বিষাদ যোগ Class 10 – দশম শ্ৰেণী সকলো প্ৰশ্নৰ উত্তৰ

বিষাদ যোগ Class 10 – দশম শ্ৰেণী সকলো প্ৰশ্নৰ উত্তৰ || Class 10 Assamese Lesson 15 question Answer

শ্ৰেণী দশম
বিষয় অসমীয়া
পাঠ বিষাদ যোগ
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

বিষাদ যোগ Class 10

পাঠভিত্তিক প্রশ্নোত্তৰ
ভাববিষয়ক :

১। চমু উত্তৰ দিয়া :
(ক) মহাৰথী কাক বােলে?
উঃ যিয়ে দহ হেজাৰ ধনুধাৰীৰ সৈতে যুদ্ধ কৰিব পাৰে তাকে মহাৰথী বােলে।

(খ) কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা।
উঃ কৌৰৱৰ বিশিষ্ট সেনাপতিসকল হৈছে— গুৰু দ্রোণাচাৰ্য, ভীষ্ম, কর্ণ, কৃপ অগ্রগণী,অশ্বত্থামা, বিকর্ণ আৰু সােমদত্তৰ পুত্ৰ ভূৰিশ্ৰবা।

(গ) সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল?
উঃ সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি শংখ,ভেৰী, আনক, গােমুখ আদি ৰণবাদ্যৰ মহাশব্দ হৈছিল।

(ঘ) আততায়ী কাক বােলে?
উঃ যিয়ে বিষ দি,গৃহত অগ্নি সংযােগ কৰি, ধন সম্পত্তি কাঢ়ি নি, ৰাজ্য কাঢ়ি নি, ভার্যাক অপকাৰ কৰি, অস্ত্র ধৰি প্ৰাণ নাশ কৰে তাকে আততায়ী বােলে।

(ঙ) কুলক্ষয় দোষ কি?
উঃ কুলক্ষয় দোষ মানে হল —কুলক্ষয় হলে কুলধর্ম নষ্ট হ’ব, ধর্ম নষ্ট হলে বাকী থকা কুলকো অধর্মই চানি ধৰিব। অধর্মই চানি ধৰিলে কুলস্ত্ৰীসকল বিপথে যাব। স্ত্রীসকল বিপথে গলে বর্ণসঙ্কৰ হ’ব। কুল নৰকত যাব। তেতিয়া পিতৃসকলৰ লুপ্ত পিণ্ড জলাঞ্জলিহীন হৈ পৰিব। এই দোষত সকলাে জাতিধর্ম, কুলধর্ম, বর্ণাশ্রম ধর্ম নষ্ট হৈ মানুহবােৰ নৰকত বাস কৰিব।

২। তােমাৰ পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা।
উঃ কৌৰৱসকলৰ যুদ্ধ উৎসৱ ঘােষণাৰ লগে লগে পাণ্ডৱসকলেও যুদ্ধৰ উৎসৱ ঘােষণা কৰিলে। শুকুলা বৰণৰ ঘোঁৰাৰ ৰথত উঠি কৃষ্ণ-অর্জুনে দিব্য শংখ ক্রমে পাঞ্চজন্য। আৰু দেৱদত্ত বজালে। তাকে দেখি ভীমে পৌণ্ড্রক, যুধিষ্ঠিৰে অনন্ত, নকুলে সুঘােষ আৰু সহদেৱে মণিপুষ্পক নামৰ শংখ বজালে।

আনহাতে কাশীৰাজ, সাত্যকি, ধৃষ্টদ্যুম্ন, বিৰাট, দ্রুপদ, দ্রৌপদীৰ পাঞ্চপুত্র, সুভদ্ৰাৰ পুত্ৰ অভিমন্যুহঁতেও নিজ নিজ শংখ বজালে। এই শংখৰ মহাশব্দ গােটেই পৃথিৱীতে বিয়পি পৰিল। এই শব্দত কৌৰৱসকলৰ মনত এক ধৰণৰ ভয় ভাব জাগ্রত হ’বলৈ ধৰিছিল। এনেদৰেই যুদ্ধক্ষেত্ৰত পাণ্ডৱসকলে যুদ্ধ উৎসৱৰ আৰম্ভণি কৰিছিল।

৩। অজুনে শ্রীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল?
উঃ অজুনে শ্রীকৃষ্ণক উভয় সেনাৰ মাজত ৰথখন ৰাখিবলৈ কৈছিল। যিসকল লােকৰ সৈতে অর্জুনে যুদ্ধ কৰিবলৈ আহিছে তেওঁলােক নিজৰ আত্মীয়-স্বজন। গতিকে সেইসকল আত্মীয়-স্বজনৰ মুখবােৰ তেওঁ চাব বিচাৰিছিল।

৪। অজুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁলােকক দেখা পাই শ্রীকৃষ্ণক কি ক’লে তােমাৰ নিজৰ কথাৰে লিখা।
উঃ যুদ্ধক্ষেত্ৰলৈ গৈ অর্জুনে প্রথমে ভীষ্ম, দ্রোণক দেখিলে। তাৰ পাছত ক্রমে পিতৃব্য, পিতামহ, আচার্য, মাতুল, ভাতৃ, পুত্র পৌত্র, সখি, শহুৰ সুহৃদসকলক দেখা পালে। এইসকলে যুদ্ধৰ বাবে সাজু হােৱা দেখি তেওঁ আৱেগিক হৈ পৰিল। কৃষ্ণক ক’লে যে এই জ্ঞাতি ভাইসকল যুদ্ধ কৰিবলৈ অহা দেখি তেওঁৰ হাত-ভৰি ভাঙি যাবলৈ। ধৰিছে, মুখ শুকাই যাব ধৰিছে, শৰীৰ কঁপিছে আৰু নিজে লজ্জাবােধ কৰিছে।

বিষাদ যোগ Class 10

৫। কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে আলােচনা কৰা।
উঃ কুলক্ষয় হ’লে কুলধর্ম নষ্ট হ’ব, ধর্ম নষ্ট হলে বাকী থকা কুলকো অধর্মই চানি ধৰিব। অধর্মই চানি ধৰিলে কুলৰ স্ত্ৰীসকল বিপথে যাব। স্ত্রী বিপথে গ’লে বর্ণসংকৰ হ’ব আৰু কুল নৰকত যাব। তেতিয়া আকৌ পিতৃসকলৰ লুপ্তপিণ্ডসমূহ জলাঞ্জলিহীন হৈ পৰিব।এনে দোষৰবাৰে সকলাে জাতি-ধর্ম, কুলধর্ম, বর্ণাশ্রম ধর্মনষ্ট হৈ মানুহবোৰ নৰকত বাস কৰিব লাগিব। সেয়ে কুলক্ষয় দোষক মহাপাপ বুলি কোৱা হৈছে।

৬। “জানা ৰাজা, যুদ্ধৰ সন্মুখত অজুনে এহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা ………।”
এইদৰে কোনে কাক কৈছে? অর্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তােমাৰ কথাৰে লিখা।
উঃ উদ্ধৃত কথাফাকি সঞ্জয়ে ৰজা ধৃতৰাষ্ট্ৰক কৈছে। যুদ্ধক্ষেত্ৰত যেতিয়া অজুনে নিজৰ আত্মীযস্বজনসকলৰ সৈতে যুদ্ধ কৰিব লগীয়াত পৰিছিল তেতিয়া তেওঁৰ মনত নানা প্রশ্নৰ অৱতাৰণা হৈছিল। তেওঁ আৱেগিক হৈ পৰিছিল। নিজৰ আত্মীয়স্বজনক বধ কৰি তেওঁ ৰাজ্যভাৰ আৰু মহাসুখ বাঞ্ছা কৰা নাছিল। যদিও কৌৰৱসকলে আততায়ী ৰূপ লৈছে, লােভত পৰি কুলক্ষয় দোষ কৰিছে, তথাপি যদি তেওঁলােকৰ সৈতে মই যুদ্ধ কৰো ময়াে মহাপাপত পৰিম। তাতকৈ যুদ্ধক্ষেত্ৰত মই অস্ত্র নধৰি মৌন হৈ থাকিম। যদি দুর্যোধনে আহি অস্ত্র ধৰি মােক বধ কৰে সেয়াই মােৰ বাবেভাল হ’ব। অন্ততঃ এই মহাপাপ নহ’ব। এনেদৰে কৃষ্ণক অর্জুনে কৈ ধনুশৰ এৰি কপি কপি ৰথৰ ওপৰত বহি পৰিল।

বিষাদ যোগ Class 10

ভাষা বিষয়ক

১। তলত দিয়া শব্দবােৰৰ একোটিকৈ সমার্থক শব্দ লিখাঃ
নিপুণ, সমীপ, বিস্তৰ, সহস্র, সদৃশ, বাদ্য,কৰ-চৰণ, চর্ম, শ্রুতি, বিমঙ্গল, বান্ধব।
উঃ নিপুণ : পাকৈত
সমীপ : ওচৰত
বিস্তৰ : বহুত
সহস্ৰ: হাজাৰ
সদৃশ :একে
বাদ্য : বাজনা
কৰ-চৰণ : ভৰিত ধৰা
চর্ম : ছাল
শ্ৰতি : বেদ
বিমঙ্গল : অমংগল
বান্ধৱ : মিত্র

২। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ
হুয়া, কহা, চক্ষু, কৰিলা, চাঞো, মঞি, বুলিলা, খাস, ফুঙ্কিলা, বাইলা, ৰহিবে, ৰহো
উঃ হুয়া : হৈ
কহা : কোৱা
চক্ষু : চকু
কৰিলা : কৰিলে
চাঞো : চাও
মঞি : মই
বুলিলা : ক’লে
খাস : সহিপৰা
ফুঙ্কিলা : ফুকিলে
বাইলা : বজালে
ৰহিবে : ৰােৱা।
ৰহাে : ৰৈ থকা

৩। ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উঃ ভট্টদেৱ অসমীয়া গদ্য সাহিত্যৰ জনক তেখেতৰ গদ্যৰ স্বকীয় বৈশিষ্ট্য আছে।
সংস্কৃত আৰু কথিত অসমীয়া শব্দৰে তেওঁৰ ৰচনাসমূহ লিখিত। ৰচনাৰ বিষয়বস্তু অনুযায়ী ভাষাও গুৰু গম্ভীৰ হােৱা দেখা যায়। তেওঁৰ বাক্যবােৰ চুটি চুটি। তেওঁৰ ৰচনাত কথিত ভাষাৰ লগত প্ৰচুৰ তৎসম শব্দ আৰু বাক্যৰীতিৰ প্ৰয়ােগ হােৱাৰ ফলত কেতিয়াবা ভাষাটো বহু পৰিমাণে কৃত্রিম হােৱা পৰিলক্ষিত হয়। ভট্টদেৱৰ ৰচনাত জতুৱা ঠাচৰ ব্যৱহাৰ নাই বুলিয়েই ক’ব পাৰি। তেখেতৰ ৰচনাত মই, মােক,মােৰ আদিৰ সলনি স্থানভেদে পুৰণি অসমীয়া শব্দ মঞি, আমি, আমাক, আমাৰ আৰু তাৰ, তাক শব্দৰ ঠাইত তান, তাহান, তাংক আদি ব্যৱহাৰ কৰা দেখা যায়। সাধাৰণতে ভট্টদেৱে উপমা, জতুৱা ঠাচ বা ৰচনাৰ ঘৰুৱা ৰীতি প্রয়ােগ নকৰি পােনপটীয়াভাৱে গুৰুগম্ভীৰ ভাষাৰে গীতা-ভাগৱতৰ দার্শনিক তথ্যবােৰ চমুকৈ বুজাই দিবলৈ চেষ্টা কৰিছিল। সেইবুলি তেওঁ ভাষাটো যে একেবাৰে নীৰ হ’বলৈ দিছে তেনে নহয়; তেওঁ বর্ণনাৰ মাজে মাজে প্রশ্ন সােধা তাৰ উত্তৰ দিয়া আৰু ঠায়ে ঠায়ে কথােপকথনৰ সৃষ্টি কৰি পঢ়িবলৈ বেছি আকর্ষণীয় কৰি তােলাও দেখা যায়।

Related Post: কানাইৰ চাতুৰী Class 10 Question Answer

বিষাদ যোগ Class 10

অতিৰিক্ত প্রশ্নোত্তৰ
১। অতি চমু প্রশ্নোত্তৰ :

(ক) ধৃতৰাষ্ট্ৰই কাৰ পৰা কুৰুক্ষেত্র যুদ্ধৰ বিৰণ শুনিছিল?
উঃ ধৃতৰাষ্ট্ৰই সঞ্জয়ৰ মুখে কুৰুক্ষেত্ৰৰ যুদ্ধৰ বিৱৰণ শুনিছিল।

(খ) ধৃষ্টদ্যুম্ন কাৰ পুত্ৰ আছিল?
উঃ ধৃষ্টদ্যুম্ন দ্রুপদৰ পুত্ৰ আছিল।

(গ) সূভদ্ৰাৰ পুত্ৰৰ নাম কি আছিল?
উঃ সুভদ্ৰাৰ পুত্ৰৰ নাম আছিল অভিমন্যু।

(ঘ) ভট্টদেৱৰ সম্পূর্ণ নাম কি?
উঃ ভট্টদেৱৰ সম্পূর্ণ নাম হ’ল বৈকুণ্ঠনাথ কবিৰত্ন ভাগৱত ভট্টাচার্য্য।

(ঙ) অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন?
উঃ অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা হ’ল ভট্টদেৱ বা বৈকুণ্ঠনাথ কবিৰত্ন ভাগৱত ভট্টাচাৰ্য্য।

(চ) “বিষাদ যােগ” পাঠটো কৰ পৰা লোৱা হৈছে?
উঃ “বিষাদ মােগ” পাঠটো ভট্টদেৱৰ “কথা গীতা” পুথিখনৰ পৰা লােৱা হৈছে।

(ছ) পাণ্ডৱসকলৰ পিতৃ কোন আছিল?
উঃপাগুৱসকলৰ পিতৃ আছিল পাণ্ডু।

(জ) কুৰুক্ষেত্ৰৰ যুদ্ধত কৃষ্ণই বজোৱা শংখটোৰ নাম কি আছিল ?
উঃ কুৰুক্ষেত্ৰৰ যুদ্ধত কৃষ্ণই বজোৱা শংখটোৰ নাম আছিল পাঞ্চজন্য।

(ঝ) ভট্টদেৱৰ ৰচিত দুখন গ্ৰন্থৰ নাম লিখা।
উঃ ভট্টদেৱৰ ৰচিত দুখন গ্ৰন্থৰ নাম হ’ল -“কথা-গীতা” আৰু “কথা ভাগৱত”।

(ঞ) ভট্টদেৱে তেওঁৰ পাণ্ডিত্যৰ বাবে কি কি উপাধি লাভ কৰিছিল?
উঃ ভট্টদেৱে তেওঁৰ পাণ্ডিত্যৰ বাবে “কবিৰত্ন” আৰু “ভাগৱত ভট্টাচার্য্য” উপাধি লাভ কৰিছিল।

২। চমু প্রশ্নোত্তৰ :
(ক) কুৰুক্ষেত্ৰৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? এই যুদ্ধত পাণ্ডৱৰ পক্ষে যুঁজাৰীসকল কোন কোন আছিল?
উঃ কুৰুক্ষেত্ৰৰ যুদ্ধ কৌৰৱ আৰু পাণ্ডৱসকলৰ মাজত সংঘটিত হৈছিল। এই যুদ্ধত পাণ্ডৱৰ পক্ষে যুঁজাবীসকল আছিল পঞ্চপাণ্ডৱ যুধিষ্ঠিৰ, ভীম, অর্জুন,নকুল আৰু সহদেৱৰ লগতে দ্রুপদৰ পুত্র ধৃষ্টদ্যুম্ন, সাত্যকি, বিৰাট, চেকিতান, কাশীৰাজ, পূজিত, কুন্তীভােজ,যুধামন্যু, দ্রৌপদীৰ পঞ্চপুত্র, সুভদ্ৰাৰ পুত্ৰ অভিমন্যু।

(খ) অর্জুনে যুদ্ধক্ষেত্ৰত উপস্থিত হৈ যুদ্ধ নকৰোঁ বুলি কিয় কৈছিল?
উঃ অর্জুনে যুদ্ধক্ষেত্ৰত উপস্থিত হৈ দুর্যোধনৰ কৌৰৱৰ পক্ষত যুঁজিবলৈ অহা বীৰসকলৰ মাজত নিজৰ পিতৃতুল্য পিতামহ ভীষ্ম, আচাৰ্য্য দ্রোণাচাৰ্য, ভাতৃ, মাতুল, পুত্র, সখি,শহুৰ, বন্ধুসকলক দেখা পাই তেওঁলােকৰ বিৰুদ্ধে যুদ্ধ কৰিব লগা হােৱাত সােকত মর্মাহত হৈ পৰিছিল। তেওঁৰ হাতৰ পৰা গাণ্ডীৱ খহি পৰিছিল। তেওঁ নিজৰ প্ৰাণৰাে প্ৰাণৰ আত্মীয়সকলক বধ কৰি যুদ্ধত জয়ী হৈ ৰাজ্য সুখ ভােগ কৰাৰ কোনাে বাঞ্চা কৰা নাছিল আৰু তেওঁৰ মনক এই যুদ্ধৰ বাবে প্রস্তুত কৰিব পৰা নাছিল। সেয়ে অর্জুনে যুদ্ধক্ষেত্ৰত উপস্থিত হৈ যুদ্ধ নকৰোঁ বুলি কৈছিল।

(গ) পাণ্ডু পুত্র পঞ্চ পাণ্ডৱৰ নাম কি কি আছিল?
উঃ পাণ্ডু পুত্র পঞ্চপাণ্ডৱসকলৰ নাম আছিল যুধিষ্ঠিৰ, ভীম, অর্জুন, নকুল আৰু সহদেৱ।

(ঘ) কুৰুক্ষেত্ৰৰ যুদ্ধোৎসৱত পাণ্ডৱ পক্ষই কি কি শংখ বজাইছিল ?
উঃ কুৰুক্ষেত্ৰৰ যুদ্ধোৎসৱত পাণ্ডৱ পক্ষৰ শ্ৰীকৃষ্ণই পাঞ্চজন্য শংখ, অর্জুনে দেৱদত্ত শংখ, ভীমে পৌণ্ড্রক নামৰ শংখ, যুধিষ্ঠিৰে অনন্ত নামৰ মহাশংখ, নকুলে সুঘােষ শংখ আৰু সহদেৱে মণিপুষ্পক শংখ বজোৱাৰ লগতে বাকী বীৰসকলেও পৃথক পৃথক শংখ বজাইছিল।

বিষাদ যোগ Class 10

(ঙ) গাণ্ডীধাৰী অর্জুনে ভগবান শ্রীকৃষ্ণক কি কৈছিল নিজৰ ভাষাত লিখা।
উঃ গাণ্ডীৱধাৰী অর্জুনে শ্রীকৃষ্ণক প্রথমতে কুৰুক্ষেত্ৰত উপস্থিত হৈ কৌৰৱসকলৰ পক্ষত যুঁজা বীৰসকলক চোৱাৰ ইচ্ছাৰে ৰথখন দুয়াে পক্ষৰ সেনাৰ মাজত ৰখাবলৈ কৈছিল। অর্জুনে কুৰুবীৰসকলৰ মাজত ভীষ্ম পিতামহ, গুৰু দ্রোণাচায আদিক দেখি শােকত বিচলিত হৈ শ্রীকৃষ্ণক কৈছিল যে নিজৰ আত্মীয়সকলক যুঁজ দিয়াৰ বাবে যুদ্ধত উপস্থিত থকা দেখি তেওঁৰ হাত-ভৰি ভাঙি গৈছে, মুখ শুকাইছে, শৰীৰ কপিছে, গাৰ নােম শিহৰি উঠিছে। তেওঁৰ হাতৰ পৰা গাণ্ডীৱ খহি পৰিছে। তেওঁ যুদ্ধ কৰিব নােৱাৰে মনত মহাভ্ৰম হৈছে, য’ত সব বিমংগল হােৱাহে দেখিছে। তেওঁ যুদ্ধত স্বজনক বধ কৰাৰ কোনাে ফল নেদেখে, তেওঁ এনে বিজয়ৰ আশা নকৰে আৰু এনে ৰাজ্যসুখ ভােগ কৰাৰাে তেওঁৰ কোনাে বাঞ্ছা নাই। যি আত্মীয় সকলক ত্রৈলােক্য ৰাজ্যৰ বাবেও বধ কৰিব নােৱাৰে তেনে আত্মীয় পৃথিৱীৰ বাবে বধা কি বুলিব। অর্জুনে তেওঁলােকৰ বিৰুদ্ধে যুঁজিব নােৱাৰে, তেওঁলােকে যদি পাণ্ডৱক মাৰেও মাৰক। ইয়াৰ পাছতাে তেওঁলােকে যদি লােভত পৰি কুলক্ষয় দোষ মিত্রদ্রোহ পাপক নেদেখে, তথাপি পাণ্ডৱে সেই পাপ দেখি পাপত নিবৃত্ত নহয়।ৰাজ্য সুখৰ বাবে স্বজনক বধিব উদ্যত হৈ মহাপাপ কৰা বুলি অর্জুনে ভাবে। সেয়ে অস্ত্র নধৰি তেওঁ মৌন হৈ থাকিব খােজে লাগিলে দুর্যোধনহতে অস্ত্র ধৰি অর্জুনক মাৰি নেপেলাওক কিয়।

(চ) পাণ্ডৱৰ সেনাসকলক বেহুৰূপে দেখি দুর্যোধনে গুৰু দ্রোণাচাৰ্যৰ ওচৰলৈ গৈ কি কৈছিল?
উঃ পাণ্ডৱৰ সেনাসকলক বেহুৰূপে দেখি দুর্যোধনে গুৰু দ্রোণাচাৰ্য্যৰ ওচৰলৈ গৈ কৈছিল যে হে আচার্য্য, পাণ্ডৱসকলৰ বিশাল সেনা চোৱা, দ্রুপদৰ পুত্ৰ শিষ্য ধৃষ্টদ্যুম্নই বেহু পাতি আছে। ভীমার্জুনৰ দৰে ধনুৰ্ধৰ বীৰসকল আছে। সকলােৱে মহাৰথী যি একেলগে দহ হাজাৰ ধনুর্বীৰৰ সৈতে যুঁজিব পাৰে। আমাৰ পক্ষতাে নানা অস্ত্রত পাৰ্গত, যুদ্ধত বিশাৰদ বীৰ আছে। তথাপি এই বীৰ সকল আমাৰ পক্ষত থকাৰ পিছতো, ভীষ্ম পিতামহক প্রধান সেনাপতি হিচাপে ৰখাৰ পিছতাে আমাৰ একাদশ অক্ষৌহিনী সেনায়াে পাণ্ডৱৰ বিৰুদ্ধে যুঁজিবলৈ সামৰ্থ প্ৰকাশ কৰা নাছিল। আপােনালােকে ভীষ্ম পিতামহক সাৱধানে থাকি ৰক্ষা কৰিব। ভীষ্ম পিতামহৰ জীৱনেই আমাৰ জীৱন।

(ছ) “মােৰ পুত্ৰসব পাণ্ডুপুত্ৰসৰ ধৰ্মভূমি কুৰুক্ষেত্ৰত যুদ্ধ ইচ্ছাই মিলিত হুয়া কি কর্ম কৰিলা”- এই কথাষাৰ কোনে,কাক,কেতিয়া আৰু কিয় সুধিছিল?
উঃ উক্ত কথাষাৰ মহাৰাজ ধৃতৰাষ্ট্ৰই সঞ্জয়ক সুধিছিল যেতিয়া ৰাজ্য লাভৰ বাবে কুৰুক্ষেত্ৰত পাণ্ডৱসকল আৰু কৌৰৱসকল যুদ্ধত অৱতীৰ্ণ হৈছিল। ধৃতৰাষ্ট্ৰই চকুৰে নেদেখিছিল, সেয়ে তেও কুৰুক্ষেত্ৰৰ পৰা আঁতৰত হস্তিনাপুৰত থাকিয়ে বিদূৰৰ মুখে কুৰুক্ষেত্ৰৰ যুদ্ধৰ বিৱৰণ শুনিছিল।

(জ) “ভীষ্ম সেনাপতি সৰ্ব্বত্রভাৱে ৰাখিতেও আমাৰ একাদশ অক্ষৌহিনী সেনায়ে পাণ্ডৱ সমে যুঝি সমর্থ হেন প্রকাশ নকৰিলা” কোনে, কাক আৰু কিয় কৈছিল?
উঃ উক্ত কথাষাৰ দুর্যোধনে তেওঁৰ গুৰু দ্রোণাচাৰ্যক কৈছিল যেতিয়া পাণ্ডৱ পক্ষত যুঁজ দিবলৈ অহা বীৰসকলৰ ৰণকৌশল দেখিছিল। দুর্যোধনে পাণ্ডৱৰ বীৰসকলক দেখি চিন্তিত হৈছিল কাৰণ ভীষ্ম পিতামহ, গুৰু দ্রোণাচার্য্য, কৰ্ণৰ দৰে বীৰসকল। কৌৰৱৰ পক্ষত থকাৰ পিছতাে, ভীষ্মক প্রধান সেনাপতি হিচাপে ৰখাৰ পিছততা পাণ্ডৱসকলক পৰাস্ত কৰিব পৰা নাছিল। সেয়ে তেওঁ গুৰু দ্রোণাচাৰ্য্যক উক্ত কথাষাৰ কৈছিল।

(ঝ) ভট্টদেৱৰ সাহিত্যিক কৰ্মৰাজিৰ বিষয়ে চমুকৈ লিখা।
উঃ অসমীয়া ভাষা সাহিত্যৰ ইতিহাসত ভট্টদেৱৰ স্থান অতিশয় গুৰুত্বপূর্ণ। তেওঁৰ হাততেই অসমীয়া গদ্য-সাহিত্যই জন্ম লাভ কৰে। ভট্টদেৱৰ প্রকৃত নাম বৈকুণ্ঠনাথবাআছিল। তেওঁ নিজৰ পাণ্ডিত্য গুণৰ বাবে “কবিৰত্ন” আৰু “ভাগৱত ভট্টাচার্য্য” উপাধি লাভ কৰিছিল। ভট্টদেৱে অসমীয়া আৰু সংস্কৃত দুয়ােটা ভাষাতে যি গদ্য আৰু পদ্য ৰচনা কৰি থৈ গৈছে সেইবােৰ অসমীয়া সাহিত্যৰ ইতিহাসত চিৰদিন। জিলিকি আছে। তেওঁৰ মুখ্য ৰচনাৰাজি হ’ল –“শ্রীভাগৱত কথা”, “গীতা-কথা” বা“কথা-গীতা”,“ৰত্নাৱলী কথা”, “শ্রীমদভক্তিৱিবেক”, “ভক্তিসাৰ’,“প্রসংগ-মালা”, “গুৰু বংশাৱলী”, “শৰণমালিকা”, “ভাগৱতাধিকৰণ” আৰু “বিষ্ণুসহস্রনাম”।

ইয়াৰে “শ্রীভাগৱতকথা”, “গীতা কথা” আৰু “ৰত্নাৱলী কথা” গদ্যত ৰচিত। আনহাতে শ্রীমদ্ভক্তিবিৱেক, ভক্তিসাৰ, শৰণমালিকা আৰু ভাগৱতাধিকৰণ সংস্কৃত ভাষাত ৰচিত। তদুপৰি কবিৰত্ন বা ভট্টদেৱৰ ভণিতাৰে “নন্দোৎসৱ”নামৰ ঘােষা এখনিও পােৱা যায়।

অৰ্জুনৰ বিষাদ যোগ

৩। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা :
(ক) “শংখৰ মহাশব্দ আকাশ পৃথিৱী সমে দশােদিশ পূৰি কৌৰৱ সৈন্যৰ মহাভয় জন্মাইলা, হৃদয় বিদাৰ কৰিলা।”
উঃ সংগতি : উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ অন্তৰ্গত ভট্টদেৱ বিৰচিত ‘বিষাদ যােগ’ পাঠটোৰ পৰা লােৱা হৈছে।
প্রসংগঃ পাণ্ডৱসকলৰ যুদ্ধোৎসৱত বীৰসকলে বজোৱা শংখৰ মহাশব্দই কেনেদৰে কৌৰৱ সৈন্যৰ মনত মহাভয়ৰ সৃষ্টি কৰিছে তাকে কথাষাৰিৰ জৰিয়তে লেখকে প্ৰকাশ কৰিছে।
ব্যাখ্যা : কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ কৰাৰ সময়ত পাণ্ডৱৰ পক্ষে যুদ্ধ কৰিবলৈ যােৱা বীৰসকলে পৃথকে পৃথকে শংখ বজাবলৈ ধৰিছিল। শ্রীকৃষ্ণই পাঞ্চজন্য শংখ, অর্জুনে দেৱদত্ত শংখ, যুধিষ্ঠিৰে অনন্ত, ভীমে পৌণ্ড্রক নামৰ শংখ বজোৱাত সেই শংখৰ মহাশব্দই আকাশ-বতাহ, স্বর্গ-মত্য পৰিপূৰ্ণ কৰি তুলিছিল। এই দেখি কৌৰৱৰ সৈন্যসকলৰ মাজত মহাভয়ৰ সৃষ্টি হৈছিল আৰু হৃদয় বিদীর্ণ হৈ পৰিছিল। কৌৰৱৰ সৈন্যবাহিনী বিশাল হলেও কৌৰৱ সৈন্যই পঞ্চপাণ্ডৱ আৰু তেওঁলােকৰ পক্ষত যুঁজ দিবলৈ অহা বীৰসকলৰ বীৰত্বৰ কথা ভালদৰে বুজিব পাৰিছিল। তাকেই কথাষাৰিৰ জৰিয়তে বুজোৱা হৈছে।

(খ) “অহো কি কষ্ট। মহাপাপ কৰিতে আমি নিচয় কৰিলাে ৰাজ্যসুখ লােভে স্বজন বধিতে আমি উদ্যত ভৈলাে।”
উঃ সংগতি : উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ অন্তৰ্গত ভট্টদেৱ বিৰচিত ‘বিষাদ যােগ’ পাঠটোৰ পৰা লােৱা হৈছে।
প্রসংগ : কথাষাৰিৰ জৰিয়তে ৰাজ্য সুখ লাভৰ লােভ আত্মীয়-স্বজনক বধ কৰিবলৈ নিশ্চয় কৰি মহাপাপ কৰিবলৈ উদ্যত হােৱা কথাটোত অর্জুনে মনােকষ্ট পােৱাৰ কথা প্রকাশ কৰিছে।
ব্যাখ্যা : কুৰুক্ষেত্ৰৰ যুদ্ধত উপস্থিত হৈ অর্জুনে বিপৰীত পক্ষত যুঁজিবলৈ অহা নিজৰ প্ৰাণৰাে প্ৰাণৰ আত্মীয়সকলক দেখি শােকত ভাগি পৰিছিল। অর্জুনে জানিছিল যে অর্থশাস্ত্র মতে দুষ্টক বধিলে দোষ নাই কিন্তু ধর্মশাস্ত্র মতে দুষ্টক বধিলেও তেওঁক পাপে পাব। তেওঁ কুলক্ষয় দোষৰ ভাগি বিচৰা নাছিল। যুধিষ্ঠিৰে অনন্ত তেওঁ ইমানবােৰ কথা শ্রুতিত বা বেদত শুনাৰ পিছতো এনে পাপ কৰিবলৈ আগবাঢ়ি আহিবলৈ নিশ্চয় কৰিছিল, তাকে লৈ যুদ্ধৰ আগমুহূর্তত নিজকে ধিক্কাৰ দি মনােকষ্টত ভুগিছে। আত্মীয়ক বধি ৰাজ্যসুখ ভােগ কৰাৰ যে কোনাে অর্থ নাই, কোনাে সুখ নাই এই কথা জনাৰ পাছতাে মানুহে এইবােৰ কবিলৈ গ’লে কেৱল দুখ, মনােকষ্টহে লাভ কৰে। তাকে এই কথাষাৰিৰ দ্বাৰা বুজোৱা হৈছে।

 

Leave a Comment