Class 12 Education chapter 1 question answer | স্বাধীনতাৰ কালৰ ভাৰত আৰু অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশ
শ্ৰেণী | দ্বাদশ শ্ৰেণী |
বিষয় | শিক্ষা |
পাঠ | স্বাধীনতাৰ কালৰ ভাৰত আৰু অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশ |
উপলব্ধ | সকলো প্ৰশ্নৰ উত্তৰ |
বোৰ্ড | AHSEC |
Hs 2nd year education chapter 1 Assamese Medium
প্র : ECCE বুলিলে কি বুজা?
উ: ECCE অর্থাৎ Early Childhood Care and Education বুলিলে আগতীয়া বাল্যকালৰ তত্ত্বাৱধান আৰু শিক্ষাক বুজায়। ৰাষ্ট্ৰীয় শিক্ষানীতিত কণ কণ শিশুসকলৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়া হয়। শিশুসকলে যাতে আনন্দমুখৰ পৰিৱেশৰ মাজত বিকাশ লাভ কৰিব পাৰে তাৰ ব্যৱস্থা লোৱা হয় বাবে ইয়াত সুযম স্বাস্থ্যসম্মত খাদ্যৰ যোগান দিয়াৰ লগতে সামাজিক, মানসিক আৰু শাৰীৰিক দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ প্ৰয়োজন হয়।
প্ৰঃ অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ সমাধানৰ বাবে চাৰিটা পৰামৰ্শ আগবঢ়োৱা ।
উত্তৰঃ অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ সমাধানৰ বাবে চাৰিটা পৰামৰ্শ তলত উল্লেখ কৰা হ’ল-
(১) শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰাৰ বাবে বৈষম্যমূলক শিক্ষা ব্যৱস্থা আঁতৰ কৰিব লাগিব।
(২) প্রশিক্ষণ প্রাপ্ত শিক্ষক নিযুক্তি দিব লাগে।
(৩) মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰম প্ৰায়োগিক বিধৰ কৰি তোলা।
(৪) মাধ্যমিক শিক্ষাত বৃত্তিমূলক বিষয় অন্তর্ভুক্ত কৰিব লাগে।
প্রঃ কোঠাৰী আয়োগৰ পৰামৰ্শ অনুযায়ী কর্ম- অভিজ্ঞতা’ কি?
উ : কোঠাৰী আয়োগে শিক্ষাৰ গাঁথনি ১০+২+৩ ৰ ভিত্তিত হোৱাটোৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে। কোঠাৰী আয়োগে মত পোষণ কৰিছিল যে কৰ্ম অভিজ্ঞতা আমাৰ সাধাৰণ আৰু বৃত্তিমূলক সকলোবোৰ বিষয়ৰ শিক্ষাৰ অংশ হোৱা উচিত। কৰ্ম অভিজ্ঞতা প্ৰৱৰ্তনে আধুনিক শিক্ষাত থকা কৰ্ম বিমুখিতাৰ দুৰ্বলতা আঁতৰাব পাৰে।
স্বাধীনতাৰ কালৰ ভাৰত আৰু অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশ
প্র : ছাত্ৰসকলৰ মাজত নেতৃত্ব গুণৰ বিকাশৰ বাবে মুডালিয়াৰ আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ উল্লেখ কৰা।
উ : পৰামৰ্শ দুটা হৈছে- (১) মাধ্যমিক শিক্ষাত অনুশাসনৰ প্রশিক্ষণ আৰু (২) নেতৃত্বৰ প্ৰশিক্ষণ থাকিব লাগে। গতিকে মাধ্যমিক শিক্ষাত সাহিত্য কলা, ৰাজনীতি, বাণিজ্য আদিৰ ক্ষেত্ৰত নেতৃত্বৰ যোগান ধৰিব পৰা শিক্ষা ব্যৱস্থা হ’ব লাগিব।
প্রঃ ‘জাতীয় শিক্ষা ব্যৱস্থা’ বুলিলে কি বুজা?
উ : জাতীয় শিক্ষা ব্যৱস্থা বুলিলে সমূহীয়া শিক্ষা সংগঠন আৰু সকলোৰে বাবে সমান শিক্ষাক বুজায়।
প্র : কোঠাৰী আয়োগৰ পৰামৰ্শ অনুযায়ী মাধ্যমিক শিক্ষাৰ গাঁথনিটো লিখা।
উ : (১) ৫ বছৰীয়া মাধ্যমিক শিক্ষা (২) ৩ বছৰীয়া নিম্ন মাধ্যমিক শিক্ষা (৩) ৩ বছৰীয়া উচ্চ মাধ্যমিক শিক্ষা।
প্র : মুডালিয়াৰ আয়োগৰ পৰামৰ্শ অনুযায়ী অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত সংঘটিত হোৱা দুটা পৰিৱৰ্তন উল্লেখ কৰা।
উ : পৰিৱৰ্তন দুটা হৈছে– (১) বহুমুখী বিদ্যালয়ৰ প্ৰতিষ্ঠা। (২) অসম মাধ্যমিক শিক্ষা আইন বলৱৎ।
2nd year education chapter 1
প্র : উৎপাদনশীলতা আৰু শিক্ষাক সম্পর্কযুক্ত কৰিবৰ বাবে কোঠাৰী আয়োগৰ পৰামৰ্শসমূহ কি আছিল?
উ : উৎপাদনশীলতা আৰু শিক্ষাক সম্পর্কযুক্ত কৰিবৰ বাবে কোঠাৰী আয়োগৰ পৰামৰ্শসমূহ হৈছে—
(১) বিজ্ঞানভিত্তিক শিক্ষাঃ দৈনিক ব্যৱহাৰ কৰা সামগ্ৰীসমূহ বিজ্ঞানৰ আৱিষ্কাৰ। শিক্ষাৰ ক্ষেত্ৰত বিজ্ঞান শিক্ষা অতি আৱশ্যকীয়। বিজ্ঞান শিক্ষাই ছাত্ৰ-ছাত্ৰীক আগুৱাই নিয়াৰ লগতে সমাজখনকো উন্নতিৰ পথত আগুৱাই লৈ যাব পাৰে।
(২) বৃত্তিমুখীকৰণ : বৃত্তিমুখী শিক্ষা এটা নির্দিষ্ট শাখা হিচাপে পৰিগণিত হ’ব আৰু শিক্ষাৰ্থীসকলক নিৰ্দিষ্ট পেচাৰ বাবে প্ৰস্তুত কৰি তোলা হ’ব। বৃত্তমুখী শিক্ষাৰ অনুষ্ঠানসমূহ স্থাপন কৰাৰ দায়িত্ব চৰকাৰৰ ওপৰত থাকিব।
(৩) কর্ম অভিজ্ঞতা : কোঠাৰী আয়োগে বৃত্তিমূলক শিক্ষা সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰি ‘কৰ্ম অভিজ্ঞতাৰ’ মাধ্যমত শিক্ষাক বিজ্ঞানসন্মত কৰি তোলাৰ কথা কৈছিল। কৰ্ম অভিজ্ঞতা আমাৰ সাধাৰণ আৰু বৃত্তিমূলক সকলোবিলাক বিষয়ৰ শিক্ষাৰ অংশ হ’ব লাগে।
(৪) বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ উন্নতি সাধন : কাৰিকৰী আৰু ব্যৱস্থাপনা শিক্ষাৰ ধাৰা যদিও দুটা পৃথক ধাৰণা, ইয়াৰ মাজত পৰস্পৰ সম্পৰ্ক আছে। কাৰিকৰী শিক্ষা আৰু ব্যৱস্থাপনা শিক্ষা ব্যৱস্থাৰ পুনৰগঠন কৰা হ’ব লগতে অর্থনৈতিক, সামাজিক পৰিৱেশ, উৎপাদন আৰু পৰিচালন প্রক্রিয়া আদিৰ ৰিকাশ সাধন কৰিব লাগিব। আধুনিক আহিলা হিচাপে কম্পিউটাৰৰ ব্যৱহাৰ প্ৰশিক্ষণ বিস্তৃতভাৱে বিদ্যালয় পৰ্যায়ৰ পৰা দিয়াৰ ব্যৱস্থা কৰা হ’ব। বিকাশৰ বাবে হোৱা গৱেষণাই বর্তমান প্রযুক্তিবিদ্যাৰ বিকাশ, উৎপাদন বৃদ্ধি আৰু থলুৱা বিকাশত সহায় কৰিব লাগিব।
প্ৰঃ ১৯৫২-৫৩ চনৰ মুডালিয়াৰ আয়োগে আঙুলিয়াই দিয়া অনুসৰি ভাৰতৰ মাধ্যমিক শিক্ষাৰ চাৰিটা আসোঁৱাহ উল্লেখ কৰা ৷
উত্তৰ: মুডালিয়াৰ আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ চাৰিটা আসোঁৱাহ হ’ল—(১) আমাৰ বৰ্তমানৰ মাধ্যমিক শিক্ষা বাস্তৱ জীৱনৰ লগত জড়িত নহয়। এই শিক্ষা যান্ত্রিক, একমুখী, পুথিগত আৰু পৰিৱৰ্তনৰ দিশলৈ মনোযোগ নিদিয়া এক গতানুগতিক শিক্ষা ব্যৱস্থা।
(২) বৰ্তমানৰ মাধ্যমিক শিক্ষা ঠেক গণ্ডীৰ আৰু এক পক্ষীয় হোৱাৰ কাৰণে সমতা প্রায় লোপ পাইছে। এনে পৰিস্থিতিত প্রকৃত ব্যক্তিত্বৰ গঠন সম্ভৱ নহয়।
(৩) শ্রেণীসমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰয়োজনকৈ অধিক হোৱা বাবে শিক্ষক আৰু ছাত্ৰৰ মাজৰ পাৰস্পৰিক নিবিড় সম্বন্ধ ৰক্ষা কৰাত কঠিন হৈ পৰিছে। ইয়াৰ ফলস্বৰূপে, ছাত্ৰ-ছাত্ৰীৰ চাৰিত্ৰিক সবলতা, কর্তব্যনিষ্ঠা আদি গুণৰ বিকাশৰ ক্ষেত্ৰত শিক্ষকৰ প্ৰভাৱ কমি আহিছে।
(৪) মাধ্যমিক শিক্ষাত পৰীক্ষাৰ হেঁচা বৰ বেছি আৰু পৰীক্ষা ব্যৱস্থাও ত্রুটিপূর্ণ। এনে পৰীক্ষাই ছাত্ৰ-ছাত্ৰীৰ প্ৰকৃত জ্ঞানৰ মূল্যায়ন কৰাত বিফল হৈছে।
Class 12 Education Chapter 1 Que3stion Answer In Assamese Medium
প্ৰঃ অসমৰ প্ৰথমখন মাধ্যমিক স্কুলৰ নাম কি ?
উঃ অসমৰ প্ৰথমখন মাধ্যমিক স্কুলৰ নাম গুৱাহাটী ছেমিনাৰী স্কুল আছিল।
প্ৰ : মাধ্যমিক শিক্ষাৰ লক্ষ্য হিচাপে ‘বৃত্তিমূলক যোগ্যতা বিকাশ’ সম্পর্কে মুডালিয়াৰ আয়োগৰ পৰামৰ্শসমূহ কি আছিল?
উ : মাধ্যমিক শিক্ষাৰ লক্ষ্য হিচাপে ‘বৃত্তিমূলক যোগ্যতা বিকাশ’ সম্পর্কে মুডালিয়াৰ আয়োগৰ পৰামৰ্শসমূহ তলত উল্লেখ কৰা হ’ল—
(১) ছাত্র-ছাত্রীসকলে কামৰ সৰু বৰ নাভাবি তাৰ প্ৰতি মনত সন্মানৰ ভাৱ গঢ় দি তুলিব লাগে। মাধ্যমিক শিক্ষাৰ যোগেদি এক কৰ্মৰ মনোভাৱ অথবা কর্ম সংস্কৃতি গঢ় দি তুলিব লাগিব।
(২) শিক্ষাৰ মাধ্যমিক পৰ্যায়ৰ পাঠ্যসূচী বিভাজিত কৰি সৰহ সংখ্যক ছাত্রক কৃষি, কাৰিকৰী, বাণিজ্য আৰু আন আন ব্যৱহাৰিক পাঠ্যসূচীত প্ৰশিক্ষণ দিয়া।
(৩) শিক্ষাৰ সকলো পৰ্যায়তে কাৰিকৰী দিশত নিপুণতা আৰু যোগ্যতা বিকশাই তুলিবৰ বাবে ছাত্ৰ-ছাত্ৰীক প্রশিক্ষণপ্রাপ্ত আৰু যোগ্য ব্যক্তি
হিচাপে গঢ় দিয়া। ইয়াৰ উপৰিও যিবিলাকে কোনো ধৰণৰ আগ্ৰহ আৰু উদ্দেশ্য নোহোৱাকৈ উচ্চ শিক্ষা লাভ কৰিবলৈ বিচাৰে তেওঁলোকক অন্য উপায় দিয়াৰ ব্যৱস্থা কৰিব লাগে। বৃত্তিমুখী শিক্ষা এটা নিৰ্দিষ্ট শাখা হিচাপে পৰিগণিত হ’ব আৰু শিক্ষার্থীসকলক নিৰ্দিষ্ট পেচাৰ বাবে প্ৰস্তুত কৰি তুলিব লাগিব। ঔদ্যোগিক প্রশিক্ষণ কেন্দ্ৰবোৰত বিভিন্ন ধৰণৰ সুবিধা থাকিব। স্বাস্থ্য পৰিকল্পনা আৰু স্বাস্থ্যসেৱা ব্যৱস্থাপনা কৰি স্বাস্থ্য জড়িত বৃত্তিৰ বিষয় শিক্ষাত সন্নিবিষ্ট কৰি বৃত্তিৰ উপযোগী কৰি তোলা হ’ব। বাধাগ্রস্ত শিশুসকলৰ বাবে উপযুক্ত আঁচনি আৰম্ভ কৰিব।
প্র : মাধ্যমিক শিক্ষা আইন, অসম ১৯৬১ৰ দ্বাৰা প্রদত্ত ‘অসম মাধ্যমিক শিক্ষা বৰ্ডৰ চাৰিটা কাৰ্য উল্লেখ কৰা।
উ : মাধ্যমিক শিক্ষা আইন, অসম ১৯৬১ৰ দ্বাৰা প্ৰদত্ত ‘অসম মাধ্যমিক শিক্ষা বোড’ৰ চাৰিটা কাৰ্য হ’ল—
(১) এই আইন সমগ্র অসমতে বলবৎ হ’ব।
(২) অসম চৰকাৰৰ দ্বাৰা স্বীকৃত সকলোবোৰ মাধ্যমিক স্কুলক বিশ্ববিদ্যালয় অথবা আন কোনো বোর্ডে নিয়ন্ত্ৰণ কৰিব নোৱাৰিব।
(৩) চৰকাৰে বিশেষ জাননীৰ জৰিয়তে মাধ্যমিক শিক্ষাৰ নিয়ন্ত্ৰণ, পৰিচালনা আৰু উন্নীতকৰণৰ অৰ্থে ‘মাধ্যমিক শিক্ষা বোর্ড’ নামেৰে এখন বোর্ড স্থাপন কৰিব।
(৪) এই বোৰ্ডৰ সচিবগৰাকী চৰকাৰে নিয়োগ কৰিব।
Class 12 Education Chapter 1 Que3stion Answer In Assamese Medium
প্ৰঃ ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে সমতাৰ বাবে শিক্ষাৰ ক্ষেত্ৰত কি কি ব্যৱস্থাৰ কথা কৈছে?
উ : ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে শিক্ষাত সমতাৰ সুযোগ প্ৰদানৰ বাবে তলত দিয়া পৰামৰ্শসমূহৰ কথা কৈছে—
(১) মহিলাৰ সমতাৰ বাবে শিক্ষা : মহিলাৰ বাবে শিক্ষাৰ বিকাশ আৰু অগ্ৰগতিত বিশেষ গুৰুত্ব দিছে। মহিলাসকলক সম অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত শিক্ষাই মূল বাহক হিচাপে কাম কৰাৰ বাবে ব্যৱস্থা লোৱা। শিক্ষানুষ্ঠানসমূহত মহিলা শিক্ষাৰ বিকাশৰ বাবে প্ৰয়োজনীয় সা-সুবিধাসমূহৰ ব্যৱস্থা কৰা, পাঠ্যপুথি পুনৰ প্ৰস্তুত কৰি নতুন মূল্যবোধ সৃষ্টি কৰাৰ লক্ষ্যৰে পাঠ্যপুথি প্রস্তুতকরণ, শিক্ষকৰ প্ৰশিক্ষণ আৰু অভিৰোচন ব্যৱস্থা কৰা।
(২) অনুসূচীত জাতি : অনুসূচীত জাতিৰ লোকসকলে যাতে অ-অনুসূচীত জাতিৰ লোকসকলৰ সমানে শিক্ষালাভ কৰিবলৈ সক্ষম হয় তাৰ ব্যৱস্থা কৰা হ’ব। পিছপৰা অঞ্চলৰ পৰিয়ালসমূহৰ ল’ৰা-ছোৱালীয়ে যাতে ১৪ বছৰ বয়সলৈ স্কুললৈ গৈ থাকে তাৰ প্ৰতিও সজাগ হোৱাটো প্রয়োজন হ’ব।
(৩) সংখ্যালঘুসকলৰ শিক্ষা : সংখ্যালঘুসকলৰ ভাষা আৰু সংস্কৃতি ৰক্ষাৰ অৰ্থে তেওঁলোকৰ নিজস্ব অনুষ্ঠান স্থাপনৰ ক্ষেত্ৰত উদ্গনি দিয়া হ’ব। বিদ্যালয়ৰ কৰ্ম আঁচনি আৰু পাঠ্যক্ৰম আদিৰ প্ৰস্তুতিৰ ক্ষেত্ৰতো মনোযোগ দিয়া হ’ব।
(৪) বাধাগ্ৰস্তসকলৰ শিক্ষা : বাধাগ্রস্ত শিক্ষাৰ্থীসকলৰ বাবে প্রতিখন জিলাতে আবাসিক বিদ্যালয় স্থাপন কৰা হ’ব। অসমৰ্থ এনে শিক্ষার্থীসকলক উপযুক্ত প্ৰকাৰৰ বৃত্তিমূলক শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হ’ব। শাৰীৰিক আৰু মানসিকভাৱে বাধাগ্রস্ত সকলকো অন্যান্যসকলৰ দৰে একেধৰণৰ সুবিধা প্ৰদান কৰা হ’ব। অসমৰ্থসকলৰ বিকাশৰ বাবে কৰা স্বেচ্ছামূলক প্রচেষ্টা কৰা সংগঠনসমূহক উৎসাহ প্ৰদান কৰা হ’ব।
প্র : ছাত্ৰসকলৰ বৃত্তিমূলক যোগ্যতাৰ উন্নতিৰ বাবে মুডালিয়াৰ আয়োগৰ পৰামৰ্শ সমূহ বর্ণনা কৰা
উ : ছাত্ৰসকলৰ বৃত্তিমূলক যোগ্যতাৰ উন্নতিৰ বাবে মুডালিয়াৰ আয়োগৰ পৰামৰ্শ সমূহ হ’ল–ছাত্ৰ-ছাত্ৰীসকলৰ বৃত্তিগত পাৰদৰ্শিতা বৃদ্ধি কৰাৰ বাবে তেওঁলোকৰ কায়িক শ্ৰমৰ প্ৰতি শ্রদ্ধাভাৱ জগাই তোলা, স্ব-ক্ৰিয়াৰ প্ৰতি সচেতন কৰি তোলা, কর্ম তৎপৰতা বৃদ্ধি কৰা, শিল্প উদ্যোগৰ বাবে প্রয়োজনীয় কৌশল আয়ত্তকৰণ ব্যৱস্থা সূচল কৰা ইত্যাদি দিশৰ প্ৰতি মাধ্যমিক শিক্ষাই গুৰুত্ব প্ৰদান কৰিব লাগিব। কোনো এটা বৃত্তি সকলো ছাত্র-ছাত্রীকে বাধ্যতামূলকভাৱে শিকালে তাৰ পৰা তেওঁলোকৰ ব্যক্তিত্বৰ কেউটা দিশৰ বিকাশ হ’ব বুলি ধৰা হয৷ তেতিয়া তেওঁলোকে জীৱিকা
উপাৰ্জনৰ বাট বিচাৰি পাব, আগলৈ কাৰিকৰী বা ব্যৱহাৰিক শিক্ষা লাভৰ সুবিধা পাব। দেশৰ সম্পদ বৃদ্ধি, সুখানুভূতি বৃদ্ধি, শাৰীৰিক প্ৰৰিশ্ৰম, কায়িক শ্ৰমৰ প্ৰতি আমাৰ মানুহৰ মনোভাৱ সলনি কৰাবৰ বাবে পাঠ্যক্ৰমখনো প্রস্তুত কৰিব লাগে। তেতিয়াহে মাধ্যমিক শিক্ষাই শিক্ষার্থীসকলক স্বাৱলম্বী কৰি তুলিব লগতে জাতীয় অৰ্থৰ ভঁৰাল টনকিয়াল হ’ব আৰু জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত হ’ব।
Hs 2nd year education chapter 1 Assamese Medium
প্ৰ: অসমৰ মাধ্যমিক শিক্ষাৰ চাৰিটা প্রধান সমস্যা উল্লেখ কৰা।
উ : অসমৰ মাধ্যমিক শিক্ষাৰ চাৰিটা প্ৰধান সমস্যা হৈছে—
(১) আমাৰ ৰাজ্যত মাধ্যমিক বিদ্যালয়সমূহ সমানে বিতৰণ হোৱা নাই। অর্থাৎ কিছুমান এলেকাত প্ৰয়োজনৰ তুলনাত বিদ্যালয়ৰ সংখ্যা বৃদ্ধি হৈছে যদিও আন কিছুমান এলেকাত প্ৰয়োজনীয় বিদ্যালয়ৰ অভাৱ। (২) অসমৰ মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্রম দোষমুক্ত নহয়। এই পাঠ্যক্রম একমুখী হোৱা বাবে আৰু কাৰ্যকৰী বিষয়ৰ অভাৱত শিক্ষার্থীৰ জীৱনৰ লগত সম্পর্কহীন। ইয়াৰ উপৰিও এই পাঠ্যক্ৰমত বুৰঞ্জী, ভূগোল আদি দৰে গুৰুত্বপূৰ্ণ বিষয়ক অৱহেলা কৰা হৈছে। বর্তমান এই বিষয়সমূহ বাধ্যতামূলক কৰি তুলিবৰ বাবে জনমতো গঢ়ি উঠিছে।
(৩) মাধ্যমিক পৰ্যায়ৰ পাঠ্যপুথি প্ৰস্তুত আৰু প্ৰকাশৰ দায়িত্ব মাধ্যমিক শিক্ষা পৰিষদে গ্ৰহণ কৰে যদিও এই গুৰু দায়িত্ব পালনত সদায় অনেক বিসংগতিয়ে দেখা দিছে। শিক্ষাবর্ষ আৰম্ভ হোৱাৰ লগে লগে পাঠ্যপুথি যোগান ধৰিব নোৱাৰা অৱস্থাই সদায় এক সমস্যাৰ সৃষ্টি কৰে।
(৪) বিদ্যালয় পৰিদৰ্শনৰ অনুন্নত অৱস্থাত মাধ্যমিক শিক্ষাৰ এক গুৰুত্বপূৰ্ণ সমস্যা। যথেষ্ট সংখ্যক বিদ্যালয় পৰিদৰ্শক থকা স্বতেও পৰিদৰ্শন ব্যৱস্থা কাৰ্যকৰী নোহোৱাত মাধ্যমিক শিক্ষাৰ মান নিম্নগামী হৈছে।
স্বাধীনতাৰ কালৰ ভাৰত আৰু অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশ
প্র : জাতীয় শিক্ষানীতি, ১৯৮৬ত মাধ্যমিক শিক্ষা সম্পর্কে আগবঢ়োৱা পৰামৰ্শসমূহ কি কি আছিল?
উ : ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত ১০+২+৩ শিক্ষা ব্যৱস্থা গ্ৰহণ ৰা হৈছে। এই শিক্ষানীতিৰ ভিত্তিত সংযোগিত বিভিন্ন পৰিৱৰ্তনসমূহ অসমৰো মাধ্যমিক শিক্ষা ব্যৱস্থাত পৰিলক্ষিত হৈছিল। ইয়াত গ্ৰহণ কৰা পৰামর্শ অনুযায়ী অসমৰ প্ৰতিখন জিলাতে একোখন ‘নৱোদয়’ বিদ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হয়। এই সিদ্ধান্ত অনুসৰি প্ৰথম অৱস্থাত ৰাজ্যখনত ৭খন নৱোদয় বিদ্যালয় স্থাপন কৰা হয়। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে মিক শিক্ষা বৃত্তিমুখী কৰি গঢ়ি তোলা। ছাত্ৰসকলৰ মাজত ক্রিয়া পটুতা বৃদ্ধি কৰি তোলা, শিক্ষা পৰিচালনা ক্ষমতা আৰু স্বনিয়োজন ক্ষমতা লাভ কৰা আৰু তাৰ যোগেদি মধ্যম বৰ্গৰ জনশক্তি বৃদ্ধি কৰি তোলাটো এই বৃত্তিমুখীকৰণৰ মূল উদ্দেশ্য।
১৯৯৫ চনলৈ অসমত ৩৩ খন মাধ্যমিক বিদ্যালয়ত বৃত্তিমূলক শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ পিছত মুঠ ১৫০ খন উচ্চতৰ মাধ্যমিক
বিদ্যালয়ত এই বৃত্তিমূলক শিক্ষাৰ ব্যৱস্থা কৰা হয়। তথাপিও বৰ্তমান অসমৰ মাধ্যমিক শিক্ষাৰ গুণগত মান উন্নত হোৱা নাই বুলিব পাৰি।
Hs 2nd year education chapter 1 Assamese Medium
প্ৰ: অসমৰ মাধ্যমিক শিক্ষাৰ ৫টা সমস্যা লিখা।
উঃ (১) আমাৰ ৰাজ্যত মাধ্যমিক বিদ্যালয়সমূহ সমানে বিতৰণ হোৱা নাই । অৰ্থাৎ কিছুমান এলেকাত প্ৰয়োজনৰ তুলনাত স্কুলৰ সংখ্যা বাঢ়িছে যদিও আন কিছুমান এলেকাত প্রয়োজনীয় বিদ্যালয়ৰ অভাৱ।
(২) অসমৰ মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰম দোষমুক্ত নহয়। এই পাঠ্যক্রম একমুখী হোৱা বাবে আৰু কাৰ্যকৰী বিষয়ৰ অভাৱত শিক্ষাৰ্থীৰ জীৱনৰ লগত সম্পর্কহীন। ইয়াৰ উপৰিও এই পাঠ্যক্ৰমত বুৰঞ্জী, ভূগোল আদিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ক অৱহেলা কৰা হৈছে। বৰ্তমান এই বিষয়সমূহ বাধ্যতামূলক কৰি তুলিবৰ বাবে জনমতো গঢ়ি উঠিছে।
(৩) স্কুল পৰিদৰ্শনৰ অনুন্নত অৱস্থাত মাধ্যমিক শিক্ষাৰ এক গুৰুত্বপূৰ্ণ সমস্যা। যথেষ্ট সংখ্যক বিদ্যালয় পৰিদৰ্শক থকা স্বত্ত্বেও পৰিদৰ্শন ব্যৱস্থা কাৰ্যকৰী নোহোৱাত মাধ্যমিক শিক্ষা নিম্নগামী হৈছে।
(৪) মুডালিয়াৰ আয়োগ, কোঠাৰী আয়োগৰ লগতে ১৯৮৩ চনৰ জাতীয় শিক্ষানীতিত মাধ্যমিক পৰ্যায়ৰ শিক্ষা বৃত্তিমুখী কৰণত অধিক গুৰুত্ব আৰোপ কৰিছিল। কিন্তু প্রয়োগিক দিশত এই বৃত্তিমুখীকৰণ অসমত সফল হোৱা নাই।
(৫) মাধ্যমিক পৰ্যায়ৰ পাঠ্যপুথি প্রস্তুত আৰু প্ৰকাশৰ দায়িত্ব মাধ্যমিক শিক্ষা পৰিষদে গ্ৰহণ কৰে যদিও এই গুৰু দায়িত্ব পালনত সদায় বহুতো বিসংগতিয়ে দেখা দিছে। শিক্ষাবর্ষ আৰম্ভ হোৱাৰ লগে লগে পাঠ্যপুথি যোগান ধৰিব নোৱাৰা অৱস্থাই সদায় এক সমস্যাৰ সৃষ্টি কৰিছে।
প্র : ১৯৬১ চনৰ অসম মাধ্যমিক শিক্ষা আইনৰ ৪টা প্রভাৱ লিখা।
উ : মাধ্যমিক শিক্ষাৰ দ্ৰুত সম্প্ৰসাৰণৰ প্ৰতি লক্ষ্য ৰাখি ১৯৬১ চনত মাধ্যমিক শিক্ষা আইন প্রস্তুত কৰা হয়। এই আইনৰ চাৰিটা প্ৰস্তাৱ হ’ল-
(১) এই আইন সমগ্ৰ অসমতে বলবৎ হ’ব।
(২) অসম চৰকাৰৰ দ্বাৰা স্বীকৃত সকলোবোৰ মাধ্যমিক বিদ্যালয় এই ব’ৰ্ডে নিয়ন্ত্ৰণ কৰিব। এনে নিয়ন্ত্রণ আন কোনো ব’ৰ্ডে কৰিব নোৱাৰিব।
(৩) চৰকাৰে জাননীৰ যোগে মাধ্যমিক শিক্ষা সংস্থা গঠন কৰিব আৰু বিকাশ সাধনৰ দায়িত্ব প্ৰদান কৰিব।
(৪) শিক্ষা বিভাগৰ সঞ্চালক এই সংস্থাৰ সভাপতি হ’ব। ইয়াৰ উপৰিও কৃষি, স্বাস্থ্য, শিল্প বিভাগ আদিৰ সঞ্চালক, বিশ্ববিদ্যালয়ৰ কলাগুৰুসকল, স্ত্রী শিক্ষাৰ শিক্ষাধিকাৰ আৰু চৰকাৰৰ দ্বাৰা নিযুক্ত আৰু মনোনীত সদস্যসকল থাকিব। সংস্থাৰ সচিব চৰকাৰে নিযুক্ত কৰিব আৰু তেওঁ তাত এজন সদস্যস্বৰূপে থাকিব।
Hs 2nd year education chapter 1 Assamese Medium
প্র : ছাত্ৰসকলৰ বৃত্তিমূলক যোগ্যতাৰ উন্নতিৰ বাবে মোডালিয়াৰ আয়োগৰ ৩টা পৰামৰ্শ লিখা।
উ : ছাত্ৰসকলৰ বৃত্তিমূলক যোগ্যতাৰ উন্নতিৰ বাবে মুড়ালিয়াৰ আয়োগৰ পৰামৰ্শসমূহ হ’ল—
(১) সৰু-বৰ সকলো কামৰ প্ৰতি আগ্ৰহৰ মনোভাৱ জগাই তুলিব লাগে। ছাত্র-ছাত্ৰীসকলক ক্রীড়াভিত্তিক শিক্ষাৰ প্ৰতি আগ্রহী কৰিব লাগে।
(২) বৃত্তিগত যোগ্যতাৰ উন্নীতকৰণৰ বাবে প্ৰযুক্তিমূলক ক্রিয়া কৌশলৰ বিকাশ সাধন কৰি তুলিব লাগে বুলি আয়োগে পৰামৰ্শ দিছিল।
(৩) শিক্ষা ব্যৱস্থাত হস্তশিল্প আৰু উৎপাদনমূলক ক্ৰিয়াৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে।
প্র :মাধ্যমিক শিক্ষাৰ সংগঠন সম্পর্কে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ চমুকৈ লিখা।
উ : কোঠাৰী আয়োগৰ মূল প্রতিবেদনত দেশৰ শিক্ষাৰ সাংগঠনিক ব্যৱস্থাৰ এক পুনৰ গঠনৰ ব্যৱস্থা দাঙি ধৰা হয়। প্রাক প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে সামৰি লোৱা শিক্ষাৰ সাংগঠনিক ব্যৱস্থাৰ লগত জাতীয় বিকাশৰ বিশেষ সম্বন্ধ আছে। শিক্ষা দান আৰু শিক্ষা গ্ৰহণৰ মুঠ সময়সীমাৰ লগত শিক্ষাৰ গুণমান ৰক্ষা কৰা আৰু দেশৰ মানৱ সম্পদৰ পূৰ্ণ প্ৰয়োগ কৰাৰ বিষয়টো ইয়াত জড়িত হৈ আছে। মাধ্যমিক শিক্ষাৰ সংগঠন সম্পর্কে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ হ’ল—
(১) মাধ্যমিক স্তৰলৈ প্ৰথম দহবছৰীয়া শিক্ষাই কোনো পৃথকীকৰণ নকৰাকৈ সাধাৰণ শিক্ষাৰ পাঠ্যক্ৰম প্ৰদান কৰিব।
(২) যিবিলাক বিদ্যালয়ত সম্ভৱ মাধ্যমিক শিক্ষা বৃত্তিমুখীকৰণ কৰিব লাগে।
(৩) মাধ্যমিক পর্যায়ত ছাত্ৰ-ছাত্ৰীসকলক নেতৃত্বৰ শিক্ষা দিব লাগে। (৪) মাধ্যমিক শিক্ষাৰ সময়সূচী বঢ়াব লাগে।
স্বাধীনতাৰ কালৰ ভাৰত আৰু অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশ
প্র : মুডালিয়াৰ আয়োগে উল্লেখ কৰা মাধ্যমিক শিক্ষাৰ লক্ষ্য কেইটা উল্লেখ কৰা ।
উঃ (১) জীৱনৰ লগত সংগতিবিহীন শিক্ষা।
(২) পুথিকেন্দ্রিক শিক্ষা।
প্ৰশ্ন : মুডালিয়াৰ আয়োগৰ মাধ্যমিক শিক্ষাৰ চাৰিটা লক্ষ্য লিখা ?
উ : (১) গণতান্ত্রিক নাগৰিকত্বৰ বিকাশ (২) বৃত্তিগত যোগ্যতাৰ উন্নতকৰণ (৩) ব্যক্তিত্বৰ বিকাশ (৪) নেতৃত্বৰ শিক্ষা।
প্ৰ : ১৯৮৬ চনৰ নতুন শিক্ষানীতিয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে আগবঢ়োৱা দুটা পৰামৰ্শ দিয়া।
উ : পৰীক্ষা সংস্কাৰৰ নামত নতুন শিক্ষানীতিয়ে আগবঢ়োৱা পৰামৰ্শ দুটা হৈছে– (১) অবিৰত সামূহিক মূল্যায়ন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা। (২) আংশিক মানৰ পৰিবৰ্তে গ্রেড প্ৰদানৰ ব্যৱস্থা লোৱা।
প্র : নবোদয় বিদ্যালয় কি?
উঃ ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে এক নতুন প্ৰকাৰৰ মাধ্যমিক বিদ্যালয় উদ্ভাৱন কৰিছিল। অসমৰ প্ৰতিখন জিলাতে একোখন ‘নৱোদয়’ বিদ্যালয় স্থাপনৰ ব্যৱস্থা কৰিছিল।অসমত প্ৰথম অৱস্থাত ৭ খন নবোদয় বিদ্যালয় স্থাপন কৰা হৈছিল। এনে স্কুলত বিশিষ্ট প্রতিভা আৰু যোগ্যতা থকা ছাত্র- ছাত্ৰীসকলক দ্ৰুতগতিৰে শিক্ষা লাভ কৰিবলৈ সুবিধা দিয়া হয়। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় শিক্ষা-নীতিৰ আন এটা গুরুত্বপূর্ণ সিদ্ধান্ত হৈছে মাধ্যমিক শিক্ষা বৃত্তিমুখী কৰি তোলা। এনেবোৰ লক্ষ্যত নরোদয় বিদ্যালয়।
প্র : ECCE বুলিলে কি বুজা?
উ: ECCE অর্থাৎ Early Childhood Care and Education বুলিলে আগতীয়া বাল্যকালৰ তত্ত্বাৱধান আৰু শিক্ষাক বুজায়। ৰাষ্ট্ৰীয় শিক্ষানীতিত কণ কণ শিশুসকলৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়া হয়। শিশুসকলে যাতে আনন্দমুখৰ পৰিৱেশৰ মাজত বিকাশ লাভ কৰিব পাৰে তাৰ ব্যৱস্থা লোৱা হয় বাবে ইয়াত সুযম স্বাস্থ্যসম্মত খাদ্যৰ যোগান দিয়াৰ লগতে সামাজিক, মানসিক আৰু শাৰীৰিক দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ প্ৰয়োজন হয়।
প্রঃ ‘জাতীয় শিক্ষা ব্যৱস্থা’ বুলিলে কি বুজা?
উ : জাতীয় শিক্ষা ব্যৱস্থা বুলিলে সমূহীয়া শিক্ষা সংগঠন আৰু সকলোৰে বাবে সমান শিক্ষাক বুজায়।
প্র : কোঠাৰী আয়োগৰ পৰামৰ্শ অনুযায়ী মাধ্যমিক শিক্ষাৰ গাঁথনিটো লিখা।
উ : (১) ৫ বছৰীয়া মাধ্যমিক শিক্ষা (২) ৩ বছৰীয়া নিম্ন মাধ্যমিক শিক্ষা (৩) ৩ বছৰীয়া উচ্চ মাধ্যমিক শিক্ষা।