দেউৰীসকল Class 10 – দশম শ্ৰেণীৰ বৈচিত্র্যময় অসম দেউৰীসকল

দেউৰীসকল Class 10 – দশম শ্ৰেণীৰ বৈচিত্র্যময় অসম দেউৰীসকল

শ্ৰেণী দশম
বিষয় অসমীয়া
পাঠ বৈচিত্র্যময় অসম দেউৰীসকল
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

দেউৰীসকল Class 10

পাঠভিত্তিক প্রশ্নোত্তৰ
১। দেউৰীসকলৰ আদিম বাসস্থান ক’ত আছিল?
উঃ দেউৰীসকলে উত্তৰ-পূব দিশেৰে অসমত প্ৰৱেশ কৰি ব্ৰহ্মপুত্ৰৰ উজনি অঞ্চলত, অর্থাৎ বর্তমান অৰুণাচল প্রদেশৰ লােহিত জিলাৰ জৈদাম পাহাৰৰ আশে-পাশে বসতি স্থাপন কৰিছিল। সেয়েহে, এই অঞ্চলটোকে তেওঁলােকৰ আদিম বাসস্থান হিচাপে গণ্য কৰিব পাৰি।

২। দেউৰীসকলে সামাজিকভাবে কেইটা আৰু কি কি খেলত বিভক্ত উল্লেখ কৰা।
উঃ দেউৰীসকলে সামাজিকভাৱে চাৰিটা খেলত বিভক্ত। এইকেইটা হ’ল— ডিবঙীয়া, টেঙাপনীয়া, বৰগঞা আৰু পাটৰগঞা।

৩। শদিয়াৰ পৰা প্ৰব্ৰজন হৈ আহি দেউৰীসকল প্ৰথমতে অসমৰ কোনকেইখন জিলাত বাস কৰিবলৈ লৈছিল? বর্তমান অসমৰ কেইখন জিলাত তেওঁলােকে বসবাস কৰি আছে?
উঃ শদিয়াৰ পৰা প্ৰব্ৰজন হৈ আহি দেউৰীসকল প্ৰথমতে অবিভক্ত শিৱসাগৰ জিলাৰ মাজুলী আৰু লখিমপুৰ জিলাৰ ডিব্ৰুংনদীৰ পাৰত বাস কৰিবলৈ লৈছিল। বর্তমান দেউৰীসকলে উজনি অসমৰ আঠখন জিলা— তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যােৰহাট, মাজুলী, ধেমাজি, লক্ষীমপুৰ আৰু বিশ্বনাথ চাৰিআলিত বসবাস কৰি আছে

৪। দেউৰীসকলে নিজকে কি বুলি চিনাকি দিয়ে?
উঃ দেউৰীসকলে নিজকে “জিম’চণায়া”হিচাপে চিনাকি দিয়ে।

৫। দেউৰী ভাষা তিব্বত-বর্মী ভাষাগােষ্ঠীৰ কোনটো ভাষা পৰিয়ালত অন্তর্ভুক্ত? কিমান চনত দেউৰী ভাষাক অসম চৰকাৰে চৰকাৰীভাবে স্বীকৃতি প্রদান কৰে?
উঃ দেউৰী ভাষাটো মূলতঃ চীনা-তিব্বতীয় ভাষাগােষ্ঠীৰ তিব্বত বর্মী ভাষা পৰিয়ালৰ বড়াে শাখাৰ অন্তৰ্গত। অসম চৰকাৰে ২০০৫ চনৰ ২৮ জানুৱাৰীত দেউৰী ভাষাক চৰকাৰীভাৱে স্বীকৃতি প্রদান কৰে।

৬। দেউৰীসকলে পালন কৰি অহা তেওঁলােকৰ চাৰিটা উৎসৱৰ নাম উল্লেখ কৰা।
উঃ  দেউৰীসকলে পালন কৰি অহা তেওঁলােকৰ চাৰিটা উৎসৱ হৈছে—কৃষিভিত্তিক উৎসৱ বিবা বচু গিবা মেচ্ছু (বসন্ত কালক স্বাগতম জনােৱা উৎসৱ), বিহু উৎসৱ- চিগাদাগাৰেবা বিচু, বিচু দাবেবা মেছু আৰু মিদি দেৰুবা মেচ্ছু (ৰাজ কেবাং)।

৭। দেউৰীসকল কি ধৰ্মৰ বিশ্বাসী?
উঃ দেউৰীসকল কুন্দি ধৰ্মৰ বিশ্বাসী।

দশম শ্ৰেণীৰ বৈচিত্র্যময় অসম দেউৰীসকল

৮। চমুটোকা লিখাঃ

(ক) ভীমবৰ দেউৰীঃ জনগােষ্ঠীয় পৰিয়ালত জন্মলাভ কৰিও অসমৰ বৃহত্তৰ স্বার্থ ৰক্ষাৰ বাবে অহৰহ যত্নপৰ থকা এগৰাকী ব্যক্তি আছিল ভীমবৰ দেউৰী। সকলাে জনগােষ্ঠীৰ ৰাজনৈতিক আৰু সামাজিক প্রতিষ্ঠাৰ বাবে উঠিপৰি লাগিছিল বাবে অসমৰ প্ৰথমজনা মুখ্যমন্ত্রী গােপীনাথ বৰদলৈয়ে জননেতা’ আখ্যা দিছিল।

১৯০৩ চনত শিৱসাগৰৰ বৰগঞা, দেউৰী গাঁৱত জন্ম দেউৰীয়ে ১৯১৩ চনত প্রাথমিক বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাত শিৱসাগৰ মহকুমাৰ ভিতৰতেই প্রথম স্থান অধিকাৰ কৰিছিল। পাছলৈ কটন মহাবিদ্যালয়ৰ পৰা স্নাতক হৈ কলকাতাৰ প্রেচিডেন্সি কলেজলৈ যায় স্নাতকোত্তৰ শিক্ষাৰ বাবে। আর্থিক অনাটনে তেওঁক স্নাতকোত্তৰ শেষ কৰাত বাধা দিলে কিন্তু ১৯৩২ চনত তেওঁ অসম অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীর্ণ হয়। অৱশ্যে অসামৰিক সেৱাত মনােনিৱেশ নকৰি তেওঁ ওকালতিহে কৰে।

ভৈয়ামৰ অনগ্ৰসৰ জনগােষ্ঠীসমূহক একগােট কৰাৰ উদ্দেশ্যেৰে তেওঁ ১৯৩৩ চনত ট্রাইবেল লীগৰ জন্ম দিয়ে। দুবছৰ পাছত ট্রাইবেল লীগৰ দাবীৰ ভিত্তিতে
অসম বিধানসভাত ভৈয়াম জনজাতিৰ বাবে সংৰক্ষিত হয় ৪ খন আসন। ১৯৩৯ আৰু ১৯৪৬ চনত ভীমবৰ দেউৰী মনােনীত হয় অসম বিধান পৰিষদৰ সদস্য হিচাপে।

১৯৪৫ চনত ভীমবৰ দেউৰীৰ নেতৃত্বত গঠন হয় অন্য এক সংগঠন ‘আচাম ট্রাইবছ এণ্ড ৰেছেচ ফেডাৰেচন’। ১৯৪৭ চনত গােপীনাথ বৰদলৈ মন্ত্রীসভাত বন
আৰু শ্ৰম বিভাগৰ মন্ত্রী নিযুক্ত কৰা হয় দেউৰীক। তেতিয়াই তেওঁ অসমক পাকিস্তানত চামিলনৰ সপক্ষে যুক্তি দাঙি ধৰে ভাইৰয় লর্ড ওডেলৰ সন্মুখত।
জনগােষ্ঠীয় সমাজত থাকিও অসমৰ জনসাধাৰণৰ সামাজিক ৰাজনৈতিক উত্থানৰ কাৰণে দেউৰীয়ে অহোপুৰুষাৰ্থ কৰিছিল। দেশত বহিৰাগত প্ৰব্ৰজনত বাধা, প্রাকৃতিক সম্পদৰ ৰক্ষা, পিছপৰা জাতি-জনগােষ্ঠীৰ সংৰক্ষণৰ ব্যৱস্থা,ৰাজ্যসমূহক শক্তিশালী কৰিবলৈ কেন্দ্ৰৰ পৰা অধিক ক্ষমতা হস্তান্তৰ, স্বায়ত্ত শাসন, বিধান পৰিষদ গঠন, জন গােষ্ঠীসমূহৰ বাবে অর্থনৈতিক সমতা স্থাপন আদি নীতি আছিল তেওঁৰ উদ্ভাৱন যাৰ দ্বাৰা তেওঁৰ বিচক্ষণতা প্রকাশ পাইছিল। এইগৰাকী বৰেণ্য ব্যক্তিয়ে ১৯৪৭ চনৰ ৩০ নৱেম্বৰত মাত্র ৪৪ বছৰ বয়সতে মৃত্যুবৰণ কৰে।

(খ) ৰাধাকান্ত দেউৰীঃ দেউৰী তথা অসমীয়া ভাষা-সাহিত্যৰ এগৰাকী সাহিত্যিক হৈছে ৰাধাকান্ত দেউৰী। ১৯৩১ চনত লক্ষীমপুৰ জিলাৰ বাঁহগড়া দেউৰী গাঁৱত জন্মা ৰাধাকান্ত দেউৰীৰ ঘৰুৱা আর্থিক অৱস্থা সিমান ভাল নাছিল। সেয়ে গাঁৱৰ মানুহৰ সহযােগতে প্রাথমিক শিক্ষা আৰম্ভ কৰে। পাছলৈ যােৰহাটৰ জে বি কলেজৰ স্নাতক দেউৰীয়ে ক্রমে শদিয়া আৰু লক্ষীমপুৰত চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰিবলৈ লয়। ছাত্ৰাৱস্থাতে সাহিত্যচর্চা আৰম্ভ কৰা দেউৰীৰ বিভিন্ন লেখা ভিন ভিন আলােচনী, কাগজ-পত্ৰ আদিত প্ৰকাশ পাইছে। তেওঁ লিখি থৈ যােৱা অমূল্য গ্রন্থসমূহ হ’ল দেউৰী চ্ছু বিব (দেউৰী অভিধান), ‘চ্চিবা জিমষ্ঠায়া চ্ছ বিব (আধুনিক দেউৰী শব্দকোষ) দুখন। ইয়াৰে দ্বিতীয়খন কেৱল দেউৰী ভাষাৰে নহয়, অসমীয়া আৰু ইংৰাজী ভাষাও আছে অর্থাৎ ত্রি-ভাষিক। এই গ্রন্থখন দেউৰী ভাষাৰ পূৰ্ণাংগ অভিধান। তদুপৰি আন এক সংযােজন হৈছে‘ ‘দেউৰী শব্দ সম্ভাৰ‘। ৰাধাকান্ত দেউৰীয়ে সাহিত্য চর্চা দেউৰী ভাষাত কৰিলেও অৱদান কিন্তু অসমীয়া ভাষা-সাহিত্যলৈকে আছিল।

(গ) বৰ্গৰাম দেউৰীঃ বৰ্গৰাম দেউৰী আছিল মুখ্যতঃ এগৰাকী ৰাজনীতিক। ৰাজনীতিৰ জৰিয়তেই তেওঁ আর্থ-সামাজিক উন্নয়নৰ কামতাে জড়িত হৈছিল।
লক্ষীমপুৰ জিলাৰ বিহপুৰীয়াৰ বাহগড়া দেউৰী গাঁৱত ১৯৩৮ চনত বৰ্গৰাম দেউৰীয়ে জন্মলাভ কৰে। জন্মস্থানতে প্রাথমিক শিক্ষা গ্রহণ কৰা দেউৰীয়ে পাছলৈ যােৰহাটৰ জে বি মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ সম্পূর্ণ কৰা দেউৰীয়ে বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতকো লাভ কৰে। তদুপৰি পঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা হােমিওপেথিকৰ স্নাতকো হৈ সােণৰ মেডেল লাভ কৰে।

স্নাতকোত্তৰ শিক্ষাগ্রহণৰ সময়তে দেউৰীয়ে শিক্ষকতা কৰিছিল কামৰূপ একাডেমীত। তাৰ পাছত ওকালতি কৰিবলৈ লয় লক্ষীমপুৰত। মাজতে ওকালতি বাদ দি মণিপুৰত প্রধক্তাৰ চাকৰি কৰিছিল যদিও ভাল নলগাত উভতি আহি পুনৰ ওকালতিত ধৰে। সামাজিক বা ৰাজনৈতিক ক্ষেত্ৰৰ কাম পােনপটীয়াভাৱে আৰম্ভ হয় ১৯৭১ চনত। সেই বৰ্ষত দেউৰী সন্মিলনৰ সভাত তেওঁ সভাপতি নির্বাচিত হয় পৰৱৰ্তী বৰ্ষৰ বাবে। পাছলৈ ১৯৮৩ আৰু ১৯৯১ চনত তেওঁ অসম বিধানসভালৈ বিধায়ক হিচাপে নির্বাচিত হয় বিহপুৰীয়া সমষ্টিৰ পৰা। ১৯৯১ চনত তেওঁ অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্রেণীকল্যাণ বিভাগৰ লগতে ৰেচম আৰু হস্ততাত আৰু বয়ন বিভাগৰ কেবিনেট মন্ত্রী হিচাপে কার্যনির্বাহ কৰে। মন্ত্ৰী হৈ থকা অৱস্থাত তেওঁ দেউৰী জনজাতিৰ অর্থনৈতিক আৰু সামাজিক উন্নতিৰ বাবে দেউৰী স্বায়ত্তশাসিত পৰিষদ গঠনত আগভাগ লয়। দেউৰী ভাষাক চৰকাৰী স্বীকৃতিকৰণ দিয়াটো তেওঁৰ যথেষ্ট অৰিহণা আছে। এইগৰাকী ব্যক্তি ২০০৪ চনত হৃদৰােগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে।

দেউৰীসকল Class 10

(ঘ) শ্রী চন্দ্রসিং দেউৰীঃ  শ্রী চন্দ্ৰসিং দেউৰী হৈছে এগৰাকী লােক-শিল্পী, খেলুৱৈ আৰু লেখক। যােৰহাটৰ উপৰ দেউৰী গাঁৱত ১৯২৭ চনত তেওঁৰ জন্ম হৈছিল। জন্মস্থানতে প্রাথমিক শিক্ষা সম্পূর্ণ কৰা দেউৰীয়ে শ্বিলং কলেজৰ পৰা আই. এ পৰীক্ষাত উত্তীর্ণ হয়। তেওঁ শিক্ষা জীৱনৰ সিমানতে ইতি পেলায়।
১৯৫৫ চনত ভাৰত চৰকাৰৰ অধীনৰ অনুসূচীত জাতি আৰু জনজাতি বিভাগৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী হিচাপে যােগ দিয়া দেউৰীয়ে ১৯৮৮ চনত একে বিভাগৰে অধীক্ষক হিচাপে চাকৰি জীৱনৰ পৰা অৱসৰ লয়।

তেওঁ এগৰাকী লােক-শিল্পীও। আকাশবাণী গুৱাহাটী কেন্দ্ৰত তেওঁ দেউৰী লােকগীত পৰিৱেশন কৰিছিল। ১৯৫৯ চনত তেওঁৰ নেতৃত্বতে দিল্লীত অনুষ্ঠিত গণৰাজ্য দিৱসত দেউৰী লােক-গীত আৰু লােক নৃত্য পৰিৱেশন কৰা হৈছিল। দেউৰী এগৰাকী লেখকো। এতিয়ালৈকে প্রকাশিত তেওঁৰ গ্ৰন্থসমূহ হ’ল— ‘আৰাও, ‘আৰ্চিয়ইবা’, ‘আমিৰিয়া ইবা’, ‘বিচু’, ‘হিচৰি’ আৰু দেউৰী জনজীৱন’।

অতিৰিক্ত প্রশ্নোত্তৰঃ
১। অতি চমু প্রশ্নোত্তৰঃ

(ক) দেউৰীসকল কোন প্রজাতিৰ অন্তৰ্গত জনগােষ্ঠী?
উঃ দেউৰীসকল মংগােলীয় প্রজাতিৰ অন্তৰ্গত জনগােষ্ঠী।

(খ) দেউৰীসকলে কোন দিশৰ পৰা অসমলৈ প্ৰব্ৰজন কৰিছিল?
উঃ উত্তৰ-পূৱ দিশৰ পৰা অসমলৈ প্ৰব্ৰজন কৰিছিল।

(গ) দেউৰীসকলৰ উপাস্য দেবতাজনৰ নাম কি?
উঃ দেউৰীসকলৰ উপাস্য দেৱতাজনৰনাম কুন্দিমামা।

(ঘ) দেউৰী ভাষাটোৱে কেতিয়া চৰকাৰী ভাষা হিচাপে মান্যতা লাভ কৰিছিল?
উঃ ২০০৫ চনৰ ২৮ জানুৱাৰীত দেউৰী ভাষাটোৱে চৰকাৰী ভাষা হিচাপে মান্যতা লাভ কৰিছিল।

(ঙ) ট্রাইবেল লীগৰ প্ৰতিষ্ঠাপক কোন আছিল?
উঃ ভীমবৰ দেউৰী আছিল ট্রাইবেল লীগৰ প্ৰতিষ্ঠাপক।

(চ) ভীমবৰ দেউৰীৰ পত্নীৰ নাম কি আছিল?
উঃ ভীমবৰ দেউৰীৰ পত্নীৰ নাম কমলাৱতী ব্ৰহ্ম।

(ছ) ভীমবৰ দেউৰীক কোনে “জননেতা” আখ্যা প্রদান কৰিছিল ?
উঃ গােপীনাথ বৰদলৈয়ে ভীমবৰ দেউৰীক “জননেতা”আখ্যা দিছিল।

(জ)  “দেউৰী জনজীৱন” নামৰ গ্ৰন্থখনৰ ৰচক কোন?
উঃ “দেউৰী জনজীৱন” নামৰ গ্ৰন্থখনৰ ৰচক শ্রী চন্দ্র সিংহ দেউৰী।

দেউৰীসকল Class 10 Question Answer

২। চমু প্রশ্নোত্তৰ :

(ক) বর্তমান অসমৰ কোন কোন ঠাইত দেউৰী জনগােষ্ঠীৰ লােকে বাস কৰা দেখা যায় ?
উঃ বর্তমান অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যােৰহাট, মাজুলী, ধেমাজী, লক্ষীমপুৰ আৰু বিশ্বনাথ চাৰিআলি জিলাত দেউৰী জনগােষ্ঠীৰ লােকে বাস কৰা দেখা যায়।

(খ) কুন্দিমামাৰ অর্থ কি? দেউৰীসকলে উপাস্য দেৱতা কুন্দিমামাক কি বুলি বিশ্বাস কৰে?,
উঃ কুন্দিমামাৰ “কুন্দি’শব্দৰ অৰ্থ হৈছে পৰম পুৰুষ পৰমেশ্বৰ আৰু “মামা”শব্দটোৱে প্রকৃতিক বুজায়। দেউৰীসকলে তেওঁলােকৰ উপাস্য দেৱতা কুন্দিমামাক বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকর্তা তথা পালনকর্তা বুলি বিশ্বাস কৰে।

(গ) কেতিয়া আৰু কি উদ্দেশ্যৰে ট্ৰাইবেল লীগ গঠন কৰা হৈছিল ?
উঃ দেউৰী, সােণােৱাল, কছাৰী, মটক, মিছিং, বড়াে, তিৱা, ৰাভা আদি পিছপৰা জনগােষ্ঠীসমূহক একগােট কৰি ৰখাৰ উদ্দেশ্যেৰে ১৯৩৩ চনৰ ১৭ এপ্রিলত ট্রাইবেল লীগ গঠন কৰা হৈছিল।

(ঘ) ভীমবৰ দেউৰীৰ ৰাজনৈতিক তথা সামাজিক অৱদান সম্পর্কে চমুকৈ লিখা।
উঃ জনগােষ্ঠীয় সমাজত জন্মলাভ কৰিও অসমৰ বৃহত্তৰ স্বাৰ্থৰক্ষাৰ বাবে অহৰহ যত্নপৰ থকা এগৰাকী ব্যক্তি আছিল ভীমবৰ দেউৰী। জাতীয় সত্তাৰ প্ৰতিষ্ঠাৰ বাবে দেউৰীয়ে উঠি পৰি লাগিছিল। ভৈয়ামৰ অনগ্রসৰ জনগােষ্ঠীসমূহক একগােট কৰাৰ উদ্দেশ্যেৰে তেওঁ ১৯৩৩ চনত ট্রাইবেল লীগৰ জন্ম দিয়ে। দুবছৰ পাছত ট্রাইবেল লীগৰ দাবীৰ ভিত্তিতে অসম বিধানসভাত ভৈয়াম জনজাতিৰ বাবে সংৰক্ষিত হয় ৪ খন আসন। ১৯৩৯ আৰু ১৯৪৬ চনত ভীমবৰ দেউৰী মনােনীত হয় অসম বিধান পৰিষদৰ সদস্য হিচাপে।

১৯৪৫ চনত ভীমবৰ দেউৰীৰ নেতৃত্বত গঠন হয় অন্য এক সংগঠন ‘আচাম ট্রাইবছ এণ্ড ৰেছেচ ফেডাৰেচন। ১৯৪৭ চনত গােপীনাথ বৰদলৈ মন্ত্রীসভাত বন
আৰু শ্ৰম বিভাগৰ মন্ত্রী নিযুক্ত কৰা হয় দেউৰীক। তেতিয়াই তেওঁ অসমক পাকিস্তানত চামিলনকৰাৰ সপক্ষে যুক্তি দাঙি ধৰে ভাইৰয় লর্ড ওৱাডেলৰ সন্মুখত। জনগােষ্ঠীয় সমাজত থাকিও অসমৰ জনসাধাৰণৰ সামাজিক-ৰাজনৈতিক উত্থানৰ কাৰণে দেউৰীয়ে অহােপুৰুষাৰ্থ কৰিছিল। দেশত বহিৰাগত প্রব্রজনত বাধা, প্রাকৃতিক সম্পদৰ ৰক্ষা, পিছপৰা জাতি-জনগােষ্ঠীৰ সংৰক্ষণৰ ব্যৱস্থা,ৰাজ্যসমূহক শক্তিশালী কৰিবলৈ কেন্দ্ৰৰ পৰা অধিক ক্ষমতা হস্তান্তৰ, স্বায়ত্ত শাসন, বিধান পৰিষদ গঠন, জনগােষ্ঠীসমূহৰ বাবে অর্থনৈতিক সমতা স্থাপন আদি নীতি আছিল তেওঁৰ উদ্ভাৱন যাৰ দ্বাৰা তেওঁৰ বিচক্ষণতা প্রকাশ পাইছিল।

দেউৰীসকল Class 10

(ঙ) ৰাধাকান্ত দেউৰী কোন আছিল? তেওঁৰ সাহিত্যিক অৱদান সম্পর্কে চমুকৈ লিখা।
উঃ ৰাধাকান্ত দেউৰী আছিল এগৰাকী সাহিত্যিক তথা ভাষা-সংস্কৃতিৰ এগৰাকী গৱেষক পণ্ডিত।
ছাত্ৰাৱস্থাতে সাহিত্যচর্চা আৰম্ভ কৰা দেউৰীৰ বিভিন্ন লেখা ভিন ভিন আলােচনী, কাগজ-পত্ৰ আদিত প্রকাশ পাইছে। তেওঁ লিখি থৈ যােৱা অমূল্য গ্রন্থসমূহ হ’ল- ॥দেউৰী চ্চু বিব (দেউৰী অভিধান), ‘চ্চিবা জিমচায়া চ্চু বিব (আধুনিক দেউৰী শব্দকোষ) দুখন। ইয়াৰে দ্বিতীয়খন কেৱল দেউৰী ভাষাৰে নহয়, অসমীয়া আৰু ইংৰাজী ভাষাও আছে অর্থাৎ ত্রি-ভাষিক। এই গ্রন্থখন দেউৰী ভাষাৰ পূৰ্ণাংগ অভিধান। তদুপৰি আন এক সংযােজন হৈছে‘দেউৰী শব্দ সম্ভাৰ।
ৰাধাকান্ত দেউৰীয়ে সাহিত্য চর্চা দেউৰী ভাষাত কৰিলেও অৱদান কিন্তু অসমীয়া ভাষা-সাহিত্যলৈকো আছিল।

দেউৰীসকলে সামাজিকভাবে কেইটা আৰু কি কি খেলত বিভক্ত উল্লেখ কৰা।

উঃ দেউৰীসকলে সামাজিকভাৱে চাৰিটা খেলত বিভক্ত। এইকেইটা হ’ল— ডিবঙীয়া, টেঙাপনীয়া, বৰগঞা আৰু পাটৰগঞা।

দেউৰীসকল কোন প্রজাতিৰ অন্তৰ্গত জনগােষ্ঠী?

উঃ দেউৰীসকল মংগােলীয় প্রজাতিৰ অন্তৰ্গত জনগােষ্ঠী।

দেউৰীসকল কি ধৰ্মৰ বিশ্বাসী?

উঃ দেউৰীসকল কুন্দি ধৰ্মৰ বিশ্বাসী।

1 thought on “দেউৰীসকল Class 10 – দশম শ্ৰেণীৰ বৈচিত্র্যময় অসম দেউৰীসকল”

Leave a Comment