প্রশস্তি কবিতা প্ৰশ্ন উত্তৰ – Class 10 Assamese Lesson 3 Question Answer

প্রশস্তি কবিতা প্ৰশ্ন উত্তৰ | class 10 assamese lesson 3 question answer

শ্ৰেণী দশম
বিষয় অসমীয়া
পাঠ প্রশস্তি
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

প্রশস্তি কবিতা প্ৰশ্ন উত্তৰ

পাঠভিত্তিক প্রশ্নোত্তৰ
ভাব বিষয়কঃ
১। অতি চমু উত্তৰ দিয়া ।

(ক) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়?
উঃ ৰঘুনাথ চৌধাৰীক বিহগী কবি বুলি জনা যায়।

(খ) ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখনৰ নাম লিখা।
উঃ ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখনৰ নাম সাদৰী আৰু নৱমল্লিকা।

(গ) প্রকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে?
উঃ কবিয়ে নতুন কুঁহিপাতবােৰে প্রকৃতিক সাদৰি অনা বুলি কৈছে।

(ঘ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে?
উঃ কবিয়ে মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও প্রেম পৰিমল যচা বুলি কৈছে।

(ঙ) জল, স্থল আৰু ক’ত দেৱতাৰ মহা অভিযান চলিছে?
উঃ কবিয়ে জল, স্থল আৰু অন্তৰীক্ষ বা মহাকাশত দেৱতাৰ মহা অভিযান চলা বুলি কৈছে।

(চ) মহামহিমৰ গান কিহে গায় বুলি কৱিয়ে কৈছে?
উঃ কবিয়ে কীচক বেণুৱেও মহামহিম স্ৰষ্টাৰ গান গায় বুলি কৈছে।

২। কবিতাটোত কবিয়ে প্রকৃতিৰ কি কি বস্তু টানি আনিছে লিখা।
উঃ কবিতাটোত কবিয়ে প্রকৃতিৰ বিভিন্ন বস্তু টানি আনিছে। সেইবােৰ হ’ল —ঊষা, কিশলয়, চামৰ, কুসুম, ৰবাব, অন্তৰীক্ষ, কীচক বেণু আৰু বিহঙ্গ।

৩। কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্রশস্তি কৰিছে?
উঃ কবিতাটোত কবিয়ে প্রকৃতিৰ সৌন্দৰ্যৰ মাজেৰে সুন্দৰৰ প্রশস্তি গাইছে। প্রকৃতিৰ সৌন্দৰ্যৰ মাজত কবিয়ে চিৰসুন্দৰৰ অর্থাৎ নেদেখাজনৰ অস্তিত্ব উপলব্ধি কৰিছে। সেয়ে সেই চিৰসুন্দৰৰ প্রশস্তি কৰিছে যাতে সকলােৱে বুজিব পাৰে আৰু পৰম  মুক্তিৰ বাট বিচাৰিব পাৰে।

৪। কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা।
উঃ ‘প্রশস্তি’কবিতাটোত প্ৰকৃতিৰ অপূর্ব সুন্দৰ ৰূপ কবিয়ে বর্ণনা কৰিছে। পুৱাৰ সুৰুযে দশদিশ পােহৰাই পৃথিৱীক উদ্ভাসিত কৰি তুলিছে। পৃথিৱী ন-পাতেৰে, ফুলেৰে জাতিষ্কাৰ হৈছে। বনৰ চৰাই, গছ-লতিকাই সুমধুৰ ছন্দেৰে যেন কেৱল সৌন্দর্যই সৃষ্টিকৰা নাই, সন্ধান কৰিছে চিৰ সুন্দৰৰ। মাটি-পানী বায়ু সকলােতে যেন বিয়পিছে কেৱল সুন্দৰৰ আৰাধনা। ক’ৰবাত বাজি উঠিছে কীচক বাঁহেৰে তৈয়াৰী বাঁহীৰ সুৰ, সি যেন কঢ়িয়াই আনিছে চিৰসুন্দৰৰ বার্তা। কবিয়ে খােজেপ্রতি উপলব্ধি কৰিছে সুন্দৰৰ স্থিতি আৰু প্ৰকৃতিৰ অপূর্ব সুধাৰ মাজতে সেই সুন্দৰক প্ৰাপ্তিৰ সাধনাৰ পথে যেন বিচাৰি পাইছে।

৫। প্রশস্তি কবিতাটোৰ মূলভাব লিখা।
উঃ প্রকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে চিৰসুন্দৰৰ আৰাধনাই কবিতাটোৰ মূলভাব। কবিতাটোত বর্ণিত অনুসৰি পুৱাৰ সূৰুযে পৃথিৱীৰ দশােদিশ পােহৰাই তােলাৰ লগে লগে নকুঁহিপাতেৰে যেন প্রকৃতিৰ ৰূপচৰিছে। প্ৰকৃতিৰ গছ-লতা-ফুল-ফলে জাতিষ্কাৰ হৈ চৌদিশে বিয়পাইছে আনন্দৰ গান। বনৰ চৰাইৰ সুললিত কণ্ঠই সমস্ত প্রকৃতিত গুঞ্জন তুলিছে য’ত কবিয়ে অনুভৱ কৰিছে চিৰ সুন্দৰৰ উপস্থিতি। মাটি-পানী বায়ু সকলােতে যেন বিয়পি আছে চিৰ সুন্দৰৰ স্থিতি। সকলােৱে যেন বিচাৰি ফুৰিছে। সেই পৰম সত্তাক।এনে সময়ত ‘অমৃতৰ সন্তান’সম্বােধনেৰে মানুহক কবিয়ে মুক্তিৰ বাট বিচাৰিবলৈ কৈছে। কালৰাত্ৰিৰ পাছত যি মুক্তিৰ বাট দিব পাৰে কেৱল চিৰসুন্দৰে, যিদৰে আন্ধাৰৰ পাছত পৃথিৱীক পােহৰ দিয়ে সূৰুযে। ক’ৰবাৰ পৰা ভাহি আহিছে। কীচক বেণুৰ সুৰ যি সুৰত কবিয়ে শুনিবলৈ পাইছে নেদেখাজনৰ আৱাহন। সেই আৱাহনী সুৰ অন্তকৰণেৰে উপলব্ধি কৰিব পৰাকৈ ভক্তবৃন্দক মােহ-মায়া ত্যাগি। ধ্যানমগ্ন হ’বলৈ কবিয়ে আহ্বান জনাইছে। কবি চৌধাৰী প্রকৃতিপ্রেমী ব্যক্তি। তেওঁৰ চকুত প্রকৃতিৰ স্বাভাৱিক সৌন্দর্যও অন্য ৰূপত ধৰা দিয়ে। প্রশস্তি’ কবিতাটোত সেই কথাই স্পষ্ট হৈ পৰিছে।

সাধাৰণজনে দেখা প্রকৃতিৰ ৰূপ-সুধাৰ মাজত কবিয়ে অসাধাৰণ ৰূপ প্রত্যক্ষ কৰিছে। এক ৰহস্যৰ সন্ধানে কবিক আচ্ছন্ন কৰিছে আৰু ই কবিতাটোকো আধ্যাত্মিক ভাবসম্পন্ন কৰি তুলিছে।

Class 10 Assamese Lesson 3 Question Answer

৬। উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র,
উঠা যত মুক্তি পথযাত্রী।
– কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা।
উঃ মানৱ জীৱন দুদিনীয়া। এই ক্ষণস্থায়ী জীৱনত মানুহে নানা জীয়াতু ভােগে, যন্ত্রণাত জর্জৰ হয়। এনে সময়ক কবিয়ে আন্ধাৰৰ লগত তুলনা কৰিছে। আন্ধাৰে যেনেকৈ অৱসাদ কঢ়িয়ায়, বেয়া সময়েও মানুহক ভাগৰুৱা কৰি তােলে। পৃথিৱীত আন্ধাৰ নাশ কৰিবলৈ নির্দিষ্ট সময়ৰ মূৰত সূৰুযৰ আগমন ঘটে। মানৱ জীৱনৰ আন্ধাৰ নাশ হয় চিৰমুক্তিৰ লগে লগে। মানুহে বহু সময়ত মায়া-মােহত বন্দী হৈ পাহৰি থাকে যে চিৰমুক্তি অৱশ্যম্ভাৱী।

কবিতাটোত প্ৰকৃতিৰ সুন্দৰ ৰূপৰ মাজত কবিয়ে অনুভৱ কৰিছে যেন প্রকৃতি জগতৰ সকলােৰে ধ্যান সূৰুযৰ প্ৰতি অর্থাৎ আন্ধাৰবিনাশী শক্তিৰ প্রতি। সকলােৱে যেন সেই শক্তিক ধ্যান কৰিছে। মানৱক চিমুক্তি দিব পাৰে কেৱল স্ৰজনকর্তাই। প্রকৃতি জগতৰ দৰে সেয়ে মানুহকো চিমুক্তিৰ বাবে স্ৰজনকর্তাৰ ধ্যান কৰিবলৈ কবিয়ে আহ্বান জনাইছে। বায়ু-পানী-মাটি সকলাে যেন সেই চিৰসুন্দৰৰ ধ্যানতেই নিমগ্ন। জীৱনৰ অনিত্যতা, যন্ত্রণাৰ পৰা চিৰমুক্তিৰ বাটেৰে খােজ কঢ়া মানুহক ‘অমৃতৰ পুত্র’ সম্বােধনেৰে কবিয়ে পৰমশক্তিৰ আৱাহন কৰিবলৈ। প্রশ্নোদ্ধৃত কথাষাৰিৰ দ্বাৰা সোঁৱৰাই দিছে।

৭। সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দ কিয় আহ্বান জনাইছেবুজাই লিখা।
উঃ ‘প্রশস্তি’ কবিতাটোত কবিয়ে মূর্ত ৰূপৰ মাজেৰে বিমূর্ত ৰূপৰ আৰাধনা কৰিছে। মানৱ জীৱন অস্থায়ী। নির্দিষ্ট সময়ৰ বাবেহে মানুহ পৃথিৱীত থাকে। এই সময়ছােৱাত জাগতিক সৌন্দৰ্যৰ মায়া-মােহত মানুহ এনেদৰে বান্ধ খাই থাকে যে জীৱনৰ অনিত্যতাৰ কথা পাহৰি থাকে। কবিতাটোৰ মাজেৰে কবিয়ে ক’ব খুজিছে যে জাগতিক সৌন্দর্যয়াে চিৰসুন্দৰকে ধিয়াই আছে। সকলােৰে মূলতে সৃষ্টিকর্তাহে। তেওঁৰ অবিহনে সুন্দৰৰ ৰূপ প্রাপ্তিও অসম্ভৱ। মানৱ জীৱন চিৰমুক্তি পথৰ যাত্রী। দুদিনীয়া মায়া-মোহত বন্দী হৈ সেই কথা পাহৰা উচিত নহয়। মুক্তি প্রাপ্তিহে মানৱৰ ধ্যান। সেয়ে এই কথা নাপাহৰি এলাহ, অৱসাদ
আঁতৰাই প্ৰকৃতিৰ সৌন্দর্য উপভোেগৰ মাজতে চিৰসুন্দৰৰ আৰাধনা কৰাহে উচিত বুলি কবিয়ে ভাৱে। মানুহক ‘অমৃতৰ পুত্র’ সম্বােধনেৰে কবিয়ে সেয়ে চিৰসুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে।

৮। ব্যাখ্যা কৰাঃ

উঠে তৰু শিৰে শিৰে বন বিহঙ্গ,
ছন্দভৰা সুমধুৰ তান,
জল স্থল অন্তৰীক্ষ সকলােতে যেন
দেৱতাৰ মহা অভিযান।
উঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তর্ভুক্ত ৰঘুনাথ চৌধাৰীৰ প্রশস্তি’ শীর্ষক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।
প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজত দেৱত্ব বা চিৰসুন্দৰৰ সন্ধান চলা কথা স্পষ্ট কৰিবলৈ কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।
সূর্যোদয়ৰ লগে লগে প্রকৃতিজগত আলােকিত হৈ উঠিছে আৰু পৃথিৱীয়ে যেন ন ৰূপ পাইছে। গছৰ ডালত বহি বনৰ চৰায়ে সুললিত কণ্ঠেৰে গীত জুৰিছে। এনে ক্ষণত চৌদিশে যেন কবিয়ে অন্য এক সুৰহে শুনিবলৈ পাইছে। কবিৰ এনে লাগিছে। যেন মাটিয়ে পানীয়ে, আকাশে বতাহে ধ্বনিত হৈছে চিৰসুন্দৰৰ আৱাহনী গীত। জগতৰ প্ৰতিটো উপাদানে যেন সুন্দৰৰ আৰাধনাৰ মাজেৰে দেৱত্বৰ সন্ধান কৰিছে। ৰাতিৰ আন্ধাৰ ভেদ কৰি নামি অহা আলােকে সৃষ্টি কৰিছে এনে পৰিৱেশ, য’ত মুক্তিপথৰ যাত্ৰী মানুহে বিচাৰি পাব পাৰে চিৰসুন্দৰৰ সম্ভেদ। ব্যাখ্যেয় কবিতাফাকিত স্পষ্ট হৈছে যে কবিয়ে অন্ততঃ সেই সম্ভেদ গভীৰৰ পৰা পাইছে।

প্রশস্তি কবিতা প্ৰশ্ন উত্তৰ

(খ) কৰি দীৰ্ণ জৰাজীর্ণ পুঞ্জীভূত ক্লেদ
শেষ হ’ল মহা কালৰাত্রি,
উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র
উঠা যত মুক্তি পথযাত্রী।
উঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট ৰঘুনাথ চৌধাৰী ৰচিত ‘প্রশস্তি’ শীর্ষক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।
মানুহক কালৰাত্ৰিৰ শেষত চিৰমুক্তিৰ বাট সন্ধান কৰিবলৈ ব্যাখ্যেয় কবিতাফাকিৰে কবিয়ে আহ্বান জনাইছে।
সকলাে আৱৰ্জনা, প্ৰদূষিত উপাদান আঁতৰাই সূৰুযে পৃথিৱী আৰু প্রকৃতি জগত আলােকিত কৰি তােলে নিশাৰ আন্ধাৰ ভেদি। সেই আলােকতে সকলাে নিমগ্ন হয় নিজ নিজ লক্ষ্যৰ সমাপ্তিত। কবিয়ে সূক্ষ্মভাৱে এই কথা লক্ষ্য কৰিছে প্রকৃতি জগতৰ মাজত। মানুহাে প্রকৃতিৰে অংগ। অন্যান্য উপাদানৰ দৰে মানুহাে আন্ধাৰত থাকে। মানুহৰ জীৱনৰ অন্ধকাৰ বুলি ক’লে দুখ-যন্ত্রণাই মুখ্য। মায়া-মমাহে সেইবােৰ দুগুণে বঢ়ায়। এই অন্ধকাৰময় যন্ত্রণাৰ পৰা মুক্তি সম্ভৱ কেৱল চিৰসুন্দৰৰ আৰাধনাৰ মাজেৰেহে। তেৱেই জীৱক সকলাে যন্ত্রণাৰ পৰা মুক্তি দিব পাৰে। চিমুক্তিয়েই মানুহৰ জীৱনৰ লক্ষ্য। ব্যাখ্যেয় কবিতাফাকিত কবিয়ে মানুহক ‘অমৃতৰ পুত্র’ সম্বােধনেৰে চিৰসুন্দৰ অর্থাৎ পৰমসত্ত্বাৰ ধ্যান কৰিবলৈ জনােৱা অনুৰােধ স্পষ্ট ৰূপত প্রকাশি উঠিছে।

(গ) মােহন কীচক বেণু অনাহত ছন্দে
গায় মহামহিমৰ গান,
মােহ তন্দ্রালস তেজি উঠা ভক্তবৃন্দ।
সুন্দৰৰ কৰা ৰূপ ধ্যান।
উঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰী ৰচিত প্রশস্তি’ শীর্ষক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।
নেদেখাজনৰ ৰূপ ধ্যান কৰিবলৈ সকলাে এলাহ, অৱসাদ-মায়া-মােহ ত্যাগ কৰাৰ কথা ব্যাখ্যেয় কবিতাফাকিৰ মাজেৰে কবিয়ে ক’ব খুজিছে।
‘প্রশস্তি’ কবিতাটোত কবিয়ে মূর্ত ৰূপৰ মাজেৰে বিমূর্ত ৰূপৰ আৰাধনা কৰিছে। মানৱ জীৱন অস্থায়ী। নির্দিষ্ট সময়ৰ বাবেহে মানুহ-পৃথিৱীত থাকে। এই সময়ছােৱাত জাগতিক সৌন্দৰ্যৰ মায়া-মমাহত মানুহ এনেদৰে বান্ধ খাই থাকে যে জীৱনৰ অনিত্যতাৰ কথা পাহৰি থাকে। কবিতাটোৰ মাজেৰে কবিয়ে ক’ব খুজিছে যে জাগতিক সৌন্দর্যয়াে চিৰসুন্দৰকে ধিয়াই আছে। সকলােৰে মূলতে সৃষ্টিকর্তাহে। তেওঁৰ অবিহনে সুন্দৰৰ ৰূপ প্রাপ্তিও অসম্ভৱ। মানৱ জীৱন চিৰমুক্তি পথৰ যাত্রী। দুদিনীয়া মায়া-মমাহত বন্দী হৈ সেই কথা পাহৰা উচিত নহয়। মুক্তি প্রাপ্তিহে মানৱৰ ধ্যান। সেয়ে এই কথা নাপাহৰি এলাহ, অৱসাদ আঁতৰাই প্ৰকৃতিৰ সৌন্দর্য উপভােগৰ মাজতে চিৰসুন্দৰৰ আৰাধনা কৰাহে উচিত বুলি কবিয়ে ভাৱে। মানুহক ‘অমৃতৰ পুত্র’ সম্বােধনেৰে কবিয়ে সেয়ে চিৰসুৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে।

Class 10 Assamese Lesson 3 Question Answer

ভাষা বিষয়ক
১। অর্থ লিখাঃ
কিশলয়, চিত্তহাৰী, অন্তৰীক্ষ, তন্দ্রালস।
উঃ কিশলয়ঃ কুঁহিপাত, গজালি, কোহ
চিত্তহাৰীঃ মন-প্রাণ হৰি নিয়া

অন্তৰীক্ষঃ আকাশ
তন্দ্রালসঃ শ্রান্ত, ক্লান্ত, টোপনি যােৱা অৱস্থা

২। বাক্য ৰচনা কৰাঃ
দশােদিশ, উপেক্ষিত, জৰাজীর্ণ, অমৃত, মােহ।
উঃ দশােদিশঃ পদূলিৰ তগৰজোপাৰ সুগন্ধই দশােদিশ আমােল মােলাইছে।
উপেক্ষিতঃ পূর্বে স্ত্রীশিক্ষা সমাজত উপেক্ষিত হৈ ৰৈছিল।
জৰাজীর্ণঃ জৰাজীর্ণ ঘৰত থাকিও ৰীমাই উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ ভিতৰত প্রথম স্থান লাভ কৰিলে।
অমৃতঃ ভােকাতুৰ অৱস্থাত শুদা ভাতে অমৃতসম।
মােহঃ মিছা মােহত বন্দী হৈ আমি অইনৰ একো অপকাৰ কৰিব নালাগে।

৩। সমার্থক শব্দ লিখাঃ
তৰু, মুক্তি, সুমধুৰ, অভিযান, ধ্যানী।
উঃ তৰুঃ গছ, বৃক্ষ, উদ্ভিদ
মুক্তিঃ মুকলি, মােক্ষ, নির্বাণ
সুমধুৰঃ মধুৰত্ব, সুমিষ্ট, মৌ-সনা
অভিযানঃ পৰিক্ৰমা, পৰিভ্রমণ, অনুসন্ধান
ধ্যানীঃমনস্বী, ধ্যাতা, কৃতধী

প্রশস্তি কবিতা প্ৰশ্ন উত্তৰ

অতিৰিক্ত প্রশ্নোত্তৰ
১। অতি চমু প্রশ্নোত্তৰ?

(ক) কবিয়ে কিহে পৃথিৱীৰ দশােদিশ উদ্ভাসিত কৰা বুলি কৈছে?
উঃ উষা অর্থাৎ পুৱাৰ সূৰুযৰ কুঙ্কুম ৰাগে দশােদিশ উদ্ভাসিত কৰা বুলি কৈছে।

(খ) কবিয়ে কোনে ছন্দভৰা সুমধুৰ তান জোৰা বুলি কৈছে?
উঃ কবিয়ে বনৰ চৰায়ে ছন্দভৰা সুমধুৰ তান জোৰা বুলি কৈছে।

(গ) কবিয়ে ভক্তবৃন্দ মােহ তন্দ্রালস ত্যাগ কৰি কিহৰ ৰূপ ধ্যান কৰিবলৈ কৈছে?
উঃ কবিয়ে ভক্তবৃন্দক মােহ তন্দ্রালস ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে।

(ঘ) ৰঘুনাথ চৌধাৰীয়ে প্রথমাৱস্থাত লিখা কবিতাসমূহ তেওঁৰ কোনখন কবিতা পুথিত সন্নিৱিষ্ট কৰা হৈছিল?
উঃ ৰঘুনাথ চৌধাৰীয়ে প্রথমাৱস্থাত লিখা কবিতাসমূহ তেওঁৰ সাদৰী’ পুথিত সন্নিৱিষ্ট কৰা হৈছিল।

(ঙ) ৰঘুনাথ চৌধাৰীয়ে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল ?
উঃ ৰঘুনাথ চৌধাৰীয়ে অসম সাহিত্য সভাৰ তেজপুৰ অধিৱেশনত সভাপতিত্ব কৰিছিল।

২। প্রশস্তিৰ অর্থ কি? কবিয়ে কবিতাটোত কিহৰ প্ৰশস্তি গাইছে?
উঃ প্রশস্তিৰ অৰ্থ আৰাধনা বা গুণানুকীৰ্তন কৰা। কবিয়ে কবিতাটোত প্ৰকৃতিৰ সুন্দৰতাৰ প্রশস্তি গাইছে।

৩। প্রশস্তিৰ কৱিতাটোৰ কৱি পৰিচয় লিখা

উঃ কৱি পৰিচয়ঃ (ৰঘুনাথ চৌধাৰী) অসমীয়া সাহিত্য জগতৰ এটি উজ্জ্বল তৰা হৈছে কবি ৰঘুনাথ চৌধাৰী। মূলতঃ প্রকৃতি, বিশেষকৈ প্ৰকৃতিৰ অন্যতম উপাদান চৰাইক লৈ বিভিন্ন কবিতা ৰচা কাৰণে এইগৰাকী কবিক ‘বিহগী কবি’ ৰূপে জনা যায়। ১৮৭৯ চনত নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰৰ লাউপাৰা গাঁৱত জন্মা কবিৰ পিতৃ হৈছে ভােলানাথ চৌধাৰী। পাৰিবাৰিক দুর্যোগৰ কাৰণে কেৱল অষ্টম শ্রেণীলৈকে পঢ়ি চৌধাৰীদেৱে আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰিছিল আৰু ঘৰতে সংস্কৃত আৰু বাংলা কাব্য সাহিত্যৰ অধ্যয়নত মনােনিৱেশ কৰিছিল। শিক্ষা সাং কৰি তেওঁ কেইবছৰমান শিক্ষকতা কৰিছিল যদিও শেষত খেতি বাতিতহেমনােনিৱেশ কৰে। কাব্য চর্চাত মনােনিৱেশ কৰা চৌধাৰীদেৱৰ কবিতা প্রথমে ‘জোনাকী’ত আৰু তাৰ পাছত ‘আলােচনী’, বাহী’আদি কাকতত প্রকাশ পায়। তেওঁৰ কবিতা পুথিসমূহ হৈছে- ‘সাদৰী’, ‘কেতেকী’, ‘কাৰবালা’, ‘দহিকতৰা, নৱমল্লিকা’আৰু মনাই বৰাগী’। পচতিয়া হৈছে তেওঁৰ দ্বাৰা ৰচিত গল্প সংকলন। গুৱাহাটীৰ পৰা প্রকাশিত বিখ্যাত আলােচনী ‘জোনাকী’ৰ সহকাৰী সম্পাদক হােৱাৰ উপৰি তেওঁ ‘সুৰভি’আৰু জয়ন্তী’নামৰ আলােচনী দুখনাে সম্পাদনা কৰিছিল। সাহিত্যৰ লগত অহৰহ জড়িত থকা চৌধাৰীদেৱ ১৯৩৫ চনত তেজপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ ষােড়শ অধিৱেশনৰ সভাপতি আছিল। ১৯৬৮ চনত এইগৰাকী কবিৰ মৃত্যু হয়।

Class 10 Assamese Lesson 3 Question Answer

৪। প্রশস্তিৰ কৱিতাটোৰ মূলভাব লিখা

উঃ মূলভাবঃ প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে চিৰসুন্দৰৰ আৰাধনাই কবিতাটোৰ মূলভাব। কবিতাটোত বর্ণিত অনুসৰি পুৱাৰ সূৰুযে পৃথিৱীৰ দশােদিশ পােহৰাই ভােলাৰ লগে লগেন-কুঁহিপাতেৰে যেন প্রকৃতিৰ ৰূপ চৰিছে। প্ৰকৃতিৰ গছ-লতা-ফুল-ফলে জাতিষ্কাৰ হৈ চৌদিশে বিয়পাইছেআনন্দৰ গান। বনৰ চৰাইৰ সুললিত কণ্ঠই সমস্ত প্রকৃতিত গুঞ্জন তুলিছে। য’ত কবিয়ে অনুভৱ কৰিছে চিৰ সুন্দৰৰ উপস্থিতি। মাটি-পানীবায়ু সকলােতে যেন বিয়পি আছে চিৰ সুন্দৰৰ স্থিতি। সকলােৱে যেন বিচাৰি ফুৰিছে সেই পৰম সত্তাক। এনে সময়ত অমৃতৰ সন্তান’ সম্বােধনেৰে মানুহক কবিয়ে মুক্তিৰ বাট বিচাৰিবলৈ কৈছে। কালৰাত্ৰিৰ পাছত যি মুক্তিৰ বাট দিব পাৰে কেৱল চিৰসুন্দৰে, যিদৰে আন্ধাৰৰ পাছত পৃথিৱীক পােহৰ দিয়ে সূৰুযে। ক’ৰবাৰ পৰা ভাহি আহিছে কীচক বেণুৰ সুৰ যি সুৰত কবিয়ে শুনিবলৈ পাইছে নেদেখাজনৰ আৱাহন। সেই আৱাহনী সুৰ অন্তঃকৰণেৰে উপলব্ধি কৰিবলৈ ভক্তবৃন্দক মােহ- মায়া ত্যাগি ধ্যানমগ্ন হ’বলৈ কবিয়ে আহ্বান জনাইছে। কবি চৌধাৰী প্রকৃতিপ্রেমী ব্যক্তি। তেওঁৰ চকুত প্ৰকৃতিৰ স্বাভাৱিক সৌন্দর্যও অন্য ৰূপত ধৰা দিয়ে। প্রশস্তিকবিতাটোত সেই কথাই স্পষ্ট হৈ পৰিছে। সাধাৰণজনে দেখা প্রকৃতিৰ ৰূপ-সুধাৰ মাজত কবিয়ে অসাধাৰণ ৰূপ প্রত্যক্ষ কৰিছে। এক ৰহস্যৰ সন্ধানে কবিক আচ্ছন্ন কৰিছে আৰু ই কবিতাটোকো আধ্যাত্মিক ভাৱসম্পন্ন কৰি তুলিছে।

৫। শব্দার্থ লিখাঃ

শব্দ অর্থ
কুঙ্কুম প্রসাধন সামগ্রী বিশেষ।
ৰঞ্জিলে ৰঙীণ কৰা, পােহৰ কৰা।
বসুধা ফুলি উঠা, পাহি মেলা ফুল।
কিশলয় কুঁহিপাত, গজালি, কেহ।
চামৰ চোৱৰ, চুৱৰী পহুৰ নেজৰ মুঠা।
উদ্ভসিত দীপ্ত, প্রকাশিত।
চিত্তহাৰী মন-প্রাণ হৰি নিয়া।
ফুল্ল ফুলি উঠা, পাহি মেলা
কুসুম ফুল।
টলমল উপচি বাগৰি পৰাে পৰাে, ভৰপূৰ আৰু কম্পমান।
তৰু গছ, বৃক্ষ।
বন বিহঙ্গ বনৰীয়া চৰাই।
অন্তৰীক্ষ আকাশ; যাক পৃথিৱী আৰু সূৰ্যৰ মাজত দেখা যায়।
ক্লেদ গেলা মলযুক্ত পানী।
কীচক ভােমাৰাই ফুটোৱা বিন্ধাৰে ভিতৰলৈ বতাহ সােমাই শব্দ কৰা বাঁহ।
কীচক বেণু কীচক বাঁহ, সেই বাঁহৰ বাদ্যৰ শব্দ।
তন্দ্রালস শ্রান্ত ক্লান্ত, টোপনি যােৱা অৱস্থা।
ৰূপধ্যান ৰূপ বা সৌন্দৰ্য্যৰ চিন্তন।
মহামহিমৰ অতিশয় গৌৰাৱান্বিত, বৰ মান্য

 

Leave a Comment