পর্বতাৰােহণ ৰচনা – অসমীয়া ৰচনা সকলো শ্ৰেণীৰ বাবে

বিষয় ৰচনা (অসমীয়া ব্যাকৰণ)
পাঠ পর্বতাৰােহণ
উপলব্ধ সকলো  প্ৰশ্নৰ উত্তৰ
শ্ৰেণী নৱম আৰু দশম শ্ৰেণী

পর্বতাৰােহণ

মানুহৰ অভিসন্ধিৎসু মনৰ বাবে বিভিন্ন ধৰণৰ খেল-ধেমালি আছে। পর্বতাৰােহণ, ট্রেকিং, আইচ-স্কেটিং, সাঁতােৰ, ড্রাইভিং আদি তেনেধৰণৰ খেল। এইবােৰৰ ভিতৰত পৰ্বাৰােহণৰ বাবে দক্ষতা, সাহস আৰু শাৰীৰিক ক্ষমতা প্রয়ােজন। তথাপি পর্বতাৰােহণে অভিসন্ধিৎসু লােকক আকর্ষণ কৰে। পৃথিৱীৰ সুউচ্চ শৃংগ গৌৰীশংকৰ বা মাউন্টএভাৰেষ্ট শৃংগ,টেনজিং আৰু হিলাৰীৰ লেখীয়াকৈ কেবাবাৰাে বহুলােকে আৰহণ কৰিছে। সেইদৰে বাসেন্দ্রী পালৰ লেখিয়াকৈ বহু মহিলায়াে এই শৃংগ আৰোহণ কৰিছে।

পৰ্বতৰ উচ্চতম শৃংগত আৰােহণ কৰাটো সৰু ল’ৰাৰ খেল নহয়। পর্বতাৰােহণত বহুতাে বিপদ-বিঘিনি আছে। বতৰৰ অৱস্থা ভিন্ন হয়।বৰফৰ ধুমুহা আৰু হিমপ্রবাহ যি কোনাে মুহূর্ততেহ’ব পাৰে। গলনাংকৰ বহু তলত জলবায়ুৰ উষ্ণতা হ’ব পাৰে।বৰফৰ ধুমুহা আৰু কুঁৱলীয়ে ঢাকি ৰখাৰ বাবে সন্মুখৰ বস্তু দেখা পােৱা নাযাব পাৰে। দুর্গম পথত বতৰৰ পৰিৱর্তনে নানা বিপদ-বিঘিনিৰ সৃষ্টি কৰিব পাৰে। কিছুমান ঠাইৰ বৰফ কোমল আৰু এনেবােৰ ঠাইত পৰি যােৱাৰ সম্ভাৱনা অধিক।

পর্বতাৰােহণৰ দক্ষতা আয়ত্ত কৰিব পাৰি। যুৱ পৰ্বতাৰোহীক প্রশিক্ষণ দিয়াৰ বাবে প্রশিক্ষণ কেন্দ্র আছে। তেওঁলােকে পর্বতাৰােহীক অভিযানৰ বাবে পঠায়। অভিযান আৰম্ভ কৰিবলৈ শিবিৰ পতা হয়। এই অভিযানত কুঠাৰকে ধৰি বিভিন্ন সঁজুলি লগত লৈ যােৱা হয়। ৰচী, অক্সিজেন চিলিণ্ডাৰ আৰু পর্বতাৰােহী হাত-মােজাও লােৱা হয়। পর্বতাৰােহী হাত-মোজা আৰু জোতা বিশেষভাৱে নির্মিত হয়। পর্বতাৰােহণ এক আধুনিক খেল। অভিযানৰ উপৰিও পর্বতাৰােহীয়ে তেওঁলােকে আৰােহণ কৰা পৰ্বতৰ বিষয়ে পােনতে নতুন নতুন তথ্য জানিব পাৰে।

Leave a Comment