বৰগীত Class 10 Question Answer – সকলো প্ৰশ্নৰ উত্তৰ

শ্ৰেণী দশম
বিষয় অসমীয়া
পাঠ বৰগীত
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

বৰগীত Class 10 Question Answer

পাঠভিত্তিক প্রশ্নোত্তৰ (ভাব বিষয়ক)

১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া ।
(ক) নেৰিবা বান্ধৰ মােক জীৱনে মৰণে।”
কবিয়ে জীবনে মৰণে নেৰিবৰ বাবে কাক অনুৰােধ কৰিছে?
উত্তৰঃ কবিয়ে ভগৱানক জীৱনে মৰণে নেৰিবৰ কাৰণে অনুৰােধ কৰিছে।

(খ) “সনক সনন্দ যােগী যাহাকু ধিয়ায়”।
–সনক, সনন্দ আদি যােগীসকলে কাক ধ্যান কৰে বুলি কৈছে?
উত্তৰঃ সনক, সনন্দ আদি যযাগীসকলে হৰি অর্থাৎ ভগৱান শ্রীকৃষ্ণক ধ্যান কৰে বুলি কৈছে।

(গ) কবি কিহত আতুৰ হােৱা বুলি কৈছে?
উত্তৰঃ কবি সাংসাৰিক দুখ, বিষয় বাসনাত আতুৰ হােৱা বুলি কৈছে।

(ঘ) বৰগীতটি কোনে ৰচনা কৰা?
উত্তৰঃ বৰগীতটি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা।

(ঙ) বৰগীতটি কি ৰাগত বন্ধা আছে?
উত্তৰঃ বৰগীতটি বসন্ত ৰাগত বন্ধা আছে।

(চ) কবিয়ে বান্ধৱ বুলি কাক সম্বােধন কৰিছে?
উত্তৰঃ কবিয়ে হৰিক বান্ধৱ’বুলি সম্বােধন কৰিছে।
(ছ) মােহ-পাশ’ মানে কি?
উত্তৰঃ “মােহ-পাশ” মানে হ’ল মায়াৰ বান্ধোন অর্থাৎ জাগতিক লােভ, আকাংক্ষা আদি মায়াজালৰ বন্ধন।

বৰগীত class 10 মূলভাব

২। বৰগীতটিৰ মূলভাৱ লিখা।
উত্তৰঃ হৰিয়েই ভকতৰ জীৱনৰ সৰ্বস্ব, তেৱেঁই পৰম বান্ধৱ। তেওঁৰ অভয় চৰণত শৰণেৰে সংসাৰ নিকাৰৰ পৰা মুক্তিদানৰ কাকৃতি কবিতাটোৰ মূলভাব।
কবি সাংসাৰিক জীৱ। বৈষয়িক সুখৰ থলী এই সংসাৰ দৰাচলতে সকলাে যন্ত্রণাৰ উৎস। সাংসাৰিক মায়াই জীৱক বিষয়সুখত নিমগ্ন কৰায় আৰু জীৱৰ নানা পাপকর্মত ৰত হয়। জীৱন এনেদৰে হৈ পৰে যন্ত্রণাদগ্ধ। মৃত্যু পর্যন্ত জীৱই ভােগ কৰে সংসাৰৰ যন্ত্রণা। দুখ-যন্ত্ৰণাত জৰ্জৰিত জীৱই এটা সময়ত জীৱনৰ ক্ষণস্থায়িত্ব উপলব্ধি কৰে। ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি হাহাকাৰ কৰে। আত্মপােলব্ধিৰে বুজি উঠে যে সংসাৰ যন্ত্ৰণাৰ পৰা মুক্তিৰ পথ দেখুৱাব পাৰে কেৱল হৰিয়েহে। কবিৰ ক্ষেত্ৰতাে একেই কথা প্রযােজ্য। কবিও জীৱন যন্ত্রণাত দগ্ধ। হৰিৰ মহিমা অপাৰ। সনক, সনন্দ আদি সিদ্ধ মহামুনিগণেও হৰিমহিমা আয়ত্ত কৰিবলৈ গভীৰ ধ্যানত নিমগ্ন হয়। তেওঁৰ প্রকৃত মহিমা কৈ ওৰ পেলাব নােৱাৰে নিগম শাস্ত্রসমূহেও। যি অনন্ত নাগ হৰিৰ বিশ্রামস্থলী সেই নাগৰ সহস্র মুখেও তেওঁৰ মহিমা বর্ণাই শেষ কৰিব নােৱাৰে। তেনেস্থলত তেওঁৰ মহিমা বুজিব পৰাটো কবিৰ দৰে সাধাৰণ ভকতৰ বাবে অতি দুৰূহ কাম। পৰম জ্ঞানীসকলে চলাথ কৰিও বিচাৰি নােপােৱা হৰিৰ ওচৰ চপাটো অসাধ্য কাম। হৰিকৃপা অবিহনে তেওঁৰ মহিমা আয়ত্ত কৰাটো অসম্ভৱ বুলি কবিয়ে ভাবে। তেওঁ বিশ্বাস কৰে হৰিচৰণেই প্রকৃত ভকতৰ মহাধন আৰু হৰিয়েই তেওঁলােকৰ জীৱনৰ সৰ্বস্ব। সেয়ে সংসাৰ নিকাৰত অস্থিৰ কবিয়ে হৰিৰ কমলসম চৰণ দুখনিত শৰণ লৈ উদ্ধাৰ পাব বিচাৰিছে জীৱনৰ সমস্ত দুখ-যন্ত্রণাৰ পৰা। সংসাৰৰ নিদাৰুণ মােহবান্ধোনৰ পৰা মুক্ত কৰিবলৈ কৃপাৰ সাগৰ হৰিৰ কৃপাভিক্ষা কবিয়ে কাতৰে কৰিছে। বৈষ্ণৱ ভক্তকবি মহাপুৰুষজনাৰ দাস্যভক্তি কবিতাটোত সুন্দৰভাৱে পৰিস্ফুট হৈছে। আৰু এয়াই কবিতাটোৰ বিশেষত্ব।

বৰগীত class 10

৩। বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া।
উত্তৰঃ কবি পৰিচয়ঃ (শ্রী শ্রী মাধৱদেৱ) – কবি মাধৱদেৱ হৈছে অসমীয়া বৈষ্ণৱ ভক্তি সাহিত্যৰ অন্যতম হােতা। ১৪৮৯ চনত জন্ম গ্রহণ কৰা মাধৱদেৱৰ পিতৃ আছিল গােবিন্দগিৰী ভূঞা আৰু মাতৃৰ নাম মনােৰমা। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত জন্ম ল’লেও মাধৱদেৱে পিচে শিক্ষা গ্রহণ কৰিছিল বর্তমান বাংলাদেশত অৱস্থিত বাণ্ডুকাতহে। ১৫২২ চনত তেওঁ বেলগুৰিৰ ধুৱাহাটাত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত শৰণ লয়। আহােম স্বৰ্গদেউৰ ৰােষৰ বলি হৈ ১৫৪৬ চনত তেওঁ কোচবিহাৰলৈ ভটিয়াই আহে। ভাটীৰ ফালে অর্থাৎ নামনি অসমৰ বাৰাদি, গণককুছি, সুন্দৰীদিয়া, ভেলাদাঙ্গা আদি ঠাইত তেওঁ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অর্থে নিত্য নতুন সাহিত্যকর্মৰ সৃষ্টিত ব্ৰতী হৈছিল। ১৫৬৮ চনত গুৰু শংকৰদেৱৰ মৃত্যুৰ পাছত নৱবৈষ্ণৱ ধর্ম প্রচাৰৰ সম্পূর্ণ দায়িত্বভাৰ মাধৱদেৱে কান্ধ পাতি লৈ দক্ষতাৰে সেই কার্য চলাই নিছিল। ধর্ম প্রচাৰ কালত তেওঁ বৈষ্ণৱ ধৰ্মৰ ৰম্যপুৰীৰূপে বিখ্যাত বৰপেটা সত্র’ প্রতিষ্ঠা কৰে যি আজিও সগর্বে সত্ৰ পৰম্পৰা অক্ষুন্ন ৰাখিছে। অসাধাৰণ প্ৰতিভাৰ অধিকাৰী এইজনা মহাপুৰুষে ১৫৯৬ চনত কোচবিহাৰৰ ভেলাদাঙ্গাত ইহলীলা সম্বৰণ কৰে। গুৰুজনাই। জীৱিতকালত ৰচনা কৰা সাহিত্য সম্ভাৰ হ’ল নামঘােষা,বৰগীত, ৰাজসূয় যজ্ঞ, দধিমথন বা অর্জুন ভঞ্জন, ভূমি লেটোৱা, চোৰধৰা, পিম্পৰা গুছুৱা, ভােজন বিহাৰ, গুৰু ভটিমা, ভক্তি ৰত্নাৱলী, জন্ম ৰহস্য আদি।

8। ব্যাখ্যা কৰাঃ
(ক) “সহস্র বয়নে যাৰ নপাৱন্ত সীমা।
অধমে জানিবাে কেনে তােমাৰ মহিমা।”
উত্তৰঃ সংগতিঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্রী শ্রী মাধৱদেৱ বিৰচিত বৰগীত’ৰ পৰা উদ্ধৃত কৰা হৈছে।
প্রসংগঃ হৰিৰ মহিমা বর্ণনা কৰিবলৈ গৈ কবি মাধৱদেৱে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।
ব্যাখ্যাঃ সংসাৰৰ একমাত্র ত্রাণকর্তা হৈছেহৰি। তেওঁৰ মহিমা অপাৰ। সিদ্ধ মহামুনিগণে ধ্যান কৰিও হৰি মহিমা আয়ত্ত কৰিব নােৱাৰে। নিগম শাস্ত্ৰই তেওঁৰ মহিমা কৈ অন্ত পেলাব নােৱাৰে। যি অনন্তনাগ হৰিৰ বিশ্রামস্থলী সেই নাগৰ সহস্র মুখেও তেওঁৰ মহিমা বর্ণাই শেষ কৰিব নােৱাৰে। তেনেস্থলত কবি হৈছে অতি সাধাৰণ প্ৰাণী, তেওঁৰ কাৰণে হৰি মহিমা জানিব পৰাটো অতি কঠিন কাম। পৰম জ্ঞানীসকলে চলাথ কৰিও বিচাৰি নােপােৱা হৰিৰ মহিমা বুজি উঠিবলৈ কবিয়ে অক্ষমতা প্রকাশ কৰিছে। কবিয়ে বুজি উঠিছে যে হৰি কৃপা অবিহনে তেওঁৰ অনন্তমহিমা আয়ত্ত কৰাটো সম্ভৱ নহয়। ব্যাখ্যেয় কবিতাফাকিত এনে ভাবেই ফুটি উঠিছে।

class 10 assamese বৰগীত question answer

(খ) “আতুৰ ভৈলােহাে হৰি বিষয় বিকলে।
কৰিয়াে উদ্ধাৰ মােক চৰণ কমলে।”
উত্তৰঃ সংগতিঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্রী শ্রী মাধৱদেৱ বিৰচিত বৰগীত’ৰ পৰা উদ্ধৃত কৰা হৈছে।
প্রসংগঃ সংসাৰৰ মায়াপাশৰ পৰা মুক্তিপথ দেখুৱাবলৈ হৰিক প্রার্থনা জনাই কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।
ব্যাখ্যাঃ মানুহ সাংসাৰিক জীৱ। সংসাৰ সকলাে যন্ত্রণাৰ উৎস। বৈষয়িক সুখৰ থলী এই সংসাৰ। পাৰ্থিৱ সুখ-সম্পদে মানুহক এনেকৈ গ্রাস কৰে যে তেওঁলােকে বিষয় সুখকে জীৱনৰ একমাত্র সত্য বুলি ভুল কৰে। বিষয় বাসনাত নিমগ্ন হৈ মানুহে নানা পাপকর্মত ৰত হয়, ফলত জীৱন হৈ পৰে যন্ত্রণাময়। জীৱই মৃত্যু পর্যন্ত ভােগ কৰে এই যন্ত্রণা। দুখ-যন্ত্ৰণাত ভাৰাক্রান্ত জীৱ জৰ্জৰিত হৈ পৰে আৰু উপলব্ধি কৰে যে মানৱ জীৱন ক্ষণস্থায়ী। সংসাৰ নিকাৰত ভুগি কবিও অস্থিৰ হৈ পৰিছে। এই যন্ত্রণাৰ পৰা মুক্তিৰ পথ বিচাৰি কবিৰ মন হাহাকাৰ কৰি উঠিছে।নিৰ পায় হৈকবিয়ে হৰিৰ চৰণত শৰণ লৈছে। কিয়নাে কবিয়ে বিশ্বাস কৰে সংসাৰৰ সমস্ত যন্ত্রণাৰ পৰা জীৱক মুক্তি দিব পাৰে একমাত্ৰ হৰিয়েহে। হৰিৰ কমলসম চৰণ দুখনিত শৰণ লৈ কবি মহাপুৰুষজনাই উদ্ধাৰ পাব বিচাৰিছে। জীৱনৰ সমস্ত দুখ-যন্ত্রণাৰ পৰা এনে ভাব ব্যাখ্যেয় কবিতাফাকিৰ মাজেৰে স্পষ্ট হৈ পৰিছে।

(গ) “তােমাৰ চৰণ দুই মােৰ মহা ধন।
ভকত জনেৰ নিজ তুমিসে জীৱন।”
উত্তৰঃ সংগতিঃ উদ্ধৃত পদফাকি আমাৰ পাঠ্যপুথি ‘অসমীয়া সাহিত্য চয়নিকা’ৰ মহাপুৰুষ শ্রী শ্রী মাধৱদেৱ বিৰচিত বৰগীত’পাঠটিৰ পৰা লােৱা হৈছে।
প্রসংগঃ পদফাকিৰ জৰিয়তে মহাপুৰুষজনাই কৈছে যে, ভগৱানৰ চৰণতে ভক্তসকলৰ প্রকৃত জীৱন আৰু ভক্তসকলৰ বাবে ভগৱানৰ চৰণ দুখনেই হ’ল অমূল্য সস্পদ।
ব্যাখ্যাঃ কবিৰ মতে সংসাৰৰ মায়া মােহৰ পৰা মুক্ত হ’বলৈ হ’লে ভগৱানৰ চৰণত শৰণ লােৱাৰ বাহিৰে অন্য কোনাে উপায় নাই। সর্বব্যাপ্ত নিৰাকাৰ ভগৱানেই হৈছে জগতৰ সৃষ্টিকর্তা, পালনকর্তা তেওঁ সকলােৰে উৰ্দ্ধত, গতিকে তেওঁৰ চৰণত শৰণ লাভ কৰা মানে জগতৰ মূল্যৱান সম্পদ লাভ কৰাৰ সমান। মহাপুৰুষজনাৰাে এয়া জীৱনৰ একান্ত আকাংক্ষিত মহাধন কাৰণ তেওঁ হ’ল ভগৱানৰ একান্ত ভক্ত। ভক্তৰ কাৰণে ভগৱানেই পৰম আশ্রয়, সেয়ে ভক্তৰ জীৱন ভগৱানতেই সদায় সমর্পিত। হৰিচৰণেই হৈছে প্রকৃত ভকতৰ মহাধন আৰু হৰিয়েই ভকতৰ জীৱনৰ সর্বস্ব ব্যাখ্যেয় কবিতাফাকিৰ দ্বাৰা কবিয়ে এনে ভাবকেই সামৰিছে।

৫। ‘সনক সনন্দ যােগী যাহাকু ধিয়ায়
সকল নিগমে যাক বিচাৰি নাপায়।
– তাৎপর্য বিচাৰ কৰা।
উত্তৰঃ আগম আৰু নিগম আদি শাস্ত্ৰত ভগৱানৰ বিভিন্ন মহিমাৰ বিষয়ে বর্ণনা কৰা হৈছে। কিন্তু এই শাস্ত্ৰত দাঙি ধৰা বর্ণনাসমূহ অধ্যয়ন কৰিয়েই ভগৱানৰ প্রকৃত স্বৰূপ উপলব্ধি কৰাটো সম্ভৱ নহয়। ভগৱানৰ প্রকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হ’লে একান্তমনে ভগৱানক ভক্তি কৰাৰ প্রয়ােজন। সেয়ে সনক, সনন্দৰ দৰে যােগীসকলেও ভগৱানৰ স্বৰূপ উপলব্ধিৰ বাবে একান্ত মনে ভগৱানক ধ্যান কৰে।
অর্থাৎ কবিয়ে কৈছে যে ভগৱানৰ প্রকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হ’লে গভীৰ তপ-জপ কৰাতকৈ বা শাস্ত্ৰ আদিৰ অধ্যয়নত নিমগ্ন হােৱাতকৈ শুদ্ধচিত্তে ভক্তিভাৱে একান্ত মনে ভগৱানক প্রার্থনা কৰাৰহে প্রয়ােজন।

বৰগীত বৈশিষ্ট্য সমূহ কি কি ?

৬। বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা?
উত্তৰঃ বৰগীতৰ চাৰিটা লক্ষণ হল –
(ক) বৰগীতসমূহ চৈধ্য প্ৰসংগৰ অন্তৰ্গত।
(খ) বৰগীতসমূহ হ’ল শাস্ত্রীয় ৰাগ-তালযুক্ত গীত।

(গ) বৰগীতসমূহৰ ৰচনাশৈলী ব্ৰজাৱলী ভাষাৰ।
(ঘ) বৰগীতসমূহ হ’ল ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্রকাশক গীত।

ভাষা বিষয়ক
১। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা ?
নপাৱন্ত, কেনে, ভৈলােহাে, তুমিসে, জনেৰ, কহয়।

শব্দ আধুনিক ৰূপ
নপান্ত নাপায়
কেনে কেনেকৈ, কিদৰে
ভৈলােহ হ’লোঁ
তুমিসে তুমিহে, তুমিয়েই
জনেৰ জনৰ, সকলৰ
কহয় কয়

 ২। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ হলঃ
(ক) ব্ৰজাৱলী হ’ল মধ্যযুগীয় বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এক কৃত্রিম সাহিত্যিক ভাষা।
(খ) ব্ৰজাৱলী ভাষাৰ মূল ভেটি হ’ল মৈথিলী ভাষা।
(গ) পশ্চিমা হিন্দীৰ অপভ্রংশ ব্রজভাষাৰ লগত এই ভাষাৰ কোনাে সম্পর্ক নাই।
(ঘ) এই ভাষাই উৰিষ্যা, বংগ আৰু অসমত থলুৱা ভাষাৰ মিশ্ৰণেৰে কিছুসুকীয়া স্থান গ্রহণ কৰিছে।
(ঙ) ব্ৰজাৱলী ভাষাটো শক্তিশালী হােৱাৰ উপৰি প্ৰচুৰ স্বৰধ্বনি প্রয়ােগ হােৱাৰ বাবে ই অতি শ্রুতিমধুৰ হৈ পৰিছে।

বৰগীত class 10 অতিৰিক্ত প্রশ্নোত্তৰ

১। অতি চমু প্রশ্নোত্তৰ ?
(ক) মাধৱদেৱৰ কেতিয়া আৰু ক’ত জন্ম হৈছিল ?
উত্তৰঃ মাধৱদেৱৰ ১৪৮৯ চনত লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত জন্ম হৈছিল।

(খ) মাধৱদেৱৰ পিতৃ-মাতৃৰ নাম কি আছিল?
উত্তৰঃ মাধৱদেৱৰ পিতৃৰ নাম গােবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম মনােৰমা আছিল।

(গ) মাধৱদেৱ কাৰ প্রিয় শিষ্য আছিল?
উত্তৰঃ মাধৱদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্রিয় শিষ্য আছিল।

(ঘ) মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা কিমান?
উত্তৰঃ মাধৱদেৱৰ ৰচিত বৰগীতৰ সংখ্যা ১৫৭ টা।

(ঙ) মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ বুলি কোনখন গ্রন্থক অভিহিত কৰা হয়।
উত্তৰঃ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ বুলি “নামঘােষাক কোৱা হয়।

(চ) মাধৱদেৱৰ নাটসমূহক সাধাৰণতে কি বুলি কোৱা হয়?
উত্তৰঃ মাধৱদেৱৰ নাটসমূহক সাধাৰণতে ঝুমুৰা বুলি কোৱা হয়।

(ছ) নামঘােষাৰ অন্য এটা নাম কি?
উত্তৰঃ নামঘােষাৰ অন্য এটা নাম হ’ল হেজাৰী ঘােষা।

(ঝ) মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্তু কি?
উত্তৰঃ মাধৱদেৱৰ বৰগীতসমূহৰ মূল বিষয়বস্তু শিশু কৃষ্ণৰ লীলা।

বৰগীত Class 10 Short Questions Answer

২। চমু প্রশ্নোত্তৰ ?
(ক) বৰগীত কাক বােলে?
উত্তৰঃ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত উচ্চ মানবিশিষ্ট সাৱলীল ভাষাৰ স্তুতিমূলক তথা উপদেশপূর্ণ শাস্ত্রীয় ৰাগযুক্ত আৰুঅধ্যাত্মিক ভাৱ-গধুৰ গীতসমূহকে বৰগীত বুলি কোৱা হয়।

(খ) বৰগীতৰ বিষয়বস্তু কি?
উত্তৰঃ বৰগীতৰ বিষয়বস্তু সাংসাৰিক কামনা বাসনাযুক্ত বা শৃংগাৰ ভাববিশিষ্ট হ’ব নােৱাৰে। ইয়াৰ বিষয়বস্তু শিশু শ্রীকৃষ্ণ বা বাল-গােপালৰ লীলা-খেলা বিষয়ক আছিল।

(গ) শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত গীতসমূহক কিয় বৰগীত আখ্যা দিয়া হয়?
উত্তৰঃ শংকৰদেৱ আৰু মাধৱদেৱৰ সমসাময়িক ভক্ত কবিসকলে নৱবৈষ্ণৱ যুগত ৰচিত আন আন গীতৰ পৰা তেওঁলােকৰ গুৰু দুজনাৰ গীতখিনিক পৃথক কৰি দেখুৱাবৰ বাবে বৰগীত’ বিশেষণটো প্রয়ােগ কৰিছিল। ভাব, ভাষা, সুৰ, প্রকাশভংগী আৰু বিষয়বস্তুৰ গাম্ভীর্যৰ ফালৰ পৰা ই অন্য গীততকৈ বৰ’ অর্থাৎ শ্রেষ্ঠ। এনে অর্থতে মহাপুৰুষ দুজনাৰ ৰচিত গীতক বৰগীত’আখ্যা দিয়া হয়।

(ঘ) মাধৱদেৱৰ বৰগীতসমূহৰ প্ৰধান বিষয়বস্তু কি?
উত্তৰঃ মাধৱদেৱৰ বৰগীতসমূহৰ প্রধান বিষয়বস্তু হ’ল বাল-গােপালৰ লীলা-খেলা। তেওঁৰ বৰগীতসমূহত শিশুকৃষ্ণৰ চৌৰ-চাতুৰীসমূহ সুন্দৰকৈ বর্ণনা কৰাৰ লগতে যশােদাৰ চিৰন্তন মাতৃত্বৰ ছবিও সুন্দৰভাৱে ফুটাই তােলা হৈছে। মাধৱদেৱৰ বৰগীতৰ এফালে বাৎসল্য আৰু আনফালে দাসত্ব দুয়ােটা ভাৱ সুন্দৰকৈ প্রকাশ পাইছে।

চমুটোকা লিখাঃ
(ক) বৰগীত (খ) ব্ৰজাৱলী ভাষা (গ) ভটিমা
উত্তৰঃ
(ক) বৰগীতঃ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অর্থে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা এক শ্ৰেণীৰ ৰাগ-তাল সম্বলিত গীতকেই বৰগীত’ বােলা হয়। বৰগীতসমূহ সত্ৰৰ চৈধ্য প্ৰসংগৰ অন্তৰ্গত। শংকৰদেৱে বাৰকুৰি বৰগীত ৰচনা কৰিছিল আৰু মাধৱদেৱে ১৫৭ টা বৰগীত ৰচনা কৰিছিল। অৱশ্যে ভাব-ভাষালৈ লক্ষ্য কৰি মাধৱদেৱে নকুৰি এঘাৰটা বৰগীত ৰচিছিল বুলি বিভিন্ন পণ্ডিতে অনুমান কৰিছে।
শংকৰদেৱৰ বৰগীতৰ বিষয়বস্তু হৈছে শ্রীকৃষ্ণৰ লীলা আৰু মাধৱদেৱৰ বৰগীতৰ বিষয়বস্তু হৈছে শিশু কৃষ্ণৰ চোৰ-চাতুৰী। বিষ্ণুৰ অংশৰূপে শ্রীকৃষ্ণৰ শ্রেষ্ঠত্ব প্রতিপাদন কৰি জনসমাজৰ মাজত ভক্তিৰ ৰস বিয়পাই দিয়াই এই বৰগীতসমূহৰউদ্দেশ্য।বৰগীতসমূহইয়াৰ বিষয়বস্তুৰ গাম্ভীর্য, ভাষা, ভাব, সুৰ আদি বৈশিষ্ট্যসমূহৰ কাৰণেই আন গীততকৈ শ্রেষ্ঠ। উল্লেখ্য যে একে ভাব আৰুৰাগ-তাল সম্বলিত আন
কবিৰ ৰচিত গীতক বৰগীত’ নােবােলে।

(খ) ব্ৰজাৱলী ভাষাঃ ব্ৰজাৱলী হৈছে কনিষ্ঠতম সৰ্বভাৰতীয় আর্য ভাষা। ই কোনাে বিশেষ অঞ্চলত প্রচলিত ভাষা নহয়; বৰং অসমীয়া, মৈথিলী, মগধী বা মগহী, ভােজপুৰী, উড়িয়া আদি ভাষাৰ সংমিশ্ৰণত সৃষ্ট এক প্রকাৰৰ কৃত্রিম ভাষা। সৰ্বভাৰতীয় আৱেদন লাভ কৰিব বুলিয়েইনৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শংকৰদেৱে তেওঁৰ নাট আৰু গীতত ব্ৰজাৱলী ভাষা প্রয়ােগ কৰিছিল। তেওঁৰ অনুকৰণতে মাধৱদেৱেও এই ভাষাতগীত, নাটৰচনা কৰিছিল। গুৰুজনাই ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰাৰ আৰু এক কাৰণ হৈছে এই ভাষাটো তুলনামূলকভাৱে আন ভাষাতকৈ কোমল। ব্ৰজাৱলী ভাষাই নিঃসন্দেহে গুৰু দুজনাৰ নাট আৰু গীতক গাম্ভীর্য প্রদান কৰিছিল।

(গ) ভটিমাঃ ‘ভাট’ নামৰ একশ্রেণীৰ ভ্রাম্যমাণ গায়কে গােৱা গাম্ভীর্যসূচক প্রশস্তি গীতবােৰেই হৈছে ভটিমা। শংকৰদেৱেনৱৱৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে তিনি প্ৰকাৰৰ ভটিমা ৰচনা কৰিছিল —নাট ভটিমা’, ‘দেৱ ভটিমা’আৰু ৰাজ ভটিমা’ নাটৰ আৰম্ভণি আৰু শেষত গােৱা ভটিমাই নাট ভটিমা।‘দেৱ ভটিমাত দেৱতাৰ প্রশস্তি আৰু ৰাজ ভটিমাত ৰজাৰ গুণ-গৰিমা বর্ণনা কৰা হয়। এই তিনি শ্ৰেণীৰ লগতে মাধৱদেৱে আৰু একশ্রেণীৰ ভটিমা ৰচনা কৰিছিল, সেয়া হৈছে ‘গুৰু ভটিমা’। মাধৱদেৱে তেওঁৰ গুৰু শংকৰদেৱৰ প্রশস্তি কৰি গাইছিল বিখ্যাত গুৰু ভটিমা ‘জয়গুৰু শংকৰ সর্ব গুণাকৰ যাকেৰি নাহিকে উপাম’।

 

বৰগীতটিৰ মূলভাৱ লিখা।

উত্তৰঃ হৰিয়েই ভকতৰ জীৱনৰ সৰ্বস্ব, তেৱেঁই পৰম বান্ধৱ। তেওঁৰ অভয় চৰণত শৰণেৰে সংসাৰ নিকাৰৰ পৰা মুক্তিদানৰ কাকৃতি কবিতাটোৰ মূলভাব।
কবি সাংসাৰিক জীৱ। বৈষয়িক সুখৰ থলী এই সংসাৰ দৰাচলতে সকলাে যন্ত্রণাৰ উৎস। সাংসাৰিক মায়াই জীৱক বিষয়সুখত নিমগ্ন কৰায় আৰু জীৱৰ নানা পাপকর্মত ৰত হয়। জীৱন এনেদৰে হৈ পৰে যন্ত্রণাদগ্ধ। মৃত্যু পর্যন্ত জীৱই ভােগ কৰে সংসাৰৰ যন্ত্রণা। দুখ-যন্ত্ৰণাত জৰ্জৰিত জীৱই এটা সময়ত জীৱনৰ ক্ষণস্থায়িত্ব উপলব্ধি কৰে। ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি হাহাকাৰ কৰে। আত্মপােলব্ধিৰে বুজি উঠে যে সংসাৰ যন্ত্ৰণাৰ পৰা মুক্তিৰ পথ দেখুৱাব পাৰে কেৱল হৰিয়েহে। কবিৰ ক্ষেত্ৰতাে একেই কথা প্রযােজ্য। কবিও জীৱন যন্ত্রণাত দগ্ধ। হৰিৰ মহিমা অপাৰ। সনক, সনন্দ আদি সিদ্ধ মহামুনিগণেও হৰিমহিমা আয়ত্ত কৰিবলৈ গভীৰ ধ্যানত নিমগ্ন হয়। তেওঁৰ প্রকৃত মহিমা কৈ ওৰ পেলাব নােৱাৰে নিগম শাস্ত্রসমূহেও। যি অনন্ত নাগ হৰিৰ বিশ্রামস্থলী সেই নাগৰ সহস্র মুখেও তেওঁৰ মহিমা বর্ণাই শেষ কৰিব নােৱাৰে। তেনেস্থলত তেওঁৰ মহিমা বুজিব পৰাটো কবিৰ দৰে সাধাৰণ ভকতৰ বাবে অতি দুৰূহ কাম। পৰম জ্ঞানীসকলে চলাথ কৰিও বিচাৰি নােপােৱা হৰিৰ ওচৰ চপাটো অসাধ্য কাম। হৰিকৃপা অবিহনে তেওঁৰ মহিমা আয়ত্ত কৰাটো অসম্ভৱ বুলি কবিয়ে ভাবে। তেওঁ বিশ্বাস কৰে হৰিচৰণেই প্রকৃত ভকতৰ মহাধন আৰু হৰিয়েই তেওঁলােকৰ জীৱনৰ সৰ্বস্ব। সেয়ে সংসাৰ নিকাৰত অস্থিৰ কবিয়ে হৰিৰ কমলসম চৰণ দুখনিত শৰণ লৈ উদ্ধাৰ পাব বিচাৰিছে জীৱনৰ সমস্ত দুখ-যন্ত্রণাৰ পৰা। সংসাৰৰ নিদাৰুণ মােহবান্ধোনৰ পৰা মুক্ত কৰিবলৈ কৃপাৰ সাগৰ হৰিৰ কৃপাভিক্ষা কবিয়ে কাতৰে কৰিছে। বৈষ্ণৱ ভক্তকবি মহাপুৰুষজনাৰ দাস্যভক্তি কবিতাটোত সুন্দৰভাৱে পৰিস্ফুট হৈছে। আৰু এয়াই কবিতাটোৰ বিশেষত্ব।

মাধৱদেৱৰ বৰগীতসমূহৰ প্ৰধান বিষয়বস্তু কি?

উত্তৰঃ মাধৱদেৱৰ বৰগীতসমূহৰ প্রধান বিষয়বস্তু হ’ল বাল-গােপালৰ লীলা-খেলা। তেওঁৰ বৰগীতসমূহত শিশুকৃষ্ণৰ চৌৰ-চাতুৰীসমূহ সুন্দৰকৈ বর্ণনা কৰাৰ লগতে যশােদাৰ চিৰন্তন মাতৃত্বৰ ছবিও সুন্দৰভাৱে ফুটাই তােলা হৈছে। মাধৱদেৱৰ বৰগীতৰ এফালে বাৎসল্য আৰু আনফালে দাসত্ব দুয়ােটা ভাৱ সুন্দৰকৈ প্রকাশ পাইছে।

বৰগীত কাক বােলে?

উত্তৰঃ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত উচ্চ মানবিশিষ্ট সাৱলীল ভাষাৰ স্তুতিমূলক তথা উপদেশপূর্ণ শাস্ত্রীয় ৰাগযুক্ত আৰুঅধ্যাত্মিক ভাৱ-গধুৰ গীতসমূহকে বৰগীত বুলি কোৱা হয়।

Leave a Comment