অৰণ্য যাত্ৰা Class 10 – দশম শ্ৰেণী সকলো প্ৰশ্নৰ উত্তৰ

অৰণ্য যাত্ৰা Class 10 – দশম শ্ৰেণী সকলো প্ৰশ্নৰ উত্তৰ | Class 10 Assamese Lesson 11 question Answer | অৰণ্য যাত্ৰা দশম শ্ৰেণী |

শ্ৰেণী দশম
বিষয় অসমীয়া
পাঠ অৰণ্য যাত্ৰা
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

অৰণ্য যাত্ৰা Class 10

পাঠভিত্তিক প্রশ্নোত্তৰ
ভাব বিষয়ক

১। চমুকৈ উত্তৰ লিখা :

(ক) বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাথী সকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল?
উঃ বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষার্থীসকলক কাজিৰঙা অভয়াৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লােৱা হৈছিল।

(খ) পল আৰু পাহি কোন কোন শ্রেণীত পঢ়ে ?
উঃ পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্রেণীত পঢ়ে।

(গ) পলে কোনবােৰ কাম ছােৱালীৰ বুলি পাহিক কৈছিল ?
উঃ পলে নিজৰ খােৱা কাহি-বাটি ধােৱা, পিন্ধা কাপােৰ জাপি থােৱা, বিছনা ঠিক কৰা আদি কামবােৰ ছােৱালীৰ কাম বুলি পাহিক কৈছিল।

(ঘ) লর্ড কার্জন কোন?
উঃ লর্ড কার্জন এজন ব্রিটিছ ভাইচৰয় আছিল।

২। ল’ৰা-ছােৱালীৰ কামৰ পার্থক্য দেখি পাহিয়ে মাকক কি কৈছিল? মাকে ইয়াৰ প্রত্যুত্তৰত পাহিক কি বুজনি দিছিল?
উঃ পাহি আৰু পল একেখন ঘৰৰে সন্তান। ঘৰুৱা কাম-কাজত পাহি আগৰণুৱা অথচ পলে নিজৰ প্ৰয়ােজনীয় কামখিনিও নকৰে। কথাটোলৈ মন কৰি পাহিয়ে মাকৰ পৰা জানিব বিচাৰিলে ককায়েকে কিয় গা ধুই আহি নিজৰ টাৱেলখন বিচনাত দলিয়াই থয়, জোতাযােৰ নিজে পৰিষ্কাৰ নকৰে, নিজৰ কাপােৰখিনি ঠিককৈ নথয়, নিজে ভাত খােৱা কাঁহীখন ধুই নথয়। অর্থাৎ ল’ৰা-ছােৱালীৰ কামৰ কিবা পার্থক্য আছে নেকি সুধিলে। পাহিৰ কথাত মিচিকিয়াই হাঁহি মাকে ক’লে যে ল’ৰা-ছােৱালী সকলােৱে নিজৰ কাম নিজে কৰিব লাগে। পৰনিৰ্ভৰশীল নহ’বলৈ মাকে প্রয়ােজনীয় কামবােৰ পাহি আৰু পলক সমানে শিকাইছে। ভৱিষ্যতে জীৱনত অইনৰ পৰা ঠগ নাখাবলৈ ল’ৰা-ছােৱালীয়ে সকলাে কাম শিকা উচিত।

অৰণ্য যাত্ৰা দশম শ্ৰেণী

৩। প্ৰকৃতিৰ কোনবােৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে?

উঃ পাহিয়ে প্রকৃতিক ভাল পায়। প্রকৃতিৰ উপাদান ফুল, গছ-লতা আদি তাইৰ বৰ প্রিয়। গঠন-প্রকৃতিৰে ভিন ভিন হােৱা সত্ত্বেও এজোপা গছে অইন এজোপাৰ ক্ষতি নকৰে। তামােল আৰু আমগছ ভিন ভিন চেহেৰাৰ অথচ থাকে ওচৰা-উচৰিকৈ। কলগছৰ ওচৰতে মিলি জুলি থাকে নেমু গছজোপা, কেতিয়াও নিজৰ কাইটেৰে নেমুৱে কলগছক নিবিন্ধে। কি এক অঘােষিত নিয়মেৰে, সম্প্রীতিৰ এনাজৰীৰে প্রকৃতি জগত বান্ধ খাই থাকে। পাহি এই নিয়মৰ প্রতি আকৃষ্ট হয় সদায়।

৪। কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল?
উঃ পাহি আৰু পল স্কুলৰ পৰা গৰম বন্ধত যাবলগীয়া কাজিৰঙা অভয়াৰণ্য ভ্রমণলৈ যাবলৈ সাজু হৈছিল। প্রয়ােজনীয় সকলাে সামগ্রী বেগত গােটাই লৈ নির্দিষ্ট দিনত পুৱাতে দুয়াে যাব ওলাল। মাক-দেউতাক দুয়াে সিহঁতক আগবঢ়াবলৈ লৈ কেতবােৰ উপদেশ দিলে । দেউতাকে শিক্ষকৰ লগ নেৰিবলৈ আৰু শিক্ষকৰ কথা মতে চলিবলৈ। দুয়ােকে পৰামর্শ দিলে।পৃথিৱী বিখ্যাত অভয়াৰণ্য কাজিৰঙালৈ গৈ নতুন কথাবােৰ শিকিবলৈ মাকে ক’লে। কিয়নাে অৰণ্যৰ পৰা শিকিবলগীয়া বহু কথাই আছে। লগতে নিজৰ সা-সামগ্রীবােৰাে চম্ভালিবলৈ মাকে পৰামর্শ দিলে।

৫। ‘কামত ল’ৰা-ছােৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।’— এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক’বলগীয়া হৈছিল আঁতিগুৰি মাৰি লিখা।
উঃ প্ৰশ্নত উল্লেখ কৰা কথাষাৰিৰ বক্তা হ’ল অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা। স্কুলৰ অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক কাজিৰঙালৈ ভ্ৰমণলৈ নিবলৈ সিদ্ধান্ত হ’ল। সেই মর্মে যাত্রাপথত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক বেলেগ বেলেগ কামত নিয়ােগ কৰা হ’ল। বিদিশা আৰু পাহিক কোৱা হ’ল বাছত ছাত্র-ছাত্রী সংখ্যা হিচাপ কৰিবলৈ আৰু কিবা অসুবিধা হৈছে নেকি সেয়া চোৱা-চিতা কৰিবলৈ। সৌৰভ আৰু আফতাবক খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল সকলােৰে মাজত সমভাৱে বিতৰণ কৰাৰ দায়িত্ব দিলে। পাহিহঁতে সুন্দৰভাৱে নিজৰ কাম কৰাৰ বিপৰীতে আফতাব আৰু সৌৰভে সিহঁতৰ কামটো টান পাই পাহিহঁতৰ লগত সলাব বিচাৰিলে। কিয়নাে সিহঁতে ভাবে যে খাদ্য বিলােৱা কামটো ছােৱালীয়ে কৰিব পৰা সহজ কাম আৰু ল’ৰা-ছােৱালীক শাসন কৰা বা সিহঁতৰ অসুবিধাসমূহ দূৰ কৰা কামটো জটিল আৰু লৰাইহে ভালকৈ কৰিব পাৰিব। আফতাব, সৌৰভৰ এনে কথা শুনি ৰঞ্জিত হাজৰিকা ছাৰে প্রশ্নত উল্লেখ কৰা বাক্যৰে নিজৰ উষ্ম প্রকাশ কৰিছিল। তেওঁৰ মতে ল’ৰা-ছােৱালী বুলি কৰ্মৰ ভেদ নাই।

অৰণ্য যাত্ৰা দশম শ্ৰেণী

৬। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল-আফতাবহঁত কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল ?

উঃ কাজিৰঙা পােৱাৰ পাছত ছাত্র-ছাত্রীসকলক নির্দিষ্ট ঘৰবােৰত জিৰণি ল’বলৈ কোৱা হ’ল। সেই মতে দুপৰীয়া ভাত-পানী খাই সকলােৱে বিছনাবােৰত শুই পৰিল। সেই সময়ত কাকো একো নকৈ পল, আফতাব আৰু সৌৰভে পিছফালৰ বাৰাণ্ডাৰে মনে মনে বননিৰ ফালে গ’ল। কাৰণ অইনে নেদেখা জীৱ-জন্তু দেখিলে সিহঁতে বাহাদুৰি মাৰিব পাৰিব। ঘৰটোৰ পিছফালে থকা জপনাখন বগাই পাৰ হৈ সিহঁতে দেখিলে ডাঙৰ বিল এখন। বিলখনৰ সিটো পাৰে পথাৰ আৰু পথাৰ পাৰ হৈ হাবি। নির্জন ঠাইডােখৰৰ পৰা কিছু দূৰত আছে কেইটামান জুপুৰি ঘৰ। হঠাতে সিহঁতে দেখিলে বিলত আছে এখন নাও । আগ-পিছ নুগুনি তিনিও স্ফূর্তিতে নাওত উঠিল। পিছে কিছুদূৰ গৈয়ে নাওখনৰ তলিত থকা ফুটাৰে ভিতৰত পানী সােমাল। কথা বিষম দেখি তিনিও ভয়ত কান্দিব ধৰিলে। কিয়নাে সিহঁতে সাঁতুৰিব নাজানে। আসন্ন বিপদ সিহঁতে নিজেই মাতিলে। ভয়তে সিহঁতে চিঞৰিব ধৰিলে। কাকো ক’তো নেদেখি পলে জোতাৰে নাওৰ ফুটাটো বন্ধ কৰিবলৈ চেষ্টা কৰিলে আৰু আফতাবে বিচাৰিলে মেটেকা গুচাইনাওখন পাৰলৈ আনিবলৈ। দুই হাতেৰে পানী সিঁচিবও ধৰিলে। কিন্তু একোৱেই কামত নাহিল। হঠাৎ দেখিলে মানুহ নােহােৱা ঠাইডােখৰত পথাৰৰ মাজেৰে কেইজনীমান ছােৱালী আহিছে। সিহঁতৰ চিঞৰ শুনি ছােৱালীকেইজনী বিলৰ পাৰলৈ আহিল যদিও সেই মুহূর্ততে পল পানীত পৰিল। আফতাব আৰু সৌৰভৰ গগণফলা চিঞৰত ছােৱালী দুজনীয়ে পানীত জঁপিয়াই জোলােকা জোলােকে পানী খােৱা পলক পাৰলৈ আনিলে। নাওখনাে পাৰত লগাবলৈ চেষ্টা কৰোঁতে কাতি হৈ সৌৰভ আৰু আফতাবাে পানীত পৰিল। ছােৱালীকেইজনীয়ে সিহঁতকো উদ্ধাৰ কৰিলে। সঠিক সময়ত ছােৱালীকেইজনী আহি নােপােৱাহ’লে পল, আফতাব আৰু সৌৰভক হয়তাে বচাব
পৰা নগ’লহেঁতেন।

৭। শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছৰ পৰিস্থিতি কি হ’ল বহলাই লিখা।
উঃ স্কুলৰ পৰা কাজিৰঙালৈ যােৱা দলটোৰ বাবে নির্ধাৰিত কাৰ্যসূচী আছিল অৰণ্য দর্শন। ছাত্র-ছাত্রীসকল উৎসুক আছিল এই কাৰ্যসূচীৰ বাবে। কিন্তু প্রথম নিশাই ভাত খােৱাৰ পৰত এখন সভা পাতি যাত্ৰাৰ দলপতি হাজৰিকা ছাৰে সকলােকে সেই নির্ধাৰিত কাৰ্যসূচী বাতিল কৰিব খােজাৰ খবৰটোহে দিলে। পল, সৌৰভ ,আফতাবহঁতে স্কুলৰ শৃংখলাক অৱমাননা কৰি সকলােৰে অজ্ঞাতে বননিৰ মাজলৈ যোৱাত প্রাণ বিপদাপন্ন হৈছিল। ছাত্র-ছাত্রীসকলক ফুৰােৱাটোৱেই কেৱল শিক্ষকসকলৰ দায়িত্ব নহয়, সিহঁতৰ ৰক্ষণাবেক্ষণে প্রধান কর্তব্য। সেয়ে অইন কিবা বিপজ্জনক ঘটনা ঘটাৰ আগেয়ে দলটো উভতি যােৱাৰ সিদ্ধান্তই মংগল। দলপতি হাজৰিকা ছাৰৰ কথাই কোঠাটোলৈ মৌনতা কঢ়িয়াই আনিলে। পলহঁতলৈ সকলােৰে খং উঠিছিল। কথাৰ গুৰুত্ব বুজি পাহিয়ে সকলােৰে হৈ ক্ষমা খুজি ছাৰক অনুৰােধ জনালে যাতে দোষ কৰাকেইজনৰ কাৰণে সকলােৰে আশা ভংগ নহয়। বৰং অৰণ্য দর্শনলৈ সেই তিনিজনক লগতে নিনিয়াটো সিহঁতৰ শাস্তি হওক। সকলােৱে পাহিৰ কথাত হয়ভৰ দিলে। পিছ মুহূর্ততে পলে থিয় হৈ ক্ষমা খুজি পাহিয়ে কোৱা ধৰণে কৰিবলৈ ছাৰক অনুৰােধ জনালে। শেষত হাজৰিকা ছাৰে চৰ্ত দিলে যে সকলােৱে উভতি গৈ অৰণ্যযাত্ৰাক লৈ এখন ৰচনা লিখিব । আৰু দোষী ছাত্রকেইজনে সিহঁতৰ দোষৰ বিষয়েও ৰচনাত বিতংভাৱে লিখিব লাগিব। সেয়ে হ’লে সকলােৱে পিছদিনা অৰণ্য দর্শনলৈ যাব পাৰিব। সকলােৱে হাজৰিকা ছাৰৰ সিদ্ধান্ত হাঁহিমুখে মানি ল’লে আৰু পিছদিনা অৰণ্য দর্শনলৈ সাজু হ’ল।

৮। মহীচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল ?
উঃ মহীচন্দ্ৰ মিৰি আছিল কাজিৰঙাৰ প্ৰথমগৰাকী ভাৰতীয় তথা অসমীয়া বন বিষয়া অর্থাৎ প্রথম মুখ্য বন সংৰক্ষক (Chief conservator of forests)।কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যত যে এটা খড়গ থকা গঁড় আছে, সেই কথা বিশ্ববাসীক জনােৱাৰ ব্যৱস্থা কথা প্রথম ব্যক্তিগৰাকীয়েই হৈছে মহীচন্দ্ৰ মিৰি। তেওঁ কাজিৰঙাৰ গাঁড় আমেৰিকা যুক্তৰাষ্ট্ৰলৈ পঠিয়াইছিল যাতে বিশ্ববাসীয়ে জানিব পাৰে।

৯। নিগনা চিকাৰীৰ প্রকৃত নাম কি ? তেওঁ কাক প্রথমে কাজিৰঙাৰ গড় দেখুৱাইছিল?
উঃ নিগনা চিকাৰীৰ প্রকৃত নাম হ’ল বাপীৰাম হাজৰিকা । সুদক্ষ হাতী মাউত হাজৰিকা ওৰফে নিগনা চিকাৰীয়ে প্রথমে লেডী কার্জনক গড় দেখুৱাইছিল। লেডী কার্জন আছিল ব্রিটিছ ভাইচৰয় লর্ড কার্জনৰ পত্নী। কেতিয়াও নেদেখা এটা খড়গৰ গঁড় দেখি তেওঁ এই প্রাণীবিধ আৰু লগতে তাৰ বসতিস্থল কাজিৰঙাক সংৰক্ষণ কৰিবলৈ লর্ড কার্জনক অনুৰােধ জনাইছিল। ফলত সময়ৰ সোঁতত কাজিৰঙা সংৰক্ষিত হােৱাই নহয়, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপেও পৰিগণিত হল ।

১০। কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষার্থীসকলে শিক্ষক-শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল ?
উঃ অৰণ্য ভ্রমণ সামৰি ওভতনি যাত্ৰাৰ বাবে সাজু হােৱা স্কুলৰ দলটোৰ পৰা দলপতি হাজৰিকা ছাৰে জানিব বিচাৰিলে অৰণ্যলৈ আহি সিহঁতে কি কি বিশেষ শিক্ষা লাভ কৰিলে।কিছুসময় মৌনতাৰ অন্তত এজন এজনকৈ স্বতঃস্ফূর্তভাৱে ছাত্ৰ-ছাত্ৰীসকলে কৈ গ’ল সিহঁত অৰণ্যলৈ আহি লাভ কৰা শিকনিবােৰৰ বিষয়ে। সেইবােৰ ক্রমে-
(ক) নিজে কৰিব পৰা কামসমূহ আনে কৰি দিব বুলি বাট নাচাই নিজে কৰিব লাগে।

(খ) বনৰ জীৱ-জন্তু আৰু মানুহৰ বন্ধু গছ নাথাকিলে কোনেও জীয়াই থাকিব নােৱাৰে।
(গ) ল’ৰা-ছােৱালী সকলাে দিশতে সমান।
(ঘ) আত্মৰক্ষা কৰিব নাজানিলে কোনাে কামলৈ আগবাঢ়ি যােৱাটো মূর্খামিৰ পৰিচায়ক।
(ঙ) দলীয় যিকোনাে কামত অনুশাসন শৃংখলা মানি চলাটো অত্যন্ত প্রয়ােজন।

অৰণ্য যাত্ৰা Class 10

ভাষা বিষয়ক
১। বাক্য ৰচনা কৰা :
ককাই-ভনী, টুলুং-ভুটুং, চিঞৰ-বাখৰ, মানুহ-দুনুহ, তিতি-বুৰি।
উঃ ককাই-ভনী : ককায়েক-ভনীয়েকৰ দৰে মাইনাও সৰলমনা।
টুলুং-ভুটুং : লুইতৰ বুকুত হঠাৎ নাওখন টুলুং-ভুটুং হ’ল।

চিঞৰ বাখৰ : চিঞৰ-বাখৰ কৰিব নাপায় পঢ়ি থাকিলে।
মানুহ-দুনুহ : মানুহ-দুনুহ দেখিবলৈ নােহােৱা ঠাইত ভৰদুপৰীয়া যাব নােৱাৰি।
তিতি-বুৰি : বৰষুণত তিতি বুৰি নতুন কাপােৰযোৰত দাগ লাগিল।

২। মূর্ধণ্য ‘ণ’হােৱাৰ কাৰণ দশোৱা :
অৰণ্য, অর্পণ, কণ্ঠ, ওৰণি, পােৰণি, আড়ম্বৰপূর্ণ।
উঃ অৰণ্য : ‘ঋ, ‘ৰ’, ‘ষ’,-ৰ পাছত থকা একেটা পদতে থকা দন্ত্যন মূর্ধন্য ণ হয়।
অর্পণ : ‘ঋ, ৰ’, ‘ষ’,-ৰ পাছত থকা একেটা পদতে থকা দস্তন মূর্ধন্য ণ হয়।
কণ্ঠ: ‘ট’বৰ্গৰ বৰ্ণৰ লগত যুক্ত হলে ‘ন’ ‘ণ’হয়।
ওৰণি : ‘ঋ’, ৰ’, ‘য’,-ৰ পাছত থকা একেটা পদতে থকা দন্ত্যন মূর্ধন্য ণ হয়।
পােৰণি : ‘ঋ’, ৰ’, য’,-ৰ পাছত থকা একেটা পদতে থকা দন্ত্যন মূর্ধন্য ণ হয়।
আড়ম্বৰপূর্ণ : ‘ঋ’, ‘ৰ’, ‘য’,-ৰ পাছত থকা একেটা পদতে থকা দস্তন মুদ্ধন্য ণ হয়।

অতিৰিক্ত প্রশ্নোত্তৰ

১। অতি চমু প্রশ্নোত্তৰ :
(ক) পাহিহঁতৰ অৰণ্যযাত্ৰাৰ দলটোত মুঠ কিমান গৰাকী ছাত্ৰ-ছাত্ৰী হৈছিল ?
উঃ পাহিহঁতৰ অৰণ্যযাত্ৰাৰ দলটোত মুঠ ৫০ গৰাকী ছাত্ৰ-ছাত্ৰী হৈছিল।

(খ) শিক্ষক ছাত্র-ছাত্রী সকলক লগত কি লৈ যাবলৈ মানা কৰিছিল?
উঃ শিক্ষকে ছাত্র-ছাত্রীসকলক লগত কেমেৰা, ম’বাইল ফোন লৈ যাবলৈ মানা কৰিছিল।

(গ) কাজিৰঙা অভয়াৰণ্য কিহৰ বাবে পৃথিবী বিখ্যাত?
উঃ কাজিৰঙা অভয়াৰণ্য এটা খড়গ থকা গঁড়ৰ বাবে পৃথিৱী বিখ্যাত।

(ঘ) গছ আৰু বহুতাে জীৱই বায়ুত কি গেছ এৰি দিয়ে?
উঃ গছ আৰু বহুত জীৱই বায়ুত অম্লজান গেছ এৰি দিয়ে।

(ঙ) বিলত ‘নাওখন বান্ধি যােবা ৰছীডাল কোনে খুঁটিৰ পৰা খুলি দিছিল ?
উঃ বিলত নাওখন বান্ধি থােৱা ৰছীডাল আফতাবে খুঁটিৰ পৰা খুলি দিছিল।

(চ) পলহঁতে উঠা নাওখন কিহৰ মাজত সােমাই পৰিছিল ?
উঃ পলহঁতে উঠা নাওখন মেটেকাৰ মাজত সােমাই পৰিছিল।

(ছ) পলহঁতৰ নাওখনৰ ভিতৰত কিয় পানী সােমাইছিল?
উঃ নাওৰ তলিত ফুটা থকা কাৰণে পলহঁতৰ নাওখনৰ ভিতৰত পানী সােমাইছিল।

(জ)পাহিহঁতৰ অৰণ্য যাত্ৰাটোৰ দলপতি কোন আছিল ?
উঃ পাহিহঁতৰ অৰণ্য যাত্ৰাটোৰ দলপতি আছিল অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা।

(ঝ) লেডী কার্জন কোন আছিল?
উঃ লেডী কার্জন আছিল ব্রিটিছ ভাইচৰয় লর্ড কার্জনৰ পত্নী।

(ঞ) বিশ্বৰ দৰবাৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্রথম ব্যক্তিগৰাকী কোন আছিল ?
উঃ বিশ্বৰ দৰবাৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্রথমগৰাকী ব্যক্তি আছিল মহীচন্দ্র মিৰি।

অৰণ্য যাত্ৰা Class 10

২। চমু প্রশ্নোত্তৰ:

(ক) পাহিৰ কিয় গাত তত নাইকিয়া হৈ পৰিছিল?
উঃ পাহিহঁতৰ স্কুলৰ অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক গৰম বন্ধত কাজিৰঙালৈ ফুৰাবলৈ নিয়াৰ কথা। পাহি আৰু ককায়েক পলাে যাব। তালৈ যাবলৈ জা-যােগাৰত ব্যস্ত হৈ পৰিছিল পাহি। সেয়ে পাহিৰ গাত তত্ নাইকিয়া হৈ পৰিছিল।

(খ) “তেতিয়া কেতিয়াবা সময়েও তােমালােকক ঠগিব আৰু মানুহেও ঠগিব। – এই কথাষাৰ কোনে, কাক আৰু কিয় কৈছিল?
উঃ প্রশ্নোদ্ধৃত কথাফাকি পাহিৰ মাকে পাহি আৰু ককায়েক পলক উদ্দেশ্যি কৈছিল। পাহি কামে কাজে আগৰণুৱা। নিজৰ প্ৰায়খিনি কাম দৈনন্দিন জীৱনত নিজেই কৰে, মাককো ঘৰুৱা কামত সহায় কৰি দিয়ে। কিন্তু ককায়েক পল সম্পূর্ণ বিপৰীত চৰিত্ৰৰ। নিজৰ পিন্ধা কাপােৰ, গা মচা কাপােৰ একোৱেই ঠিককৈ নথয়। ভাত খােৱা কাহীখন নিজে ধুই নথয়। পাহিয়ে মাকৰ পৰা জানিব খুজিছিল ককায়েক ল’ৰা হােৱা বাবেই এইবােৰ কাম কৰিব নাপায় নেকি। তেতিয়া মাকে প্রশ্নোদৃত কথাফাকিৰে বুজাই দিছিল যে সকলােৱে নিজৰ কাম নিজেই কৰা উচিত। কর্মত ল’ৰা-ছােৱালীৰ একো ভেদ-ভাব নাথাকে।

গ) যাত্ৰাটোত ওলােৱা ছাত্র-ছাত্রীসকলক শিক্ষকসকলে বেগত কি কি ল’বলৈ কৈছিল?
উঃ যাত্ৰাটোত ওলােৱা ছাত্র-ছাত্রীসকলক শিক্ষকসকলে বেগত ল’বলৈ কোৱা সামগ্ৰীবােৰ হ’ল- –এখন ডাঙৰ আৰু এখন সৰু টোকাবহী,কাপােৰৰ আৰামদায়ক জোতা, টুপী, পাতল গামােচা, প্রাথমিক চিকিৎসাৰ ঔষধ, টর্চলাইট, কপাহী কাপােৰ, কলম।

(ঘ) কাজিৰঙালৈ যাত্ৰা কৰাৰ আগমুহূর্তত পাহি আৰু পলক মাকে কি কৈছিল ?
উঃ কাজিৰঙালৈ যাত্ৰা কৰাৰ আগমুহূর্তত পাহি আৰু পলক মাকে কৈছিল যে অৰণ্যৰ পৰা শিকিবলগীয়া বহু কথা থাকে। পৃথিৱী বিখ্যাত অভয়াৰণ্যখনলৈ গৈ সিহঁতে যেন অৰণ্যৰ কথাবােৰ শিকি আহে। নিজৰ সামগ্ৰীবােৰ যাতে চম্ভালি ৰাখে সেয়াও সোঁৱৰাই দিছিল।

(ঙ) পাহি আৰু বিদিশাক কি দায়িত্ব দিয়া হৈছিল ?
উঃ বাছত থকা ছাত্র-ছাত্রীৰ সংখ্যা গণনা কৰা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ অসুবিধাসমূহলৈ লক্ষ্য কৰাৰ দায়িত্ব দিয়া হৈছিল পাহি আৰু বিদিশাক।

(চ) সৌৰভ আৰু আফতাবক কি কি দায়িত্ব দিয়া হৈছিল?
উঃ সৌৰভ আৰু আফতাবক খাদ্য বস্তুৰ পেকেট আৰু পানীৰ বটল সকলােৰে মাজত সম-পৰিমাণে ভগােৱাৰ দায়িত্ব দিয়া হৈছিল।

(ছ) পলহঁতে কৰা ভুলৰ বাবে সিহঁতক কি শাস্তি দিয়া হৈছিল ?
উঃ অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰে প্রথমে অৰণ্য দৰ্শনৰ কাৰ্যসূচী বাতিলৰ সিদ্ধান্ত ঘােষণা কৰিছিল পলহঁতে দলীয় অনুশাসন ভংগ কৰাৰ বাবে। কিন্তু পলহঁতে ভুল স্বীকাৰ কৰি ক্ষমা খােজাৰ পাছত সেই সিদ্ধান্ত সলনি কৰা হয় । অৱশ্যে সেয়া কৰাৰ চৰ্ত হিচাপে সকলােকে কাজিৰঙা ভ্ৰমণৰ বিষয়ে একোখনকৈ ৰচনা লিখিবলৈ কৈছিল। আৰু কৈছিল যে পলহঁতে নিজে কৰা ভুলৰ বিষয়েও সেই ৰচনাত লিখিব লাগিব—এয়ে আছিল সিহঁতে কৰা ভুলৰ শাস্তি।

(জ) অসমীয়া বিষয়ৰ শিক্ষক তপন বৰুৱাই শিক্ষার্থীসকলক তেওঁলােকক কিয় অৰণ্যলৈ নিয়া হৈছিল বুলি বর্ণনা কৰিছিল?
উঃ অসমীয়া বিষয়ৰ শিক্ষক তপন বৰুৱাই শিক্ষার্থীসকলক কৈছিল যে কেৱল এটা খড়গ থকা গড় দেখুৱাবলৈ সিহঁতক কাজিৰঙালৈ নিয়া হােৱা নাছিল। বৰং প্রকৃতি বিষয়ে জানিবলৈ, প্রকৃতি জগতৰ গছ-গছনি, লতা-তৃণ, কীট-পতংগ সকলােৰে বিষয়ে গম দিবলৈহে অৰণ্য দর্শন কাৰ্যসূচী স্থিৰ কৰা হৈছিল। তেওঁৰ মতে অৰণ্য একোখন মানুহৰ হাওঁফাওঁৰ দৰে। গছে কেৱল ফল, ছাঁ বা আশ্রয়েই নিদিয়ে, বৰং জীয়াই থাকিবলৈ মানুহক অম্লজান দিয়ে যাৰ অবিহনে প্রাণীকূলৰ প্ৰাণ অসম্ভৱ। এই সমস্ত কথাৰ জ্ঞান দিবলৈকে কাজিৰঙা অভয়াৰণ্যলৈ শিক্ষার্থীসকলক নিয়া হৈছিল।

৪। কাজিৰঙাত ছাত্র-ছাত্রীসকলক থাকিবলৈ দিয়া ঠাইখন কেনেকুৱা আছিল? ছাত্র- ছাত্রীসকলে তাত কেনেদৰে আনন্দ কৰিছিল?
উঃ কাজিৰঙাত ছাত্র-ছাত্রীসকলক থাকিবলৈ দিয়া ঠাইখন খুব সুন্দৰ আছিল। ঘৰবােৰ ধুনীয়া আছিল, কিছুমান আছিল আকৌ চাংঘৰ। ডাঙৰ চৌহদৰ ঘৰটোৰ আলহীঘৰটোও আছিল বৃহৎ, গছ-গছনিৰে আৱৰা। মুকলি পৰিৱেশত সকলােৱে আনন্দ মনেৰে খেলিছিল। ছাত্র-ছাত্রীসকলৰ কিছুমানে দোলনাত উঠিছিল, কোনােৱে খেলিছিল ফুটবল। কিছুমানে আকৌ জুম বান্ধি কথা পাতিছিল। মুঠতে এক আনন্দময় পৰিৱেশত সকলাে আছিল।

৫। “তােমাললাকে বন্য জীৱ-জন্তুক শত্ৰু বুলি কেতিয়াও নাভাবিবা।” -এই কথাষাৰ কোনে, কাক আৰু কি উদ্দেশ্যত কৈছিল?

উঃ প্রশ্নত উল্লেখিত কথাষাৰ অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকাই অৰণ্য ভ্রমণলৈ যােৱা শিক্ষার্থীসকলক উদ্দেশ্যি কৈছিল। অৰণ্য ভ্ৰমণৰ সময়ত হাতীৰ পিঠিত উঠিবলৈ কিছুমানে ভয় কৰিছিল। সিহঁতে হাতীৰ আকাৰ দেখি দূৰে দূৰে আছিল। সিহঁতে নাজানিছিল যে বিনা কাৰণত হাতীয়েভ কাৰাে একো অপকাৰ নকৰে। মানুহে ক্ষতি কৰিলে হাতীয়ে আত্মৰক্ষাৰ বাবেহে আক্রমণ কৰে। এই কথা কেৱল হাতীয়েই নহয়, অন্য বনৰীয়া জীৱ জন্তুৰ ক্ষেত্ৰতাে খাটে। মানুহে অৰণ্য তথা অইন জীৱ-জন্তু থকা ঠাইবােৰ দখল কৰি পেলােৱা বাবে সিহঁতৰ থকা ঠাইৰ অভাৱ হয়, ফলত সময়ে সময়ে সিহঁতৰ খং উঠে। অন্যথা জীৱ-জন্তুৱে মানুহৰ ক্ষতি নকৰে। প্ৰশ্নত উল্লেখিত কথাষাৰিৰে হাজৰিকা ছাৰে শিক্ষার্থীসকলক ইয়াকেই বুজাব বিচাৰিছিল।

Leave a Comment