শ্ৰেণী | দশম |
বিষয় | অসমীয়া (বৈচিত্রময় অসম) |
পাঠ | বড়াে সকল |
উপলব্ধ | সকলো প্ৰশ্নৰ উত্তৰ |
বড়ােসকল Class 10
পাঠভিত্তিক প্রশ্নোত্তৰ
১। বড়াে ভাষা কি ভাষাগােষ্ঠীৰ অন্তর্ভুক্ত?
উঃ বড়াে ভাষাটো চীনা তিব্বত-বর্মী ভাষা পৰিয়ালৰ অন্তর্ভুক্ত।
২। বড়ােভাষাই কেতিয়া প্রাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰিছিল ?
উঃ বড়ােভাষাই ১৯৬৩ চনত প্রাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰিছিল।
৩। বড়াে লােকসকলৰ বিষয়ে লিখা দুখন গ্ৰন্থৰ নাম লিখা।
উঃ বড়াে লােকসকলৰ বিষয়ে লিখা দুখন গ্ৰন্থ হৈছে—“ফৈমাল মিজিংক’আৰু ‘জুজাইনি অৰ’।
8। বড়াে ভাষাৰ প্রথম গ্রন্থখন কি?
উঃ বড়াে ভাষাৰ প্ৰথমখন গ্রন্থ আছিল গংগাচৰণ কছাৰীৰ ৰচিত “বড়ােনি ফিছা ও আয়েন”।
৫। বড়ােসকলৰ পৰম্পৰাগত সাজপাৰত ব্যৱহাৰ কৰা কেইটিমান ফুল বা চানেকি নাম উল্লেখ কৰা৷
উঃ বড়ােসকলৰ পৰম্পৰাগত সাজ-পাৰত ব্যৱহাৰ কৰা ফুল বা চানেকিবােৰৰ নাম হৈছে — দাওথু, আগান, ফাৰেও মেগন, মুফুৰ আফা, দাওৰাই মৌখ্ৰেব, থাইগিৰ বিবাৰ , হাজৌ আগৰ ইত্যাদি।
বড়ােসকল Class 10
৬। চমুটোকা লিখা :
(ক) ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী
উঃ কামিনী কুমাৰ নাৰ্জাৰী এগৰাকী নৃত্যবিদ আৰু জনজাতীয় শিল্পী। ১৯২৬ চনত গােসাইগাঁও মহকুমাৰ অন্তৰ্গত বিন্যাখাট বা বামুণকুৰা গাঁৱত তেওঁ জন্মলাভ কৰিছিল। ১৯৫৫ চনত দিল্লীত অনুষ্ঠিত অল ইণ্ডিয়া ৰেডিঅ’ৰ মুকলি প্রদর্শনীত বিবাহ গীত পৰিৱেশন কৰা নাৰ্জাৰীয়ে তাৰ পাছৰ পৰাই বড়াে সংস্কৃতিৰ প্ৰসাৰৰ হকে কাম কৰে। ১৯৫৭ চনত ভাৰতৰ গণতন্ত্র দিৱসত নাৰ্জাৰীৰ নেতৃত্বত এটা সাংস্কৃতিক দলে অংশগ্রহণ কৰে। পিছদিনা অনুষ্ঠিত প্রতিযােগিতাত ভাগ লৈ বাগৰুম্বা নৃত্য পৰিৱেশনৰ দ্বাৰা দলটোৱে ভাৰতৰ ভিতৰতে প্রথম স্থান দখল কৰে। তেওঁ ১৯৯২ চনত এছিয়া মেলা-১৩-ত নাছিনা নৃত্য পৰিৱেশন কৰে। তদুপৰি ১৯৭৬-ত অনুষ্ঠিত ভাৰত- ছ’ভিয়েট মন্ত্রী সন্মিলন আৰু ১৯৮২ চনত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত বড়াে তথা জনজাতীয় কৃষ্টি আৰু লােকনৃত্য পৰিৱেশন কৰে।
এইবােৰৰ উপৰি নাৰ্জাৰীৰ নিঃস্বার্থ আৰু একাণপতীয়া প্ৰচেষ্টাৰ বলত বড়াে নৃত্য ৰাজ্যিক পর্যায়ৰ পৰা ৰাষ্ট্ৰীয় পর্যায়লৈ উন্নীত হয়। নিজৰ কৰ্মৰ স্বীকৃতিস্বৰূপে
তেওঁ ১৯৮২ চনত সংগীত নাটক একাডেমী’বঁটাৰে সন্মানিত হয়। এইগৰাকী বৰেণ্য শিল্পীয়ে ১৯৯৮ চনত মৃত্যুবৰণ কৰে।
(খ) শােভা ব্রহ্ম
উঃ শােভা ব্রহ্ম হৈছে সমগ্ৰ ভাৰতবৰ্ষতেই সমাদৰ লাভ কৰা এগৰাকী ভাস্কৰ। অসমৰ কলা জগতৰাে তেওঁ পথ-প্রদর্শক।
কোকৰাঝাৰ জিলাৰ গােসাইগাঁৱৰ ভূমকা গাঁৱত ১৯২৯ চনত শােভা ব্ৰহ্মৰ জন্ম হয়। নিজ গাঁৱতে প্রাথমিক শিক্ষা লাভ কৰা শােভা ব্রহ্ম শান্তি নিকেতনৰ স্নাতক। শৈশৱৰ পৰাই চিত্রশিল্পী তথা ভাস্কৰ হােৱাৰ সপােন দেখা ব্রহ্ম ইচ্ছাক ঘৰুৱা আর্থিক অনাটনেও ৰখাব পৰা নাছিল। পঢ়া সামৰি তেওঁ শিক্ষকতা বৃত্তিক আঁকোৱালি লয় যদিও অনবৰতে মনত জাগ্রত হৈ আছিল অসমত চাৰুকলা মহাবিদ্যালয় স্থাপন কৰা আৰু উত্তৰ-পূবৰ বিভিন্ন জাতি-জনগােষ্ঠীৰ জনজীৱন, কৃষ্টি কলাৰ সংমিশ্রণেৰে এক সুকীয়া শিল্পকলা সৃষ্টিৰ সপােন। সেই সপােনক বাস্তৱ ৰূপ দি তেওঁ ১৯৬৪ চনত বৰ্তমানৰ চৰকাৰী চাৰুকলা মহাবিদ্যালয়ৰ অধ্যক্ষৰূপে যােগ দিয়ে। মহাবিদ্যালয়খন চৰকাৰীকৰণত তেওঁৰ যথেষ্ট অৰিহণা আছে। ১৯৬৫ চনত তেওঁৰ চিত্ৰ আৰু ভাস্কৰ্যৰ প্রদর্শনী অনুষ্ঠিত হৈছিল গুৱাহাটীৰ জিলা পুথিভঁৰালত। তাৰ পাছত দেশে-বিদেশে বহুবাৰ তেওঁৰ শিল্পকর্ম প্রদর্শনী অনুষ্ঠিত হৈ আহিছে। আনকি দেশৰ বিভিন্ন সংগ্রহালয়তাে তেওঁৰ চিত্ৰই স্থান পাইছে। তেওঁ কেৱল এগৰাকী শিল্পীয়েই নহয়, সাহিত্য চর্চাতত নিজক ব্যস্ত ৰাখিছিল। ‘শিল্পকলাৰ নৱপ্ৰজন্ম’, ‘ভাৰতীয় চিত্রকলা’, ‘গৈদান উজি’, ‘ লিঅনার্ডো-দ্যা-ভিন্সি’, ৰােজেছ ৰেজ এণ্ড গ’ল্ড’, ‘খন্থায়াঞ্জল ’ইত্যাদি তেওঁৰ দ্বাৰা ৰচিত গ্রন্থ।
মূলতঃ নাৰী আৰু প্রকৃতিক কেন্দ্ৰ কৰি শিল্প চর্চাত ব্ৰতী হােৱা ব্ৰহ্মই ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বহুতাে বঁটা তথা সমাদৰ লাভ কৰিছে। বঁটা-বাহনৰ উপৰি ডিব্ৰুগড় আৰু ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ে তেওঁক দি-লিট উপাধিৰেও সম্মানিত কৰিছিল। ২০১২ চনত এইগৰাকী যশস্বী শিল্পীয়ে ইহকাল সামৰে।
(গ) বিনেশ্বৰ ব্ৰহ্ম
উঃ সাহিত্য জগতৰ বৰেণ্য ব্যক্তিসকলৰ ভিতৰত বিনেশ্বৰ ব্ৰহ্মও অন্যতম। কোকৰাঝাৰ জিলাৰ ভাতৰমাৰী গাঁৱত ১৯৪৯ চনত তেওঁ জন্ম লাভ কৰে। গাঁৱতেই প্রাথমিক শিক্ষা আৰম্ভ কৰা ব্ৰহ্মই ১৯৭২ চনত অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লাভ কৰে। হিন্দুস্তান সাৰ নিগম’ আৰু কৃষি সম্প্রসাৰণ বিভাগত চাকৰি জীৱন আৰম্ভ কৰা ব্ৰহ্মই ‘ভাৰতীয় খাদ্য নিগম’তাে বিভিন্ন পর্যায়ত বিষয়াৰূপে কর্মজীৱন অতিবাহিত কৰে। বিনেশ্বৰ ব্ৰহ্ম আছিল একাধাৰে সু-চিন্তক, সমাজসেৱক, সাহিত্যিক তথা সু-সংগঠক। তীক্ষ্ণ মেধাসম্পন্ন ব্রহ্মই দেশী-বিদেশী আঠটা ভাষা সলসলীয়াকৈ ক’ব পাৰিছিল। এগৰাকী সাহিত্যিকৰূপে তেওঁ লিখি থৈ গৈছে— কাব্যসংকলন ‘আই নি মাদৈ’, ‘বৰদৈসিখলা’ আৰু গদ্যপুথি ‘ভাতাৰমাৰি। ব্রহ্মই বড়াে সাহিত্য সভাৰ সভাপতি আৰু সম্পাদকৰ দায়িত্বও পালন কৰি থৈ গৈছে। ২০০০ চনত এইগৰাকী ব্যক্তিৰ মৃত্যু হয়।
বড়ােসকল Class 10
অতিৰিক্ত প্রশ্নোত্তৰ
অতি চমু প্রশ্নোত্তৰ :
(ক) “বড়াে” শব্দটোৰ অর্থ কি?
উঃ ‘বভাে’ শব্দৰ অৰ্থ হৈছে সমগােষ্ঠীয় বিভিন্ন লােকৰ সমষ্টি।
(খ) কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বাস কৰা ডিমাছা কছাৰীসকল কোনটো সম্প্রদায় বা সমষ্টিৰ শাখা বিশেষ?
উঃ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বাস কৰা ডিমাছা কছাৰীসকল হ’ল বড়াে সম্প্রদায়।
(গ) পণ্ডিতসকলৰ মতে তিব্বতীয় ভাষাৰ প্ৰধান শাখা দুটা কি কি?
উঃ পণ্ডিতসকলৰ মতে তিব্বতীয় ভাষাৰ প্রধান শাখা দুটা হ’ল তিব্বতবর্মীয় আৰু টাই-চীনা ভাষা।
(ঘ) উচ্চতৰ মাধ্যমিক পর্যায়ত কেতিয়াৰ পৰা বড়াে ভাষাৰ প্ৰচলন আৰম্ভ হয়?
উঃ উচ্চতৰ মাধ্যমিক পর্যায়ত ১৯৬৮ চনৰ পৰা বড়াে ভাষাৰ প্রচলন আৰম্ভ হয়।
(ঙ) কোন চনত বড়াে ভাষাক গুৱাহাটী বিশ্ববিদ্যালয়ে আধুনিক ভাৰতীয় ভাষা হিচাপে স্বীকৃতি দিয়ে।
উঃ ১৯৭৭ চনত বড়াে ভাষাক গুৱাহাটী বিশ্ববিদ্যালয়ে আধুনিক ভাৰতীয় ভাষা হিচাপে স্বীকৃতি দিয়ে।
(চ) বড়াে ভাষাই কেতিয়া অসমৰ ৰাজ্যিক ভাষা হিচাপে ৰাজপত্ৰৰ দ্বাৰা স্বীকৃতি লাভ কৰে?
উঃ ১৯৮৪ চনত বড়াে ভাষাই অসমৰ ৰাজ্যিক ভাষা হিচাপে ৰাজপত্ৰৰ দ্বাৰা স্বীকৃতি লাভ কৰে।
(ছ) কোন চনত বড়াে ভাষাক সংবিধানৰ আঠ নং অনুসূচীত অন্তর্ভুক্ত কৰা হয়?
উঃ ২০০৩ চনত বড়াে ভাষাক সংবিধানৰ আঠ নং অনুসূচীত অন্তর্ভুক্ত কৰা হয়।
(জ) বড়াে সাহিত্য সভাৰ কেতিয়া প্রতিষ্ঠা হৈছিল ?
উঃ ১৯৫২ চনৰ ১৬ নৱেম্বৰত বড়াে সাহিত্য সভাৰ প্রতিষ্ঠা হৈছিল।
(ঝ) বড়াে ভাষাৰ প্ৰথমখন উপন্যাসৰ নাম কি ?
উঃ বড়াে ভাষাৰ প্ৰথমখন উপন্যাসৰ নাম ‘জুজাইনি অৰ’।
(ঞ) বড়োসকলৰ প্রাচীন ধর্মটোৰ নাম কি?
উঃ বড়ােসকলৰ প্রাচীন ধর্মটোৰ নাম বাথৌ।
(ট) বড়ােসকলে পালন কৰা এটা ধর্মীয় উৎসৱৰ নাম লিখা।
উঃ খেৰাই হৈছে বড়ােসকলে পালন কৰা এটা ধর্মীয় উৎসৱ।
(ঠ) বড়ােলেণ্ড স্বায়ত্তশাসিত পৰিষদ কেতিয়া গঠন হৈছিল?
উঃ ১৯৯৩ চনৰ ২০ ফেব্ৰুৱাৰীত বড়ােলেণ্ড স্বায়ত্তশাসিত পৰিষদ গঠন হৈছিল।
(ড) “বড়াে ফিচা ও আইন” নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?
উঃ “বড়াে ফিচা ও আইন”নামৰ গ্ৰন্থখন গংগাচৰণ কছাৰীয়ে ৰচনা কৰিছিল।
(ঢ) বড়ােসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম কি?
উঃ বড়ােসকলৰ প্রধান উপাস্য দেৱতাজনৰ নাম বাথৌ বৌৰাই।
(ণ) বি টি এ ডি (বড়ােলেণ্ড টেৰিট’ৰিয়েল এৰিয়া ড্রিষ্ট্রিক) চুক্তিখন কেতিয়া সম্পাদিত হৈছিল?
উঃ ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত।
Also Read: তিৱা সকল Class 10
বড়ােসকল Class 10
২। চমু প্রশ্নোত্তৰ ।
(ক) উজনি অসমৰ বিভিন্ন স্থানত বাস কৰা বড়াে মূলৰ লােকসকলক কি কি নামেৰে জনা যায় ?
উঃ উজনি অসমৰ বিভিন্ন স্থানত বাস কৰা বড়াে মূলৰ লােকসকলক সােণােৱাল কছাৰী, ঠেংগাল কছাৰী, চুতীয়া, দেউৰী, লালুং, ৰাভা, গাৰাে, হাজং আৰু ত্রিপুৰী হিচাপে জানা যায়।
(খ) বড়াে-নাগা ভাষা কোনটো ভাষাগােষ্ঠীৰ অন্তৰ্গত? ইয়াৰে বড়াে মূলৰ পৰা উৎপত্তি হােৱা ভাষাসমূহৰ নাম লিখা।
উঃ বড়াে-নাগা ভাষা তিব্বত বর্মী ভাষা গােষ্ঠীৰ অন্তৰ্গত। ইয়াৰে বড়াে ভাষাৰ পৰা উৎপত্তি হােৱা ভাষাসমূহ হৈছে – ডিমাচা, গাৰাে, ৰাভা, চুতীয়া, লালুং, হাজং আৰু তিৱা।
(গ) বর্তমান অসমৰ কোন কোন বিশ্ববিদ্যালয়ত বড়াে ভাষাই পূর্ণাংগ বিভাগ হিচাপে স্থান লাভ কৰিছে?
উঃ বড়াে ভাষাই বৰ্তমান অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়, বড়ােলেণ্ড বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ত পূর্ণাংগ বিভাগ হিচাপে স্বীকৃতি লাভ কৰিছে।
(ঘ) বড়াে ভাষাত প্রকাশিত হােৱা কেইখনমান বাতৰি কাকতৰ নাম লিখা।
উঃ বড়াে ভাষাত প্রকাশিত হােৱা কেইখনমান বাতৰি কাকত হৈছে—বডৌচা, বড়ােলেণ্ড ইংখং, বড়ােলেণ্ড ছানী আৰু হাইননি ৰাদাব আদি।
(ঙ) বড়ােলােকসকলে কোন পাঁচটা উপাদান বা পঞ্চতত্বৰ সৃজনকর্তাক ঈশ্বৰ হিচাপে মানে।
উঃ বড়ােসকলে মাটি (হা), বায়ু (বাৰ), পানী (দৈ), আকাশ (অখ্ৰাং) আৰু সূর্য (সান)— এই পঞ্চতত্ত্বৰ সৃষ্টিকর্তাক ঈশ্বৰ হিচাপে মানে।
(চ) বি.টি.চি.ৰ অন্তৰ্গত জিলাকেইখন কি কি?
উঃ বি. টি. চি.ৰ অন্তৰ্গত জিলাকেইখন হ’ল – কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি।
(ছ) কামিনী কুমাৰ নাৰ্জাৰী কোন আছিল? তেওঁ কেতিয়া সংগীত নাটক অকাডেমি বঁটা লাভ কৰিছিল ?
উঃ কামিনী কুমাৰ নাৰ্জাৰী আছিল এগৰাকী নৃত্যবিদ। তেওঁ জনজাতীয় বিশেষকৈ বড়াে লােক নৃত্য-গীতৰ চৰ্চা কৰিছিল। ১৯৮২ চনত নাৰ্জাৰীয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
(জ) বিনেশ্বৰ ব্ৰহ্ম কোন আছিল? তেওঁৰ কিমানটা ভাষাত দখল আছিল ?
উঃ বিনেশ্বৰ ব্ৰহ্ম আছিল একাধাৰে চোকা বুদ্ধিৰ ব্যক্তি। তদুপৰি তেওঁ আছিল সু-চিন্তক, সমাজসেৱক, সাহিত্যিক তথা সু-সংগঠক। তেওঁৰ আঠটা ভাষাত দখল আছিল।
৩। বড়াে ভাষাৰ উৎপত্তি তথা ইয়াৰ উত্তৰণ সম্পর্কে চমুকৈ লিখা।
উঃ শদিয়াৰ পৰা পূব বংগলৈ আৰু উত্তৰে নেপালৰ পৰা বাংলাদেশলৈ বিস্তৃত আৰু প্রচলিত বহুল ভাষা হৈছে বড়াে ভাষা। চীনা তিব্বতীয় ঠালৰ অন্তৰ্গত বৃহৎ ভাষা হৈছে বড়াে-নাগা ভাষা। আদিতে বড়াে-নাগা একেটা পৰিয়ালৰ অন্তর্ভুক্ত আছিল যদিও পাছলৈ নাগাসকল বিভক্ত হৈ যায়। বড়াে ভাষাই প্রাথমিক স্তৰত মাধ্যম হিচাপে স্বীকৃতি লাভ কৰে ১৯৬৩ চনত। ১৯৬৮ চনত ইয়াক উচ্চ মাধ্যমিক পর্যায়তাে অন্তর্ভুক্ত কৰা হয়। পাছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ে আধুনিক ভাৰতীয় ভাষা হিচাপে বড়াে ভাষাক স্বীকৃতি প্রদান কৰে। ১৯৭৭ চনত।
এয়া হৈছে শৈক্ষিক দিশত বড়াে ভাষাৰ উত্তৰণ। আকৌ, ৰাজপত্ৰৰ যােগেদি অসমৰ ৰাজ্যিক ভাষা হিচাপে ১৯৮৪ চনত বড়াে ভাষা স্বীকৃত হয়। ভাৰতবৰ্ষৰ আটাইতকৈ সমাদৃত সাহিত্য প্রতিষ্ঠান সাহিত্য অকাডেমিয়ে বড়াে ভাষাক স্বীকৃতি দিয়ে ২০০৫ চনৰ অক্টোবৰত। একেটা বর্ষৰে ডিচেম্বৰ মাহত কেন্দ্রীয় লােকসেৱা আয়ােগে বড়াে ভাষাক এটা বিষয় ভাষা হিচাপে গ্রহণ কৰে। ২০০৩ চনত বি টি চি চুক্তিমর্মে বড়াে ভাষা সংবিধানৰ অষ্টম অনুসূচীৰ অন্তর্ভুক্ত হয়। ইয়াৰ পাছৰ পৰাই বড়াে ভাষাৰ অধিক অগ্রগতি হ’বলৈ ধৰে। অসমত গুৱাহাটী, বড়ােলেণ্ড, ডিব্ৰুগড় আৰু কটন বিশ্ববিদ্যালয়ত সম্প্রতি বড়াে ভাষাই পূর্ণাংগ বিভাগ হিচাপে স্থান পাইছে। বড়াে ভাষাৰ প্ৰসাৰ, অগ্রগতি আৰু উত্তৰণত বড়াে সাহিত্য সভাৰ ভূমিকাও মনকৰিবলগীয়া।
8। বড়াে গীত-নৃত্যৰ বিষয়ে চমুকৈ লিখা।
উঃ বাৰে ৰহণীয়া নৃত্য-গীত, বাদ্যযন্ত্ৰৰে বড়াে জনগােষ্ঠীৰ সংস্কৃতি চহকী। তেওঁলােকৰ স্বকীয় বৈশিষ্ট্য সহজে চকুত পৰে। বড়োেৰ প্ৰধান গীতসমূহক তিনিটা ভাগত ভগাব পাৰি— (ক) প্রার্থনা গীত (আৰজ মেথায়), (খ) লােকগীত (খুগা মেথায়), (গ) আধুনিক গীত (গৌদান মেথায়)। প্রথমটো ভাগত আছে— খেৰাই প্রার্থনা মন্ত্রগীত, চেৰজা গীত আৰু দহাৰ গীত।
দ্বিতীয়টো ভাগ অর্থাৎ লােকগীতসমূহ হ’ল – বৈশাগু গীত, বিয়া গীত, খেলা গীত, শিশুৰ ওমলা গীত আৰু প্ৰেমৰ গীত। বর্তমান কালত প্রচলিত গীতসমূহ তৃতীয়টো ভাগৰ অর্থাৎ আধুনিক গীত। পুৰণি আৰু আধুনিক—এই দুই ধৰণৰ নৃত্য বড়াে নৃত্যৰ অন্তর্ভুক্ত। মূলতঃ বাগৰুম্বা আৰু বাৰদৈছিখলা—বড়ােসকলৰ এই দুবিধ নৃত্য কেৱল ভাৰতবৰ্ষতে নহয়, সমগ্র এছিয়া মহাদেশতে বিখ্যাত। গীত আৰু নৃত্যৰ উপৰি খাম (মাদল), চিফুং (বাঁহী), জথা (তাল), চেৰজা আৰু গংগনা আদি বাদ্যযন্ত্ৰৰে বড়াে সংস্কৃতি এক চালে চকুৰােৱা সংস্কৃতি।