শ্ৰেণী | দশম আৰু নৱম |
বিষয় | অসমীয়া ব্যাকৰণ |
পাঠ | সমাস |
উপলব্ধ | সকলো প্ৰশ্নৰ উত্তৰ |
সমাস Class 10 And 9
সমাসৰ সংজ্ঞাঃ পৰস্পৰ অৰ্থৰ সম্পৰ্ক থকা দুই বা ততােধিক পদ লগ লাগি এক পদ হােৱাকে সমাস বােলে। সাধাৰণতে শব্দ বা কথা চুটি আৰু শ্রুতিমধুৰ কৰিবলৈ সমাস ব্যৱহাৰ কৰা হয় । যেনেঃ ঘৰত যি ওপজে = ঘৰওপজা।
সমাসৰ বৈশিষ্ট্যঃ
(ক) দুই বা তাতােকৈ অধিক পদ বা পদ থকা বাক্য লগ লাগি এক পদ হ’লেই সমাস হয় ।
(খ) সমাস হােৱা পদবােৰে কেতিয়াবা প্রকৃত অর্থ এৰি আন অর্থ নির্দেশ কৰে।
(গ) সমাসত পদবােৰৰ বিভক্তিৰ চিন লুপ্ত হয়। সমাস হ’ব লগীয়া পদবিলাকৰ ব্যাসবাক্যৰ অনেক পদ লােপ হয়।
ব্যাসবাক্যঃ সমাসৰ অর্থ প্রকাশ কৰা বাক্য বা বাক্যাংশক ব্যাসবাক্য বােলে। যেনেঃ পীতাম্বৰ পদটোৰ ব্যাসবাক্য হ’ল পীত বৰণীয়া অম্বৰ (কাপােৰ) পৰিধান কৰে যি – পীতাম্বৰ।
সমস্ত পদঃ পদবােৰৰ লগ লাগি শেষত যিটো পদ গঠিত হয়, সেই সমাসবদ্ধ পদটোক সমস্ত পদ বােলে। যেনেঃ তিনিটা ৰং যাৰ = তিনিবৰণীয়া ; ইয়াত তিনিবৰণীয়া হৈছে সমস্ত পদ।
ব্যস্ত পদঃ যিকেইটা পদৰ সমাস হয়, সিহঁতৰ প্রত্যেককে সমস্যমান পদ বা ব্যস্ত পদ বােলে। যেনেঃ হাতেকটা ; সমাসবদ্ধ পদৰ ‘হাতেৰে’ আৰু ‘কটা’ প্ৰতিটো পদেই ব্যস্ত পদ।
সমাসৰ বিভিন্ন প্রকাৰ :
সমাস সাধাৰণতে ছয় প্রকাৰৰ। যেনেঃ (ক) দ্বন্দ্ব সমাস, (খ) তৎপুরুষ সমাস, (গ) কর্মধায় সমাস, (ঘ) দ্বিগু সমাস, (ঙ) বহুব্রীহি সমাস আৰু (চ) অব্যয়ীভাৱ সমাস।
(ক) দ্বন্দ্ব সমাসঃ দুটা বা তাতােকৈ অধিক সংজ্ঞা শব্দ বা বিভিন্ন অর্থ বুজোৱা পদৰ মাজৰ সংযােজক অব্যয় লােপ পাই হােৱা সমাসকেই দ্বন্দ সমাস বােলে। দ্বন্দ মানে হৈছে জোৰা। এই সমাসত সমস্যমান সংজ্ঞা শব্দবােৰ সংযােজক অব্যয় ‘আৰু’ৰ দ্বাৰা লগ লাগি থাকে। যেনেঃ ভাই আৰু ককাই = ভাই ককাই।
দ্বন্দ্ব সমাস তিনিধি হ’ল (১) ইতৰেতৰ দ্বন্দ্ব, (২) সমাহাৰ দ্বন্দ্ব আৰু (৩) একশেষ দ্বন্দ্ব।
(খ) তৎপুৰুষ সমাসঃ যি সমাসত দূটা ব্যস্ত পদৰ প্রথম পদটো প্রথমা বিভক্তিৰ বাহিৰে আন বিভক্তিত থাকে, আৰু এই বিভক্তি লােপ হৈ সমাস হয় তাকে তৎপুৰুষ সমাস বােলে। যেনেঃ চোৰক ধৰা=চোৰধৰা, গুৱাক কটা = গুবাকটা ইত্যাদি।
তৎপুৰুষ সমাস ছয় প্রকাৰ — (১) দ্বিতীয়া তৎপুৰুষ (২) তৃতীয়া তৎপুৰুষ,(৩) চতুর্থী তৎপুৰুষ, (৪) পঞ্চমী তৎপুৰুষ, (৫) ষষ্ঠী তৎপুৰুষ আৰু (৬) সপ্তমী তৎপুৰুষ।
(গ) কর্মধায় সমাসঃ যি সমাসত ব্যস্ত পদবােৰ বিশেষ্য আৰু বিশেষণ পদ হিচাপে লগ লগােৱা হয়, তাকে কর্মধায় সমাস বােলে।এই সমাসত প্রথম পদটো বিশেষণ আৰু দ্বিতীয় পদটো বিশেষ্য হয়। যেনেঃ পিতল বৰণৰ যি চকু – পিতলচকু, শুক্ল যি পক্ষ – শুক্লপক্ষ, পুণ্য যি ভূমি – পূণ্যভূমি ইত্যাদি।
কর্মধাৰয় সমাস দুবিধ হ’ল (১) মধ্যপদলােপী আৰু (২) অ্যপদলােপী সমাস।
(ঘ) দ্বিগু সমাসঃ দুই বা তাতকৈ অধিক সংখ্যাবাচক শব্দৰ লগত অন্য শব্দ লগ হৈ সমাহাৰ বুজালে যি সমাস হয়, তাকে দ্বিগু সমাস বােলে। যেনেঃ সাত বিহুৰ সমাহাৰ -সাত বিহু, নৱ ৰত্নৰ সমাহাৰ-নৱৰত্ন, ত্রি ভূৱনৰ সমাহাৰ – ত্রিভূবন ইত্যাদি।
(ঙ) বহুব্রীহি সমাসঃ যি সমাসত সমস্ত পদে ব্যস্ত পদবিলাকৰ ব্যুৎপত্তিগত অর্থ নুবুজাই আন কোনাে বিশেষ অর্থহে বুজায়, তাকে বহুব্রীহি সমাস বােলে। যেনেঃ পদ্ম আছে নাভিত যাৰ – পদ্মনাভ, হত হৈছে ভাগ্য যাৰ তেওঁ – হতভাগ্য, বাঘে খাইছে যাক – বাঘেখােৱা ইত্যাদি।
বহুব্রীহি সমাস তিনি প্রকাৰৰ —(১) কর্মধাৰয় বহুব্রীহি সমানাধিকৰণ বহুব্রীহি (২) ব্যাধিকৰণ বহুব্রীহি বা তৎপুৰুষ বহুব্রীহি আৰু (৩) ব্যতিহাৰ বহুব্রীহি।
(চ) অব্যয়ীভাৱ সমাসঃ সামীপ্য, অভাৱ, পৰ্য্যন্ত, সদৃশ, যােগ্য আদি অর্থ প্রকাশক অব্যয় শব্দৰ লগত আন পদৰ যি সমাস হয় তাকেই অব্যয়ীভাৱ সমাস বোলে। যেনেঃ বনৰ সমীপ-উপবন, সুখৰ অভাৱ = অসুখ, জীৱন পর্যন্ত = আজীৱন ইত্যাদি।
ব্যাসবাক্য সহ সমাস
ব্যাসবাক্য লিখি বিভিন্ন শব্দৰ সমাসৰ নাম
বৃকোদৰঃ বৃক নামে অগ্নি আছে উদৰত যাৰ তেওঁ -বহুব্রীহি সমাস।
ত্রিফলাঃ ত্রি ফলৰ সমাহাৰ -দ্বিগু সমাস।
তেলপানীঃ তেল আৰু পানী = দ্বন্দ্ব সমাস।
কাপুৰুষঃ কু যি পুৰুষ -কৰ্মধাৰয় সমাহ।
চক্রপাণিঃ চক্র আছে পাণিত যাৰ-বহুব্রীহি সমাস।
দুৰ্ভিক্ষঃ ভিক্ষাৰ অভাৱ=অব্যয়ীভাব সমাস
পীতাম্বৰঃ পীতবৰণীয়া অম্বৰ (কাপােৰ) যাৰ=বহুব্ৰীহি সমাস
পুণ্যভূমিঃ পুণ্য যি ভূমি=কর্মধাৰয় সমাস।
হৰিহৰঃ হৰি আৰু হৰ= দ্বন্দ্ব সমাস
ত্ৰিনয়নঃ ত্রি নয়নৰ সমাহাৰ=দ্বিগু সমাস।
গদাপাণিঃ গদা আছে পাণিত যাৰ=অব্যয়ীভাব সমাস
উপগ্রহঃ গ্রহৰ সদৃশ=অব্যয়ীভাৱ সমাস।