জিকিৰ Class 10 Question Answer মূলভাব দশম শ্ৰেণী

শ্ৰেণী দশম
বিষয় অসমীয়া
পাঠ বৰগীত
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

জিকিৰ Class 10 Question Answer

ভাব বিষয়ক
১। চমু উত্তৰ দিয়া :
(ক) জিকিৰৰ ৰচক কোন?
উত্তৰঃ জিকিৰৰ ৰচক হ’ল শ্বাহ মিলান’ নামৰ এগৰাকী ইছলামী সাধু। তেওঁক “আজান ফকিৰ” বুলিও জনা যায়।

(খ) জিকিৰবােৰক কিহৰ লগত তুলনা কৰিব পাৰি?
উত্তৰঃ জিকিৰ বােৰক হিন্দুসকলৰ ভক্তিমূলক প্রার্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি।

(গ) ‘জিকিৰ’ শব্দটো কি শব্দৰ পৰা ওলাইছে?
উত্তৰঃ জিকিৰ শব্দটো আৰবী ‘ ‘জিক্‌ৰ’ শব্দৰ পৰাই ওলাইছে। এই শব্দৰ মূল অর্থ হ’ল ঘনে ঘনে উচ্চাৰণ কৰা।

২। তলৰ শব্দবােৰৰ অৰ্থ লিখা ।
উত্তৰঃ ৰছুলঃ দেৱদূত, ঈশ্বৰ প্ৰেৰিত, আল্লাৰ দূত।
মােমিনঃ বিশ্বাসী মুছলমান
ৰহমঃ দয়া
কুটুবঃ ধ্রুব্র নক্ষত্র
বান্দাঃ ভৃত্য

জিকিৰ দশম শ্ৰেণী

৩। মক্কাৰ দুৱাৰত চাহাব জীবই মাৰে তালি
যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি।।
— উল্লিখিত কবিতাফাকিৰ অন্তর্নিহিত ভাবটি বিশ্লেষণ কৰা।

উত্তৰঃ আজান ফকিৰৰ দ্বাৰা ৰচিত উক্ত কবিতাফাঁকিৰ মাজেৰে মানৱ জীৱনৰ কথা ক’বলৈ বিচৰা হৈছে। মক্কা হ’ল এক পৱিত্ৰ তীর্থস্থান। আল্লা অর্থাৎ ভগৱানৰ দর্শন লাভৰ বাবে বহুতেই মক্কালৈ গৈ জিকিৰ গায় বা আল্লাৰ নাম সোঁৱৰে। কিন্তু তাৰ মাজেৰে জীৱই আল্লাৰ কোনাে সন্ধান নাপায়। কিয়নাে জীৱনকালত যি এবাৰাে আল্লাই নির্দেশ কৰা পথত খােজ দিয়া নাই তেওঁক আল্লাই কাহানিবাই পৰিত্যাগ কৰিছে। মানুহে ভুল ধাৰণাৰ বশৱৰ্তী হৈ জীৱনত এটাৰ পাছত এটা পাপ কৰি শেষত মক্কালৈ যায় পৰম মুক্তি লাভৰ বাবে। কিন্তু অসৎ কর্মত লিপ্ত হােৱাজনে মুখেৰে আল্লাৰ নাম ল’লেই মুক্তি নাপায়। শাল আৰু শ’ল মাছৰ লগত দৰিকা মাছৰ টপালিয়ে যিদৰে প্রভাৱ পেলাব নােৱাৰে তেনেদৰে আল্লাক যি চিনি নাপায় তেওঁ মক্কালৈ গৈও আল্লাক বিচাৰি নাপাই হাবাথুৰি খায়। দৰাচলতে বিশ্বাসী মুছলমানজনৰ অন্তৰতে আল্লা লুকাই থাকে। কেৱল মাত্র তাক স্মৰণ কৰিলেই হ’ল ।

8। ব্যাখ্যা কৰাঃ
(ক) পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত।
খােদা ৰছুল লুকাই আছে, মােমিনৰ আঁৰত।।
উত্তৰঃ সংগতিঃ উক্ত কবিতাফাকি আজান ফকিৰ ৰচিত ‘জিকিৰৰ পৰা তুলি দিয়া হৈছে।
প্রসংগ : আল্লা অর্থাৎ ভগৱানৰ সান্নিধ্যৰ পথ কিদৰে লাভ কৰিব পাৰি তাকেই ক’বলৈ গৈ ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰা হৈছে।
ব্যাখ্যাঃ পানী পিয়াহত মৰা আৰু অগ্নি জাৰত মৰা দুয়ােটা কথাই অসম্ভৱ। অর্থাৎ পানীৰ ভিতৰতে নিজৰ পিয়াহ গুচোৱা শক্তি লুকাই থাকে। তেনেদৰে জুইৰ উত্তাপ শক্তিও নিজৰ ভিতৰতে লুকাই থাকে। কিন্তু পানী আৰু জুয়ে নিজৰ সেই শক্তিৰ কথা নাজানে। একেদৰে পানীৰ পিয়াহত আতুৰজনে পানীক পানী বুলি চিনি নাপালে বা জাৰত কঁপি থকাজনে জুইৰ অস্তিত্বৰ কথা নাজানিলে তাক বিচাৰি চলাথ কৰিলেও বিচাৰি নাপায়। আল্লা বা ভগৱান আমাৰ হৃদয়তে আছে। কিন্তু আমি তেওঁক চিনি নাপালে, তেওঁৰ অপাৰ মহিমাৰ কথা নাজানিলে এই বিশ্বব্রহ্মাণ্ড চলাথ কৰিলেও আল্লা বা ভগৱানক বিচাৰি নাপাওঁ। সংসাৰ ধর্ম পালন কৰিবলৈ গৈ যি প্রকৃতিক অনাদৰ কৰে, জীৱজগতৰ ক্ষতি কৰে, নিজৰ স্বার্থ সিদ্ধিৰ বাবে আনৰ অপকাৰ কৰে, তেওঁ নিজ হৃদয়ত থকা আল্লাক দূৰলৈ যাবলৈ বাধ্য কৰায়। কিন্তু যি সৎ কর্মত বিশ্বাসী, প্রকৃত মুছলমানৰ কর্তব্য পালনত ব্ৰতী, তেওঁৰ অন্তৰতেই আল্লাৰ নিবাস তেওঁআল্লাক বিচাৰি হাবাথুৰি খাব নালাগে, আল্লাই স্বয়ং আহি তেওঁৰ উপলব্ধিত ধৰা দিয়েহি। প্রকৃত মুছলমানৰ অন্তৰতে আল্লা বিৰাজমান। ই পৰম সত্য।

জিকিৰ Class 10 Assamese Question Answer

(খ) মক্কাৰ দুৱাৰত চাহাব তিবেণীৰ ঘাট।
বেহাব নােৱাৰে তাত মায়াই ভেটে বাট।।
উত্তৰঃ সংগতিঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ আজান ফকিৰ ৰচিত ‘জিকিৰ’ৰ পৰা তুলি দিয়া হৈছে।
প্রসংগঃ ব্যাখ্যে কবিতাফাকিত মায়াত আৱদ্ধ হৈ জীৱন পাৰ কৰা মানুহে জীৱনৰ অন্তিম দিনত ভগৱানক বিচাৰি গৈ হাবাথুৰি খােৱাৰ কথা কোৱা হৈছে।
ব্যাখ্যাঃ মক্কাক পৱিত্ৰ অৰ্থত ৰিবেণীৰ ঘাট বুলি কোৱা হৈছে। তিৰবেণী অর্থাৎ ত্রিৱেণী হৈছে হিন্দুসকলৰ পৱিত্ৰ তীর্থ। হিন্দুসকলে পৱিত্ৰ বুলি মানি অহা গংগা, যমুনা আৰু সৰস্বতী নদীয়ে বাৰাণসীৰ যি ঠাইত মিলিত হৈছে সেই ঠাইয়েই হৈছে ত্রিবেণী ঘাট। প্ৰতিগৰাকী হিন্দুৱেই ত্রিৱেণীলৈ গৈ তিনিও নদীৰ সংগমস্থলত স্নান কৰিব পাৰিলে সকলাে পাপ খণ্ডন হােৱাৰ লগতে মুক্তি পায় বুলি বিশ্বাস কৰে। সেয়ে পবিত্র মক্কাক ত্রিৱেণীৰ লগত তুলনা কৰা হয়। কিয়নাে প্রতিগৰাকী মুছলমানে এবাৰ মক্কালৈ যাব পাৰিলে মুক্তিপ্রাপ্তি তথা আল্লাৰ সৈতে মিলন সম্ভৱ হয় বুলি বিশ্বাস কৰে। অর্থাৎ হিন্দুৰ বাবে ত্রিৱেণীৰ যি আদৰ, মুছলমানৰ বাবে মক্কাৰ সেই একেই আদৰ।

মক্কা হ’ল মুছলমানৰ বাবে এখন পৱিত্র তীর্থস্থান। মক্কালৈ গ’লে হেনাে পাপমুক্ত হয় বা জীৱই মুক্তি লাভ কৰে। কিন্তু সংসাৰৰ মায়া মােহত বন্দী মানৱে মক্কালৈ গ’লে মনত সুখ শান্তিনাপায়। কিয়নাে তেওঁলােক সকলােৱে যােৱা দেখি মক্কালৈ গৈছে হয়, কিন্তু প্রকৃত অন্তৰেৰে মুক্তি বা আল্লাক বিচাৰিব পৰা নাই। পাৰ্থিৱ মায়া- মােহৰ পৰা তেওঁলােক মুক্ত হ’ব পৰা নাই। সংসাৰৰ মায়াই তেওঁলােকক মুক্তিৰ পথত বাধাহে দিয়ে। ফলত জীৱই সুখৰ উপৰি দুখহে পাব লগা হয়।

(গ) সজাৰ মইনাটিৰ অনেক যুগুতি।
দেও মাৰি পাৰ হ’লে এৰিলে পিৰীতি।।
উত্তৰঃ সংগতিঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ আজান ফকিৰ ৰচিত ‘জিকিৰৰ পৰা তুলি দিয়া হৈছে।
প্রসংগঃ কবিতাফকিৰ জৰিয়তে মানৱ দেহত আৱদ্ধ হৈ থকা অবিনাশী আত্মাৰ মুক্তিৰ কথা কোৱা হৈছে।
ব্যাখ্যাঃ মইনা চৰাইক সজাত বন্দী কৰি পুহি ৰখাৰ দৰেই আত্মাকো মানৱ দেহৰূপী সজাত বন্দী কৰি ৰখা হয়। সজাত বন্দী মইনাই যিদৰে মিঠা মাত মাতি গৃহস্থৰ মন ভুলায়, তেনেদৰে মানৱ দেহৰূপী সজাত বন্দী আত্মায়াে নানা ধৰণৰ আচৰণেৰে মানুহক সুখী কৰিবলৈ যুক্তি দি কাম কৰিবলৈ বাধ্য কৰায়। ওৰেটো জীৱন দেহটোৰ সুখ-দুখৰ চিন্তা কৰি দেহটোৰ প্ৰেমত আচ্ছন্ন হৈ থাকে। কিন্তু দেহৰ সৈতে আত্মাৰ এই সম্পর্ক ক্ষন্তেকীয়াহে। এই সম্পর্ক ছেদ হলেই আত্মাই দেহ ত্যাগ কৰে। আত্মা বা জীৱহীন দেহৰ কোনাে মূল্য নাই, গতিকে আত্মা বা জীৱহীন দেহক মৃতদেহ হিচাপে পুতি বা পুৰি পেলােৱা হয়। ইয়াক লৈ আত্মাৰ কোনাে দুখ নাথাকে, মৃত্যুৰ পাছত সজাত্যাগী মইনাই যিদৰে সজা আৰু গৃহস্থৰ প্রেম-প্রীতিৰ পৰা মুক্ত, তেনেদৰে আত্মাই নিজৰ মৃতদেহ আৰু সংসাৰৰ মায়া-মােহ, প্রেম-প্রীতিৰ পৰা মুক্ত হৈ পৰে।

জিকিৰ Question Answer

ভাষা বিষয়ক
সমার্থক শব্দ লিখা ?
চিন্তো, ঘাট, পিৰীতি, আচমান, দৰিয়া, পিয়াহ, বাট, ভেল।
উত্তৰঃ চিন্তোঃ ভাবো, স্মৰণ কৰোঁ
ঘাটঃ বন্দৰ।
পিৰীতিঃ প্রীতি, প্রেম
আচমানঃ আকাশ
দৰিয়াঃ সাগৰ, নদী।
পিয়াহঃ তৃষ্ণা
বাটঃ পথ, ৰাস্তা, আলি
ভেলঃ শৰীৰ, দেহ

অতিৰিক্ত প্রশ্নোত্তৰ
১। অতি চমু প্রশ্নোত্তৰ ?
(ক) আজান ফকিৰ কোন শতিকাৰ কবি বুলি অনুমান কৰা হৈছে?
উত্তৰঃ খ্রীষ্টীয় সপ্তম শতিকাৰ।

(খ) আজান ফকিৰৰ প্রকৃত নাম কি?
উত্তৰঃ ছৈয়দ মইনুদ্দিন।

(গ) মােমিন’ মানে কি?
উত্তৰঃ বিশ্বাসী মুছলমান।

(ঘ) জিকিৰসমূহক অসীয়া কি গীতৰ লগত তুলনা কৰিব পাৰি ?
উত্তৰঃ স্তুতি গীতৰ লগত।

(ঙ) ৰহমৰ গিৰিহঁত শব্দ দুটাই কি বুজাইছে?

উত্তৰঃ ৰহম’ মানে হ’ল দয়া, ‘গিৰিহঁত’ মানে হ’ল গৰাকী, বা মালিক। এতেকে, ৰহমৰ গিৰিহঁত মানে হ’ল দয়াৰ গৰাকী, অর্থাৎ আল্লা বা ভগৱান।

(চ) খােদা ৰছুল লুকাই আছে, মােমিনৰ আঁৰত।
এই ফাঁকি কথাৰ ৰছুল’ আৰু ‘মােমিন’শব্দৰ দুটাৰ অৰ্থ লিখা।
উত্তৰঃ ৰছুল’মানে হ’ল দূত বা পয়গম্বৰ আৰু মােমিন’ মানে হ’ল বিশ্বাসী মুছলমান।

(ছ) মক্কাৰ দুৱাৰক কি ঘাটৰ লগত তুলনা কৰা হৈছে?
উত্তৰঃ ত্রিবেণী ঘাটৰ লগত।

(জ) জিকিৰটোত উল্লেখ কৰা আদম কোন?
উত্তৰঃ আদম হ’ল আল্লাই সৃষ্টি কৰা প্রথম মানৱ।

(ঝ) কোনে আজান ফকিৰৰ চকু কাঢ়িছিল?
উত্তৰঃ ৰূপাই দা-ধৰা নামৰ লােক এজনে।

(ঞ) আজান ফকিৰৰ ক’ত মৃত্যু হৈছিল?
উত্তৰঃ দিখৌমুখৰ সৰাগুৰি চাপৰিত।

জিকিৰ class 10 pdf

২। চমু প্রশ্নোত্তৰ?

(ক) কি কাৰণে জিকিৰসমূহ সকলােৰে মাজত জনপ্রিয়?
উত্তৰঃ জিকিৰসমূহত ইছলাম ধৰ্মৰ মূল তত্ত্বসমূহ অন্তর্নিহিত হৈ আছে। এইবােৰত অসমৰ বৈষ্ণৱ সাহিত্য আৰু লােকগীতৰ প্রতিধ্বনিও শুনা যায়। এইবােৰ সহজ-সৰল অসমীয়া ভাষাত হােৱা বাবে নিৰক্ষৰ ললাকেও গাব পৰাকৈ ৰচনা কৰা হৈছিল। সেয়ে জিকিৰসমূহ সকলােৰে মাজত জনপ্রিয়।

(খ) আজান ফকিৰৰ প্রবর্তিত পন্থাৰ কিহৰ সৈতে সাদৃশ্য দেখা যায় ?
উত্তৰঃ আজান ফকিৰৰ প্ৰৱৰ্তিত পন্থাৰ অসমৰ বৈষ্ণৱ ধৰ্মৰ বহুতাে সাদৃশ্য দেখা যায়। আজান ফকিৰ ৰচিত বহুত জিকিৰত বৈষ্ণৱ সাহিত্য আৰু লােকগীতৰ প্রতিধ্বনি শুনা যায়।

(গ) দেওমাৰি পাৰ হৈ জীৱই আছে চাই।
চোৱা চোৱা জীৱসকল ভেলৰে বিলাই।
দেওমাৰি পাৰ হৈ জীৱই কি চাই আছে বুজাই লিখা।
উত্তৰঃ উক্ত কবিতাফাকিৰ মাজেৰে মানৱ জীৱনৰ ক্ষণভংগুৰতাৰ কথা ক’বলৈ বিচৰা হৈছে। মানৱ জীৱন দুদিনীয়া। জীৱিত কালত মানৱে দেহটোক লৈ গৌৰৱ কৰে। দেহটোক লৈ মায়াত বন্দী হয়। কিন্তু মৃত্যুৰ পাছত দেহটোৰ কোনাে মূল্য নােহাৱা হয়। ভেলৰ দৰে দেহটো এদিন পচি মাটিত মিহলি হৈ যায়। দেহৰ পৰা ওলাই যােৱা আত্মাই যেন দূৰৈৰ পৰা দেহটোৰ এনে অৱস্থা চাই থাকে। সজাৰ পৰা দেও মাৰি মইনা চৰাই ওলাই গৈ যিদৰে দূৰৈৰ পৰা সি সজাটোলৈ চাই থাকে, মৃত্যুৰ পাছতাে আত্মাই দেহটোলৈ যেন তেনেদৰে চাই থাকে। পাৰ্থিৱ শৰীৰটো দুদিনীয়া; দেহৰ ভিতৰত প্রাণ থকালৈকে দেহৰ মূল্য কিন্তু আত্মা অবিনশ্বৰ। আমাৰ শুদ্ধতা ৰক্ষা কৰি শুদ্ধ পথত চলিলেহে মৃত্যুৰ পাছতাে অমৰ হ’ব পাৰি। দেহটো সদায় নাথাকে, কিন্তু জীৱনকালত কৰা ভাল কামে মানুহক মৃত্যুৰ পাছত জীয়াই ৰাখে। আত্মাই শৰীৰ ত্যাগ কৰিলেহে সংসাৰ বন্ধনৰ পৰা জীৱই তেতিয়া মুক্তি পায়।

Class 10 Assamese Lesson 2 Question Answer

৩। প্রসংগ, সংগতি দর্শাই ব্যাখ্যা কৰা।
আচমানৰ কুটুব তৰা আদমৰ জাত।
সজাত মইনা আছে, ঘনে লগায় মাত৷৷
উত্তৰঃ সংগতিঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ আজান ফকিৰৰ ‘জিকিৰ’পাঠটিৰ পৰা তুলি লােৱা হৈছে।
প্রসংগঃ ইয়াৰ জৰিয়তে মানৱ জীৱনৰ ক্ষণভংগুৰতাৰ কথা ক’বলৈ বিচাৰিছে।
ব্যাখ্যাঃ আচমান অর্থাৎ আকাশৰ তৰাৰ লগত সম্পর্ক আছে। আকাশ হ’ল মহাশূন্য, তৰাইহে তাক পােহৰাই তােলে। তৰাৰ তিৰবিৰণি নহ’লে আকাশৰ উজ্জ্বলতা নাথাকিলহেঁতেন আৰু আকাশ সৌন্দর্যহীন তথা মূল্যহীন হৈ পৰিলহেঁতেন। একেদৰে মইনা অবিহনে সংগীকো সৌন্দর্য নাথাকে। কবিয়ে জীৱদেহৰ আত্মাক সজাত বন্দী মইনা চৰাইৰ লগত তুলনা কৰিছে। মইনা সজাত বন্দী হৈ থকাৰ দৰে মানৱ আত্মাও দেহৰ ভিতৰত বন্দী হৈ থাকে। সজাত বন্দীমইনটোৱে ধুনীয়া মাত মতাৰ দৰে আত্মা থকা বাবেই মানুহে ধুনীয়া আচৰণেৰে সপ্রতিভ হৈ থাকে। মইনা সজাৰ পৰা উৰি গুচি গ’লে সজাটো মূল্যহীন হৈ পৰে, একেদৰে আত্মা নােহােৱা মানৱ দেহাে কোনাে কামৰ হৈনাথাকে। আমাৰ দেহৰূপী সজাৰ পৰা মইনাৰূপীআত্মা ওলাই যােৱাৰ পাছত দেহটোৰ কোনাে অস্তিত্ব নােহােৱা হয়। মইনাই দূৰৈৰ পৰা সজালৈ চাই মাত লগােৱাৰ দৰে আত্মাইও যেন দূৰৈৰ পৰা মৃতদেহৰ অৱস্থা চাই থাকে। আত্মা থকালৈ দেহৰ সৌন্দর্য থাকে। আত্মা ওলাই যােৱাৰ পাছত দেহৰ অৱস্থা ভেলৰ দৰে হয়। অর্থাৎ প্রাণস্পন্দন থকালৈকেহে জীৱদেহৰ অস্তিত্ব থাকে। সেয়ে এনে দেহৰ সুখত মত্ত হৈ আল্লাক স্মৰণ কৰিবলৈ পাহৰি যােৱাটো অনুচিত বুলি কবিয়ে কৈছে। সৎ কর্ম, সৎ চিন্তাৰে আল্লাৰ নাম ল’লেহে সকলােৰে কল্যাণ হয় বুলি কবিতাটিত কোৱা হৈছে।

৪। জিকিৰ কৱিতাটোৰ কবি পৰিচয় লিখা।

উত্তৰঃ (আজান ফকিৰ) কবি পৰিচয়ঃ আজান ফকিৰ এজন আছিল ইছলাম সাধক। তেওঁক শ্বাহ মিলান বা মীৰান শ্বাহ বুলিও জনা যায়। কোনাে কোনােৱে তেওঁ আজমীৰৰ পৰা অসমলৈ অহাবুলি আৰু কোনােৱে আৰৱ দেশৰ পৰা অহা বুলি মত প্রকাশ কৰে। সূর্যকুমাৰ ভুঞাৰ বুৰঞ্জীত উল্লেখ থকা মতে আহােম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত ৰূপাই দা-ধৰা নামৰ লােক এজনে আজান ফকিৰৰ চকু কাঢ়িছিল। কিন্তু পিছত তেওঁৰ ধৰ্মৰ মাহাত্ম্য বুজিব পাৰি তেওঁক দিখৌমুখৰ স’ৰাগুৰি চাপৰিত স্থাপিত কৰা হৈছিল। তাতেই এইজনা মহান পুৰুষৰ মৃত্যু হৈছিল। আজান ফকিৰৰ দ্বাৰা ৰচিত জিকিৰসমূহ অসমীয়া সাহিত্যৰ কালজয়ী সম্পদ।

জিকিৰ দশম শ্ৰেণী মূলভাব

৫। জিকিৰ কৱিতাটোৰ মূলভাৱ লিখা।

উত্তৰঃ সংসাৰ যেন এখন সাগৰ। প্রকৃত মুছলমানেহে কেৱল আল্লাৰ কৃপাত সংসাৰ সাগৰ পাৰ হ’ব পাৰে অর্থাৎ মায়াবন্ধনৰ পৰা মুক্তি লাভ কৰিব পাৰে –এয়াই কবিতাটোৰ মূলভাব। মানৱ জীৱন ক্ষণস্থায়ী। শৰীৰ বা দেহ অনিত্য, ক্ষণভংগুৰ; আত্মাহে অবিনশ্বৰ। দেহ আৰু আত্মাৰ সম্পর্ক যেন সঁজা আৰু মইনাৰ সম্পৰ্কৰ দৰে। মইনা অবিহনে সজাটো যিদৰে মূল্যহীন, আত্মা অবিহনে দেহৰাে একেই অৱস্থা। আকাশৰ শােভা তিৰবিৰ তৰালিয়ে বঢ়োৱাৰ দৰে সজা শুৱনি কৰে মইনাৰ মিঠা মাতে। মইনাৰ মিঠা মাতত ভােল যায় মানুহৰ মন, একেদৰে মানৱ শৰীৰৰ ভিতৰত থকা আত্মায়াে নানা সুখবিলাসী কর্মৰ বাবে যুক্তিৰে উচটাই জীৱক মায়াত বন্দী কৰে। পাৰ্থিৱ সুখবিলাসত মগ্ন হৈ জীৱই জীৱনৰ প্রকৃত অর্থ পাহৰি যায়।নানা দুখ-দুর্দশাত ভােগে। দেহৰ সুখ বিচাৰি থাকোতেই আত্মাই এদিন দেহটোক এৰে। দৰাচলতে আত্মা থকালৈকেহে দেহটোৰ মূল্য আছে। আত্মাহীন দেহ এদিন ছাই হৈ যায় বা মাটিত মিলি যায় কেৱল এনে অনিত্য শৰীৰৰ বাবে সংসাৰৰ যন্ত্ৰণাত ভুগি থকা জীৱৰ আত্মাই মুক্তি লাভ কৰিব পাৰে কেৱল আল্লাৰ দয়াত। আল্লাক বিচাৰি পােৱাটো সাধাৰণ জীৱৰ বাবে অতি কঠিন কাম। নিজৰ অন্তর্নিহিত শক্তিৰ কথা উপলব্ধি কৰিব নােৱাৰি পানীয়ে পিয়াহত আৰু অগ্নিয়ে যিদৰে জাৰত মৰে, একেদৰে মােহাচ্ছন্ন জীৱই নিজ আত্মত বসবাস কৰা আল্লাক বিচাৰি হাবাথুৰি খায়। ওৰে জীৱন বৈষয়িক সুখত নিমজ্জিত থকাজনেও অৱশেষত আল্লাক বিচাৰি পৱিত্ৰ তীর্থ মক্কালৈ যায়। কিন্তু মক্কালৈ গৈও তেওঁলােকে আল্লাক বিচাৰি নাপায়। কিয়নাে জীৱনকালত তেওঁলােকে কোনােদিন আল্লাই নির্দেশ কৰা বাটেৰে খােজ দিয়া নাই। কেৱল বিষয় বাসনাত নিমজ্জিত হৈ নিজ স্বার্থহে পূৰণ কৰিছে। তেনে লােকে আল্লাৰ সন্ধান নাপায়। দৰাচলতে আল্লা লুকাই থাকে প্রকৃত মুছলমানৰ অন্তৰত। সৎকর্ম আৰু সৎ জীৱন-যাপনৰ মাজেৰে দিন অতিবাহিত কৰা মুছলমানৰ আত্মাত আল্লা সদায় বিৰাজমান। তেনে লােকেই আল্লাক স্মৰণ কৰি তেওঁৰ কৃপা লাভ কৰে আৰু সংসাৰ সাগৰ পাৰ হয়। পাৰ্থিৱ সুখ ত্যাগি দয়াৰ গৰাকী আল্লাৰ নাম স্মৰণ (জিকিৰ কৰি জীৱই সংসাৰ সাগৰ পাৰ কৰাৰ চেষ্টাত ব্রতী হ’ব লাগে—কবিতাটোৰ মাজত এনে গভীৰতত্ত্বই নিহিত হৈ আছে।

দশম শ্ৰেণীৰ অসমীয়া জিকিৰ

৬। শব্দ অর্থ লিখাঃ

শব্দ অর্থ
মােমিন বিশ্বাসী মুছলমান
বন্দো স্মৰণ কৰা
আদম আদি মানৱ, আল্লাৰ সৃষ্ট প্রথম মানুহ
ভেল দেহ
শাহ মিলান এগৰাকী ইছলামধর্মী সাধু পুৰুষ।
আচমান আকাশ।
তিৰবেণী ত্রিবেণী। গংগা, যমুনা আৰু সৰস্বতীৰ সংগম স্থল, পৱিত্ৰ ঠাই।
দৰিয়া সাগৰ,নদী
বেহাৰ বেপাৰ কৰিব
ৰচুল দেৱদূত, ঈশ্বৰ প্ৰেৰিত, আল্লাৰ দূত।
ৰহম দয়া
সঞ্চাৰ তলা, সঁচাৰ
জিকিৰ জিকিৰবােৰ অসমীয়া ভাষাৰে অমূল্য সম্পদ। এই শব্দটো আৰবী ‘চি’ শব্দৰ পৰাই ওলাইছে। ইয়াৰ অর্থ হ’ল ঘনে ঘনে উচ্চাৰণ কৰা।
টপালি জিভাৰে কৰা টপ টপ শব্দ।

 

‘জিকিৰ’ শব্দটো কি শব্দৰ পৰা ওলাইছে?

উত্তৰঃ জিকিৰ শব্দটো আৰবী ‘ ‘জিক্‌ৰ’ শব্দৰ পৰাই ওলাইছে। এই শব্দৰ মূল অর্থ হ’ল ঘনে ঘনে উচ্চাৰণ কৰা।

জিকিৰ কৱিতাটোৰ মূলভাৱ লিখা।

উত্তৰঃ সংসাৰ যেন এখন সাগৰ। প্রকৃত মুছলমানেহে কেৱল আল্লাৰ কৃপাত সংসাৰ সাগৰ পাৰ হ’ব পাৰে অর্থাৎ মায়াবন্ধনৰ পৰা মুক্তি লাভ কৰিব পাৰে –এয়াই কবিতাটোৰ মূলভাব। মানৱ জীৱন ক্ষণস্থায়ী। শৰীৰ বা দেহ অনিত্য, ক্ষণভংগুৰ; আত্মাহে অবিনশ্বৰ। দেহ আৰু আত্মাৰ সম্পর্ক যেন সঁজা আৰু মইনাৰ সম্পৰ্কৰ দৰে। মইনা অবিহনে সজাটো যিদৰে মূল্যহীন, আত্মা অবিহনে দেহৰাে একেই অৱস্থা। আকাশৰ শােভা তিৰবিৰ তৰালিয়ে বঢ়োৱাৰ দৰে সজা শুৱনি কৰে মইনাৰ মিঠা মাতে। মইনাৰ মিঠা মাতত ভােল যায় মানুহৰ মন, একেদৰে মানৱ শৰীৰৰ ভিতৰত থকা আত্মায়াে নানা সুখবিলাসী কর্মৰ বাবে যুক্তিৰে উচটাই জীৱক মায়াত বন্দী কৰে। পাৰ্থিৱ সুখবিলাসত মগ্ন হৈ জীৱই জীৱনৰ প্রকৃত অর্থ পাহৰি যায়।নানা দুখ-দুর্দশাত ভােগে। দেহৰ সুখ বিচাৰি থাকোতেই আত্মাই এদিন দেহটোক এৰে। দৰাচলতে আত্মা থকালৈকেহে দেহটোৰ মূল্য আছে। আত্মাহীন দেহ এদিন ছাই হৈ যায় বা মাটিত মিলি যায় কেৱল এনে অনিত্য শৰীৰৰ বাবে সংসাৰৰ যন্ত্ৰণাত ভুগি থকা জীৱৰ আত্মাই মুক্তি লাভ কৰিব পাৰে কেৱল আল্লাৰ দয়াত। আল্লাক বিচাৰি পােৱাটো সাধাৰণ জীৱৰ বাবে অতি কঠিন কাম। নিজৰ অন্তর্নিহিত শক্তিৰ কথা উপলব্ধি কৰিব নােৱাৰি পানীয়ে পিয়াহত আৰু অগ্নিয়ে যিদৰে জাৰত মৰে, একেদৰে মােহাচ্ছন্ন জীৱই নিজ আত্মত বসবাস কৰা আল্লাক বিচাৰি হাবাথুৰি খায়। ওৰে জীৱন বৈষয়িক সুখত নিমজ্জিত থকাজনেও অৱশেষত আল্লাক বিচাৰি পৱিত্ৰ তীর্থ মক্কালৈ যায়। কিন্তু মক্কালৈ গৈও তেওঁলােকে আল্লাক বিচাৰি নাপায়। কিয়নাে জীৱনকালত তেওঁলােকে কোনােদিন আল্লাই নির্দেশ কৰা বাটেৰে খােজ দিয়া নাই। কেৱল বিষয় বাসনাত নিমজ্জিত হৈ নিজ স্বার্থহে পূৰণ কৰিছে। তেনে লােকে আল্লাৰ সন্ধান নাপায়। দৰাচলতে আল্লা লুকাই থাকে প্রকৃত মুছলমানৰ অন্তৰত। সৎকর্ম আৰু সৎ জীৱন-যাপনৰ মাজেৰে দিন অতিবাহিত কৰা মুছলমানৰ আত্মাত আল্লা সদায় বিৰাজমান। তেনে লােকেই আল্লাক স্মৰণ কৰি তেওঁৰ কৃপা লাভ কৰে আৰু সংসাৰ সাগৰ পাৰ হয়। পাৰ্থিৱ সুখ ত্যাগি দয়াৰ গৰাকী আল্লাৰ নাম স্মৰণ (জিকিৰ কৰি জীৱই সংসাৰ সাগৰ পাৰ কৰাৰ চেষ্টাত ব্রতী হ’ব লাগে—কবিতাটোৰ মাজত এনে গভীৰতত্ত্বই নিহিত হৈ আছে।

মােমিন’ মানে কি?

উত্তৰঃ বিশ্বাসী মুছলমান।

Leave a Comment