আদিবাসী সকল Class 10 – দশম শ্ৰেণী অসমীয়া (বৈচিত্রময় অসম)

শ্ৰেণী দশম
বিষয় অসমীয়া (বৈচিত্রময় অসম)
পাঠ আদিবাসীসকল
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

আদিবাসী সকল Class 10

আদিবাসীসকল
পাঠভিত্তিক প্রশ্নোত্তৰ

১। আদিবাসীসকলৰ বিষয়ে চমুকৈ লিখা।
উঃ অন্য কেইবাটাও জনগােষ্ঠীৰ দৰে আদিবাসীসকলাে হৈছে অসমীয়া জাতিৰ এৰাব নােৱাৰা অংগ। অসমীয়া সংস্কৃতি আৰু আর্থ-সামাজিক বিকাশত এওঁলােকৰ অৱদান অনস্বীকার্য। সাধাৰণতে ৮৮৫ খন চাহ বাগিচা আৰু গাঁওত বাস কৰা কিছু লােকৰ পূর্বপুৰুষসকলক আদিবাসী’ নামেৰে জনা যায়। হেমকোষ’ অভিধান মতে এই শব্দৰ এৰ্থ হৈছে ‘প্রথম নিবাসী।

আদিবাসী লােকসকলৰ বিষয়ে প্রফুল্ল বৰুৱাৰ ভাৰত বুৰঞ্জীত উল্লেখ আছে যে কলা বৰণৰ চেপেটা নাকেৰে এই গােষ্ঠীৰ লােকসকল চুটি-চাপৰ। পাহাৰ আৰু হাবি-জংঘলত থাকি ভাল পােৱা এইসকল লােকৰ ভাষা আর্য গােষ্ঠীৰ ভাষাতকৈ সম্পূর্ণ পৃথক আছিল আৰু নাছিল কোনাে লিপি।

বর্তমান ‘আদিবাসী’ শব্দটোৱে সামৰি লয় কাৱাৰ, কল, ভূমিজ, চৱৰ,চুৰিয়া, পাহাৰিয়া, চাউতাল পাহাৰিয়া, ওৰাং, মুণ্ডা, মাল পাহাৰিয়া, মাহালি, লহৰা,কৰৱা, কৰা, কিচান, কন্ধ, খেৰবাৰ, খাড়িয়া, কুডমালি, হ, গৰাইড, গড়, চিক, বাড়াইক,চেৰ, বিৰজিয় বিৰহড়, বিনজিয়া, বেদিয়া, বাথুড়ি, বানজাৰা, বাইগা, আচুৰ, লধা, দামদাৰি, বন্দা, নাগাচিয়া, উড়িয়া, ভিল, পৰজা, ধানৱাৰ, কয়া, প্রধান ইত্যাদি লােকক। দেশৰ আদিম বাসিন্দা আদিবাসীসকলৰ প্ৰায় ৫৬ লাখ লােকে অসমত বাস কৰে।

২। আদিবাসীসকলৰ ভাষা আৰু উৎসৱ-পাৰ্বনৰ বিষয়ে লিখা।
উঃ পৃথিৱীৰ ভাষা-পৰিয়ালসমূহৰ ভিতৰত দ্রাবিড় আৰু অষ্ট্রিক গােষ্ঠীয় ভাষা হৈছে আদিবাসীসকলৰো ভাষা। এই গােষ্ঠীৰ অন্তৰ্গত উৰাংসকলে ব্যৱহাৰ কৰে দ্রাবিড় গােষ্ঠীৰ কুডুষ ভাষা আৰু মুণ্ডা তথা চাওঁতালসকলে ব্যৱহাৰ কৰে অষ্ট্রিক গােষ্ঠীৰ কোলাৰীয়ান ভাষা। এই ভাষাৰ কিছু মিল দেখা যায় ‘খাছি’ সকলে কোৱা ভাষাৰ লগত | ভাষাসমূহৰ বিকাশৰ বাবে আদিবাসীসকলে গঠন কৰিছে কুডুষ সাহিত্য সভা, চাওঁতালী সাহিত্য সভা, মাণ্ডাৰী সাহিত্য সভা, খাৰিয়া মহাসভা, কডমালী সাহিত্য সভা আদি অনুষ্ঠানসমূহ।

আদিতে আদিবাসীসকলৰ জীৱন-জীৱিকা প্রকৃতিনির্ভৰ আছিল যদিও পাছলৈ তেওঁলােক কৃষিনির্ভৰ হৈ পৰে। সেয়ে তেওঁলােকৰ মূল উৎসৱসমূহৰ ভিতৰত কৃষিভিত্তিক উৎসৱ থকা দেখা যায়। আদিবাসীসকলৰ প্রধান উৎসৱ হৈছে কৰম। কৃষিভিত্তিক উৎসৱ কৰম’ত কৰম গছক দেৱতা মানি পূজা কৰা হয়।

আদিবাসীসকলৰ পৰম্পৰাৰ নীতি-কথা নিহিত হৈ থকা কৰম কাহিনীও এই পূজাত কোৱা হয়। এওঁলােকে খেতিপথাৰৰ কল্যাণ আৰু অধিক উৎপাদন কামনা কৰাৰ লগতে বন্ধুত্ব, সম্প্রীতি আৰু বিবাহ সম্পন্ন প্রার্থনাৰে এই উৎসৱ উদ্যাপন কৰে।কৰম উৎসৱৰ উপৰি টুচু,বাহা পৰপ (চাৰহুল), চহৰাই,মাগে, ফাগুৱা ইত্যাদি উৎসৱাে আদিবাসীসকলে পালন কৰে। এই উৎসৱত কৰম, ঝমৰ, ডমকচ, জাদুৰ, লাহচুৱা আদি নাচ নচা হয়। আদিবাসীসকলৰ ভাষা আৰু উৎসৱ-পার্বনে বৃহত্তৰ অসমীয়া সাহিত্য-সংস্কৃতিক নিঃসন্দেহে সমৃদ্ধ কৰিছে।

অতিৰিক্ত প্রশ্নোত্তৰ

১। অসমৰ আদিবাসীসকলে ক’ত বসবাস কৰে?
উঃ অসমৰ প্ৰায় ৮৮৫ খন চাহ বাগিছা আৰু গাঁৱত আদিবাসীসকলে বসবাস কৰে।

২। ‘আদিবাসী’শব্দৰ অর্থ কি?
উঃ ‘আদি’মানে প্রথম আৰু বাসী’মানে বাসিন্দা অর্থাৎ আদিবাসী’শব্দৰ অৰ্থ হৈছে প্রথম বাসিন্দা বা নিবাসী।

৩। আদিবাসীসকলক আৰু কি কি নামেৰে জনা যায় ?
উঃ আদিবাসীসকলক চাহবনুৱা,কুলি, চাহজনজাতি, সেউজ অসমীয়া আদি নামেৰেও জানা যায়।

৪। আদিবাসীসকলৰ প্ৰধান উৎসৱ কৰমত ব্যবহৃত কৰম প্ৰকৃততে কি?
উঃ আদিবাসীসকলৰ প্ৰধান উৎসৱ কৰমত ব্যৱহৃত কৰম প্ৰকৃততে এবিধ গছ, যাৰ বৈজ্ঞানিক নাম Nauclea Panifal ।

৫। আদিবাসী ভাষাসমূহ কোন ভাষাগােষ্ঠীৰ অন্তর্ভুক্ত?
উঃ আদিবাসী ভাষাসমূহ দ্রাবিড় আৰু অষ্ট্রিক ভাষাগােষ্ঠীৰ অন্তর্ভুক্ত।

Related Post : হাজং সকল Class 10

Leave a Comment