ভাৱ সম্প্ৰসাৰণ কৰা – অসমীয়া ব্যাকৰণ সকলো শ্ৰেণীৰ বাবে

ভাৱ সম্প্ৰসাৰণ কৰা

ভাৱ সম্প্ৰসাৰণ কৰা class 10 | ভাব বহলাই লিখা | ভাৱ বহলাই লিখা যত্ন কৰিলে ৰত্ন পায় | ভাৱ সম্প্ৰসাৰণ কৰা class 11

বিষয় অসমীয়া ব্যাকৰণ
পাঠ ভাৱ সম্প্ৰসাৰণ কৰা
উপলব্ধ সকলো  প্ৰশ্নৰ উত্তৰ
শ্ৰেণী নৱম আৰু দশম শ্ৰেণী

 

অভ্যাসৰ নৰ কর্ণপথে কৰে শৰ

উঃ অভ্যাসেই হ’ল কৃতকার্যতাৰ মূল চাবিকাঠি। প্রচুৰ অনুশীলন আৰু অধ্যৱসায়ৰ জৰিয়তে অসাধ্য যেন লগা কাম একোটাকো সাধন কৰিব পাৰি। যিমান টান কামেই নহওক, নিয়মিত অনুশীলনৰ সহায়ত তাক সহজ কৰি পেলাব পাৰি। অভ্যাস কৰি থাকিলে কাণৰ ফুটাইদি শৰ নিক্ষেপ কৰাৰ দৰে দুৰূহ কাম একোটাকো সম্ভৱ কৰি তুলিব পৰা যায়। উদাহৰণস্বৰূপে; আমি অলিম্পিকৰ শৰীৰ চৰ্চা আৰু ব্যায়ামৰ খেলসমূহ বা সচৰাচৰ চাই থকা চার্কাছসমুহৰ কিছুমান খেললৈকে আঙুলিয়াব পাৰোঁ, যিবােৰ সাধাৰণ মানুহৰ চকুত যাদুৰ দৰেই লাগে। তেনে অস্বাভাৱিক কামবােৰ অভ্যাস তথা প্রচুৰ অনুশীলন তথা অধ্যৱসায়ৰ বলতহে তেওঁলােকৰ বাবে স্বাভাৱিক হৈ পৰিছে।

 ৰাইজে নখ জোকাৰিলে নৈ বয়

উঃ এজন মানুহৰ অকলশৰীয়া প্ৰচেষ্টাত কোনাে এটা কাম সমাধা কৰিবলৈ অসম্ভৱ যেন লগা কাম একোটাকো সমুহীয়া প্রচেষ্টাৰে সম্ভৱপৰ কৰি তুলিব পাৰি। নৈ এখন বােৱাব পৰাটো এজন বা দুজন ব্যক্তিৰ বাবে সম্ভৱপৰ নহয়। কিন্তু গােটেই ৰাইজ মিলি যদি কামটো আৰম্ভ কৰা হয়, নৈ এখন ৰােৱাই নিয়াটো একো টান কাম নহয়। ৰাইজৰ নখৰ আগৰ এটোপা এটোপা পানীৰে নৈ বােৱাব পৰাৰ নিচিনাকৈ এপইচা, দুপইচাকৈ উঠাই ৰাইজৰ পইচাৰে একোখন ডাঙৰ অনুষ্ঠান প্রতিষ্ঠান গঢ়াৰ দৰে মহৎ কাৰ্য্যও অনায়াসে সম্পাদন কৰিব পাৰি। গতিকে, উক্ত বাক্যটিৰে সন্মিলিত শক্তিৰ মহত্ব তথা ক্ষমতাৰ কথাকেই আঙুলিয়াই দিয়া হৈছে। (সমার্থক যােজনা : ৰাইজৰ নাও বামেৰেও চলে)

চোৰ গ’লে বুদ্ধি, বৰষুণ গলে জাপি

উঃ প্ৰতিটো কামৰে একো একোটা প্রাসংগিক সময়, স্থান বা পাত্র থাকে। উপযুক্ত সময়ত, উপযুক্ত স্থান বা কাৰ্য্যৰ ক্ষেত্ৰত সেইটো ব্যৱহাৰ কৰিব নােৱাৰিলে তেনে কাৰ্যপন্থা বা আহিলাৰ প্ৰাসংগিকতা নাথাকে। চোৰে যাতে সর্বস্ব চুৰি কৰি লৈ যাব নােৱাৰে তাৰ বাবে বুদ্ধি খটুৱাই নিজৰ সামগ্রী সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থাটো চোৰে চুৰ কৰাৰ আগতেই কৰিব লাগিব। অন্যথা চোৰে চুৰি কৰি লৈ যােৱাৰ পাছত সেইবুদ্ধিৰ কোনাে মূল্য নাথাকে। ঠিক সেইদৰে, বৰষুণত তিতাৰ পৰা হাত সাৰিবলৈ জাপি ব্যৱহাৰ কৰা হয়। কিন্তু বৰষুণ দি থকাৰ সময়ত প্রয়ােজন হােৱা জাপিটো ব্যৱহাৰ নকৰি, বৰষুণ এৰাৰ পাছত ব্যৱহাৰ কৰিলে, সেই জাপিৰ ব্যৱহাৰ অনর্থক হৈ পৰে। গতিকে, চোৰে চুৰি কৰি গুচি যােৱাৰ আগেয়েই নিজৰ বুদ্ধিক কামত খটুৱাব পাৰিব লাগে বা বৰষুণৰ সময়তহে জাপি ব্যৱহাৰ কৰিব পাৰিব লাগে। গতিকে, সঠিক সময়ত সঠিক পদক্ষেপ ল’বলৈ নিজৰ বুদ্ধিমত্তাক সজাগ কৰি ৰাখিব লাগে। অনিষ্ট হােৱাৰ পূর্বেই নিবাৰণৰ সম্ভাৱ কাৰ্য্যকৰী উপায় কামত খটুৱাব লাগে।

ভাৱ সম্প্ৰসাৰণ কৰা class 10

অতি ভক্তি চোৰৰ লক্ষণ

উঃ মানুহৰ মনৰ গুপুত উদ্দেশ্য জনাটো বেচ্ টান কাম। কোনােবাই চৰম নিষ্ঠাৰে ভক্তি কৰি কোনাে মানুহৰ প্রিয়পাত্র হ’ব পাৰে আৰু তেনে স্বাভাৱিক ভক্তি প্রদর্শনে ব্যক্তিজনক বিশ্বাসপৰায়ণ তথা আদৰৰ কৰি তুলিব পাৰিব পাৰে। কিন্তু দুষ্ট উদ্দেশ্য মনত গুপুতে পুহিৰাখি অতিমাত্রা ভক্তি, নিষ্ঠা দেখুওৱা জনক চিনি পােৱা উচিত। বিশ্বাসভাজন তথা প্রিয়পাত্র হৈ চুৰ কৰাৰ সুযোেগ উলিয়াই ল’বলৈ অসৎ লােকে অতিমাত্রা ভক্তি ভাব দেখুৱায়। গতিকে, কোনােবাই অতিমাত্রা ভক্তিপৰায়ণ হৈ দেখুৱাব খুজিলে, তেওঁক সহজে বিশ্বাসত লােৱা উচিত নহয়। প্ৰতিটো কামতে সীমাৰ মাজত থকা জনকহে স্বাভাৱিকভাৱে বিশ্বাস কৰিব লাগে।দুষ্ট বা চোৰ স্বভাৱৰ লােকে সদায় নিজৰ কু-অভিসন্ধি চৰিতাৰ্থ কৰিবলৈ অতিমাত্রা বিশ্বাসভাজন হৈ দেখুৱাই ভাল মানুহৰ কাষ চাপিব পাৰে। সেয়েহে অতিমাত্রা ভক্তিপৰায়ণ, নিষ্ঠাবান হৈ দেখুওৱা ব্যক্তিসকলৰ প্রতি সজাগ হৈ থকাই ভাল।

বিদ্যা পৰম ধন

উঃ বহুতেই টকা-পইচা, সা-সম্পত্তিকে জীৱনৰ আটাইতকৈ মূল্যবান বস্তু বুলি অভিহিত কৰি এইবােৰৰ কাৰণেই নিজৰ সর্বস্ব জলাঞ্জলি দিয়ে। কিন্তু সকলােৱে জনা উচিত যেএই বৈষয়িক সা-সম্পত্তিবােৰ চিৰদিনৰ বাবে তেনেই অস্থায়ী আৰু অনিশ্চিত। ব্যক্তিত্বৰ ফালৰ পৰা এইবােৰৰ প্ৰয়ােজন আছে যদিও ইয়াতকৈ মূল্যবান বস্তুটো হ’ল বিদ্যা।, টকা-পইচা, সম্পত্তি আদি বস্তুবােৰ কালক্ৰমত চুৰি হ’ব পাৰে বা প্রাকৃতিক কাৰণত ধ্বংস হৈও হাতৰ পৰা ওলাই যাব পাৰে। তদুপৰি, কেৱল টকা-পইচাৰ দ্বাৰা হােৱা ধনী ব্যক্তিক অকল সহায়ৰ প্রয়ােজন হােৱা বা সুযােগ সন্ধানীয়েহে মানি চলে বা সন্মান ব্যক্তিক অকল সহায়ৰ প্রয়ােজন হােৱা বা সুযােগ সন্ধানীয়েহে মানি চলে বা সন্মান কৰে। তদুপৰি, ধন-সম্পত্তি আনক দিলে এসময়ত কমি যায়। কিন্তু বিদ্যা শিক্ষা এনে এক সম্পত্তি যাক ব্যক্তি এজনৰ পৰা চুৰি কৰিবও নােৱাৰি আৰু আনক দান কৰিলেও ই কমি নাযায়। বিদ্যান লােক সর্বত্রতে সন্মানৰ পাত্র। সেয়েহে বিদ্যাকে শ্রেষ্ঠ সম্পদ বুলি কোৱা হৈছে।

Recent Posts : প্রত্যয় (অসমীয়া ব্যাকৰণ) নৱম আৰু দশম শ্ৰেণী

যত্ন কৰিলেহে ৰত্ন পায়

উঃ যিকোনাে কামৰে ভাল প্রতিফল পাবলৈ হ’লে তাক যত্ন সহকাৰে সম্পন্ন কৰিব লাগিব। পৰিশ্ৰম নকৰি হাত সাবটি বহি থাকি তাৰ পৰা ভাল ফল আহিব বুলি আশা কৰাটো মিছা। ৰত্ন নিজে নিজে আহি কপালত নালাগে। ইয়াক বিচাৰি আনিব পাৰিব লাগিব। পৰীক্ষাৰ বাবে যত্ন সহকাৰে লিখা-পঢ়াৰ দ্বাৰা প্রস্তুতি চলালেহে পৰীক্ষাত ভাল ফল পােৱা যায়। কোনাে কামত একাণপতীয়াভাৱে মনোনিৱেশ কৰিলেহে তাৰ পৰা সুফল পাব পাৰি; নহ’লে কেতিয়াবা ভাল পুৰস্কাৰ পােৱাৰ ক্ষেত্ৰত হতাশাৰ সন্মুখীন হব লগীয়া হয়। গতিকে, ভাল ফল আশা কৰিলে তাৰ বাবে হাতে-কামে লাগি প্ৰচুৰ যত্ন কৰিব লাগিব, যাতে কামটো যথাসম্ভৱ ভালদৰে নিয়াৰিকৈ সম্পন্ন কৰি তাৰ পৰা ভাল ফল পাব পাৰি।

কথাত কটা যায় কথাত বঁটা পায়

উঃ কি পৰিস্থিতিত, কাৰ লগত, কেনে সময়ত, কেনেকৈ কথা ক’ব লাগে, তাক মানুহে ভালদৰে জনা উচিত। মানুহৰ মুখৰ কথাষাৰেই কেতিয়াবা বিপদ কঢ়িয়াই আনিব পাৰে অথবা অতি সংকটপন্ন অৱস্থা বা পৰিস্থিতিত মুখৰ কৌশলী,নম্র কথাষাৰেই কেতিয়াবা মানুহক উদ্ধাৰ কৰিব পাৰে।কর্কশ, হুটা মাত কথাই মানুহক বিতুষ্ট কৰে আৰু তেনেদৰে কথা কোৱা মানুহ সকলােৰে অপ্রিয় হয়।কর্কশ সুৰত ভাল কথা কলেও মানুহে ভাল নাপায়। তদুপৰি মানুহে নকবলগীয়া পৰিস্থিতিত, নক’ব লগীয়া কথা কৈ বহু বিপদত পৰা আনকি প্রাণৰ সংশয় পৰ্য্যন্ত আহি পৰাও দেখা যায়। আনহাতে সুন্দৰ, সময়ােপযােগীকৈ কথা ক’ব পৰা ব্যক্তি লোকৰ প্রিয়পাত্র হ’ব পাৰে। নিজৰ সংযমী কথাৰে আন মানুহৰ সমীহ আদায় কৰি মানুহে সামাজিক ক্ষেত্ৰতাে যথেষ্ট উন্নতি লাভ কৰিব পাৰে। বিপদৰ সময়তাে নম্র, ভদ্র ব্যৱহাৰেৰে শত্ৰুৰ মন পর্যন্ত জয় কৰি অহাৰো উদাহৰণ আমাৰ মাজত আছে। গতিকে দেখা যায়, কর্কশ তথা সময় জ্ঞানহীন কথাই মানুহলৈ বিপদ কঢ়িয়াই আনিব পাৰে আৰু ভদ্র, কৌশলী তথা সময়ােপযােগী কথা ক’ব পৰা জনে নিজৰ কথাৰেই বহু কিবা কিবি লাভ কৰিবলৈ সক্ষম হয়।

আপােন ভালেই জগত ভাল

উঃ এজন ভাল ব্যক্তিয়ে নিজৰ জ্ঞানৰ বলতে তেওঁৰ পাৰিপাৰ্শ্বিকতাক ভাল কৰি ৰাখিব পাৰে।সৎ ব্যক্তিৰ লগত আনেও সৎ হৈ চলিবলৈ বাধ্য হয়। আনৰ অহিত চিন্তা নকৰা, অন্যায় নকৰা, নম্র ব্যক্তি এগৰাকীক বেলেগে অপকাৰ নকৰে। বৰং আনৰ উপকাৰ কৰা, মিষ্টভাষী উপযােগী মানুহ এজনৰ বিপদৰ সময়ত তেওঁৰ ওচৰ-চুবুৰীয়া বা বন্ধু বান্ধৱে তেওঁলৈ সহায়ৰ হাতহে আগ বঢ়ায়। এনেদৰেই ভাল ব্যক্তি এজনৰ কাৰণে গােটেই জগতখনেই ভাল হৈ পৰে।ঠিক তেনেদৰে বেয়া লােকৰ ক্ষেত্ৰত পৃথিৱীৰ আটায়েই বেয়া হৈ পৰে। গতিকে, নিজে ভাল হৈ থকাটোৱেই সকলােতকৈ ভাল কাম। আনৰ ওপৰত দোষ জাপি নিজকে সাঙুৰি লােৱা উচিত নহয়। নিজৰ চৰিত্ৰৰ ওপৰতে ভাল-বেয়া নির্ভৰ কৰে। নিজৰ চাৰিত্রিক দৃঢ়তাৰ বলতে সামাজিক পৰিৱেশত ভাল জীৱন যাপন কৰিব পাৰি।

  অল্প বিদ্যা ভয়ংকৰী

উঃ ভালদৰে বিদ্যা শিক্ষা অর্জা ব্যক্তিসকলক জ্ঞানী বুলি গণ্য কৰা হয়। কিন্তু অলপ অচৰপ বিদ্যা অর্জন কৰা সকলে নিজকে বৰ জ্ঞানী বুলি দেখুৱাবলৈ চেষ্টা কৰে আৰু জনাই নজনাই সেই আধৰুৱা বিদ্যাক য’তে ত’তে প্রয়ােগ কৰিবলৈ চেষ্টা কৰে। তেনেকুৱা লােকে নিজেই সকলাে জানি উঠা বুলি ভাবে আৰু নিজৰ প্ৰভুত্ব জাহিৰ কৰিবলৈ গৈ মুখ থেকেচা খায়। গতিকে, অলপ অচৰপ শিক্ষা উপকাৰী হােৱাতকৈ বেছি অপকাৰী বা ভয়ংকৰহে হৈ উঠে। তেনে অল্পশিক্ষিত ব্যক্তিৰ পৰা কেতিয়াবা অনিষ্ট হােৱাৰাে সম্ভাৱনা থাকে। উদাহৰণস্বৰূপে অলপ অচৰপ ডাক্তৰী পঢ়ি, আধাতে শিক্ষা সামৰা অর্ধ-ডাক্তৰ এগৰাকীয়ে নিজৰসীমিত জ্ঞানেৰে ৰােগীক জধে-মধে চিকিৎসা কৰিলে বিপদৰ আশংকাই বেছি। এনেদৰে,বহু, ক্ষেত্ৰতেই এই অল্প জ্ঞানেৰে শিক্ষিত ব্যক্তিসকল সমাজৰ তথা নিজৰ কাৰণেই ভয়ংকৰ হৈ পৰে।

ভাৱ সম্প্ৰসাৰণ কৰা class 11

 শুই থকা শিয়ালে হাঁহ ধৰিব নােৱাৰে

উঃ শিয়ালে খাবৰ বাবে হাঁহ চিকাৰ কৰিবলৈ হ’লে হাঁহৰ গৰাললৈ যাবই লাগিব।কিন্তু শুই থকা শিয়াল এটিৰ গাঁতলৈ গৈ হাঁহ বা অন্য খাদ্য কেতিয়াও নােসােমায়। তেনে শিয়াল চিকাৰ অবিহনে নাখাই শুকাই মৰিব লাগিব। এই একেই কথা মানুহৰ ক্ষেত্ৰতাে প্রয়ােগ কৰিব পাৰি। কষ্ট নকৰিলে বিচৰা বস্তুটো কেতিয়াও হাতত আহি নপৰেহি। কাম্য বস্তুটো পাবলৈ হ’লে কষ্ট কৰিবই লাগিব। পঢ়া-শুনা নকৰি আৰামত শুই থকা, ঘূৰি ফুৰা ছাত্ৰই কেতিয়াও ভাল ফলাফল আশা কৰিব নােৱাৰে। কষ্ট নকৰিলে মুখ নভৰে। যেনেদৰে শিয়ালে খাবলৈ হ’লে কষ্ট কৰি ৰাতি অতি বিপদৰ মাজত গৈও গৃহস্থৰ ঘৰৰ
পৰা হাঁহ-কুকুৰা আদি ধৰি আনিব লাগে, মানুহেও আশা কৰা বস্তুটো পাবলৈ তাৰ কাৰণে প্ৰয়োজনীয় কষ্ট মূৰ পাতি লবই লাগিব।

 সময় অমূল্য ধন

উঃ সময় সকলােৰে বাবে সীমিত। তদুপৰি ই সদায় গতিশীল, কাৰাে বাবে, কোনাে প্রকাৰে ইয়াক ধৰি ৰাখিব নােৱাৰি। গতিকে, মানৱ জীৱনত সময়ৰ মূল্য অপৰিসীম। আন কথাত, কোনাে বিনিময়েৰেই ইয়াক কিনিব বা সাঁচিব নােৱাৰি।                                                                                                                          আমাৰ চুটি আৰু ব্যস্ত জীৱনত বহু কামেই কৰিব লগীয়া থাকে আৰু তাৰ কাৰণে সময় পােৱা যায় তেনেই কম। গতিকে, কোনাে কাৰণতে সময় অপচয় কৰা উচিত নহয়। সময়ৰ কাম সময়মতে কৰি সময়ৰ সতেই খােজ পেলাব লাগে, তেতিয়াহে আমি আমাৰ জীৱনত পােৱা সীমিত সময়কণৰ সঠিক ব্যৱহাৰ কৰিব পাৰিম। তদুপৰি, এবাৰ পাৰ হৈ যােৱা সময়কণ কেতিয়াও ঘূৰাই পােৱাও সম্ভৱ নহয়। এনেদৰেই আমি উপলব্ধি কৰিব পাৰোঁ যে আমাৰ জীৱনত সময়ৰ মূল্য কিমান। এই সময়ক আমি সকলােৱে সঠিক ব্যৱহাৰৰ কৰি ইয়াৰ গুৰুত্ব উপলব্ধি কৰা উচিত।

 হৰিণাৰ মাংসই বৈৰী

উঃ বহু ক্ষেত্ৰত মানুহৰ নিজৰ গুণখিনিয়েই কাৰােবাৰ বাবে বিপদৰ কাৰণ হৈ পৰে। হৰিণাৰ মাংস খাবলৈ বৰ সােৱাদ। গতিকে, মাংসৰ কাৰণে হৰিণাক বধ কৰিবলৈ চিকাৰী, বাঘ আদি টিঘিল-ঘিলাই ঘূৰি ফুৰে; যাৰ কাৰণে হৰিণাবােৰৰ জীৱন-ধাৰণ তেনেই বিপদসংকুল হৈ পৰে। বিশেষকৈ নিৰীহ লােকৰ কাৰণে এই সমস্যাটো অধিক। সমাজত এনে বহুত নিৰীহ লােক আছে, যিবােৰৰ নিজৰ সম্পত্তিখিনিয়ে তেওঁলােকৰ কাৰণে বিপদৰ কাৰণ হৈ পৰে। অজস্ৰ সা-সম্পত্তি বা সম্পদ থকা লােকৰ প্রতি লােকৰ প্রতি হিংসা জাগে। ফলত তেনে লােকৰ শত্রুও বাঢ়ে। অর্থাৎ হৰিণাৰ মাংসই যেনেদৰে হৰিণাৰ মৃত্যুৰ কাৰণ হৈ শত্রু হিচাপে চিহ্নিত হয়, ঠিক সেইদৰে মানুহৰ বিশেষ গুণ, সৌন্দর্য্য বা সম্পদো কেতিয়াবা মানুহৰ (সম্পদ বা গুণৰ গৰাকীৰ) শত্ৰু ৰূপে দেখা দিয়ে।

 ভুকুতে কল নপকৈ

উঃ যিকোনাে কাম এটা সম্পন্ন হৈ উঠিবলৈ ইয়াক পৰ্যাপ্ত সময় প্রয়ােজন হয়। ইয়াক একাষাৰে হৈ উঠক বুলি জোৰ দিলেই নহয়। কেঁচা কল এটা তৎক্ষণাত পকাবলৈ ভুকু মাৰি দিলেই ই লগে লগে নপকে, বৰং ই পচাৰহে সম্ভাৱনা থাকে। ঠিক তেনেদৰেই নির্দিষ্ট সময়তকৈ আগতে জোৰ কৰি কোনাে এটা কাম সিদ্ধি কৰিব বিচাৰিলে,ই পণ্ড হােৱাৰহে সম্ভাৱনা বেছি, সময়তকৈ আগত ই মুঠেও সম্পূৰ্ণৰূপে হৈ নুঠে। একেদিনাই কোনাে এজন মানুহেই পণ্ডিত হৈ উঠিব নােৱাৰে। একেৰাহে চলা দীঘলীয়া পৰিক্ৰমাৰ ফলতহে মানুহে তেনে গুণবােৰ আয়ত্ত কৰিব পাৰে।
গতিকে, লগে লগে লাগে বুলি জোৰ দিলেই কাম এটাৰ সফল সম্পাদন নহয়, ইয়াক ক্রম অনুসৰিহে সফলতাৰে সম্পূর্ণভাৱে সম্পন্ন কৰিব পাৰি।

 হস্তীৰৰ পিছলে পাৰ সজ্জনৰো বুৰে নাও

উঃ হাতী হ’ল এক বৃহদাকায় জন্তু আৰু ই খােজ কাঢ়োতে ভৰি পিছলি যােৱাৰ সম্ভাৱনা খুবেই ক্ষীণ। তথাপি কেতিয়াবা হঠাতে খােজ কাঢ়োতে এনে বিঘিনি ঘটি যায় যে হাতীৰ ভৰিও পিছলি যায়।সৎ ব্যক্তিয়ে সদায় আনৰ হিত চিন্তাই কৰে আৰু সহজ জীৱন যাপন কৰে। তেওঁলােকে অতি সাৱধানেৰে নৌকা যাত্রা কৰে। গতিকে তেওঁলােকৰ পানীত বুৰ যােৱাৰ সম্ভাৱনাও একেবাৰে ক্ষীণ। তথাপি কেতিয়াবা তেনে ব্যক্তিকো এনে বিপদে লগ দিব পাৰে যে সাবধানে চলােৱা নাৱাে ডুব যাব পাৰে। অতি সাৱধানতা অৱলম্বন কৰা তথা সৰল জীৱন-যাপন কৰা ব্যক্তিকো কেতিয়াবা দুর্ভাগ্যই লগ দিব পাৰে। বিপদ সংকট সকলােৰে ভাগ্যত থাকে। গতিকে, কেতিয়াও বিপদত নপৰিম বুলি অহংকাৰত ওফন্দি থকা উচিত নহয়। হাতীৰ দৰে শক্তিশালী ভৰিৰ গৰাকীৰৰ খােজ কাটোতে যিদৰে ভুল হৈ পিছল খাব পাৰে, অতি নির্ভুল ব্যক্তিৰ কেতিয়াবা ভুল হৈ যাব পাৰে, সাৱধানী ব্যক্তিও অসুবিধাত পৰিব পাৰে।

ভাব বহলাই লিখা

এশ গৰু মাৰিলে বাঘৰো মৰণ

উঃ এটা, দুটা গৰু হত্যা কৰা বাঘ সহজতে চকুত নপৰে। কিন্তু এটা দুটাকৈ যেতিয়া সি বহুতাে গুৰু নিধন কৰি গৈ থাকিব আৰু মানুহৰ তথা জীৱ-জন্তুৰ মাজত সন্ত্রাসৰ সৃষ্টি কৰিব তেতিয়া সেই বাঘক মাৰিব লগীয়া হােৱা বুলি সকলােৱে সহজেই অনুভব কৰিব। অর্থাৎ তেনে অৱস্থাত সেই বাঘৰ মৃত্যু অনিবাৰ্য্য হ’ব। ঠিক তেনেদৰে সমাজৰ অনিষ্টকাৰী ব্যক্তি বা প্রবঞ্চকে এটা বা দুটা বেয়া কাম কৰিলে সমাজৰ চকুত নপৰে যদিও,একাদিক্রমে তেনে কৰিয়েই থাকিলে সি ধৰা পৰাৰ উপৰি তেনে লােক ধ্বংসও অনিবার্য হৈ পৰে। এজনক প্রবঞ্চনা কৰি কোনােবাই সাৰি যাব পাৰে, কিন্তু অনেকক প্ৰৱঞ্চনা কৰাজন ধৰা পৰাটো অনিবার্য। গতিকে, এশটা গৰু মাৰি বাঘ এটাৰ মৃত্যু অনিবার্য হােৱাৰ দৰেই বহুতক ঠগােৱাৰ পাছত তেনে প্ৰৱঞ্চকৰ ধ্বংসও অনিবার্য। তেওঁ যিমানেই প্রভাৱশালী তথা প্রতাপী নহওক কিয়, ৰাইজৰ আগত সেও মানিবই লাগিব।

উপকাৰীক অজগৰে খায়

উঃ অকৃতজ্ঞ লােকসকলে উপকাৰী লােকৰ উপকাৰ স্বীকাৰ কৰাৰ পৰিৱর্তে, পাছত বৰং তেওঁলােকক অপকাৰহে কৰে। অজগৰ সাপ এটিক যদি কেতিয়াবা প্রাণনাশৰ পৰা ৰক্ষা কৰি তাক উপকাৰ কৰি থােৱা বুলি তাৰ পৰা সাৱধান হােৱা নাযায় আৰু সি সেই উপকাৰৰ কথা মনত কৰি একো নকৰে বুলি ভবা যায়, তেন্তে তেনেদৰে ভবাজনক অজগৰে খাবই। অজগৰে কেতিয়াও উপকাৰৰ মােল বুজি নাপায় আৰু সেয়ে তাৰ পৰা কৃতজ্ঞতা আশা কৰিও লাভ নাই। একেদৰে অকৃতজ্ঞ মানুহৰ পৰাও উপকাৰৰ কৃতজ্ঞতা বিচাৰি লাভ নাই।বৰং উপকাৰ কৰা ব্যক্তিৰ অসাৱধানতা তথা উদাৰতাৰ সুযােগ লৈ তেনে লােকে উপকাৰীজনৰ অনিষ্টহে কৰে। তেনে অকৃতজ্ঞ, অশলাগী লােকৰ পৰা সাৱধানে থকা উচিত।

 একতাই পৰম বল

উঃ বহুজনে লগ হৈ কোনাে কাম কৰিলে যিকোনাে কামত সহজে কৃতকার্য হ’ব পৰা যায়। সকলােৰে ঐক্যবদ্ধ প্রচেষ্টাৰে যি শক্তি পােৱা যায়, সেই শক্তি বেচ প্রবল হয়।অকলে গধুৰ বস্তু এটা দাঙিব নােৱাৰি, কিন্তু বহুজনে মিলি তাক সহজেই সমাধা কৰিব পাৰি। ইয়াৰ দ্বাৰা এয়াই ক’ব বিচৰা হৈছে যে মিলি থাকিলে শত্রুই বলে নােৱাৰে। ভাই ককাই মিলি থাকিলে দুষ্ট লােকে তেওঁলােকৰ অনিষ্ট কৰিব নােৱাৰে। গতিকে, একতাতকৈ বেছি শক্তি কোনাে উৎসতে নাই।

 শ্রম সিদ্ধিৰ অমােঘ অস্ত্র

উঃ যিকোনাে কামত সফলতা লাভ কৰিবলৈ পৰিশ্ৰম অপৰিহাৰ্য। প্রয়ােজন অনুপাতে পঢ়া-শুনা নকৰিলে ছাত্র-ছাত্রীয়ে তেওঁলােকৰ কাৰ্য্যৰ ফলাফল আশা কৰাটো বৃথা। খেতিয়কেও খেতিৰ পৰা ভাল ফচল আশা কৰিলে তাৰ বাবে পৰ্য্যাপ্ত পৰিশ্ৰম কৰি খেতিৰ যতন ল’ব লাগিব। মুঠতে যিকোনাে কামতে সিদ্ধি লাভ কৰাৰ আটাইতকৈ প্রয়ােজনীয় উপায় হ’ল শ্রম। শ্রম নকৰি কোনাে কামৰ ফলাফল বিচাৰি ভাগ্যক ধিয়াই থাকিলে তাত সিদ্ধি লাভ কৰিব নােৱাৰি। পৰিশ্ৰমেহে আমাক সিদ্ধিৰ শিখৰলৈ লৈ যাব পাৰে।

ফিৰিঙতিৰ পৰা খাণ্ডব দাহ

উঃ সামান্য একোটা কামৰ পৰাও একো একোটা ডাঙৰ ঘটনা সংঘটিত হৈ যাব পাৰে। সাধাৰণ ফিৰিঙতি এটিৰ পৰা যেনেদৰে সমগ্ৰ অৰণ্যত জুই লাগি গােটেই অৰণ্য পুৰি ছাৰখাৰ হ’ব পাৰে,ঠিক তেনেদৰে সৰু একোটা ভুলৰ পৰিণতিয়েই বিৰাট ধ্বংসকাৰ্যৰ কাৰণ হ’ব পাৰে।
গতিকে, সামান্য ঘটনা বা বস্তু বুলি একোকে অৱমাননা তথা অৱহেলা নকৰি তাৰ প্ৰতি প্ৰাৰম্ভণিতে সজাগ হৈ থাকিব লাগে, যাতে সেই সামান্য ঘটনাটোৰ পৰাই ডাঙৰ অঘটন হবলৈ নাপায়।

দুখ কৰিলেহে মুখ ভৰে

উঃ সুচল জীৱন যাপন কৰিবলৈ হ’লে দুখ-কষ্ট যাতনা সহ্য কৰিবই লাগিব। দুখ কষ্ট কৰি খেতি বাতি কৰিলেহে খেতিৰ পৰা পেটৰ ভাতমুঠি আহিব। সেইখিনি কষ্ট,শ্রম সহিব নােৱাৰিলে ভােকে পিয়াহে মৰিব লাগিব; এনেদৰে কেতিয়াও পেট নভৰে। অর্থাৎ ইয়াৰ জৰিয়তেও শ্ৰমৰে মর্যাদাৰ কথা ক’ব বিচৰা হৈছে। পৰিশ্ৰমৰ বেলিকাই সদায়ে পীড়াদায়ক, শ্ৰম কৰি কোনেও সুখ নাপায়। কিন্তু এইখিনি দুখ মানি ল’বই লাগিব যদিহে কামত সফলতা লাভ কৰিব বিচৰা হয়। গতিকে পৰিশ্ৰম, কষ্ট স্বীকাৰ কৰি কৰ্মত লাগি থাকিলেহে উদ্দেশ্য পূৰণ হয়। নিজৰ মনৰ হেপাঁহৰ বিৰুদ্ধে গৈও দুখ মনেৰে ধৈর্য ধৰি পঢ়া-শুনাত লাগি থকা ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ ফলাফলৰ বেলিকা মুখত সন্তুষ্টিৰ হাঁহি মাৰিব পাৰে। সাফল্যৰ আনন্দই তেওঁলােকৰ মন ভৰাই তােলে।

আয় চাই ব্যয় কৰিবা

উঃ মানুহে খৰচ পাতি কৰাৰ বেলিকা নিজৰ পর্যাপ্ত উপার্জনৰ কথা ভাবি চাব লাগে।নিজৰ আয়তকৈ বেছিকৈ খৰচ কৰাজনে কেতিয়াও সঞ্চয় কৰিবই নােৱাৰে, বৰং ঋণতহে পােত যাবলৈ বাধ্য হয়। বেছিকৈ উপার্জন কৰা লােক এজনে বেছিকৈ খৰচ কৰিব পাৰে। প্রাথমিক প্রয়ােজনীয় সা-সামগ্রী কিনা, সাধাৰণ বজাৰ-পাতি কৰাৰ উপৰি তেওঁলােকে বিলাসী সামগ্রী আদি কিনি এক বিলাসী জীৱন কটাব পাৰে। কিন্তু কম উপাৰ্জনৰ লােকে তেওঁৰ উপাৰ্জনৰ জোখাৰে সামৰিব পৰাকৈহে খৰচ পাতি কৰিব পাৰে। গতিকে, তেনে লােক ধন ব্যয় কৰাৰ বেলিকা সাৱধানী আৰু মিতব্যয়ী হােৱা উচিত।

Leave a Comment