অৰুণিমা সিনহা Class 10 দশম শ্ৰেণী Question Answer

অৰুণিমা সিনহা Class 10

শ্ৰেণী দশম
বিষয় অসমীয়া
পাঠ অৰুণিমা সিনহা
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

পাঠভিত্তিক প্রশ্নোত্তৰ
ভাব বিষয়কঃ

১। চমুকৈ উত্তৰ লিখা :
(ক) অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল ?
উঃ অৰুণিমা সিনহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল।

(খ) অৰুণিমা সিনহা ঘৰ ক’ত?
উঃ অৰুণিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত।

(গ) হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত কি সপােনে তীব্ৰ ৰূপ লৈছিল?
উঃ হাস্পতালৰ বিছনাত পৰি থকাৰ সময়ত অৰুণিমাৰ মনত হিমালয়ৰ শৃংগত আৰােহণ কৰাৰ সপােনে তীব্র ৰূপ লৈছিল।

(ঘ) চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল ?
উঃ চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই এভাৰেষ্ট বিজয়ী বাচেন্দ্রি পালক লগ ধৰিছিল আৰু নিজৰ এভাৰেষ্ট বিজয় সপােন কেনেদৰে বাস্তৱায়িত কৰিব পাৰিব তেওঁৰ পৰা তাৰ পৰামৰ্শ বিচাৰিছিল।

(ঙ) মাউন্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল ?
উঃ ২০১৩ চনৰ ২১ মে’ তাৰিখত অৰুণিমাই মাউন্ট এভাৰেষ্টত আৰহণ কৰিছিল। তেওঁ তাত প্রায় ডেৰ ঘণ্টা সময় আছিল।

২। অৰুণিমা সিন্হাই ৰে’লযাত্ৰাৰ সময়ত কি দুর্ঘটনাৰ মুখামুখি হ’বলগীয়া হৈছিল? এই দুর্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল ?
উঃ অৰুণিমা সিন্হাই লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখে কৰা ৰে’লযাত্রাৰ কালছােৱাত ডকাইতৰ কবলত পৰিছিল। সকলাে সহযাত্ৰীক লুট-পাত চলােৱাৰ সময়ত অৰুণিমাৰ ডিঙিৰ চেইনডালাে নিব বিচাৰিছিল আৰু অৰুণিমাই দিবলৈ অসন্মত হৈছিল। খঙত ডকাইতৰ মাজৰে দুজনে অৰুণিমাক চলন্ত ৰেলগাড়ীৰ দুৱাৰেৰে বাহিৰৰ আন্ধাৰলৈ দলিয়াইছিল আৰু অইন এখন ৰেলগাড়ীৰ চকাত খুন্দা খাই বস্তা এটাৰ দৰে তাই তললৈ পৰি গৈছিল। সেই দুর্ঘটনাত অৰুণিমাই এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হৈছিল আৰু আনখন ভৰিত লােৰ ৰড সুমুৱাই তাৰ সহায়ত চলফিৰা কৰিব পৰা হৈছিল।

৩। অৰুণিমাৰ সপোন পূৰণকৰাৰ ক্ষেত্ৰত বাচেন্দ্রি পালে কেনেদৰে সহায় কৰিছিল?
উঃ এভাৰেষ্ট বিজয় আছিল অৰুণিমাৰ সপােন। এবাৰ ৰে’লযাত্ৰাত ডকাইতৰ কবলত পৰি অৰুণিমাই চিৰদিনলৈ এখন ভৰি হেৰুৱাইছিল আৰু আনখন ভৰিতাে লােৰ ৰদ সুমুৱাইহে চলা-ফিৰা কৰিব পাৰিছিল। এনে অৱস্থাত এভাৰেষ্ট বিজয় আছিল এক দুঃস্বপ্ন যেন। কিন্তু মনৰ দৃঢ়তাৰে অৰুণিমাই সপােন পূৰাবলৈ পৰামৰ্শ বিচাৰি লগ ধৰিছিল এভাৰেষ্ট বিজয়ী বাচেন্দ্রি পালক। পৃথিৱীৰ শীর্ষতম স্থানত থিয় হােৱাৰ হেঁপাহ তিৰবিৰাই থকা অৰুণিমাৰ চকুহালে বাচেন্দ্রি পালক আকর্ষণ কৰিলে। অৰুণিমাৰ আত্মপ্রত্যয়ৰ ভাবে বাচেন্দ্রি পালকে বিশ্বাস জগালে যে সঠিক প্রশিক্ষণ, পৰামৰ্শ আৰু সাহস পালে অৰুণিমাই এদিন লক্ষ্যত উপনীত হ’ব। সেয়ে সহমর্মিতাৰে তেওঁ তাইৰ কথা শুনিলে আৰু নিজৰ তত্ত্বাৱধানত টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনে চলােৱা অনুশীলনত অৰুণিমাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিলে। এনেদৰে সপােন পূৰাবলৈ অৰুণিমাক বাচেন্দ্রি পালে সহায় কৰিছিল।

অৰুণিমা সিনহা Class 10

৪। এভাৰেষ্ট বিজয়ৰ সপোেন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল?
উঃ দুবৃত্তৰ কবলত পৰি অৰুণিমাৰ এখনাে ভৰি পৰ্বতৰােহণৰ বাবে উপযুক্ত হৈ থকা নাছিল। অথচ সপােনক দিঠকত পৰিণত কৰিবলৈ অৰুণিমা আছিল বদ্ধপৰিকৰ। যিকোনাে প্রকাৰে এটা দুর্ঘটনাক নিজৰ জীৱনৰ সিদ্ধান্তকাৰী উপাদান নকৰিবলৈ অৰুণিমা মানসিকভাৱে দৃঢ় আছিল। সেই দৃঢ়তাকে অৱলম্বন কৰি বাচেন্দ্রি পালৰ তত্ত্বাৱধানত অৰুণিমাই এভাৰেষ্ট বিজয়ৰ অনুশীলন চলালে। দিনৰাতি একাকাৰ কৰি প্ৰায় এবছৰে তেওঁ অনুশীলন অব্যাহত ৰাখিছিল।বহু সময়ত অইনে দুই মিনিটত শিকিব পৰা খােজ এটা শিকিবলৈ অৰুণিমাৰ তিনি ঘণ্টাও লাগিছিল। তথাপি অনুশীলনৰ কালছােৱাত অলপাে কমা নাছিল অৰুণিমাৰ উৎসাহ-একাগ্রতা।

৫। অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউন্ট চামছে কাংৰিৰ অভিযান সম্পূর্ণ কৰিব নােৱাৰিলে।
উঃ লাডাখত থকা মাউন্ট চামছেৰ কাংৰিৰ উচ্চতম শিখৰলৈ উচ্চতা আছিল ২১,৭৯৮ ফুট। অত্যন্ত আত্মবিশ্বাস আৰু প্ৰচুৰ অধ্যৱসায়ৰ বলত অৰুণিমাই মাউন্ট চামছে কাংৰিৰ ২১,১০৮ ফুট উচ্চতালৈ আৰহণ কৰিবলৈ সক্ষম হৈছিল। পিছে সেই  সময়ত বতৰ আছিল একেবাৰে বেয়া। কাৰাে বাবেই পর্বতাৰােহণ সম্ভৱ নাছিল। প্রতিকূল বতৰৰ বাবেই কেৱল অৰুণিমাই নহয়, সকলােৱে শিখৰলৈ ৬৯০ ফুট মাত্র বাকী থকা অৱস্থাতাে আধাতে অভিযান সামৰি উভতিব লগা হৈছিল।

৬। অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া।
উঃ এভাৰেষ্ট জয়ৰ সপােন অৰুণিমাৰ মনে-প্রাণে সােমাই আছিল। শাৰীৰিক প্রতিবন্ধকতাক নগণ্য জ্ঞান কৰি বাচেন্দ্রি পালৰ তত্ত্বাৱধানত অনুশীলন সম্পূর্ণ কৰি নির্দিষ্ট দিনত অৰুণিমাই এভাৰেষ্ট বগাবলৈ সাজু হ’ল। নিজৰ বিজয় অভিযানৰ বাতৰি যাতে সকলােকে দিব পাৰে, পর্বত বগােৱাৰ ভিডিঅ’যাতে বিশ্ববাসীক দেখুৱাব পাৰে, তাৰ বাবে তেওঁ লগত দুটাকৈ কেমেৰা লৈ গৈছিল। প্রয়ােজনীয় পানী আৰু অক্সিজেনাে লৈছিল। কিন্তু চাৰি নং কেম্প পাওঁতে অক্সিজেন প্রায় শেষ হ’বলগীয়া হােৱাত অৰুণিমাৰ লগত যােৱা শ্বেৰপাজনে তেওঁক নিশ্চিত মৃত্যুৰ পৰা বাচিবলৈ উভতি যােৱাৰ পৰামর্শ দিছিল। সেই সময়ত তেওঁৰ দুয়াে ভৰি তেজে তুমৰলি হৈ ভয়ংকৰ অৱস্থা হৈছিল। পিছে ৰোমালেৰে ভৰিৰ তেজ মচি মচি অৰুণিমা আগুৱাইহে গৈছিল। সেইছোৱা বাটত বহু অভিযাত্রীৰ শৱ দেখিও অৰুণিমা ভাঙি পৰা নাছিল,বৰং একেই উদ্যমেৰে তেওঁ আগবাঢ়িছিল। অৱশেষত প্রচণ্ড পৰিশ্ৰম, অধ্যাৱসায় আৰু মানসিক দৃঢ়তাৰ বলত অৰুণিমা উপস্থিত হৈছিল মাউন্ট এভাৰেষ্টৰ শৃংগত। আৰু মানসিক দৃঢ়তাৰ বলত অৰুণিমা উপস্থিত হৈছিল মাউন্ট এভাৰেষ্টৰ শৃংগত। ৮,৮৪৮ মিটাৰ উচ্চতালৈ এই পৰিক্ৰমা তেওঁ শেষ কৰিছিল বাৱন দিনত। ডেৰ ঘণ্টা কাল তেওঁ এভাৰেষ্টত আছিল নিজৰ উত্তৰণৰ বাট তেওঁ অদম্য ইচ্ছা আৰু সাহসেৰে গঢ়িছিল।

অৰুণিমা সিনহা দশম শ্ৰেণী

৭। ‘একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।’- কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিন্হাৰ জীৱনৰ ধাৰত বুজাই লিখা।
উঃ প্রায় প্রতিগৰাকী মানুহেই নিজস্ব সম্ভাৱনাৰে পৰিপূৰ্ণ। জীৱনৰ নানা ঘাত-প্রতিঘাতক অদম্য মনােবল, অশেষ পৰিশ্ৰম আৰু সাহসেৰে নেওচি তেওঁলােক আনৰ বাবেও আদর্শ হৈ ৰয়। এনে কর্মসিদ্ধিৰ বাবে তেওঁলােকক নিতান্তই প্রয়ােজন হয় একো একোখন সহায়ৰ হাত, অলপ সহমর্মিতা আৰু আশ্বাসৰ। নিজৰ একাগ্রতা আৰু অধ্যাৱসায়ৰ বলত সিদ্ধি লাভ কৰা অনেক উদাহৰণ ইতিহাসৰ পাতত আছে। একলব্যই গুৰুৰ প্ৰতিমূৰ্তিৰ সন্মুখত কেৱল একাণপতীয়া সাধনাৰেই ধনুর্বিদ্যাত অদ্বিতীয় হৈ উঠিছিল।একেদৰে গভীৰ অৰণ্যত নিশাটো ঘিটমিটীয়া আন্ধাৰৰ মাজত পৰম ধৈর্যৰে থাকি অর্জুনে শিকিছিল শব্দভেদী বাণৰ প্রয়ােগ। দুৰাৰােগ্য মটৰ নিউৰন ৰােগত আক্ৰান্ত হৈও মানসিক দৃঢ়তা আৰু প্ৰতিভাৰ কৰ্ষণেৰে শতিকাৰ অন্যতম শ্রেষ্ঠ বিজ্ঞানীৰূপে পৰিগণিত হৈছিল ষ্টিফেন হকিং। অৰুণিমা সিনহাও অদম্য মানসিক শক্তিৰ অধিকাৰী আছিল। দুর্ঘটনাত নিজৰ দুয়ােখন ভৰি প্রায় অকামিলা হােৱা সত্ত্বেও তেওঁ এভাৰেষ্টত আৰােহণ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ মূলতে আছিল প্রচণ্ড আত্মবিশ্বাস আৰু অদম্য উদ্যম। অৰুণিমা সিন্হাৰ দৰে বহু ব্যক্তি আছে যি নিজ প্রতিভাৰ কৰ্ষণেৰে নিজৰ লগতে অইনৰাে আগুৱাই যােৱাৰ বাট মুকলি কৰিছে। বাচেন্দ্রি পালৰ দৰে ব্যক্তিত্বৰ সংস্পর্শ অৰুণিমাৰ
আশ্রয় আছিল। সমাজৰ যিসকল লােক নিজ নিজ ক্ষেত্ৰত প্রতিষ্ঠিত, তেওঁলােকে অইন দহজনক আগুৱাই নিব পাৰে। প্রশ্নোদ্ধৃত কথাফাকিৰে লেখকে তাকেই ক’ব বিচাৰিছে।

৮। ক্রিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্রাণিত কৰিছিল?
উঃ ভাৰতীয় ক্রিকেট দলৰ তাৰকা খেলুৱৈ যুৱৰাজ সিং হাওঁফাওঁৰ কৰ্কট ৰােগত আক্রান্ত হােৱাৰ খবৰ অৰুণিমায়াে পাইছিল। বহুতে ভাবিছিল যুৱৰাজে খেলুৱৈ জীৱনলৈ আৰু প্রত্যাবর্তন কৰিব নােৱাৰিব। কিন্তু উপযুক্ত চিকিৎসা আৰু অদম্য মানসিক দৃঢ়তাৰ বলত দুৰাৰােগ্য ৰােগৰ পৰা যুৱৰাজ আৰােগ্য হৈছিল। পুনৰ ক্ৰিকেটৰ মাজলৈ তেওঁ উভতি আহিছিল। এই ঘটনাই অৰুণিমাক বাৰুকৈয়ে প্রভাৱিত কৰিছিল। অদম্য মানসিক বল আৰু এই ঘটনাই অৰুণিমাক বাৰুকৈয়ে প্রভাৱিত কৰিছিল। অদম্য মানসিক বল আৰু প্রচণ্ড ইচ্ছাশক্তি থাকিলে কোনাে শাৰীৰিক বাধাই সপােন দিঠক হােৱাৰ বাট ৰুধিব নােৱাৰে। তাৰ পাছত অৰুণিমা আৰু দৃঢ় হ’ল। নিজৰ সপােনৰ সাৰ্থকতাৰ বাবে কঠোৰ অনুশীলন কৰিলে। নিজৰ উত্তৰণৰ বাট নিজ প্রচেষ্টাৰেই গঢ়িলে আৰু সফলাে হ’ল।

অৰুণিমা সিনহা দশম শ্ৰেণী

৯। চমুটোকা লিখাঃ
বাচেন্দ্রি পাল, টেনজিং নৰগে, ষ্টিফেন হকিং!
উঃ বাচেন্দ্রি পাল : মাউন্ট এভাৰেষ্ট আৰােহণকাৰী প্ৰথমগৰাকী ভাৰতীয় মহিলা। ১৯৮৪ চনত তেওঁ এই কার্য সমাপন কৰিছিল। উত্তৰাখণ্ডৰ গৰৱাল জিলাৰ নাকুৰিত ১৯৫৪ চনৰ ২৪ মে’ত তেওঁ জন্মগ্রহণ কৰিছিল। শ্রী কিষান সিং পাল আৰু হংসা দেৱীৰ কন্যা বাচেন্দ্রিয়ে স্নাতকোত্তৰ আৰু বি এড ডিগ্রী লাভ কৰিছিল ডেৰাডুনৰ পৰা। ১২ বছৰ বয়সতে পর্বতাৰােহণৰ অভিজ্ঞতা অর্জন কৰা বাচেন্দ্রি পাল নেশ্যনেল এডভেঞ্চাৰ ফাউণ্ডেচনৰ প্রশিক্ষক আৰু টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনৰ প্রতিষ্ঠাপক। দেশে বিভিন্ন সম্মানেৰে বিভূষিত কৰা বাচেন্দ্রি পালে নিজৰ পাৰদৰ্শিতাৰ বাবে বহু বঁটা-বাহন লাভ কৰিছে। ভাৰতবৰ্ষৰ ক্রীড়াক্ষেত্ৰৰ সৰ্ব্বোচ্চ সম্মান অর্জুন’ লাভ কৰাৰ লগতে তেওঁ দেশৰ চতুৰ্থ আৰু তৃতীয় সর্বোচ্চ অসামৰিক সন্মান ‘পদ্মশ্রী’ আৰু ‘পদ্মভূষণ’ও লাভ কৰে। ১৯৯৭ চনত গৰৱাল বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডক্টৰেট ডিগ্রী প্রদান কৰে। এভাৰেষ্ট—মাই জার্নি টু দ্য টপ’ শীর্ষক গ্ৰন্থখন তেওঁৰ আত্মজীৱনীখন প্রকাশ হয় ২০১৪ চনত।

টেনজিং নৰগে: পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট আৰােহণকাৰী প্ৰথমগৰাকী ব্যক্তি। এডমাণ্ড হিলাৰীৰ লগত যুটীয়াভাৱে ১৯৫৩ চনত তেওঁ এই বিজয় সাব্যস্ত কৰিছিল। ১৯১৪ চনত নেপালৰ খুম্বু অঞ্চলত জন্ম লাভ কৰা নৰগেৰ প্রকৃত নাম নামগ্যাল বাংদি। ১৯ বছৰ বয়সতে তেওঁ শ্বেৰপাৰূপে পৰিগণিত হৈছিল যদিও এভাৰেষ্ট আৰােহণৰ সুযােগ তেওঁ ১৯৩৫ চনত প্ৰথমবাৰলৈ লাভ কৰিছিল।অৱশ্যে শৈশৱত তেওঁক এগৰাকী বৌদ্ধ ভিক্ষুৰ ৰূপতহে গঢ়ি তুলিব খােজা হৈছিল। দার্জিলিঙৰ হিমালয়ান মাউন্টেইনিয়াৰিং ইষ্টিটিউটৰ প্ৰথমগৰাকী সঞ্চালক আছিল নৰগে। ১৯৭৫ চনত তেওঁ ভূটানৰ ৰজাৰ অনুমতি সাপেক্ষে এগৰাকী ছিৰ্দাৰ (গাইড) ৰূপে কাম কৰে।নিজৰ দুঃসাহসিক অভিযানৰ বাবে জীৱনকালত নৰগেই বহুতাে সন্মান লাভ কৰে। গ্রেট ব্রিটেইনৰ সন্মানীয় জর্জ মেডেল’ তেওঁ লাভ কৰিছিল। অন্যান্য বঁটা-বাহন আৰু সন্মানৰ লগতে তেওঁ লাভ কৰিছিল ভাৰতবৰ্ষৰ তৃতীয় সর্বোচ্চ অসামৰিক সন্মান ‘পদ্মভূষণ’। ২০১৩ চনত তেওঁৰ সন্মানার্থে নেপাল চৰকাৰে এখন পৰ্বতৰ নাম ৰাখিছিল ‘টেনজিং পীক। ২০১৫ চনত প্লট’ গ্ৰহত আৱিষ্কৃত ৩.৪ কিল’মিটাৰ উচ্চতাৰ পর্বতমালাৰ নামকৰণাে হৈছিল টেনজিং মণ্টছ’ বুলি। ১৯৮৬ চনত ৭১ বছৰত তেওঁ দার্জিলিঙত মৃত্যুবৰণ কৰে।

ষ্টিফেন হকিংঃ শতিকাৰ শ্ৰেষ্ঠতম পদার্থবিদ তথা জ্যোতির্বিদ। সম্পূর্ণ নাম ষ্টিফেন উহলিয়াম হকিং।১৯৪২ চনত ড° ফ্রাঙ্ক হকিং আৰুইছােবেল হকিঙৰ পুত্ৰ ষ্টিফেনে জন্ম লাভ কৰে। লণ্ডনত স্কুলীয়া জীৱন আৰম্ভ কৰা হকিঙে প্রথম শ্ৰেণীৰ স্নাতক ডিগ্রী লাভ কৰে অক্সফোর্ড বিশ্ববিদ্যালয়ৰ পৰা আৰু কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ ত্রিনীতি কলেজৰ পৰা লাভ কৰে স্নাতকোত্তৰ ডিগ্ৰী। কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ গবিল এণ্ড কীইজ কলেজ পৰা তেওঁ ডক্টৰেট ডিগ্রীও পায় ‘প্রপার্টিজ অৱ এক্সপাণ্ডিং ইউনিভার্ডেছ’ শীর্ষক গৱেষণা গ্রন্থৰ বাবে। আপেক্ষিকতা, কোৱান্টাম বলবিদ্যাৰ আছিল তেওঁৰ প্ৰধান গৱেষণাৰ বিষয় আৰু কর্মক্ষেত্ৰৰাে বিষয়।,১৯৭৯ চনৰ পৰা ২০০৯-লৈকে তেওঁ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ লুকাছীয় অধ্যাপক আছিল। গবিল এণ্ড কীইজ কলেজৰ ফেল’হিচাপেও তেওঁ তিনি বছৰ কার্যনির্বাহ কৰিছিল। বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জার্নালত তেওঁৰ লেখা প্রকাশৰ উপৰি গৱেষণাসমৃদ্ধ গ্রন্থ বহুকেইখন তেওঁ ৰচনা কৰি থৈ গৈছে। জীৱনকালত তেওঁ অজস্র বঁটা-বাহন, সন্মানেৰে বিভূষিত হৈছে। ছাত্ৰাৱস্থাতে দুৰাৰােগ্য মটৰ নিউৰন ৰােগত আক্ৰান্ত হৈও তেওঁ পৰিগণিত হ’ব পাৰিছিল বিশ্বৰ সমকালীন বিজ্ঞানীসকলৰ মাজত অন্যতম শ্রেষ্ঠৰূপে। তেওঁৰ তুলনা কৰা হয় ইতিহাস প্রসিদ্ধ বিজ্ঞানী গেলিলিও গেলিলি আৰু ছাৰ আইজাক নিউটনৰ লগত। এইগৰাকী মহান বিজ্ঞানীৰ মৃত্যু হয় ২০১৮ চনৰ ১৪ মার্চত।

অৰুণিমা সিনহা Class 10 Question Answer

ভাষা বিষয়ক
১। সন্ধি ভাঙা :
সংশয়, পর্বতাৰােহণ, উৎসাহ, হিমালয়, প্রত্যাহ্বান,বিপদাপন্ন।
উঃ সংশয় : সম্ + শয়।
পর্বতাৰােহণ : পর্বত+আৰােহণ
উৎসাহ : উৎ+সাহ
হিমালয় : হিম+আলয়
প্রত্যাহ্বান : প্রতি + আহ্বান
বিপদাপন্ন : বিপদ + আপন্ন

২। তলৰ শব্দকেইটাৰ উপসৰ্গ ভাঙি দেখুওৱা :
অনুৰাগ, অনুভৱ, অভিনয়, প্রতিফল।
উঃ অনুৰাগ : অনু +ৰাগ
অনুভৱ: অনু + ভৱ
অভিনয় : অভি + নয়
প্রতিফল : প্রতি + ফল

অতিৰিক্ত প্রশ্নোত্তৰ
১। অতি চমু প্রশ্নোত্তৰ ?
(ক) অৰুণিমা সিনহাই যাত্রা কৰা ৰেলগাড়ীখন ক’ৰ পৰা ক’লৈ গৈ আছিল?
উঃ অৰুণিমা সিন্হাই যাত্ৰা কৰা ৰেলগাড়ীখন লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখে গৈ আছিল।

(খ) অৰুণিমা সিন্হা ৰে’ল আলিৰ কাষত পৰি থকা অৱস্থাত তেওঁৰ কাষেৰে কিমানখন ৰেলগাড়ী পাৰ হৈ গৈছিল ?
উঃ অৰুণিমা সিন্হা ৰেলআলিৰ কাষত পৰি থকা অৱস্থাত তেওঁৰ কাষেৰে উনচল্লিশখন ৰেলগাড়ী পাৰ হৈ গৈছিল।

(গ) অৰুণিমা সিনহাই দুর্ঘটনাটোত কি হেৰুৱাইছিল?
উঃ অৰুণিমা সিনহাই দুর্ঘটনাটোত এখন ভৰি হেৰুৱাইছিল।

(ঘ)গুৰুতৰভাবে আহত অৰুণিমাক কোনখন চিকিৎসালয়ত ভৰ্তি কৰােৱা হৈছিল ?
উঃ গুৰুতৰভাৱে আহত অৰুণিমাক নতুন দিল্লীৰ অল ইণ্ডিয়া ইন্সটিটিউট অৱ মেডিকেল চাইন্সত ভর্তি কৰােৱা হৈছিল।

(৬) অৰুণিমা কিমান সময় ৰে’ল আলিৰ কাষত পৰি আছিল ?
উঃ অৰুণিমা প্রায় সাত ঘণ্টা সময় ধৰি ৰে’লৰ আলিৰ কাষত পৰি আছিল।

(চ) অৰুণিমাই ক’ৰ পৰা পৰ্বতাৰোহন প্রশিক্ষণ গ্রহণ কৰিছিল ?
উঃ অৰুণিমাই টাটা ষ্টীল এডভেন্সাৰ ফাউণ্ডেচনৰ পৰা পর্বতাৰােহণৰ প্রশিক্ষণ গ্রহণ কৰিছিল।

(ছ) মাউন্ট চামছেৰ কাংৰিৰ উচ্চতা কিমান?
উঃ মাউন্ট চামছেৰ কাংৰিৰ উচ্চতা ২১,৭৯৮ ফুট।

(জ) অৰুণিমাই কোনজন ক্রিকেট খেলুৱৈৰ পৰা আত্মবিশ্বাস তথা মনােবল লাভ কৰিছিল ?
উঃ অৰুণিমাই ভাৰতীয় ক্রিকেট দলৰ যুৱৰাজ সিঙৰ পৰা আত্মবিশ্বাস তথা মনােবল লাভ কৰিছিল।

(ঝ) কিমান চনত অৰুণিমাই ‘টেনজিং নৰগে সন্মান লাভ কৰিছিল ?
উঃ ২০১৫ চনত অৰুণিমাই ‘টেনজিংনৰগে সন্মান’লাভ কৰিছিল।

(ঞ) অৰুণিমাই ভাৰতৰ কোনজন ৰাষ্ট্ৰপতিৰ পৰা “এমেজিং ইণ্ডিয়ান এৱাৰ্ড” লাভ কৰিছিল ?

উঃ অৰুণিমাই ভাৰতৰ তদানীন্তন ৰাষ্ট্রপতি প্রণব মুখার্জীৰ পৰা এমেজিং ইণ্ডিয়ান এৱার্ড’ লাভ কৰিছিল।

(ট) কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ কিমান দিন পাছত অৰুণিমা সিনহাই এভাৰেষ্ট শৃংগত পদার্পণ কৰিছিল?
উঃ কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ বাৱন দিন পাছত অৰুণিমা সিন্হাই এভাৰেষ্ট শৃংগত পদার্পণ কৰিছিল।

দশম শ্ৰেণীৰ অসমীয়া অৰুণিমা সিনহা

২। চমু প্রশ্নোত্তৰ :
(ক) অৰুণিমাই ডকাইতৰ দলটোক কি দিবলৈ অমান্তি হৈছিল আৰু কিয়?
উঃ অৰুণিমাই ডিঙিত পিন্ধি থকা চেইনডাল ডকাইতৰ দলটোক দিবলৈ অমান্তি হৈছিল। কাৰণ অৰুণিমাক সেই চেইনডাল মাকে মৰমতে দিছিল। তেওঁৰ বাবে চেইনডাল সামান্য অলংকাৰ নহয়, বৰং মাকৰ আশীর্বাদহে। মাকৰ হাতৰ পৰশ লাগি থকা চেইনডাল অৰুণিমাৰ বাবে আছিল অত্যন্ত মূল্যবান। সেয়ে ডকাইতৰ দলটোলৈ ভয় নকৰি তেওঁ চেইনডাল পিন্ধি আছিল।

(খ) অৰুণিমাৰ পৰ্বাতাৰােহণৰ আকাংক্ষা দেখি বিভিন্নজনে তেওঁক কি পৰামর্শ দিছিল?
উঃ অৰুণিমাৰ পর্বতাৰােহণৰ আকাংক্ষা দেখি বহুজনে তেওঁক সেই আকাংক্ষা ত্যাগ উঃ অৰুণিমাৰ পর্বতাৰােহণৰ আকাংক্ষা দেখি বহুজনে তেওঁক সেই আকাংক্ষা ত্যাগ কৰিবলৈ পৰামর্শ দিছিল। কাৰণ, দুবৃত্তৰ কবলত পৰি অৰুণিমাই এখন ভৰি হেৰুৱাইছিল আৰু আনখন থাকিও নথকাৰ দৰে। তেনেস্থলত পর্বতাৰােহণৰ কঠিন কৌশল আৰু পৰিশ্ৰমত অৰুণিমাই সফল হােৱাটো অসম্ভৱ। বৰং অত্যধিক পৰিশ্রমে ভৰি দুখনলৈ বিপদহে মাতি আনিব পাৰে। সেয়ে এনে সপােন ত্যাগ কৰি সাধাৰণভাৱে জীৱন অতিবাহিত কৰিবলৈ বহু লােকে অৰুণিমাক পৰামর্শ দিছিল।

(গ) অৰুণিমাই ক’ৰ পৰা আৰু কাৰ তত্ত্বাবধানত পর্বতাৰােহণৰ অনুশীলন গ্রহণ কৰিছিল ?
উঃ অৰুণিমাই উত্তৰ কাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিচন গ্রুপত যােগ দি বাচেন্দ্রি পালৰ তত্ত্বাৱধানত টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনে চলােৱা অনুশীলন কেম্পত প্রশিক্ষণ লৈছিল।

(ঘ) “ইমানখিনিলৈ আহি আৰু উভতি যােৱাৰ প্রশ্ন নুঠে৷ যি হয় দেখা যাব।”
-এই কথাষাৰ কোনে, কাক আৰু কিয় কৈছিল ?
উঃ প্রশ্নোদ্ধৃত কথাষাৰ অৰুণিমাই এভাৰেষ্ট আৰােহণৰ সময়ত তেওঁৰ লগত যােৱা শ্বেৰপাৰজনক কৈছিল। এভাৰেষ্ট আৰােহণৰ বাবে যাওঁতে অৰুণিমাই লগত লৈ গৈছিল পানী আৰুঅক্সিজেন। কিন্তু চাৰি নং কেম্প পাওঁতে লগত নিয়া অক্সিজেন প্রায় শেষ হৈছিলগৈ। সেই সময়ত দুয়াে ভৰিৰ পৰা ভয়ংকৰভাৱে তেজো নিগৰিছিল। অৰুণিমাৰ আসন্ন মৃত্যুৰ সম্ভাৱনা দেখি লগত যােৱা শ্বেৰপাজনে তেওঁক উভতি যােৱাৰ কথা কৈছিল। কিন্তু অদম্য আত্মবিশ্বাসী অৰুণিমাই প্রশ্নোদ্ধৃত কথাষাৰিৰে শ্বেৰপাক নিজৰ ইচ্ছাৰ কথা জনাইছিল।

(ঙ) অৰুণিমা সিন্হাই কি কি বঁটা তথা সন্মান লাভ কৰিছিল ?
উঃ এভাৰেষ্ট আৰােহণ কৰিবলৈ সক্ষম হােৱা অৰুণিমা সিন্হাই তেওঁৰ উল্লেখনীয় সাফল্যৰ বাবে ২০১৫ চনত লাভ কৰে ভাৰতবৰ্ষৰ চতুর্থ সর্বোচ্চ অসামৰিক সন্মান ‘পদ্মশ্রী’। একে বর্ষতে দেশৰ ৰাষ্ট্রপতি প্রণৱ মুখার্জীৰ পৰা তেওঁ লাভ কৰে’ টেনজিং নৰগে সন্মান’। ২০১৪ চনত লাভ কৰে ‘এমেজিং ইণ্ডিয়ান এৱাৰ্ড’।

Leave a Comment