প্রাচীন ভাৰতীয় শিক্ষা Class 10 – দশম শ্ৰেণী অসমীয়া সকলো প্ৰশ্নৰ উত্তৰ

শ্ৰেণী দশম
বিষয় অসমীয়া
পাঠ প্রাচীন ভাৰতীয় শিক্ষা
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

প্রাচীন ভাৰতীয় শিক্ষা class 10

পাঠভিত্তিক প্রশ্নোত্তৰ
ভাব বিষয়ক:

১। চমু উত্তৰ লিখা :

(ক) তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্রখ্যাত ছাত্ৰৰ নাম লিখা।
উঃ তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্রখ্যাত ছাত্ৰ হৈছে—অংগুলিমাল, জীৱক, পাণিনি আৰু চাণক্য। (চড়ক, চন্দ্রগুপ্ত মৌর্য)

(খ) তক্ষশীলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল ?
উঃ তক্ষশীলালৈ পঢ়িবলৈ পশ্চিমৰ পৰা, পাৰস্য দেশৰ পৰা, বেকট্রিয়া আৰু মগধ দেশৰ পৰা ছাত্র আহিছিল। হিন্দু বিশ্ববিদ্যালয় গুচি বুদ্ধ বিশ্ববিদ্যালয় হােৱাৰ পাছত চীন দেশৰ পৰাও ছাত্র তক্ষশীলালৈ আহিছিল।

(গ) নাগার্জুন কোন? কত আছিল আৰু কি কৰিছিল?
উঃ নাগার্জুন আছিল প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষক। অম্ৰাৱতী নগৰৰ ওচৰত থকা শ্রীধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক নাগার্জুনে। অস্ৰাৱতীনগৰৰ ওচৰত থকা শ্রীধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক নাগার্জুনে ছাত্র-ছাত্রীক শিক্ষাদান কৰিছিল।

(ঘ) নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্রক কামৰূপ ৰাজ্যলৈ নিমন্ত্রণ কৰা হৈছিল? নিমন্ত্রণ কৰা ৰজাজন কোন?
উঃ নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চীনা ছাত্র য়ুয়ানচ্যাঙক কামৰূপ ৰাজ্যলৈ নিমন্ত্রণ কৰা হৈছিল। তেওঁক নিমন্ত্রণ কৰা ৰজাজন আছিল ভাস্কৰবৰ্মা।

(ঙ) উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে, কেতিয়া ধ্বংস কৰিলে?
উঃ উদান্তপুৰী বিশ্ববিদ্যালয়ৰ বহুমূলীয়া পুথিভঁৰাল এটা মুছলমানবিলাকে ১২০২ খ্রীষ্টাব্দত ধ্বংস কৰিলে।

(চ) কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলনক্ষেত্র আছিল?
উঃ উজ্জয়িনীৰ বিশ্ববিদ্যালয়ত, বিক্রমাদিত্যৰ ৰাজত্বকালত ভাৰতৰ সকলাে পণ্ডিত লােকৰ মিলনক্ষেত্র আছিল।

প্রাচীন ভাৰতীয় শিক্ষা পাঠটিৰ কথাখিনি চমুকৈ লিখা

২। ‘প্রাচীন ভাৰতীয় শিক্ষা ‘ পাঠটিৰ কথাখিনি চমুকৈ লিখা।
উঃ প্রাচীন ভাৰতৰ শিক্ষাৰ উদ্দেশ্য, পাঠ্যক্রম, শিক্ষক-ছাত্ৰৰ আচৰণ আৰু থুলমূলকৈ শিক্ষাব্যৱস্থা সম্পর্কীয় কথাই পাঠটোৰ মূল উপজীব্য । প্রাচীন ভাৰতৰ শিক্ষাব্যৱস্থা অতি উচ্চ পর্যায়ৰ আছিল। শিক্ষাদানৰ বাবে তক্ষশীলা, শ্রীধান্যকটক, নালন্দা, উদান্তপুৰী, দেৱবিহাৰ বা বিক্রমশীলা আৰু উজ্জয়িনী নামেৰে ছখনকৈ বিশ্ববিদ্যালয় আছিল। বিশ্ববিদ্যালয় নির্বিশেষে হিন্দু আৰু বৌদ্ধ দুয়ােবিধ শিক্ষা প্রদান কৰা হৈছিল। ভিন ভিন বিশ্ববিদ্যালয়ত ব্যাকৰণ, তর্কশাস্ত্র, চিকিৎসাশাস্ত্র, দর্শনশাস্ত্র, অধ্যাত্মবিদ্যা, বেদ আদি বিষয়ৰ শিক্ষাও দিয়া হৈছিল। আর্যশিক্ষাৰ কলাবিদ্যাৰ ভিতৰত ১১ টা বিভাগৰ শিক্ষা বিশ্ববিদ্যালয়সমূহত প্রদান কৰা হৈছিল। প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহলৈ সমগ্র ভাৰতৰ ভিন ভিন প্রদেশ বা অঞ্চলৰ লগতে পশ্চিমৰ দেশসমূহৰ পৰাও অধ্যয়নৰ বাবে ছাত্রসকল আহিছিল।বুদ্ধদেৱৰ চিকিৎসক জীৱক, সংস্কৃত ভাষাৰ প্রথম ব্যাকৰণ প্রণেতা পাণিনি, ৰাষ্ট্রবিজ্ঞানৰ বিচক্ষণ পণ্ডিত চাণক্য, চীনা পৰিব্রাজক য়ুয়ানচ্যাঙ আদিয়ে প্রাচীন কালত ভাৰতৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। ভিন ভিন বিশ্ববিদ্যালয়ত অত্রেয় ঋষি,নাগার্জুন, শীলভদ্র আদিৰ দৰে স্বনামধন্য ব্যক্তিয়ে শিক্ষাদান কৰিছিল। আজিকালিৰ দৰে শীলভদ্র আদিৰ দৰে স্বনামধন্য ব্যক্তিয়ে শিক্ষাদান কৰিছিল। আজিকালিৰ দৰে ছাত্ৰাৱাস বা পুথিভঁৰালৰ ব্যৱস্থা তাহানিও আছিল। বিক্রমশীলা বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসত বিনামূলীয়া থকা-খােৱাৰ ব্যৱস্থাও ছাত্ৰসকলৰ বাবে আছিল। নালন্দা বিশ্ববিদ্যালয়ৰ ৰত্নোদধি’ নামৰ পুথিভঁৰালটো সেই সময়ৰ ভাৰতৰ আটাইতকৈ ডাঙৰ পুথিভঁৰাল আছিল আৰু ই আছিল ন-তলীয়া। উজ্জয়িনীৰ বিশ্ববিদ্যালয় আছিল ভাৰতবৰ্ষৰ সকলাে পণ্ডিত লােকৰ মিলনভূমি ৰজা বিক্রমাদিত্যৰ ৰাজত্বকালত। প্রাচীন ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ত শিক্ষাৰ আদর্শ ইমান উচ্চ আছিল যে যিকোনাে ছাত্রই তাত নামভৰ্তি কৰিব নােৱাৰিছিল আৰু তাত পঢ়া ছাত্ৰসকল অইন সকলাে ছাত্ৰৰ বাবে আছিল আদর্শস্বরূপ।
সেই সময়ৰ শিক্ষাৰ উদ্দেশ্য আছিল মানুহৰ অসৎ প্রবৃত্তিবােৰক দলিয়াই থৈ সজ প্রবৃত্তিবােৰক আঁকোৱালি লােৱা আৰু জীৱন যুদ্ধৰ কাৰণে তেওঁলােকক সাজু কৰা। শিক্ষকসকলে সুনাগৰিক গঢ়াই তেওঁলােকৰ প্রধান উদ্দেশ্য বুলি মানি চলিছিল। প্রাচীন ভাৰতৰ শিক্ষাৰ উচ্চ আদৰ্শক উপলব্ধি কৰি আজিৰ ছাত্রসমাজে নিজকে সুনাগৰিকৰূপে গঢ়ি তােলাৰ লগতে দেশখনকো ওখ আদৰ্শৰ বাটলৈ নিয়াৰ পথেৰে আগবাঢ়ক—পাঠটোৰ জৰিয়তে এনে আহ্বান শুনা যায়।

প্রাচীন ভাৰতীয় শিক্ষা class 10

৩। প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়বিলাকৰ চমু পৰিচয় দিয়া।
উঃ প্রাচীন ভাৰত শিক্ষাৰ দিশত যথেষ্ট আগবঢ়া আছিল।ছখনকৈ বিশ্ববিদ্যালয়ে শৈক্ষিক ক্ষেত্ৰক নন মাত্রা প্রদান কৰিছিল। সেই বিশ্ববিদ্যালয কেইখন হ’ল তক্ষশীলা, শ্রীধান্যকটক, নালন্দা, উদাস্তপুৰী, দেৱবিহাৰ বা বিক্রমশীলা আৰু উজ্জয়িনী। খ্রীষ্টপূর্ব এক শতিকালৈকে বৰ্তি থকা তক্ষশীলা বিশ্ববিদ্যালয় কেইবাখনাে চতুষ্পঠীৰ সমষ্টি আছিল। তাত ভাস্কৰুবিদ্যা, চিত্রাংকন, মূর্তি কটাকে ধৰি মুঠ ১৮বিধ শিক্ষা দিয়া হৈছিল। তক্ষশীলাত আয়ুর্বেদৰ শিক্ষা দান কৰা অত্রেয় ঋষিৰ ছাত্ৰ আছিল বুদ্ধদেৱৰ চিকিৎসক হিচাপে পৰিচিত জীৱক’ পাণিনি আৰু চাণক্যৰ দৰে বিশিষ্ট ব্যক্তিও তক্ষশীলাৰে ছাত্ৰ আছিল। ভাৰতৰ এই বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ পশ্চিমৰ লগতে পাৰস্য, বেকট্রিয়া আৰু মগধ দেশৰ পৰাও ছাত্ৰ আহিছিল। এটা সময়ত আনকি চীন দেশৰ পৰাও আহিছিল বহুত ছাত্র। আৰম্ভণিতে হিন্দু বিশ্ববিদ্যালয় হিচাপে পৰিচিত তক্ষশীলা পাছলৈ পৰিচিত আছিল বুদ্ধ বিশ্ববিদ্যালয়ৰূপে। তক্ষশীলাৰ সমসাময়িক আন এখন বিশ্ববিদ্যালয় হ’ল শ্রীধান্যকটক। এই বিশ্ববিদ্যালয়ত নাগার্জুনে প্রধান শিক্ষকৰূপে আছিল আৰু তাত হিন্দু আৰু বৌদ্ধ দুয়ােবিধ শিক্ষাকে প্রদান কৰা হৈছিল। খ্রীষ্টপূর্ব এক শতিকাৰ পৰা আঠ খ্রীষ্টাব্দলৈকে ভাৰতত আছিল পৃথিৱীবিখ্যাত নালন্দা বিশ্ববিদ্যালয়। দহ হাজাৰ ছাত্ৰৰে পৰিৱেষ্টিত এই শিক্ষানুষ্ঠানৰ অধ্যক্ষ আছিল শীলভদ্র। ইয়াত বেদ, চিকিৎসা, অংকশাস্ত্র, ব্যাকৰণ, তর্কশাস্ত্র, দর্শনশাস্ত্ৰ আৰু আধ্যাত্মবিজ্ঞানৰ শিক্ষা দিয়া হৈছিল। ইয়াৰ ‘ৰত্নোদধি’ নামৰ ন-তলীয়া পুথিভঁৰালটো আছিল ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ পুথিভঁৰাল।নালন্দাৰ ছাত্ৰসকল আছিল ভাৰতৰ সকলাে ঠাইৰ ছাত্ৰৰ আদৰ্শ আৰু তাৰে শিক্ষাৰ আদৰ্শ আছিল অতি উচ্চ। চীনা পৰিব্ৰাজক য়ুয়ানচ্যাঙো এই বিশ্ববিদ্যালয়ৰ যােগশাস্ত্ৰৰ ছাত্ৰ-আছিল। বহু আগৰে পৰাই ভাৰতত আছিল উদান্তপুৰী বিশ্ববিদ্যালয়, এই বিশ্ববিদ্যালয়ে খ্যাতি লভে ৮ম শতাব্দীতহে। বিশ্ববিদ্যালয়খনৰ বহুমূলীয়া পুথিভঁৰাল আছিল। ১২০২ খ্রীষ্টাব্দত মুছলমানৰ হাতত এই পুথিভঁৰালটো নষ্ট হয়। ভাৰতৰ আন এখন তাহানি বিশ্ববিদ্যালয় হৈছে বিক্রমশীলা বা দেৱবিহাৰ। ছটা উচ্চ বিদ্যালয়ৰ সমষ্টি বিক্রমশীলাত ১০ গৰাকী অধ্যাপক আছিল। এই বিশ্ববিদ্যালয়ৰ আছিল চাৰিখন ছাত্রাবাস যাক ‘সত্ৰ নামেৰে জনা গৈছিল আৰু তাত ছাত্ৰসকলৰ থকা-খােৱা আছিল বিনামূলীয়া। জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিবলৈ আন এখন বিশ্ববিদ্যালয় আছিল উজ্জয়িনীত। ৰজা বিক্রমাদিত্যৰ দিনত এই বিশ্ববিদ্যালয় আছিল ভাৰতবৰ্ষৰ সকলাে পণ্ডিত লােকৰ মিলনক্ষেত্র। দেখা যায় নানা বিষয়ত সিদ্ধি লাভৰ ব্যৱস্থাৰে ভাৰতত কেইবাখনাে বিশ্ববিদ্যালয় প্রাচীন কালত আছিল৷

৪। আর্য শিক্ষাৰ কলাবিদ্যা কিমানটি? প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আর্য শিক্ষাৰ কলা-বিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল?
উঃ আর্য শিক্ষাৰ কলাবিদ্যা হৈছে ৬৪ বিধ। প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত ইয়াৰে ১১ বিধ কলা বিদ্যাৰ শিক্ষা দিয়া হৈছিল। সেইবােৰ হ’ল ক্রমে – -(১) সাহিত্য, (২) গৃহপাল বিদ্যা, (৩) ৰন্ধন বিদ্যা, (৪) সাজ-সজ্জা আৰু পৰিচ্ছদ, (৫) হাতেৰে কাম কৰা বিদ্যা, (৬) শিল্প বিদ্যা, (৭) বিজ্ঞান, (৮) সংগীত বিদ্যা, (৯) নাট্য বিদ্যা, (১০) শিষ্টাচাৰ বিদ্যা আৰু (১১) শাৰীৰিক ব্যায়াম বিদ্যা।

Related Post: বিষাদ যোগ Class 10

৫। আজিকালিৰ শিক্ষাৰ লগত প্রাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পার্থক্যৰ কথা বহলাই আলােচনা কৰা।
উঃ প্রাচীন ভাৰতত শিক্ষাৰ স -বন্দৱস্ত আছিল। বিভিন্ন বিষয়ৰ শিক্ষা গ্রহণৰ অৰ্থে ছাত্ৰৰ বাবে আছিল ছখনকৈ বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়সমূহ তাহানি ভাৰততে নহয়, সমগ্র পৃথিৱীতে জনাজাত আছিল।প্রাচ্যৰ বিভিন্ন দেশৰ উপৰি পাশ্চাত্যৰ কেইবাখনাে দেশৰ পৰা এই বিশ্ববিদ্যালয়সমূহলৈ পঢ়িবলৈ ছাত্র আহিছিল। নালন্দা, উদান্তপুৰী আদি বিশ্ববিদ্যালয়ত আজিৰ দৰে সুবৃহৎ পুথিভঁৰালো আছিল। বিশ্ববিদ্যালয়সমূহ আজিৰ দৰে কেইবাখনাে বিদ্যালয় বা চতুষ্পদীৰ সমষ্টি আছিল, তাত আছিল সুন্দৰ শ্ৰেণীকোঠা আৰু ছাত্ৰাৱাসৰ ব্যৱস্থা। আজিকালিৰ শিক্ষাৰ দৰেই প্রাচীন কালৰ ভাৰতৰ শিক্ষাও আগবঢ়া আছিল। প্রাচীন কালত গুৰুসকলৰ বিষয়ৰ জ্ঞান আছিল গভীৰ। ছাত্ৰসকলক জ্ঞান দিবলৈ তেওঁলােক আছিল বদ্ধপৰিকৰ। শিক্ষাৰ উদ্দেশ্য তেওঁলােকৰ বাবে কেৱল জ্ঞানদান আছিল। ছাত্ৰৰ নৈতিক চৰিত্ৰ গঠন তেওঁলােকৰ অন্যতম উদ্দেশ্য আছিল। শিক্ষাদানৰ জৰিয়তে সুনাগৰিক গঢ়ি তুলি সুন্দৰ সমাজ গঢ়াৰ কথা তেওঁলােকে মনত ৰাখিছিল। সেয়ে শিক্ষকে পাৰিশ্ৰমিকৰ প্রতি বিশেষ গুৰুত্ব দিয়া নাছিল। আধুনিক শিক্ষা ব্যৱস্থাবহু সময়ত পাঠ্যক্রমকেন্দ্রিক হােৱা দেখা যায়। নির্দিষ্ট সময়ত পাঠ্যক্রম শেষ কৰি ছাত্ৰ-ছাত্ৰীক নম্বৰৰ প্ৰতি আকর্ষিত কৰা দেখা যায়। নৈতিক চৰিত্ৰ গঠন বা সুনাগৰিক গঢ় দিবলৈ আজিৰ শিক্ষা ব্যৱস্থাত সুযােগ কমেই থাকে। শিক্ষকসকলেও বহু সময়ত চাকৰি হিচাপেহে শিক্ষকতা কৰা দেখা যায়। ইয়াৰ তুলনাত প্রাচীন ভাৰতৰ বিখ্যাত নালন্দা বিশ্ববিদ্যালয়ত শিক্ষকে পাৰিশ্ৰমিক +6নােলােৱাকৈও শিক্ষাদান কৰিছিল। আনকি বিক্রমশীলা বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসত ছাত্ৰৰ বাবে থকা-খােৱাও বিনামূলীয়া আছিল। প্রাচীন ভাৰতৰ শিক্ষাৰ উদ্দেশ্য আছিল মানুহৰ সজ বৃত্তিবােৰক গঢ় দি অসৎ বৃত্তিক নিপাত কৰা আৰু জীৱন যুদ্ধৰ বাবে ভালদৰে সাজু কৰা। আজিকালিৰ শিক্ষাত । দেখা যায় ছাত্র-ছাত্রীয়ে কেৱল নম্বৰৰ পাছত দৌৰিছে আৰু শিক্ষকে কৰিছে চাকৰি। পাঠটোৰ পৰা প্ৰাচীন আৰু আধুনিক শিক্ষাৰ এই মূল পার্থক্যই স্পষ্ট ৰূপত বুজি উঠিব পাৰি।

প্রাচীন ভাৰতীয় শিক্ষা class 10

৬। চমুটোকা লিখাঃ
তক্ষশীলা বিশ্ববিদ্যালয়, বিক্রমশীলা বিশ্ববিদ্যালয়, নালন্দা বিশ্ববিদ্যালয়।
উঃ তক্ষশীলা বিশ্ববিদ্যালয় : প্রাচীন ভাৰতৰ অন্যতম পৰিচিত বিশ্ববিদ্যালয় আছিল তক্ষশীলা। আদিতে হিন্দু বিশ্ববিদ্যালয় হিচাপে জনাজাত তক্ষশীলা খ্রীষ্টপূর্ব এক শতিকালৈক বর্তি আছিল।এই বিশ্ববিদ্যালয় আছিল কেইবাখনাে চতুষ্পদীৰ সমষ্টি। ভাস্কৰবিদ্যা, চিত্রাংকন, মৃর্তিকটা আদিকে ধৰি ১৮ বিধ হাতেৰে কৰা বিদ্যাৰ শিক্ষা দিয়া হৈছিল। এই বিদ্যালয়ত আয়ুর্বেদৰ শিক্ষা দিছিল অত্রেয় ঋষিয়ে। বুদ্ধদেৱৰ চিকিৎসক জীৱকে তেওঁৰ পৰাই আয়ুর্বেদৰ শিক্ষা লৈছিল। কেৱল জীৱকেই নহয়, সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণ প্রণেতা পাণিনি আৰু ৰাষ্ট্রবিজ্ঞানৰ বিচক্ষণ পণ্ডিত চাণক্যও এই বিশ্ববিদ্যালয়ৰে ছাত্ৰ আছিল। তক্ষশীলা বিশ্ববিদ্যালয়ৰ যশ-খ্যাতিৰ কথা শুনি মগধ, বেকট্রিয়া আদিৰ লগতে পশ্চিমৰ দেশৰ পৰাও ইয়ালৈ পঢ়িবলৈ ছাত্র আহিছিল। পাছলৈ হিন্দু গুচি বুদ্ধ বিশ্ববিদ্যালয় হােৱাত তক্ষশীলালৈ চীন দেশৰ ছাত্ৰও শিক্ষা গ্ৰহণৰ উদ্দেশ্যে আহিছিল ।

বিক্রমশীলা বিশ্ববিদ্যালয় : বিক্রমশীলা বা দেৱবিহাৰ হৈছে প্রাচীন ভাৰতৰ দুখন বিশ্ববিদ্যালয়ৰ ভিতৰত অন্যতম। খ্রীষ্টান অষ্টম শতাব্দীৰ ৰজা ধর্মপালৰ দিনৰ এই বিশ্ববিদ্যালয় ছটা উচ্চ বিদ্যালয়ৰ সমষ্টি আছিল। ইয়াত শিক্ষাদান কৰিছিল ১০৮ গৰাকী অধ্যাপকে। ছাত্ৰ থাকিবলৈ এই বিশ্ববিদ্যালয়ৰ আছিল চাৰিখনকৈ সত্র বা ছাত্ৰাৱাস। ছাত্ৰাৱাসত ছাত্ৰসকলৰ বাবে বিনামূলীয়াকৈ থকা-খােৱাৰ ব্যৱস্থাও আছিল। ৪০০ বছৰৰ পাছত বিক্রমশীলা বিশ্ববিদ্যালয় ধ্বংস হয়।

নালন্দা বিশ্ববিদ্যালয়ঃ পৃথিৱীবিখ্যাত নালন্দা বিশ্ববিদ্যালয় খ্রীষ্টপূর্ব এক শতিকাৰ পৰা আঠ খ্রীষ্টাব্দলৈকে ভাৰতত আছিল। বিশ্ববিদ্যালয়ৰ ছাত্ৰসংখ্যা আছিল দহ হাজাৰ। উদাসীন পণ্ডিত শীলভদ্র আছিল সেইসময়ৰ নালন্দাৰ অধ্যক্ষ। নালন্দা বিশ্ববিদ্যালয়ত বেদ, চিকিৎসা, অংকশাস্ত্র, ব্যাকৰণ, তর্কশাস্ত্র, দর্শনশাস্ত্র আৰু আধ্যাত্ম বিজ্ঞানৰ শিক্ষা দিয়া হৈছিল। এই বিশ্ববিদ্যালয়তে আছিল তাহানিৰ ভাৰতবৰ্ষৰ সকলােতকৈ ডাঙৰ ৰত্নোদধি]

‘’ নামৰ ন-তলীয়া পুথিভঁৰালটো। এশটা কোঠালিত এশটা শ্ৰেণী বহিব পৰা শিক্ষাগাৰ এটাও নালন্দাত আছিল। এই বিশ্ববিদ্যালয়ৰ শিক্ষাৰ আদর্শ ইমান উচ্চ আছিল যে ইয়াৰ ছাত্ৰসকল সেই সময়ত আছিল ভাৰতৰ সকলাে ঠাইৰ ছাত্ৰৰ বাবে আদর্শস্বৰূপ। চীনা পব্রিাজক য়ুয়ানচ্যাঙ আছিল এই বিশ্ববিদ্যালয়ৰে যােগশাস্ত্র অধ্যয়নকাৰী ছাত্র।

প্রাচীন ভাৰতীয় শিক্ষা class 10

ভাষাবিষয়ক

১। বাক্য ৰচনা কৰা :
(ক) স্বাধীন চিন্তা (খ) জ্যোতিষশাস্ত্র (গ) পােৰা মাটি (ঘ) বাহিৰে ভিতৰে।
(ক) স্বাধীন চিন্তাঃ স্বাধীন চিন্তাৰে ন ন তত্ত্ব উদ্ভাৱনত ছাত্ৰসকল ব্ৰতী হােৱা উচিত।
(খ) জ্যোতিষশাস্ত্রঃ জ্যোতিষশাস্ত্র চর্চাত প্রাচীন ভাৰতৰ শিক্ষানুষ্ঠান আগৰণুৱা আছিল।
(গ) পােৰা মাটি : পােৰা মাটিৰ ভাষ্কৰ্য্যৰ বাবে গৌৰীপুৰ অসমৰ ভিতৰতে বিখ্যাত অঞ্চল।
(ঘ) বাহিৰে ভিতৰে : বাহিৰে ভিতৰেমিলি দহ হাজাৰ ছাত্র নালন্দা বিশ্ববিদ্যালয়ত আছিল।

২। তলৰ শব্দকেইটাৰ সন্ধি ভাঙা:
শিক্ষাগাৰ; বিদ্যালয়; পুৰুষাৰ্থ।
উঃ শিক্ষাগাৰ : শিক্ষা + আগাৰ
বিদ্যালয় : বিদ্যা +আলয়
পুৰুষাৰ্থ : পুৰুষ+অর্থ

৩। ‘প্রাচীন ভাৰতীয় শিক্ষা’ প্ৰবন্ধটোৰ পৰা তুমি কি কি মূল্যৱান কথা শিকিলা চমুকৈ লিখা।
উঃ আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট ‘প্রাচীন ভাৰতীয় শিক্ষা’ প্রবন্ধটি নিঃসন্দেহে মূল্যৱান কথাৰে ভৰপূৰ।
প্রাচীন কালত, ভাৰতবৰ্ষত শিক্ষা ব্যৱস্থা কিমান উন্নত আছিল সেই বিষয়ে পাঠটোত স্পষ্টভাৱে উল্লেখ কৰা হৈছে। যীশু খ্রীষ্টৰ জন্মৰ আগেয়েও ভাৰতবৰ্ষত বিশ্ববিদ্যালয় শিক্ষাৰ বাহক আছিল সেই কথা পাঠটোৰ পৰা জানিলোঁ।তাহানি এখন, দুখন নহয় ছখনকৈ বিশ্ববিদ্যালয় ভাৰতত আছিল আৰু তাৰ ভিতৰত পৃথিৱী বিখ্যাত নালন্দা বা বহুচর্চিত তক্ষশীলাও আছিল—এই কথা জানি আচৰিত হৈছো। বিশ্ববিদ্যালয়সমূহত ভাৰতৰ বিভিন্ন দিশৰ বিশিষ্ট ব্যক্তি যেনে-বুদ্ধদেৱৰ চিকিৎসক জীৱক, সংস্কৃত ভাষাৰ প্রথম ব্যাকৰণ প্রণেতা পাণিনি আৰু ৰাষ্ট্রবিজ্ঞানৰ বিচক্ষণ পণ্ডিত চাণক্যও ছাত্র হিচাপে অধ্যয়নৰত আছিল, প্রথমবাৰলৈ পাঠটোৰ পৰা এই কথা শিকিলোঁ। বিশ্ববিদ্যালয়সমূহত অত্রেয় ঋষি, নাগার্জুন, শীলভদ্র আদিৰ দৰে ইতিহাস প্রসিদ্ধ লােকসকলে শিক্ষকতা কৰা কথাটোও প্ৰবন্ধটো পঢ়িহে জানিলো। যুগ যুগ আগৰ এই বিশ্ববিদ্যালয়সমূহৰ কোনােবাটোত আছিল সত্ৰ বা ছাত্ৰাৱাসৰ ব্যৱস্থা,কৰবাত আছিল ন-তলীয়া পুথিভঁৰাল, কোনােবাখন আছিল আকৌ ভাৰতৰ সকলাে পণ্ডিতৰ মিলনভূমি। এই অতি মূল্যৱান কথাবােৰ আজিৰ যুগত ভাবিবই নােৱাৰি অথচ পাঠটো পঢ়ি সত্য বুলি বুজিলোঁ। প্রাচীন ভাৰতৰ শিক্ষাৰ উদ্দেশ্য আছিল মানুহৰ অসজ বৃত্তিক দলিয়াই সজ বৃত্তিসমূহক তুলি-তালি গঢ় দি জীৱন যুদ্ধৰ নিমিত্তে তেওঁলােকক সাজু কৰা আৰু এখন সুস্থ সমাজ গঠন কৰা—এই কথা পাঠটোৰ পৰা সুন্দৰভাৱে বুজিব পাৰি।

অতিৰিক্ত প্রশ্নোত্তৰ

১। আর্য-শিক্ষাৰ মূলমন্ত্র কি?
উঃ আর্য-শিক্ষাৰ মূলমন্ত্র হ’ল মােক্ষ লাভ।

২। প্রত্যেক মানুহৰ চাৰি বিধ পুৰুষাৰ্থ কি কি?
উঃ প্রত্যেক মানুহৰ চাৰি বিধ পুৰুষাৰ্থ হৈছে – ধর্ম, অর্থ, কাম আৰু মােক্ষ।

৩। প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ নাম কি কি?
উঃ প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ নাম হৈছে তক্ষশীলা, শ্রীধান্যকটক, নালন্দা, উদান্তপুৰী, দেৱবিহাৰ বা বিক্রমশীলা আৰু উজ্জয়িনী।

৪। বুদ্ধদেৱৰ চিকিৎসক কোন আছিল?
উঃ জীৱক আছিল বুদ্ধদেৱৰ চিকিৎসক।

৫। নালন্দা বিশ্ববিদ্যালয়ৰ মুঠ ছাত্রসংখ্যা কিমান আছিল?
নালন্দা বিশ্ববিদ্যালয়ৰ বাহিৰে ভিতৰে মুঠ ছাত্রসংখ্যা আছিল দহহাজাৰ।

৬। নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ নাম কি আছিল?
উঃ নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালটোৰ নাম আছিল ৰত্নোদধি।

৭। শীলভদ্ৰ কোন আছিল ?
উঃ শীলভদ্ৰ আছিল নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত অধ্যক্ষ।

৮। ‘ ৰত্নোদধি’ নামৰ পুথিভঁৰালটো কেই তলীয়া আছিল?
উঃ ‘ৰত্নোদধি’ নামৰ পুথিভঁৰালটো ন-তলীয়া আছিল।

৯। আগৰ কালৰ শিক্ষাৰ উদ্দেশ্য কি আছিল ?
উঃ আগৰ কালৰ শিক্ষাৰ উদ্দেশ্য আছিল মানুহৰ সজ বৃত্তিবােৰক ফুলাই তুলি অসৎ বৃত্তিবােৰক দলিয়াই পেলাই তেওঁকজীৱন যুদ্ধৰ নিমিত্তে ভালকৈ সাজু কৰা ।

১০| প্ৰথম অসমীয়া ছনেট কোনটো?
উঃ ‘প্রিয়তমাৰ চিঠি’ হৈছে প্ৰথম অসমীয়া ছনেট।

Leave a Comment