আহোম সকল Class 9 প্রশ্নোত্তৰ বৈচিত্রময় অসম

শ্ৰেণী বৈচিত্রময় অসম (দ্রুত পাঠ)
বিষয় অসমীয়া
পাঠ আহোম সকল
উপলব্ধ সকলো প্ৰশ্নৰ উত্তৰ

আহোম সকল Class 9

পাঠভিত্তিক প্রশ্নোত্তৰ
১। আহােমসকল আদিতে কোন জাতিৰ লােক আছিল?
উঃ আহােমসকল আদিতে টাই জাতিৰ লােক আছিল।

২। আহােমসকলৰ আদি বাসস্থান ক’ত আছিল?
উঃ চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চল (বর্তমান ইউনান প্রদেশৰ মুংমাও) আহােমসকলৰ আদি বাসস্থান আছিল।

৩। আহােমসকলে কিমান বছৰ অসমত শাসন কৰিছিল ?
উঃ আহােমসকলে ৬০০ বছৰৰাে অধিক কাল অসমত শাসন কৰিছিল।

8। আহােমসকলৰ আদিভাষা কি আছিল?
উঃ আহােমসকলৰ আদিভাষা আছিল টাই বা শ্যান।

৫। আহােমসকলৰ কেইটামান উৎসৱৰ নাম লিখা।
উঃ আহােমসকলৰ কেইটামান উৎসৱ হৈছে—মে-ডাম মে-ফী, উমফা , চাইফা, ৰিকখন, জাচিংফা, লাইলুংখাম আদি।

আহোম সকল Class 9 দ্রুত পাঠ

১। অতি চমু প্রশ্নোত্তৰ :
(ক) কাৰ নেতৃত্বত আহােমসকল অসমলৈ আহিছিল?
উঃ চ্যাওলুং চুকাফাৰ নেতৃত্বত আহােমসকল অসমলৈ আহিছিল।

(খ) যােৱা শতিকাৰ শেষভাগলৈকে আহােমসকলৰ প্ৰধান জীৱিকা কি আছিল?
উঃ যােৱা শতিকাৰ শেষভাগলৈকে আহােমসকলৰ প্ৰধান জীৱিকা শালি ধানৰ খেতি আছিল।

(গ) আহােমসকলৰ বিবাহ পদ্ধতি দুটা কি কি?
উঃ আহােমসকলৰ বিবাহ পদ্ধতি দুটা চকলং আৰু দেওবান।

(ঘ) লাচিত বৰফুকনৰ কিমান খ্রীষ্মব্দত জন্ম হৈছিল?
উঃ ১৬১২ খ্রীষ্টাব্দত লাচিত বৰফুকনৰ জন্ম হৈছিল।

(ঙ) লাচিত বৰফুকনৰ পিতৃৰ নাম কি আছিল?
উঃ লাচিত বৰফুকনৰ পিতৃৰ নাম মােমাই তামুলী।

(চ) মােগল আৰু আহােমৰ প্ৰথম ৰণখন কত সংঘটিত হৈছিল?
উঃ মােগল আৰু আহােমৰ প্ৰথমখন ৰণ ব্ৰহ্মপুত্ৰৰ উত্তৰফালে থকা বাহবাৰীত সংঘটিত হৈছিল।

(ছ) আহােমসকলৰ সর্বশেষ যুদ্ধখনত কি বুলি জনা যায় ?
উঃ আহােমসকলৰ সর্বশেষ যুদ্ধখনক শৰাইঘাটৰ ৰণ বুলি জনা যায়।

(জ) কোনজন আহােম স্বৰ্গদেউ ল’ৰা ৰজা নামেৰে খ্যাত হৈছিল?
উঃ স্বৰ্গদেউ ছ্যু ; লিক্ -ফা বা ৰত্নধ্বজ সিংহ ‘ল’ৰা ৰজা’ নামেৰে খ্যাত হৈছিল।

(ঝ) গদাপাণি কোনটো আহােম ফৈদৰ কোৰৰ আছিল?
উঃ গদাপাণি তুং-খুংঙ্গীয়া ফৈদৰ কোঁৱৰ আছিল।

(ঞ) লাই-লেচাই কোন আছিল?
উঃ লাই-লেচাই গদাপাণি আৰু জয়মতীৰ পুত্ৰ আছিল।

(ট) জয়মতী কোন আছিল?
উঃ জয়মতী গদাপাণিৰ পত্নী আছিল।

(ঠ) জয়মতীক ক’ত শাস্তি দিয়া হৈছিল?
উঃ জয়মতীক জেৰেঙা পথাৰত শাস্তি দিয়া হৈছিল।

(ড) জয়সাগৰ পুখুৰীটো কোনে খন্দুৱাইছিল?
উঃ সতী জয়মতীৰ জ্যেষ্ঠ পুত্ৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰীটো খন্দুৱাইছিল।

(ঢ) টেঙাই মহন কোন আছিল?
উঃ টেঙাই মহন আছিল অসমৰ প্ৰথমগৰাকী অভিধান প্রণেতা।

আহোম সকল Class 9 Question Answer

(ণ) “বৰ কাকত হ-ুমুং” নামৰ সাঁচিপতীয়া পুথিখনৰ ৰচক কোন?
উঃ “বৰ কাকত হু-মুং” নামৰ সাঁচিপতীয়া পুথিখনৰ ৰচক টেঙাই মহন।

(ত) “বৰ কাকত হু-মুং”ৰ সম্পাদিত ৰূপটোক কি বুলি জনা যায়।?
উঃ “বৰ কাকত হু-মুং”ৰ সম্পাদিত ৰূপটোক অসম বুৰঞ্জী বুলি জনা যায়।

(থ) “ভানুমতী” উপন্যাসখনৰ ৰচক কোন?
উঃ “ভানুমতী” উপন্যাসখনৰ ৰচক পদ্মনাথ গােহাঞিবৰুৱা।

(দ) গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য কোন আছিল?
উঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য কৃষ্ণকান্ত সন্দিকৈ।

(খ) গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত প্রতিষ্ঠা হৈছিল?
উঃ ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় প্রতিষ্ঠা হৈছিল।

Related Post:

৬। চমুটোকা লিখা।

(ক) লাচিত বৰফুকন
উঃ লাচিত বৰফুকন আছিল অসমৰ এজন মহান দেশভক্ত বীৰ পুত্ৰ। তেওঁৰ দৰে অন্য এজন বীৰৰ উদাহৰণ অসমৰ ইতিহাসত পােৱা নাযায়। আহােম-মােগলৰ মাজত সংঘটিত হােৱা শৰাইঘাটৰ যুদ্ধত তেওঁ যিধৰণৰ দক্ষতা, দায়বদ্ধতা আৰু কার্যক্ষমতাৰ পৰিচয় দিছিল সিয়ে তেওঁৰ নাম অসমৰ ইতিহাসত অমৰ কৰি থৈ গৈছে। এইজনা বীৰ সন্তানৰ জন্ম হৈছিল ১৬১২ খ্রীঃত গড়গাঁৱৰ ওচৰত। তেওঁৰ পিতৃৰ নাম আছিল মােমাই তামুলী বৰুৱা। লাচিত তেওঁৰ পিতৃ-মাতৃৰ চতুর্থ তথা কনিষ্ঠ সন্তান আছি তেওঁ সৰুৰে পৰা অতি নির্ভীক, সৎ আৰু স্পষ্টবাদী আছিল। তেওঁৰ পিতৃ আহোম ৰজাৰ বৰবৰুৱা পদৰীত থকা বাবে তেওঁ সৰুৰে পৰাই তেওঁৰ পিতৃৰ কাম কাজ তথা বিভিন্ন ডা-ডাঙৰীয়াসকলৰ সৈতে হােৱা আলােচনাবোৰ প্ৰত্যক্ষ কৰাৰ সুবিধা লাভ কৰিছিল আৰু এইবােৰৰ পৰা তেওঁ বহুতে জ্ঞান তথা অভিজ্ঞতা আহৰণ কৰিছিল।

যুৱ অৱস্থাত ভৰি দিয়ে তেওঁ নিজৰ দক্ষতাৰে আহােমৰ ৰজাঘৰত “হচতিধৰা তামুলী” পদত নিযুক্তি লাভ কৰিছিল। এনেদৰে তেওঁ ৰজাঘৰত ক্রমে ঘোঁৰা বৰুৱা, দোলীয়া বৰুৱা, শিমলুগুৰীয়া ফুকন আদি পদৱী লাভ কৰিছিল। অৱশেষত, মিৰজুমলাৰ অসম আক্ৰমণৰ সময়ত দিখৌমুখত শত্রুপক্ষৰ সন্মুখত যি সমৰ দক্ষতা তথা পাৰদৰ্শিতা প্রদর্শন কৰিছিল তাৰ পৰা তেওঁৰ পৰাক্ৰমৰ উমান পাই তেওঁক স্বৰ্গদেউ চক্ৰধ্বজ সিংহই আহােমৰ বৰসেনাপতি পাতি বৰফুকন পদত নিযুক্তি দিছিল। ১৬৬৭ চনত আহােম-মােগলৰ যুদ্ধ আৰম্ভ হৈছিল।এইবাৰাে লাচিতে তেওঁৰ বীৰত্বৰ পৰিচয় দি মােগল সৈন্যক মানাহ নদী পাৰ কৰি খেদি পঠিয়াইছিল। অসমীয়া সৈন্যৰ হাতত হােৱা মােগলৰ এই পৰাজয়ৰ কথা সহ্য কৰিব নােৱাৰি এইবাৰ মােগল সম্রাট ঔৰংজেৱে সেনাপতি ৰামসিংহক অসম আক্ৰমণ কৰিবলৈ প্ৰেৰণ কৰিছিল।

মােগলৰ বিশাল সৈন্যবাহিনী দেখিও লাচিত বৰফুকনে অলপাে বিচলিত নহৈ শত্ৰুৰ সৈতে পৰাক্ৰমেৰে যুঁজ দিবলৈ অসমীয়া সৈন্যসকলক আহ্বান জনাইছিল আৰু সকলােকে নিজৰ কৰ্তব্যত অৱহেলা নকৰাৰ বাবে সকীয়নি দিছিল। তেওঁ উত্তৰ গুৱাহাটীৰ আমিনগাঁৱৰ ওচৰত শত্রু সৈন্যক ভেটা দিবলৈ এটা গড় নির্মাণৰ কাম আৰম্ভ কৰিছিল আৰু তাৰ চোৱা-চিতাৰ কাম তেওঁৰ এজন মােমায়েকক প্রদান কৰিছিল। কিন্তু গড় নির্মাণৰ কাম পিছ পৰি থকাত গড় নির্মাণস্থলীতে তেওঁ মােমায়েকক শিৰচ্ছেদ কৰি ‘দেশতকৈ মােমাই ডাঙৰ নহয়’ বুলি কৈ নিজ দেশভক্তিৰ পৰিচয় দিছিল।

তেওঁৰ এই উগ্রমূর্তি দেখি সকলাে বৰ শংকিত হৈছিল আৰু দুগুণ। শক্তিৰে কাম কৰি ৰাতিৰ ভিতৰতে গড়ৰ কাম সম্পূর্ণ কৰি মােগল সৈন্যক ভেটা দিছিল। ইয়াতেই ১৬৭১ চনৰ মাৰ্চত আহােম-মােগলৰ শেষ যুদ্ধ তথা ইতিহাসপ্রসিদ্ধ শৰাইঘাটৰ ৰণ সংঘটিত হৈছিল য’ত লাচিত বৰফুকনৰ সমৰ কৌশলতাৰ আগত বিশাল মােগল বাহিনী পৰাস্ত হৈছিল। এই যুদ্ধৰ সময়ত লাচিত বৰফুকন তীব্র জ্বৰত ভুগিছিল যদিও তেওঁ নৰিয়া দেহৰ কথা পাহৰি দেশৰক্ষা কৰাৰ বাবে কঠোৰ স্থিতি গ্রহণ কৰিছিল আৰু প্রবল পৰাক্ৰমেৰে যুঁজি দেশ ৰক্ষা কৰিছিল। শৰাইঘাটৰ যুদ্ধৰ কিছুদিনৰ পিছতে গুৱাহাটীত লাচিত বৰফুকনৰ মৃত্যু হৈছিল। এনে এজন তুলনাবিহীন দেশপ্রেমিক বীৰৰ বীৰত্বৰ গাঁথাই প্রতিজন অসমীয়াৰে মনত সদায় দেশপ্রেমৰ ভাব জাগ্রত কৰি থাকিব।

আহোম সকল Class 9

(খ) সতী জয়মতী
উঃ সতী জয়মতী হৈছে প্ৰতিগৰাকী অসমীয়া নাৰীৰ সীমাহীন মনােবল, ত্যাগ তথা পৱিত্ৰতাৰ প্রধান আদর্শ। জয়মতী আছিল আহােম স্বৰ্গদেউ গদাপাণিৰ পত্নী তথা স্বৰ্গদেউ ৰুদ্ৰসিংহৰ মাতৃ। সতী জয়মতীৰ সময়ত আহােমৰ মুখ্যমন্ত্রী লালুকসােলা ৰাজ্যৰ উঠি ৰজা বহি ৰজা হৈ পৰিছিল। তেওঁ নিজৰ স্বার্থসিদ্ধিৰ বাবেই আহােমৰ ৰাজবংশত কেইবাজনাে প্রাপ্তবয়স্ক উপযুক্ত কোঁৱৰ থকা সত্বেও চামগুৰীয়া ফৈদৰ ১৪ বছৰীয়া কোঁৱৰ এজন আনি স্বৰ্গদেউ পাতি ছ্যু-লিক্-0ফা নাম প্রদান কৰিছিল। আৰু নিজৰ পাঁচ বছৰীয়া কন্যাক ৰজালৈ বিয়া দিছিল।

তেওঁ নিজে নিষ্কন্টক হ’বলৈ বুঢ়াগােহাঁইৰ পৰিয়ালটোক সবংশে বধ কৰােৱাৰ উপৰি ৰাজ পৰিয়ালৰ সকলােবােৰ ৰজা হােৱাৰ উপযুক্ত কোঁৱৰ সকলক অংগক্ষত কৰাৰ লগতে বধ কৰাৰ অভিসন্ধি ৰচি কোঁৱৰ নিধন কার্য আৰম্ভ কৰিছিল। সতী জয়মতীৰ স্বামী তুংখুংগীয়া ফৈদৰ গদাপাণিৰ বাহিৰে লালুকসােলাই বাকী আটাইবােৰ ফৈদৰ কোঁৱৰ সকলকে হয় অংগক্ষত নহয় বধ কৰাবলৈ সক্ষম হৈছিল। কোঁৱৰ হত্যাৰ এনে প্রক্রিয়া দেখি জয়মতী কুঁৱৰীয়ে স্বামী গদাপাণিক তেওঁলােকৰ দুই সন্তান লাই-লেচাইৰ সৈতে লুকাই থাকিবলৈ অনুৰােধ কৰিছিল। প্রথমতে তেওঁ এনে কৰিবলৈ অমান্তি হৈছিল যদিও জয়মতীৰ বুজনিত তেওঁ নগা পাহাৰত গৈ আত্মগােপন কৰিছিল। গদাপাণিক বিচাৰি নাপাই লালুকসােলাই জয়মতীক ৰাজসভালৈ অনাই গদাপাণিৰ বাতৰি সুধিছিল। কিন্তু, জয়মতীয়ে স্বামীৰ বাতৰি দিবলৈ সন্মত নােহােৱাত লালুকসােলাই জয়মতীক জেৰেঙালৈ নি যিকোনাে উপায়ে তেওঁৰ মুখৰ পৰা গদাপাণিৰ বাতৰি উলিয়াবলৈ আদেশ দিছিল।

লালুকসােলাৰ আদেশক্রমে জয়মতীক জেৰেঙা পথাৰলৈ নি চাওদাওে বিভিন্ন প্রকাৰে গদাপাণিৰ বতৰা উলিয়াব নােৱাৰি এটাৰ পিছত এটাকৈ কঠোৰ শাস্তি দিবলৈ আৰম্ভ কৰিছিল। কঠোৰ শাস্তিয়েও জয়মতী কুঁৱৰীৰ মুখৰ মাত উলিয়াব পৰা নাছিল। এনেদৰে ১৪ দিন যাতনা ভুগি জয়মতী কুঁৱৰীয়ে নশ্বৰদেহ ত্যাগ কৰিছিল যদিও কাললৈ তেওঁৰ সতীত্ব তথা ত্যাগৰ চানেকি এৰি গৈছিল। তেওঁৰ এনে দৃষ্টান্তই তেওঁৰ স্মৃতিক অসমৰ ইতিহাসত এতিয়াও অমৰ কৰি ৰাখিছে।

(গ) টেঙাই মহন।
উঃ পণ্ডিত টেঙাই মহন আছিল অসমৰ প্রথম অভিধান প্রণেতা। টেঙাই মহনৰ জন্ম হৈছিল ১৭১৫ চনত চৰাইদেউৰ মহুং-মাইচেউ পৰিয়ালৰ তকম্বৰিৰ ঘৰত। আহােম ৰাজত্বৰ শেষৰফালে বিভিন্ন কাৰণত আহােম ৰাজদৰবাৰত টাই-আহােম ভাষাৰ পৰিৱর্তে অসমীয়া ভাষাই প্রসাৰ লাভ কৰাত সচেতন বুদ্ধিজীৱী আহােমসকল চিন্তিত হৈ পৰিছিল। তেওঁলােকে আহােম ভাষাটো লুপ্ত হৈ যােৱাৰ চিন্তাত তথা পুৰণি টাই ভাষাত লিখা আহােম বুৰঞ্জী, জ্যোতিষ শাস্ত্র, দর্শন শাস্ত্র আদি যাতে আহােমৰ ভৱিষ্যৎ প্রজন্মই অধ্যয়ন কৰিব পাৰে বা নিজ ভাষাটো শিকিব পাৰে তাৰ বাবে এখন অভিধান প্রণয়নৰ কথা ভাবিছিল।

এই অভিধানখন প্রণয়নখনৰ দায়িত্ব লৈছিল পণ্ডিত টেঙাই মহনে। তেওঁ ১৭৭৫ চনত, স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্ব কালত “বৰ কাকত হু মুং পুথি” নামেৰে এখন অভিধান পুথি ৰচনা কৰি উলিয়ায় য’ত প্ৰতিটো আহােম শব্দৰ বিপৰীতে সম্ভাব্য সকলাে অসমীয়া শব্দ সন্নিৱিষ্ট কৰা হৈছিল। এই পুথিখন সাঁচিপাতত লিখা হৈছিল যিখন অসম বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগে ১৯৬৪ চনত ‘আহােম লেকচিকন’ নামেৰে সম্পাদিত কৰি উলিয়াইছিল। এইজন মহান অভিধান প্রণেতাৰ ১৮২৩ চনত ডিব্ৰুগড় জিলাৰ খুৱাঙত মৃত্যু হৈছিল।

আহোম সকল Class 9

(ঘ) পণ্ডিত প্রৱৰ ডম্বৰুধৰ দেওধাই ফুকন
উঃ পণ্ডিত প্রৱৰ ডম্বৰধৰ দেওধাই ফুকন টাই ভাষাৰ এজন মহান পণ্ডিত আছিল। ১৯১২ চনৰ অক্টোবৰত চৰাইদেউৰ আখৈয়া দেওধাই গাঁৱত তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম গংগাৰাম ফুকন আৰু মাতৃৰ নাম আছিল চাদৈ ফুকন। ডম্বৰুধৰ ফুকনদেৱে উচ্চ বুনিয়াদী বিদ্যালয়ৰ শিক্ষাৰ অন্তত পৰৱৰ্তী উচ্চ শিক্ষাৰ পৰিৱর্তে একান্তভাৱে টাই ভাষা-সংস্কৃতিৰ অধ্যয়নতে মনােনিৱেশ কৰিছিল। তেওঁ নিজৰ খুড়াক সৰুনাথ দেওধাই ফুকন আৰু নন্দনাথ দেওধাই ফুকনৰ পৰা ঘৰতে টাই ভাষাৰ শিক্ষা গ্রহণ কৰিছিল। ১৯৩১ চনত অসম বুৰঞ্জী তথা পুৰাতত্ত্ব বিভাগৰ মুৰব্বী ড° সূর্য কুমাৰ ভূঞাদেৱে তেওঁ টাই ভাষাৰ বিশেষজ্ঞ হিচাপে টাই আহােম বুৰঞ্জী অনুবাদৰ বাবে গুৱাহাটীলৈ মাতি আনিছিল।

১৯৩৫ চনত তেওঁ পুৰাতত্ত্ব বিভাগত চাৰিবছৰ কাম কৰাৰ পাছত স্ব-ইচ্ছাই চাকৰি এৰি ঘৰলৈ উভতি যায়। তেওঁ ১৯৬৪ চনত টাই ভাষা-সংস্কৃতিৰ উদ্ধাৰৰ বাঁহেৰে বিদ্যালয় আৰম্ভ কৰিছিল যিখনক বর্তমান কেন্দ্রীয় টাই একাডেমী, পাটসাঁকো বুলি জনা যায়। তেওঁ ১৯৮১ চনত দিল্লীত অনুষ্ঠিত হােৱা ‘প্রথম আন্তর্জাতিক টাই শিক্ষা সন্মিলন’ত ১৯খন দেশৰ বিশিষ্ট টাই পণ্ডিতৰ সৈতে আলােচনাত মিলিত হৈছিল। তেওঁ ১৯৮১ চনৰ এপ্রিল মাহত পূর্বাঞ্চল টাই সাহিত্য সভা গঠন আৰু প্রতিষ্ঠাপক সভাপতিৰ দায়িত্ব গ্রহণ কৰিছিল। তেওঁক ১৯৮৪ চনত বেংককত অনুষ্ঠিত হােৱা দ্বিতীয় আন্তর্জাতিক টাই শিক্ষা সন্মিলনলৈও আমন্ত্রিত হৈছিল। থাইলেণ্ড, ফ্রান্স, অষ্ট্রেলিয়া আদি দেশৰ কেইবাজনাে গৱেষকে তেওঁৰ ওচৰলৈ আহি গৱেষণা কার্য চলাইছিল। এইজনা মহান টাই ভাষা-সংস্কৃতিৰ সাধকৰ ১৯৯৩ চনৰ ১৫ ফেব্ৰুৱাৰী তাৰিখে মৃত্যু হয়।

(ঙ) কৃষ্ণকান্ত সন্দিকৈ
উঃ সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচার্য আছিল কৃষ্ণকান্ত সন্দিকৈ। ১৮৯৮ চনত তেওঁৰ যােৰহাটত জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম ৰাধাকান্ত সন্দিকৈ আৰু মাতৃৰ নাম আছিল নাৰায়ণী সন্দিকৈ। তেওঁ যােৰহাটৰ চৰকাৰী হাইস্কুলৰ পৰা প্রথম বিভাগত এন্ট্রেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত অধ্যয়ন কৰিছিল আৰু ইয়াৰ পৰা প্রথম বিভাগত আই.এ.পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতাৰ সংস্কৃত কলেজত নামভৰ্তি কৰিছিল। তাৰ পৰা ১৯১৭ চনত সংস্কৃতত প্রথম শ্রেণীত বি. এ. উপাধি লাভ কৰে। ১৯১৯ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃতৰ বেদ বিভাগত প্রথম শ্ৰেণীৰ হৈ স্নাতকোত্তৰ ডিগ্রী লাভ কৰে।

তাৰ পিছত তেওঁ বিলাতলৈ যায় আৰু অক্সফোর্ড বিশ্ববিদ্যালয়ৰ পৰা আধুনিক বুৰঞ্জী বিভাগত ১৯২৩ চনত স্নাতকোত্তৰ ডিগ্রী অর্জন কৰে। তেওঁ ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচার্য হিচাপে নিযুক্তি লাভ কৰে আৰু ১৯৫৭ চনলৈ এই দায়িত্ব পালন কৰে। তেওঁ কেইবাখনাে মহান গ্ৰন্থৰ উপৰি বহুতাে প্রবন্ধ লিখি সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেওঁক ভাৰত চৰকাৰে ১৯৫৫ চনত পদ্মশ্ৰী আৰু ১৯৫৭ চনত পদ্মভূষণ উপাধিৰে সন্মানিত কৰিছিল। তেওঁ ১৯৩৭ চনৰ অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনত সভাপতিত্ব কৰিছিল। এইজনা মহান পণ্ডিতে মৃত্যুৰ আগমুহূর্তত নিজৰ ব্যক্তিগত পুথিভঁৰালটো গুৱাহাটী বিশ্ববিদ্যালয়ক দান দি যােৱাৰ উপৰি জে.বি.কলেজৰ বিজ্ঞান শাখালৈ ১১ হাজাৰ চন্দ্রকান্ত অভিধানৰ বাবে ৫০ হাজাৰ টকাৰ বৰঙণি আগবঢ়াইছিল।

আহোম সকল Class 9

(চ) পদ্মনাথ গােহাঞিবৰুৱা
উঃ পদ্মনাথ গােহাঞিবৰুৱা একাধাৰে এজন কবি, নাট্যকাৰ, গল্পকাৰ তথা ঔপন্যাসিক আছিল। তেওঁৰ ১৮৭১ চনৰ ২৪ অক্টোবৰত উত্তৰ লখিমপুৰৰ নকৰি গাঁৱত জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম ঘিণাৰাম আৰু মাকৰ নাম লক্ষ্মীদেৱী আছিল। তেওঁ উত্তৰ লখিমপুৰৰ পৰা ছাত্রবৃত্তি পৰীক্ষাত উত্তীৰ্ণ হৈ শিৱসাগৰ হাইস্কুলত নামভর্তি কৰিছিল যদিও তাৰ পৰা তেওঁ কহিমা হাইস্কুললৈ স্থানান্তৰিত হৈছিল আৰু তাৰ পৰাহে ১৮৯০ চনত এন্ট্রেন্স পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

পৰৱৰ্তী সময়ত তেওঁ কলিকতাত এফ. এ. আৰু আইনৰ অধ্যয়ন কৰিছিল। তেওঁ কহিমা মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষক হিচাপে চাকৰি জীৱনৰ পাতনি মেলি ১৮৯৩ চনত তেজপুৰ নর্মাল স্কুললৈ আহে আৰু তাতেই নিগাজীকৈ বসবাস কৰিবলৈ লৈছিল। তেওঁ সকলাে ধৰণৰ ৰচনা-ৰাজিৰে অসমীয়া সাহিত্যৰ ভঁৰাল টনকিয়াল কৰিছিল। তেওঁৰ কেইখনমান উল্লেখযােগ্য কবিতাপুথি হৈছে—’জুৰণি’, ‘লীলা’ ‘ফুলৰ চানেকী’। তেওঁৰ দ্বাৰা ৰচিত প্রধান উপন্যাস দুখন হৈছে – ‘ভানুমতী’ আৰু ‘লাহৰী’।

বুৰঞ্জীমূলক নাট ৰচনাৰ ক্ষেত্ৰত তেওঁ বিশেষভাৱে দক্ষ আছিল আৰু তেওঁ ৰচনা কৰা কেইখনমান প্রধান বুৰঞ্জীমূলক নাটক হ’ল –’জয়মতী’, ‘গদাধৰ’, ‘সাধনা’, ‘লাচিত বৰফুকন’, ‘বাণৰজা’ আদি। তদুপৰি তেওঁ ‘গাওবুঢ়া’, ‘টেটোন তামুলী’, ‘ভূত নে ভ্রম’ আদি নামৰ কেইবাখনাে প্রহসন নাটকো ৰচনা কৰিছিল।এইবােৰৰ লগতে তেওঁ তেজপুৰৰ বাণ ৰংগমঞ্চৰ সৈতে ঘনিষ্ঠভাৱে জড়িত আছিল। এইজনা মহান অসমীয়া সাহিত্যিকৰ ১৯৪৬ চনৰ ৭ এপ্রিলত মৃত্যু হৈছিল।

 

১। আহােমসকল আদিতে কোন জাতিৰ লােক আছিল?

উঃ আহােমসকল আদিতে টাই জাতিৰ লােক আছিল।

২। আহােমসকলৰ আদি বাসস্থান ক’ত আছিল?

উঃ চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চল (বর্তমান ইউনান প্রদেশৰ মুংমাও) আহােমসকলৰ আদি বাসস্থান আছিল।

৩। আহােমসকলে কিমান বছৰ অসমত শাসন কৰিছিল ?

উঃ আহােমসকলে ৬০০ বছৰৰাে অধিক কাল অসমত শাসন কৰিছিল।

8। আহােমসকলৰ আদিভাষা কি আছিল?

উঃ আহােমসকলৰ আদিভাষা আছিল টাই বা শ্যান।

Leave a Comment