মই অসমীয়া দশম শ্ৰেণী Question Answer

শ্ৰেণী দশম
বিষয় অসমীয়া
পাঠ মই অসমীয়া
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

মই অসমীয়া দশম শ্ৰেণী Question Answer

ভাব বিষয়কঃ

১। চমু উত্তৰ দিয়া ।

(ক) চৈয়দ আব্দুল মালিকৰ কবিতা-পুথি এখনৰ নাম লিখা।
উঃ বেদুইন

(খ) মােগলসকলে অসমৰ ক’ত ভৰি দিছিল?
উঃ মােগলসকলে অসমৰ সেউজীয়া দূবৰি বনত ভৰি দিছিল।

(গ) অসমৰ হেংদাং ক’ত জিলিকিছিল ?
উঃ কবিয়ে দুপৰীয়াৰ পূর্ণ আলােকত অসমৰ হেংদাং জিলিকিছিল বুলি কৈছে।

(ঘ) অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল?
উঃ কবিয়ে অসমীয়াসকলে ম’হৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল বুলি কৈছে।

(ঙ) অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল?
উঃ অসমৰ স্বৰ্গদেৱে হাঁহ-কণী আৰু চাউলেৰে দেউল সজাইছিল।

২। অসমৰ হেংদাং জিলিকিল
দুপৰৰ পূর্ণ আলােকত’ – কথাখিনিৰ তাৎপর্য ব্যাখ্যা কৰা।
উঃ অসম জয় কৰিবলৈ এদিন প্রবল পৰাক্ৰমী মােগল আহিছিল। সেই সময়ত স্বাধীন অসমত আহােমে ৰাজত্ব কৰিছিল। অসমক অনায়াসে জয় কৰাৰ সপােন লৈ মােগলে অসমত প্ৰৱেশ কৰিছিল। কিয়নাে মােগলে ইতিমধ্যে বহু ৰাজ্য জয় কৰিছিল আৰু নিজকে বিশ্ববিজয়ী শক্তি বুলি গণ্য কৰিছিল। ভাৰতবৰ্ষৰ পূব দিশৰ ৰাজ্য অসমক একেবাৰে শক্তিহীন বুলিয়েই ভাবি লৈছিল। মুছলমান বা মােগলৰ ৰাজত্ব স্থাপনৰ লক্ষ্যেৰে তেওঁলােকে বীৰদৰ্পে আহিছিল। পিছে তেওঁলােকৰ আশাত চেঁচাপানী ঢালিলে অসমৰ বীৰ বীৰাংগনাই। অসমৰ মাটিত ভৰি দিয়েই তেওঁলােকে যি শস্য-শ্যামলা ভূমি দেখিছিল, যুদ্ধভূমিত থিয় হৈ সেই সেউজী পৰিৱেশৰ ঠাইত দেখিলে হেং-দাঙৰ চিকমিকনি। আহােমসকলৰ হেংদাং যুদ্ধত ব্যৱহৃত তৰােৱাল, সেই তৰােৱাল হাতত লৈ দুগুণ উৎসাহ আৰু প্ৰৱল পৰাক্ৰমেৰে যুঁজিছিল আহােম বীৰ বীৰাংগনাই। সেই পৰাক্ৰমৰ মুখামুখি হৈ তিষ্ঠিব নােৱাৰিলে মােগলে আৰু পৰাজয় বৰণ কৰিব লগা হ’ল।
প্রশ্নোকৃত বাক্যাংশৰে আহােমৰ শৌর্য বীৰত্বৰ প্ৰসংগকেই সুঁৱৰিব খােজা হৈছে।

৩। অসমৰ পুৰুষ-নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা।
উঃ সপ্তদশ শতিকাত স্বাধীন অসমৰ শাসক আছিল আহােমসকল। সেই সময়ত দিল্লীত থাকি ভাৰতবৰ্ষৰ একছত্রী শাসক হােৱাৰ মন মেলিছিল মােগলে। অন্য প্রান্তীয় দেশসমূহৰ দৰে অসম আক্ৰমণৰ উদ্দেশ্যে মােগলে অসমতাে ভৰি দিছিল। অনায়াসে দেশ জয় কৰাৰ অভিলাষ মনত লৈ তেওঁলােকে অসমত প্ৰৱেশ কৰি দেখিছিল চৌদিশে সেউজভূমি। পিছে যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰি বুজি উঠিছিল যে সেউজভূমিৰ বাসিন্দাসকল একে ৰঙা তেজৰেই অধিকাৰী। দেশৰক্ষার্থে যুদ্ধক্ষেত্র ৰাঙলী কৰিবলৈ তেওঁলােক প্রস্তুত। শত্রুসৈন্য অহাৰ খবৰ পাই অসমৰ পুৰুষ-নাৰীয়ে হাতে হাতে হেংদাং লৈ ৰণচণ্ডী মূর্তিৰে যুদ্ধক্ষেত্ৰলৈ ওলাই আহিছিল। তেওঁলােকৰ হেংদাঙৰ চিকমিকনিত থমকি ৰবলৈ বাধ্য হৈছিল মােগল সৈন্য। শত্ৰুৰ আক্রমণ বুকু পাতি ল’বলৈ অকণাে কুণ্ঠাবােধ কৰা নাছিল অসমৰ পুৰুষ নাৰীয়ে। দেশ স্বাধীনতা অক্ষুন্ন ৰাখিবলৈ তেওঁলােকে মৰণপণ যুদ্ধ কৰিছিল আৰু অসমৰ পুৰুষ-নাৰীৰ প্ৰবল পৰাক্ৰমৰ সন্মুখত শিৰ নত কৰি মােগল অহা বাটেৰে উভতিছিল।

মই অসমীয়া দশম শ্ৰেণী Question Answer

৪। ‘ক’ত অত বল পালে অসমৰ সেনানীয়ে
শুকান সান্দহ আৰু পানী আঁজলিত।”
– কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।
উঃ প্রবল প্রতাপী মােগলে অসম জয় কৰিবলৈ মন মেলি সপ্তদশ শতিকাত অসমলৈ আহিছিল। অসম দুর্বল জাতিৰ দেশ বুলি মনতে ভাবি অনায়াসে বিজয়ৰ গৌৰৱ লাভ কৰিবলৈ প্রস্তুত আছিল। সেই সময়ত অসমত ৰাজত্ব কৰিছিল আহােমসকলে। অসম মােগলৰ হাতলৈ যাতে নাযায় তাৰ বাবে আহােমে ৰণকৌশল তৈয়াৰ কৰিছিল। সেইমতে শত্রুসৈন্য ভেটিবলৈ দলেবলে ওলাই আহিছিল অসমৰ পুৰুষ-নাৰী। ৰণচণ্ডী মূর্তিৰে যুঁজ আৰম্ভ কৰা সৈন্যবলক দেখি মােগল স্তম্ভিত হৈছিল। অসমৰ লোক সহজ-সৰল, অতিথিপৰায়ণ আৰু কৃষিজীৱি বুলি সকলােৱে জানিছিল। তেওঁলােকে ধানৰ পৰা উৎপাদিত সামগ্রী খায়েই পেট প্ৰৱৰ্তাইছিল বুলিও মােগলৰ ধাৰণা আছিল। গৰম পানীৰে সান্দহ গুড়ি খাই জীয়াই থকা মানুহ ইমান বলৱন্ত হ’ব পাৰে বুলি মােগলে কল্পনাই কৰা নাছিল। বীৰদৰ্পে যুঁজা অসমৰ সৈন্যৰ সন্মুখত মােগলৰ বীৰত্ব ম্লান পৰিল। পৰাক্ৰমী ৰাজপুতসকলৰ লগত ৰণত জয়ী হােৱা মােগলৰ শক্তিক পদানত কৰিলে অসমৰ পুৰুষ-নাৰীয়ে। দৰাচলতে মানসিক শক্তিৰে বলীয়ান হৈ অসমৰ সৈন্যদলে যেন লাভ কৰিছিল দুগুণ শাৰীৰিক শক্তি—প্রশ্নোত বাক্যাংশৰ মাজেৰে এই কথাই ফুটি উঠিছে।

৪। মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা।
উঃ মই অসমীয়া’কবিতাটোত প্ৰকৃতিৰ বিনন্দীয়া ৰূপকবিৰ কাপেৰে সুন্দৰভাৱে বর্ণিত হৈছে।
কবিতাটোৰ আৰম্ভণিতে কবিয়ে অসমক সেউজীয়া দূবৰিৰ দেশ বুলি কৈ শস্য-শ্যামলা ভূমিৰূপে প্রতিপন্ন কৰিছে। অসমৰ বননি মিনাকৰা বুলিও তেওঁ কৈছে। পাহাৰেৰে আৱৰা অসমভূমিৰ প্ৰতিটো গছৰ পাতেই যেন সৌন্দর্যৰ আকৰ। নিয়ৰ পৰি থকা পাতবােৰত ৰ’দ পৰি এনেদৰে চিকমিকাই উঠে যেন মণি-মুকুতাহে খচিত আছে। অসমৰ ধূলিয়েবালিয়ে যেন পৰি থাকে মৰকত মণি, সােণৰ দৰে আপুৰুগীয়া সম্পদ। বনজ সম্পদেৰেও চহকী অসমৰ মূল্যৱান সম্পদ হৈছে হাতীদাঁত। অসমত ভৰিত পিন্ধা খৰমৰ চুলাটোও আনকি সজা হয় হাতীদাতেৰে। ইমানেই উভৈনদী বনজ সম্পদ। অসমৰ বাট-পথত দলংসজা হয় মূল্যবান প্ৰৱাল মণিৰে, সেই দলঙত উঠি ভৰি ধােৱে মানুহে। বাঘৰ নখেৰে আঙঠি, খাৰু তৈয়াৰ কৰি পিন্ধে। ম’হৰ শিঙেৰে প্ৰস্তুত কৰা পেঁপা বজাই মনৰ আনন্দ প্রকাশ কৰে। অসমৰ নৈৰ বালিত সােণ এনেদৰে পােৱা গৈছিল যে পুঠি মাছৰ দৰে ক্ষুদ্র মাছেও কাণত সােণৰ থুৰীয়া পিন্ধে। ভেকুলীয়ে কপালত ফোট লৈ সাজি কাচি থাকে। মুঠতে অসমৰ প্রকৃতি সুন্দৰতাৰে অপূর্ব হৈ থাকে। প্রকৃতিয়ে অসমক সকলাে দিয়ে সুন্দৰ ৰূপ ধাৰণ কৰিবলৈ। কবিয়ে অপূর্ব সুন্দৰ প্রকৃতিৰ বৰ্ণনাত অকণাে কৃপণালি কৰা নাই, পাঠকক প্রাকৃতিক সৌন্দৰ্যৰ মাজলৈ লৈ যােৱাত তেওঁ সফল হৈছে।

৬। কবি চৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া।
উঃ অসমৰ সাহিত্যক আলােকিত কৰা লেখকসকলৰ ভিতৰত উল্লেখনীয় নাম এটা হৈছে চৈয়দ আব্দুল মালিক। ১৯১৯ চনত গােলাঘাট জিলাৰ নাহৰণিত জন্মা মালিক ‘গল্পসম্রাট’ বুলি কোৱা হয়। কবিতাও ৰচনা কৰা মালিকৰ একমাত্র কবিতা পুথি হৈছে ‘বেদুইন’। তেওঁৰ কবিতাসমূহক বাদ দি অসমীয়া আধুনিক কবিতা সম্পূর্ণ নহয়। মালিকৰ গল্প-উপন্যাসতাে আনকি কাব্যিক ভাষাৰ ব্যৱহাৰ দেখা যায়। মালিকে ৰচনা কৰা কেইবাখনাে উপন্যাস বহুসমাদৃত। তাৰ ভিতৰত সূৰুমুখীৰ স্বপ্ন, ৰূপতীৰ্থৰ যাত্রী’, ‘ধন্য নতনু ভাল’, আদি উল্লেখনীয়। অঘৰী আত্মাৰ কাহিনী শীর্ষক উপন্যাসৰ বাবে তেওঁ লাভ কৰিছিল সাহিত্য অকাডেমি বঁটা। তেওঁৰ দ্বাৰা ৰচিত অন্য কেইখনমান গ্রন্থ হ’ল –‘পৰশমণি’, আধাৰশিলা, মৰহা ফুল’, স্বাক্ষৰ, ছবিঘৰ’, ৰঙাগড়া’, ৰজনীগন্ধাৰ চকুলাে’ইত্যাদি। তেওঁৰ গল্প, উপন্যাসৰ আলমত ‘জেতুকা পাতৰ দৰে’, মমতাজ’আদি চিনেমাও নির্মিত হৈছে। এইগৰাকী সাহিত্যিকে ১৯৭৭ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনত সভাপতিত্ব কৰিছিল। অসমীয়া সাহিত্যক বহু দিশৰ পৰা সমৃদ্ধ কৰা এইগৰাকী সাহিত্যৰ জীৱনাৱসান ঘটে ২০০০ চনত।

মই অসমীয়া দশম শ্ৰেণী

৭। অসমলৈ যুদ্ধ কৰিবলৈ আহি মােগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা।
উঃ পৰাক্ৰমী মােগল অসমলৈ আহিছিল দেশবিজয়ৰ বাবে। অসম যাদু-মন্ত্রৰ দেশ বুলিয়েই তেওঁলােকে ভাবিছিল। পিছে অসমত প্ৰৱেশ কৰি ইয়াৰ প্ৰাকৃতিক সৌন্দর্য দেখি তেওঁলােক অবাক হৈ ৰৈছিল। চৌদিশে পাহাৰে আৱৰা অসমভূমিৰ গছৰ পাতবােৰ যেন বনকৰা, মিনাকৰা নিয়ৰসিক্ত দূৱৰিৰ পাতবােৰাে যেন মুকুতা খচিতহে। প্রকৃতিপ্রদত্ত সম্পদেৰে চহকী অসমত আনকি পুঠিমাছেও সােণৰ থুৰীয়া পিন্ধে, ভেকুলীয়েও ফোট লৈ সাজিব পাৰে।

অসম মূলুকত ধােদবােৰেও সাজি উলিয়ায় ৰাজআলি। কৃষিপ্রধান দেশ অসমত আহােম স্বৰ্গদেৱে চাউলৰ গুড়িৰে দ’ল সাজে, হাঁহ কণী-চাউলেৰে দেউল সজায়। সাগৰসদৃশ পুখুৰীৰে সজ্জিত এই দেশ। ৰংঘৰ, কাৰেংঘৰ আদি প্রাসাদেৰে অসম যেন স্বর্গপুৰীৰ দৰে। অসমৰ ধূলিত সােণ, হীৰা-মণি মৰকত বাগৰি থাকে, আনকি মাটিৰ চৰুত ভৰাই ঘৰে ঘৰে বিলােৱা হয় সােণৰূপৰ দৰে মূল্যৱান ধাতু। সম্পদেৰে পৰিপূৰ্ণ অসমৰ লােকৰ মুখৰ মাত অমৃতসনা। অতিথিপৰায়ণ অসমৰ লােকৰ গান শুনি শিলাে কোমল হয়। এই দেশ ভক্তিধৰ্মৰ বাবে বিখ্যাত। নাম কীর্তনৰ সুললিত সুৰে এই দেশৰ ৰূপ-সৌন্দর্য দুগুণে চৰায়।

ব্যাখ্যা কৰাঃ
(ক) মােগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়
দেশ-প্রাণ, মুক্ত প্রাণ, অসমৰ স্বদেশ ভকতি।
উঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত চৈয়দ আব্দুল মালিক ৰচিত মই অসমীয়া’ শীর্ষক কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

যুদ্ধক্ষেত্ৰত অসমীয়াৰ স্বদেশ প্রেমৰ পৰিচয় মােগলে কেনেকৈ পালে সেই বিষয়ে ক’বলৈ গৈ কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।
সপ্তদশ শতিকাত স্বাধীন অসমৰ শাসক আছিল আহােমসকল। সেই সময়ত দিল্লীত থাকি ভাৰতবৰ্ষৰ একছত্রী শাসক হােৱাৰ মন মেলিছিল মােগলে। অন্য প্রান্তীয় দেশসমূহৰ দৰে অসম আক্ৰমণৰ উদ্দেশ্যে মােগলে অসমতাে ভৰি দিছিল। অনায়াসে দেশ জয় কৰাৰ অভিলাষ মনত লৈ তেওঁলােকে অসমত প্ৰৱেশ কৰি দেখিছিল চৌদিশে সেউজ ভূমি। পিছে যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰি বুজি উঠিছিল যে সেউজভূমিৰ বাসিন্দাসকল একে ৰঙা তেজৰেই অধিকাৰী। দেশৰক্ষার্থে যুদ্ধক্ষেত্ৰ ৰাঙলীকৰিবলৈ তেওঁলােক প্রস্তুত। শত্রুসৈন্য অহাৰ খবৰ পাই অসমৰ পুৰুষ-নাৰীয়ে হাতে হাতে হেংদাং লৈ ৰণচণ্ডী মূর্তিৰে যুদ্ধক্ষেত্ৰলৈ ওলাই আহিছিল। তেওঁলােকৰ হেংদাঙৰ চিকমিকনিত থমকি ৰবলৈ বাধ্য হৈছিল মােগল সৈন্য। শত্ৰুৰ আক্রমণ বুকু পাতি ল’বলৈ অকণাে কুণ্ঠাবােধ কৰা নাছিল অসমৰ পুৰুষ নাৰীয়ে। দেশৰ স্বাধীনতা অক্ষুন্ন ৰাখিবলৈ তেওঁলােকে মৰণপণ যুদ্ধ কৰিছিল আৰু অসমৰ পুৰুষ-নাৰীৰ প্ৰবল পৰাক্ৰমৰ সন্মুখত শিৰ নত কৰি মােগল অহা বাটেৰে উভতিছিল।

(খ) দুৱৰিৰ পাতে পাতে মুকুতাৰ থােপা গচকত ভাগে মৰকত,
হাতীৰ দাঁতােৰে কৰে খৰমৰ চুলা,
ভৰি থােৱে পােৰালৰ ভৰা দলঙত।
উঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত চৈয়দ আব্দুল মালিক ৰচিত মই অসমীয়া’ শীর্ষক কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।
অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰবৰ্ণনাৰ প্ৰসংগত কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।
অসম প্রাকৃতিক সম্পদ আৰু সৌন্দর্যৰে চহকী দেশ। প্রকৃতিয়ে অসমক আঁচল ভৰাই ভৰাই দিছে অজস্র সম্ভাৰ। দূৰণিৰ মােগলে অসমলৈ আহি সেই সম্ভাৰ প্ৰত্যক্ষ কৰিছে আৰু আচৰিত হৈ ৰৈছে। কবিৰ বর্ণনা অনুসৰি অসমৰ দূৱৰি বনত নিয়ৰ এনেদৰে পৰি আছে যেন মুকুতাৰ থােপাহে ওলমি আছে। সেই দেশৰ ধূলিত পৰি থাকেমৰকত মণি, খােজ দিলেই যেন গচকত ভাঙি যােৱাৰ সম্ভাৱনা থাকে। প্রাকৃতিক সম্পদেৰে ভৰপূৰ অসমৰ হাতীদাঁতৰ শিল্প জগদ্বিখ্যাত। এই দেশত ভৰিত পিন্ধা খৰমৰ চুলাও হাতীদাতেৰে তৈয়াৰ কৰা হয়।বহু মূল্যৱান প্রৱাল মণিৰে সজা দলঙত উঠিমানুহে ভৰি ধােৱে। মুঠতে প্রাকৃতিক সম্পদ আৰু সৌন্দর্য বর্ণনা কৰি সামৰিব নােৱাৰি। কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ দ্বাৰা অকৃপণভাৱে অসমৰ সৌন্দর্য বর্ণনা কৰিছে।

class 10 assamese মই অসমীয়া

(গ) মােহ গ’ল দূৰণিৰ বিদেশী মােগল
অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া,
অসমত বন্দী হ’ল, অসমৰ ৰূপ-মুগ্ধ
দূৰৰ মােগল আহি হ’ল অসমীয়া।।
উঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত চৈয়দ আব্দুল মালিক ৰচিত মই অসমীয়া’ শীর্ষক কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।
অসমৰ সৌন্দর্যত বিমুগ্ধ মােগলৰ অনুভৱৰ বিষয়ে ক’বলৈ গৈ কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।
অসম প্ৰকৃতিৰ অপূর্ব দানেৰে সমৃদ্ধ। সৌন্দর্য অতুলনীয় এই দেশ। ইয়াৰ প্ৰকৃতিৰ নিয়ৰসিক্ত গছৰ পাতত যেন মুকুতা থােপাথােপে ওলমে। অসমৰ ধূলি বালিত পৰি থাকে সােণৰ টুকুৰা, মৰকত মণি। হাতীদাতেৰে সাজে খৰমৰ চুলা। প্ৰৱাল মণিৰে সজা দলঙত ভৰি ধােৱে। বাঘৰ নখেৰে নির্মিত খাৰু, আঙঠি মানুহে পিন্ধে। ম’হৰ শিঙেৰে সজা পেঁপা বজাই আনন্দত নাচে। অসমৰ বহু পুখুৰী সাগৰসদৃশ। দল- দেৱালয়েৰে আৱৰা অসমৰ মানুহৰ মাতত মৌ সৰে। সুন্দৰ অসমীয়া ভাষাৰ সুৱদী গান শুনি শিলাে পমি যায়। কি অপূর্ব আমেজ এই দেশৰ মাটিত ভৰি থৈ মােগলে পাইছিল। অসমৰ সৰগীয় ৰূপে তেওঁলােকক এনেদৰে মুহিলে যে তেওঁলােক নিজেও অসমতে থাকি গ’ল।
বিদেশী জাতি এটাৰ দৃষ্টিৰে স্বদেশৰ ৰূপ-গুণৰ বৰ্ণনাত কবি যে সফল হৈছে এই কথা ব্যাখ্যেয় কবিতাফাকিত স্পষ্ট হৈছে।

(ঘ) জীৱনে মৰণে মই চিৰদিন অসমীয়া
অসমীয়া দেহপ্রাণ মন;
জীয়াই থাকোতে মই অসমৰে অসমীয়া,
মৰিলেও বৰি ল’ম অসমৰ অমিয়া মৰণ।
উঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত চৈয়দ আব্দুল মালিক ৰচিত মই অসমীয়া’ শীর্ষক কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।
জন্মভূমিৰ প্ৰতি থকা অফুৰন্ত প্রেম প্রকাশ কৰিবলৈ কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।
কবিৰ বাবে নিজ জন্মভূমি অসম প্ৰাণৰাে প্ৰাণৰ। অসমীয়া বুলি কবিয়ে অত্যন্ত গৌৰৱ অনুভৱ কৰে। যি জাতিয়ে প্রবলপ্রতাপী মােগলকো একগােট হৈ যুঁজত পৰাস্ত কৰিছিল কেৱল দেশৰ স্বাধীনতা ৰক্ষা কৰিবলৈ, সেই জাতিক লৈ কবি সদা উৎফুল্লিত। জন্মভূমিক ভাল পােৱাটো কবিয়ে নিজৰ ধৰ্মৰূপে গণ্য কৰে। অসমৰ চোতালত গজি উঠা দূৱৰিতে কবিয়ে স্বৰ্গৰ নন্দনকাননৰ প্রতিচ্ছৱি দেখা পায়। অসমীয়া ভাষাক কবিয়ে সৰগীয় ভাষাৰ দৰে গণ্য কৰে। যি ভাষাত ৰচিত গীত-কথা-মাতে বনৰ চৰাইকো আকর্ষণ কৰে সেই ভাষাৰে গীতে কবিৰৰ হৃদয় ওপচাই ৰাখে। জন্মৰ পাছত অসমীয়া ভাষাৰেই আই’সম্বােধনেৰে কবিয়ে জন্মভূমিক নিজৰ কৰিছিল, সেই সম্বােধনেৰেই কবিয়ে প্রাণাধিক জন্মভূমিক এৰি এদিন প্রাণত্যাগ কৰিব বিচাৰে। কবিয়ে অসমীয়া ভাষাক ইমানেই ভাল পায় যে মৃত্যুৰ পাছত সৰগতাে এই ভাষাৰ গান শুনিব বিচাৰে। সৰগৰ গান এৰি মৰ্তৰ অসমীয়া ভাষাতেই নিজৰ নামৰ সোঁৱৰণৰ বিষয়ে জানি সুখী হ’ব খােজে। এনেহেনে অসম কবিৰ দেহে-মনে সােমাই আছে। মৃত্যুৰ পাছতাে কবিয়ে সেয়ে তেওঁৰ প্ৰাণৰ অসমতেই পুনৰ জনম ল’ব খােজে। কবি যেন মাতৃভূমিৰ প্রতি কৃতজ্ঞ। তেওঁক জনম আৰু জীৱনেৰে অনুগৃহীত কৰা মাতৃভূমিক কবিয়ে সেয়ে পাছৰ জনমতাে বিচাৰে।

৯। মই অসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্রশংসা কৰিছে, তােমাৰ কথাৰে বুজাই লিখা।

উঃ কবিয়ে নিজ জন্মভূমিক প্রাণভৰি ভাল পায়। জন্মভূমি অসমৰ বিনন্দীয়া প্ৰকৃতিৰ ৰূপে কবিৰ মন মােহে। স্বাধীন অসমৰ বিজয়গাথাই কবিক গৌৰৱান্বিত কৰে। প্রবলপ্রতাপী মােগলকো অসমৰ পুৰুষ-নাৰীয়ে ৰণচণ্ডী মূর্তি ধৰি যুঁজত পৰাস্ত কৰিলে। হেংদাঙেৰে প্ৰচণ্ড বীৰদৰ্পে যুঁজি নিজ দেশৰ মান ৰখা অসমৰ সন্তানক লৈ কবিয়ে সুখ অনুভৱ কৰে। কৃষিপ্রধান অসমৰ লােকে শুকান সান্দহগুৰি খায়াে ক’ৰ পৰা ইমান শকতি গােটালে সেই কথা ভাবি কবি আচৰিত হয়। দেশৰ সেনানীৰ স্বদেশপ্রেম অবিহনে ৰাজপুতবিজয়ী মােগলক পৰাস্ত কৰাটো অসম্ভৱ বুলিও কবিয়ে বুজি উঠিছে।

কবিৰ দেশৰ মানুহ অমায়িক, সহজ-সৰল। এই দেশৰ মানুহৰ মাতত মৰমৰ মৌ সৰে। মাতৰ কোমলতাত কঠিন শিললা যেন পমি যায়। ইমান কোমল অন্তৰৰ মানুহাে দেশৰ মান ৰাখিবলৈ বজ্রকঠোৰ হ’ব পাৰে- সেই কথাই কবিক আহ্লাদিত কৰিছে। সেয়ে কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক প্রশংসা কৰিছে।

মই অসমীয়া দশম শ্ৰেণী question bank

১০। কবিয়ে কিয় মৰাৰ পাছতাে পুনৰ অসমতে জনম ল’ম বুলি ভাবিছে বুজাই লিখা।
উঃ কবিৰ বাবে নিজ জন্মভূমি অসম প্ৰাণৰ প্ৰাণৰ। অসমীয়া বুলি কবিয়ে অত্যন্ত গৌৰৱ অনুভৱ কৰে। যি জাতিয়ে প্রবলপ্রতাপী মােগলকো একগােট হৈ যুঁজত পৰাস্ত কৰিছিল কেৱল দেশৰ স্বাধীনতা ৰক্ষা কৰিবলৈ, সেই জাতিক লৈ কবি সদা উৎফুল্লিত। জন্মভূমিক ভাল পােৱাটো কবিয়ে নিজৰ ধৰ্মৰূপে গণ্য কৰে। অসমৰ চোতালত গজি উঠা দূৱৰিতে কবিয়ে স্বৰ্গৰ নন্দনকাননৰ প্রতিচ্ছবি দেখা পায়। অসমীয়া ভাষাক কবিয়ে সৰগীয় ভাষাৰ দৰে গণ্য কৰে। যি ভাষাত ৰচিত গীত- কথামাতে বনৰ চৰাইকো আকর্ষণ কৰে সেই ভাষাৰে গীতে কবিৰাে হৃদয় ওপচাই ৰাখে। জন্মৰ পাছত অসমীয়া ভাষাৰেই ‘আই’ সম্বােধনেৰে কবিয়ে জন্মভূমিক নিজৰ কৰিছিল, সেই সম্বােধনেৰেই কবিয়ে প্রাণাধিক জন্মভূমিক এৰি এদিন প্রাণত্যাগ কৰিব বিচাৰে। কবিয়ে অসমীয়া ভাষাক ইমানেই ভাল পায় যে মৃত্যুৰ পাছত সৰগতাে এই ভাষাৰ গান শুনিব বিচাৰে। সৰগৰ গান এৰি মৰ্তৰ অসমীয়া ভাষাতেই নিজৰ নামৰ সোঁৱৰণৰ বিষয়ে জানি সুখী হ’ব খােজে। এনেহেনে অসম কবিৰ দেহে-মনে সােমাই আছে। মৃত্যুৰ পাছতাে কবিয়ে সেয়ে তেওঁৰ প্ৰাণৰ অসমতেই পুনৰ জনম ল’ব খােজে। কবি যেন মাতৃভূমিৰ প্রতি কৃতজ্ঞ। তেওঁক জনম আৰু জীৱনেৰে অনুগৃহীত কৰা মাতৃভূমিক কবিয়ে সেয়ে পাছৰ জনমতাে বিচাৰে।

১১। মই অসমীয়া কবিতাটোৰ সাৰাংশ লিখা।
উঃ অসমৰ অতীত গৌৰৱ গাথা আৰু তাৰ আলমত প্রকাশিত স্বদেশপ্রেমেই কবিতাটোৰ মূল কথা। কবি মালিকৰ বাবে জন্মভূমি অসম প্ৰাণৰ আপােন। অসমৰ ৰূপ-সৌন্দর্যই কবিক অহৰহ আকর্ষণ কৰে। এই দেশৰ অতীত ইতিহাসেকবিক কৰি তােলে গৌৰৱান্বিত। নিজৰ মাজত পুঞ্জীভূত আৱেগক কবিয়ে কবিতাটোত কিছু সময়লৈকে মােগলক কথক সাজি প্ৰকাশ কৰিছে।

মােগল প্রবল পৰাক্ৰমী জাতি। ভাৰতবৰ্ষৰ এমূৰে থকা অসম দেশ জয় কৰাটো তেওঁলােকৰ বাবে যেন সামান্য কথা। যি মােগলে ৰাজপুতক জয় কৰিছিল সেই মােগলেই পিছে সম্মুখ সমৰত অসমীয়াৰ পৰাক্ৰম সহিব নােৱাৰিলে। প্রচণ্ড আত্মবিশ্বাস আৰু বীৰত্বৰে যুঁজি অসমৰ পুৰুষ নাৰীয়ে তাহানি জন্মভূমিৰ স্বাধীনতা ৰক্ষা কৰিলে। মােগলক অহা বাটে ওভােতাই পঠিয়ালে। অসমৰ এই বিজয়ক সুঁৱৰি কবি ৰােমাঞ্চিত হৈপৰে। সেয়েপৰাস্ত হােৱা মােগলৰ মুখেৰেকবিয়ে অসমীয়াৰ শৌর্য-বীর্যৰ প্রশংসা কৰাইছে। অসমৰ প্ৰাকৃতিক সৌন্দর্য আৰুবিশাল সম্পদশিক লৈ কবিৰ আশাবাদী মনাে মােহিত। নিজৰ এই অনুভৱাে কবিয়ে মােগলৰ দ্বাৰা কোৱাইছে। অসমৰ ৰূপ-গুণত আকৃষ্ট হৈ মােগলৰবহুতেইঅসমত থাকিগ’লবুলিও কবিয়ে কৈছে। অসমৰ সুৱদী ভাষাই কবিক অহৰহ আহূদিত কৰি ৰাখে। সৰগতাে কবিয়ে এই ভাষাৰ গীত-মাত শুনিব খােজে। এই মাটিৰ মায়াই কবিক আকুল কৰে। আজীৱন যি মায়াই কবিক আচ্ছন্ন কৰি ৰাখিলে, মৰাৰ পাছতাে কবি সেই মায়াবী পৰিচয়তে আবদ্ধ থাকিব খােজে। দেশৰ বাবেই তেওঁ জীয়াই থাকিব খােজে, দেশৰ বাবেই মৰিবও খােজে। ওপজা মাটিৰ মৰমক তেওঁ এনেদৰে বুকুত ৰাখিছে যে মৰাৰ পাছতাে তেওঁ এই দেশতে জনম ল’ব খােজে। ঐতিহ্য বর্ণনাৰ মাজেৰে কবিৰ স্বদেশৰ প্ৰতি থকা ভালপােৱা কবিতাটোত সিঁচৰতি হৈ আছে।

১২। মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰবৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা।
উঃ মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱ সুন্দৰভাৱেবর্ণিত হৈছে। কবিয়ে এই গৌৰৱগাথা মােগলৰ মুখেৰে বৰ্ণনা কৰাইছে। প্রবল পৰাক্ৰমী মােগল অসমলৈ আহিছিল দেশ জয়ৰ উদ্দেশ্যে। কৃষিজীৱি সহজ-সৰল অসমীয়া জাতি অনায়াসে নিজৰ সাম্রাজ্যৰ তলতীয়া কৰিব পাৰিব বুলি ভাবিছিল।কথাৰেই বশ কৰিব খুজি মােগলে অসমৰ সৈন্য-বিষয়াৰ বুদ্ধিমত্তাৰ পৰিচয় পাইছিল। যেতিয়া যুদ্ধ ঘােষণা হৈছিল, সম্মুখ সমৰত অসমৰ সৈন্যৰ পৰাক্ৰম দেখি মােগলে তবধ মানিছিল। অসমৰ পুৰুষ-নাৰীয়ে ৰণচণ্ডী মূর্তি ধৰি হেংদাং ঘূৰাইছিল। সেই তৰােৱালৰ চিকমিকনিত ৰাজপুত বিজয়ী মােগলৰাে গতি যেন স্তিমিত হৈছিল। দেশ স্বাধীনতা ৰক্ষা কৰিবলৈ অসমৰ নৰ-নাৰীয়ে শত্ৰুৰ আক্রমণ বুকু পাতি ল’বলৈ অকণাে কুণ্ঠাবােধ কৰা নাছিল। অসমৰ নৰনাৰীৰ স্বদেশপ্রেম আৰু বীৰত্ব দেখি মােগলসকল আকর্ষিত হৈছিল। তেওঁলােকে যােৱাৰ সময়ত আনকি প্রশংসাও কৰি গৈছিল। কবিয়ে সুন্দৰ বৰ্ণনাৰে অসমৰ অতীত গৌৰৱ কবিতাটোত ফুটাই তুলিছে।

মই অসমীয়া দশম শ্ৰেণী

ভাষা বিষয়ক

১। ব্যাসবাক্যসহ সমাসৰ নাম লিখা ?
স্বর্ণপুৰী; মুক্তগীত; অনিৰুদ্ধ; নিষ্কর্মা।
উঃ

শব্দ ব্যাসবাক্য সমাসৰ নাম
স্বর্ণপুৰী স্বৰ্ণৰ পুৰী   ষষ্ঠী তৎপুরুষ সমাস
মুক্তগীত মুক্ত যি গীত কর্মধৰয় সমাস
অনিৰুদ্ধ ৰুদ্ধ নহয় যি গতি বহুব্রীহি সমাস
নিষ্কর্মা  কর্ম নাই যাৰ বহুব্রীহি সমাস

৩। তলৰ শব্দবােৰৰ নিচিনা পাঁচোটা শব্দ সাজাঃ
বাঘ-নখ; হাঁহ-কণী; মহ-শিং।
উঃ মৌ – জোল, বাঁহ – গাঁজ, কল-বাৰী, নেমু ৰস, হাতী – দাঁত।

৪। বিপৰীত শব্দ লিখা ?
গৌৰৱ; আলােক; স্বাধীনতা; পৰাজিত; সপােন; মৰণ।
গৌৰৱঃ কালিমা।
আলােকঃ তিমিৰ
স্বাধীনতাঃ পৰাধীনতা
পৰাজিতঃ বিজয়ী
সপােনঃ দিঠক
মৰণঃ জনম।

অতিৰিক্ত প্রশ্নোত্তৰ
১। অতি চমু প্রশ্নোত্তৰ ।
(ক) চৈয়দ আব্দুল মালিকে কোন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ?
উঃ চৈয়দ আব্দুল মালিকে অঘৰী আত্মাৰ কাহিনী’উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

(খ) চৈয়দ আব্দুল মালিকৰ ক’ত আৰু কেতিয়া জন্ম হৈছিল?
উঃ ১৯১৯ চনত গােলাঘাট জিলাৰ নাহৰণিত চৈয়দ আব্দুল মালিকৰ জন্ম হৈছিল।

(গ) কবিয়ে কবিতাটোত কাক কাৰ অনিৰুদ্ধ গতি দেখুওৱাৰ কথা কৈছে?
উঃ কবিয়ে কবিতাটোত মােগলৰ অনিৰুদ্ধ গতি দেখুওৱাৰ কথা কৈছে।

(ঘ) মােগলসকলে ক’ত মুছলমানসকলৰ মুক্তৰাজ স্থাপন কৰাৰ কথা ভাবিছিল?
উঃ মােগলসকলে অসমত মুছলমানৰ মুক্তৰাজ থাপন কৰাৰ কথা ভাবিছিল।

মই অসমীয়া দশম শ্ৰেণী

২। ব্যাখ্যা কৰাঃ
(ক) নিষ্কর্মা ধােদৰ দলে বান্ধে ৰাজ আলি,
দল সাজে ঢালি পিঠা গুড়ি;
বাৰটি সাগৰ’ খানি, ৰচে বননিত
ৰংঘৰ কাৰেংঘৰ দীপ্ত স্বর্গপুৰী।
উঃ বাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত চৈয়দ আব্দুল মালিক ৰচিত মই অসমীয়া’ শীর্ষক কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।
অসমৰ ৰূপ-সৌন্দর্য বর্ণনা প্রসংগত কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।
মােগল অসমলৈ আহিছিল দেশ বিজয়ৰ উদ্দেশ্যে। প্রবল পৰাক্ৰমী হৈও অসমৰ , নৰনাৰীৰ স্বদেশপ্রেম আৰু বীৰত্বৰ সন্মুখত মােগলে তিষ্ঠিব নােৱাৰি অহা বাটে উভতিব লগা হৈছিল। যােৱাৰ পৰত মােগলে প্রাণভৰি উপভােগ কৰিছিল অসমৰ প্রাকৃতিক আৰু অন্যান্য সৌন্দর্য। প্রকৃতিৰ দানেৰে পুষ্ট অসম আহােমৰ নিৰ্মাণৰ দক্ষতাৰাে চানেকিৰূপে মােগলৰ চকুত ধৰা দিছিল বুলি কবিয়ে ক’ব বিচাৰিছে। এলাহেই যাৰ মূল সেই ধােদৰ শক্তিকো
আহােম নেতৃত্বইকমত খটুৱাইছিল। ধােদৰ দ্বাৰাইবন্ধাইছিল ৰাজআলি। সাগৰসদৃশ পখুৰী খন্দাইনগৰৰ সৌন্দর্য দুগুণে চৰাইছিল। ৰংঘৰ, কাৰেংঘৰৰ দৰে মহল বান্ধি শুৱনি কৰিছিল ৰাজধানী।এনে লাগিছিল যেন মর্তৰ নহয়, স্বৰ্গৰহেনগৰ। এইহেন দক্ষ নেতৃত্বই চলােৱা দেশ আৰু জাতিক অধীনত ৰখাটো অতি কঠিন কাম ব্যাখ্যেয় কবিতাফাকিৰ দ্বাৰা কবিয়ে তাকেই ক’ব খুজিছে।

(খ) অসমীয়া ভাষা মােৰ, কথা মােৰ, গীত মােৰ,
অসমৰ প্ৰকৃতিয়ে ৰচা,
বিহগ কিন্নৰ যত শুনিলে নীৰৱ হয়
অসমীয়া গীত মােৰ হৃদয় ওপচা।
উঃ বাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত চৈয়দ আব্দুল মালিক ৰচিত মই অসমীয়া’ শীর্ষক কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।
অসমীয়া ভাষাৰ স্বকীয় বৈশিষ্ট্যৰ বিষয়ে ক’বলৈ গৈ কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।

কবিৰ বাবে জন্মভূমিৰ ভাষাটো অতি আদৰৰ। এই ভাষাত ৰচিত গীত-মাতে অসমৰ প্ৰকৃতিৰ সৌন্দর্য যেন দুগুণে চৰায়। অসমীয়া ভাষাত ৰচিত গীত শুনি চৰায়াে যেন ৰৈ যায়। এই ভাষাত ৰচিত লােকমনৰ বিভিন্ন অভিব্যক্তিৰ প্রতিফলন ঘটা গীতসমূহ কবিৰ কাণত সুৱদীসুৰীয়া হৈ ধৰা দিয়ে। কবিৰ হৃদয় ভৰাই ৰাখে অসমীয়া ভাষাৰ মাতে। এই মাত আনকি কবিয়ে সৰগত শুনিব খােজে। সৰগৰ অফুৰন্ত সুখৰ মাজত কবিয়ে মনত ৰাখিব খােজে অসমীয়া মাত। অসমীয়া ভাষাৰ কোমলতা, লাস্যময়তাৰ আভাস ব্যাখ্যেয় কবিতাফাকিৰ মাজেৰে সুন্দৰভাৱে প্ৰকাশি উঠিছে।

৩। মই অসমীয়া’ শীর্ষক কবিতাটিৰ কবি পৰিচয় লিিখা।
উঃ অসমৰ সাহিত্যক আলােকিত কৰা লেখকসকলৰ ভিতৰত উল্লেখনীয় নাম এটা হৈছে চৈয়দ আব্দুল মালিক। ১৯১৯ চনত গােলাঘাট জিলাৰ নাহৰণিত জন্মা মালিকক ‘গল্পসম্রাট’ বুলি কোৱা হয়। কবিতাও ৰচনা কৰা মালিকৰ একমাত্র কবিতা পুথি হৈছে। ‘বেদুইন’। তেওঁৰ কবিতাসমূহক বাদ দি অসমীয়া আধুনিক কবিতা সম্পূর্ণ নহয়। মালিকৰ গল্প-উপন্যাসতাে আনকি কাব্যিক ভাষাৰ ব্যৱহাৰ দেখা যায়। মালিকেৰচনা কৰা কেইবাখনাে উপন্যাস বহুসমাদৃত। তাৰ ভিতৰত সূৰুযমুখীৰ স্বপ্ন’, ৰূপতীৰ্থৰ যাত্রী’, ‘ধন্য নতনু ভাল, আদি উল্লেখনীয়। অঘৰী আত্মাৰ কাহিনী’ শীর্ষক উপন্যাসৰ বাবে তেওঁ লাভ কৰিছিল সাহিত্য অকাডেমি বঁটা। তেওঁৰ দ্বাৰা ৰচিত অন্য কেইখনমান গ্রন্থ হ’ল – ‘পৰশমণি’, ‘আধাৰশিলা’, ‘মৰহা ফুল’, ‘স্বাক্ষৰ’, ‘ছবিঘৰ, ৰঙাগড়া’, ৰজনীগন্ধাৰ চকুলাে’ ইত্যাদি। তেওঁৰ গল্প, উপন্যাসৰ আলমত জেতুকা পাতৰ দৰে’, ‘মমতাজ’আদি চিনেমাও নির্মিত হৈছে। এইগৰাকী সাহিত্যিকে ১৯৭৭ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনত সভাপতিত্ব কৰিছিল। অসমীয়া সাহিত্যক বহু দিশৰ পৰা সমৃদ্ধ কৰা এইগৰাকী সাহিত্যৰ জীৱনাৱসান ঘটে ২০০০ চনত।

মই অসমীয়া কবিতাৰ মূলভাব

৪। মই অসমীয়া কবিতাটিৰ মূলভাব লিিখা।

উঃ মূলভাবঃ অসমৰ অতীত গৌৰৱ গাথা আৰু তাৰ আলমত প্রকাশিত স্বদেশপ্রেমেই কবিতাটোৰ মূল কথা।
কবি মালিকৰ বাবে জন্মভূমি অসম প্রাণৰাে আপােন। অসমৰ ৰূপ-সৌন্দর্যই কবিক অহৰহ আকর্ষণ কৰে। এই দেশৰ অতীত ইতিহাসে কবিক কৰি তােলে গৌৰৱান্বিত। নিজৰ মাজত পুঞ্জীভূত আৱেগক কবিয়ে কবিতাটোত কিছু সময়লৈকে মােগলক কথক সাজি প্ৰকাশ কৰিছে। মােগল প্রবল পৰাক্ৰমী জাতি। ভাৰতবৰ্ষৰ এমূৰে থকা অসম দেশ জয় কৰাটো তেওঁলােকৰ বাবে যেন সামান্য কথা। যি মােগলে ৰাজপুতক জয় কৰিছিল সেই মােগলেই পিছে সম্মুখ সমৰত অসমীয়াৰ পৰাক্ৰম সহিব নােৱাৰিলে। প্রচণ্ড আত্মবিশ্বাস আৰু বীৰত্বৰে যুঁজি অসমৰ পুৰুষৰীয়ে তাহানি জন্মভূমিৰ স্বাধীনতা ৰক্ষা কৰিলে। মােগলক অহা বাটে ওভােতাই পঠিয়ালে। অসমৰ এই বিজয়ক সুঁৱৰি কবি ৰােমাঞ্চিত হৈ পৰে। সেয়ে পৰাস্ত হােৱা মােগলৰ মুখেৰে কবিয়ে অসমীয়াৰ শৌর্যবীর্য প্রশংসাৰাইছে।অসমৰ প্ৰাকৃতিক সৌন্দর্য, আৰু বিশাল সম্পদশিক লৈ কবিৰ আশাবাদী মনাে মােহিত। নিজৰ এই অনুভৱাে কবিয়ে মােগলৰ দ্বাৰা কোৱাইছে। অসমৰ ৰূপ-গুণত আকৃষ্ট হৈ মােগলৰ বহুতেই অসমত থাকি গ’ল বুলিও কবিয়ে কৈছে।

অসমৰ সুৱদী ভাষাই কবিক অহৰহ আহ্লাদিত কৰি ৰাখে।সৰগতাে কবিয়ে এই ভাষাৰ গীত-মাত শুনিব খােজে। এই মাটিৰ মায়াই কবিক আকুল কৰে। আজীৱন যি মায়াই কবিক আচ্ছন্ন কৰি ৰাখিলে, মৰাৰ পাছতাে কবি সেই মায়াবী পৰিচয়তে আবদ্ধ থাকিব খােজে। দেশৰ বাবেই তেওঁ জীয়াই থাকিব খােজে, দেশৰ বাবেই মৰিবও খােজে। ওপজা মাটিৰ ঐতিহ্য বর্ণনাৰ মাজেৰে কবিৰ স্বদেশৰ প্ৰতি থকা ভালপােৱা কবিতাটোত সিঁচৰিত হৈ আছে।

৫। শব্দার্থ লিখাঃ

• ভটীয়নিঃ নৈৰ সোঁত বৈ যােৱা ফাল; নৈৰ ভাটি বা নৈৰ নামনি ফাল।
• তৃষাঃ বৰকৈ হেঁপাহ জগা; পিয়াহ।
• দৃপ্তঃ গর্বযুক্ত মনােভাৱ; উদ্ধত, গর্বিত।
• উচ্ছাসতঃ উল্লাহত; আনন্দত; আবেগত।
• বিৰামঃ বিশ্রাম; কামৰ পৰা বিৰতি; যতি।
• বিহীনঃ নথকা; নােহাৱা।
• শকতিঃ বল; পৰাক্ৰম; শক্তি।

 

কবিয়ে মৰাৰ পিছত কি হৈ পুনৰ জন্ম ল’ব বিচাৰিছে?

উঃ কবিয়ে মৰাৰ পিছত অসমৰ অসমীয়া হৈ জন্ম ল’ব বিচাৰিছে।

সৰগত কবিয়ে কিহক চিনি পাম আৰু বুজি পাম বুলি কৈছে?

উঃ সৰগতাে কবিয়ে অসমীয়া ভাষাক চিনি আৰু বুজি পাব বুলি কৈছে।

কবিয়ে জীৱনে মৰণে কি হৈ থাকিব বিচাৰিছে?

উঃ কবিয়ে জীৱনে মৰণে অসমৰ অসমীয়া হৈ থাকিব বিচাৰিছে।

Leave a Comment