। গাঁৱেই পিতৃৰ দৰে নগৰক জন্ম দি মাতৃৰ দৰে প্রতিপালন কৰিছে। গাঁওসমূহত নগৰৰ তুলনাত শিক্ষাৰ প্ৰভাৱ কম। শিক্ষাৰ অভাৱত সভ্যতাৰ ধ্বংস হৈছে। প্ৰজন্মৰ পাছত প্রজন্ম অজ্ঞানতাৰ কবলত পৰি গাঁৱলৈ বিপদ মাতি আনিছে। গাঁৱৰ মানুহৰ মনবােৰ শিক্ষাৰ পােহৰেৰে আলােকিত কৰিব পাৰিলেহে দৰাচলতে নগৰৰাে প্রকৃত বিকাশ হ’ব। গাঁৱৰ ৰাইজৰ মানসিক বিকাশ শিক্ষাৰ দ্বাৰা নহ’লে প্রকৃত উন্নতি সম্ভৱ নহয়। নগৰ গাঁৱৰপৰা বিকশিত ৰূপ, জন্মৰ দৰে ধ্বংসও হ’ব পাৰে আৰু আকৌ গঢ়িও উঠিব পাৰে। কিন্তু গাঁৱৰ লােকসকলক প্রকৃত শিক্ষাৰে শিক্ষিত কৰিব নােৱাৰিলে সহজে ধ্বংসৰ মুখৰ পৰা বচাব নােৱাৰি। সেয়ে আধুনিক পৃথিৱীৰ উত্তৰণৰ কথা গাঁওবাসীক বুজাই দি তেওঁলােকক জ্ঞানী কৰি তুলিব লাগিব। গাঁৱৰ উন্নতি কৰা মানেই নগৰৰ উন্নতি কৰা।

Class 10 assamese lesson 6 question answer

৬। ব্যাখ্যা কৰাঃ
(ক) পঢ়াই, পঢ়ে, ৰােৱে পাণ।
এই তিনিয়ে নিচিন্তে আন ৷৷
উঃ সংগতিঃ উদ্ধৃত কথাষাৰি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগদেৱৰ ৰচিত ‘ছাত্র জীৱন আৰু সমাজসেৱা’ পাঠটোৰ পৰা লােৱা হৈছে।
প্রসংগঃ ইয়াত কথাষাৰিৰ দ্বাৰা লেখকে বুজাব বিচাৰিছে যে পঢ়াৰ সময়ত শিক্ষার্থী আৰু শিক্ষকে অন্য কথা চিন্তা নকৰি নিষ্ঠা আৰু একাগ্ৰতাৰে পঢ়িলেহে বা পাঠদান কৰিলে তাৰ সুফল লাভ কৰিব।
ব্যাখ্যাঃ পঢ়ুৱৈৰ প্রধান কাম হৈছে পঢ়া আৰু শিক্ষকৰ প্রধান কাম হৈছে পঢ়ুওৱা। পঢ়া আৰু পঢ়ুওৱা—এই দুয়োেটা কামেই হৈছে যথেষ্ট কষ্টকৰ কিয়নাে জ্ঞান অর্জন আৰু জ্ঞানদানৰ পৰিসৰ বিশাল। একাগ্রতা আৰু পৰিশ্ৰমেহে এই কাম সহজসাধ্য কৰিব পাৰে। একে কথা পাণ ৰােপণৰ ক্ষেত্ৰতাে প্রযােজ্য। পাণ ৰােওঁতাৰ অন্যমনস্কতাৰ বাবে পাণগছ ঠন ধৰি নুঠে, মৰিহে যায়।

মানুহে কোনাে কাম কৰিলে নিষ্ঠা আৰু একাগ্ৰতাৰে কৰিলেহে কামটোত সফলতা লাভ কৰিব পাৰে। তেনেদৰে শিক্ষা লাভৰ ক্ষেত্ৰতত শিক্ষক আৰু শিক্ষার্থীয়ে নিজৰ নিজৰ কাম নিষ্ঠা আৰু একাগ্রতাৰে কৰিব লাগিব তেতিয়াহে সফলতা অর্জন কৰিব পাৰিব। অর্থাৎ পঢ়াওঁ আৰু পঢ়োতাৰ মন-মগজুৱে অন্য কথা চিন্তা-চৰ্চা নকৰি নিজৰ ধ্যান সদায় পঢ়াত ৰাখিলেহে বিচৰা ধৰণৰ ফল লাভ কৰিব পাৰিব। ব্যাখ্যেয় কথাফাকি লেখকে এনে অর্থতে ব্যৱহাৰ কৰিছে।

(খ)  কমাৰশালত গঢ়িবলৈ হ’লে আগতে জুইশালত গঢ়ি চাব লাগিব। সাঁতুৰিবলৈ শিকিবলৈ হ’লে পানীত ননমাকৈ নহয়।
উঃ সংগতিঃ উদ্ধৃত কথাষাৰি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ ডিম্বেশ্বৰ নেওগদেৱৰ ৰচিত ছাত্র-জীৱন আৰু সমাজসেৱা’ পাঠটোৰ পৰা লােৱা হৈছে।
প্রসংগঃ কথাষাৰিৰ জৰিয়তে লেখকে কোনাে এটা বিষয়ৰ প্রকৃত শিক্ষা উপযুক্ত পৰিৱেশত হাতে কামে লাগিহে যে অর্জন কৰিব পাৰি তাকেই প্ৰকাশ কৰিছে।
ব্যাখ্যাঃ মানুহৰ বাবে সমগ্র বিশ্বখনেই এখন ডাঙৰ পঢ়াশালি। ইয়াৰ আৰম্ভণি হয় মানুহৰ নিজ গৃহৰ পৰা। শিক্ষার্থীসকলক জীৱন্ত সংসাৰখনৰ লগত মােকাবিলা কৰিবলৈ প্রথম অভিজ্ঞতা নিজৰ ঘৰ আৰু বিদ্যালয়খনেই প্রদান কৰে, যিদৰে কমাৰশালত কোনাে বস্তু গঢ় দিয়াৰ আগতে জুইশালত তপতাই তাক গঢ় দিব পৰাকৈ প্রস্তুত কৰি লােৱা হয়। অর্থাৎ, যেনেদৰে এটুকুৰা লােহাক পিটি পিটি দা কুঠাৰ গঢ়িবলৈ জুইশালতে আঘাত সহিব পৰাকৈ প্ৰস্তুত কৰি লােৱা হয়, তেনেদৰে শিক্ষার্থীসকলকো সংসাৰৰ দুখ-কষ্ট, আঘাত সহিব পৰাকৈ প্ৰথমতে নিজৰ ঘৰ আৰু বিদ্যালয়তে ব্যৱহাৰিক শিক্ষা প্রদানৰ দ্বাৰা ধৈৰ্যশীল আৰু কষ্টসহিষ্ণু কৰি গঢ় দিব লাগিব। আকৌ শিক্ষার্থীসকলক কোনাে বিষয়ৰ প্রকৃত জ্ঞান প্রদান কৰিবলৈ হলে বিষয়টো সম্পর্কীয় পৰিৱেশৰ অতি প্রয়ােজন। যেনেঃ সাঁতােৰ শিকিবলৈ হলে পানীত নামিবই লাগিব। ঠিক একেদৰে কিছুমান বিষয়ৰ প্রকৃত জ্ঞান পাঠ্যপুথিত পঢ়ি অর্জন কৰিব নােৱাৰি, হাতে-কামে লাগিহে বিষয়টোৰ প্রকৃত জ্ঞান অর্জন কৰিব পাৰি। ব্যাখ্যেয় কথাফাকিৰ দ্বাৰা লেখকে এই কথাকেই দাঙি ধৰিছে।

(গ) এই কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পাছত ফল হৈ মাতৃ পূজাত লাগে। কাইট-কলিতে এইসকলক পূজাৰ উপহাৰস্বৰূপে মাতৃয়ে গ্রহণ নকৰে।
উঃ সংগতি : উদ্ধৃত কথাষাৰি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগদেৱৰ ৰচিত ছাত্র-জীৱন আৰু সমাজসেৱা’ পাঠটোৰ পৰা লােৱা হৈছে।
প্রসংগঃ কথাষাৰিৰ জৰিয়তে লেখকে সকলাে জ্ঞান আৰু শিক্ষাৰে পৰিপুষ্ট হৈ পূর্ণতা লাভ কৰা ব্যক্তিৰ দ্বাৰাহে যে সমাজ তথা দেশৰ মংগল সাধন হয় তাকে প্রকাশ কৰিছে।

ব্যাখ্যাঃ কোনাে এটা কাম কৰিবলৈ মানুহক সদায় জ্ঞান আৰু দক্ষতাৰ প্ৰয়ােজন হয়। এই জ্ঞান আৰু দক্ষতা মানুহে এদিনতে আহৰণ কৰিব নােৱাৰে। এই জ্ঞান আৰু দক্ষতা অর্জন কৰিবলৈ হ’লে মানুহে ঢাপে ঢাপে আগ বাঢ়ি যাব লাগিব। যিদৰে এজোপা গছত প্ৰথমতে কলি হয়, তাৰ পাছত সেই কলি বিকশিত হৈ ফুল আৰু শেষত ফল হয়; সেইদৰে মানুহেও ছাত্ৰ অৱস্থাত যিমান দূৰ সম্ভৱ জ্ঞানকৰী, অর্থকৰী আৰু কাৰ্যকৰী জ্ঞান অর্জন কৰি পৰিপুষ্ট হৈ দেশমাতৃৰ সেৱাৰ বাবে উপযুক্ত হৈ উঠিব লাগে। ছাত্ৰসকলে সকলাে জ্ঞানেৰে পৰিপূৰ্ণ হ’লেহে স্বদেশ আৰু স্বজাতিৰ মংগল সাধন কৰিব পাৰে। অপৰিপূর্ণ জ্ঞান আৰু দক্ষতাৰে কোনাে কাম কৰিলে দেশৰ কোনাে হিত বা মংগল নহয়, বৰঞ্চ দেশৰ অহিত বা অমংগল হােৱাৰ সম্ভাৱনাহেবাঢ়ে, যিদৰে অপৰিপক্ক ফল খালে বেমাৰ হােৱাৰ সম্ভাৱনা বাঢ়ে। এনে অপৰিপক্ক ফল খালেও দেহৰ কোনাে কামত নালাগে ঠিক একেদৰে অপৰিপূৰ্ণ জ্ঞান আৰু দক্ষতাৰে কৰা কামেও দেশৰ হিত সাধনত কোনাে অৰিহণা যোেগাব নােৱাৰে।

Class 10 assamese lesson 6 question answer

(ঘ) নৰ সেৱাই প্রকৃত নাৰায়ণ সেৱা।
উঃ সংগতিঃ উদ্ধৃত কথাষাৰি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগদেৱৰ ৰচিত ‘ছাত্র-জীৱন আৰু সমাজসেবা পাঠটোৰ পৰা লােৱা হৈছে।

প্রসংগ : বাক্যশাৰীৰ দ্বাৰা লেখকে মানুহৰ সেৱা কৰিলেই যে ভগৱান সন্তুষ্ট হয় আৰু মানুহৰ সেৱা কৰিলেহে যে মানৱ জীৱন সার্থক তাকেই প্ৰকাশ কৰিছে।
ব্যাখ্যাঃ মানুহে মনৰ শান্তি লাভৰ অৰ্থে ভগৱানৰ পূজা-অর্চনা কৰে। মানুহে কেৱল নিজৰ মংগল কামনা কৰি নিজৰ মনৰ শান্তি বিচাৰিলেই সমাজ তথা বিশ্বৰ কোনাে উপকাৰ সাধন নহয়, বৰঞ্চ মানুহ দিনে দিনে স্বার্থপৰহে হ’বলৈ ধৰে। এনে স্বার্থপৰ মানুহ ভগৱানৰ কৃপাৰ পৰাও বঞ্চিত হয় আৰু মন সদায় অসন্তুষ্টি আৰু অশান্তিৰে পৰিপূৰ্ণ হৈ থাকে, কিন্তু যি মানুহে মানুহৰ দুখ-কষ্ট বুজি আর্তজনক উদ্ধাৰ কৰিবলৈ আগ বাঢ়ি যায়, সমাজ তথা দেশৰ মানুহৰ মংগলার্থে কাম কৰিবলৈ সদায় প্রস্তুত থাকে, তেনে মানুহৰ মন সদায় প্রাপ্তিৰে আৰু সন্তুষ্টিৰে ভৰি থাকে। মানুহৰ মন প্রাপ্তি আৰু সন্তুষ্টিৰে ভৰি থাকিলে মনটোক পৱিত্ৰ মন্দিৰৰ দৰে অনুভৱ হয় আৰু তাতেই ভগৱানক বিচাৰি পােৱা যেন লাগে। অর্থাৎ মানৱ সেৱা কৰিলেই ভগৱান নাৰায়ণো সন্তুষ্ট হয়, তাৰ বাবে ঠায়ে ঠায়ে গৈ ভগৱানৰ মূর্তি বিচাৰি ফুৰাৰ প্রয়ােজন নাই। ব্যাখ্যেয় কথাফাকিৰ দ্বাৰা লেখকে সেয়ে মানুহৰ সেৱাৰ পােষকতা কৰিছে।

ভাষা বিষয়কঃ
১। বিপৰীত শব্দ লিখা ?
নিষ্কর্মা, ক্রুটী, সহযােগিতা, দেশহিতৈষিতা, প্রৌঢ়
উঃ শব্দঃ বিপৰীত শব্দ
নিষ্কর্মাঃ কর্মী।
ক্রুটীঃ শুদ্ধ
সহযােগিতাঃ অসহযােগিতা
দেশহিতৈষিতাঃ দেশদ্রোহিতা
প্রৌঢ়ঃ যুৱ

২। সমার্থক শব্দ লিখা ।
কাৰ্যকৰী, প্রকৃত, সাম্য, আনমনা, অর্থকৰী,কাপ, কাকত।
উঃ  শব্দঃ সমার্থক শব্দ
কার্যকৰীঃ কার্যোপযােগী
প্রকৃতঃ আচল, যথার্থ
সাম্যঃ সমান
আনমনাঃ অন্যমনস্ক, অমনােযােগী
অর্থকৰীঃ লাভজনক
কাপঃ কলম
কাকতঃ কাগজ, তুলাপাত

৩।বাক্য ৰচনা কৰাঃ
নীতি-বচন, কাপ-কাকত, কুচুট-কপট, জনক-জননী, লােণ-তেল।
উঃ নীতি-বচনঃ অভিজ্ঞজনৰ নীতি-বচন মানি চলিব লাগে।
কাপ-কাকতঃ কাপ কাকতত লিখি থলেহে কথাবােৰ সংৰক্ষিত হয়।
কুচুট-কপটঃ কুচুট -কপট মনত ৰাখিলে জীৱনত প্রকৃত সুখ পােৱা নাযায়।
জনক-জননীঃ গাঁও নগৰৰ জনক-জননী।

লােণ-তেলঃ লােণ-তেল দি খােৱা ভাত কেইটাতাে অত বছৰৰ মূৰত অম্লানে পৰম তৃপ্তি পালে।

ছাত্র-জীৱন আৰু সমাজসেৱা অতিৰিক্ত প্রশ্নোত্তৰ

১। অতি চমু প্রশ্নোত্তৰ :

(ক) ছাত্র জীবন কিহৰ সময়?
উঃ ছাত্র জীৱন শিক্ষালাভৰ সময়।

(খ) শিক্ষার্থীৰ উন্নতিৰ ঘাই মন্ত্র কি?
উঃ শিক্ষার্থীৰ উন্নতিৰ ঘাই মন্ত্র হ’ল একাগ্রতা।

(গ) ছাত্র ছাত্রত্ব শক্তি কেতিয়া লােপ পায়?
উঃ ছাত্ৰৰ মনৰ গতি বহুমুখী হলে ছাত্র ছাত্রত্ব শক্তি লােপ পায়।

(ঘ) লেখকে কিহক ন্যায় বুলিব নােৱাৰাৰ কথা কৈছে?
উঃ জ্ঞান অর্জনৰ কালত জ্ঞান বিতৰণ কৰিবলৈ যােৱাটোক লেখকেন্যায় বুলিব নােৱাৰাৰ কথা কৈছে।

(ঙ) ছাত্রজীৱন আৰু সমাজ সেৱা’ পাঠটোৰ লেখক কোন?
উঃ ‘ছাত্রজীৱন আৰু সমাজসেৱা’ পাঠটোৰ লেখক হ’ল ডিম্বেশ্বৰ নেওগ।

(চ) লেখকে কিহক ধিক্কাৰৰ কথা বুলি কৈছে?
উঃ কুৰি শতিকাৰ মাজভাগত আমাৰ দেশত অজ্ঞানতাই নির্বিাদেৰাজত্ব কৰি থকাকে লেখকে ধিক্কাৰৰ কথা বুলি কৈছে।

(ছ) নগৰৰ জনক-জননী কোন?
উঃ নগৰৰ জনক-জননীহ’ল গাঁও।

(জ) ডিম্বেশ্বৰ নেওগৰ কেতিয়া আৰু ক’ত জন্ম হৈছিল?
উঃ ডিম্বেশ্বৰ নেওগৰ ১৮৯৯ খ্রীঃত শিৱসাগৰৰ কাৰদীয়া গাঁৱত জন্ম হৈছিল।

২। চমু প্রশ্নোত্তৰঃ
(ক) কোনবােৰ বিষয়ৰ জ্ঞানক শিক্ষা বুলিব পাৰি?
উঃ মানুহৰ জীৱনৰ লক্ষ্য কি, কি কি কাম কৰিলে মনুষ্য জনম লােৱা সার্থক হয়, সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকার্য হ’ব পাৰি তেনেবােৰ বিষয়ৰ জ্ঞানকে শিক্ষাবুলি ক’ব পাৰি।

(খ) পঢ়াই পঢ়ে, বােৱে পাণ, এই তিনি নিচিন্তে আন।’—ইয়াত পঢ়া শব্দটোৱে কি বুজাইছে?
উঃ ইয়াত পঢ়া’ শব্দটোৱে কিতাপৰ পৰা দুটা কথা আওৰােৱাক বুজোৱা নাই, পঢ়া’
শব্দটোৱে ইয়াত প্রকৃত শিক্ষা লাভ কৰাৰ কথাক বুজাইছে।

(গ) ছাত্ৰসকলে কোনবােৰ কথাত কাল আৰু পাত্রভেদে বিচাৰ কৰি চলিব লাগে আৰু কিয় ?
উঃ ছাত্ৰসকলে ছাত্ৰ অৱস্থাত ঘৰুৱা জঞ্জাল কিছুমান মূৰত জাপি ল’লে, নাইবা বাহিৰৰ হৈ-চৈ, কোলাহল আদিত গা ঢালি দিলে জীৱনত উন্নতি কৰিব নােৱাৰে। ছাত্ৰ অৱস্থাত মনৰ গতি একমুখী কৰি ৰাখিব লাগে, এই অৱস্থাত মনৰ গতি বহুমুখী হলে ছাত্ৰৰ ছাত্রত্ব লােপ পায়— এনেবােৰ কথাতে ছাত্ৰসকলে কাল আৰু পাত্রভেদে বিচাৰ কৰি চাব লাগে।

(ঘ) আজি গাঁও অজ্ঞানতা আৰু কুসংস্কাৰৰ লীলাভূমি’ লেখকে কিয় এইদৰে কৈছে?
উঃ আমাৰ দেশখন এখন উন্নয়নশীল দেশ যদিও দেশৰ উন্নতিৰ ছবি চহৰাঞ্চলতহে পৰিলক্ষিত হয়। গাঁওসমূহ এতিয়াও প্রগতি আৰুউন্নতিৰ পৰা শশমাইল আঁতৰত। বর্তমানে গাঁওসমূহক অজ্ঞানতা, নিৰক্ষৰতা, কুসংস্কাৰ, অন্ধবিশ্বাসে অন্ধকাৰাচ্ছন্ন কৰি ৰাখিছে। এইবােৰৰ কবলত পৰি গাঁওবাসী বিপথে পৰিচালিত হৈ নানা ধৰণৰ অপৰাধ, দুষ্কর্মত লিপ্ত হৈছে। সেয়েহে লেখকে গাঁওসমূহ আজি অজ্ঞানতা আৰু কুসংস্কাৰৰ লীলাভূমি বুলি কৈছে।

(ঙ) ছাত্ৰসকলে নিজৰ ঘৰ আৰু গাঁওখনক কেনেদৰে একোখন আদর্শ ঘৰ আৰু গাঁও হিচাপে গঢ়ি তুলিব পাৰে?
উঃ আমাৰ দেশৰ গাঁওসমূহ বর্তমানে বিভিন্ন কুসংস্কাৰ, অন্ধবিশ্বাস, অজ্ঞানতাৰে অন্ধকাৰাচ্ছন্ন হৈ আছে। এইবােৰৰ দ্বাৰা গাঁওবাসী বিপথে পৰিচালিত হৈছে। এই সকলোেবােৰ সমস্যাৰ মূলতে আছে নিৰক্ষৰতা আৰু অজ্ঞানতা। এই সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত ছাত্ৰসকলে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে। ছাত্ৰসকলে নিজৰ কাৰ্যকৰী শিক্ষা কর্মক্ষেত্র হিচাপে গাঁওসমূহক বাচি লৈ গাঁৱৰ ঘৰে ঘৰে গৈ অশিক্ষিত লােকসকলৰ এই সমস্যাসমূহৰ বিষয়ে চকু মুকলি কৰিব লাগিব। তেওঁলােকৰ বিভিন্ন সমস্যাসমূহ তেওঁলােকৰ চকুৰ আগত দাঙি ধৰিব লাগিব। বাতৰি কাকত বা জ্ঞান আৰু জগতৰ বাতৰি থকা পুথি পঢ়ি শুনাই তেওঁলােকৰ অজ্ঞানতা দূৰ কৰিব লাগিব, নৰিয়া আদি হলে উপদেশ বা আন উপায়েৰে সহায় কৰিব লাগিব। ছাত্ৰসকলে এই ধৰণৰ বিভিন্ন সজ উপদেশ আৰু উদাহৰণ আদি দি নিজৰ ঘৰ আৰু গাঁওখনক আদর্শ ঘৰ আৰু গাঁও হিচাপে গঢ়ি তুলিব পাৰে।

ছাত্র-জীৱন আৰু সমাজসেৱা

২। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা।

(ক) ছাত্ৰৰ একাগ্রতা সঁচাকৈয়ে উন্নতিৰ ঘাই মন্ত্র।
উঃ সংগতিঃ উদ্ধৃত কথাষাৰি আমাৰ পাঠ্যপুথিৰ অসমীয়া সাহিত্য চয়নিকা’ৰ ডিম্বেশ্বৰ নেওগদেৱৰ ৰচিত ‘ছাত্র-জীৱন আৰু সমাজসেৱাৰ পৰা লােৱা হৈছে।
প্রসংগঃ উক্ত কথাষাৰিৰ দ্বাৰা লেখকে ছাত্ৰসকলে শিক্ষা জীৱনত মনটোক স্থিৰ কৰি একাগ্রভাৱে অধ্যয়ন কৰিলেহে যে সুফল লাভ কৰিব পাৰে তাকেই ক’বলৈ বিচাৰিছে।
ব্যাখ্যাঃ ছাত্র-জীৱন শিক্ষা অর্জনৰ সময়। এই সময়ত ছাত্ৰসকলৰ একাগ্রতা আৰু ধৈৰ্যৰ প্রয়ােজন। এই সময়ত যদি ছাত্ৰসকলে অযথা কথাত সােমাই অন্যমনস্ক হৈ পৰে তেওঁলােকৰ প্রকৃত জ্ঞান অর্জনৰ পৰা বঞ্চিত হােৱাৰ বেছি সম্ভাৱনা থাকে। ছাত্ৰ অৱস্থাত মনৰ গতি বহুমুখী হ’লে অর্থাৎ পঢ়াৰ প্রতি আগ্রহ নাথাকিলে, সংগদোষত পৰি কিছুমানে অপৰাধ আৰু কুকর্মত লিপ্ত হয়। তেতিয়াই শিক্ষা জীৱন ধ্বংস হৈ ছাত্রত্ব লােপ পাব ধৰে। ছাত্ৰসকলে সদায় নিজৰ মন-মগজুৰে শিক্ষা অর্জনৰ সাধনাত ব্ৰতী হ’ব লাগে। একাগ্র সাধনাইহে ছাত্ৰসকলক উন্নতিৰ দিশে আগ বঢ়াই নি তেওঁলােকৰ লক্ষ্যস্থানত উপনীত কৰাব পাৰে। অর্থাৎ কোনাে এক লক্ষ্য বা উদ্দেশ্য সিদ্ধিৰ বাবে ছাত্ৰসকলে একান্ত মনে সাধনা কৰিলেহে সেই উদ্দেশ্যত সফলতা অর্জন কৰিব পাৰে।

খ) উদৰ সাত পুৰুষ মৰিল কেঁচা মাছ খাই, বান্দৰৰ সাত পুৰুষ মৰিল ডাল কোবাই’।
উঃ সংগতিঃ উদ্ধৃত কথাষাৰি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা’ৰ ডিম্বেশ্বৰ নেওগদেৱৰ ৰচিত ‘ছাত্র-জীৱন আৰু সমাজসেৱা’ পাঠটোৰ পৰা লােৱা হৈছে।
প্রসংগঃ লেখকে কথাষাৰি গাঁৱৰ মানুহে অজ্ঞানতাৰ বশৱৰ্তী হৈপুৰুষানুক্রমে লাভ কৰা দুহালিচা মাটিতে খেতি কৰি সকলাে বস্তু পােৱাৰ আশা পালি থকা নিজ স্বভাৱটোক লৈ সান্ত্বনা লভি থকাৰ প্ৰসংগত কৈছে।
ব্যাখ্যাঃ মানুহে পুৰুষানুক্রমে লাভ কৰা স্বভাৱ বা চৰিত্র সহজে সলনি নহয়। উদে কেঁচা মাছ খায়েই জীৱন নির্বাহ কৰে, গতিকে সি কেঁচা মাছ খাবই লাগিব। ইয়াৰ কোনাে ব্যতিক্রম হ’ব নােৱাৰে কাৰণ উদে মানুহৰ দৰে মাছৰান্ধি খাব নাজানে আৰু নােৱাৰেও। আনহাতে বান্দৰৰ বাসস্থান হ’ল গছ। গতিকেসিহঁতে ডালে-পাতে বগাই ফুৰিবই লাগিব,ইয়াৰ পৰিৱতন হ’ব নােৱাৰে। যিদৰে উদ আৰু বান্দৰে নিজৰ পূৰ্বপুৰুষৰ আচৰণ সলনি কৰা সম্ভৱ নহয়, মানুহেও পূর্বপুৰুষৰ বা পৰম্পৰাগত আচাৰ-আচৰণ, চৰিত্ৰ সহজে সলনি কৰিব নােৱাৰে। অর্থাৎ পূৰ্ব্বাপৰ নীতি ত্যাগ কৰাটো কাৰো কাৰণে সম্ভৱ নহয়।

(গ) দেশৰ এই ঘােৰ দুর্দিনৰ দিনত ডেকাসকলে প্রৌঢ়সকলৰ কান্ধৰ ভাৰখন দাঙি ল’বলৈ সাজু হৈ থাকিব লাগিব।
উঃ সংগতিঃ উদ্ধৃত কথাষাৰি আমাৰ পাঠ্যপুথিৰ অসমীয়া সাহিত্য চয়নিকা’ৰ ডিম্বেশ্বৰ নেওগদেৱৰ ৰচিত ছাত্র-জীৱন আৰু সমাজসেৱা’ পাঠটোৰ পৰা লােৱা হৈছে।
প্রসংগঃ লেখকে কথাষাৰ ছাত্ৰসকলক সমাজৰ প্ৰতি থকা দায়িত্বৰ বিষয়ে সোঁৱৰাই দিবলৈ যাওঁতে উল্লেখ কৰিছে।
ব্যাখ্যাঃ আমাৰ দেশখন নানা ধৰণৰ সমস্যাৰে জৰ্জৰিত। আজি দেশখনৰ চৌদিশে অন্ধকাৰ, অৰাজকতা, অজ্ঞানতাই বিৰাজ কৰি আছে। এনে পৰিস্থিতি সমূহৰ সমাধানার্থে আমাৰ দেশৰ বহুতাে প্রবীণ লােকে দায়িত্ব গ্রহণ কৰি আহিছে। বর্তমান তেওঁলােকে এই দায়িত্বৰ ভাৰসমূহ অকলে বহন কৰিব নােৱাৰা হৈ আহিছে। এনে সময়ত দেশৰ ভৱিষ্যৎ ছাত্ৰসকলে আগ বাঢ়ি আহি প্রবীণসকলৰ পৰা দায়িত্ববােৰ চমজি ল’বলৈ নিজকে উপযুক্ত শিক্ষা আৰু জ্ঞানেৰে সাজু কৰি ৰাখিব লাগিব। তেতিয়াহে দেশৰ তথা সমাজৰ দুর্দিনত ছাত্ৰসকলে স্বদেশ আৰু স্বজাতিৰ হিত সাধনত অংশগ্ৰহণ কৰিব পাৰিব।

ছাত্ৰসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতী হ’ব লাগে?

উঃ ছাত্ৰসকল হ’ল দেশৰ ভৱিষ্যৎ, আশা-ভৰসাৰ কলি। সেয়ে ছাত্ৰসকলে ছাত্ৰ অৱস্থাত যিমান দূৰ সম্ভৱ জ্ঞানকৰী, অর্থকৰী আৰু কাৰ্যকৰী জ্ঞান লাভ কৰি দেশসেৱাত ব্রতী হ’ব লাগে।

লিখকৰ মতে দেশৰ প্রকৃত উন্নতি কৰা মানে কিহৰ উন্নতি কৰা?

উঃ লিখকৰ মতে দেশৰ প্রকৃত উন্নতি কৰা মানে গাঁৱৰ উন্নতি কৰা।

ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা ক’ৰ পৰা কিদৰে লাভ কৰিব পাৰে?

উঃ ছাত্ৰসকলে কার্যকৰী শিক্ষা লাভ কৰাৰ উপযুক্ত স্থান হৈছে গাঁও অঞ্চল। বর্তমান একবিংশ শতিকাতাে আমাৰ দেশৰ গাঁওসমূহত অজ্ঞানতাই ৰাজত্ব কৰি আছে, কু- সংস্কাৰ-অন্ধবিশ্বাসে সকলাে দিশ অন্ধকাৰাচ্ছন্ন কৰি দেশৰ প্রগতি আৰু উন্নতিৰ পথত হেঙাৰৰূপে থিয় দি আছে। এই বাধাসমূহ দূৰ কৰিবলৈ ছাত্ৰসকলে নিজৰ- কার্যকৰী শিক্ষাৰ ঠাইস্বৰূপে গাঁওসমূহকে বাছিলৈ গাঁওবাসীক অজ্ঞানতা, অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত কাম কৰি অভিজ্ঞতা লাভৰ দ্বাৰাহে কার্যকৰী জ্ঞান অর্জন কৰিব পাৰিব।

Leave a Comment