দৃশ্যান্তৰ কবিতাৰ প্ৰশ্নৰ উত্তৰ | Class 10 Assamese Lesson 5 question Answer |
শ্ৰেণী | দশম |
বিষয় | অসমীয়া |
পাঠ | দৃশ্যান্তৰ |
উপলব্ধ | সকলো প্ৰশ্নৰ উত্তৰ |
দৃশ্যান্তৰ কবিতাৰ প্ৰশ্নৰ উত্তৰ
পাঠভিত্তিক প্রশ্নোত্তৰ (ভাব বিষয়ক)
১। চমু উত্তৰ দিয়া ।
(ক) কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল ?
উঃ কবিয়ে পঁচিশ বছৰৰ আগতে মানুহজনক লগ পাইছিল।
(খ) মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পােৱা নাছিল ?
মানুহজন কুকুৰীকণা আছিল কাৰণে সন্ধিয়া পৰত নিজৰ ঘৰ বিচাৰি পােৱা নাছিল।
(গ) মানুহজনে নিজৰ ঘৰৰ পদূলি ক’ত বিচাৰিছিল?
উঃ মানুহজনে নিজৰ ঘৰৰ পদূলি নিজৰেইনঙলামুখত বিচাৰিছিল।
(ঘ) মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰৰ ভংগীত আছিল?
উঃ মানুহজনৰ ঘৰৰ দাঁতিত আগলি বাঁহেনমস্কাৰৰ ভংগীত আছিল।
(ঙ) কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল ?
উঃ কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল।
(চ) সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ স’তে কি কি কথা পাতিছিল তােমাৰ নিজৰ কথাৰে লিখা।
উঃ সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিক ভাৰাঘৰ বিচাৰি অহা মানুহ বুলি ভাবিছিল। সেয়ে তেওঁ কবিৰ সৈতে সাতমহলীয়া ঘৰটোৰ লগতে কাষৰ অট্টালিকাসমূহৰ কথা পাতিছিল। তেওঁ ঘৰটোক কুবেৰৰ মহলাৰ লগত তুলনা কৰি তাত ভাৰাঘৰ নাই আৰু থাকিলেও তাত শান্তিত থাকিব নােৱাৰিব বুলি কোৱাৰ লগতে তাত কিছুমান যখৰ পােৱালি সদৃশ স্বার্থপৰ আন্তৰিকতাহীন লােকে বাস কৰে বুলি কৈছিল। তেওঁলােকে কাৰাে দুখ-শােক বুজি নাপায়, কাৰােবাৰ মৃত্যু হলে দাহ কৰিবলৈও আগবাঢ়ি নাযায়।
দৃশ্যান্তৰ কবিতাটোৰ মূলভাৱ লিখা
২। দৃশ্যান্তৰ’ কবিতাটোৰ মূলভাব লিখা।
উঃ মূলভাবঃ দৃশ্যৰ অন্তৰেৰে অর্থাৎ দুটা দৃশ্যত উপস্থাপিত কথা বর্ণনা পার্থক্যেৰে সময়ৰ সোঁতত মানৱ সভ্যতাৰ পৰিৱৰ্তন ব্যাখ্যাই ‘দৃশান্তৰ’ কবিতাটোৰ মূলভাব।
২৫ বছৰৰ আগৰ এটা গধূলিৰ সময় আছিল সেয়া। কেঁচা আলি কেঁকুৰি এটাত ঘৰৰ নঙলামুখত এজন মানুহে বিচাৰি আছিল নিজৰেই ঘৰৰ পদূলি। আকাশ ধিয়াই থকা কেইজোপামান কাকিনী তামােল, নমিত নমস্কাৰৰ ভংগীৰে দাঁতিতে থকা আগলি বাঁহে, ঘৰটোৰ পৰিৱেশ কৰি তুলিছিল সুন্দৰ। তাতে পূর্ণিমাৰ জোনে গধূলিটো ফটফটীয়া কৰি তুলিছিল। এনে এক মায়াময় গধূলিত কবিয়ে লগ পাই গৈছিল সেই সুন্দৰ ঘৰটোৰ বাসিন্দা মানুহজনক। কবিয়ে বুজি উঠিছিল গধূলি চকুৰে ভালকৈ মণিব নােৱাৰা ৰােগত আক্রান্ত সেই মানুহজন।সময় নষ্ট নকৰি হাঁহিমুখে কবিয়ে মানুহজনৰ হাতত ধৰি ঘৰটোলৈ আগুৱাই দিছিল। সুখী হৈছিল কুকুৰীকণা মানুহজন। গধূলি দেখাত কষ্ট হলেও মনেৰে সুখী আছিল তেওঁ। সেয়ে পঁজা ঘৰটোত শান্তিয়ে বিৰাজ কৰাৰ কথা কবিক ক’বলৈ পাহৰা নাছিল।
সময়ৰ ৰথৰ চকা আগ বাঢ়িল। ২৫ বছৰ বাগৰিল। সেউজ প্রকৃতিৰ প্রতিনিধি কাকিনী তামােল, আগলি বাঁহৰ চিন-চাব নাইকিয়া হ’ল। শান্তিৰ পঁজাঘৰৰ ঠাই ল’লে সাতমহলীয়া অট্টালিকাই। ওচৰ-পাঁজৰে আন কেইবাটাও জকমকীয়া অট্টালিকাই মূৰ দাঙি থিয় হৈ আছিল। পঁচিছ বছৰ আগৰ গধূলি এটাত পথৰ আশে-পাশে এজনাে মানুহৰ চিন-চাব নথকা ঠাইডােখৰত সন্ধ্যা ভগাৰ বহু পাছতাে মানুহ পিয়াপি দি ফুৰিছিল৷ ইমান বছৰৰ পাছত একে ঠাইতে একেজন মানুহৰ সৈতে কবি পুনৰ মুখামুখি হ’ল। অৱশ্যে তাহানিৰ মানুহজনৰ শাৰীৰিক অবয়ব পার্থক্য চকুত পৰিছিল কবিৰ। বৃদ্ধ, ন্যুজ দেহৰ মানুহজনৰ চকুত চশমা, গধূলি নেদেখা সমস্যাটো দূৰ হৈছিল তেওঁৰ। চশমাৰ সহায়ত কবিৰ উপস্থিতিৰ প্রমাণ পালেও তেওঁ চিনিব নােৱাৰিলে কবিক। ভাৰাঘৰ বিচাৰি অহা মানুহ বুলি ভাবি ল’লে। পঁজাঘৰত শান্তিত থকা মানুহজনে কবিক সাতমহলীয়া ঘৰত ভাৰাতীয়া হৈ নাথাকিবলৈ ক’লে, কিয়নাে দেখাত জমমকীয়া অট্টালিকা হলেও মনৰ শান্তি তাত নাই। নিজস্ব সুখ-সম্পদক লৈ অট্টালিকাৰ বাসিন্দাসকল ব্যস্ত। পাৰ্থিৱ সুখ-সম্পদে তেওঁলােকক ইমান যান্ত্রিক কৰি তুলিছে যে মানুহ মৰিলে দাহ কৰিবলৈও তেওঁলােকৰ সময় নাই। বৃদ্ধ মানুহজনৰ ক্ষোভ নিজৰ মাজত সামৰি কবি অশান্তমনেৰে উভতিল।
দৃশ্য দুটাৰ মাজেৰে কবিয়ে আধুনিকতাৰ ধামখুমিয়াত মানুহে যে দিনে দিনে মানৱীয়তা, আন্তৰিকতা আদি গুণবােৰ হেৰুৱাই আত্মকেন্দ্রিক হৈ পৰিছে তাকে প্রকাশ কৰিছে। কিন্তু এই আধুনিকতাৰ প্ৰতিযােগিতাত নামি প্রকৃতিৰ সেউজ কোমল ৰূপ ধ্বংস কৰি কংক্রীটৰ হাবি গঢ়ি তােলা এই হাবিৰ লােকসকলেও যে এটা সময়ত প্রকৃত সুখৰ পৰা বঞ্চিত হৈ অনুশােচনাত দগ্ধ হয় তাকো কবিয়ে পঁচিশ বছৰৰ আগয়ে লগ পােৱা কুকুৰীকণা মানুহজনৰ মনৰ আত্মসন্তুষ্টি আৰুপঁচিশ বছৰ পাছত লগ পােৱা মানুহজনৰ মনৰ ক্ষোভৰ দ্বাৰা সুন্দৰকৈ প্রতিফলিত কৰিছে। পৰিৱর্তনে মানুহক বাহ্যিক সুখ দিছে সঁচা কিন্তু আত্মিক বা প্রকৃত সুখৰ পৰা বঞ্চিত কৰিছে।—এনে ভাবেই দৃশ্যান্ত’কবিতাটোৰ মূল উপজীব্য।
Class 10 Assamese Lesson 5 question Answer
৪। “বৰ শান্তিত আছে
এই পঁজাটিত।”
– কোনে, কিয় এইদৰে কৈছিল?কথাষাৰৰ অন্তর্নিহিত ভাব মােকলাই লিখা।
উঃ উক্ত কথাশাৰী কবিয়ে কেঁচা আলি-কেঁকুৰি এটাত পঁচিশ বছৰৰ আগৰ সন্ধিয়া এটাত লগ পােৱা কুকুৰীকণা মানুহ এজনে কবিক কৈছিল। মানুহজনে তেওঁ বাস কৰা পঁজাঘৰটোৰ চৌপাশে বিৰাজ কৰা প্রাকৃতিক পৰিৱেশ আৰু মানুহৰ কোলাহলহীন কিন্তু আন্তৰিকতাপূর্ণ ব্যৱহাৰত আত্মসন্তুষ্টি লাভ কৰাৰ বাবে পঁজাঘৰটোত বৰ শান্তিত থকা বুলি কৈছিল। কিয়নাে তাত তেওঁ মানুহৰ সহজ- সৰল আন্তৰিকতা অনুভৱ কৰিছিল, তাত কোনাে যান্ত্রিকতা বা কৃত্রিমতা নাছিল। মানুহে মানুহৰ মৰম-চেনেহ বুজি পাইছিল। মানুহৰ মনবােৰাে আকাশৰ দৰে বিশাল আৰু সেউজীয়া প্ৰকৃতিৰ দৰে সেউজ কোমল, উদাৰ আছিল।
৫। ‘হেৰা অচিনাকি মানুহজন, তােমাক কি লাগেহে ইয়াত?’—কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা।
উঃ প্রশ্নোদ্ধৃত কথাষাৰি কবিক কৈছিল এগৰাকী বয়সে গৰকা লােকে যি বৃদ্ধ ন্যব্জ দেহৰ অধিকাৰী। এদিন সন্ধিয়া কবিয়ে নগৰৰ এটা বাটেদি গৈ আছিল, যিটো বাট ২৫ বছৰ আগেয়ে আছিল এটা কেঁচা আলি। য’ত আছিল এটা পঁজা আৰু সেই পঁজাৰ সন্মুখতে কবিয়ে লগ পাইছিল এগৰাকী লােকক। সহজ-সৰল আন্তৰিকতাৰে পূৰ্ণ সেই ব্যক্তিয়ে কবিক কৈছিল পঁজাটোত তেওঁ শান্তিৰে থকাৰ কথা। ২৫ বছৰ পাছত সেই সন্ধিয়া কবিয়ে একে ঠাইতে দেখিলে এটা সাত মহলীয়া অট্টালিকা আৰু তাৰ সন্মুখত ৰৈ থকা এগৰাকী বৃদ্ধ লােকক। পদুলিত ৰৈ থকা দেখি সন্দেহৰ দৃষ্টিৰে চাই বৃদ্ধগৰাকীয়ে কবি ৰৈ থকাৰ উদ্দেশ্য জানিব খুজিছিল আৰু প্রশ্নোত বাক্যফাকিৰ অৱতাৰণা কৰিছিল। ২৫ বছৰৰ আগৰ সেই একেগৰাকী মানুহৰ কণ্ঠত আন্তৰিকতাৰ পৰিৱর্তে সিদিনা কবিয়ে শুনিবলৈ পাইছিল সংশয়ৰ সুৰ।
৬। দৃশ্যান্তৰ’কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তােমাৰ ভাষাৰে বুজাই লিখা।
উঃ দৃশ্যান্তৰ’কবিতাটোত কেৱল দুটা দৃশ্যৰ বৰ্ণনাৰে কবিয়ে সমাজ জীৱনৰ পৰিৱর্তিত সময়ক দাঙি ধৰিছে স্পষ্টভাৱে। কবিতাটোত বর্ণিত মতে এটা সময় আছিল যত গাঁৱৰ মুকলিমূৰীয়া পৰিৱেশত মানুহে বাস কৰিছিল। প্ৰকৃতিৰ সেউজ পৰিৱেশে মানুহকপঁজা ঘৰততা উশাহ ল’বলৈ সতেজ অক্সিজেনৰ যােগান ধৰিছিল। মৰম-আদৰৰ মাজত শান্তি সময় কটাইছিল মানুহে। থাকিবলৈ অকণমানি পঁজাঘৰ হ’লেও আত্মীয়তাৰ পৰশে বিশাল পৰিসৰ গঢ়িছিল মানুহৰ বাবে। কিন্তু সময় বাগৰাৰ লগে লগে গ্রাম্য জীৱনে নগৰীয়া জীৱনৰ স্পর্শ পালে। ২৫ বছৰৰ পাছত অকণমানি পঁজাঘৰৰ ঠাইল’লে সাতমহলীয়া অট্টালিকাই। সন্ধ্যা ভগাৰ পাছলৈকো বাটে-পথে মানুহৰ ভীৰ। পিছে খালী আছিল মানুহৰ মনবােৰ। অভাৱ হ’ল আত্মীয়তাৰ। গ্রাম্য সৰলতাৰ ঠাই ললেনগৰীয়া যান্ত্রিকতাই। অকণমান মৰমৰ মাত এষাৰ নিজৰ অট্টালিকাৰ ভিতৰতাে পাবলৈ নােহােৱা হ’ল। মানুহে মানুহক সন্দেহৰ চকুৰে চোৱা হ’ল। আধুনিক জীৱনৰ ৰুক্ষতা, সংশয় আদিয়ে গ্রাস কৰিলে। সহজ-হােজা মানুহবােৰক।কবিতাটোৰ নামটোৰেই দৰাচলতে কবিয়ে পৰিৱর্তিত সময় আৰু সামাজিক জীৱনক
সূচাইছে।
৭। ‘দৃশ্যান্তৰ কবিতাটোৰ কবিগৰাকীৰ এটা চমু পৰিচয় দিয়া।
উঃ কবি পৰিচয়ঃ হৰেকৃষ্ণ ডেকাৰ ১৯৪৩ চনত তিনিচুকীয়াত জন্ম হয়। তেওঁৰ পিতৃৰ নাম নৰেন্দ্ৰ নাথ ডেকা আৰু মাতৃৰ নাম কামিনী ডেকা। তেখেতে তিনিচুকীয়াত শিক্ষা জীৱন আৰম্ভ কৰি তাৰ পৰাই ১৯৫৯ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীৰ কটন কলেজত পঢ়িবলৈ লয়। ১৯৬৩ চনত কটন কলেজৰ পৰা স্নাতক আৰু ১৯৬৫ চনত ইংৰাজী বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভকৰে। তেখেতে গুৱাহাটীৰ কমার্চকলেজত অধ্যাপনাৰে চাকৰি জীৱনৰ পাতনি মেলে যদিও ১৯৬৮ চনত ভাৰতীয় প্রশাসনিক সেৱাত যােগদান কৰি ২০০৩ চনত আৰক্ষী সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰে। তেখেতে ‘The Sentinel’আৰু গৰিয়সী’আলােচনীৰ সম্পাদকৰ দায়িত্বও গ্রহণ কৰিছিল। তেখেতৰৰচিত একমাত্র উপন্যাসখনৰ নাম হ’ল আগন্তুক’। তেখেতে ৰাতিৰ শােভাযাত্রা’, ‘আন এজন’, ‘Sea Scare’ আদি কবিতা পুথি; ‘গল্প আৰু কল্প’, মধুসূদনৰ দলং’, মৃত্যুদণ্ড’আদি গল্প পুথি ৰচনা কৰাৰ উপৰি কেইবাখনাে পুথি অসমীয়া ভাষালৈ অনুবাদ কৰিছে। তেখেতে ১৯৮৭ চনত সাহিত্য অকাডেমী বঁটা, ১৯৯৬ চনত কথা বঁটা’ আৰু ২০১০ চনত ‘আসাম ভেলী লিটাৰীৰে (অসম উপত্যকা সাহিত্য বঁটা) বঁটা লাভ কৰে।
Class 10 Assamese Lesson 5 question Answer
৮। ব্যাখ্যা কৰাঃ
(ক) মৰিলে দাহ কৰিবলৈও
এজন মানুহ নাই।
উঃ সংগতিঃ উদ্ধৃত কবিতাশাৰীআমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰঅন্তর্গত হৰেকৃষ্ণ ডেকাৰ ৰচিত দৃশ্যান্তৰ কবিতাটোৰ পৰা লােৱা হৈছে।
প্রসংগঃ কবিতাশাৰীৰ দ্বাৰা আধুনিকতাৰ ধামখুমিয়াত উটি-ভাহি আন্তৰিকতাহীন, স্বার্থপৰ হৈ পৰা মানুহবােৰৰ স্বৰূপ কবিয়ে প্রকাশ কৰিছে।
ব্যাখ্যাঃ বর্তমান সময়ত আধুনিক জীৱনশৈলীৰে মানুহবােৰৰ শিক্ষা-দীক্ষা, আভিজাত্য সকলাে দিশৰে উত্তৰণ ঘটিছে। মানুহবােৰ দিনে দিনে অধিক ব্যস্ত হৈ পৰিছে। কিন্তু এই শিক্ষা-দীক্ষা, আভিজাত্য, ব্যস্ততা আদিৰ প্ৰতিযােগিতাত নামি মানুহে নিজৰ মানুহবোেৰ আত্মকেন্দ্রিক হৈ পৰিছে। বিপদে-আপদে কোনেও কাকো সহায় কৰিবলৈ আগ বাঢ়ি নাযায়। মানৱীয় মূল্যবােধৰ অৱক্ষয় ঘটি মানুহবােৰ ইমানে অনুভূতিহীন হৈ পৰিছে যে কোনােবা মৰিলেও দাহ কৰিবলৈ আগবাঢ়ি নাযায়। ব্যাখ্যেয় কবিতাফাকিৰ দ্বাৰা আধুনিক মানৱৰ এনে নিদাৰুণ স্থিতিৰ কথাকেই ক’ব খুঁজিছে।
(খ) যখৰ পােবালিহঁতে কাক কোনে চায়।
উঃ সংগতিঃউদ্ধৃত কথাশাৰী আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰহৰেকৃষ্ণ ডেকাৰ ৰচিত দৃশ্যান্তৰ’কবিতাটোৰ পৰা লােৱা হৈছে।
প্রসংগঃ যখৰ পােৱালিহঁতে কাক কোনে চায়।
ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকা ৰচিত দৃশ্যান্তৰ শীর্ষক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।
ব্যাখ্যাঃ আধুনিক জীৱনৰ নিঃসংগতাবােধৰ বিষয়ে বুজাবলৈ গৈ কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।
এগৰাকী বয়সে গৰকা মানুহ। ২৫ বছৰ আগেয়ে তেওঁ বাস কৰিছিল গাঁৱৰ এটা পঁজাত। আত্মীয়তাবােধ আৰু সৰল মৰমৰ মাজত সুন্দৰ আৰুশান্তিৰ জীৱন কটাইছিল তেওঁ। এতিয়া তেওঁ থাকে সাত মহলীয়া অট্টালিকাত। গাঁৱখন এতিয়া নগৰত পৰিণত হ’ল। মানুহ বাঢ়িল অথচ কমিল আত্মীয়তা। নাবাঢ়িল আন্তৰিকতা, বৰং ইজনে আনজনক সন্দেহৰ চকুৰেহে চোৱা হ’ল। ফলত এজনৰ সুখ-দুখত বিচাৰিলেও কাকো নােপােৱা হ’ল।সকলাে মৰমৰ আৰু বিশ্বাসৰ অভাৱী লােক। যিদৰে কৃপণৰ ধন কোনাে কামত নালাগে, একেদৰে নগৰীয়া মানুহৰ কৃত্রিম আদৰৰাে একো মূল্য নাই। আকৌ, যখ হ’ল পুতি থােৱা গুপ্ত ধন ৰখি থকা অপ-দেৱতা। সাতমহলীয়া ঘৰটোত বাস কৰা লােকসকলেও ধন-সােণ উপার্জন কৰি যখৰ দৰে ৰখি থাকিবহে জানিছিল। কাৰােবাৰ বিপদত সহায় কৰাটো দূৰৈৰে কথা, মৰিলে দাহ কৰিবলৈ যাবলৈ বা এটকা দিবলৈও তেওঁলােক অনিচ্ছুক আছিল। ব্যাখ্যেয় কবিতাফাকিৰ মাজেৰে কবিয়ে অট্টালিকাৰ বাসিন্দাসকলৰ এনে মানসিকতাকেই প্রতিফলিত কৰিছে।
(গ) এই কংক্রীটৰ হাবিখনত তেওঁক
বিচাৰি নাপালাে আৰু।
উঃ সংগতিঃ উদ্ধৃত কথাশাৰী আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ হৰেকৃষ্ণ ডেকাৰ ৰচিত দৃশ্যান্তৰ’কবিতাটোৰ পৰা লােৱা হৈছে।
প্রসংগঃকবিয়ে কথাশাৰীৰ জৰিয়তে সেউজীয়া গছ-গছনিৰে ভৰা ঠাইবােৰ ধ্বংস কৰি মানুহে ঘৰ-দুৱাৰ সাজি কিদৰে সেউজীয়া অৰণ্যক কংক্রীটৰ হাবিলৈ পৰিৱৰ্তন কৰিছে তাকেই প্ৰকাশ কৰিছে।
ব্যাখ্যাঃ সময়ৰ পৰিৱৰ্তনৰ লগে লগে প্রাকৃতিক, সামাজিক পৰিৱেশ আদিও সলনি হয়। এসময়ত সেউজীয়া অৰণ্যৰে ভৰা প্ৰাকৃতিক পৰিৱেশত থাকিবলৈ ভালপােৱা সহজ সৰল মনৰ মানুহবােৰে সময়ৰ লগে লগে একোখন শিল-বালি ইটাৰে গঢ়ি তােলা চহৰ বুলি কোৱা কংক্রীটৰ হাবিত বাস কৰিবলৈ আগ্ৰহী হৈ উঠিল। যিদৰে চহৰখন কংক্রীটেৰে গঢ়ি উঠিল একেদৰে মানুহৰ মনবােৰেও আগৰ সহজ-সৰল কোমল ৰূপৰ সলনি কংক্রীটৰ দৰে কঠিন কঠোৰ ৰূপ ধাৰণ কৰিলে। মানুহে মানুহক চিনি নােপােৱা হ’ল। ভালদৰে এটা মুহূর্ত ৰৈ কোনেও কাৰাে মনৰ বতৰা নােলােৱা হ’ল। সেয়ে হয়তাে কবিয়ে তেওঁক ভাৰাঘৰ বিচাৰি অহা বুলি সােধা মানুহজনক এটা মুহূৰ্তৰ পিছতে পুনৰ বিচাৰি নাপালে, তেওঁ যেন কংক্রীটৰ হাবিখনত লুকাই পৰিছিল। যিদৰে অৰণ্যত জীৱ-জন্তু লুকালে বিচাৰি পােৱা নাযায় একেদৰে কবিয়েও কংক্রীটৰ গগনচুম্বী অট্টালিকাৰ হাবিৰ মাজত লুকাই পৰা তাহানিৰ কোমল অন্তৰৰ মানুহজনক পুনৰ বিচাৰি নাপালে। অর্থাৎ মানৱীয়তা, আন্তৰিকতা, সৌহার্দ্যতা আদি নথকা ঠাইত মানুহে কেতিয়াও সুখত থাকিব নােৱাৰে। কংক্রীটৰ অট্টালিকাৰ মাজত যেন মানুহবােৰেও মানৱীয়তা হেৰুবাই পশু সদৃশ হৈ পৰিছে।
দৃশ্যান্তৰ কবিতাৰ প্ৰশ্নৰ উত্তৰ
ভাষা বিষয়কঃ
১। বিপৰীত শব্দ লিখাঃ
কেঁচা, গধূলি, পােহৰ, শান্তি, ৰূপ।
উঃ
শব্দ | বিপৰীত শব্দ |
কেঁচা | পকা |
গধূলি | পুৱা |
পােহৰ | আন্ধাৰ |
শান্তি | অশান্তি |
ৰূপ | অৰূপ |
২। এটাকৈ সমার্থক শব্দ লিখাঃ
জোন, ঘৰ, চৰা, দাহ, উভতি।
উঃ জোনঃ চন্দ্র
ঘৰঃ আবাস
চৰাঃ অতি বা অধিক দাহ
উভতিঃ উলটি
৩। নঞার্থক শব্দ গঠন কৰাঃ
উঃ শান্তি, চিনাকি, সহায়।
শান্তিঃ অ + শান্তি = অশান্তি
চিনাকিঃ অ + চিনাকি = অচিনাকি
সহায়ঃ অ + সহায়। অসহায়
8। নমস্কাৰ’ শব্দটো সন্ধি ভাঙিলে এনে হ’ব-
নমঃ + কাৰ। এইদৰে আন চাৰিটা শব্দ লিখি সন্ধি ভাঙা।
উঃ বহিঃ + কাৰ= বহিষ্কাৰ
দুঃ + গম = দুর্গম
নিঃ + উপায় = নিৰূপায়
পৰিঃ + কাৰ= পৰিষ্কাৰ
দৃশ্যান্তৰ কবিতা অতিৰিক্ত প্রশ্নোত্তৰ
১।অতি চমু প্রশ্নোত্তৰঃ
(ক) কবিয়ে পঁচিশ বছৰৰ পিছত লগ পােৱা বৃদ্ধ মানুহজন কোন আছিল?
উঃ কবিয়ে পঁচিশ বছৰৰ পিছত লগ পােৱা বৃদ্ধ মানুহজন তেওঁ পঁচিশ বছৰৰ আগতে লগ পােৱা কুকুৰীকণা মানুহজনেই আছিল।
(খ) পূর্ণ জোনৰ পােহৰতত কুকুৰীকণা মানুহজনে কি বিচাৰি পােৱা নাছিল?
উঃ পূর্ণজোনৰ পােহৰতাে কুকুৰীকণা মানুহজনে নিজৰ পঁজাঘৰৰ পদূলি বিচাৰি পােৱা নাছিল।
(গ) কবিয়ে পঁচিশ বছৰৰ পিছত লগ পােৱা মানুহজনৰ দেহৰ অৱস্থা কেনে আছিল ?
উঃ কবিয়ে পঁচিশ বছৰৰ পিছত লগ পােৱা মানুহজনৰ দেহৰ অৱস্থা বৃদ্ধ আৰু ন্যুব্জ আছিল।
(ঘ) মানুহবােৰে কেতিয়ালৈ পিয়াপি দি ফুৰিছিল ?
উঃ মানুহবােৰে সন্ধিয়া ভাগৰ বহু পিছলৈ পিয়াপিদি ফুৰিছিল।
(ঙ) সাতমহলীয়া ঘৰটোৰ ওচৰে-পাজৰে কি আছিল ?
উঃ সাতমহলীয়া ঘৰটোৰ ওচৰে-পাঁজৰে কেইবাটাও অট্টালিকা আছিল।
(চ) কবিক মানুহজনে কি বিচাৰি অহাৰ কথা সুধিছিল?
উঃ কবিক মানুহজনে ভাৰাঘৰ বিচাৰি অহাৰ কথা সুধিছিল।
(ছ) হৰেকৃষ্ণ ডেকাই কিমান চনত জন্মগ্রহণ কৰিছিল?
উঃ হৰেকৃষ্ণ ডেকাই ১৯৪৩ চনত জন্মগ্রহণ কৰিছিল।
(জ) হৰেকৃষ্ণ ডেকা কোনখন কাকতৰ সম্পাদক আছিল?
উঃ হৰেকৃষ্ণ ডেকা ” The Sentinel”কাকতখনৰ সম্পাদক আছিল।
(ঝ) হৰেকৃষ্ণ ডেকাৰ একমাত্র উপন্যাসখনৰ নাম কি ?
উঃ হৰেকৃষ্ণ ডেকাৰ একমাত্র উপন্যাসখনৰ নাম হ’ল ‘আগন্তুক’।
(ঞ) হৰেকৃষ্ণ ডেকাই কিমান চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
উঃ হৰেকৃষ্ণ ডেকাই ১৯৮৭ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
দৃশ্যান্তৰ কবিতা Class 10
২। চমু প্রশ্নোত্তৰঃ
(ক) “বয়সৰ চিন নােহােৱা হ’লে মুখত পঁচিশ বছৰ আগৰ সাইলাখ সাঁচ”-ইয়াত কোনে কাৰ কথা কৈছে?
উঃ ইয়াত কবিয়ে পঁচিশ বছৰৰ পাছত লগ পােৱা বৃদ্ধ ন্যুজ দেহৰ মানুহজনৰ কথা কৈছে।
(খ) কবিয়ে বৃদ্ধ নজ দেহৰ মানুহজনক লগ পােৱা আলি-কেঁকুৰিটো পঁচিশ বছৰ আগতে কেনে আছিল বর্ণনা কৰা।
উঃ কবিয়ে বৃদ্ধ নজ দেহৰ মানুহজনকলগ পােৱা আলি-কেঁকুৰিটো পঁচিশ বছৰ আগতে কেঁচা আছিল।তাত এটা সৰু পঁজাঘৰ, আকাশ ধিয়াই থকা কাকিনী তামােল আৰু ঘৰটোৰ দাঁতিত থকা আগলি বাঁহবােৰেৰে এটা সুন্দৰ প্রাকৃতিক পৰিৱেশে বিৰাজ কৰিছিল।
(গ) কবিয়ে মানুহজনক লগ পােৱা দুয়ােটা দৃশ্যত আলি-কেঁকুৰিটোৰ কেনে পৰিবর্তন হােৱা দেখা গৈছিল ?
উঃ কবিয়ে মানুহজনক লগপােৱা প্রথম দৃশ্যটোত আলি-কেঁকুৰিটো কেঁচা আছিল আৰু তাত আকাশ ধিয়াই থকা কাকিনী তামােল, পঁজা ঘৰ, আগলি বাঁহ আদিৰে এক সুন্দৰ প্রাকৃতিক পৰিৱেশে বিৰাজ কৰিছিল। কিন্তু দ্বিতীয় দৃশ্যটোত উক্ত স্থানত পঁজাঘৰ, কেঁচা আলি-কেঁকুৰি, কাকিনী তামােলৰ সলনি এটা বিশাল সাতমহলীয়া ঘৰ আৰু আশে-পাশে কেইবাটাও অট্টালিকাৰে এখন কংক্রীটৰ হাবি গঢ়ি উঠিছিল।
(ঘ) বৃদ্ধ মানুহজনে কিহক কুবেৰৰ মহলা বুলি কৈছিল আৰু কিয় ?
উঃ বৃদ্ধ মানুহজনে সাতমহলীয়া ঘৰটোক কুবেৰৰ মহলা বুলি কৈছিল। সাতমহলীয়া ঘৰটো দেখাত বিশাল হলেও তাত বাস কৰা মানুহবােৰৰ মনবােৰ বৰ সৰু আছিল। ধন-সােণ, ঐশ্বর্য-বিভূতি সংগ্রহ কৰাতহে তেওঁলােক ব্যস্ত হৈ পৰিছিল। তেওঁলােকৰ কাৰৰ প্রতি আন্তৰিকতা নাছিল, আনকি কোনােবা মৰি গ’লেও তেওঁলােকৰ দাহ কৰিবলৈ আহিবৰ সময় নাছিল। ধনৰ ৰজা কুবেৰে কেৱল ধন-সােণ সংগ্রহ কৰাৰ দৰে এই ঘৰটোৰ মানুহেও ধন-সােণ সংগ্ৰহতে ব্যস্ত থকা বাবেই বৃদ্ধ মানুহজনে সাতমহলীয়া ঘৰটোক কুবেৰৰ মহলা বুলি কৈছিল।
৩। ব্যাখ্যা কৰাঃ
(ক) “ভাৰাঘৰ বিচাৰি আহিছা
এই কুবেৰৰ মহলাত! ক’ত পাবা
আৰু পালেও কি শান্তিত থাকিবা ইয়াত।”
উঃ সংগতিঃ উদ্ধৃত কথাশাৰী আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকা’ৰহৰেকৃষ্ণ ডেকাৰ ৰচিত দৃশ্যান্ত’কবিতাটোৰ পৰা লােৱা হৈছে।
প্রসংগঃ কবিয়ে কথাশাৰীৰ জৰিয়তে বর্তমান সময়ত মানুহে বাস কৰা ঘৰবােৰ ডাঙৰ হৈ আহিলেও মানুহৰ মনবােৰ যে দিনে দিনে ঠেক হৈ তাৰ পৰা মানৱীয় গুণ তথা প্রকৃত শান্তি নােহােৱা হৈ পৰিছে তাকে প্রকাশ কৰিছে।
ব্যাখ্যাঃ কবিক ভাৰাঘৰ বিচাৰি যােৱা মানুহ বুলি ভাবি সাতমহলীয়া ঘৰটোত থকা বৃদ্ধ মানুহজনে কুবেৰৰ মহলাত ভাৰাঘৰ পােৱাৰ সম্ভাৱনা নাই আৰু পালেও শান্তিত থাকিব নােৱাৰিব বুলি কৈছিল। ইয়াত বৃদ্ধ মানুহজনে কবিক ভাৰাঘৰ নাই বুলি কওঁতে কেৱল ভাৰাঘৰৰ কথাকে কোৱা নাই, তেওঁ ঘৰটোত থকা মানুহবােৰৰ মনবােৰকো বুজাইছে। অর্থাৎ ঘৰটো বিশাল হলেও তাত থকা মানুহবােৰৰ মনবােৰ ইমান ঠেক যে তাত কোনাে মানৱীয় গুণ নাই। ধনৰ ৰজা কুবেৰৰ দৰে ধন ঐশ্বৰ্য্য লাভৰ তাড়না ইমানে বেছি যে তেওঁলােকৰ কোনাে কথাত আত্মসন্তুষ্টিনাই। গতিকে যি স্থানত ইমানবােৰ আত্মকেন্দ্রিক, স্বার্থপৰ মানুহে বাস কৰে আৰু যি নিজেই প্রকৃত সুখৰ পৰা বঞ্চিত, তেনে স্থানত আন মানুহে শান্তিত থাকিব নােৱাৰিব বুলি তেওঁ ক’ব বিচাৰিছিল।
কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল ?
উঃ কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল।
মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পােৱা নাছিল ?
উঃ মানুহজন কুকুৰীকণা আছিল কাৰণে সন্ধিয়া পৰত নিজৰ ঘৰ বিচাৰি পােৱা নাছিল।
কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল ?
উঃ কবিয়ে পঁচিশ বছৰৰ আগতে মানুহজনক লগ পাইছিল।