অর্থনৈতিক ভূগোল : বিষয়বস্তু আৰু সম্পদ – প্রথম অধ্যায়

দ্বিতীয় খণ্ড ভূগোল
প্রথম অধ্যায়
অর্থনৈতিক ভূগোল :
বিষয়বস্তু আৰু সম্পদ

১। শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(ক) তলৰ কোনটো মানৱ-সৃষ্টি সম্পদ?
(১) নদ-নদী
(২) খনিজ তেল
(৩) জলসিঞ্চন নলা
(৪) অৰণ্য
উত্তৰ : (৩) জলসিঞ্চন নলা।

(খ) তলৰ কোনটো অজীৱীয় সম্পদ? 
(১) বায়ু (২) পানী (৩) জীৱ-জন্তু (৪) ভেঁকুৰ
উত্তৰ : (১) বায়ু।

(গ) তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ?
(১) বায়ু
(২) গছ-গছনি
(৩) শস্য
(৪) কয়লা
উত্তৰ : (৪) কয়লা

(ঘ) তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী?
(১) এশিঙীয়া গঁড়
(২) নল-গাহৰি
(৩) জিৰাফ
(৪) মিথুন

উত্তৰ : (২) নল-গাহৰি।
(ঙ) IUCN সংস্থাটো কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ
অন্তর্গত?
(১) UNESCO
(2) UNDP
(৩) WWF
(8) UNEP
উত্তৰ : (১) UNESCO
২। চমুটোকা লিখা।
(ক) সম্পদ আৰু সম্পত্তি
HSLC’22
উত্তৰ : মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ
বস্তুকেই সম্পদ বোলা হয়। আনহাতে যিবোৰ
সামগ্ৰীৰ বিনিময় মূল্য আছে, সেইবোৰক সম্পত্তি
বোলে। আনহাতে সকলোবোৰ সম্পত্তিয়েই সম্পদ
কিন্তু সকলো সম্পদ সম্পত্তি নহ’বও পাৰে।
সম্পদৰ জৰিয়তে মানৱ জাতিৰ কল্যাণ হয়, কিন্তু
সম্পত্তিৰ দ্বাৰা মানুহৰ উপকাৰ বা অপকাৰ দুয়োটাই
হ’ব পাৰে।
(খ) অর্থনৈতিক ভূগোল আৰু সম্পদ ভূগোল
উত্তৰ : ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ,
উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত
মানুহৰ কাৰ্যকলাপসমূহৰ স্থান আৰু কাল সাপেক্ষে
অধ্যয়ন কৰা হয়, তাকে অর্থনৈতিক ভূগোল
বোলে৷ আনহাতে ভূগোলৰ যিটো শাখাত সম্পদৰ
প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদ্ঘাটন তথা
উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু
উন্নয়ন সম্পর্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা
আদি অধ্যয়ন কৰা হয়, তাক সম্পদ ভূগোল বোলে।
(গ) সম্পদ আৰু নিষ্ক্রিয় সামগ্রী
উত্তৰ : সম্পদ হ’ল মানুহৰ জীৱন ধাৰণৰ অতি
প্রয়োজনীয় বস্তু। সম্পদবোৰ সাধাৰণতে প্ৰকৃতিৰ
বুকুৰ পৰাই আহৰণ কৰে। সম্পদ পৰিৱৰ্তনশীল।
আজিকালি কোনো এটা সামগ্ৰী মানুহৰ দ্বাৰা ব্যৱহৃত
নহ’লেও বা মানুহৰ বাবে অপকাৰী হ’লেও
ভৱিষ্যতে সেই একেটা সামগ্ৰীয়েই মানৱ কল্যাণত
ব্যৱহৃত হ’ব পাৰে। এনে সামগ্ৰীসমূহৰ যিবোৰে
মানুহৰ কোনো উপকাৰ বা অপকাৰ সাধন নকৰে,

সেইবোৰকে নিৰপেক্ষ বা নিষ্ক্রিয় সামগ্রী বোলে।
(ঘ) জীবীয় আৰু অজীৱীয় সম্পদ
উত্তৰ : সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰকে
জীৱীয় সম্পদ আৰু যিবোৰ নিৰ্জীৱ সেইবোৰক অজীৱীয়
সম্পদ বোলে। যেনে উদ্ভিদ, প্রাণী আদি জীৱীয় সম্পদ।
আনহাতে মাটি, বায়ু আদি অজীৱীয় সম্পদ।
(ঙ) নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদ
উত্তৰ : যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ
পিছতো নবীকৰণ প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে
নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে
সম্পদবোৰক নবীকৰণযোগ্য সম্পদ বোলে।
যেনে— সূৰ্যৰ ৰশ্মি, বায়ু ইত্যাদি। আনহাতে যিবোৰ
সম্পদ ব্যৱহাৰৰ পিছত নবীকৰণ কৰিব নোৱাৰি
আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদক
অনবীকৰণযোগ্য সম্পদ বোলে। যেনে— কয়লা,
খনিজ তেল ইত্যাদি।
(চ) ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ
উত্তৰ : মানুহৰ নিজ নিজ দখল বা অধিকাৰত ভূমি, সা-
সম্পত্তি আৰু নিজা ভালগুণ আদিক ব্যক্তিগত
সম্পদ বোলা হয়। আকৌ দেশ এখনৰ তত্ত্বাৱধান
বা দখলত থকা সকলোবোৰ সম্পদক জাতীয়
সম্পদ বোলা হয়।
(জ) সম্পদৰ পুনৰাৱৰ্তন আৰু অভিযোজন
উত্তৰ : সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ
হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্রব্য
পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ যোগেদি পুনর্ব্যৱহাৰ কৰাকে
সম্পদৰ পুনৰাৱৰ্তন বোলে। আকৌ অধ্যয়ন আৰু
গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা আহৰণ কৰা
সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত
কৰিবলৈ প্ৰয়োগ কৰা কৌশলক অভিযোজন বোলা
হয়। যেনে— ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱসাৰৰ
প্রয়োগ।
৩। চমুটোকা লিখা।
(ক) সম্পদ : মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়োজনীয়
সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। যিহেতু

পৃথিৱীত থকা বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ-
গছনি, ফল-মূল, খনিজ পদার্থ, শস্য আদি
আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল, সেয়ে
এইবোৰ সম্পদ। উপকাৰিতা, কার্যকাৰিতা আৰু
পৰিৱৰ্তনশীল ধর্ম সম্পদ প্রধান বৈশিষ্ট্য। সম্পদক
প্ৰধানকৈ তিনিটা শ্ৰেণীত বিভক্ত কৰা হয়— প্ৰাকৃতিক
সম্পদ, মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদ। কোনো
ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ
সংৰক্ষণৰ প্ৰয়োজন।
(খ) মানৱ সম্পদ : প্রাকৃতিক সম্পদ ব্যৱহাৰৰ
উপযোগী কৰিবলৈ মানুহৰ কাৰ্যদক্ষতা, শিক্ষা,
প্রযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয়। এনেবোৰ গুণ
থকাৰ বাবে মানুহকো সম্পদৰ অন্তৰ্ভুক্ত কৰি মানৱ
সম্পদ আখ্যা দিয়া হৈছে। দৰাচলতে মানুহেই
সম্পদ সৃষ্টিকর্তা।
(গ) সম্পত্তি : যিবে সামগ্ৰীৰ বিনিময় মূল্য আছে,
সেইবোৰক সম্পত্তি বোলে। সম্পত্তি ব্যৱহাৰৰ
উপযোগী হোৱাৰ উপৰি সম্পত্তিৰ যোগান
তুলনামূলকভাৱে সীমিত আৰু ইয়াক এজনৰ পৰা
আন এজনলৈ মূল্যৰ জৰিয়তে হস্তান্তৰ কৰিব পাৰি।
সকলো সম্পদ সম্পত্তি নহয়। আনহাতে সম্পত্তিৰ
দ্বাৰা মানুহৰ উপকাৰ বা অপকাৰ দুয়োটা হ’ব পাৰে।
(ঘ) ব্যক্তিগত সম্পদ : মানুহৰ নিজ নিজ দখল বা
অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল
গুণ আদিক ব্যক্তিগত সম্পদ বোলে।
(ঙ) জাতীয় সম্পদ : এখন দেশৰ তত্ত্বাৱধান বা দখলত
থকা সকলোবোৰ সম্পদক জাতীয় সম্পদ বোলা
হয়। যেনে— কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এটা
জাতীয় সম্পদ।
(চ) বিশ্ব সম্পদ : সকলো দেশৰ জাতীয় সম্পদ আৰু
সমগ্ৰ বিশ্বৰ অধীনত থকা সম্পদক একেলগে বিশ্ব
সম্পদ বা আন্তর্জাতিক সম্পদ বোলে।
(ছ) চিৰবিৰাজমান সম্পদ : পৃথিৱীৰ সকলোতে
উপলভ্য প্রাকৃতিক সম্পদাজিক চিৰবিৰাজমান
সম্পদ বোলে। যেনে— সূৰ্যৰ ৰশ্মি, বায়ু আদি।

(জ) স্থানিক সম্পদ : প্রাকৃতিক সম্পদ যিবোৰ পৃথিৱীৰ
কিছুমান বিশেষ বিশেষ স্থানতহে উপলভ্য, তেনে
সম্পদবোৰক স্থানিক সম্পদ বোলে। যেনে-
কয়লা, উদ্ভিদ, প্রাণী আদি।
(ঝ) সম্পদ সংৰক্ষণ : কোনো ধৰণৰ বিনাশ আৰু
অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য পূৰ্ণ
ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ
বোলে। সম্পদ সংৰক্ষণ বুলিলে অৱশ্যে সম্পদৰ
ব্যৱহাৰ নকৰি কেৱল ভৱিষ্যতৰ বাবে সাঁচি ৰখা
কার্যকে নুবুজায়।
(ঞ) IUCN : ইয়াৰ সম্পূর্ণ নাম International Union
for Conservation of Nature | এইটো ৰাষ্ট্ৰসংঘৰ
অন্তর্গত এটি সংস্থা। এই সংগঠনটোৰ জন্ম হৈছিল।
ফ্রান্সত। ইয়াৰ মুখ্য উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ
প্রাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ
তথা জৈৱ বৈচিত্র্য সম্পর্কে অধ্যয়ন, গৱেষণা আৰু
প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা।
৪। সম্পদৰ শ্রেণী বিভাজন কৰা।
উত্তৰ : পৃথিৱীত বহু প্ৰকাৰৰ সম্পদ পোৱা যায়। যিদৰে
পৃথিৱীত বিভিন্ন ধৰণৰ অসংখ্য সম্পদ পোৱা যায়,
ঠিক সেইদৰে ইয়াৰ বিভাজনো বিভিন্ন ধৰণে কৰিব
পাৰি। সৃষ্টি প্রক্রিয়া অনুসৰি সম্পদসমূহক
বহলভাৱে প্ৰাকৃতিক, মানৱ-সৃষ্ট আৰু মানৱ সম্পদ
হিচাপে বিভক্ত কৰিব পাৰি। তদুপৰি সম্পদসমূহক
জৈৱিক আৰু অজৈৱিক সম্পদ; নবীকৰণযোগ্য
আৰু অনবীকৰণযোগ্য সম্পদ আৰু ব্যক্তিগত,
জাতীয় আৰু আন্তর্জাতিক সম্পদ হিচাপেও বিভক্ত
কৰিব পাৰি।
যদিও সম্পদসমূহক বেলেগ বেলেগ ধৰণে
বিভক্ত কৰা হয়, তথাপি বিভাজনৰ তালিকাত
বহুতো সম্পদ ওপৰা-উপৰিকৈ থকা দেখা যায়।
উদাহৰণস্বৰূপে উদ্ভিদ এটা প্রাকৃতিক সম্পদ আৰু
লগতে ই এটা জৈৱিক সম্পদ, নবীকৰণযোগ্য
সম্পদ। আকৌ উদ্ভিদ এটা ব্যক্তগত বা জাতীয়
সম্পদো। ঠিক তেনেদৰে সোণ এটা প্রাকৃতিক

সম্পদ আৰু লগতে ই এটা অজৈৱিক সম্পদ। ইয়াৰ
উপৰি সোণক অনবীকৰণযোগ্য সম্পদ আৰু
ব্যক্তিগত বা জাতীয় সম্পদ বুলিও ক’ব পাৰি।
৫। সম্পদ বুলিলে কি বুজা? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহৰ
যি কোনো এটা উল্লেখ কৰা। HSLC’18, 20
উত্তৰ : মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়োজনীয়
সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়।
সকলোবোৰ সম্পত্তিয়ে সম্পদ। সম্পদ জৰিয়তে
মানৱ জাতিৰ কল্যাণ হয়।
সম্পদৰ প্ৰধান বৈশিষ্ট্য হৈছে উপকাৰিতা
৬৷ মানুহৰ অৰ্থনৈতিক বৃত্তিবোৰ আলোচনা কৰা।
উত্তৰ : মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্য চাৰি প্ৰকাৰৰ—
১। প্রাথমিক বৃত্তি : যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ
পৰা সম্পদ আহৰণ কৰে তাকে প্রাথমিক বৃত্তি
বোলে। যেনে— কৃষিকাৰ্য, মাছ ধৰা কাৰ্য, বনজ
সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদি।
২। দ্বিতীয়ক বৃত্তি : যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ
পৰা আহৰণ কৰা বিভিন্ন দ্রব্য নানান প্রযুক্তিৰ
জৰিয়তে মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলা হয়।
তাকে দ্বিতীয়ক বৃত্তি বোলে। যেনে— শিল্পোৎপাদন
প্রক্রিয়া, বিভিন্ন নির্মাণ তথা পুনৰ নিৰ্মাণ কার্য
ইত্যাদি।
৩। তৃতীয়ক বৃত্তি : যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু
দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ
উপভোক্তাৰ ওচৰ পায় তাকে তৃতীয়ক বৃত্তি বোলে।
যেনে— যাতায়াত, পৰিবহন, বজাৰ, পাইকাৰী বা
খুচুৰা বিক্ৰী, পর্যটন, যোগাযোগ আদিৰ লগত
জড়িত অর্থনৈতিক কার্যসমূহ।
৪। চতুর্থক বৃত্তি : যি কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু
তৃতীয়ক বৃত্তিসমূহ অধিক সুচল তথা ফলপ্রসূ কৰি
তোলাত সহায় কৰে তাকে চতুৰ্থক বৃত্তি বোলে।
যেনে— বেংক বা অন্য বিত্তীয় প্রতিষ্ঠান, প্ৰচাৰ
মাধ্যম, প্রশাসন, শিক্ষা-গৱেষণা আদিৰ লগত
জড়িত কার্যসমূহ।

৭। অর্থনৈতিক ভূগোল অধ্যয়নৰ বিভিন্ন পদ্ধতি
উল্লেল্লখ কৰা।
উত্তৰ : এটি বহল বিষয় হিচাপে অর্থনৈতিক ভূগোল
কেইবাটাও পদ্ধতিৰে অধ্যয়ন কৰা হয়। তাৰ
ভিতৰত আঞ্চলিক, বিষয়বস্তু সম্বন্ধীয় বা পণ্যদ্রব্য
সম্বন্ধীয়, আচৰণগত, নীতি-নিয়ম, তন্ত্র-বিশ্লেষণ
আৰু প্ৰতিষ্ঠানীয় ভিত্তিক অধ্যয়নেই বিশেষভাৱে
উল্লেখযোগ্য। সম্প্রতি অর্থনৈতিক ভূগোলৰ
ব্যৱহাৰিক অধ্যয়নত সাংখ্যিক পদ্ধতি প্রয়োগৰ
লগতে ভৌগোলিক তথ্য বিশ্লেষণ পদ্ধতি আৰু
বিভিন্ন সূত্র-নিদর্শ আদিও ব্যৱহৃত হয়। সেয়ে বহু
ক্ষেত্ৰত ব্যৱহাৰিক অর্থনৈতিক ভূগোলত সমস্যা
সমাধান পদ্ধতি ব্যৱহাৰ কৰা হয়।
৮। অর্থনৈতিক ভূগোলৰ পৰিসৰ আলোচনা কৰা।
উত্তৰ : অর্থনৈতিক ভূগোলত প্ৰধানকৈ মানুহৰ
অর্থনৈতিক কার্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত
জড়িত কাৰক আৰু প্ৰক্ৰিয়াসমূহ অধ্যয়ন কৰা হয়।
ইয়াৰ অধ্যয়নৰ পৰিসৰ মূলতঃ তলত উল্লেখ কৰা
বিশেষ প্রশ্নকেইটাৰ ওপৰত প্ৰতিষ্ঠিত—
১। অর্থনৈতিক কাৰ্যটো ক’ত অৱস্থিত?
২। অর্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যবোৰ কি কি?
৩। অর্থনৈতিক কাৰ্যটো আন কি কি পৰিঘটনাৰ লগত
জড়িত?
৪। অর্থনৈতিক কাৰ্যটো য’ত আছে তাতে কিয় হৈছে?
৫। অর্থনৈতিক কাৰ্যটো য’ত আছে তাৰ পৰিৱৰ্তে আন
এঠাইত হ’লে বেছি ভাল হ’লহেঁতেন নেকি?
পাঁচটা প্ৰশ্নৰ প্ৰথম তিনিটাৰ লগত পৰম্পৰাগত
অর্থনৈতিক ভূগোল জড়িত। কিন্তু পাছৰ দুটা প্রশ্নই
বিশেষকৈ আধুনিক অর্থনৈতিক ভূগোলৰ ভেটি
ৰচনা কৰিছে। আধুনিক অর্থনৈতিক ভূগোলৰ
পিতৃস্বৰূপ জর্জ ছিজহ ‘মৰ মতে এখন ঠাইৰ
অর্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নির্ণয়
কৰাটোৱেই অর্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য।
আন দুজন অর্থনৈতিক ভূগোলবিদ জন্স আৰু
ডার্কেনৱৰ্ল্ডৰ মতে আকৌ অর্থনৈতিক ভূগোলে

বিশেষকৈ উৎপাদনক্ষম বৃত্তি বা কার্যকলাপ
অধ্যয়নৰ লগত জড়িত আৰু লগতে কিছুমান
অঞ্চল কিয় উৎপাদনত আগবঢ়া আৰু আন আন
কিছুমান অঞ্চল কিয় আমদানি আৰু ব্যৱসায়-
বাণিজ্যত আগবঢ়া এনে প্রশ্নবোৰৰ উত্তৰ উদ্ঘাটনত
সহায় কৰে। অর্থাৎ অর্থনৈতিক ভূগোলে মূলতঃ
মানুহৰ উৎপাদনক্ষম কাৰ্যবোৰ আৰু পাৰিৱেশিক
অৱস্থাৰ লগত এইবোৰৰ সম্পৰ্ক অধ্যয়ন কৰে।
৯। সম্পদ সংৰক্ষণৰ বিভিন্ন পদ্ধতিসমূহ আলোচনা
কৰা।
HSLC’22
উত্তৰ : সম্পদ সংৰক্ষণৰ ফলপ্ৰসূ পদ্ধতিবোৰ তলত উল্লেখ
কৰা হ’ল—
(ক) বিকল্প সম্পদৰ সন্ধান : কোনো এটা বহলভাৱে
ব্যৱহৃত সম্পদ উৎপাদন চলি থকা অৱস্থাতে
ইয়াৰ বিকল্প সম্পদৰ সম্ভাৱনা উদ্‌ঘাটনৰ বাবে
প্রয়োজনীয় গৱেষণা আৰু জৰীপ চলাই থাকিব
লাগে।
(খ) পুনৰাৱৰ্তন : সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ
ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বর্জিত
দ্রব্য পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ যোগেদি পুনর্ব্যৱহাৰ কৰিব
পাৰি। উদাহৰণস্বৰূপে পুৰণি পলিথিন বেগ, প্লাষ্টিক
বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ
জৰিয়তে সংশ্লিষ্ট সম্পদৰ কেঁচা সামগ্ৰী কিছু
পৰিমাণে হ’লেও সংৰক্ষণ কৰিব পাৰি।
(গ) অভিযোজন বা নৱপ্ৰচলন : অধ্যয়ন আৰু
গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা আহৰণ কৰা
সম্পদ ব্যৱহাৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত
কৰিবলৈ অভিযোজন বা নৱপ্ৰচলন প্ৰক্ৰিয়াৰ প্ৰয়োগ
কৰিব লাগে। ৰাসায়নিক সাৰ, ৰাসায়নিক কীটনাশক
আদি প্ৰয়োগৰ দ্বাৰা মাটিত হ’ব পৰা ঋণাত্মক প্ৰভাৱ
ৰোধ কৰিবলৈ জৈৱ সাৰ, ৰাসায়নিক কীটনাশক
আদি প্ৰয়োগৰ দ্বাৰা মাটিত হ’ব পৰা ঋণাত্মক প্রভাব
ৰোধ কৰিবলৈ জৈৱ সাৰ, জৈৱ কীটনাশক আদি
প্ৰয়োগত বেছি গুৰুত্ব প্ৰদান কৰিব লাগে।
(ঘ) বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্রাস : কেঁচা সামগ্ৰীৰ পৰা

প্রয়োজনীয় সম্পদলৈ ৰূপান্তৰ কৰোঁতে বৰ্জিত দ্ৰব্যৰ
উৎপাদন সীমিত কৰি ৰখাৰ উপৰি সেইবোৰৰ
পুনৰাৱৰ্তন নাইবা পুনৰ ব্যৱহাৰৰ ব্যৱস্থা কৰিলে
যথেষ্ট পৰিমাণে সম্পদ সংৰক্ষণ হ’ব পাৰে।
উদাহৰণস্বৰূপে, গছ কাটি সামগ্ৰী তৈয়াৰ কৰোঁতে
সমান্তৰালভাৱে পেলনীয়া কাঠেৰে প্ৰস্তুত কৰিব পৰা
আন লঘু বা কুটীৰ উদ্যোগৰ ব্যৱস্থা কৰিলে।
প্রাকৃতিক সম্পদৰ অপব্যৱহাৰ হ্ৰাস হ’ব। কাগজ
কলত কাঠ আৰু বাঁহৰ যি বৰ্জিত দ্রব্য উৎপন্ন হয়,
সেইবোৰ আন জৈৱিক বা ৰাসায়নিক সামগ্ৰীলৈ
পৰিৱৰ্তন কৰাৰ ব্যৱস্থাপনা থাকিলে প্রাকৃতিক
সম্পদৰ ওপৰত হেঁচা কমিব।
(ঙ) জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণঃ সম্পদৰ উৎপাদন
আৰু ব্যৱহাৰ কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰাৰ
বাবে জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ অতি প্রয়োজন।
সম্পদ অযথা অপচয় ৰোধৰ বাবে জনসাধাৰণৰ
মাজত সচেতনতা বৃদ্ধি কৰিব লাগে।
(চ) সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ :
সম্পদৰ সংৰক্ষণ কার্যকৰীকৰণৰ বাবে সংৰক্ষণ
সম্পৰ্কীয় আইনৰ ব্যৱস্থা কটকটীয়া আৰু সুনিশ্চিত
হ’ব লাগে আৰু সঠিকভাৱে ৰূপায়ণ হ’ব লাগে।
(ছ) সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন :
সম্পদ ব্যৱহাৰৰ
ভৱিষ্যৎ পৰিকল্পনাৰ বাবে কোনো সম্পদৰ সঞ্চিত
পৰিমাণ সম্পর্কে সঠিকভাৱে মূল্যায়ন কৰিব লাগে।
ইয়াৰ জৰিয়তে অপ্রয়োজনীয় ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিব
কৰিব পাৰি।
পাৰি আৰু বিকল্প সম্পদৰ সন্ধানতো গুৰুত্ব বৃদ্ধি
(জ) সম্পদসমূহৰ ভৱিষ্যৎ প্রয়োজন নিৰ্ধাৰণ : সম্পদ
এটাৰ বৰ্তমানৰ ব্যৱহাৰৰ মান আৰু জনসংখ্যা বৃদ্ধিৰ
প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতৰ প্ৰয়োজনীয়তা নির্ণয়
কৰাটো অতি দৰকাৰ। ইয়াৰ দ্বাৰাও সম্পদৰ অযথা
ব্যৱহাৰ তথা অপচয় ৰোধ কৰিব পাৰি আৰু বিকল্প
সম্পদ উদ্ঘাটনতো দ্রুততা আনিব পাৰি।
১০। অর্থনৈতিক ভূগোলৰ সংজ্ঞা আৰু বিষয়বস্তু
আলোচনা কৰা।

উত্তৰ : ভূগোল বিষয়টো প্ৰধানকৈ প্ৰাকৃতিক ভূগোল আৰু
মানৱ ভূগোল হিচাপে দুটা ভাগত বিভক্ত।
অর্থনৈতিক ভূগোল মানৱ ভূগোলৰ অন্তৰ্গত এটা
অন্যতম প্রধান শাখা । ভূগোলৰ যিটো শাখাত
সম্পদ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়
আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ
স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে
অর্থনৈতিক ভূগোল বোলে। দৰাচলতে পৃথিৱীৰ
সকলো ঠাইৰ প্ৰাকৃতিক পৰিৱেশ যিদৰে একে নহয়,
ঠিক সেইদৰে ইয়াৰ মানৱসৃষ্ট পৰিৱেশো ভিন্‌ ভিন্
হয়।
ভূ-প্রকৃতি আৰু ভূতাত্ত্বিক গঠনৰ পাৰ্থক্যকে ধৰি
জলবায়ু আৰু মাটিৰ বৈশিষ্ট্যৰ তাৰতম্যৰ বাবে ভূপৃষ্ঠৰ
প্রাকৃতিক পৰিৱেশ বেলেগ বেলেগ হয়।
উদাহৰণস্বৰূপে ভূ-পৃষ্ঠৰ কোনো ঠাই পার্বত্য উচ্চভূমি,
আন কোনো ঠাই সাৰুৱা সমভূতি, সাগৰ-মহাসাগৰীয়
উপকূল ভূমি, কোনো ঠাই আকৌ জলবায়বীয়ভাৱে
অতিপাত ঠাণ্ডা বা অতিপাত উষ্ণ। তদুপৰি কিছুমান
অঞ্চল অৰণ্যেৰে ভৰা বা আন কিছুমান অঞ্চল
গৰাখহনীয়া আৰু বানপানীৰ প্ৰাকৃতিক দুর্যোগেৰে
দুর্দশাগ্রস্ত ৷ লগতে গছ-গছনি, পানী, খনিজ সম্পদ
আদিৰ দৰে প্ৰাকৃতিক সম্পদৰো প্ৰাচুৰ্য, বিতৰণ আৰু
গুণাগুণৰ ক্ষেত্ৰতো যথেষ্ট পার্থক্য দেখা যায়।
প্রাকৃতিক পৰিৱেশৰ এনে পার্থক্যৰ ফলত মানুহ
আৰু পৰিৱেশৰ সম্পৰ্কও পৃথিৱীৰ সকলো ঠাইতে
একে নহয় আৰু ইয়াৰ ফলত সৃষ্টি হোৱা মানৱ
পৰিৱেশো বেলেগ বেলেগ হয়। অর্থাৎ সাৰুৱা
সমভূমি অঞ্চল কৃষি, উপকূলীয় অঞ্চল মাছ ধৰা
কাৰ্য আৰু যাতায়াত ব্যৱসায়, খনিজ সম্পদত চহকী
অঞ্চল উদ্যোগ, আনহাতে ঘাঁহনিৰ প্ৰাচুৰ্য থকা
অঞ্চল পশু-পালনৰ ক্ষেত্ৰত বিশেষভাৱে আগবঢ়া
হয়।
দৰাচলতে ভূপৃষ্ঠত বিৰাজ কৰা প্ৰাকৃতিক আৰু
মানৱসৃষ্ট পৰিৱেশৰ উপাদানবোৰৰ বিভিন্নতাৰ বাবে
মানুহৰ জীৱন প্ৰণালী আৰু অৰ্থনৈতিক কার্যকলাপো

সকলো ঠাইতে বেলেগ বেলেগ হয়। এনে পার্থক্যৰ
বাবে কোনো এখন ঠাই যেতিয়া কৃষিকাৰ্যত উন্নত
হয়, আন এখন ঠাই ব্যৱসায়-বাণিজ্য, ঔদ্যোগিক
বা মৎস উৎপাদন কার্যত নিৰ্ভৰ কৰি এক সম্পর্ক
ৰক্ষা কৰি চলি থাকে। অর্থনৈতিক ভূগোলত সম্পদ
আৰু মানুহৰ কাম-কাজ আদিৰ লগত জড়িত
এনেধৰণৰ সকলোবোৰ কথাই আলোচনা কৰা হয়।
১১। সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থাসমূহৰ উল্লেখ
কৰা।
HSLC’18
উত্তৰ : সম্পদ সংৰক্ষণৰ লগত জড়িত কেইটামান সংস্থা
হ’ল—
১। আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা।
২। WWF for Nature
৩। বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ।
৪। ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা।
৫। বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top