সন্ধি Class 10 – দশম আৰু নৱম শ্ৰেণীৰ বাবে (অসমীয়া ব্যাকৰণ)

শ্ৰেণী দশম আৰু নৱম
বিষয় অসমীয়া ব্যাকৰণ
পাঠ সন্ধি
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

সন্ধি Class 10 And Class 9

১। সন্ধি কাক বােলে ?
উঃ সন্ধি হ’ল দুটা শব্দ জোৰা লগােৱা এটা উপায়। অর্থাৎ দুটা শব্দৰ প্ৰথমটোৰ শেষ বর্ণ আৰু দ্বিতীয় শব্দৰ আদি বৰ্ণৰ মাজত মিলন ঘটি এটা শব্দ হলে, তাক সন্ধি বুলি কোৱা হয়। যেনে-শুভ +ইচ্ছা = শুভেচ্ছা

২। সন্ধি কেইবিধ আৰু কি কি? সূত্র লিখি উদাহৰণ দিয়া।
উঃ সন্ধি তিনিবিধ।
যেনে- (ক) ব্যঞ্জন সন্ধি,
(খ) স্বৰ সন্ধি আৰু
(গ) বিসর্গ সন্ধি ।

(ক) ব্যঞ্জন সন্ধি : ব্যঞ্জনবর্ণৰ লগত ব্যঞ্জনবর্ণ বা স্বৰ বৰ্ণৰ মিলন ঘটিলে তাকে ব্যঞ্জন সন্ধি বােলে।
উদাহৰণঃ উৎ + ছেদ = {উচ্ছেদ} ব্যঞ্জন + ব্যঞ্জন
সম্ + কৃত = {সংস্কৃত}ব্যঞ্জন + ব্যঞ্জন
দিক্ + অন্ত = দিগন্ত } ব্যঞ্জন +স্বৰ
তৎ + উপৰি = {তদুপৰি} ব্যঞ্জন +স্বৰ

(খ) স্বৰ সন্ধি : স্বৰ বৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলন ঘটিলে তাকে স্বৰসন্ধি বােলে।
উদাহৰণঃ নীল + অচল = {নীলাচল }
প্রতি + এক = {প্রত্যেক }

(গ) বিসর্গ সন্ধিঃ (ব্যঞ্জনবর্ণ অথবা স্বৰবৰ্ণৰ লগত বিসর্গ (ঃ) ৰ সন্ধি হলে তাকে বিসর্গ সন্ধি বােলে।
উদাহৰণঃ নমঃ + কাৰ = নমস্কাৰ } বিসর্গ + ব্যঞ্জন
নিঃ + ঠুৰ = নিষ্ঠুৰ } বিসর্গ + ব্যঞ্জন
দুঃ + অৱস্থা = দুৰৱস্থা } বিসর্গ + স্বৰ
নিঃ + আকাৰ = নিৰাকাৰ } বিসর্গ + স্বৰ

Related Post: সমাস Class 10

সন্ধি Class 10 And Class 10

অসমীয়া সন্ধি

তলত কিছুমান শব্দৰ সন্ধি ভাঙি দেখুওৱা হ’ল :

যথা +উচিত = যথােচিত

বহিঃ +কাৰ = বহিস্কাৰ
প্রাগ +ঐতিহাসিক =প্রাগৈতিহাসিক।

তৎ +উপৰি = তদুপৰি
সম + বেশ = সমাবেশ।

অলম্ +কাৰ = অলংকাৰ
নিঃ +অৰ্থক = নির্থক।

তত্ত্ব +অৱধান = তত্ত্বাৱধান

সন্ধি ভাঙা:

উৎ +নতি = উন্নতি
দুঃ + চিন্তা = দুশ্চিন্তা
লাভ + অলাভ = লাভালাভ
গােন্ধ + ঈশ্বৰ = গােন্ধেশ্বৰ
গুণ + অভিৰাম = গুণাভিৰাম
বহিৰ +আগত = বহিৰাগত
ইতি +আদি = ইত্যাদি
সত্য +সত্য = সত্যাসত্য
সম + অন্বয় = সমন্বয়
অৰুণ +আচল = অৰুণাচল
সীমা +অন্ত = সীমান্ত
লােক +অৰণ্য = লােকাৰণ্য
পৰম + ঈশ্বৰ = পৰমেশ্বৰ
নৱ +উদয় = নবােদয়
দেশ +আচাৰ = দেশাচাৰ
সূর্য + উদয় = সূর্যোদয়
যােগ +ঈশ্বৰ = যােগেশ্বৰ

লগতে পঢ়ক  সমাস Class 10 - অসমীয়া ব্যাকৰণ দশম আৰু নৱম শ্ৰেণীৰ বাবে

তত্ত্ব +অৱধান = তত্ত্বাৱধান
ৰূপ +অন্তৰ = ৰূপান্তৰ
অৰুণ +উদয় = অৰুণােদয়
মহান + আত্মা = মহাত্মা
ভোক + ইন্দ্র = ভােকেন্দ্র
ৰবি +ইন্দ্র = ৰবীন্দ্র
অতি +ইত = অতীত
যজ +ন = যজ্ঞ
এক +অধিক = একাধিক
জীৱন +আনন্দ = জীৱনানন্দ
সংগ্রহ +আলয় = সংগ্রহালয়
দ্বীপ + অন্তৰ = দ্বীপান্তৰ
ফল +অফল = ফলাফল
গােল +আকাৰ = গােলাকাৰ
বিদ্যা +আৰম্ভ = বিদ্যাৰম্ভ
মত +অন্তৰ = মতান্তৰ
শােক + আকুল = শােকাকুল
অন্য +অন্য = অন্যান্য

শিষ্ট + আচাৰ = শিষ্টাচাৰ
অতি +ইন্দ্রিয় = অতীন্দ্রিয়
অভি + ইষ্ট = অভীষ্ট
গিৰি + ঈশ = গিৰীশ
সপ্ত + ঋষি = সপ্তর্ষি
ক্ষুধা + আর্ত = ক্ষুধার্ত
জন +এক = – জনৈক
প্রতি +এক = প্রত্যেক
অনু +এষণ = অন্বেষণ
শে + অন = শয়ন
নৈ + অক = নায়ক।
গাে +অক্ষ = গােবাক্ষ
সম্ +হাৰ = সংহাৰ
সম্ +চয় = সঞ্চয়
যাচ্ +না = যাজ্ঞা
সম + ট = সম্রাট
নিঃ +ৰৱ = নীৰৱ
নিঃ + আভৰণ = নিৰাভৰণ।
বৃহৎ+পতি = বৃহস্পতি
ভো +অন = ভৱন
ন +মার্জিত = অমার্জিত
ভৌ +উক =ভাবুক
দুঃ + ঘােৰ = দুৰ্ঘোৰ
স্ব +ইৰিণী = স্বাৰিণী

ৰূপ + অন্তৰ = ৰূপান্তৰ
প্রতি +ইতি = প্রতীতি
পৰি + ঈক্ষা = পৰীক্ষা
মৰু +উদ্যান = মৰুদ্যান।
হিম +আর্ত = হিমার্ত
শীত +আর্ত = শীতার্ত
মত +ঐক্য = মতৈক্য
সু +আগত = স্বাগত
নে +অন = নয়ন
গৈ +অক = গায়ক
পাে +ই = পবিত্র
সম্ +কাৰ = সংস্কাৰ
সম্ + লগ্ন = সংলগ্ন
সৎ+জন = সজ্জন
উৎ +জ্বল = উজ্জ্বল
মনঃ +থ = মনস্থ।
মানুহ +এ = মানুহে
মাহ +এক = মাহেক
নভ +মণ্ডল = নভােমণ্ডল
শােক +আতুৰ = শােকাতুৰ
সৎ +ইচ্ছা = সদিচ্ছা
দিব্য + লােক = দিব্যলােক
পুৰঃ +হিত = পুৰােহিত

Leave a Comment