দ্বিতীয় অধ্যায়
পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা
১। উত্তৰ দিয়া :
(ক) পৰিৱেশত কি কি দুই প্ৰকাৰৰ উপাদান থাকে?
উত্তৰ : জৈৱ আৰু অজৈৱ উপাদান।
(খ) পৃথিৱীৰ প্ৰাকৃতিক মণ্ডল চাৰিটা কি কি?
উত্তৰ : স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল।
(গ) স্থলমণ্ডলে ভূ-পৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে?
উত্তৰ : প্রায় ২৯%।
(ঘ) জলমণ্ডলে ভূ-পৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে?
উত্তৰ : প্রায় ৭১%।
(ঙ) ভূ-পৃষ্ঠৰ পৰা কিমান উচ্চতালৈ বায়ুমণ্ডল প্ৰসাৰিত
হৈ আছে?
উত্তৰ : প্রায় ৪৮০ কিঃ মিঃলৈ।
(চ) ভূ-পৃষ্ঠ আৰু বায়ুমণ্ডলৰ উত্তাপৰ চিৰন্তন উৎস কি?
উত্তৰ : সৌৰশক্তি।
২। পৰিৱেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা।
উত্তৰ : বহল অৰ্থত পৰিৱেশ শব্দটোৱে কোনো জীৱ বা
জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাক বুজায়।
চাৰিওফালৰ অৱস্থাই জীৱ বৰ্তি থাকিবৰ বাবে
আৱশ্যকীয় সকলো উপাদানকে সামৰি লয়। এই
উপাদানসমূহ জৈৱ আৰু অজৈৱ দুয়ো প্ৰকাৰৰ হ’ব
পাৰে। জৈৱ উপাদানসমূহ মূলতঃ জীৱমণ্ডলৰ
ভিতৰুৱা। বিভিন্ন প্রজাতিৰ উদ্ভিদৰ লগতে
অণুজীৱকে ধৰি বৃহৎ আকাৰৰ প্ৰাণী পর্যন্ত জৈৱ
উপাদানৰ ভিতৰত পৰে। আনহাতে মাটি, পানী,
আৰু বায়ুৰ দৰে জড় বা প্রাণহীন উপাদানবোৰ
অজৈৱ বা জড় উপাদানৰ ভিতৰত পৰে। যিয়েই
নহওক, এই জৈৱ আৰু অজৈব উপাদানসমূহে
পাৰস্পৰিক সম্পৰ্কৰ যোগেদি জীৱৰ বাবে
প্রয়োজনীয় অৱস্থা বা পৰিৱেশৰ সৃষ্টি কৰে। অর্থাৎ
প্ৰতিটো জীৱ বা জীৱ-সম্প্রদায় তাৰ কেউকাষৰ
অৱস্থাৰ ওপৰত নিৰ্ভৰশীল। সেই অৰ্থত জীৱবোৰো
সিহঁতৰ পৰিৱেশৰে একো একোটা অংগ। মানুহো
এক প্ৰকাৰৰ জীৱ। বৰ্তি থকাৰ বাবে মানুহেও
চাৰিওফালৰ পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে।
ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ অৰ্থ অতি
ব্যাপক আৰু জটিল। পৃথিৱীৰ প্ৰাকৃতিক অৱস্থাৰ
চাৰিটা বৃহৎ উপাদান বা মণ্ডলে ইয়াৰ পৰিৱেশ
নিৰূপণ কৰিছে। সেইকেইটা হ’ল– (ক) স্থলমণ্ডল
(খ) জলমণ্ডল, (গ) বায়ুমণ্ডল আৰু (ঘ)
জীবমণ্ডল। এই চাৰিওটা মণ্ডল পাৰস্পৰিক
সম্পৰ্কৰ যোগেদি যুক্ত হৈ আছে। এই সম্পৰ্কৰ
মাধ্যমেদি পৃথিৱীত যি অৱস্থাৰ সৃষ্টি হৈছে তাকে
আমি বহল অৰ্থত পৰিৱেশ বুলি কওঁ। প্ৰখ্যাত
ভূগোল-বিজ্ঞানী পিটাৰ হেগেটে স্থল, জল, বায়ু
আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকে
পৰিৱেশ বুলি কৈছে। এই অৰ্থত পৃথিৱীৰ পৰিৱেশ
এটা অতি বিশাল আৰু জটিল তন্ত্র। এই বিশাল
তন্ত্ৰৰ ভিতৰতে পৃথিৱীৰ তিনিখন ঠাই বা অঞ্চলৰ
পৰিৱেশে ক্ৰিয়া কৰি আছে। অর্থাৎ পৃথিৱীৰ
প্রয়োজনীয় সম্পদলৈ ৰূপান্তৰ কৰোঁতে বৰ্জিত দ্ৰব্যৰ
উৎপাদন সীমিত কৰি ৰখাৰ উপৰি সেইবোৰৰ
পুনৰাৱৰ্তন নাইবা পুনৰ ব্যৱহাৰৰ ব্যৱস্থা কৰিলে
যথেষ্ট পৰিমাণে সম্পদ সংৰক্ষণ হ’ব পাৰে।
উদাহৰণস্বৰূপে, গছ কাটি সামগ্রী তৈয়াৰ কৰোঁতে
সমান্তৰালভাৱে পেলনীয়া কাঠেৰে প্ৰস্তুত কৰিব পৰা
আন লঘু বা কুটীৰ উদ্যোগৰ ব্যৱস্থা কৰিলে
প্রাকৃতিক সম্পদৰ অপব্যৱহাৰ হ্ৰাস হ’ব। কাগজ
কলত কাঠ আৰু বাঁহৰ যি বর্জিত দ্রব্য উৎপন্ন হয়,
সেইবোৰ আন জৈৱিক বা ৰাসায়নিক সামগ্রীলৈ
পৰিৱৰ্তন কৰাৰ ব্যৱস্থাপনা থাকিলে প্রাকৃতিক
সম্পদৰ ওপৰত হেঁচা কমিব।
(৫) জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণঃ সম্পদ উৎপাদন
আৰু ব্যৱহাৰ কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰাৰ
বাবে জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ অতি প্রয়োজন।
সম্পদ অযথা অপচয় ৰোধৰ বাবে জনসাধাৰণৰ
মাজত সচেতনতা বৃদ্ধি কৰিব লাগে।
(চ) সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ :
সম্পদৰ সংৰক্ষণ কার্যকৰীকৰণৰ বাবে সংৰক্ষণ
সম্পৰ্কীয় আইনৰ ব্যৱস্থা কটকটীয়া আৰু সুনিশ্চিত
হ’ব লাগে আৰু সঠিকভাৱে ৰূপায়ণ হ’ব লাগে।
(ছ) সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়নঃ সম্পদ ব্যৱহাৰৰ
ভৱিষ্যৎ পৰিকল্পনাৰ বাবে কোনো সম্পদ সঞ্চিত
পৰিমাণ সম্পর্কে সঠিকভাবে মূল্যায়ন কৰিব লাগে।
ইয়াৰ জৰিয়তে অপ্রয়োজনীয় ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিব
পাৰি আৰু বিকল্প সম্পদৰ সন্ধানতো গুৰুত্ব বৃদ্ধি
কৰিব পাৰি।
(জ) সম্পদসমূহৰ ভবিষ্যৎ প্রয়োজন নিৰ্ধাৰণ : সম্পদ
এটাৰ বৰ্তমানৰ ব্যৱহাৰৰ মান আৰু জনসংখ্যা বৃদ্ধিৰ
প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতৰ প্ৰয়োজনীয়তা নির্ণয়
কৰাটো অতি দৰকাৰ। ইয়াৰ দ্বাৰাও সম্পদৰ অযথা
ব্যৱহাৰ তথা অপচয় ৰোধ কৰিব পাৰি আৰু বিকল্প
সম্পদ উদ্ঘাটনতো দ্রুততা আনিব পাৰি।
১০। অর্থনৈতিক ভূগোলৰ সংজ্ঞা আৰু বিষয়বস্তু
আলোচনা কৰা।
সকলো ঠাইৰে পৰিৱেশ গোলকীয় পৰিৱেশতন্ত্ৰৰ
একো একো অংশ মাথোন।
৩। স্থলমণ্ডল বুলিলে কি বুজায়?
উত্তৰ : শিল, বালি, মাটি, মণিক আদিৰ দ্বাৰা গঠিত
পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বোলা হয়। এই
স্থলমণ্ডলে পৃথিৱীৰ মহাদেশকেইখনক সামৰি
লৈছে। ই ভূপৃষ্ঠৰ প্ৰায় ২৯ শতাংশ আগুৰি আছে।
স্থলমণ্ডলতে আমি পৃথিৱীৰ পাহাৰ-পৰ্বত, মালভূমি,
সমভূমি, নদী, উপত্যকা, উপকূল আদি দেখিবলৈ
পাওঁ। স্থলমণ্ডলৰ গুণাগুণ আৰু পৰিৱৰ্তন পৃথিৱীৰ
পৰিৱেশতন্ত্ৰৰ অন্য তিনিটা মণ্ডলৰ (জলমণ্ডল,
বায়ুমণ্ডল আৰু জীৱমণ্ডল) ওপৰত নিৰ্ভৰশীল।
৪। জলমণ্ডলৰ ভিতৰত কি কি পৰে লিখা?
উত্তৰ : পৃথিৱীৰ সাগৰ-মহাসাগৰবোৰে ইয়াৰ জলমণ্ডল
গঠন কৰিছে। জলমণ্ডলে প্রায় ৭১ শতাংশ আগুৰি
আছে। স্থলমণ্ডলত থকা নদ-নদী, হ্রদ আদি
জলাশয়বোৰো জলমণ্ডলৰ অন্তৰ্গত। জলমণ্ডলৰ
স্থিতি আৰু পৰিৱৰ্তন স্থলমণ্ডল, বায়ুমণ্ডল আৰু
জীৱমণ্ডলৰ ওপৰত নিৰ্ভৰশীল।
৫। বায়ুমণ্ডল কিহেৰে গঠিত লিখা।
উত্তৰ : ভূ-পৃষ্ঠৰ পৰা ক্ৰমে ওপৰলৈ বিয়পি আছে এটা
গেছীয় তৰপ। অক্সিজেন, নাইট্ৰ’জেন, হাইড্ৰ’জেন,
কার্বন-ডাই-অক্সাইড, আৰ্গন আদি গেছৰ দ্বাৰা গঠিত
এই গেছীয় তৰপটোকে বায়ুমণ্ডল বোলে। ভূ-পৃষ্ঠৰ
পৰা প্ৰায় ৪৮০ কিলোমিটাৰ উচ্চতালৈ বায়ুমণ্ডল
প্ৰসাৰিত হৈ আছে। বায়ুমণ্ডলৰ গুণাগুণ আৰু
পৰিৱৰ্তন পৰিৱেশতন্ত্ৰৰ অন্য তিনিওটা মণ্ডলৰ
ওপৰত নিৰ্ভৰশীল।
৬। জীৱমণ্ডলৰ বিস্তৃতি সম্পর্কে লিখা।
উত্তৰ : জীৱমণ্ডলে পৃথিৱীৰ জীৱ, অর্থাৎ উদ্ভিদ আৰু
প্রাণী থকা অংশবোৰকে সামৰি লয়। পৃথিৱীৰ জীৱ
থকা অংশবোৰ হৈছে— স্থলপৃষ্ঠ, সাগৰ-মহাসাগৰ
আৰু বায়ুমণ্ডলৰ চৰাই-চিৰিকটি আৰু কীট-পতংগ
উৰি ফুৰা অংশ। জীৱমণ্ডলত এতিয়ালৈকে প্রায়
১.৭৫ নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত
কৰা হৈছে। ইয়াৰ ভিতৰত মানুহ হৈছে এটা মাত্ৰ
প্রজাতি।
৭। পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজত
সম্বন্ধ লিখা।
উত্তৰ : পৃথিৱীৰ পৰিৱেশৰ চাৰিটা মণ্ডল পৰস্পৰ
নিৰ্ভৰশীল। ইহঁতৰ মাজত চলি থকা আন্তঃক্রিয়াই
পৃথিৱীৰ পৰিৱেশ গঢ়ি তুলিছে। মণ্ডলকেইটাৰ
অন্তর্গত অগণন উপাদানে পাৰস্পৰিক ক্ৰিয়াৰ এক
জটিল জালিৰ যোগেদি পৃথিৱীৰ বৰ্তমানৰ পৰিৱেশ
নিৰূপণ কৰিছে। এই পৰিৱেশ পৰিৱৰ্তনশীল। স্থান
আৰু কাল ভেদে পৃথিৱীৰ পৰিৱেশৰ পৰিৱৰ্তন ঘটে।
৮। পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰকৰোৰ উল্লেখ কৰা।
উত্তৰ : জনসংখ্যা বৃদ্ধি, ঔদ্যোগীকৰণ, নগৰীকৰণ,
যাতায়াত-পৰিবহণৰ পৰিবৰ্ধন আদিয়ে পৃথিৱীৰ
পৰিৱেশৰ ব্যাপক পৰিৱৰ্তন সাধন কৰিছে। বনাঞ্চল,
জলাশয় আদি ক্রমে সংকুচিত হৈ অহাত জীৱমণ্ডলৰ
লগতে বায়ুমণ্ডলতো তাৰ কু-প্ৰভাৱ পৰিছে। পার্বত্য
অঞ্চলৰ লগতে মৰুভূমি অঞ্চলবোৰলৈও মানুহৰ
বসতি আৰু ক্ৰিয়াকলাপ প্ৰসাৰিত হোৱাত সেইবোৰ
অঞ্চলৰ পৰিৱেশ দ্রুত পৰিৱৰ্তনৰ সন্মুখীন হৈছে।
এনে পৰিস্থিতিত পৰিৱেশ অধ্যয়ন আৰু উপযুক্ত
সংৰক্ষণৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে।
৯। পৰিৱেশৰ সমস্যা মানে কি ব্যাখ্যা কৰা।
HSLC’17
উত্তৰ : পৰিৱেশৰ উপাদানসমূহৰ ধৰ্ম আৰু সিবিলাকৰ
মাজত পাৰস্পৰিক সম্পর্ক স্বাভাৱিক হৈ থাকিলে
কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। মানৱ সভ্যতাৰ
আৰম্ভণিতে আজিৰ দৰে প্ৰদূষণৰ লেখীয়া সমস্যা
নাছিল। ভূমিকম্প, আগ্নেয় উদ্গীৰণ, ঘূর্ণী বতাহ
আদি প্রাকৃতিক প্রক্রিয়াই মানুহক কিছু অসুবিধাত
পেলাইছিল যদিও আজিৰ দৰে সেইবোৰে মানুহৰ
প্ৰাণনাশ কৰা নাছিল। সেইবোৰৰ লগত মানুহে
সহাৱস্থান কৰিছিল। মন কৰিবলগীয়া কথা যে
পৰিৱেশৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট উপাদানসমূহৰ
মাজত ভাৰসাম্য থকালৈকে বিশেষ কোনো ধৰণৰ
সমস্যা গা কৰি নুঠে। পৃথিৱীৰ স্থলমণ্ডল, জলমণ্ডল,
বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ অগণন উপদানৰ মাজৰ
সম্পর্ক যেতিয়ালৈকে ভাৰসাম্য অৱস্থাত আছিল,
তেতিয়ালৈকে পৰিৱেশৰ কোনো সমস্যাই মানুহক
আজিৰ দৰে জুৰুলা কৰা নাছিল। পিছে যোৱা
তিনিটামান শতিকাৰ ভিতৰত মানুহৰ সাংখ্যিক
বৃদ্ধি আৰু সম্পদৰ প্ৰয়োজন ইমানেই হ’ল যে
পৰিৱেশৰ উপাদানসমূহৰ মাজৰ সম্পৰ্ক
স্বাভাৱিক হৈ নাথাকিল। পৃথিৱীৰ প্ৰতিটো
মণ্ডলতে মানুহৰ ক্ৰিয়াকলাপৰ চাপ পৰিল।
এহাতে অৰণ্যভূমি হ্রাস পালে আৰু আনহাতে
বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি
পাবলৈ ধৰিলে। পৰিণতিস্বৰূপে ন ন সমস্যাৰ
সৃষ্টি হ’বলৈ ধৰিলে। মূলতঃ পৰিৱেশৰ লগত
জড়িত কাৰণেই এই সমস্যাবোৰক পাৰিৱেশিক
সমস্যা আখ্যা দিয়া হয়।
১০। ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাক কি
কি ভাগত ভগাব পাৰি আলোচনা কৰা।
HSLC’17
উত্তৰ : ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাসমূহ
তিনি ধৰণে বিবেচনা কৰিব পাৰি— (ক) স্থানীয়
সমস্যা (খ) আঞ্চলিক সমস্যা আৰু (গ) গোলকীয়
সমস্যা। উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা স্থানীয়
সমস্যাসমূহ একো একোটা সৰু এলেকাত সীমাবদ্ধ
হৈ থাকিব পাৰে। উদাহৰণস্বৰূপে এটা ক্ষুদ্র
উদ্যোগে কৰা সীমিত ভূমি প্রদূষণ, বিল এখন তৰাং
হৈ অহাৰ ফলত খৰালি সৃষ্টি হোৱা পানীৰ নাটনি,
কোনো এঠাইত নৈয়ে সৃষ্টি কৰা খহনীয়াৰ সমস্যা
ইত্যাদি। আনহাতে অন্য কিছুমান সমস্যা একো
একোটা ভৌগোলিক অঞ্চল জুৰি সৃষ্টি হ’ব পাৰে।
অসমৰ ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ বানপানীৰ
সমস্যা বিশাল ঔদ্যোগিক অঞ্চলৰ পানী প্ৰদূষণৰ
সমস্যা, মহানগৰ অঞ্চলৰ ভূ-গর্ভস্থ পানীৰ
নাটনিজনিত সমস্যা, নদী-অৱবাহিকাৰ ভূমিক্ষয়
সমস্যা আদি আঞ্চলিক সমস্যাৰ উদাহৰণ। একোটা
আঞ্চলিক সমস্যাই কেতিয়াবা একাধিক ৰাষ্ট্ৰকো
সামৰি ল’ব পাৰে।
ইয়াৰ বিপৰীতে কিছুমান পৰিৱেশ সমস্যাই
সমগ্র পৃথিৱীকে সামৰি লয়। তেনে সমস্যাৰ
বিস্তৃতিৰ কোনো ভৌগোলিক সীমা নাথাকে।
উদাহৰণ হিচাপে গোলকীয় উত্তাপ বৃদ্ধিৰ দৰে
সমস্যালৈ আঙুলিয়াব পাৰি। এই সমস্যা বায়ুমণ্ডলৰ
লগত জড়িত হোৱাৰ কাৰণে বিস্তৃতিৰ ফালৰ পৰা
অসীম। ইয়াৰ প্ৰভাৱ বায়ুমণ্ডলৰ লগতে পৃথিৱীৰ
পৰিৱেশৰ জলভাগ, স্থলভাগ আৰু জীৱজগতৰ
ওপৰতো পৰে। এনে সমস্যাৰ সমাধানৰ প্ৰচেষ্টাও
আন্তর্জাতিক পৰ্যায়ৰ হোৱাটো দৰকাৰ।
১১। পৰিৱেশৰ স্থানীয় সমস্যা, আঞ্চলিক সমস্যা আৰু
গোলকীয় সমস্যা বুলিলে কি বুজা উদাহৰণ দিয়া।
উত্তৰ : ১০নং প্ৰশ্নৰ উত্তৰ চোৱা।
১২। পৰিৱেশৰ প্ৰধান সমস্যাসমূহ উল্লেখ কৰা।
উত্তৰ : পৰিৱেশৰ প্ৰধান সমস্যাসমূহৰ ভিতৰত প্ৰদূষণ,
মৰুকৰণ আৰু গোলকীয় উত্তাপকেই উল্লেখ কৰিব
পাৰি। প্ৰদূষণৰ ভিতৰত মাটি প্ৰদূষণ, বায়ু প্ৰদূষণ
আৰু পানী প্ৰদূষণেই প্রধান। মৰুকৰণেও ভূমিৰ
জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি ভীষণ
সমস্যাৰ সৃষ্টি কৰিছে। আনহাতে গোলকীয় উত্তাপ
বৃদ্ধিয়ে পৃথিৱীবাসীক শংকিত কৰি তুলিছে। সেয়ে
গোলকীয় উত্তাপ বৃদ্ধিৰ সমস্যাটোৰ বিষয়ে
বিশ্ববাসী সজাগ হৈছে আৰু গোলকীয় উত্তাপ
ৰোধৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ
ৰাষ্ট্ৰসমূহে সহমত প্ৰকাশ কৰিছে।
১৩। প্ৰদূষণৰ অৰ্থ লিখা।
HSLC’17, 19
উত্তৰ : অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকে
সহজ কথাত প্ৰদূষণ বুলি ক’ব পাৰি। ঘাইকৈ মানুহে
সৃষ্টি কৰা দ্ৰব্য অধিক মাত্ৰাত পৰিৱেশত সংযোজিত
হ’লে জীৱজগতৰ ক্ষতিসাধন কৰিব পাৰে। এনে
দ্ৰব্যক প্ৰদূষক বুলি কোৱা হয়।
১৪। মাটি প্ৰদূষণৰ বিষয়ে লিখা। HSLC 19, 22
উত্তৰ : মাটি প্ৰকৃতিৰ এবিধ অতি গুৰুত্বপূৰ্ণ উপাদান।
মানুহৰ বাবে ই এক অপৰিহাৰ্য সম্পদ। মানৱ
সভ্যতাৰ বিকাশ প্ৰধানকৈ এই সম্পদৰ ওপৰত
ভিত্তি কৰিয়েই সম্ভৱ হৈ উঠিছে। কিন্তু পৰিতাপৰ
বিষয় যে মূলতঃ মানৱজনিত কাৰণতেই মাটি সম্পদ
প্ৰদূষণৰ কবলত পৰিছে। সাধাৰণতে মাটিৰ লগত
কোনা ৰাসায়নিক পদার্থ, বিষাক্ত ধাতু, ঔদ্যোগিক
আৱর্জনা, তেজস্ক্রিয় পদাৰ্থ, এচিড বৰষুণ আদি মিহলি
হ’লৈ মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট হয় আৰু
উর্বৰতাও হ্রাস পায়। এনে অৱস্থাত সংশ্লিষ্ট মাটিভাগক
প্ৰদূষিত মাটি বুলি বিবেচনা কৰা হয়।
সাধাৰণতে আধুনিক কৃষিকাৰ্য, উদ্যোগৰ প্ৰসাৰ
আৰু ক্ৰমবৰ্ধিত হাৰত চলি থকা বননি ধ্বংসই মাটি
প্ৰদূষণৰ বাবে প্ৰধানকৈ জগৰীয়া। কৃষিৰ
আধুনিকীকৰণে কৃষিক্ষেত্ৰত ৰাসায়নিক সাৰ,
জলসিঞ্চন, কীটনাশক দৰৱ আদিৰ প্ৰয়োগ বৃদ্ধি
কৰিছে। ৰাসায়নিক সাৰৰ প্ৰয়োগে মাটিৰ স্বাভাৱিক
গঠন আৰু গুণাগুণৰ যিদৰে সলনি ঘটায়, সেইদৰে
ভূ-গর্ভস্থ পানী কৃষিক্ষেত্ৰত প্ৰয়োগ কৰিলে ভূমিৰ
গুণাগুণৰ পৰিৱৰ্তন ঘটে। তদুপৰি কীটনাশক আৰু
অপতৃণনাশক দৰব প্ৰয়োগ কৰিলেও অনিষ্টকাৰী
কীট-পতংগ আৰু অলাগতীয়াল উদ্ভিদৰ উপৰি
মাটিত থকা উপকাৰী প্ৰাণী আৰু অণুজীৱো
ধ্বংসমুখত পৰে। ইয়ে মাটিৰ প্ৰাকৃতিক গুণৰ
পৰিৱৰ্তন ঘটাই মাটিক প্ৰদূষিত কৰে। তদুপৰি
উদ্যোগিক আৱৰ্জনা, প্লাষ্টিক, কাঁচ আৰু ৰাসায়নিক
পদার্থয়ো মাটিত মিহলি হৈ মাটি প্ৰদূষিত কৰে।
ভূগৰ্ভৰ পৰা কয়লা, খাৰুৱা তেল আদি উত্তোলন
কৰোঁতেও সঞ্চিত হ’লে এচিড বৰষুণৰ সৃষ্টি হয়।
এনে বৰষুণে বন-বননি ধ্বংস কৰাৰ লগতে বিল-
খাল আদিৰ পানীও প্ৰদূষিত কৰে।
১৫। পানী প্রদূষণ কেনেকৈ হয় আলোচনা কৰা।
HSLC¹20
উত্তৰ : পানী প্ৰদূষণঃ বায়ুমণ্ডলৰ দৰে পৃথিৱীৰ
পানীভাগো কম-বেছি পৰিমাণে প্ৰদূষিত হৈছে।
পানীৰ লগত কোনো ৰাসায়নিক পদার্থ, পদার্থকণা
অণুজীৱ বিকিৰণ আদি মিহলি হৈ পানীৰ স্বাভাৱিক
গুণৰ পৰিৱৰ্তন ঘটায়। গুপৰ পৰিৱৰ্তন ঘটোৱা এনে
প্রক্রিয়াকে পানী প্ৰদূষণ বুলি কোৱা হয়। সহজ
ভাষাত দুষিত পদার্থ মিহলি হৈ নির্মল পানীক
ব্যৱহাৰৰ অনুপযোগী কৰা কাৰ্যকে পানী প্ৰদূষণ
বোলা হয়। সাধাৰণতে পানীৰ উৎসত মানুহৰ
বসতি, উদ্যোগ, কৃষি আদি থাকিলে তাৰ পৰা নিৰ্গত
অপদ্রব্য পানীত মিহলি হৈ পানী প্ৰদূষিত কৰে।
প্ৰদূষিত পানীয়ে তাত থকা উদ্ভিদ আৰু প্ৰাণীৰ ক্ষতি
সাধন কৰে। তেনে পানী মানুহৰ দৈনন্দিন ব্যৱহাৰ
উপযোগী নহয়।
সাধাৰণতে ঔদ্যোগিক আৱৰ্জনা আৰু নগৰৰ
পেলনীয়া পদাৰ্থই নগৰ অঞ্চলৰ মাজেদি বা কার্যেদি
প্ৰৱাহিত নদ-নদীৰ পানী প্ৰদূষিত কৰে। উত্তৰ-
ভাৰতৰ মাজেদি বৈ যোৱা গংগা নদীক এই ক্ষেত্ৰত
বিশেষ উদাহৰণ হিচাপে বিবেচনা কৰিব পাৰি। এই
নদীৰ পাৰত অৱস্থিত ডাঙৰ ডাঙৰ নগৰ-মহানগৰ
আৰু উদ্যোগবোৰে সেইবোৰত উৎপন্ন হোৱা
আৱৰ্জনা আৰু অপদ্রব্যবোৰ দীৰ্ঘকাল ধৰি নদীখনত
পেলাই অহাৰ ফলত একালৰ পৱিত্ৰ গংগাৰ পানী
সম্প্রতি বেয়াকৈ প্ৰদূষিত হৈছে। সেইদৰে
আমেৰিকা যুক্তৰাষ্ট্ৰত চলোৱা এটা সমীক্ষাৰ পৰা
জানিব পৰা গৈছে যে দেশখনৰ সৰ্বমুঠ নদী দৈৰ্ঘ্যৰ
৫৫ শতাংশ কৃষিজনিত কাৰকৰ দ্বাৰা প্ৰদূষিত হৈছে।
বাকী ১৬ শতাংশ নগৰৰ দ্বাৰা, ১৩ শতাংশ খনিজ
পদাৰ্থ আহৰণৰ দ্বাৰা আৰু অন্য ১৩ শতাংশ
বাসস্থানৰ উন্নয়ন সম্পৰ্কীয় কাৰকৰ দ্বাৰা সংঘটিত
হৈছে। তেনেদৰে চীনদেশৰ ইয়াংছি নদীৰ পাৰত
অৱস্থিত ২২খন নগৰত থকা তিনি শতাধিক উদ্যোগ
কেন্দ্ৰই নৈখনৰ পানী বেয়াকৈ প্ৰদূষিত কৰিছে।
আমাৰ গুৱাহাটী মহানগৰীৰ মাজেদি বৈ গৈ
ব্ৰহ্মপুত্ৰত পৰা ভৰলু নৈখন মহানগৰৰ আৱৰ্জনা
আৰু শিল্প-উদ্যোগৰ পেলনীয়াই কিদৰে প্ৰদূষিত
কৰিছে তাক আমি সকলোৱে জানো। এই নৈবোৰ
প্ৰদূষণমুক্ত কৰাটো সংশ্লিষ্ট ৰাষ্ট্ৰসমূহৰ বাবে এক
ডাঙৰ প্ৰত্যাহ্বানস্বৰূপ হৈ পৰিছে। আনহাতে বৃহৎ
ঔদ্যোগিক অঞ্চলৰ আশে-পাশে থকা জলাশয়ৰ
পানীভাগত এচিডৰ পৰিমাণ বৃদ্ধি পালেও পানী প্ৰদূষিত হয়।
১৬। বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা। HSLC’17
উত্তৰ : পৃথিৱীৰ বায়ুমণ্ডল প্ৰধানকৈ গেছীয় পদাৰ্থৰ দ্বাৰা
গঠিত ৷ জুলীয়া আৰু গোটা পদাৰ্থও কিছু পৰিমাণে
বিভিন্ন অৱস্থাত বায়ুমণ্ডলত থাকে। গেছীয় পদাৰ্থৰ
ভিতৰত নাইট্ৰ’জেন (৭৮.০৮ শতাংশ), অক্সিজেন
কার্বন-ডাই-অক্সাই (০.০৩৫ শতাংশ) আদিয়েই
প্রধান। এক নির্দিষ্ট অনুপাতত থাকি এই পদাৰ্থবোৰে
বায়ুমণ্ডলক ভাৰসাম্য অৱস্থাত ৰাখিছে। কিবা
কাৰণত এই ভাৰসাম্য বিনষ্ট হ’লৈ, বিভিন্ন ধৰণৰ
সমস্যাৰ উদ্ভৱ হোৱাটো নিশ্চিত। প্রাকৃতিক বা
মানৱসৃষ্ট কাৰণত বায়ুমণ্ডলত কঠিন, তৰল বা
গেছীয় পদাৰ্থৰ সংযোজন ঘটিলে, বায়ুৰ স্বাভাৱিক
অৱস্থাৰ পৰিবৰ্তন ঘটিব পাৰে। এনে পৰিবৰ্তনে
জীৱ আৰু জড় পদাৰ্থৰ ক্ষতি সাধন কৰিলে, বায়ু
প্ৰদূষিত হোৱা বুলি কোৱা হয়।
বায়ু দূষিতকাৰী প্ৰাকৃতিক কাৰকৰ ভিতৰত
আগ্নেয় উদ্গীৰণেই প্রধান। উদ্গীৰণৰ সময়ত নিৰ্গত
হোৱা ধোঁৱা, ছাই আৰু গেছীয় পদার্থই বায়ু প্ৰদূষিত
কৰে। ইয়াৰ উপৰি পৃথিৱীৰ বিশেষ কিছুমান অঞ্চলত
প্রায়ে সংঘটিত বনজুয়েও বায়ুমণ্ডল দূষিত কৰে।
বায়ুমণ্ডল প্ৰধানকৈ মানুহৰ কাৰ্যাৱলীয়ে
প্ৰদূষিত কৰিছে। শিল্প-উদ্যোগৰ প্ৰসাৰ, নগৰীকৰণ,
যান-বাহনৰ বৰ্ধিত ব্যৱহাৰ, আণবিক বিস্ফোৰণ আদি
মানুহৰ কাৰ্য পৃথিৱীৰ বায়ুমণ্ডল দূষিত হোৱাৰ প্ৰধান
কাৰক। দৰাচলতে ইউৰোপত আৰম্ভ হোৱা শিল্প-
বিপ্লৱৰ পিছৰে পৰা বায়ুমণ্ডল দূষিত হ’বলৈ ধৰে।
ক্রমবর্ধমান হাৰত হোৱা জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰেই
বায়ুমণ্ডলত কার্বন-মন’অক্সাইড, নাইট্ৰ’জেন ডাই-
অক্সাইড, হাইড্ৰ’কার্বন, ছালফাৰ ডাই-অক্সাইড আদি
বিষাক্ত গেছ সংযোগ কৰে। এইবোৰ গেছে
বায়ুমণ্ডল প্ৰদূষিত কৰে।
বায়ুমণ্ডল প্ৰদূষিত হোৱাৰ অন্যতম ভয়াৱহ
পৰিণতি হৈছে এচিড বৰষুণৰ সৃষ্টি। যোৱা
কেইটামান দশকত বিশেষকৈ ঔদ্যোগিক ক্ষেত্ৰত
আগবঢ়া কিছুমান অঞ্চলত এচিড বৰষুণজনিত
সমস্যাৰ সৃষ্টি হোৱা দেখা গৈছে। পশ্চিম ইউৰোপ,
আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পূব কানাডাৰ ঔদ্যোগিক
এলেকাবোৰত এই সমস্যাই ভয়াৱহ ৰূপ লৈছে।
সাধাৰণতে বায়ুমণ্ডলত মাত্রাধিক ছালফাৰ ডাই-
অক্সাইড আৰু নাইট্ৰ’জেন ডাই-অক্সাইড সঞ্চিত
হ’লৈ এচিড বৰষুণ হয়।
১৭। মৰুকৰণ বুলিলে কি বুজা? HSLC’17, 22
উত্তৰ : মৰুভূমি আৰু মৰুকৰণ একে নহয়। মৰুকৰণ
হৈছে এনে এক প্রক্রিয়া যিয়ে ক্রান্তিয় অঞ্চলৰ
উৎপাদনক্ষম ভূমিক মৰুভূমিত পৰিণত কৰে।
মকৰণ শব্দটোৱে প্ৰকৃততে মৰুভূমিৰ কাষৰীয়া
এলেকাবোৰলৈ মৰুভূমিৰ সম্প্ৰসাৰণ ঘটাকে বুজায়।
১৮। মৰুকৰণৰ কাৰণ উল্লেখ কৰা।HSLC’17, 19, 22
উত্তৰ : সাধাৰণতে নানা ধৰণৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট
কাৰকে মৰুকৰণ প্ৰক্ৰিয়াত অৰিহণা যোগায়।
প্রাকৃতিক কাৰকবোৰৰ ভিতৰত খৰাং বতৰ আৰু
গোলকীয় উত্তাপ বৃদ্ধিয়েই প্রধান। খৰাং বতৰে
মৰুকৰণ প্ৰক্ৰিয়াত ত্বৰান্বিত কৰে। আনহাতে
গোলকীয় উত্তাপ বৃদ্ধিয়ে মৰুকৰণ প্ৰক্ৰিয়াক ভয়াৱহ
ৰূপ দিবলৈ লৈছে। কিন্তু মৰুকৰণৰ বাবে মানুহৰ
কার্যকলাপহে অধিক জগৰীয়া। মানুহৰ কাৰ্যকলাপৰ
ভিতৰত অত্যধিক পশুচাৰণ, কৃষিৰ প্ৰসাৰ আৰু বননি
ধ্বংসই প্রধান। আকৌ সাম্প্রতিক কালত ঘটা দ্রুত
জনসংখ্যা বৃদ্ধিয়ে মৰু আৰু মৰুপ্ৰায় অঞ্চলবোৰত
মানুহৰ হেঁচা বঢ়াইছে আৰু মৰুভূমিৰ প্ৰসাৰ ঘটাত
এই হেঁচাই যথেষ্ট সহায় কৰিছে।
১৯। কেইবিধমান সেউজ গৃহ গেছৰ নাম লিখা।
উত্তৰ : কার্বন-ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড।
২০। গোলকীয় উত্তাপ বৃদ্ধি বুলিলে কি বুজা? ইয়াৰ
কাৰকবোৰ উল্লেখ কৰা। গোলকীয় উত্তাপ ৰোধৰ
উপায় কি?
উত্তৰ : অস্বাভাৱিকভাৱে বায়ুমণ্ডলৰ লগতে ভূ-পৃষ্ঠত
যিধৰণৰ উত্তাপ বৃদ্ধি পাব ধৰিছে তাকেই সাধাৰণ
ভাষাত গোলকীয় উত্তাপ বৃদ্ধি বুলি কোৱা হয়।
গোলকীয় উত্তাপ বৃদ্ধিত বিভিন্ন কাৰকে সহায়
কৰে। প্রথম কথা বায়ুমণ্ডলত থকা সেউজ গৃহ
গেছবোৰ ভূ-পৃষ্ঠত পৰা প্রতিফলিত সৌৰশক্তি
শোষণ কৰে। বায়ুমণ্ডলত সেউজ গৃহ গেছৰ
পৰিমাণ বাঢ়িলে বায়ুমণ্ডলৰ উত্তাপ বাঢ়ে। ব্যাপক
হাৰত গঢ়ি উঠা শিল্প উদ্যোগে ব্যাপক পৰিমাণে
সেউজ গৃহ গেছ উৎপন্ন কৰাত বায়ুমণ্ডলৰ উত্তাপ
বাঢ়ি গৈ আছে।
আনহাতে ব্যাপক হাৰত বনাঞ্চল ধ্বংস কৰাৰ
ফলতো গোলকীয় উত্তাপ বাঢ়িছে। গোলকীয় উত্তাপ
বৃদ্ধি ৰোধৰ বাবে ব্যাপক হাৰত গঢ়ি উঠা কল-
কাৰখানাবোৰে যাতে সেউজ গৃহ অধিক পৰিমাণে
সৃষ্টি কৰিব নোৱাৰে তাৰ ব্যৱস্থা ল’ব লাগিব।
জনসাধাৰণে অধিক হাৰত বৃক্ষৰোপণ কৰিব লাগে।
২১। বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি সৃষ্টি কৰিব পৰা সমস্যাৰ
উল্লেখ কৰা।
উত্তৰ : বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিয়ে বহুধৰণৰ সমস্যাৰ সৃষ্টি
কৰিব পাৰে। তাৰ ভিতৰত মেৰু অঞ্চলৰ বিশাল
বৰফস্তূপৰ গলন, সাগৰপৃষ্ঠৰ উত্থান, উদ্ভিদ আৰু
প্রাণীজগতৰ বৃদ্ধি আৰু ভৌগোলিক বিতৰণৰ পৰিৱৰ্তন,
শস্য উৎপাদন হ্রাস আৰু মৰুকৰণ আদি প্রধান।
২২। এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয়-
HSLC’18
(ক) মেৰু অঞ্চলত
(খ) অৰণ্য অঞ্চলত
(গ) ঔদ্যোগিক অঞ্চলত
(ঘ) ঘাঁহনি অঞ্চলত
উত্তৰ : (গ) ঔদ্যোগিক অঞ্চলত