পাৰস্যত এভুমুকি Class 10 – দশম শ্ৰেণী অসমীয়া সকলো প্ৰশ্নৰ উত্তৰ

পাৰস্যত এভুমুকি Class 10 – দশম শ্ৰেণী অসমীয়া প্ৰশ্নৰ উত্তৰ | Class 10 Assamese Lesson 12 question Answer | পাৰস্যত এভুমুকি দশম শ্ৰেণী |

শ্ৰেণীদশম
বিষয়অসমীয়া
পাঠপাৰস্যত এভুমুকি
উপলব্ধসকলো প্ৰশ্নৰ উত্তৰ

পাৰস্যত এভুমুকি Class 10

পাঠভিত্তিক প্রশ্নোত্তৰ

১। ভাব বিষয়ক
চমুকৈ উত্তৰ দিয়া

(ক) লেখকে উল্লেখ কৰা মতে তেওঁলােকৰ ৰিগটো ক’ত অৱস্থিত?
উঃ লেখকে উল্লেখ কৰা মতে তেওঁলােকৰ ৰিগটো পাৰস্য উপসাগৰত অৱস্থিত।

(খ) বুশ্বেৰ কি ?
উঃ বুশ্বেৰ হৈছে পাৰস্য উপসাগৰৰ পাৰৰ এখন বন্দৰ নগৰী।

(গ) বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল?
উঃ বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত মেহদি আৰু ঘাছেম নামৰ দুজন ইৰাণী যুৱক আছিল।

(ঘ) বুশ্বেৰ বিমান বন্দৰটোক কিয় গুৰুত্বপূৰ্ণ বুলিছে?
উঃ বুশ্বেৰ বিমান বন্দৰটো ইৰাণৰ এটা সামৰিক ঘাটি হােৱাৰ লগতে তাত এটা নিউক্লীয় ৰিয়েক্টৰ থকা বাবে গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে।

(ঙ) লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে?
উঃ লেখকে বুশ্বেৰত এটা নিউক্লীয় ৰিয়েক্টৰ আছে বুলি শুনিবলৈ পাইছিল।

(চ) মেহদি আৰু ঘাছেম কোন?
উঃ মেহদি আৰু ঘাছেম দুয়াে ইৰাণী যুৱক আছিল। দুয়াে জিঅ’লগ নামৰ ইটালিয়ান কোম্পানী এটাৰ ‘ মাডলগাৰ’ ’আছিল।

(ছ) মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম কি ?
উঃ মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম আছিল জিঅ’লগ।

(জ) ভেংকি ক’ত থাকে?
উঃ ভেংকি বুশ্বেৰত থাকে।

(ঝ) ভেংকিয়ে কি কৰে?
উঃ ভেংকিয়ে বুশ্বেৰৰ পৰা ৰিগলৈ যাব লগা হেলিকপ্টাৰ আৰু সামগ্রী যােগানকারী জাহাজসমূহৰ তদাৰক কৰে।

(এ) আবুজাৰ কোন?
উঃ আবুজাৰ এজন ট্রেভেল এজেন্ট।

(ট) আগা’ শব্দৰ অর্থ কি?
উঃ ‘আগা’ শব্দটো হ’ল “শ্ৰীযুত’ৰ সমার্থক শব্দ, অর্থাৎ “আগা’ৰ অৰ্থ হ’ল শ্ৰীযুত।

(ঠ) ‘ইৰাণে কেতিয়া ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰে?
উঃ১৯৭৯ চনৰ বিখ্যাত ধর্মীয় বিপ্লৱৰ ফলস্বৰূপে ১ এপ্ৰিলত ইৰাণে ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰে।

(ড) ইৰাণৰ ইছলামিক গণতন্ত্র প্রতিষ্ঠাতা কোন?
উঃ ইৰাণৰ ইছলামিক গণতন্ত্র প্রতিষ্ঠাতা আছিল ইমাম আয়াতুল্লা খােমেনি।

(ঢ) ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল ?
উঃ ইৰাণৰ বুশ্বেৰত থকা গােলাকৃতিৰ স্থাপত্যটোৱে লেখকৰ কৌতুহল বৃদ্ধি কৰিছিল।

(ণ) ইৰাণৰ ৰাজধানীৰ নাম কি?
উঃ ইৰাণৰ ৰাজধানীৰ নাম টেহৰাণ।

(ত) টেহৰাণত বিমান বন্দৰ কেইটা?
উঃ টেহৰাণত দুটা বিমান বন্দৰ আছে। মেহৰাবাদ বিমান বন্দৰ আৰু খােমেনি আন্তর্জাতিক বিমান বন্দৰ।

(থ) লেখক থকা টেহৰাণৰ হােটেলখনৰ নাম কি?
উঃ লেখক থকা টেহৰাণৰ হােটেলখনৰ নাম আছিল হােটেল হোেমা।

(দ) ভাৰতৰ প্ৰায়বােৰ তৈলক্ষেত্র কেনেকুৱা শিলাস্তৰত অৱস্থিত?
উঃ ভাৰতৰ প্ৰায়বােৰ তৈলক্ষেত্ৰ নৱজীৱি মহাকল্পৰ শিলাস্তৰত অৱস্থিত।

(ধ) স্লামবার্জাৰ’ কি?
উঃ স্লামবার্জাৰ হ’ল তৈল উদ্যোগৰ সৈতে অতি ঘনিষ্ঠভাৱে জড়িত এটা বহুৰাষ্ট্ৰীয় কোম্পানী।(ন) ইৰাণীসকলে নৱবৰ্ষক কি বােলে ?
উঃ ইৰাণীসকলে নৱবৰ্ষক “ন’ ৰােজ” বােলে।

(প) বেহেষ্ট-ই-জাহৰা কি?
উঃ বেহেষ্ট-ই-জাহৰা হ’ল টেহৰাণৰ এখন বিখ্যাত সমাধিস্থল। ইয়াৰ পৰিসীমা কেইবা কিলােমিটাৰ জুৰিব্যাপ্ত। ইয়াত খােৱা-বােৱাৰ দোকানৰ পৰা খেলপথাৰলৈকে সকলাে আছে।

(ফ) শ্বিৰীন ইবাডি কোন?
উঃ শ্বিৰীন ইবাডি হ’ল ইৰাণৰ এগৰাকী নােবেল বঁটা বিজয়ী সংগ্রামী নেত্রী।

(ব) চেনি কোনে আৱিষ্কাৰ কৰিছিল ?
উঃ সম্রাট জামছেদে চেনি আৱিষ্কাৰ কৰিছিল।

(ভ) লেখকে ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল ?
উঃ লেখকে ইৰাণলৈ তেল অন্বেষণৰ দায়িত্ব লৈ গৈছিল।

(ম) ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি?
উঃ ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম হ’ল ‘খােমেনি ইন্টাৰনেচনেল এয়াৰপাের্ট।

(ষ) কেন্দ’ৰ অর্থ কি?
উঃ‘কেন্দ’ৰ অৰ্থ হ’ল চেনি।

Releted Postঅৰণ্য যাত্ৰা Class 10 – দশম শ্ৰেণী সকলো প্ৰশ্নৰ উত্তৰ

Class 10 Assamese Lesson 12 question Answer

২। তেলৰ বাবে চলােৱা খনন কার্যত ‘ মাডলগিং’ আহিলাসমূহৰ ভূমিকা কি?
উঃ তেলৰ বাবে চলােৱা খনন কার্যত ‘মাডলগিং”আহিলাসমূহৰ ভূমিকা অতি গুৰুত্বপূর্ণ। এইবােৰৰ জৰিয়তে সংগ্রহকৰা তথ্যই এখন নতুন তৈলক্ষেত্র বা তেলৰ পুং আৱিষ্কাৰ তথা কোনাে বিপদজনক পৰিস্থিতি নােহােৱাকৈ খননকার্য চলােৱাত সহায় কৰে। ভূতত্ববিদসকলৰ বাবে এই আহিলাসমূহ অতি গুৰুত্বপূৰ্ণ কাৰণ মাডলগিং ইউনিটে প্ৰেৰণ কৰা তথ্য পৰীক্ষা কৰিয়ে ভূতত্ববিদসকলে কোনাে স্থানত তেল পাবনে নাপাব আৰু খননকার্যত হ’ব পৰা বিপদ আদি সম্পর্কে সুনিশ্চিত হ’ব পাৰে।

৩। বুশ্বেৰ চহৰৰ এটা বিৱৰণ দিয়া।
উঃ বুশ্বেৰ এখন পাৰস্য উপসাগৰৰ পাৰত অৱস্থিত ইৰাণৰ সৰু চহৰ। সৰু চহৰ হ’লেও কিন্তু বুশ্বেৰৰ ৰাস্তা-ঘাট অতি সুপৰিকল্পিত আৰু যথেষ্ট পৰিষ্কাৰ পৰিচ্ছন্ন। চহৰৰ ৰাস্তাবােৰ চাৰি শাখাযুক্ত আৰু মাজত ডিভাইডাৰ থকা। বুশ্বেৰৰ নগৰ পৰিকল্পনা অতি সুন্দৰ। প্ৰতিটো ঘৰ সুৰক্ষিতভাৱে ওখ ওখ দেৱালেৰে আৱৰা আৰু আৱাসিক অঞ্চলৰ ঘৰবােৰ দুই বা তিনিমহলীয়া। চহৰখনৰ মহিলাসকলৰ সাজ-পােছাকসমূহে আধুনিক আৰু সকলাে মহিলাই তাত বােখা পৰিধান নকৰে। তদুপৰি বুশ্বেৰত এটা অতি গুৰুত্বপূৰ্ণ বিমানবন্দৰ আছে। যিটো ইৰাণৰ এটা সামৰিক ঘাটি। বুশ্বেৰত এটা নিউক্লীয় ৰিয়েক্টৰ থকাৰ লগতে এটা পাৰমাণৱিক গৱেষণা কেন্দ্রও আছে।

৪। ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা।
উঃ ইৰাণ হ’ল মানৱ সভ্যতাৰ প্রাচীন ইতিহাসৰ ধ্বজাবাহক। প্রত্নতাত্ত্বিক, ঐতিহাসিক, সাংস্কৃতিক ঐতিহ্য তথা বিৰল কীর্তিস্তম্ভৰ যােগেদি ইৰাণৰ প্রাচীন সভ্যতা আজিও সজীৱ হৈ আছে। প্রায় চাৰি হাজাৰ বছৰ পূর্বে আর্যগােষ্ঠীৰ লােকসকলে ইৰাণলৈ আহি বসবাস কৰিবলৈ লৈছিল। খ্রীষ্টপূর্ব প্রায় ছয় শতিকাৰ পূর্বে বিখ্যাত ৰজা ছাইৰাছে উত্তৰ ইৰাণৰ মেডেছসকলক পৰাস্ত কৰি ইৰাণবাসীক একত্রিত কৰিছিল। খ্রীঃপূঃ ৫২৯৩ ছাইৰাছৰ মৃত্যুৰ পিছত নতুন ৰজা দৰিয়াছে সাম্রাজ্য প্রসাৰৰ প্ৰয়াস কৰিছিল যদিও পৰৱর্তী কাল (চতুর্থ শতিকা)ত আলেকজেণ্ডাৰৰ আগমনত ছাইৰাজৰ পাছেপলিছ সাম্রাজ্যৰ পতন ঘটিছিল। খ্রীঃপূঃ দ্বিতীয় শতিকালৈ ইৰাণত গ্রীকসকলে শাসন কৰাৰ পাছত পার্থিয়ানসকলে ইৰাণৰ শাসনভাৰ লাভ কৰিছিল আৰু পার্থিয়ানসকলৰ ৰাজত্বকালত জোৰাষ্ট্রিয়ান ধর্মই ইৰাণৰ ৰাজধর্ম হিচাপে স্বীকৃতি লাভ কৰিছিল। ৩৫০ বছৰীয়া পার্থিয়ান শাসনৰ পাছত ছাজানিকসকলে চাৰিটা শতিকা ইৰাণত ৰাজত্ব কৰিছিল। ইয়াৰ পাছতে আৰৱসকলৰ ইৰাণলৈ আগমন ঘটে আৰু ইয়াৰ লগে লগে ইৰাণৰ ইতিহাসৰ পৰিৱৰ্তন হ’বলৈ ধৰিছিল।

আৰৱসকলে ইৰাণলৈ মুছলিম ধৰ্মৰ আগমন ঘটাইছিল আৰু সময় অতিবাহিত হােৱাৰ লগে লগে ইছলাম ধৰ্মক ইৰাণৰ মুখ্য ধর্ম হিচাপে স্বীকৃতি দিয়া হৈছিল। কেইবা শতিকাজুৰি চলা আৰৱ শাসনৰ পৰৱর্তী কালত বহুতাে বিদেশী শক্তিৰ আক্ৰমণত ইৰাণ বিধ্বস্ত হৈ পৰিছিল। ছাফাভিদ বংশৰ ৰাজত্বকালত ইৰাণে কিছুপৰিমাণে পূর্বৰ খ্যাতি ঘূৰাই পাইছিল যদিও পৰৱৰ্তী কালত আফগানসকলৰ আক্ৰমণত ছাফাভিদ শাসনৰ পতন হৈছিল।ইৰাণৰ শাসক নাদিৰ শ্বহ ভাৰতৰ ইতিহাসৰাে এক উল্লেখযােগ্য চৰিত্ৰ। তেওঁ ভাৰত আক্রমণ কৰি এটা বিশাল ৰাজভড়াল লুট কৰি ইৰাণলৈ লৈ গৈছিল যাৰ ফলত তেওঁ পৰৱর্তী তিনি বছৰে দেশবাসীৰ পৰা কোনাে কৰ সংগ্ৰহ কৰা নাছিল।নাদিৰ শ্বাহৰ পিছত ইৰাণৰ শাসনভাৰ কাজাৰ বংশৰ হাতলৈ যায় আৰু তেওঁলােকে প্রথম বিশ্বযুদ্ধলৈ ইৰাণত শাসন কৰিছিল। প্রথম বিশ্বযুদ্ধৰ পিছত ৰেহাশ্বাহ পাহাভিয়ে ইৰাণৰ শাসনভাৰ গ্ৰহণ কৰাৰে পৰা ইৰাণত আধুনিকীকৰণ প্রচেষ্টাই গতিশীলতা লাভ কৰে। ১৯৪১ চনত ছােছাভিয়েট ৰাছিয়া আৰু ইংলেণ্ডে ইৰাণৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপৰ ফলত ইৰাণৰ শাসনতন্ত্র শক্তিহীন হৈ পৰে যদিও বিখ্যাত ধর্মীয় বিপ্লৱৰ ফলস্বৰূপে বহু শতিকাজুৰি বিভিন্ন বংশ আৰু বিদেশী শক্তিৰ অধীনত থকা ইৰাণে ১৯৭৯ চনৰ ১ এপ্রিলত ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰে।

পাৰস্যত এভুমুকি দশম শ্ৰেণী

৫। ইৰাণৰ ভূতত্বৰ বিষয়ে লিখা।
উঃ ইৰাণ হ’ল এখন ভূতত্বৰ আর্শীবাদপুষ্ট দেশ। ইৰাণৰ পাৰস্য উপসাগৰীয় অঞ্চলত ডেৰশতকৈও অধিক তৈলক্ষেত্র আছে আৰু এই অঞ্চলৰ ওপৰতে বিশ্বৰ বহুতাে দেশ নির্ভৰশীল। ইৰাণৰ ভূ-স্তৰত বিভিন্ন যুগৰ বিভিন্ন শিলাস্তৰত তেল আৰু গেছ পােৱা যায়। ইৰাণৰ পাৰস্য উপসাগৰীয় এলেকাত মধ্যজীৱী মহাকল্পৰ শিলাস্তৰত বৃহৎ পৰিমাণৰ তৈল সম্পদ মজুত আছে বুলি ভূতত্ববিদসকল নিশ্চিত হৈছে।

৬। জাগ্রজ পর্বতমালাৰ বিষয়ে তােমাৰ পাঠ্যপুথিৰ সহায়ত লিখা।
উঃ জাগ্রজ পর্বতমালা হৈছে ইৰাণৰ এক মুখ্য পর্বতমালা, যি পর্বতমালা আৰৱ প্লেট আৰু ইউৰেছিয়া প্লেটৰ সংঘাতৰ ফলস্বৰূপে সাগৰৰ বুকুৰ পৰা জাগ্ৰত হৈ উঠিছিল। জাগ্রজ পর্বতমালা আৰু হিমালয় পর্বতমালাৰ জন্ম কাহিনী প্রায় একে। এই পর্বতমালা ইৰাণৰ উত্তৰ-পশ্চিমৰ পৰা দক্ষিণ-পূবলৈ বিয়পি আছে। ইয়াৰ সৰ্ব্বোচ্চ শৃংগটোৰ উচ্চতা প্রায় ৪,৫০০ মিটাৰ। এই পর্বতমালাৰ দক্ষিণ-পশ্চিম দিশত এক বিৰাট তেল আৰু গেছৰ ভাণ্ডাৰ সঞ্চিত হৈ আছে।

৭। ইৰাণৰ কেইখনমান ঠাইৰ নাম লিখা।
উঃ ইৰাণৰ কেইখনমান উল্লেখযােগ্য ঠাই হ’ল বুশ্বেৰ, টেহৰাণ, চিৰাজ, আহৱাজ, ইছফাহান,নাটাঞ্জ, মাছাদয়াজ, টাবৰিজ, হামাদান, কামান, আড়াবিল আদি।

৮ । টেহৰাণৰ বিমান বন্দৰকেইটা কি কি আৰু কোন কোন স্থানত?
উঃ টেহৰাণত বিমান বন্দৰ দুটা। বন্দৰ দুটাৰ নাম হ’ল মেহৰাবাদ বিমান বন্দৰ আৰু খােমেনি আন্তর্জাতিক বিমান বন্দৰ। মেহৰাবাদ বিমান বন্দৰটো চহৰৰ মাজত অৱস্থিত হােৱাৰ বিপৰীতে খােমেনি আন্তর্জাতিক বিমান বন্দৰটো চহৰৰ পৰা নিলগত অৱস্থিত।

৯। টেহৰাণৰ প্রাকৃতিক অৱস্থা কেনেকুৱা লিখা।
উঃ ওখ ওখ পর্বতেৰে পৰিৱেষ্টিত টেহৰাণ হ’ল এখন অতি সুন্দৰ চহৰ।বহুতে টেহৰাণক এই কাৰণে পেৰিছৰ লগত তুলনা কৰে। গ্রীষ্মৰ দুটা মাহৰ বাহিৰে বাকী সময়ছােৱাত টেহৰাণৰ জলবায়ু অতি আৰামদায়ক হৈ থাকে। শীতকালত টেহৰাণত বৰফ পৰে। টেহৰাণক এই সুন্দৰ জলবায়ু প্ৰদান কৰে এলব্রন পর্বতশিয়ে। মহানগৰখনে প্রাকৃতিকভাৱে পানী লাভ কৰে পৰ্বতৰ হিমবাহৰ পৰা। সুন্দৰ পৰ্বত-পাহাৰেৰে পৰিবেষ্টিত টেহৰাণ চহৰখন আৰু ইয়াক আবৰি থকা পৰ্বতৰ চূড়াবােৰ গ্ৰীষ্মত ৰ’দত জিলিকি উঠে আৰু শীতকালত বৰফেৰে আবৃত হৈ থাকে।

১০। “স্লামবার্জাৰ” কোম্পানীৰ কার্যালয় ক’ত ক’ত আছে?
উঃ “স্লামবার্জাৰ” কোম্পানীটোৰ কার্যালয় নাজিৰাৰ পৰা নাইজেৰিয়ালৈকে, দুলীয়াজানৰ পৰা ডুবাইলৈকে, টেহৰাণৰ পৰা টেক্সাছলৈকে পৃথিৱীৰ সকলাে তৈলক্ষেত্ৰৰ ওচৰে-পাঁজৰে বিস্তৃত হৈ আছে।

পাৰস্যত এভুমুকি Class 10

১১। ইৰাণীসকলৰ নৱবর্ষ উৎসৱৰ বিৱৰণ দিয়া।
উঃ বসন্তৰ মনােৰম দিনৰ আৰম্ভণীতে ইৰাণীসকলে তেওঁলােকৰ নৱবষ ন’ৰােজ উদ্যাপন কৰে। দুসপ্তাহজুৰি উদ্যাপন কৰা এই উৎসৱ আৰম্ভ হয় বসন্তৰ প্ৰথম দিনটোত যেতিয়া সূর্যই বিযুৱ ৰেখা অতিক্রম কৰে (মার্চ মাহৰ ২০-২২ তাৰিখৰ ভিতৰত)। এই সময়ত চহৰৰ সকলাে স্কুল কলেজ, হােটেল, চৰকাৰী কার্যালয় আদিত শিবিৰ স্থাপন কৰা হয় যাতে ইৰাণীসকলে ভালদৰে নৱবর্ষ উদযাপন কৰিব পাৰে। এই উৎসৱত তেওঁলােকে নতুন কাপােৰ পৰিধান কৰাৰ লগতে বিভিন্ন ধৰণৰ পিঠা-পনা ভােজন কৰে। নৱবৰ্ষৰ এই আনন্দ উৎসৱত ইৰাণীসকলে পৰিৱেশ আৰু নিজকে চাফ-চিকুণকৈ ৰখা, শক্ৰভাৱ দূৰ কৰি বন্ধুত্ব গঢ়া, অগ্নিশিখা প্রজ্জ্বলন কৰা, সীমান্ত, নদী বা সাগৰ অভিমুখে যাত্রা আদি কৰাৰ দৰে শুভ কামসমূহৰ পাতনি মেলে। জোৰাষ্টিয়ান ধর্ম ইৰাণৰ মূল ধর্ম হৈ থকাৰ সময়তে এই উৎসৱৰ বিকাশ ঘটিছিল। উৎসৱৰ সময়ত যিকোনাে পাৰ্ছি গৃহতে টেবুল বা কার্পেটৰ ওপৰত এখন সুন্দৰ কাপােৰ পাৰি সাতবিধ খাদ্যবস্তু সজোৱা হয়। এই প্রতিটো বস্তুৰে এটা প্রতীক আছে। এই সাতবিধ খাদ্যৰ কাষত পৱিত্ৰ কোৰাণ আৰু হাফেজৰ কবিতাপুথি ৰাখে আৰু নৱবৰ্ষৰ আৰম্ভণিতে কোৰাণ’আৰু হাফেজৰ কবিতা পঢ়ে। বছৰৰ শেষ বুধবাৰে ৰাজহুৱা স্থানত মেজি জ্বলাই জুইৰ ওপৰেৰে পাৰ হৈ প্রার্থনা কৰে আৰু জুইৰ পােহৰত কাহী বাটি বজায় তথা মানুহৰ ঘৰে ঘৰে গৈ আতিথ্য গ্রহণ কৰে। এইদৰে ইৰাণীসকলে মহা ধুমধামেৰেনৱবৰ্ষক আদৰি লয়।

১২। বেহেষ্ট-ই-জাহাৰাৰ লগত টেহৰাণবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা।
উঃ বেহেষ্ট-ই-জাহাৰা হ’ল টেহৰাণৰ এক জনপ্রিয় স্থান। দৰাচলতে বেহেষ্ট-ই-জাহাৰা হ’ল টেহৰাণৰ মুখ্য সমাধিস্থল। ই কেইবা কিলােমিটাৰজুৰি বিস্তৃত হৈ আছে। টেহৰাণক জানিব বা অনুভৱ কৰিবলৈ বেহেষ্ট-ই-জাহাৰ হ’ল উত্তম স্থান,ই টেহৰাণৰ গুণ-গৰিমা সুন্দৰভাৱে প্রতিফলিত কৰে। ইয়াত খােৱা বােৱাৰ দোকানৰ পৰা খেলপথাৰলৈ সকলাে আছে।

১৩৷ শ্বিৰীণ ইবাডি কোন? তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা।
উঃ শ্বিৰীণ ইবাডি হ’ল ইৰাণৰ এগৰাকী নােবেল বঁটা বিজয়ী সংগ্রামী নেত্রী। তেওঁক মানৱ অধিকাৰ আৰু গণতন্ত্রৰ বাবে প্ৰদৰ্শন কৰা পুৰুষাৰ্থৰ বাবে নােবেল বঁটা প্রদান কৰা হৈছিল। পেছাত উকীল হােৱা ইবাডি প্রথমাৱস্থাত কঠোৰ বিৰােধিতাৰ সন্মুখীন হৈছিল। তেওঁক বিচাৰপতি হােৱাৰ পৰা বঞ্চিত কৰা হৈছিল আৰু হিজাব পৰিধান কৰিবলৈ জোৰ দিয়া হৈছিল। তেনে এটা কঠিন পৰিৱেশত তেওঁ এক অত্যুৎসাহী পদক্ষেপ লৈছিল মানৱ অধিকাৰৰ। তেওঁ ধর্ষিতা যুৱতী, শাসনবিৰােধী বুলি শান্তি দিয়া যুৱক, স্বামীৰ দ্বাৰা উৎপীড়িত স্ত্রী আদিৰ বাবে যুঁজিবলৈ ধৰিছিল আৰু যেতিয়া তেওঁ বিজয়ৰ মুখ দেখিছিল তেতিয়া তেওঁ মানৱ অধিকাৰৰ অগ্রণী ৰণুৱা হিচাপে সমগ্র বিশ্বত পৰিচিত হৈ পৰিছিল।

পাৰস্যত এভুমুকি Class 10

ভাষা বিষয়ক

১। তলত দিয়া শব্দকেইটা কি ভাষাৰ লিখাঃ
কেঁচী, দোৱাত, চিয়াঁহী, চিচা, কেন্দি।
উঃ কেঁচী, দোৱাত, চিয়াঁহী আৰু চিচা ফার্চী ভাষাৰ শব্দ। আনহাতে কেন্দি হ’ল এটা ইংৰাজী শব্দ যিটোৰ উৎপত্তি ফাৰ্চী শব্দ ‘কেন্দ’ৰ পৰা হৈছে।

২। তলত দিয়া শব্দকেইটাৰ অর্থ লিখা ।
খেলে মামনুন, মেৰচি, ছালাম।
উঃ (ক) খেলে মামনুন – ধন্যবাদ
(খ) মেৰছি – ধন্যবাদ
(গ) ছালাম – অভিবাদন জনােৱা, বিদায়, নমস্কাৰ।

৩। তলত দিয়া শব্দকেইটাৰ প্রতীকি অর্থ কি ?
চবজে, ছামানু, ছিব, জেনেজেভ, ছিৰ, ছমাক ছেৰকেহ।
উঃ প্রদত্ত শব্দকেইটাৰ প্রতীক অর্থসমূহ হ’ল :
(ক) চবজে (ঘেঁহু বা দাইল): পুনৰ জন্মৰ প্রতীক
(খ) ছামানু (ঘেঁহুৰ কঠীয়াৰ পায়স) : নতুন জীৱনৰ প্রতীক
(গ) ছিব (আপেল): স্বাস্থ্য আৰু সৌন্দৰ্য্যৰ প্রতীক
(ঘ) জেনেজেভ (বনৰীয়া শুকান জলফাই): প্রেমৰ প্রতীক
(ঙ) ছিৰ (নহৰু): ঔষধ
(চ) ছমাক (এবিধ বগৰী): সূর্যোদয়ৰ বৰণ বুজায়।
(ছ) ছেকেহ (ভিনেগাৰ): বয়স আৰু ধৈৰ্য্যৰ প্রতীক

8। তলত দিয়া শব্দকেইটাত ‘ষ’ আৰু ‘ণ’ কিয় প্রয়ােগ হৈছে লিখা ?
সম্ভাষণ, অন্বেষণ, গবেষণা, অৱতৰণ।
উঃ সম্ভাষণঃ সাধাৰণতে অ, আ তথা অন্য স্বৰবৰ্ণ অথবা ক’আৰু ৰ পাছত থকা স’ মূর্ধণ্য ষ’ হয়। আনহাতে, একেটা পদতে থকা ‘ঋ’, ৰ’, ষ’—ৰ পাছত থকা দন্ত্য ন মুদ্ধণ্য ণ হয়।
অন্বেষণঃ একেটা পদতে থকা ‘ঋ, ৰ’আৰু ষ’ পাছত থকা দন্ত্যন মুদ্ধণ্য ণ হয়।

গৱেষণা : কিছুমান শব্দত স্বাভাৱিকতে মূর্ধণ্য ষ হয়। আনহাতে, ঋ’, ‘ৰ’ আৰু ‘ষ’ ৰ পাছত থকা দন্ত্য ন মূর্ধণ্য ণ হয়।
অৱতৰণ : একেটা পদতে থকা ‘ঋ’, ‘ৰ’ আৰু ‘ষ’ ৰ পাছত থকা দন্ত্য ন মূর্ধণ্যণ হয়।

৫। তলৰ শব্দকেইটাত কি প্রত্যয় প্রয়ােগ হৈছে লিখা ?
ইৰাণী, আবাসিক, বাণিজ্যিক, শেহতীয়া, সােণালী, খৰচী।
উঃ (ক) ইৰাণী: ঈ (ইৰাণ + ঈ = ইৰাণী)
(খ) আবাসিক : ইক (আবাস + ই = আবাসিক)
(গ) বাণিজ্যিক : ইক (বাণিজ্য + ইক = বাণিজ্যিক)
(ঘ) শেহতীয়া : অতীয়া (শেহ + অতীয়া = শেহতীয়া)
(ঙ) সােণালী: আলী (সােণ + আলী =সােণালী)
(ক) খৰচী: ঈ (খৰচ+ ঈ = খৰচী)

পাৰস্যত এভুমুকি Class 10

অতিৰিক্ত প্রশ্নোত্তৰ

১। অতি চমু প্রশ্নোত্তৰ:
(ক) মেহদি আৰু ঘাছেমৰ থকা ঠাইখনৰ নাম কি আছিল?
উঃ মেহদি আৰু ঘাছেমৰ থকা ঠাইখনৰ নাম আছিল আহৱাজ।

(খ) ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল কেন্দ্র কি?
উঃ ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল কেন্দ্র হ’ল উত্তৰ দিশত অৱস্থিত নাটাঞ্জৰৰ ভূ- গৰ্ভত থকা প্রকল্প।

(গ) লেখকৰ সহযােগী ভেংকি থকা ষ্ট্রীটটোৰ নাম কি?
উঃ লেখকৰ সহযােগী ভেংকি থকা ষ্ট্রীটটোৰ নাম আছিল নুৰ হুছেইন ষ্ট্ৰীট

(ঘ) ইৰাণী মহিলাসকলে মূৰ ঢাকি লােৱা স্কার্ফখনৰ নাম কি?
উঃ ইৰাণী মহিলাসকলে মূৰ ঢাকি লােৱা স্কার্ফখনৰ নাম হ’ল হিজাব।

(ঙ) বুশ্বেৰত লেখকে প্রত্যক্ষ কৰা দানপাত্রবােৰ কাৰ পৃষ্ঠপােষকতাত স্থাপন কৰা হৈছিল।
উঃ লেখকে বুশ্বেৰত প্রত্যক্ষ কৰা দানপাত্ৰবােৰ চৰকাৰী পৃষ্ঠপােষকতাত স্থাপন কৰা হৈছিল।

(চ) ৰজা ছাইৰাছে কাক পৰাস্ত কৰি ইৰাণৰাসীক একত্রিত কৰিছিল ?
উঃ ৰজা ছাইৰাছে উত্তৰ ইৰাণৰ মেডেছসকলক পৰাস্ত কৰি ইৰাণবাসীক একত্রিত কৰিছিল।

(ছ) কিমান খ্রীঃ পূর্বত ছাইৰাছৰ মৃত্যু হৈছিল?
উঃ খ্রীঃপূর্ব ৫২৯ত ছাইৰাছৰ মৃত্যু হৈছিল।

(জ) কোনে ছাইৰাছৰ পাছেপলিছ সাম্রাজ্যৰ পতন ঘটাইছিল ?
উঃ আলেকজেণ্ডাৰে ছাইৰাছৰ পাৰ্ছেপলিছ সাম্রাজ্যৰ পতন ঘটাইছিল।

(ঝ) পার্থিয়ানসকলে কিমান বছৰ ইৰাণত ৰাজত্ব কৰিছিল?
উঃ পার্থিয়ানসকলে প্রায় ৩৫০ বছৰ ইৰাণত ৰাজত্ব কৰিছিল।

(ঞ) কাৰ ৰাজত্বকালত ইছলাম ধৰ্মৰ চিয়া সম্প্রদায়ে ৰাজ ধৰ্মৰ খিতাপ লাভ কৰিছিল?
উঃ ছাফাভিদ বংশৰ শাসক শ্বাহ তপধ্বজৰ ৰাজত্বকালত ইছলাম ধৰ্মৰ চিয়া সম্প্রদায়ে ৰাজধৰ্মৰ খিতাপ লাভ কৰিছিল।

(ট) নাদিৰ শ্বাহে কিমান চনত ভাৰত আক্ৰমণ কৰিছিল আৰু কোনগৰাকী মােগল সম্রাটক পৰাস্ত কৰিছিল ?
উঃ নাদিৰ শ্বাহে ১৭৩৯ খ্রীষ্টাব্দত ভাৰত আক্ৰমণ কৰি মােগল সম্রাট মহম্মদ শ্বাহক পৰাস্ত কৰিছিল।

(ঠ) লেখকৰ ইৰাণী বন্ধুৱে আহৱাজৰ পৰা অনা খেজুৰৰ পৰঠাখনৰ নাম কি আছিল?
উঃ লেখকৰ ইৰাণী বন্ধুৱে আহৱাজৰ পৰা অনা খেজুৰৰ পৰঠাখনৰ নাম আছিল নুন কুৰমাই।

(ড) জাগ্রজ পর্বতৰ সৰ্বোচ্চ শৃংগটোৰ উচ্চতা কিমান?
উঃ জাগ্রজ পর্বতৰ সৰ্বোচ্চ শৃংগটোৰ উচ্চতা প্রায় ৪,৫০০ মিটাৰ।

(ঢ) টেহৰাণ চহৰখনে ক’ৰ পৰা খােৱা পানী লাভ কৰিছিল।
টেহৰাণ চহৰখনে পৰ্বতৰ ওপৰৰ হিমবাহৰ পৰা খােৱা পানী লাভ কৰিছিল।

(৭) স্লামবার্জাৰ প্রতিযােগী আমেৰিকান কোম্পানী দুটাৰ নাম কি কি?
উঃ স্লামবার্জাৰৰ প্রতিযােগী আমেৰিকান কোম্পানী দুটাৰ নাম হেলিবার্টন আৰু বেকাৰ।

(ত) ৰবীন্দ্রনাথ গােস্বামীয়ে কোনখন গ্ৰন্থৰ বাবে হেম বৰুৱা সোঁৱৰণী বঁটা লাভ কৰে?
উঃ মহাসমুদ্রৰ সিপাৰে গ্ৰন্থখনৰ বাবে।

পাৰস্যত এভুমুকি Class 10

২। চমু প্রশ্নোত্তৰ :

(ক) বুশ্বেৰৰ ইৰাণী মহিলাসকলে সাজ-পােছাক কেনেধৰণৰ আছিল?

উঃ বুশ্বেৰৰ ইৰাণী মহিলাসকলৰ সাজ-পােছাকসমূহ আধুনিক আছিল। সকলােবােৰ মহিলাই বােখা পৰিধান কৰা নাছিল। আধাতকৈ বেছিয়ে, বিশেষকৈ যুৱতীসকলে। টি ছার্ট, জিন্ছ, কে’ডছ আদি পিন্ধিছিল আৰু হিজাবনামৰ একোখন স্কার্ফেৰে মূৰটো ঢাকি লৈছিল।

(খ) নুন কি?
উঃ নুন হ’ল ইৰাণত পােৱা মেছিনত তৈয়াৰী ৰুটী। ই আকৃতিত যথেষ্ট ডাঙৰ হয়। সাধাৰণতে ইৰাণী লােকসকলে নুন ঘৰত প্রস্তুত নকৰি দোকানৰ পৰা কিনি খায়। এইবোৰ শুকান আৰু লিকটা হয়।

(গ) লেখকে বুশ্বেৰত পাৰমাণৱিক গবেষণা চলাৰ বিষয়ে কেনেকৈ নিশ্চিত হৈছিল?
উঃ লেখকে তেওঁৰ কোম্পানীৰ ডাটা ইঞ্জিনীয়াৰ জাভেদৰ পৰা বুশ্বেৰত এটা নিউক্লীয় ৰিয়েক্টৰ থকাৰ কথা শুনিছিল, ইয়াৰ পৰাই লেখকে বুশ্বেৰত পাৰমাণৱিক গৱেষণা চলাৰ বিষয়ে নিশ্চিত হৈছিল।

(ঘ) নাদিৰ শ্বাহ কোন আছিল আৰু ভাৰতবৰ্ষৰ সৈতে তেওঁৰ সম্পর্ক কি?
উঃ নাদিৰ শ্বাহ ইৰাণৰ শাসক আছিল। তেওঁ ১৭৩৭ৰ পৰা ১৭৪৭লৈ ইৰাণত ৰাজত্ব কৰিছিল। নাদিৰ শ্বাহে ১৭৩৯ খ্রীষ্টাব্দত ভাৰত আক্ৰমণ কৰিছিল আৰু মােগল সম্রাট মহম্মদ শ্বাহক পৰাস্ত কৰি কহিনুৰ হীৰা, মুকুট আদিৰ উপৰি বহুতাে হাতী, ঘোঁৰা, উট আদি লুট কৰি নিজ দেশলৈ লৈ গৈছিল। তেওঁ ভাৰতবৰ্ষৰ পৰা ইমান সম্পত্তি লুটি নিছিল যে পৰবৰ্তী তিনি বছৰে দেশবাসীৰ পৰা কোনাে কৰ সংগ্ৰহ কৰা নাছিল। তেওঁ ভাৰতৰ বহুতাে নাগৰিকক হত্যা কৰি ভাৰতত এক বিভীষিকাৰ সৃষ্টি কৰিছিল।

(ঙ) কেতিয়াৰ পৰা ইৰাণৰ আধুনিকীকৰণৰ প্ৰচেষ্টাই গতিশীলতা লাভ কৰে?
উঃ প্রথম বিশ্ব যুদ্ধৰ পিছত ৰেহাশ্বাহ পাহ্লাভিয়ে ইৰাণৰ শাসনভাৰ হাতত লােৱাৰ পৰা ইৰাণৰ আধুনিকীকৰণৰ প্ৰচেষ্টাই গতিশীলতা লাভ কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top