কানাইৰ চাতুৰী Class 10 Question Answer দশম শ্ৰেণীৰ অসমীয়া

কানাইৰ চাতুৰী Class 10 Question Answer দশম শ্ৰেণীৰ অসমীয়া

শ্ৰেণী দশম
বিষয় অসমীয়া
পাঠ কানাইৰ চাতুৰী
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

কানাইৰ চাতুৰী Class 10

পাঠভিত্তিক প্রশ্নোত্তৰ
ভাব বিষয়ক :

১। অতি চমু উত্তৰ দিয়া :

(ক) কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশােদাক কৈছিল?
উঃ কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গােপ শিশুসকলে আহি যশােদাক কৈছিল।

(খ) কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নােখােৱাকৈ থাকিব বুলি মাকক জনাইছিল?
উঃ কৃষ্ণই চাৰি-পাঁচ দিনলৈকে টোপনিৰ পৰা নুঠাকৈ আৰু নােখােৱাকৈ থাকিব বুলি মাকক জনাইছিল।

(গ) দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল?
উঃ দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মােহিনী ৰূপ ধাৰণ কৰিছিল।

(ঘ) কপিল মুনিৰ মাতৃ কোন আছিল?
উঃ কপিল মুনিৰ মাতৃ আছিল দেৱহুতি।

(ঙ) কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল ?
উঃ বামন ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল।

কানাইৰ চাতুৰী Video Class

কানাইৰ চাতুৰী Question Answer

২। তথাপি তােহােক দেখন্তে ডৰত
   উৰি যায় মােৰ জীউ।
– এই যাৰ কাৰ উক্তি? কাক দেখি, কিয় কয় তেওঁৰ ভয়তে জীউ উৰি যায বুজাই লিখা।
উঃ উক্ত কথাষাৰ কৃষ্ণৰ উক্তি। মাতৃ যশােদাক দেখি কৃষ্ণৰ ভয়তে জীউ উৰি যায়। কবিতাটোত কৃষ্ণৰ মানৱীয় ৰূপ এটা প্রতিফলিত কৰিবলৈ চেষ্টা কৰা হৈছে। কবিতাটোত কৃষ্ণ হৈছে এটি সাধাৰণ শিশু। যশােদা হৈছে কৃষ্ণৰ মাতৃ। এটি শিশুক মাকে যেনেকৈ শাসন কৰে, কৃষ্ণকো যশােদাই দুষ্টালি কৰিলে শাস্তি দিয়ে। পুৱা সােনকালে শুই নুঠাত মাকে কৃষ্ণক খং কৰে, কেতিয়াবা বান্ধি থয়। শিশুকৃষ্ণক মাকে গৰু চৰাবলৈ পঠিয়ায়, অথচ কৃষ্ণই ঘূৰি আহি গৰম ভাতৰ ঠাইত পইতা ভাতহে খাবলৈ পায়। কৃষ্ণৰ (চতুর্ভুজ) ৰূপ দেখি জগত ভােল যায় অথচ মাকে কৃষ্ণৰ ৰূপক ইতিকিং কৰি কলীয়া’ বুলি মাতে। দধি চোৰ, মাটি খােৱা বুলি মাকে কৃষ্ণক ঠাট্টা কৰে। মুঠতে জগতৰ সকলাে মাতৃয়ে কৰাৰ দৰে যশােদাই কৃষ্ণকডা ঙৰ-দীঘল কৰিছে। সেয়ে মাক যশােদাৰ খং উঠা দেখিলে কৃষ্ণই এটি শিশুৰ দৰে ভয় খায়। দৰাচলতে যশােদা হৈছে পৰম বিষ্ণুভক্ত। ভকতিত সন্তুষ্ট হৈয়েই কৃষ্ণই দৈৱকীৰ গৰ্ভত জন্ম লৈও প্রকৃত মাতৃ হােৱাৰ গৌৰৱ প্ৰদান কৰিছিল যশােদাকহে। যশােদাক মাতৃত্বৰ সুখ দিবলৈ ভগৱানে পুত্ৰৰূপে জন্মগ্রহণ কৰিছিল। তেওঁৰ পম ব্ৰহ্মত্বৰ ৰূপ দেখিলে যশােদা সেই সুখৰ পৰা বঞ্চিত হ’ব, সেয়ে সাধাৰণ শিশুৰ ৰূপ ধৰি তেওঁ যশােদাৰ মনােবাঞ্ছা পূৰণ কৰিছিল। যশােদাৰ ঘৰত তেওঁ মানৱী লীলা প্রদর্শন কৰি নানা চোৰ-চাতুৰীৰে সংসাৰ ধর্ম পালন কৰিছিল। এই লীলাৰেই অংশৰূপে কৃষ্ণই যশােদাক দেখিলে ভয় খােৱাৰ কথা কৈছিল।

৩। “মােহিনী স্বৰূপে অমৃত পিয়ালাে।
সাধিলাে দেৱৰ কাম।”
– কোনে মােহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কার্য সাধন কৰিছিল; খৰচি মাৰি লিখা।
উঃ বিষ্ণু বা কৃষ্ণই মােহিনী ৰূপ ধাৰণ কৰিছিল। কৃষ্ণই দেৱতাক অমৃত খুৱাই অমৰত্ব প্রদান কৰিছিল। দেৱতা আৰু অসুৰ সকলে মিলি সমুদ্র মন্থন কৰোঁতে সমুদ্ৰৰ গৰ্ভৰ পৰা মণি-মুকুতা, ৰত্নকে ধৰি কলাহল বিষ আৰু অমৃতো ওলাইছিল। অমৃত পান কৰিলে অমৰত্ব লাভ হয় বুলি জ্ঞাত হােৱা বাবে দেৱতা আৰু অসুৰসকলৰ মাজত অমৃতৰ কলহটোক লৈ টনা-আঁজোৰা লাগিছিল। দেৱতাসকলে জানিছিল যে অসুৰসকলে অমৃত পান কৰি অমৰত্ব লভিলে দেৱতাসকলৰ অস্তিত্ব সংকটত পৰিব আৰু সমস্ত ব্রহ্মাণ্ড অন্যায়-অনিয়মেৰে অন্ধকাৰাচ্ছন্ন হৈ পৰিব। সেয়ে দেৱতাসকলে ভগৱান বিষ্ণুৰ সহায় বিচাৰিছিল। দেৱতাসকলক সহায় কৰাৰ উদ্দেশ্যে কৃষ্ণই মােহিনী ৰূপ ধাৰণ কৰি অর্থাৎ এগৰাকী দীপলিপ সুন্দৰীৰ ৰূপ লৈ নির্দিষ্ট ঠাইত উপস্থিত হােৱাত সকলাে সেই সুন্দৰীৰ ৰূপত আকৃষ্ট হৈছিল। এই ছেগতে মােহিনীৰূপী কৃষ্ণই অমৃতৰ কলহ হাতত তুলি লৈ দেৱতা-অসুৰৰ মাজত অমৃত ভগাই দিয়াৰ দায়িত্ব লােৱাত দুয়ােপক্ষ এই কথাত মান্তি হৈছিল। মােহিনীৰূপী কৃষ্ণই দেৱতা আৰু অসুৰক দুয়ােফালে দুটা বেলেগ শাৰীত বহুৱাই লৈ দেৱতাৰ শাৰীত অমৃত ভগাই দি অসুৰসকলক অমৃত বুলি ‘বাৰুণি’ নামৰ সুৰা ভগাই দিছিল। অর্থাৎ দেৱতাসকলেহে কেৱল অমৃত খাবলৈ পাইছিল। অসুৰসকলে অমৃত লাভৰ পৰা বঞ্চিত হৈছিল আৰু অমত্ব লাভ নকৰাকৈ থাকিল, অসুৰসকলে অমৃত লাভৰ পৰা বঞ্চিত হৈছিল আৰু অমৰত্ব লাভ নকৰাকৈ থাকিল, ফলত দেৱতাৰ উদ্দেশ্য সাধন হৈছিল। এনেদৰেই কৃষ্ণই মােহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলক সহায় কৰিছিল।

৪। মাকৰ কি কি গুণৰ কথা কবলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল?কথাখিনি তােমাৰ নিজৰ কথাৰে বহলাই লিখা।
উঃ কবিতাটোত শিশু কৃষ্ণৰ মাক হৈছে যশােদা। যশােদা হৈছে গােৱালৰ ৰজা নন্দৰ ঘৈণীয়েক। কৃষ্ণই আপত্তি দর্শাইছে যে বাহৰ বাঁহী বজাই কৃষ্ণৰ দুই ওঁঠ ফাটি তেজ ওলাই যায়। মাকে এইকথা জানিও তেওঁক ছয়ৰতি সােণেৰে এটা বাহী গঢ়াই নিদিয়ে। ৰাজপটেশ্বৰী হৈও এইখিনি খৰচ নকৰা বাবে কৃষ্ণই লাজ পাইছে। তেওঁ কৈছে যে মাকৰ ধনত জুই লাগিব আৰু গাঁতৰ ভিতৰতে পােত খাই থাকিব। গৰু চ’ৰাবলৈ যােৱা কৃষ্ণৰ হাতত মাকে এমুঠি ভাত দি পঠিয়ায় যিকণেৰে তেওঁৰ পেট নভৰে। এগৰাহ খাই আনগৰাহ নােজোৰে, ফলত আধাপেটিকৈ খােৱা শেষ কৰে। নটুৱা টনাক পিন্ধি অর্থাৎ সৰু গামােচাৰ দৰে পােছাক পিন্ধি দিনটো গৰু চ’ৰাই থাকোঁতে তেওঁক কাইটে বিন্ধে অথচ মাকৰ খবৰেই নাই। কেঁকোৰা চুলিত ধূলি পৰি পৰি প্ৰকাণ্ড জটা বান্ধি যায় কিন্তু মাকে তেল লগাই দিয়াৰ নাম-গােন্ধকে নলয়। এইবােৰ কথা ভাবিলে কৃষ্ণৰ মনটো দুখেৰে ভৰি পৰে আৰু কান্দোন ওলাই আহিব খােজে। মাকৰ এনেবােৰ গুণৰ কথাকে ক’বলৈ কৃষ্ণৰ লাজ লাগে বুলি কবিতাটোত বর্ণনা কৰা হৈছে।

Also Read: পাৰস্যত এভুমুকি Class 10 – দশম শ্ৰেণী 

Class 10 A ssamese কানাইৰ চাতুৰী

৫। চমুটোকা লিখা :
(ক) বামন (খ) দেৱহুতি (গ) কপিল (ঘ) শ্ৰীধৰ কন্দলি (ঙ) দৈৱকী।
উঃ বামনঃ সংসাৰৰ উন্নতিৰ নিমিত্তে ভগৱানে দশাৱতাৰৰ ৰূপ লৈ যুগে যুগে দুষ্টক দমন কৰি আহিছে। বিষ্ণুৰ এই দহােটা অৱতাৰৰ ভিতৰত পঞ্চম অৱতাৰটোৱেই হৈছে বামন’অৱতাৰ। বামন হৈছে বিষ্ণুই লােৱা বাওনা মানুহৰ ৰূপ। দৈত্যৰাজ বলি আছিল শক্তিশালী ৰজা৷ তেওঁ সকলােকে যি বিচাৰে তাকে দান কৰিছিল। এবাৰ তেওঁ এক যজ্ঞৰ আয়ােজন কৰি ঘােষণা কৰিছিল যে যিয়ে যি বস্তু তেওঁৰ পৰা বিচাৰে সেই বস্তুৱেই তেওঁ দান কৰিব। সেই মতে বলিৰ পৰা অনেকে বহু মূল্যবান সামগ্রী দানৰূপে লৈছিল। এনে কাৰ্যৰ পৰা বলিৰ মনত প্রচণ্ড অহংকাৰৰ জন্ম হৈছিল। ভগৱান বিষ্ণুৱে বামন ৰূপ ধাৰণ কৰি বলিৰ যজ্ঞলৈ আহিছিল তেওঁৰ দর্পচূর্ণ কৰিবলৈ। বলিয়ে সামান্য বাওনা লােক বুলি ভাবি কি লাগে তেওঁক খুজিবলৈ ক’লে। বামনে ৰজাৰ পৰা নিজৰ ভৰিৰ জোখেৰে মাত্র তিনিপদ ভূমি বিচাৰিলে। এই অকণমানি ভৰি দুখনেৰে তিনিপদ মাত্র ভূমি লৈ কি কৰিব বুলি ভাবি ৰজাই অট্টহাস্য কৰিবলৈ ধৰিলে। তথাপি বামনে তিনিপদ ভূমিয়েই যথেষ্ট বুলি কোৱাত ৰজাই দান দিবলৈ মান্তি হ’ল। বামনে বিৰাট আকাৰ ধাৰণ কৰি এখন ভৰি পৃথিৱীত থৈ আনখন ভৰি স্বৰ্গত থ’লে। এতিয়া তৃতীয় পদ ক’ত ৰাখিব ৰজাক সুধিলে। বলিয়ে বামনৰ এই ৰূপ দর্শন কৰি স্বয়ং বিষ্ণু বুলি বুজি উঠিল আৰু নিজ বচন ৰাখিবৰ বাবে তৃতীয় পদতে ওঁৰ মূৰৰ ওপৰতে থ’বলৈ ক’লে। বিষ্ণুৰূপী বামনে বলিৰ মূৰৰ ওপৰত তেওঁৰ ভৰি থােৱাৰ লগে লগে সেই ভৰ সহিব নােৱাৰি বলি গৈ পাতাল পালেগৈ । এনেদৰে ভগৱানে বামন অৱতাৰ লৈ বলিৰ দর্পচূর্ণ কৰিছিল।

(খ) দেৱহুতিঃ দেৱহুতি হৈছে স্বায়ম্ভুৱ মুনিৰ কন্যা। এওঁ কর্দম মুনিৰ পত্নী আৰু কপিল মুনিৰ মাতৃ।

(গ) কপিল : কদ্দম মুনি আৰু দেৱহুতিৰ পুত্র কপিল হৈছে এজন প্রসিদ্ধ মুনি। এওঁক বিষ্ণুৰ অৱতাৰ বুলিও গণ্য কৰা হয়। হিন্দুৰ সাংখ্য দর্শন এৱেই প্ৰৱর্তন কৰে। পুৰাণত বর্ণিত অনুসৰি সৰগ ৰজাৰ ষাঠি হাজাৰ পুত্র কপিল মুনিৰ শাপতে ভষ্ম হয়।

(ঘ) শ্ৰীধৰ কন্দলি: শ্ৰীধৰ কন্দলি শংকৰদেৱৰ সমসাময়িক নহ’লেও অলপ পাছৰ সময়ৰ বৈষ্ণৱ কবি। এওঁ ৰচনা কৰা বিখ্যাত দুখন পুথি হৈছে কাণখােৱা’আৰু ঘুনুচা কীর্তন’। তেওঁ কাণখােৱা গ্রন্থত বিষ্ণুৰ অৱতাৰৰ লীলা মাহাত্ম্য নিচুকণি গীতৰ আৰ্হিৰে বৰ্ণনা কৰিছে। গ্রন্থখনৰ ভাষা অতি সৰল, সহজে জনসাধাৰণক ই আকৃষ্ট কৰিব পাৰে। আকৌ, ইন্দ্রদ্যুম্নৰ জীয়েক ঘুনুচা (গুণ্ডিচা) ৰ ঘৰলৈ কৃষ্ণই যাত্ৰা কৰা আৰু ইয়াৰ বাবে ৰুক্মিণীৰ ঈর্ষা তথা কৃষ্ণৰ ওপৰত প্রচণ্ড খং আৰু অভিমান—এই কথাৰে ভৰি আছে ঘুনুচা কীর্তন।শ্ৰীধৰ কন্দলিয়ে জগন্নাথৰ বথযাত্রা উৎসৱৰ ভিত্তিত স্কন্দপুৰাণৰ উৎকল খণ্ডৰ কাহিনীৰ আলমত ৰচনা কৰিছে এই গ্রন্থ। দুয়ােখন কাব্যৰ জৰিয়তে কবি কন্দলিৰ ৰসিকতা সুন্দৰ ৰূপত প্রতিফলিত হােৱা দেখা যায়।

(ঙ) দৈৱকী : শ্রীকৃষ্ণৰ জন্মদাত্রী আৰু বসুদেৱৰ পত্নী। এওঁ মথুৰাৰ ৰজা কংসৰ ভনীয়েক আছিল। কংসই ভনীয়েকক খুব মৰম কৰিছিল আৰু বসুদেৱৰ সৈতে ধুমধামেৰে ভনীয়েকৰ বিয়া পাতিছিল। এদিন হঠাতে আকাশবাণী হ’ল যে দৈৱকীৰ গৰ্ভৰ অষ্টম পুত্ৰই কংসক হত্যা কৰিব। এই ঘােষণাৰ লগে লগে কংসই দৈৱকী বসুদেৱক জে’লত ভৰাই থৈছিল। আৰু জন্মৰ লগে লগে দৈৱকীৰ প্ৰতিটো সন্তানেই কংসই হত্যা
কৰিছিল। দৈৱকীৰ গৰ্ভৰ অষ্টম পুত্ৰই হৈছে শ্রীকৃষ্ণ। শ্রীকৃষ্ণ জন্মৰ সময়ত সকলাে নিদ্রামগ্ন হৈ থকাত আৰু জে’লৰ দুৱাৰ নিজে নিজে খােল খাই যােৱাত বসুদেৱে গগাকুলৰ ৰজা নৰ ঘৰত ৰাতিয়েই কৃষ্ণক থৈ আহিছিল। পাছলৈ দৈৱকীৰ এই
অষ্টম পুত্রই কংসক বধ কৰি অত্যাচাৰৰ অন্ত পেলাইছিল আৰু বসুদেৱ-দৈৱকীক জে’লৰ পৰা উদ্ধাৰ কৰিছিল।

কানাইৰ চাতুৰী মূলভাব

৬। পাঠটিৰ কাহিনীভাগ তােমাৰ নিজৰ কথাৰে লিখা।
উঃ মূলভাব :  এদিনাখন শ্রীকৃষ্ণই অভিমান কৰি পুৱা শুই আছিল। এনেতে গােপ শিশুসকলে খেড়ি খেলিবলৈ কৃষ্ণক জগাই দিব লাগে বুলি নন্দৰ ঘৈণীয়েক যশােদাক অনুৰােধ কৰিলে আৰু সেই মতে যশােদাই কৃষ্ণক ইমান দেৰিলৈকে শুই থকা বাবে ধমকি দি জগাই দিলে। কৃষ্ণই পিছে ইমানতাে নুঠাত মাকে এইবাৰ মৰমৰ মাতেৰে জগাবলৈ ধৰিলে। কৃষ্ণই উঠক চাৰি মাকক ওলােটাই খঙহে কৰিলে আৰু চাৰি-পাঁচদিনলৈকে গৰু চৰাবলৈ নগৈ ঘৰতে শুই থাকিব বুলি ক’লে। কিয়নাে, কৃষ্ণৰ অনুভৱ হৈছে যে মাকে তেওঁক মৰম নকৰে। যি কৃষ্ণ জগতৰ কাৰণ তেওঁ যশােদাৰ ভয়ত কপি থাকিব লাগে। মাকে যিকণহে খাবলৈ দিয়ে তাৰ পৰা কৃষ্ণৰ স্বাস্থ্যৰ একো উন্নতি হােৱা নাই।বৰঞ্চ মাকে দুষ্টালি কৰিলে কৃষ্ণক বান্ধি থােৱাবাবে কৃষ্ণৰ কঁকালখন ছিগি যােৱাৰ উপক্ৰম হৈছে। ব্রহ্মাণ্ডৰ স্ৰজনকর্তা আৰু পালনকর্তা কৃষ্ণক ব্রহ্মাকে ধৰি সমস্ত চৰাচৰ জীৱই সেৱা কৰে, সেই কৃষ্ণই যশােদাৰ ঘৰত গৰু
চৰাব লগীয়াহে হৈছে।

কৃষ্ণই নাৰায়ণৰূপে অনন্ত শয্যাত শয়ন কৰে, তেওঁৰ নাভিৰ পৰাই ব্ৰহ্মাৰ উৎপত্তি। তিনি ভূৱন তেওঁৰেই সৃষ্টি,ব্রহ্মাক বেদৰ জ্ঞানো তেৱেঁই দিছিল। যশােদাৰ ঘৰত এনে কৃষ্ণৰ পিছে আদৰেই নাই। অসুৰৰ ভয়ত কৃষ্ণক স্মৰণ কৰা মাত্রকেই তেওঁ চতুর্ভুজ ৰূপত দেৱতাসকলক দেখা দিছিল যি ৰূপ দেখি ত্রিদশ ঢলি পৰিছিল। এনে ৰূপৱন্ত কৃষ্ণকে মাকে আকৌ ‘কলীয়া’ বুলিহে ঠাট্টা কৰে। মােহিনীৰূপ ধৰি যিজনে নিজ হাতত থকা অমৃত নিজে নাখাই দেৱতাসকলক খুৱাইছিল,সেই কৃষ্ণক মাকে দধি চোৰ’ বুলি অপমান কৰে। কদ্দম মুনিৰ ঘৰত পুত্র কপিল মুনিৰূপে জন্ম লৈ মাতৃ দেৱহুতিৰ সন্মুখত তত্ত্ব বিচাৰ কৰিছিল তেৱেঁই। কৃষ্ণই বামন ৰূপেৰে বলিক পাতাললৈ পঠাইছিল। গংগাক চৰণৰ নখেৰে বােৱাই আনিছিল আৰু সেই গংগাকেই বাটতে পাই মহাদেৱে জটাত ধাৰণ কৰিছিল।ইমান মহিমাৰ অধিকাৰী কৃষ্ণক পুত্ৰ বুলি ক’বলৈ মাকে বেয়া পায় অথচ কৃষ্ণয়েই মাকৰ কাঠবাজী বদনাম নােহােৱা কৰিলে। সেয়ে মাকৰ গুণৰ কথা ক’বলৈ কৃষ্ণৰ লাজ লাগে।

বাঁহৰ বাঁহী বজাই কৃষ্ণৰ ওঁঠেৰে তেজ ওলাই গৈছে তথাপি মাকে ছয় ৰতি সােণেৰে সােণৰ বাঁহী গঢ়াই নিদিয়ে। মাকৰ ধনৰ গাঁতত জুই লাগিব বুলি কৃষ্ণই ক্ষোভেৰে কৈছে। গৰু চৰাবলৈ গ’লে মাকে এমুঠিমান ভাতহে দিয়ে যিখিনি এগৰাহ খালে আন গৰাহলৈ নােজোৰে; ফলত কৃষ্ণই আধাপেটি খাই ভােকত থাকিব লগীয়া হয়। দিনটো গৰু চৰাই থাকোঁতে কাইটে বিন্ধি শৰীৰ থকা সৰকা কৰে, তথাপি মাকে ভাল কাপােৰ নিদিয়ে। দিনৰ দিনটো ধূলি লাগি লাগি কেঁকোৰা চুলিত জট বান্ধি গৈছে কিন্তু মাকে তেল লগাই দিয়াৰ নাম নলয়। এইবােৰ কথা ভাবিলে কৃষ্ণৰ দুখত কান্দিবলৈ মন যায়।

সেয়ে ইমান অপমানৰ পােতক তুলিবলৈ কৃষ্ণই দৈৱকীৰ ওচৰলৈ যাব বুলি যশােদাক কৈছে। কিয়নাে, তেতিয়াহে যশােদাই কৃষ্ণলৈ মনত পেলাই কান্দিব। কৃষ্ণৰ এই কথা শুনি যশােদাই তেওঁক কন্দুৱাবলৈ কৃষ্ণৰ যি ইচ্ছা তাক পৰিত্যাগ কৰিবলৈ ক’লে আৰু তেওঁৰ দোষৰ বাবে ক্ষমা খুজিলে। ভৱিষ্যতে ইয়াৰ পুনৰাবৃত্তি হলে মাকক গালি পৰাৰ অধিকাৰাে যশােদাই কৃষ্ণক দিলে। কৰুণ মনেৰে মাকে কোৱা কথাখিনি শুনা মাত্রকে কৃষ্ণই একেজাপে মাকৰ কোলাত উঠি স্তনপান কৰিবলৈ ল’লে। কৃষ্ণৰ এই পৰম আনন্দিত চেহেৰা দেখি মাক যশােদাই যেন ব্রহ্মাণ্ডৰ পৰম সুখ লাভ কৰিলে। শ্রীকৃষ্ণৰ লীলা সম্বলিত এই ঘটনাবােৰ লগ লাগিয়েই গঠিত হৈছে পাঠটোৰ কাহিনী।

কানাইৰ চাতুৰী দশম শ্রেণী

৭। কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কার্য সাধন কৰিছিল পাঠৰ আলমত বর্ণনা কৰা।
উঃ কৃষ্ণ হৈছে স্বয়ং বিষ্ণুৰ অৱতাৰ। যুগে যুগে বিভিন্ন অৱতাৰ বা ৰূপ ধাৰণ কৰি তেওঁ বিভিন্ন কার্য সাধন কৰিছিল। পাঠৰ কবিতাটোত ইয়াৰ এক সুন্দৰ বৰ্ণনা পােৱা যায়। পাঠত বর্ণিত অনুসৰি চতুর্ভুজ ৰূপ ধাৰণ কৰি দেৱতাসকলক অসুৰৰ হাতৰ পৰা কৃষ্ণই ৰক্ষা কৰিছিল যি ৰূপ দেখি ত্রিদশৰ লােক ঢলি পৰিছিল। আকৌ, মােহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলক সমুদ্র মন্থনৰ সময়ত অমৃত পান কৰাইছিল। কপিল মুনিৰূপে কদ্দম মুনিৰ ঘৰত জন্ম হৈ মাতৃ দেৱহুতিক তত্ত্ব জ্ঞান দিছিল। বামন অবতাৰেৰে বলিক বিশ্বৰূপ দর্শন কৰাই পাতাললৈ পঠিয়াইছিল। সেই ৰূপেৰেই তেওঁ ভৰিৰ নখেৰে গংগাক পৃথিৱীলৈ বোৱাই আনিছিল যি গংগাক বাটতে পাই মহাদেৱে জটাত ধাৰণ কৰিছিল। তেৱেঁই অনন্তশয্যাত নাৰায়ণ ৰূপে থাকি নিজৰ নাভিৰ পৰা ব্ৰহ্মক ওপজাই বেদৰ জ্ঞান দিছিল। তেৱেই হৈছে চৰাচৰ জগতৰ স্ৰজনকর্তা, জগতৰ কাৰণাে তেৱেই। এনেদৰে পাঠটোত কৃষ্ণৰ ৰূপ-মহিমা বর্ণনা কৰা হৈছে।

৮ | কবিতাটোত ‘কাঠবাজী’ বুলি কাক কৈছে? ইয়াৰ অর্থ কি? এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে ?
উঃ কবিতাটোত কাঠ-বাজী’বুলি যশােদাক কৈছে। কাঠ-বাজী’ মানে হৈছে সন্তান জন্ম দিব নােৱাৰা তিৰােতা। যশােদাক এই অপবাদৰ পৰা কৃষ্ণই ৰক্ষা কৰিলে। কিয়নাে, সমস্ত জগতে কৃষ্ণক যশােদাৰ পুত্ৰ বুলি জানে যদিও প্রকৃততে তেওঁ দৈৱকীৰ গৰ্ভতহে উপজিছিল।

৯৷ তাৎপর্য ব্যাখ্যা কৰাঃ

(ক) কাঠবাজী বুলি জগতে হাসয়
দেখিলে সুমৰে হৰি।
মই আসি তােৰ। ঘৰে পুত্ৰ ভৈলাে
সিটো দুখ দূৰ কৰি৷৷
উঃ উদ্ধৃত কবিতাফাকিৰ বক্তা হৈছে শ্রীকৃষ্ণ। তেওঁ যশােদাৰ ওচৰত বিভিন্ন কথাৰেবা আপত্তি দর্শাই আছে মাকে তেওঁক মৰম নকৰে বুলি। সেই কথাৰ প্ৰসংগতে উদ্ধৃত কথাষাৰিৰ অৱতাৰণা কৰা হৈছে।
যশােদাৰ নিজৰ সন্তান নাই অর্থাৎ তেওঁ সন্তান জন্ম দিব পৰা ক্ষমতাৰ অধিকাৰী নাছিল। কৃষ্ণক যদিও যশােদাৰ সন্তান বুলি জগতে জানিছিল তথাপি তেওঁ প্ৰকৃততে দৈৱকীৰ গৰ্ভতহে উপজিছিল। যদিহে কৃষ্ণ যশােদাৰ ঘৰত ডাঙৰ-দীঘল নহ’লহেঁতেন, তেন্তে যশােদাক সকলােৱে কাঠবাজী বুলি ঠাট্টা কৰিলেহেঁতেন। সেই অপবাদৰ পৰা যশােদাক কৃষ্ণইহে ৰক্ষা কৰিছিল।
দৰাচলতে যশােদা হৈছে পৰম বিষ্ণু ভক্ত। ভগৱানে ভক্তৰ দুখ সদায় দূৰ কৰে। এনেহেন ভক্ত এগৰাকীয়ে মনােকষ্ট পােৱাটো ভগৱানে সহ্য কৰিব নােৱাৰে। সেয়ে যশােদাৰ দুখ দূৰ কৰিবলৈ পুত্ৰৰ কামনা কৰা এইগৰাকী মাতৃৰ পুত্ৰৰূপে তেওঁৰ ঘৰত প্ৰৱেশ কৰিছিল স্বয়ং বিষ্ণুৱে। যশােদা হৈছে পৰম সৌভাগ্যৱতী নাৰী যাৰ ঘৰত প্ৰৱেশ কৰিছিল স্বয়ং বিষ্ণুৱে। যশােদা হৈছে পৰম সৌভাগ্যৱতী নাৰী যাৰ মনােবাঞ্ছা পূৰণ হৈছিল কৃষ্ণক পাই। মাকে কৃষ্ণক শাসন কৰাত কৃষ্ণই ঠেহ পাতি মাকক এই কথাবােৰ সোঁৱৰাই দিছিল।

(খ) মােহিনী স্বৰূপে অমৃত পিয়ালাে
সাধিলাে দেৱৰ কাম
তােমাৰ ঘৰে আসি বৰ যশ পাইলাে
লৈলাে দধিচোৰ নাম।।
উঃ উদ্ধৃত কবিতা ফাকিৰ বক্তা হ’ল শ্রীকৃষ্ণ। তেওঁ মাকৰ ওচৰত অভিযােগ কৰি নিজৰ মহিমাৰ বিষয়ে মাকক কৈছে যাতে মাকে তেওঁক মৰম কৰে। কিয়নাে কৃষ্ণৰ ভাব হৈছে মাক যশােদাই তেওঁক আদৰ সন্মান নকৰে। কৃষ্ণ হৈছে ভগবান বিষ্ণুৰ এটা অৱতাৰ। ভগৱানে যুগে যুগে বিভিন্ন ৰূপ ধাৰণ কৰি ভক্তসকলক ৰক্ষা কৰি আহিছে। ভগৱানৰ তেনে এক ত্রাণকর্তাৰ ৰূপেই হৈছে মােহিনী ৰূপ। কৃষ্ণই দেৱতাক অমৃত খুৱাই অমৰত্ব প্রদান কৰিছিল। দেৱতা আৰু অসুৰসকলে মিলি সমুদ্র মন্থন কৰোঁতে অমৃতৰ কলহ ওলাইছিল, অমৃত খােৱাৰ লগে লগে খাওঁতাজন হৈ পৰে অমৰ। অমৃতৰ কলহ লৈ দেৱতা আৰু অসুৰৰ মাজত টনা- আজোৰা লগাত। দেৱতাসকলে বৰ ভয় খাইছিল। কিয়নাে, অসুৰে অমৰত্ব লাভ কৰিলে পৰম সংকট হ’ব। এই পৰম সংকটৰ পৰা ৰক্ষা পাবলৈ দেৱতাসকলে বিষ্ণু বা কৃষ্ণক স্তুতিতি কৰাত। দেৱতাসকলক সহায় কৰাৰ উদ্দেশ্যে কৃষ্ণই মােহিনীৰূপ ধাৰণ কৰি নিদিষ্ট ঠাইত উপস্থিত হৈছিল।সকলাে সেই সুন্দৰীৰ ৰূপত আকৃষ্ট হৈছিল এই ছেগতে মুহিনীৰূপী কৃষ্ণই অমৃতৰ কলহ হাতত তুলি লৈ দেবতা-অসুৰৰ মাজত অমৃত ভগাই দিয়াৰ দায়িত্ব লৈছিল। মুহিনীৰূপী কৃষ্ণই দেৱতা আৰু অসুৰক দুয়ােফালে দুটা বেলেগ শাৰী কৰি বহুৱাই লৈ দেৱতাৰ শাৰীত অমৃত ভগাই দি অসুৰসকলক অমৃত বুলি ‘বাৰুণি’ নামৰ সুৰা ভগাই দিছিল।অর্থাৎ দেৱতাসকলেহে কেৱল অমৃত পান কৰিবলৈ পাইছিল। এনেদৰেই কৃষ্ণই মােহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলক সহায় কৰিছিল। এনে কৃষ্ণক পিছে মাকে ‘ দধিচোৰ’ বুলিহে ইতিকিং কৰে। যিজনে হাতত থকা অমৃত নিজে নাখাই দেৱতাক খুৱাইছিল, তেওঁ সামান্য দৈ চুৰ কৰাৰ কি কাৰণ থাকিব পাৰে? কৃষ্ণাই এনে উদাহৰণেৰে মাকক কৃত্রিম খং দেখুৱাই নিজৰ দুষ্টালি ঢাকিব বিচাৰিছে।

কানাইৰ চাতুৰী class 10 question answer

(গ) মই নাৰায়ণ. জগত কাৰণ
তুমি গােৱালৰ জীউ।
তথাপি তােহাক. দেখন্তে উৰত
উৰি যায় মােৰ জীউ৷
উঃ উদ্ধৃত কবিতাফাকিৰ বক্তা হৈছে শ্রীকৃষ্ণ। তেওঁ মাক যশােদাই তেওঁক মৰম-আদৰ নকৰে বুলি অভিযােগ কৰি নিজৰ গুণ-মাহাত্মৰ বৰ্ণনা কৰিছে মাকৰ সন্মুখত। কৃষ্ণ হৈছে স্বয়ং বিষ্ণুৰ অৱতাৰ। দুষ্টক দমন আৰু শান্তক পালনৰ অৰ্থে ভগৱানে কৃষ্ণ অৱতাৰেৰে যশােদাৰ ঘৰ শুৱাইছে। তেওঁ হৈছে স্বয়ং নাৰায়ণ যি জগতৰ কাৰণ। চৰাচৰ জগতৰ সৃষ্টিকর্তা তেৱেঁই আত্মাৰূপে সকলােকে ধাৰণ কৰিছে। কবিতাটোত কৃষ্ণৰ মানৱীয় ৰূপ এটা প্রতিফলিত কৰিবলৈ চেষ্টা কৰা হৈছে। কবিতাটোত কৃষ্ণ হৈছে এটি সাধাৰণ শিশু। যশােদা হৈছে কৃষ্ণৰ মাতৃ। এটি শিশুক মাকে যেনেকৈ শাসন কৰে, কৃষ্ণকো যশােদাই দুষ্টালি কৰিলে শাস্তি দিয়ে। পুৱা সােনকালে শুই নুঠাত মাকে কৃষ্ণক খং কৰে, কেতিয়াবা বান্ধি থয়। মাকে কৃষ্ণৰ ৰূপক ইতিকিং কৰি কলীয়া’ বুলি মাতে। দধি চোৰ, মাটি খােৱা বুলি মাকে কৃষ্ণক মুঠতে জগতৰ সকলাে মাতৃয়ে কৰাৰ দৰে ডাঙৰ-দীঘল কৰিছে। মাক যশােদাৰ খং উঠা দেখি কৃষ্ণই এটি শিশুৰ দৰে ভয় খায়। দৰাচলতে যশােদা হৈছে পৰম বিষ্ণু ভক্ত। ভকতিত সন্তুষ্ট হৈয়েই কৃষ্ণই দৈৱকীৰ গৰ্ভত জন্ম লৈও প্রকৃত মাতৃ হােৱাৰ গৌৰৱ প্ৰদান কৰিছিল যশােদাকহে। যশােদাক মাতৃত্বৰ সুখ দিবলৈ ভগৱানে পুত্ৰৰূপে জন্মগ্রহণ কৰিছিল। তেওঁৰ পৰম ব্ৰহ্মত্বৰ ৰূপ দেখিলে যশােদা সেই সুখৰ পৰা বঞ্চিত হ’ব, সেয়ে সাধাৰণ শিশুৰ ৰূপ ধৰি তেওঁ যশােদাৰ মনােবাঞ্ছা পূৰণ কৰিছিল। যশােদাৰ ঘৰত তেওঁ মানৱী লীলা প্রদর্শন কৰি নানা চোৰ-চাতুৰীৰে সংসাৰ ধর্ম পালন কৰিছিল। এই লীলাৰেই অংশৰূপে কৃষ্ণই যশােদাক দেখি ভয় খােৱাৰ ভাও লৈছিল।

কানাইৰ চাতুৰী class 10

ভাষা বিষয়ক :

১। তলত দিয়া শব্দৰােৰৰ আধুনিক ৰূপ লিখাঃ
(ক) আসি, (খ) খেড়ি, (গ) পুহাইল, (ঘ) নুজুৰাই, (ঙ) হন্তে, (চ) বিগুটিয়া।
উঃ শব্দ – আধুনিক ৰূপ
(ক) আসি : আহি
(খ) খেড়ি : খেলা
(গ) পুহাইল: পুৱাল।
(ঘ) নুজুৰাই : জুৰ নপৰে, শাঁত নপৰে
(ঙ) হতে : পৰা
(চ) বিগুটিয়া : ঠাট্টা কৰা

২। তলত দিয়া শব্দকেইটাৰ লিংগ পৰিৱৰ্তন কৰা
(ক) সুন্দৰী, (খ) মাতৃ, (গ) মামা।
উঃ(ক) সুন্দৰী : সুন্দৰ
(খ) মাতৃ : পিতৃ
(গ) মামা : মামী

৩। বিপৰীত শব্দ লিখা ।
(ক) বিশ্বাস (খ) দোষ (গ) আনন্দ (ঘ) অপমান (ঙ) অমৃত।
উঃ (ক) বিশ্বাস : অবিশ্বাস
(খ) দোষ : গুণ।
(গ) আনন্দ : বিষাদ
(ঘ) অপমান : মান
(ঙ) অমৃত : গৰল, বিষ

দশম শ্ৰেণীৰ অসমীয়া কানাইৰ চাতুৰী

অতিৰিক্ত প্রশ্নোত্তৰ :

১। অতি চমু প্রশ্নোত্তৰ :
(ক) কানাইৰ চাতুৰী’ কবিতাটো ক’ৰ পৰা লােৱা হৈছে?
উঃ কানাইৰ চাতুৰী’কবিতাটো কাণখােৱা’পুথিৰ পৰা লােৱা হৈছে।

(খ) শ্ৰীধৰ কন্দলিয়ে ৰচনা কৰা দুখন পুথিৰ নাম লিখা।
উঃ শ্ৰীধৰ কন্দলিয়ে ৰচনা কৰা দুখন পুথি হৈছে ‘কাণখােৱা’ আৰু ‘ঘুনুচা কীর্তন’।

(গ) গোপ শিশুসকলে কিহৰ কাৰণে পূৱা কৃষ্ণক জগাবলৈ আহিছিল?
উঃ গােপ শিশুসকলে খেড়ি খেলিবলৈ পুৱা কৃষ্ণক জগাবলৈ আহিছিল।

(ঘ) ব্রহ্মা ক’ৰ পৰা উপজিছিল?
উঃ ব্রহ্মা নাৰায়ণৰ নাভিৰ পৰা উপজিছিল।

(ঙ) গংগাক কোনে, কত ধাৰণ কৰিছিল ?
উঃ গংগাক মহাদেৱে জটাত ধাৰণ কৰিছিল।

(চ) কৃষ্ণই মাকক কিমান সােণেৰে বাঁহী গঢ়াই দিবলৈ কৈছিল?
উঃ কৃষ্ণই মাকক ছয় ৰতি সােণেৰে বাঁহী গঢ়াই দিবলৈ কৈছিল।

(ছ) কংস কোন?
উঃ কংস হৈছে মথুৰাৰ ৰজা আৰু শ্ৰীকৃষ্ণৰ মােমায়েক।

(জ) তিনি ভূৱনৰ স্ৰজনকর্তা কোন?
উঃ তিনি ভূৱনৰ স্ৰজনকর্তা হৈছে বিষ্ণু বা শ্রীকৃষ্ণ ।

(ঝ) কানাইৰ চাতুৰী’ কবিতাটোত কাঠবাজী’ বুলি কাক কোৱা হৈছে?
উঃ ‘কানাইৰ চাতুৰী’কবিতাটোত যশােদাক ‘কাঠবাজী’বুলি কোৱা হৈছে।

(ঞ) কাক দেখিলে কৃষ্ণৰ ভয়তে জীউ উৰি যায় ?
উঃ যশােদাক দেখিলে কৃষ্ণৰ ভয়তে জীউ উৰি যায়।

২। চমু প্রশ্নোত্তৰঃ

(ক) বেদ কি? কোনে কাক বেদৰ গুণ দিছিল?
উঃ বেদ হৈছে হিন্দু ধৰ্মৰ প্রধান ধর্মশাস্ত্র ইয়াক ভগৱানৰ বাণী বুলি কোৱা হয়। ভগৱানে ব্রহ্মাক বেদৰ জ্ঞান দিছিল।

(খ) চতুর্ভুজ ৰূপ কি?

উঃ চাৰিখন হাতত শংখ, চক্র, গদা, পদ্ম লৈ বিষ্ণুৱে ধাৰণ কৰা ৰূপেই হৈছে চতুর্ভুজ ৰূপ।

(গ) যশােদাই কৃষ্ণক কি কি নামেৰে মাতিছিল ?
উঃ যশােদাই কৃষ্ণক হাৰলি বােপাই, যদুমণি, চক্রপাণি, কলীয়া, বনমালী আদি নামেৰে মাতিছিল।

(ঘ) মাকে খং কৰি কৃষ্ণক শুই উঠিবলৈ কোৱাত কৃষ্ণই কি উত্তৰ দিছিল?
উঃ মাকে খং কৰি কৃষ্ণক শুই উঠিবলৈ কোৱাত কৃষ্ণই মাকক গৰু চাৰিবলৈ নগৈ চাৰি-পাঁচদিনলৈকে একো নাখাই মাত্র শুইয়ে থাকিব বুলি কৈছিল।

কানাইৰ চাতুৰী class 10 question answer

৩। দীঘল প্রশ্নোত্তৰঃ

(ক) কথাক কহন্তে ক্ৰন্দন আসয়
যত অপমান পাওঁ।
যেৰে তেও মই সি বাপুৰ পুত
তােক তেবে কন্দুৱাওঁ।।
-ইয়াত কোনে কি অপমান পােবাৰ কথা কোৱা হৈছে? তেওঁ কিদৰে কাক কন্দুৱাব খুজিছে লিখা।
উঃ উক্ত কবিতাফাকিৰ দ্বাৰা কৃষ্ণই অপমান পােৱাৰ কথা কোৱা হৈছে। কৃষ্ণই মাকৰ ওচৰত অভিযােগ কৰিছে যে তেওঁক মাকে অলপাে মৰম নকৰে। অনবৰতে তেওঁ মাকৰ ভয়তে কঁপি থাকে। মাকে কৃষ্ণক এনেদৰে বান্ধি থয় যে কৃষ্ণৰ কঁকাল বিষত ভাতহে খাবলৈ মাকৰ ভয়তে কঁপি থাকে। মাকে কৃষ্ণক এনেদৰে বান্ধি থয় যে কৃষ্ণৰ কঁকাল বিষত ছিগি যাব খােজে। দিনটো তেওঁ গৰু চৰাই ফুৰে অথচ মাকে পঁইতা ভাতহে খাবলৈ দিয়ে। কৃষ্ণ শ্যামল বৰ্ণৰ হােৱা বাবে মাকে ঠাট্টাৰ সুৰত কলীয়া’ বুলিহে মাতে। কলীয়া বুলি মতাই নহয়, দধি চোৰ আৰু মাটি খােৱাৰ অপবাদো মাকে কৃষ্ণক দিছে। পুত্ৰৰূপে থাকি কৃষ্ণই যশােদাক কাঠবাজী হােৱা অপমানৰ পৰা ৰক্ষা কৰিলে তথাপি যশােদাই কৃষ্ণক বিশ্বাস নকৰে। বাহৰ বাঁহী বজাই কৃষ্ণৰ ওঁঠ ফাটি তেজ ওলাই যায়, তথাপি মাকে ছয় ৰতি সােণেৰে কৃষ্ণক সােণৰ বাঁহী গঢ়াই নিদিয়ে। গৰু চৰাবলৈ যাওঁতে মাকে এমুঠিমান ভাত দি পঠিয়ায় যিখিনিৰে কৃষ্ণৰ পেট নভৰে।
এমুঠি খাই আনমুঠিলৈ ভাত নহয়েই; ফলত আধাপেটে থাকিব লগীয়া হয়। তদুপৰি, গৰু চৰাওঁতে কাইটে বিন্ধি কৃষ্ণক থকা-সৰকা কৰে। দিনৰ দিনটো গৰুৰ লগত থাকোতে কেঁকোৰা চুলিত ধূলি লাগি জটা বান্ধে তথাপি মাকে তেল লগাই নিদিয়ে। এই সমস্ত অপমান কৃষ্ণই যশােদাৰ ঘৰত থাকি সহ্য কৰিব লগীয়া হৈছে। কৃষ্ণই অপমান সহ্য কৰিব নােৱাৰি যশােদাক কৈছে যে তেৱো মাকক কন্দুৱাব। তেওঁ আৰু গােকুলত নাথাকে, মাক দৈৱকীৰ ওচৰলৈ যাব। তেতিয়া কৃষ্ণলৈ মনত পেলাই যশােদাই কান্দি থাকিব লাগিব।

(ক) কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশােদাক কৈছিল?

উঃ কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গােপ শিশুসকলে আহি যশােদাক কৈছিল।

(খ) কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নােখােৱাকৈ থাকিব বুলি মাকক জনাইছিল?

উঃ কৃষ্ণই চাৰি-পাঁচ দিনলৈকে টোপনিৰ পৰা নুঠাকৈ আৰু নােখােৱাকৈ থাকিব বুলি মাকক জনাইছিল।

(গ) দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল?

উঃ দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মােহিনী ৰূপ ধাৰণ কৰিছিল।

(ঘ) কপিল মুনিৰ মাতৃ কোন আছিল?

উঃ কপিল মুনিৰ মাতৃ আছিল দেৱহুতি।

(ঙ) কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল ?

উঃ বামন ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল।

Leave a Comment