প্রত্যয় (অসমীয়া ব্যাকৰণ) নৱম আৰু দশম শ্ৰেণী

বিষয়অসমীয়া ব্যাকৰণ
পাঠপ্রত্যয়
উপলব্ধসকলো  প্ৰশ্নৰ উত্তৰ
শ্ৰেণীনৱম আৰু দশম শ্ৰেণী

প্রত্যয় নৱম আৰু দশম শ্ৰেণী

১। প্রত্যয় কাক বােলে ?
উঃ প্রকৃতি বা মূলৰ লগত যিবােৰ বৰ্ণ বা বর্ণসমষ্টি যােগ হৈ নতুন নতুন অর্থযুক্ত শব্দৰ সৃষ্টি কৰে, তাকেই প্রত্যয় বােলে।

যেনে— ফুল + অনি = ফুলনি। চুৰ +উনী = চুৰুনী।

২। অসমীয়া ভাষাত প্রত্যয় কেইবিধ আৰু কি কি ? সূত্র লিখি উদাহৰণ দিয়া।
উঃ অসমীয়া ভাষাত প্রত্যয় চাৰিবিধ। যেনে :

  • (ক) কৃৎ প্রত্যয়।
  • (খ) তদ্ধিত প্রত্যয়।
  • (গ) স্ত্ৰী প্রত্যয়।
  • (ঘ) বিভক্তিবাচক প্রত্যয়।

(ক) কৃৎপ্রত্যয় : ধাতু বা ক্রিয়াৰ মূলৰ লগত যিবােৰ প্রত্যয় যোগ হৈ নতুন পদ গঠন হয়,তাকেই কৃৎ প্রত্যয় বােলে। যেনে- লিখ + অক = লিখক
কৰ্+ ওৱা = কৰােৱা (পাচনি ধাতু)

(খ) তদ্ধিত প্রত্যয় : প্রতিপাদিক বা নাম শব্দৰ পিছত যিবােৰ প্ৰত্যয়ৰ চিন যােগ হৈ নতুন নতুন শব্দৰে সৃষ্টি হয়, তাকেই তদ্ধিত প্রত্যয় বােলে।
যেনে- দয়া + আলু = দয়ালু |অসম + ঈয়া = অসমীয়া | গাঁও + অলীয়া = গাঁৱলীযয়া

(গ) স্ত্রী প্রত্যয় : নাম শব্দৰ স্ত্রীলিঙ্গ বুজাবলৈ শব্দৰ পিছত যিবােৰ চিন যােগ হয়, তাকেই স্ত্রী প্রত্যয় বােলে। যেনে- উকিল + অনী = উকিলনী | ৰান্ধ + অনী = ৰান্ধনী | গাল + পােৰা + ঈ = গালপুৰী

(ঘ) বিভক্তিবাচক প্রত্যয় : নাম শব্দ বা ক্রিয়াবাচক শব্দৰ লগত যিবােৰ চিন যােগ হৈ পদ গঠন হয়, তাকেই বিভক্তি বােলে।(বিভক্তিবােৰকো প্রত্যয়ৰ চিন বুলি গণ্য কৰা হয়)। যেনে- কৰ্+ আ = কৰা | ফুল + এ = ফুলে | ফুল + ইছে (ফুল্ + ইছ+ এ) = ফুলিছে।

প্ৰত্যয় ভাঙা :

ঢুলীয়া = ঢােল + ঈয়া
চুৱাপাতনি = চুৱা + পাত + অনি
বাঢ়নী = বাঢ় + অনী
মাহেকীয়া = মাহ + এক + ঈয়া
ভাৰতীয় = ভাৰত + ঈ + অ
দিন + এক = দিনেক
বিহগী = বিহগ + ঈ
নিপুণতা = নিপুণ + অতা
প্রীতি = প্রী + ক্তিন্
সমাজিক = সমাজ + ইক
সামগ্রিক = সমগ্র + ইক
বােৱতী = বাে + অতী
দেখনিয়াৰ = দেখ + অনিয়াৰ
চাপৰিয়াল = চাপৰি + আল
খেতিয়ক = খেতি + অক
বাটৰুৱা = বাট + অৰুৱা
মধুৰতা = মধুৰ + অতা

প্ৰত্যয় ভাঙা class 10

হালােৱা = হাল + ওৱা
শাকতলী = শাক + তল + ঈ
আধুনিক = অধুনা + ইক
বৃত্তিয়াল = বৃত্তি + আল
দেখি = দেখ + ই
দিন + ইক = দৈনিক
খলকনি = খলক + অনি
গতি = গম + ক্তিন্
কলিকতীয়া = কলিকতা + ঈয়া
ভাৱৰীয়া = ভাৱ + অৰীয়া
বেগী = বেগ + ঈ
নাচন = নাচ্ + অন
ভালৰি = ভাল + অৰি
খঙাল = খং + আল
লিখাৰু = লিখ + আৰু
খাওঁতা = খা + ওঁতা
তলতীয়া = তল + অতীয়া

সন্ধি = সন + ধা + কি
সঙ্গিনী = সঙ্গ + ইনী
সাদিনীয়া = সাদিন + ঈয়া
গন্তব্য = গম্ + তব্য
সূর্য = সূ + ক্যপ
প্রগতি = প্রগম + ক্তিন্
গায়ক = গৈ + অক
শয়ন =শে + অন
গভাইত = গর্ভ + আইত
ভিক্ষাৰী = ভিক্ষা + আৰী
সেউজীয়া = সেউজ + ঈয়া
সৰিয়হতলী = সৰিয়হ + তলী
পাৰ্থিৱ = পাৰ্থিৱী + ষ্ণ
শাক্ত = শক্তি + ষ্ণ
গৰীয়সী = গুৰু + ঈয়স্ + ঈ
কাবুলীৱালা = কাবুলী + আলা
দ্বাৰােৱান = দ্বাৰ + ৱান
পহৰাদাৰ = পহৰা + দাৰ

বেজালি = বেজ + আলি
বিদেশী = বিদেশ + ঈ
নাচন = নাচ + অন
বাচ্য = বচ্ + ন্যৎ
বর্তমান = বৃৎ + শানচ্
গীত = গৈ + ত
নয়ন = নে + অন
যজ্ঞ = যজ + ন
হিংস্র = হিনস্ + ৰ
লােহাৰ = লৌ + আৰ
ঠগামী = ঠগ + আমি
বজৰুৱা = বজাৰ + উৱা
সেৰি = সূর্য + ষ্ণ
প্রত্যেক = প্রতি + এক
নীলিমা = নীল + ইমন্ + আ
পিতামহ = পিতৃ + ডামহ
পাণ্ডাগিৰি = পাণ্ডা + গিৰি
লঘিষ্ঠ = লঘু + ঈষ্ট

৩। পাচটা নিদিষ্টতাবাচক প্রত্যয়ৰ চিন লিখা।
উঃ জন = মানুহ + জন (মানুহজন)
টো = কলম + টো (কলমটো)
খন = কিতাপ + খন (কিতাপখন)
পাত = স্কেল + পাত (স্কেলপাত)
ডাল = খৰি + ডাল (খৰিডাল)

প্রত্যক্ষবাচক চিনসমূহ (ছাত্র-ছাত্রীয়ে প্রত্যয়ৰ চিনসমূহ জনাটো অতি প্রয়ােজনীয়)
অনী : ধৰ+ অনী = ধৰণী (কৃৎ বাচ্যত)
অক : লিখ্ +অক = লিখক
অতি : চল + অতি = চলতি
অন্ত : চল্+ অন্ত = চলন্ত
ওঁতা : খা + ওঁতা = খাওঁতা।
অতী (স্ত্রী) : খা + অতী = থাৱতী
অন : শাে + অন = শোৱন।
অনা : বাজ + অনা = বাজনা
অনি : ৰান্ধ+ অনি= ৰান্ধনি (পুং)
অনীঃ ৰান্ধ + অনী = ৰান্ধনী (স্ত্রী)

অনীয়া : মাগ্ + অনীয়া = মগনীয়া
অৰীয়া : নাৱ + অৰীয়া = নাৱৰীয়া
আৰুঃ লিখ্ + আৰু = লিখাৰু
উৰীঃ কান্দ + উৰী = কান্দুৰী (স্ত্রী)
ইবঃ মৰ্+ ইব= মৰিব
ইলঃ যা + ইল = গ’ল
ইলতঃ যা + ইলত = গ’লত
ঈয়া : গৰু + ৰাখ্+ ঈয়া = গৰখীয়া
উৰাঃ বহ + উৱা = বহুৱা
অনিয়াৰঃ মাগ + অনিয়াৰ = মগনিয়াৰ
আ : শাে + আ = শােৱা
উৰাঃ কান্দ্+ উৰা = কান্দুৰা
ইঃ হাঁহ + ই = হাঁহি
বঃ খা + ব = খাব।
ইলেঃ যা +ইলে = গ’লে
অৰোৱাঃ বাট + অৰোৱা = বাটৰুৱা
ওঁতে : খা + ওঁতে = খাওঁতে

সংস্কৃত কৃৎ প্রত্যয়ৰ চিন :

তব্য : কৃ + তব্য = কর্তব্য
ন্যৎ : ভজ্ + ন্যৎ = ভাগ্য, ভাজ্য
ক্যপ : হন্ + ক্যপ = হত্যা
শানচ্ : বৃৎ + শানচ্ = বর্তমান
ক্তিন : শক্ + ক্তিন = শক্তি
অনট : ভু + অনট = ভৱন
যুচ : ৰসি + যুচ্ (অন) = ৰসনা
ক : ধর্ম + জ্ঞা + ক =ধর্মজ্ঞ
শালা : ধর্ম + শালা =ধর্মশালা
অতী : খীৰ + অতী = খীৰতী।
অতিয়াৰ : সাঁচ + অতিয়াৰ = সাঁচতিয়াৰ
অৰি : ফুল + অৰি = ফুলৰি
অৰীয়া : বন + অৰীয়া = বনৰীয়া
আ : দীঘল + পেট + আ = দীঘলপেটা
আইত : অঘ +আইত + অং = অঘাইতং
আম : ফুল + আম = ফুলাম
আৰ : কুম্ভ + আ = কুমাৰ
আঙ : খৰ+ আঙ = খৰাং

অনীয় : দৃশ + অনীয় = দর্শনীয়।
যৎ : ঞ + যৎ = শ্ৰব্য
শত্ : মহ্ + শতৃ = মহৎ
ক্ত : পূজ + ক্ত = = পূজিত
ঘঞ : প্র-সদ্ + ঘঞ = প্রসাদ
অ : হিনস্ + অ = সিংহ
অচ : সপৃ + অচ = সর্প
ড : দ্বি + জন্ + ড = দ্বিজ
অতি : বাপ + অতি = বাপতি
অতীয়া : তল + অতীয়া = তলতীয়া
অতিয়াল : লাগ + অতিয়াল = লাগতিয়াল।
অন : প্রত্যয় + অন = পতিয়ন
অৰী : বন + অৰী = বনৰী।
আই : চাফ্ + আই = চাফাই।
আন : শুষ্ক + আন = শুকান
আমি : মূখ + আমি = মূৰ্খামি
আৰী : সােণ + আৰী = সােণাৰী
আলি : বেজ + আলি = বেজালি।

প্ৰত্যয় ভাঙা class 10

আলী : ভােগ + আলী = ভােগালী
আল : গুৰি + আল = গুৰিয়াল
ইয়াৰ : ভাগ + ইয়াৰ = ভাগিয়াৰ
ইলা : কাম + ইলা = কামিলা
ঈ : পঞ্জাৱ + ঈ = পঞ্জাৱী
উৱাল : পাহ + উৱাল = পাহুৱাল
উকা : লাজ + উকা = লাজুকা
ময় : বােকা + ময় = বােকাময়
উৱৈ : খেল + উৱৈ = খেলুৱৈ
ইয়াল : মৰম + ইয়াল = মৰমিয়াল
ইয়া : মাজ + ইয়া = মজিয়া
ইল : ৰং + ইল = ৰঙিল
ইলি : মাহ + ইলি = মাহিলি
উৱা : পেট + উৱা = পেটুৱা
উক : ভাব + উক = ভাবুক
কুৱা : তেনে + কুৱা = তেনেকুৱা
হাল : জুই + হাল = জুহাল

Also Read:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top